01.04.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতা জ্ঞানৱান, তেওঁক সৰ্বজ্ঞ বুলি কোৱা, এয়া ওলোটা মহিমা, পিতা আহেই তোমালোকক পতিতৰ পৰা পাৱন কৰি তুলিবলৈ”

প্ৰশ্ন:
পিতাৰ লগতে সকলোতকৈ অধিক মহিমা কাৰ আৰু কেনেকৈ?

উত্তৰ:
1) পিতাৰ লগতে ভাৰতৰ মহিমাও বহুত। ভাৰতহে অবিনাশী খণ্ড। ভাৰতেই স্বর্গ হয়। পিতাই ভাৰতবাসীকেই ধনৱান, সুখী আৰু পৱিত্ৰ কৰি তুলিছে। 2) গীতাৰো অপৰিসীম মহিমা আছে, সকলো শাস্ত্ৰৰ শিৰোমণি হৈছে গীতা। 3) তোমালোক চৈতন্য জ্ঞান গঙ্গাসকলৰো বহুত মহিমা আছে। তোমালোক পোনপটীয়াকৈ জ্ঞান সাগৰৰ পৰা ওলাইছা।

ওঁম্শান্তি।
‘ওঁম্ শান্তি’ৰ অৰ্থতো নতুন বা পুৰণি সন্তানসকলে বুজিছে। তোমালোক সন্তানসকলে জানি গৈছা যে আমি সকলো আত্মা পৰমাত্মাৰ সন্তান। পৰমাত্মা উচ্চতকৈও উচ্চ আৰু অতিকৈ মৰমৰ সকলোৰে প্ৰেমিক। সন্তানসকলক ভক্তি আৰু জ্ঞানৰ ৰহস্যতো বুজাইছোঁ, জ্ঞান মানে দিন - সত্যযুগ-ত্ৰেতা, ভক্তি মানে ৰাতি - দ্বাপৰ-কলিযুগ। ভাৰতৰেই কথা। প্ৰথমতে তোমালোক ভাৰতবাসী আহা। 84ৰ চক্ৰও তোমালোক ভাৰতবাসীৰ কাৰণেই। ভাৰতেই অবিনাশী খণ্ড। ভাৰত খণ্ডহে স্বর্গ হয়, অন্য কোনো খণ্ড স্বর্গ নহয়গৈ। সন্তানসকলক বুজোৱা হৈছে - নতুন সৃষ্টি সত্যযুগত ভাৰতহে থাকে। ভাৰতকেই স্বর্গ বুলি কয়। ভাৰতবাসীয়েই আকৌ 84 জন্ম লয়, নৰকবাসী হয়। পুনৰ তেওঁলোকেই স্বর্গবাসী হ’বগৈ। এই সময়ত সকলো নৰকবাসী তথাপি অন্য সকলো খণ্ড বিনাশ হৈ কেৱল ভাৰত থাকিব। ভাৰত খণ্ডৰ মহিমা অপৰিসীম। ভাৰততেই পিতা আহি তোমালোকক ৰাজযোগ শিকায়। এয়া হৈছে গীতাৰ পুৰুষোত্তম সংগমযুগ। ভাৰতেই আকৌ পুৰুষোত্তম হ'ব। এতিয়া সেই আদি সনাতন দেৱী-দেৱতা ধৰ্মও নাই, ৰাজ্যও নাই, গতিকে সেই যুগো নাই। তোমালোক সন্তানসকলে জানা যে বিশ্বৰ সৰ্বশক্তিমান হৰ্তা-কৰ্তা বুলি একমাত্ৰ ভগৱানকেই কোৱা হয়। ভাৰতবাসীয়ে এইটো বৰ ডাঙৰ ভুল কৰে যে তেওঁক সৰ্বজ্ঞ বুলি কয়। সকলোৰে অন্তৰৰ কথা তেওঁ জানে। পিতাই কয় - মই কাৰো অন্তৰৰ কথা নাজানো। মোৰতো কামেই হ'ল পতিতক পাৱন কৰি তোলা। বহুতে কয় শিৱবাবা আপুনিতো সৰ্বজ্ঞ। বাবাই কয় - মই সৰ্বজ্ঞ (অন্তৰ্যামী) নহয়, মই কাৰো অন্তৰক নাজানো। মইতো আহি কেৱল পতিতক পাৱন কৰি তোলোঁ। মোক পতিত সৃষ্টিলৈকে মাতে। আৰু মই এবাৰেই আহোঁ যেতিয়া পুৰণি সৃষ্টিক নতুনকৈ গঢ়িব লাগে। মনুষ্যই এইটো নাজানে যে এইখন যি সৃষ্টি আছে এয়া নতুনৰ পৰা পুৰণি, পুৰণিৰ পৰা নতুন কেতিয়া হয়? প্ৰত্যেক বস্তুৱেই নতুনৰ পৰা পুৰণি সতো, ৰজো, তমোত নিশ্চয় আহে। মনুষ্যও এনেকুৱা। বালক অৱস্থা সতোপ্ৰধান, আকৌ যুৱক হয় তাৰ পাছত বৃদ্ধ হয় অৰ্থাৎ ৰজো, তমোত আহে। যেতিয়া শৰীৰ বৃদ্ধ হয় তেতিয়া সেয়া ত্যাগ কৰি আকৌ শিশু হ'বগৈ। সন্তানসকলে জানে যে নতুন সৃষ্টিত ভাৰত কিমান উচ্চ আছিল। ভাৰতৰ মহিমা অপৰিসীম। ইমান সুখী, ধনৱান, পৱিত্ৰ আৰু অন্য কোনো খণ্ড নাই। আকৌ সতোপ্ৰধান কৰি তুলিবলৈ পিতা আহিছে। সতোপ্ৰধান সৃষ্টিৰ স্থাপনা হৈ আছে। ত্ৰিমূৰ্তি ব্ৰহ্মা, বিষ্ণু, শঙ্কৰক কোনে ৰচনা কৰিলে? উচ্চতকৈও উচ্চতো হৈছে শিৱ। ত্ৰিমূৰ্তি ব্ৰহ্মা বুলি কয়, অৰ্থতো বুজি নাপায়। বাস্তৱত ক’ব লাগে ত্ৰিমূৰ্তি শিৱ, ব্ৰহ্মা নহয়। এতিয়া গায়ন কৰে দেৱ দেৱ মহাদেৱ। শঙ্কৰক উচ্চত ৰাখে তেন্তে ত্ৰিমূৰ্তি শঙ্কৰ বুলি ক’ব লাগে। আকৌ ত্ৰিমূৰ্তি ব্ৰহ্মা বুলি কিয় কয়? শিৱ হ'ল ৰচয়িতা। গায়নো কৰে যে পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণসকলৰ ৰচনা কৰে। ভক্তিমাৰ্গত জ্ঞানৱান পিতাক সৰ্বজ্ঞ বুলি কয়, কিন্তু সেই মহিমা অৰ্থসহিত নহয়। তোমালোক সন্তানসকলে জানা পিতাৰ দ্বাৰা আমি উত্তৰাধিকাৰ পাওঁ, তেওঁ নিজেই আমাক ব্ৰাহ্মণসকলক পঢ়ায় কিয়নো তেওঁ পিতাও হয়, পৰম শিক্ষকো হয়, বিশ্বৰ ইতিহাস-ভূগোল কেনেকৈ পৰিক্ৰমা লগাই থাকে, সেয়াও বুজায়, তেৱেঁই জ্ঞানৱান হয়। বাকী এনেকুৱা নহয় যে তেওঁ সৰ্বজ্ঞ। এনেকৈ কোৱাতো ভুল। মইতো আহি কেৱল পতিতসকলক পাৱন কৰি তোলোঁ, 21 জন্মৰ কাৰণে ৰাজ্য-ভাগ্য দিওঁ। ভক্তিমাৰ্গত অল্পকালৰ সুখ, যাক সন্ন্যাসী, হঠযোগীয়ে নাজানেই। ব্ৰহ্মক স্মৰণ কৰে। এতিয়া ব্ৰহ্মতো ভগৱান নহয়। ভগৱানতো হৈছে এক নিৰাকাৰ শিৱ, যিজন সকলো আত্মাৰে পিতা। আমাৰ অৰ্থাৎ আত্মাসকলৰ নিবাসস্থান হৈছে ব্ৰহ্মাণ্ড মৰমৰ ঘৰ। তাৰ পৰা আমি আত্মাসকল ইয়ালৈ ভূমিকা পালন কৰিবলৈ আহোঁ। আত্মাই কয় - মই এটা শৰীৰ এৰি দ্বিতীয়, তৃতীয়… শৰীৰ ধাৰণ কৰোঁ। 84 জন্মও ভাৰতবাসীৰহে হয়, যিসকলে বহুত ভক্তি কৰিছে তেওঁলোকেই আকৌ জ্ঞানো বেছিকৈ ল’ব।

পিতাই কয় গৃহস্থালিত অৱশ্যে থাকা কিন্তু শ্রীমতত চলিবা। তোমালোক সকলো আত্মা এক পৰমাত্মা প্ৰেমিকৰ প্ৰেমিকা। ভক্তিমাৰ্গৰ পৰা তোমালোকে স্মৰণ কৰি আহিছা। আত্মাই পিতাক স্মৰণ কৰে। এইখন হয়েই দুখধাম। আমি আত্মাসকল আচলতে শান্তিধামৰ নিবাসী। তাৰ পাছত সুখধামত আহি পুনৰ আমি 84 জন্ম ল’লোঁ। “আমিয়েই সেয়া আছিলোঁ, আমিয়েই সেয়া হ’মগৈ” ইয়াৰ অৰ্থও বুজাইছে। তেওঁলোকেতো কৈ দিয়ে - আত্মাই পৰমাত্মা, পৰমাত্মাই আত্মা। এতিয়া পিতাই বুজাইছে - আমিয়েই দেৱতা, ক্ষত্ৰিয়, বৈশ্য, আমিয়েই শূদ্ৰ। এতিয়া আমিয়েই ব্ৰাহ্মণ হৈছোঁ দেৱতা হ’বলৈ। এয়া হৈছে যথাৰ্থ অৰ্থ। সেয়া একেবাৰে ভুল। সত্যযুগত এটাই দেৱী-দেৱতা ধৰ্ম, অদ্বৈত ধৰ্ম আছিল। পাছলৈ আন আন ধৰ্ম অহা বাবে দ্বৈত হৈ গ’ল। দ্বাপৰৰ পৰা আসুৰি ৰাৱণৰাজ্য আৰম্ভ হয়। সত্যযুগত ৰাৱণৰাজ্যই নাথাকে গতিকে 5 বিকাৰো থাকিব নোৱাৰে। সেয়াতো হয়েই সম্পূৰ্ণ নিৰ্বিকাৰী। ৰাম-সীতাকো 14 কলা সম্পূৰ্ণ বুলি কোৱা হয়। ৰামক বাণ কিয় দিছে - এয়াও কোনো মনুষ্যই নাজানে। হিংসাৰতো কোনো কথা নাই। তোমালোক হৈছা ঈশ্বৰীয় বিদ্যাৰ্থী। গতিকে এওঁ পিতাও হ’ল, তোমালোক বিদ্যাৰ্থী হোৱা গতিকে তেওঁ শিক্ষকো হ’ল। আকৌ তোমালোক সন্তানসকলক সৎগতি দি, স্বৰ্গলৈ লৈ যায় গতিকে পিতা, শিক্ষক, গুৰু তিনিওজনেই হৈ গ’ল। তোমালোক তেওঁৰ সন্তান হৈছা তেন্তে তোমালোক কিমান আনন্দিত হোৱা উচিত। মনুষ্যইতো একোৱে নাজানে, ৰাৱণৰাজ্য হয় নহয়। প্ৰত্যেক বছৰে ৰাৱণক জ্বলাই আহিছে কিন্তু ৰাৱণ কোন, এইটো নাজানে। তোমালোক সন্তানসকলে জানা - এই ৰাৱণ ভাৰতৰ সকলোতকৈ ডাঙৰ শত্ৰু। এই জ্ঞান তোমালোক সন্তানসকলে জ্ঞানৱান পিতাৰ পৰা পোৱা। সেই পিতাহে জ্ঞানৰ সাগৰ, আনন্দৰ সাগৰ। জ্ঞান সাগৰৰ পৰা তোমালোক ডাৱৰ ভৰপূৰ হৈ গৈ আকৌ বৰষা। জ্ঞান গঙ্গা তোমালোক হোৱা, তোমালোকৰেই মহিমা হয়। পিতাই কয় - মই তোমালোকক এতিয়া পাৱন কৰি তুলিবলৈ আহিছোঁ, এই এটা জন্ম পৱিত্ৰ হোৱা, মোক স্মৰণ কৰা তেতিয়া তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবাগৈ। ময়েই পতিত-পাৱন হওঁ, যিমান দূৰ সম্ভৱ স্মৃতিত থকাটো বঢ়োৱা। মুখেৰে শিৱবাবা বুলি ক’বও নালাগে। যেনেকৈ প্ৰেমিকাই প্ৰেমিকক স্মৰণ কৰে, এবাৰ দেখিলে, বচ্‌ তেতিয়া বুদ্ধিত তেওঁৰেই স্মৃতি থাকিব। ভক্তিমাৰ্গত যিয়ে যিগৰাকী দেৱতাক স্মৰণ কৰে, পূজা কৰে, তেওঁৰ সাক্ষাৎকাৰ হৈ যায়। সেয়া হ'ল অল্পকালৰ বাবে। ভক্তি কৰি তললৈ নামি আহিছে। এতিয়াতো মৃত্যু সমাগত। “হায়! হায়!”ৰ পাছত “জয়-জয়কাৰ” হ'ব। ভাৰততেই ৰক্তৰ নদী বৈ যাব। গৃহযুদ্ধৰ লক্ষণো দেখা দি আছে। তমোপ্ৰধান হৈ গৈছে। এতিয়া তোমালোক সতোপ্ৰধান হৈ আছা। যিসকল কল্প পূৰ্বে দেৱতা হৈছিল, তেওঁলোকেই আহি পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব। যদি ভক্তি কমকৈ কৰিছে তেন্তে জ্ঞান কমকৈ ল’ব। আকৌ প্ৰজাতো ক্ৰম নম্বৰ অনুসৰি পদ পাব। ভাল পুৰুষাৰ্থীয়ে শ্ৰীমতত চলি ভাল পদ পাব। আচৰণো ভাল হোৱা উচিত। দৈৱীগুণো ধাৰণ কৰিব লাগে সেয়া আকৌ 21 জন্মলৈ চলিব। এতিয়া হৈছে সকলোৰে আসুৰি গুণ। আসুৰি সৃষ্টি, পতিত সৃষ্টি নহয় জানো। তোমালোক সন্তানসকলক বিশ্বৰ বুৰঞ্জী-ভূগোলো বুজোৱা হৈছে। এই সময়ত পিতাই কয় – স্মৃতিত থাকিবলৈ পৰিশ্ৰম কৰিবা তেতিয়া সঁচা সোণ হৈ যাবা। সত্যযুগ হ'ল স্বৰ্ণীম যুগ, সঁচা সোণ আকৌ ত্ৰেতাত ৰূপৰ লেপ পৰে। কলা কম হৈ গৈ থাকে। এতিয়াতো কোনো কলা নাই, যেতিয়া এনেকুৱা অৱস্থা হৈ যায় তেতিয়া পিতা আহে, এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে।

এই ৰাৱণৰাজ্যত সকলো বুদ্ধিহীন হৈ গৈছে, বেহদ ড্ৰামাৰ ভূমিকা পালন কৰোঁতা হৈও ড্ৰামাৰ আদি-মধ্য-অন্তৰ বিষয়ে নাজানে। তোমালোক ভাৱৰীয়া নোহোৱা জানো। তোমালোকে জানা যে আমি ইয়ালৈ ভূমিকা পালন কৰিব আহিছোঁ। কিন্তু ভূমিকা পালন কৰোঁতা হৈও নাজানে। তেন্তে বেহদৰ পিতাই নক’ব জানো যে তোমালোক কিমান বুদ্ধিহীন হৈ গৈছা। এতিয়া মই তোমালোকক বিচাৰ বুদ্ধি সম্পন্ন হীৰাতুল্য কৰি তোলোঁ। আকৌ ৰাৱণে কড়িতুল্য কৰি দিয়ে। মইহে আহি সকলোকে লগত লৈ যাওঁ তেতিয়া এই পতিত সৃষ্টিৰো বিনাশ হয়। ম'হৰ দৰে (একেলগে সমূহীয়াভাৱে) সকলোকে লৈ যাওঁ। তোমালোকৰ লক্ষ্য-উদ্দেশ্য সন্মুখত থিয় হৈ আছে। তোমালোক এনেকুৱা (লক্ষ্মী-নাৰায়ণ) হ'ব লাগে তেতিয়াহে তোমালোক স্বৰ্গবাসী হ’বাগৈ। তোমালোক ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰীসকলে এইটো পুৰুষাৰ্থ কৰি আছা। মনুষ্যৰ বুদ্ধি তমোপ্ৰধান হোৱাৰ বাবে বুজি নাপায়। ইমান অনেক বি.কে. আছে তেন্তে নিশ্চয় প্ৰজাপিতা ব্ৰহ্মাও থাকিব। ব্ৰাহ্মণ হ'ল আটাইতকৈ উচ্চ, ব্ৰাহ্মণৰ পাছত দেৱতা……. চিত্ৰবোৰত ব্ৰাহ্মণ আৰু শিৱক আঁতৰাই দিছে। তোমালোক ব্ৰাহ্মণসকলে ভাৰতক এতিয়া স্বর্গ কৰি গঢ়ি আছা। ভাল বাৰু।

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) উচ্চ পদৰ কাৰণে শ্রীমতত চলি ভাল আচৰণ ধাৰণ কৰিব লাগে।

(2) সঁচা প্ৰেমিকা হৈ একমাত্ৰ প্ৰেমিককহে স্মৰণ কৰিব লাগে। যিমান দূৰ সম্ভৱ স্মৃতিত থকাৰ অভ্যাস বঢ়াই যাব লাগে।

বৰদান:
নিমিত্ত্ববোধৰ স্মৃতিৰে মায়াৰ দ্বাৰ বন্ধ কৰোঁতা ‘ডবল লাইট’ হোৱা

যিসকলে সদায় নিজক নিমিত্ত বুলি বুজি চলে তেওঁলোকৰ ‘ডবল লাইট’ স্থিতিৰ স্বতঃ অনুভৱ হয়। কৰণকৰাৱনহাৰে কৰাই আছে, মই নিমিত্ত – এইটো স্মৃতিৰে সফলতা প্ৰাপ্ত হয়। ‘মোৰ’ বোধ অহা অৰ্থাৎ মায়াৰ দ্বাৰ মুকলি হ’ল, নিমিত্ত বুলি বুজা অৰ্থাৎ মায়াৰ দ্বাৰ বন্ধ হ’ল। সেয়েহে নিমিত্ত বুলি বুজিলে মায়াজিতো হৈ যায় আৰু ডবল লাইটো হৈ যায়। লগতে সফলতাও অৱশ্যে প্ৰাপ্ত হয়। এইটো স্মৃতিয়েইে এক নম্বৰ হোৱাৰ আধাৰ হৈ যায়।

স্লোগান:
ত্ৰিকালদৰ্শী হৈ প্ৰতিটো কৰ্ম কৰা তেতিয়া সহজে সফলতা প্ৰাত হৈ থাকিব।

সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ’বলৈ আজিৰ অব্যক্ত সংকেত: