01.05.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ ল’বলৈ আহিছা, ইয়াত হদৰ (সীমিত) কোনো কথা
নাই, তোমালোকে বৰ উৎসাহেৰে পিতাক স্মৰণ কৰা তেতিয়া পুৰণি সৃষ্টিক পাহৰি যাবা”
প্ৰশ্ন:
কোনটো এটা কথা
তোমালোকে নিজে বাৰে বাৰে মন্থন কৰি দৃঢ় কৰিব লাগে?
উত্তৰ:
মই আত্মা, মই পৰমাত্মা পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ। আত্মাসকল হৈছে সন্তান,
পৰমাত্মা হৈছে পিতা। এতিয়া সন্তান আৰু পিতাৰ মেলা হৈছে। এইটো কথা বাৰে বাৰে মন্থন
কৰি দৃঢ় কৰা। যিমানে আত্ম-অভিমানী হৈ গৈ থাকিবা, দেহ-অভিমান আঁতৰি গৈ থাকিব।
গীত:
জো পিয়া কে
সাথ হে... (যি প্ৰিয়তমৰ লগত আছে...)
ওঁম্শান্তি।
সন্তানসকলে
জানে যে আমি বাবাৰ লগত বহি আছোঁ - এয়া হৈছে সকলোতকৈ জ্যেষ্ঠ বাবা, সকলোৰে বাবা।
বাবাৰ আগমন হৈছে। পিতাৰ পৰা কি পোৱা যায়, এইটোতো প্ৰশ্নই উদয় নহয়। পিতাৰ পৰা
উত্তৰাধিকাৰেই পোৱা যায়। এওঁ হৈছে সকলোৰে বেহদৰ পিতা যাৰ পৰা বেহদৰ সুখ, বেহদৰ
সম্পত্তি পোৱা যায়। সেইবোৰ হৈছে হদৰ ধন-সম্পত্তি। কাৰোবাৰ লগত হাজাৰ, কাৰোবাৰ পাঁচ
হাজাৰ থাকিব। কাৰোবাৰ লগত 10-20-50 কোটি, এক লক্ষ কোটি থাকিব। এতিয়া সেয়াতো সকলো
হৈছে লৌকিক বাবা আৰু হদৰ (লৌকিকৰ) সন্তান। ইয়াত তোমালোক সন্তানসকলে বুজি পোৱা যে আমি
বেহদৰ (পাৰলৌকিক) পিতাৰ ওচৰলৈ আহিছোঁ বেহদৰ সম্পত্তি ল’বলৈ। অন্তৰত আশাতো থাকে নহয়।
স্কুলৰ বাহিৰে বাকী সৎসংগ আদিত কোনো আশা নাথাকে। ক’ব যে শান্তি লাগে, সেয়াতো পাব
নোৱাৰে। ইয়াত তোমালোক সন্তানসকলে বুজি পোৱা যে আমি আহিছোঁ বিশ্বৰ নতুন সৃষ্টিৰ
মালিক হ’বলৈ। নহ’লে ইয়ালৈ কিয় আহিবা। সন্তানৰ সংখ্যা কিমান বৃদ্ধি হৈ গৈ থাকে! এনেকৈ
কয় যে বাবা আমিতো বিশ্বৰ মালিক হ’বলৈ আহিছোঁ, হদৰ (লৌকিকৰ সীমিত) কোনো কথা নাই। বাবা
আপোনাৰ পৰা আমি বেহদ স্বৰ্গৰ উত্তৰাধিকাৰ ল’বলৈ আহিছোঁ। কল্পই কল্পই আমি পিতাৰ পৰা
উত্তৰাধিকাৰ লওঁ আকৌ মায়া মেকুৰীয়ে কাঢ়ি লয়, সেইকাৰণে ইয়াক হৰা-জিকাৰ খেল বুলি কোৱা
হয়। পিতাই বহি সন্তানসকলক বুজায়। সন্তানসকলেও ক্ৰম অনুসৰি বুজে, এওঁ কোনো সাধু-সন্ত
নহয়। যেনেকৈ তোমালোকে কাপোৰ (শৰীৰ) পাইছা তেনেকৈ এৱোঁ পাইছে। এওঁ বাবা নহয় জানো।
কোনোৱে সুধিব - আপোনালোক কাৰ ওচৰলৈ যায়? ক’বা যে বাপদাদাৰ ওচৰলৈ যাওঁ। এয়াতো পৰিয়াল
হৈ গ’ল। কিয় যাওঁ, কি ল’বলৈ যাওঁ? এয়াতো আন কোনেও বুজিব নোৱাৰে। ক’ব নোৱাৰে যে আমি
বাপদাদাৰ ওচৰলৈ যাওঁ, উত্তৰাধিকাৰ তেওঁৰ পৰা পোৱা যায়। ককাকৰ সম্পত্তিৰ ওপৰত সকলোৰে
অধিকাৰ আছে। শিৱবাবাৰ অবিনাশী সন্তানতো (আত্মাসকল) হোৱাই আকৌ প্ৰজাপিতা ব্ৰহ্মাৰ
হোৱা বাবে নাতি-নাতিনী হ’লা। এতিয়া তোমালোকে জানা যে আমি আত্মা। এইটো বহুত দৃঢ়তাৰে
মন্থন কৰি থাকিব লাগে। আমি আত্মাসকলে পৰমাত্মা পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ। আমি
আত্মাসকল আহি পিতাৰ সৈতে মিলিত হৈছোঁ। আগতেতো দেহবোধ আছিল। অমুক অমুক নামধাৰীসকলেহে
সম্পত্তি পায়। এতিয়াতো আত্মাসকলে পৰমাত্মাৰ পৰা উত্তৰাধিকাৰ লয়। আত্মাসকল হৈছে
সন্তান, পৰমাত্মা হৈছে পিতা। সন্তান আৰু পিতাৰ বহুত সময়ৰ পাছত মেলা লাগে। এবাৰেই
লাগে। ভক্তিমাৰ্গত আকৌ অনেক কৃত্ৰিম মেলা লাগি থাকে। এয়া হৈছে সকলোতকৈ আচৰিত মেলা।
আত্মাসকল আৰু পৰমাত্মা বহুকাল আঁতৰি থাকিল…... কোন? তোমালোক আত্মাসকল। এইটোও
তোমালোকে বুজি পোৱা যে আমি আত্মাসকল নিজৰ মৰমৰ শান্তিৰ ঘৰত থাকোঁ। এতিয়া ইয়াত ভূমিকা
পালন কৰি কৰি ভাগৰি পৰিছোঁ। গতিকে সন্ন্যাসী গুৰু আদিৰ ওচৰত গৈ শান্তি বিচৰা। এনেকৈ
ভাবে যে তেওঁলোক ঘৰ-সংসাৰ এৰি জংঘললৈ যায়, তেওঁলোকৰ পৰা শান্তি পোৱা যাব। কিন্তু
এনেকুৱা নহয়। এতিয়াতো সকলো (সন্ন্যাসীসকল) চহৰলৈ আহি গৈছে। জংঘলত গুহাবোৰ খালী হৈ
আছে। গুৰু হৈ চহৰত বহি আছে। নহ’লেতো তেওঁলোকে নিবৃত্তি মাৰ্গৰ জ্ঞান দি পৱিত্ৰতাৰ
পাঠ শিকাব লাগে। আজি কালি চোৱা তেওঁলোকে বিবাহ আদিও কৰোৱাই থাকে।
তোমালোক সন্তানসকলেতো
নিজৰ যোগবলেৰে নিজৰ কৰ্মেন্দ্ৰিয়সমূহক বশীভূত কৰা। কৰ্মেন্দ্ৰিয়সমূহ যোগবলেৰে শীতল
হৈ যাব। কৰ্মেন্দ্ৰিয়সমূহত চঞ্চলতা আহে নহয়। এতিয়া কৰ্মেন্দ্ৰিয়সমূহৰ ওপৰত বিজয়ী
হ’ব লাগে যাতে কোনো চঞ্চলতা নাহে। যোগবল অবিহনে কৰ্মেন্দ্ৰিয়সমূহ বশীভূত হোৱাতো
অসম্ভৱ। পিতাই কয় - কৰ্মেন্দ্ৰিয়সমূহৰ চঞ্চলতা যোগবলেৰেহে নোহোৱা হ’ব। যোগবলৰ
শক্তিতো আছে নহয়। এই ক্ষেত্ৰত বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। আগলৈ গৈ
কৰ্মেন্দ্ৰিয়সমূহৰ চঞ্চলতা নাথাকিব। সত্যযুগততো কোনো লেতেৰা বেমাৰ নাথাকে। ইয়াত
তোমালোকে কৰ্মেন্দ্ৰিয়সমূহক বশীভূত কৰি যোৱা গতিকে তাত কোনোধৰণৰ লেতেৰা কথা নাথাকে।
নামেই হৈছে স্বৰ্গ। সেয়া পাহৰি যোৱাৰ কাৰণে লাখ লাখ বছৰ বুলি কৈ দিয়ে। এতিয়ালৈকে
মন্দিৰ নিৰ্মাণ কৰিয়েই আছে। যদি লাখ লাখ বছৰ হয় তেন্তে কথাবোৰেই স্মৃতিত নাথাকিব।
এই মন্দিৰ আদি কিয় নিৰ্মাণ কৰে? কিয়নো তাত কৰ্মেন্দ্ৰিয়সমূহ শীতল হৈ থাকে কোনো
চঞ্চলতা নাথাকে। শিৱবাবাৰতো কৰ্মেন্দ্ৰিয় নাই। বাকী আত্মাত জ্ঞানতো গোটেই আছে নহয়।
তেৱেঁই শান্তিৰ সাগৰ, সুখৰ সাগৰ। তেওঁলোকে কয় - কৰ্মেন্দ্ৰিয় বশ হ’ব নোৱাৰে। পিতাই
কয় - যোগবলেৰে তোমালোকে কৰ্মেন্দ্ৰিয়সমূহক বশ কৰিবা। পিতাৰ স্মৃতিত থাকিবা। কোনো
নীতিবহিৰ্ভূত কাম কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কৰিব নালাগে। এনেহেন মৰমিয়াল পিতাক স্মৰণ
কৰোঁতে কৰোঁতে তেওঁৰ প্ৰেমত আনন্দৰ চকুলো বৈ যাব লাগে। আত্মা পৰমাত্মাত লীন হৈতো
নাযায়। পিতা এবাৰেই মিলিত হয়, যেতিয়া শৰীৰ লোণত লয় তেন্তে এনেকুৱা পিতাৰ সৈতে কিমান
মৰমেৰে চলিব লাগে। বাবা (ব্ৰহ্মাবাবা) জপিয়াই উঠিছিল নহয়। অহো! (শিৱ) বাবাই বিশ্বৰ
মালিক কৰি তোলে তেন্তে এই ধন, সামগ্ৰী কি কৰিম, সকলোবোৰ ত্যাগ কৰি দিওঁ। যেনেকৈ
পাগল লোক থাকে নহয়। সকলোৱে ক’বলৈ ধৰিলে - এওঁৰ বহি বহি কি হ’ল। ব্যৱসায় আদি সকলো এৰি
থৈ গুচি আহিল। আনন্দৰ সীমা নোহোৱা হ’ল। সাক্ষাৎকাৰ হ’বলৈ ধৰিলে। ৰাজ্য-ভাগ্য পোৱা
যায় কিন্তু কেনেকৈ পাম, কি হ’ব? এইবোৰ একোৱে নাজানিছিল। মাত্ৰ পোৱা যাব, সেইটো
আনন্দতে সকলোবোৰ ত্যাগ কৰিলে। আকৌ লাহে লাহে জ্ঞান পাবলৈ ধৰিলে। তোমালোক সন্তানসকল
ইয়াত স্কুললৈ আহিছা, লক্ষ্য-উদ্দেশ্য আছে নহয়। এয়া হৈছে ৰাজযোগ। বেহদৰ পিতাৰ পৰা
ৰাজ্য-ভাগ্য ল’বলৈ আহিছা। সন্তানসকলে জানে আমি তেওঁৰ পৰা পঢ়োঁ, যাক স্মৰণ কৰিছিলোঁ
যে বাবা আহি আমাৰ দুখ হৰণ কৰক, সুখ দিয়ক। কন্যা সন্তানসকলে কয় আমি যাতে শ্ৰীকৃষ্ণৰ
দৰে সন্তান পাওঁ। হেৰ’ সেয়াতো বৈকুণ্ঠত পাবা। শ্ৰীকৃষ্ণ বৈকুণ্ঠৰ হয়, তেওঁক তোমালোকে
দোলোৱা, গতিকে তেওঁৰ নিচিনা সন্তান বৈকুণ্ঠতহে পাবা নহয়। এতিয়া তোমালোক বৈকুণ্ঠৰ
বাদশ্বাহী ল’বলৈ আহিছা। তাত নিশ্চয় ৰাজকুমাৰ-ৰাজকুমাৰীহে পাবাগৈ। পৱিত্ৰ সন্তান লাভ
কৰাৰ আশাও পূৰ্ণ হয়। হওঁতে ৰাজকুমাৰ-ৰাজকুমাৰী ইয়াতো বহুত আছে কিন্তু নৰকবাসী।
তোমালোকে বিচৰা স্বৰ্গবাসীক। পঢ়াতো বহুত সহজ। পিতাই কয় - তোমালোকে বহুত ভক্তি কৰিলা,
হাবাথুৰি খালা। তোমালোক কিমান আনন্দেৰে তীৰ্থ আদিলৈ যোৱা। অমৰনাথলৈ যায়, এনেকৈ ভাবে
যে তাত শঙ্কৰে পাৰ্বতীক অমৰকথা শুনালে। অমৰনাথৰ সত্য কথা এতিয়া তোমালোকে শুনা। এয়াতো
পিতাই বহি তোমালোকক শুনায়। তোমালোক পিতাৰ ওচৰলৈ আহিছা। এইটো জানা যে এওঁ ভাগ্যশালী
ৰথ, এওঁ এই ৰথ (ব্ৰহ্মাৰ শৰীৰ) লোণত লৈছে। আমি শিৱবাবাৰ ওচৰলৈ যাওঁ, তেওঁৰে শ্ৰীমতত
চলিম। কিবা সুধিবলগীয়া হ’লে পিতাক সুধিব পাৰা। কোনোৱে কয় - বাবা মই জ্ঞান বুজাব
নোৱাৰো। এয়াতো তোমালোকে পুৰুষাৰ্থ কৰা, এই ক্ষেত্ৰত পিতাই কি কৰিব পাৰে।
পিতাই তোমালোক
সন্তানসকলক শ্ৰেষ্ঠ হোৱাৰ সহজ ৰাস্তা দেখুৱায় - এটা হৈছে কৰ্মেন্দ্ৰিয়সমূহক বশীভূত
কৰা, দ্বিতীয়টো হৈছে দৈৱী গুণ ধাৰণ কৰা। কোনোবাই ক্ৰোধ আদি কৰিলে নুশুনিবা। এখন
কাণেৰে শুনি আনখনেৰে উলিয়াই দিবা। যিবোৰ বেয়া কথা পছন্দ নহয়, সেইবোৰ নুশুনিবাই। চোৱা,
পতিয়ে ক্ৰোধ কৰে, মাৰপিত কৰে তেতিয়া কি কৰা উচিত? যেতিয়া দেখিবা পতিয়ে ক্ৰোধ কৰিছে
তেতিয়া তেওঁৰ ওপৰত ফুল চটিয়াবা। হাঁহি থাকিবা। যুক্তিতো (উপায়তো) বহুত আছে। কামাতুৰ,
ক্ৰোধী থাকে নহয়। অবলাসকলে (দুৰ্বলা নাৰীসকলে) মিনতি কৰে। এগৰাকী দ্ৰৌপদী নহয়,
সকলোৱে দ্ৰৌপদী। এতিয়া পিতা আহিছে নগ্ন হোৱাৰ পৰা ৰক্ষা কৰিবলৈ। পিতাই কয় - এই
মৃত্যুলোকত এয়া তোমালোকৰ অন্তিম জন্ম। মই তোমালোক সন্তানসকলক শান্তিধামলৈ লৈ যাবলৈ
আহিছোঁ। তালৈ পতিত আত্মাতো যাব নোৱাৰে, সেই কাৰণে মই আহি সকলোকে পৱিত্ৰ কৰি তোলোঁ।
যিয়ে যি ভূমিকা পাইছে সেয়া সম্পূৰ্ণ কৰি এতিয়া ঘৰলৈ উভতিব লাগে। গোটেই বৃক্ষৰ (কল্পবৃক্ষৰ)
ৰহস্য বুদ্ধিত আছে। বাকী বৃক্ষৰ পাতবোৰ কোনোবাই গণিব পাৰিব জানো। গতিকে পিতায়ো মূল
কথা বুজায় – ‘বীজ’ আৰু ‘বৃক্ষ’। বাকী মনুষ্যতো বহুত আছে। বাবাই জানো এজন এজনৰ
অন্তৰৰ কথাৰ বুজ ল’ব। মনুষ্যই ভাবে - ভগৱানতো অন্তৰ্যামী, প্ৰত্যকৰে অন্তৰৰ কথা জানে।
এই সকলোবোৰ হৈছে অন্ধশ্ৰদ্ধা।
পিতাই কয় - তোমালোকে
মোক আহ্বান জনোৱা যে আহি আমাক পতিতৰ পৰা পাৱন কৰি তোলক, ৰাজযোগ শিকাওঁক। এতিয়া
তোমালোকে ৰাজযোগ শিকি আছা। পিতাই কয় - মোক স্মৰণ কৰা। পিতাই এইটো মত দিয়ে নহয়।
পিতাৰ শ্ৰীমত আৰু গতি সকলোতকৈ অনন্য। মত অৰ্থাৎ ৰায় যাৰ দ্বাৰা আমাৰ সৎগতি হয়। সেই
এজন পিতাই হৈছে আমাৰ সৎগতি কৰোঁতা, দ্বিতীয় কোনো নাই। এই সময়তে আহ্বান জনায়।
সত্যযুগততো আহ্বান নজনায়। এতিয়াহে কয় - সকলোৰে সৎগতি দাতা এক ৰাম। যেতিয়া মালা
ঘূৰাই থাকে তেতিয়া ঘূৰাওঁতে ঘূৰাওঁতে যেতিয়া ফুল আহি পায় তেতিয়া তেওঁক ‘ৰাম’ বুলি
কৈ চকুত লগায়। জপিব লাগে একমাত্ৰ ফুলক। বাকীবোৰ হৈছে তেওঁৰ পৱিত্ৰ ৰচনা। মালাৰ বিষয়ে
তোমালোকে ভালদৰে জানি গৈছা। যিসকলে পিতাৰ সৈতে সেৱা কৰে এইডাল তেওঁলোকৰ মালা।
শিৱবাবাক ৰচয়িতা বুলি কোৱা নহ’ব। ৰচয়িতা বুলি ক’লে প্ৰশ্ন উঠিব যে কেতিয়া ৰচনা কৰিলে?
প্ৰজাপিতা ব্ৰহ্মাই এতিয়া সংগমতে ব্ৰাহ্মণসকলক ৰচনা কৰে নহয়। শিৱবাবাৰ ৰচনাতো অনাদি
আছেই। কেৱল পতিতৰ পৰা পাৱন কৰি তুলিবলৈ পিতা আহে। এতিয়াতো হৈছে পুৰণি সৃষ্টি। নতুন
সৃষ্টিত থাকে দেৱতাসকল। এতিয়া শূদ্ৰসকলক কোনে দেৱতা কৰি তুলিব। এতিয়া তোমালোক
পুনৰাই হোৱা। এইটো জানা যে পিতাই আমাক শূদ্ৰৰ পৰা ব্ৰাহ্মণ, ব্ৰাহ্মণৰ পৰা দেৱতা কৰি
তোলে। এতিয়া তোমালোক দেৱতা হ’বৰ কাৰণে ব্ৰাহ্মণ হৈছা। মনুষ্য সৃষ্টি ৰচোঁতা হৈছে
ব্ৰহ্মা যিজন মনুষ্য সৃষ্টিৰ মুৰব্বী। বাকী আত্মাসকলৰ অবিনাশী পিতাতো শিৱ হয়েই। এই
সকলোবোৰ নতুন কথা তোমালোকে শুনা। যিসকল বুদ্ধিমান তেওঁলোকে ভালদৰে ধাৰণ কৰে। লাহে
লাহে তোমালোকৰো বৃদ্ধি হৈ যাব। এতিয়া তোমালোক সন্তানসকলৰ স্মৃতি জাগ্ৰত হৈছে, আমিয়ে
আচলতে দেৱতা আছিলোঁ আকৌ 84 জন্ম কেনেকৈ লওঁ। তোমালোকে সকলো ৰহস্য জানা। অধিক কথাত
যোৱাৰ দৰকাৰেই নাই।
পিতাৰ পৰা সম্পূৰ্ণ
উত্তৰাধিকাৰ ল’বৰ কাৰণে মুখ্য কথা পিতাই কয় – এটা হৈছে মোক স্মৰণ কৰা, দ্বিতীয়তে
পৱিত্ৰ হোৱা। স্বদৰ্শন চক্ৰধাৰী হোৱা আৰু নিজৰ সমান কৰি তোলা। কিমান সহজ। কেৱল
স্মৃতি স্থায়ী হৈ নাথাকে। জ্ঞানতো বহুত সহজ। এতিয়া পুৰণি সৃষ্টি নাশ হ’ব। আকৌ
সত্যযুগত নতুন সৃষ্টিত দেৱী-দেৱতাসকলে ৰাজত্ব কৰিব। এইখন সৃষ্টিত আটাইতকৈ পুৰণি হৈছে
এই দেৱতাসকলৰ চিত্ৰবোৰ বা তেওঁলোকৰ মহল আদি। তোমালোকে ক’বা - আটাইতকৈ পুৰণি আমি
বিশ্বৰ মহাৰজা-মহাৰাণী আছিলোঁ। শৰীৰতো শেষ হৈ যায়। বাকী চিত্ৰ তৈয়াৰ কৰি থাকে। এতিয়া
এইটো কোনোবাই জানে জানো, এই লক্ষ্মী-নাৰায়ণ যিয়ে ৰাজত্ব কৰিছিল তেওঁলোক ক’লৈ গ’ল?
ৰাজ্য কেনেকৈ ল’লে? ‘বিৰলা’ই (এজন উদ্যোগপতি) ইমানবোৰ মন্দিৰ নিৰ্মাণ কৰায়, কিন্তু
নাজানে। ধন পাই থাকে আৰু নিৰ্মাণ কৰি গৈ থাকে। এনেকৈ ভাবে যে এয়া দেৱতাসকলৰ কৃপা।
এজন শিৱৰ পূজা কৰাতো হৈছে অব্যভিচাৰী ভক্তি। জ্ঞান দিওঁতাতো জ্ঞান সাগৰ এজনেই, বাকী
হৈছে ভক্তিমাৰ্গ। জ্ঞানেৰে আধাকল্প সৎগতি হয় তেতিয়া ভক্তিৰ দৰকাৰ নাথাকে। জ্ঞান,
ভক্তি, বৈৰাগ্য। এতিয়া ভক্তিৰ প্ৰতি, পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য। পুৰণি সকলো এতিয়া
নাশ হৈ যাব, ইয়াৰ প্ৰতি কি আসক্তি ৰাখিবা। এতিয়াতো নাটক পূৰা হয়, আমি ঘৰলৈ যাওঁ।
সেইটো আনন্দ থাকে। কোনোৱে ভাবে মোক্ষ পোৱাতো ভাল কথা তেতিয়া আৰু ইয়ালৈ নাহিমেই।
আত্মা পানীৰ বুৰবুৰণিৰ দৰে যি সাগৰত মিলি যায়। এই সকলোবোৰ মিছা কথা। ভাৱৰীয়াই
ভূমিকাতো নিশ্চয় পালন কৰিব। যি ঘৰত বহি থাকে তেওঁ জানো ভাৱৰীয়াই হ’ল। মোক্ষ নাপায়।
এইখন ড্ৰামা অনাদি ৰচি থোৱা আছে। ইয়াত তোমালোকে কিমান জ্ঞান পোৱা। মনুষ্যৰ বুদ্ধিততো
একোৱে নাই। তোমালোকৰ ভূমিকাই হৈছে - পিতাৰ পৰা জ্ঞান লোৱা, উত্তৰাধিকাৰ লোৱা।
তোমালোক ড্ৰামাৰ বান্ধোনত বান্ধ খাই আছা। পুৰুষাৰ্থ নিশ্চয় কৰিবা। এনেকুৱা নহয় যে
ড্ৰামাত থাকিলে পাম। তেনেহ’লে বহি থাকা। কিন্তু কৰ্মৰ অবিহনে কোনেও থাকিব নোৱাৰে।
কৰ্ম সন্ন্যাস হ’বই নোৱাৰে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যোগবলৰ
শক্তিৰে নিজৰ কৰ্মেন্দ্ৰিয়সমূহ শীতল কৰিব লাগে। অধীনত ৰাখিব লাগে। বেয়া কথা শুনিবও
নালাগে আৰু শুনাবও নালাগে। যিবোৰ কথা পছন্দ নহয় সেয়া এখন কাণেৰে শুনি আনখনেৰে
উলিয়াই দিব লাগে।
(2) পিতাৰ পৰা পূৰা
উত্তৰাধিকাৰ ল’বলৈ স্বদৰ্শন চক্ৰধাৰী হ’ব লাগে, পৱিত্ৰ হৈ নিজৰ সমান কৰি তোলাৰ সেৱা
কৰিব লাগে।
বৰদান:
মুৰুলীৰ
সংগীতৰ দ্বাৰা মায়াক সমৰ্পিত কৰাওঁতা মুৰুলীধৰ হোৱা
মুৰুলীতো বহুত শুনিলা
এতিয়া এনেকুৱা মুৰুলীধৰ হোৱা যাতে মায়া মুৰুলীৰ আগত সমৰ্পিত হৈ যায়। মুৰুলীৰ ৰহস্যৰ
সংগীত যদি সদায় বজাই থাকা তেতিয়া মায়া সদাকালৰ বাবে সমৰ্পিত হৈ যাব। মায়াৰ মুখ্য
স্বৰূপ ‘কাৰণ’ৰ ৰূপত আহে। যেতিয়া মুৰুলীৰ দ্বাৰা কাৰণৰ নিবাৰণ পাই যাবা তেন্তে মায়া
সদাকালৰ বাবে সমাপ্ত হৈ যাব। কাৰণ শেষ অৰ্থাৎ মায়া শেষ।
স্লোগান:
অনুভৱী স্বৰূপ হোৱা তেতিয়া চেহেৰাত সৌভাগ্যৰ জিলিকনি দেখা দিব।
আত্মিক আভিজাত্য আৰু
পৱিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
সংগমযুগী ব্ৰাহ্মণ
জীৱনৰ বৈশিষ্ট্য হৈছে পৱিত্ৰতা। প্ৰবৃত্তিত থাকি অপৱিত্ৰতাৰ পৰা নিবৃত্ত হৈ থাকা,
সপোনতো অপৱিত্ৰতাৰ সংকল্পৰ পৰা মুক্ত হৈ থাকা - এয়াই বিশ্বক প্ৰত্যাহ্বান জনোৱাৰ
সাধন, এয়াই তোমালোক ব্ৰাহ্মণৰ আত্মিক আভিজাত্য আৰু ব্যক্তিত্ব।