01.04.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতা যি হয়, যেনেকুৱা হয়, তোমালোক সন্তানসকলৰ মাজতো ক্ৰমানুসৰি চিনি পায়, যদি সকলোৱে
চিনি পায় তেন্তে বহুত ভিৰ হৈ যাব”
প্ৰশ্ন:
চাৰিওফালে
প্ৰত্যক্ষতাৰ আৱাজ কেতিয়া বিয়পিব?
উত্তৰ:
1) যেতিয়া মনুষ্যই গম পাব যে স্বয়ং ভগৱান এই পুৰণি সৃষ্টিৰ বিনাশ কৰাই নতুন সৃষ্টি
স্থাপন কৰিবলৈ আহিছে। 2) আমাৰ সকলোৰে সৎগতি কৰোঁতা পিতাই আমাক ভক্তিৰ ফল দিবলৈ আহিছে।
এইটো নিশ্চয়তা জন্মিলে তেতিয়া প্ৰত্যক্ষতা হৈ যাব। চাৰিওফালে হুলস্থুল হৈ যাব।
গীত:
জো পিয়া কে
সাথ হে…. (যি প্ৰিয়তমৰ লগত আছে….)
ওঁম্শান্তি।
সন্তানসকলে
গীতটিৰ দুটি কলি শুনিলে। যি প্ৰিয়তমৰ লগত আছে, এতিয়া প্ৰিয়তম কোন! এইটো জগতে নাজানে।
যদিওবা অনেক সন্তান আছে, তেওঁলোকৰ মাজতো বহুত আছে যিসকলে নাজানে যে কি ধৰণেৰে পিতাক
স্মৰণ কৰিব লাগে। তেনেকৈ স্মৰণ কৰিব নাজানে। বাৰে বাৰে পাহৰি যায়। পিতাই বুজায়
সন্তানসকল, নিজক আত্মা বুলি বুজা, আমি বিন্দু। পিতা, জ্ঞানৰ সাগৰ, তেওঁকহে স্মৰণ
কৰিব লাগে। স্মৰণ কৰাৰ এনেকুৱা অভ্যাস হৈ যাব লাগে যাতে নিৰন্তৰ স্মৃতি স্থায়ী হৈ
যায়। অন্তিমত যাতে এইটোৱেই স্মৃতি থাকে যে মই আত্মা, শৰীৰতো আছে কিন্তু এইটো জ্ঞান
বুদ্ধিত ৰাখিব লাগে যে মই আত্মা। পিতাৰ নিৰ্দেশনা পাইছোঁ যে মই যি হওঁ, সেইটো ৰূপত
কোনোবা বিৰলজনেহে স্মৰণ কৰে। দেহ-অভিমানত সন্তানসকল বহুত আহি যায়। পিতাই বুজাইছে,
যাকেই নহওক যেতিয়ালৈকে পিতাৰ পৰিচয় দিয়া নাই তেতিয়ালৈকে একোৱেই বুজি নাপাব। প্ৰথমেতো
তেওঁলোকে এইটো গম পাওক যে তেওঁ নিৰাকাৰ আমাৰ পিতা, গীতাৰ ভগৱান, তেৱেঁই সকলোৰে সৎগতি
দাতা। তেওঁ এই সময়ত সৎগতি কৰাৰ ভূমিকা পালন কৰি আছে। যদি এই মূল কথাটিত
নিশ্চয়বুদ্ধিৰ হৈ যায় তেন্তে যি ইমান সাধু-সন্ত আদি আছে সকলো এক চেকেণ্ডত আহি যাব।
ভাৰতত ডাঙৰ হুলস্থুল হৈ যাব। এতিয়া যদি গম পাই যায় যে এই সৃষ্টি বিনাশ হোৱাৰ পথত,
এই কথাটোত নিশ্চয়তা জন্মি গ’লে তেতিয়া বোম্বাইৰ (এতিয়া মুম্বাইৰ) পৰা আবুলৈকে লানি
লাগি যাব। কিন্তু ইমান সোনকালে কাৰো নিশ্চয়তা জন্মিব নোৱাৰে। তোমালোকে জানা যে
বিনাশ হ'ব, এওঁলোক সকলো ঘোৰ নিদ্ৰাত শুয়েই থাকিব। আকৌ অন্তিম সময়ত তোমালোকৰ প্ৰভাৱ
বিস্তাৰ হ’ব। মাহীৰ ঘৰ (ইমান উজু) নহয় যে এই কথাটিৰ ওপৰত নিশ্চয়তা জন্মি যাব যে
‘গীতা’ৰ ভগৱান পৰমপিতা পৰমাত্মা শিৱ। এইটো প্ৰসিদ্ধ হৈ গ’লে তেতিয়া গোটেই ভাৰতত
কোলাহল হৈ যাব। এতিয়াতো তোমালোকে এজনক বুজালে তেতিয়া আনজনে ক'ব তোমালোকৰ যাদু লাগি
গৈছে। এই বৃক্ষ বহুত লাহে লাহে বৃদ্ধি হয়। এতিয়া অলপ সময় আছে তথাপিও পুৰুষাৰ্থ কৰাত
লোকচান নাই। তোমালোকে গণ্যমান্য লোকসকলক বুজোৱা, কিন্তু তেওঁলোকে জানো কিবা বুজি
পায়। সন্তানসকলৰ মাজতো বহুতে এই জ্ঞান বুজি নাপায়। পিতাৰ স্মৃতি নাথাকিলে তেতিয়া
সেইটো অৱস্থা নাথাকে। পিতাই জানে ‘নিশ্চয়তা’ কাক কোৱা হয়। এতিয়াতো কোনোবাই 1-2
শতাংশও কাচিৎহে পিতাক স্মৰণ কৰে। যদিওবা ইয়াত বহি আছে, পিতাৰ প্ৰতি সেই স্নেহ নাথাকে।
এই ক্ষেত্ৰত স্নেহ লাগে, ভাগ্য লাগে। পিতাৰ প্ৰতি স্নেহ থাকিলে তেতিয়া বুজিব, আমি
খোজে প্ৰতি শ্ৰীমতত চলিব লাগে। আমি বিশ্বৰ মালিক হওঁ। আধাকল্পৰ দেহ-অভিমান গাঢ় হৈ
আছে গতিকে এতিয়া দেহী-অভিমানী হোৱাত বহুত পৰিশ্ৰম হয়। নিজক আত্মা বুলি বুজি অতিকৈ
মৰমৰ পিতাক স্মৰণ কৰাতো মাহীৰ ঘৰ নহয়। তেওঁলোকৰ চেহেৰাতেই জেউতি আহি যাব। কন্যাই
বিবাহ কৰে, অলংকাৰ আদি পিন্ধে তেতিয়া চেহেৰা একদম আনন্দিত হৈ যাব। কিন্তু ইয়াততো
প্ৰিয়তমক স্মৰণেই নকৰে সেয়েহে চেহেৰা বিষণ্ণ হৈ থাকে। কথাই নুসুধিবা। কন্যাই বিবাহ
কৰিলে তেতিয়া চেহেৰা আনন্দময় হৈ যায়। কিছুমানৰতো বিবাহৰ পাছতো চেহেৰা মৃতকৰ দৰে হৈ
থাকে। ভিন্ন ভিন্ন হয়। কিছুমানতো আনৰ ঘৰত গৈ বিবুদ্ধিত পৰে। তেন্তে ইয়াতো এনেকুৱা
হয়। পিতাক স্মৰণ কৰাত পৰিশ্ৰম হয়। এইটো গায়ন অন্তিম সময়ৰ যে অতীন্দ্ৰিয় সুখ গোপী
বল্লভৰ গোপ-গোপীসকলক সোধা। নিজকে গোপ-গোপী বুলি ভবা আৰু নিৰন্তৰ পিতাক স্মৰণ কৰা,
সেইটো অৱস্থা হ'ব লাগে। পিতাৰ পৰিচয় সকলোকে দিব লাগে। পিতাৰ আগমন হৈছে তেওঁ
উত্তৰাধিকাৰ দি আছে। ইয়াত সকলো জ্ঞান আহি যায়। লক্ষ্মী-নাৰায়ণে যেতিয়া 84 জন্ম
পূৰ্ণ কৰিলে তেতিয়া পিতা অন্তিমত আহি তেওঁলোকক ৰাজযোগ শিকাই বাদশ্বাহী দিলে।
লক্ষ্মী-নাৰায়ণৰ এই চিত্র হৈছে এক নম্বৰৰ। তোমালোকে জানা তেওঁলোকে পূৰ্বৰ জন্মত
এনেকুৱা কৰ্ম কৰিছে, সেই কৰ্ম এতিয়া পিতাই শিকাই আছে। তেওঁ কয় – ‘মনমনাভৱ’ (নিজক
আত্মা বুলি বুজি মোক অৰ্থাৎ পৰমপিতা শিৱক স্মৰণ কৰা), পৱিত্ৰ হৈ থাকা। কোনো ধৰণৰ
পাপ নকৰিবা কিয়নো তোমালোক এতিয়া স্বৰ্গৰ মালিক, পুণ্য আত্মা হোৱা। আধাকল্প মায়া
ৰাৱণে পাপ কৰাই আহিছে। এতিয়া নিজক সুধিব লাগে - আমাৰ দ্বাৰা কোনো পাপতো নহয়? পুণ্যৰ
কাম কৰি থাকোঁনে? অন্ধৰ লাখুটি হৈছোঁনে? পিতাই কয় - মনমনাভৱ। এইটোও সুধিবলগীয়া হয়
নেকি যে মনমনাভৱ বুলি কোনে ক'লে? তেওঁলোকে ক'ব শ্ৰীকৃষ্ণই ক'লে। তোমালোকে মানা যে
পৰমপিতা পৰমাত্মা শিৱই ক'লে। ৰাতি-দিনৰ পাৰ্থক্য আছে। শিৱ জয়ন্তীৰ লগত হৈছে গীতা
জয়ন্তী। গীতা জয়ন্তীৰ লগত শ্ৰীকৃষ্ণ জয়ন্তী।
তোমালোকে জানা যে আমি
ভৱিষ্যতে ৰাজকুমাৰ হ'মগৈ। ভিকহুৰ পৰা ৰাজকুমাৰ হ'ব লাগে। এয়া লক্ষ্য-উদ্দেশ্যই হৈছে
ৰাজযোগৰ। তোমালোকে সিদ্ধ কৰি কোৱা যে ‘গীতা’ৰ ভগৱান শ্ৰীকৃষ্ণ নাছিল, ‘গীতা’ৰ
ভগৱানতো নিৰাকাৰ আছিল। তেতিয়া সৰ্বব্যাপীৰ জ্ঞান উৰি যাব। সকলোৰে সৎগতিদাতা,
পতিত-পাৱন হৈছে পিতা। এনেকৈ কয়ো যে তেওঁ মুক্তিদাতা, আকৌ সৰ্বব্যাপী বুলি কৈ দিয়ে।
যি কিছু কয়, বুজি নাপায়। ধৰ্মৰ বিষয়ে যি আহে, কৈ দিয়ে। মুখ্য ধৰ্ম হৈছে তিনিটা।
দেৱী-দেৱতা ধৰ্মতো আধাকল্প চলে। তোমালোকে জানা পিতাই ব্ৰাহ্মণ, দেৱতা, ক্ষত্ৰিয়
ধৰ্ম প্ৰতিষ্ঠা কৰে। এইটো জগতে নাজানে। তেওঁলোকেতো সত্যযুগকেই লাখ লাখ বছৰ বুলি কৈ
দিয়ে। আদি সনাতন দেৱী-দেৱতা ধৰ্ম হৈছে সকলোতকৈ উচ্চ, কিন্তু এওঁলোকে নিজৰ ধৰ্মক
পাহৰি অধাৰ্মিক হৈ গৈছে। খ্ৰীষ্টানলোকসকলে নিজৰ ধৰ্মক নেৰে। তেওঁলোকে জানে -
যীশুখ্ৰীষ্টই আমাৰ ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। ইছলাম, বৌদ্ধ, তাৰপাছত খ্ৰীষ্টান, এয়া
হৈছে মুখ্য ধৰ্ম। বাকীতো সৰু সৰু বহুত আছে। ক'ৰপৰা বৃদ্ধি হ'ল? এইটো কোনেও নাজানে।
মহম্মদৰ এতিয়া অলপ সময় হৈছে, ইছলাম ধৰ্ম পুৰণি। খ্ৰীষ্টান ধৰ্মও প্ৰসিদ্ধ। বাকীতো
কিমান অনেক আছে। সকলোৰে নিজৰ নিজৰ ধৰ্ম আছে। নিজৰ ভিন্ন ভিন্ন ধৰ্ম, ভিন্ন ভিন্ন
নাম আছে গতিকে বিবুদ্ধিত পৰি গৈছে। এইটো নাজানে যে মুখ্য ধৰ্মশাস্ত্ৰই হৈছে 4 খন।
ইয়াত দৈৱী ধৰ্ম, ব্ৰাহ্মণ ধৰ্মও আহি যায়। ব্ৰাহ্মণৰ পৰা দেৱতা, দেৱতাৰ পৰা ক্ষত্ৰিয়,
এইটো কোনেও গম নাপায়। গায়ন কৰে ব্ৰাহ্মণ দেৱতায়ে নমঃ। পৰমপিতাই ব্ৰাহ্মণ, দেৱতা,
ক্ষত্ৰিয় ধৰ্ম প্ৰতিষ্ঠা কৰিলে, শব্দ আছে কিন্তু পঢ়ে এনেকৈ যেন ভাটৌহে।
এয়া হৈছে কাঁইটৰ জংঘল।
ভাৰত ফুলৰ বাগিচা আছিল, এইটোও মানে। কিন্তু সেয়া কেতিয়া, কেনেকৈ, কোনে গঢ়িলে,
পৰমাত্মা কি বস্তু, এইটো কোনেও নাজানে। গতিকে মাউৰা হৈ গ’ল নহয় সেয়েহে এই
কাজিয়া-পেচাল আদি হয়। কেৱল ভক্তিতেই আনন্দিত হৈ থাকে। এতিয়া পিতা আহিছে আলোকিত
কৰিবলৈ, চেকেণ্ডত জীৱনমুক্ত কৰি দিয়ে। জ্ঞান ৰূপী কাজল সৎগুৰুৱে লগালে, অজ্ঞান
অন্ধকাৰ বিনাশ হ’ল। এতিয়া তোমালোকে জানা যে আমি আলোকত আছোঁ। পিতাই তৃতীয় নেত্ৰ দিছে।
যদিওবা দেৱতাসকলৰ তৃতীয় নেত্ৰ দেখুৱায় কিন্তু অৰ্থ বুজি নাপায়। বাস্তৱত তৃতীয় নেত্ৰ
তোমালোকৰ আছে। তেওঁলোকে আকৌ দি দিলে দেৱতাসকলক। ‘গীতা’ত ব্ৰাহ্মণসকলৰ কোনো কথা নাই।
তাততো আকৌ কৌৰৱ, পাণ্ডৱ আদিৰ যুদ্ধ, ঘোঁৰা-গাড়ী আদিৰ কথা লিখি দিছে, একোৱেই বুজি
নাপায়। তোমালোকে বুজালে তেতিয়া ক'ব আপোনালোকে শাস্ত্ৰ আদি নামানে। তোমালোকে ক'ব পাৰা
যে আমি শাস্ত্ৰক কিয় নামানো, জানো যে এই সকলোবোৰ ভক্তিমাৰ্গৰ সামগ্ৰী। গায়ন কৰা হয়
জ্ঞান আৰু ভক্তি। যেতিয়া ৰাৱণৰাজ্য হয় তেতিয়া ভক্তি আৰম্ভ হয়। ভাৰতবাসী বাম (বিকাৰী)
মাৰ্গত গৈ ধৰ্ম ভ্ৰষ্ট আৰু কৰ্ম ভ্ৰষ্ট হৈ যায় সেইবাবে এতিয়া হিন্দু বুলি কৈ দিলে।
পতিত হৈ গ’ল। পতিত কোনে কৰিলে? ৰাৱণে। ৰাৱণক জ্বলায়ো, ভাবে যে এয়া পৰম্পৰাগতভাৱে চলি
আহিছে। কিন্তু সত্যযুগততো ৰাৱণৰাজ্যই নাছিল। একোৱেই বুজি নাপায়। মায়াই একেবাৰে পাথৰ
বুদ্ধিৰ কৰি দিয়ে। পাথৰৰ পৰা পাৰস পিতাইহে কৰি তোলে। যেতিয়া লৌহযুগত আহিব তেতিয়াহে
আহি সোণালী যুগ স্থাপন কৰিব। পিতাই বুজায় তথাপিও বহুত পৰিশ্ৰমেৰে কাৰোবাৰ বুদ্ধিত
বহে।
তোমালোক কুমাৰীসকলৰ
এতিয়া বাগদান হয়। তোমালোকক পাটৰাণী কৰে। তোমালোকক পলুৱালে অৰ্থাৎ তোমালোক আত্মাসকলক
কয় - তোমালোক মোৰ আছিলা আকৌ তোমালোকে মোক পাহৰি গ'লা। দেহী-অভিমানী হৈ মায়াৰ হৈ গ'লা।
বাকী পলুৱাই নিয়া আদিৰতো কথা নাই। মামেকম্ (কেৱল মোক; পৰমপিতা শিৱক) স্মৰণ কৰা।
স্মৃতিত থকাতেই পৰিশ্ৰম হয়। বহুতে দেহ-অভিমানত আহি বিকৰ্ম কৰে। পিতাই জানে এই
আত্মাটিয়ে মোক স্মৰণেই নকৰে। দেহ-অভিমানত আহি বহুত পাপ কৰে গতিকে পাপৰ কলহ এশগুণ ভৰি
যায়। অন্যক ৰাস্তা দেখুওৱাৰ সলনি নিজেই পাহৰি যায়। আৰুহে বেছি দুৰ্গতি হৈ যায়। বহুত
উচ্চ লক্ষ্য। আৰোহণ কৰিলে বৈকুণ্ঠৰ ৰস পান কৰে, অধঃপতন হ’লে চূৰ্ণ-বিচূৰ্ণ হৈ যায়।
এয়া ৰাজ্য স্থাপনা হৈ আছে। ইয়াত পাৰ্থক্য চোৱা কিমান হৈ যায়। কোনোৱেতো পঢ়ি আকাশত উঠি
যায় (উন্নতি কৰে), কোনোবা একেবাৰে তলত পৰি যায়। বুদ্ধি ভোদা হ’লে তেতিয়া পঢ়িব নোৱাৰে।
কোনো কোনোৱে কয় - বাবা আমি কাকো বুজাব নোৱাৰোঁ। তেতিয়া কওঁ – বাৰু নিজক আত্মা বুলি
বুজা, মোক পিতাক স্মৰণ কৰা তেতিয়া মই তোমালোকক সুখ দিম। কিন্তু স্মৰণেই নকৰে। স্মৰণ
কৰিলে আনকো স্মৃতি সোঁৱৰাই থাকিব। পিতাক স্মৰণ কৰিলে পাপ নষ্ট হৈ যাব। তেওঁৰ
স্মৃতিত নাথাকিলে তোমালোক সুখধামলৈ যাব নোৱাৰা। 21 জন্মৰ উত্তৰাধিকাৰ নিৰাকাৰ পিতাৰ
পৰা প্ৰাপ্ত হ'ব পাৰে। বাকীতো সকলো হৈছে অল্পকালৰ সুখ দিওঁতা। কোনোবাই
তন্ত্ৰ-মন্ত্ৰৰ দ্বাৰা সন্তান লাভ কৰিলে বা আশীৰ্বাদৰ দ্বাৰা লটাৰি পাই গ’ল তেতিয়া
বচ বিশ্বাস গভীৰ হৈ যায়। কাৰোবাৰ 2-4 কোটি লাভ হৈ গ’লে বচ বহুত মহিমা কৰিব। কিন্তু
সেয়াতো হ’ল অল্পকালৰ কাৰণে। 21 জন্মৰ কাৰণে স্বাস্থ্য, সম্পদতো পাব নোৱাৰে নহয়
কিন্তু মনুষ্যই নাজানে। দোষো দিব নোৱাৰি। অল্পকালৰ সুখতেই আনন্দিত হৈ যায়। পিতাই
তোমালোক সন্তানসকলক ৰাজযোগ শিকাই স্বৰ্গৰ বাদশ্বাহী দিয়ে। কিমান সহজ। কিছুমানেতো
একেবাৰে বুজাব নোৱাৰে। কিছুমানে বুজিও পায় কিন্তু পূৰা যোগযুক্ত হৈ নথকাৰ কাৰণে
কাকোৱেই বাণে আঘাত নকৰে (শুনোৱা জ্ঞানে প্ৰভাৱিত নকৰে)। দেহ-অভিমানত আহিলে কিবা নহয়
কিবা পাপ হৈ থাকে। যোগেই হৈছে মুখ্য। তোমালোক যোগবলেৰে বিশ্বৰ মালিক হোৱা। প্ৰাচীন
যোগ ভগৱানে শিকাইছিল, শ্ৰীকৃষ্ণই নহয়। স্মৃতিৰ যাত্ৰা বহুত ভাল। তোমালোকে ড্ৰামা
চাই আহিলে তেতিয়া গোটেই বুদ্ধিত আহি যাব। কাৰোবাক শুনাওঁতে সময় লাগিব। এয়াও তেনেকুৱা।
বীজ আৰু বৃক্ষ। এই চক্ৰটি বহুত স্পষ্ট। শান্তিধাম, সুখধাম, দুখধাম..... চেকেণ্ডৰ
কাম হয় নহয়। কিন্তু স্মৃতিও থাকিলেহে। মুখ্য কথা হৈছে পিতাৰ পৰিচয়। পিতাই কয় - মোক
স্মৰণ কৰিলে তোমালোকে সকলোবোৰ জানি যাবা। বাৰু।
শিৱবাবাই তোমালোক
সন্তানসকলক স্মৰণ কৰে, ব্ৰহ্মা বাবাই স্মৰণ নকৰে। শিৱবাবাই জানে কোনসকল মোৰ
সুসন্তান। সেৱাধাৰী সুসন্তানসকলকতো স্মৰণ কৰে। এওঁ (ব্ৰহ্মা বাবাই) জানো কাৰোবাক
স্মৰণ কৰিব। এওঁৰ আত্মাইতো নিৰ্দেশনা পাইছে যে মামেকম্ স্মৰণ কৰা। ভাল বাৰু।
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ভাগ্যৱান
হ'বৰ কাৰণে এজন পিতাৰ প্ৰতি সঁচা স্নেহ ৰাখিব লাগে। স্নেহ ৰখা মানে খোজে প্ৰতি এজনৰে
শ্ৰীমতত চলি থকা।
(2) নিতৌ পুণ্যৰ কাম
নিশ্চয় কৰিব লাগে। সকলোতকৈ ডাঙৰ পুণ্য হৈছে সকলোকে পিতাৰ পৰিচয় দিয়া। পিতাক স্মৰণ
কৰা আৰু সকলোকে পিতাৰ স্মৃতি সোঁৱৰাই দিয়া।
বৰদান:
নিজৰ দৃষ্টি
আৰু বৃত্তি পৰিৱৰ্তনৰ দ্বাৰা সৃষ্টি পৰিৱৰ্তন কৰোঁতা সাক্ষাৎকাৰমূৰ্ত হোৱা
নিজৰ বৃত্তি
পৰিৱৰ্তনৰ দ্বাৰা দৃষ্টি দিব্য কৰি তোলা তেতিয়া দৃষ্টিৰ দ্বাৰা অনেক আত্মাই নিজৰ
যথাৰ্থ ৰূপ, যথাৰ্থ ঘৰ আৰু যথাৰ্থ ৰাজধানী দেখিবলৈ পাব। এনে যথাৰ্থ সাক্ষাৎকাৰ
কৰাবলৈ হ’লে বৃত্তিত যাতে অলপো দেহ-অভিমানৰ চঞ্চলতা নাথাকে। গতিকে বৃত্তি সংশোধনৰ
দ্বাৰা দৃষ্টি দিব্য কৰি তোলা, তেতিয়াহে এই সৃষ্টিৰ পৰিৱৰ্তন হ’ব। দৰ্শকসকলে অনুভৱ
কৰিব যে এয়া কেৱল চকু নহয়, এয়া এক যাদুৰ বাকচ। এই চকুজুৰি সাক্ষাৎকাৰৰ সাধন হৈ
যাব।
স্লোগান:
সেৱাৰ উৎসাহ-উদ্দীপনাৰ সৈতে বেহদৰ বৈৰাগ্য বৃত্তিয়ে হৈছে সফলতাৰ আধাৰ।
অব্যক্ত ইংগিত: মহান
হ’বলৈ মধুৰতা আৰু নম্ৰতাৰ গুণ ধাৰণ কৰা
মধুৰতাৰ গুণ ধাৰণ কৰা
ব্যক্তি ইয়াতো মহান হয় আৰু ভৱিষ্যতেও উচ্চ মৰ্যাদা লাভ কৰে। মধুৰতা ধাৰণ কৰা লোকক
সকলোৱে মহান ৰূপত চায়। সেয়েহে এই মধুৰতাৰ বিশেষ গুণ প্ৰতিগৰাকী সন্তানৰ থকা উচিত।
যাৰ লগত মধুৰতাৰ মৌ থাকে, তেওঁলোকৰ প্ৰতিটো কাৰ্যত কেৱল সফলতাহে থাকে। তেওঁলোকৰ
জীৱনৰ পৰা বিফলতা আঁতৰি যাব।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]