01.04.25 Avyakt Bapdada
Assame
Murli
21.10.2005 Om Shanti Madhuban
“*“সম্পূৰ্ণ আৰু
সম্পন্ন হোৱাৰ তাৰিখ নিৰ্ধাৰণ কৰি সময় অনুসৰি এতিয়া সদাপ্ৰস্তুত হোৱা”*”
আজি বাপদাদাই
চাৰিওফালৰ সন্তানসকলৰ তিনিটা ৰূপ চাই আছেহঁক। যেনেকৈ পিতাৰ বিশেষ তিনিটা সম্বন্ধ
স্মৃতিত থাকে তেনেকৈ সন্তানসকলৰো তিনিটা ৰূপ দেখি হৰ্ষিত হৈ আছে। নিজৰ তিনিওটা ৰূপক
জানা নহয়! এই সময়ত সকলো সন্তান ব্ৰাহ্মণ ৰূপত আছে আৰু ব্ৰাহ্মণৰ অন্তিম অৱস্থা,
ব্ৰাহ্মণ তথা ফৰিস্তা আকৌ তাৰ পাছত ফৰিস্তা তথা দেৱতা। সকলোতকৈ বিশেষ হৈছে বৰ্তমানৰ
ব্ৰাহ্মণ জীৱন। ব্ৰাহ্মণ জীৱন অমূল্য। ব্ৰাহ্মণ জীৱনৰ বিশেষত্ব হ’ল পৱিত্ৰতা।
পৱিত্ৰতাই ব্ৰাহ্মণ জীৱনৰ বাস্তৱিকতা। পৱিত্ৰতাই হৈছে ব্ৰাহ্মণ জীৱনৰ ব্যক্তিত্ব।
পৱিত্ৰতাই সুখ-শান্তিৰ জননী। যিমানে পৱিত্ৰতা থাকিব সিমানে সুখ-শান্তি জীৱনত
স্বভাৱসিদ্ধ আৰু স্বভাৱ হ’ব। আৰু পৱিত্ৰ আত্মাসকলৰ লক্ষ্য ব্ৰাহ্মণ তথা দেৱতা নহয়
কিন্তু প্ৰথমে ফৰিস্তা হোৱা, ফৰিস্তা তথা দেৱতা। গতিকে ব্ৰাহ্মণ তথা ফৰিস্তা,
ফৰিস্তা তথা দেৱতা - সকলো সন্তানৰ এই তিনিওটা ৰূপ বাপদাদাই চাই আছে। তোমালোক সকলোৰে
আগত নিজৰ এই তিনিওটা ৰূপ আহি গ’লনে? আহি গ’লনে? ব্ৰাহ্মণতো হৈ গ’লা, এতিয়া লক্ষ্য
হ’ল ফৰিস্তা হোৱাৰ। এয়াই লক্ষ্য হয় নহয়! ফৰিস্তা হ’বই লাগিব, পৰীক্ষা কৰা
ফৰিস্তাবোধৰ বিশেষত্ব জীৱনত কিমান দেখিবলৈ পোৱা যায়? ফৰিস্তা অৰ্থাৎ যাৰ পুৰণা
সংসাৰ আৰু পুৰণা সংস্কাৰৰ সৈতে একো সম্পৰ্ক নাই। ফৰিস্তা অৰ্থাৎ কেৱল সমস্যাৰ সময়ত
‘ডবল লাইট’ নহয়, কিন্তু সদায় মন-বচন, সম্বন্ধ-সম্পৰ্কত ‘ডবল লাইট’, পাতল। পাতল বস্তু
ভাল লাগে নে গধুৰ বস্তু ভাল লাগে, কি ভাল লাগে? পাতল পচন্দ হয় নহয়? ফৰিস্তা অৰ্থাৎ
যি সকলোৰে, কিছুমানৰ নহয়, সকলোৰে প্ৰিয় আৰু অনাসক্ত। কেৱল প্ৰিয় নহয়, যিমান প্ৰিয়
সিমানে অনাসক্ত। ফৰিস্তাৰ লক্ষণ হ’ল- তেওঁ সকলোৰে প্ৰিয় হ’ব, যিয়েই দেখিব, যিয়েই লগ
পাব, যিয়েই সমন্ধত আহিব, সম্পৰ্কত আহিব তেওঁলোকে অনুভৱ কৰিব যে এওঁ মোৰ হয়। যেনেকৈ
পিতাৰ বাবে সকলোৱে অনুভৱ কৰে নহয় যে মোৰ হয়। অনুভৱ কৰে নহয়? এনেকুৱা ফৰিস্তা অৰ্থাৎ
প্ৰত্যেকেই অনুভৱ কৰক - এওঁ মোৰ হয়। আপোনতাৰ অনুভৱ হওঁক কিয়নো পাতল হ’ব সেয়েহে
পাতলবোধে সকলোৰে প্ৰিয় কৰি তোলে। সকলো ব্ৰাহ্মণ পৰিয়ালে অনুভৱ কৰক যে এওঁ মোৰ হয়।
গধুৰবোধ যাতে নাথাকে কিয়নো ফৰিস্তাৰ অৰ্থই হৈছে ‘ডবল লাইট’। ফৰিস্তা অৰ্থাৎ সংকল্প,
বাণী, কৰ্ম, সম্বন্ধ, সম্পৰ্কত বেহদৰ (অসীমিত) হওঁক। হদ (সীমিত) যাতে নহয়। সকলো
নিজৰ আৰু মই সকলোৰে। য’ত বেছি আপোনতা থাকে ত’ত পাতলবোধ থাকে। সংস্কাৰতো পাতলবোধ,
গতিকে পৰীক্ষা কৰা কিমান শতাংশ ফৰিস্তা অৱস্থাত উপনীত হৈছাহি? পৰীক্ষা কৰিব জানানে?
পৰীক্ষকো হ’লা, নিৰ্মাতাও হৈ গ’লা। অভিনন্দন।
বাপদাদাৰ এইটোৱে শুভ
আশা আছে যে এতিয়া সময়ক চাই যিসকলে নিজক মহাৰথী বুলি ভাবে তেওঁলোকৰ অৱস্থাতো 95
শতাংশ হ’ব লাগে। হ’ব লাগে নহয়! (কোনোবাই ক’লে 98 শতাংশ হৈ যাব) অভিনন্দন, মুখত
গোলাপ জামুন খাই লোৱা, কিয়নো দেখিতো আছাই, জানাও যে হৈ যাবই লাগিব। হৈ যাব নহয়,
হ’বই লাগিব। ‘হ’ব’ ‘হ’ব’ নহয়, হৈ যাব, চাই ল’ম... চেষ্টা কৰিম... এতিয়া এই ভাষা
পৰিৱৰ্তন কৰা। যিয়েই সংকল্প কৰা, পৰীক্ষা কৰা যে কিমান শতাংশ নিশ্চয় আৰু
সফলতাপূৰ্বক হয়? এতিয়া পৰীক্ষা কৰাৰ গতি তীব্ৰ কৰা। প্ৰথমে পৰীক্ষা কৰা তাৰ পাছত
কৰ্মত আহা। এনেকুৱা নহয় যে যিয়েই সংকল্প উদয় হ’ল, বাণীত যিয়েই আহিল,
সম্বন্ধ-সম্পৰ্কত যিয়েই হ’ল, নহয়। যিসকল ভি.ভি.আই.পি. তেওঁলোকৰ কিমান পৰীক্ষা হয়,
গম পোৱা নহয়। প্ৰতিটো বস্তু প্ৰথমে পৰীক্ষা কৰা হয় তাৰ পাছত খোজ দিয়ে। এতিয়া দুই
ঘণ্টা, চাৰি ঘণ্টাৰ পাছত পৰীক্ষা কৰিলে নচলিব। প্ৰথমে পৰীক্ষা তাৰ পাছত খোজ কিয়নো
আজিকালিৰ যিসকল ভি.ভি.আই.পি. তেওঁলোকতো এটা জন্মৰ। সেয়াও অলপ সময়ৰ বাবে আৰু
তোমালোকতো স্মৃষ্টি ড্ৰামাৰ ব্ৰাহ্মণ তথা ফৰিস্তা যিমানেই ভি.ভি. লগাই দিয়া,
সিমানেই হোৱা। চোৱা, তোমালোকে নিজৰ আগত ভি.ভি.ভি. লগাই যোৱা। তোমালোকে নিজৰ চিত্ৰতো
দেখিছা নহয় যাক পূজা কৰি থকা হৈছে, সেয়া দেখিছা নহয়। বাৰু মন্দিৰ নাই দেখা, ফ’টোতো
দেখিছা, এতিয়াও সেইবোৰৰ কিমান মূল্য আছে। কিমান ডাঙৰ ডাঙৰ মন্দিৰ নিৰ্মাণ কৰে আৰু
তোমালোকৰ যি চিত্ৰ আছে সেয়াতো তিনিফুটতে আহি যায়, তেন্তে কিমান তোমালোকৰ মূল্য আছে।
জড় চিত্ৰৰো মূল্য আছে। মূল্য আছে নহয়! তোমালোকৰ চিত্ৰ দৰ্শন কৰিবৰ বাবে কিমান শাৰী
পাতে। আৰু চৈতন্যত কিমান ভি.ভি.আই.পি. হোৱা। সেয়েহে খোজ দিয়াৰ পূৰ্বে পৰীক্ষা কৰা,
কৰাৰ পাছত পৰীক্ষা কৰিলা তেতিয়া সেই খোজটিতো গ’ল। সেইটো খোজ পুনৰ তোমালোকৰ হাতলৈ
নাহে। অজ্ঞানকালতো কয় যে ভাবি চিন্তি কাম কৰা। কাম কৰাৰ পাছত নাভাবিবা। প্ৰথমে ভাবা
তাৰ পাছত কৰা। নিজৰ স্বমানৰ আসনত থাকা। যিমানে মৰ্যাদাৰ আসনত থাকা তেতিয়া
বিৰুদ্ধাচৰণ হ’ব নোৱাৰে। মায়াৰ বিৰুদ্ধাচৰণ তেতিয়া হয় যেতিয়া মৰ্যাদাৰ আসনত নাথাকা।
গতিকে এতিয়া বাপদাদাৰ প্ৰশ্ন হ’ল, সকলোৰে লক্ষ্যতো হ’ল সম্পূৰ্ণ হোৱাৰ, সম্পন্ন
হোৱাৰ। লক্ষ্য আছে নে অলপ অলপ হোৱাৰ আছে? লক্ষ্য আছেনে? সকলোৰে লক্ষ্য আছে তেন্তে
হাত দাঙা। সম্পূৰ্ণ হ’ব লাগেনে? বাৰু কেতিয়ালৈকে? তোমালোকে আনক প্ৰশ্ন সোধা নহয়,
বিৰ্দ্যাথীকো শিক্ষকে প্ৰশ্ন সোধে নহয় যে তোমালোকৰ লক্ষ্য কি? গতিকে আজি বাপদাদাই
বিশেষকৈ শিক্ষকসকলক সুধিছে। 30 বছৰীয়াসকল বহি আছা নহয়। 30 বছৰীয়াসকলে কাইলৈয়ে
পৰস্পৰ বহি কাৰ্যসূচী তৈয়াৰ কৰিব লাগে। সভাতো বহুত অনুষ্ঠিত কৰা। বাপদাদাই দেখিবলৈ
পায় - সভা বৈঠক, সভা বৈঠক। কিন্তু এতিয়া এনেকুৱা সভা পাতা, যে কেতিয়ালৈকে সম্পন্ন
হ’বা? বাকী সকলো অনুষ্ঠান পাতা, তাৰিখ নিৰ্ধাৰণ কৰা, অমুক অনুষ্ঠানটি অমুক তাৰিখে,
ইয়াৰ তাৰিখ নাই নেকি? যিমান বছৰ লাগে সিমান কোৱা। কিয়? বাপদাদাই কিয় কয়? কিয়নো
পিতাক প্ৰকৃতিয়ে সোধে যে কেতিয়ালৈ বিনাশ কৰিম? তেন্তে বাপদাদাই কি উত্তৰ দিব।
বাপদাদাই সন্তানসকলকে সুধিব নহয়। কেতিয়ালৈকে? আজিৰ বিশেষ বিষয়টি হ’ল কেতিয়ালৈকে?
ডবল বিদেশীসকল বহি আছা নহয়, ডবল পুৰুষাৰ্থ হ’ব নহয়। চমৎকাৰ কৰা। বিদেশীসকল উদাহৰণ
হোৱা – বচ্ ব্ৰাহ্মণ পৰিয়ালৰ আগত, বিশ্বৰ আগত সম্পন্ন আৰু সম্পূৰ্ণ। সৰ্ব শক্তি আৰু
সৰ্ব গুণেৰে সম্পন্ন অৰ্থাৎ সম্পূৰ্ণ, সকলোতে হওঁক। মন, বাণী, সম্বন্ধ সম্পৰ্ক
চাৰিওটাতে, চাৰিওটাৰ ভিতৰত যদি এটাতো দুৰ্বল হৈ থাকা, তেন্তে সম্পন্ন বুলি কোৱা
নহ’ব। চাৰিটা কথা স্মৃতিত আছে নহয় - মন, বচন, সম্বন্ধ-সম্পৰ্কত কৰ্ম আহি গ’ল,
চাৰিওটা কথাতে। এনেকুৱা নহয় যে মন বাণীততো মই ঠিকেই, সম্বন্ধ-সম্পৰ্কত অলপ আছে।
শুনালোঁ নহয় - যাৰ সন্মুখতেই আহা, যাৰেই সম্পৰ্কত আহা তেওঁ অনুভৱ কৰক যে এওঁ মোৰ হয়।
যি মোৰ হয় তেওঁৰ ওপৰত অধিকাৰ থাকে নহয়। আনৰ প্ৰতি ইমান পাতলবোধ নাথাকে, অলপ গধুৰ হয়
কিন্তু যি নিজৰ তেওঁৰ প্ৰতি পাতলবোধ থাকে। গতিকে সকলোৰে প্ৰতি পাতল, এনেকুৱা নহয় যে
কেৱল নিজৰ মণ্ডলত পাতল, নিজৰ সেৱাকেন্দ্ৰত পাতল, নহয়। যদি মণ্ডলত পাতল আৰু
সেৱাকেন্দ্ৰত পাতল, তেন্তে বিশ্বৰ ৰজা কেনেকৈ হ’বা? বিশ্বকল্যাণকাৰীও হ’ব নোৱাৰিবা,
বিশ্বৰ ৰজাও হ’ব নোৱাৰিবা। ৰজাৰ অৰ্থ এয়া নহয় যে সিংহাসনত বহিবা, ৰাজধানীত ৰাজকীয়
পৰিয়ালতো ৰাজ্যৰ ৰাজ্য অধিকাৰ থাকে। তেন্তে কি কৰিবা? ‘কেতিয়ালৈকে’ প্ৰশ্নটিৰ উত্তৰ
দিবা নহয়! সভা পাতিবা! সভা পাতি চুড়ান্ত কৰিবা। ঠিক আছেনে? বাৰু।
সকলো ঠিকে আছে,
উদ্দীপনা জাগেনে যে কৰিবই লাগিব, হ’বই লাগিব? বাপদাদাই উৎসাহ-উদ্দীপনা যুগায়। মায়াই
দেখিবলৈ পায় যে উৎসাহ-উদ্দীপনাত আছে তেতিয়া কিবা নহয় কিবা কৰি দিয়ে কিয়নো মায়াৰো
এতিয়া অন্তিম সময় সমীপত নহয়। সেয়েহে মায়াই নিজৰ অস্ত্ৰ-শস্ত্ৰ যি আছে সেয়া ব্যৱহাৰ
কৰে আৰু এনেকৈ প্ৰতিপালন কৰে যে বুজিব নোৱাৰে যে এয়া মায়াৰ প্ৰতিপালন, মায়াৰ মত, নে
পিতাৰ মত, তাত মিহলি কৰি দিয়ে। ফৰিস্তাবোধত বা পুৰুষাৰ্থত এয়া যি বিশেষ বাধা আহে,
তাৰ দুটা শব্দই হ’ল – যিটো সাধাৰণ শব্দ, কঠিনো নহয় আৰু সকলোৱে অনেক বাৰ ব্যৱহাৰো
কৰিছে। সেয়া কি? ‘মই’ আৰু ‘মোৰ’। বাপদাদাই এই ‘মই’ আৰু ‘মোৰ’ পৰিৱৰ্তন কৰাৰ বহুত
সহজ বিধি আগতেও শুনাইছে, স্মৃতিত আছেনে? চোৱা যেতিয়া তোমালোকে ‘মই’ শব্দটি কোৱা,
সেই সময়ত এইটো সন্মুখত আহক যে “মই হয়েই আত্মা”, ‘মই’ শব্দটি কোৱা আৰু সন্মুখত
আত্মাৰ ৰূপ আনা। ‘মই’ শব্দটি এনেকৈ নক’বা, মই আত্মা। এইটো স্বভাৱসিদ্ধভাৱে স্মৃতিলৈ
আনা। মই শব্দটিৰ পাছত আত্মা লগাই দিয়া। মই আত্মা। যেতিয়া ‘মোৰ’ শব্দটি কোৱা তেতিয়া
প্ৰথমে ক’বা “মোৰ বাবা”, মোৰ ৰুমাল, মোৰ শাড়ী... এইটো মোৰ। কিন্তু প্ৰথমে “মোৰ বাবা”।
‘মোৰ’ শব্দটি ক’লা আৰু বাবা সন্মুখত আহিল। ‘মই’ শব্দটি ক’লা আৰু আত্মা সন্মুখত আহিল,
এইটো স্বভাৱ আৰু স্বভাৱসিদ্ধ কৰি তোলা, সহজ নে কঠিন? জানাই যে মই আত্মা। কেৱল সেই
সময়ত মানি নোলোৱা। 100 শতাংশ জানা, মানি লোৱাটো শতাংশত আছে। যিহেতু দেহবোধ
স্বভাৱসিদ্ধ হৈ গ’ল, স্মৃতিলৈ আনিবলগীয়া হয় জানো যে মই শৰীৰ, স্বভাৱসিদ্ধভাৱে
স্মৃতিত থাকে নহয়। ‘মই’ শব্দটি মুখতকৈ আগেয়ে সংকল্পত আহে নহয়। গতিকে সংকল্পতো ‘মই’
শব্দটি আহিলে ততালিকে আত্মা স্বৰূপ সন্মুখত আহক। এইটো অভ্যাস কৰা সহজ নহয় জানো?
কেৱল ‘মই’ শব্দটি নক’বা, লগতে আত্মা শব্দটি ক’বা, দৃঢ় হৈ যাব। যেনেকৈ শৰীৰৰ নাম দৃঢ়
হয় নহয়। আনকো যদি কোনোবাই মাতে তেতিয়া তোমালোকে এনেকৈ এনেকৈ কৰিবা। মই আত্মা। আমাৰ
সংসাৰ বাপদাদা, আত্মাৰ সংস্কাৰ ব্ৰাহ্মণ তথা ফৰিস্তা, ফৰিস্তা তথা দেৱতা। তেন্তে কি
কৰিবা? এইটো মনৰ ব্যায়াম কৰিবা। আজিকালি চিকিৎসকেও কয় ব্যায়াম কৰা, ব্যায়াম কৰা।
গতিকে এইটো ব্যায়াম কৰা। “মই আত্মা”, “মোৰ বাবা” কিয়নো সময়ৰ গতি ড্ৰামা অনুসৰি ধীৰ
কৰিবলগীয়া হয়। ৰচয়িতা তীব্ৰ হ’ব লাগে, ৰচনা নহয় কিন্তু এতিয়া সময় তীব্ৰ বেগে গৈ আছে।
প্ৰকৃতি সদাপ্ৰস্তুত কেৱল আদেশৰ বাবে ৰৈ আছে। ড্ৰামাৰ সময়েহে আদেশ দিব নহয়। স্থাপনা
কৰোঁতাসকল যদি সদাপ্ৰস্তুত নহয় তেন্তে বিনাশৰ পাছত প্ৰলয় হ’ব জানো? হ’বনে প্ৰলয়? নে
বিনাশৰ পাছত স্থাপনা হ’ব? গতিকে স্থাপনাৰ নিমিত্ত হোৱাসকল এতিয়া সময় অনুসৰি
সদাপ্ৰস্তুত হ’ব লাগে। বাপদাদাই এইটোৱে চাব খোজে যেনেকৈ পিতা ব্ৰহ্মা অৰ্জুন হ’ল
নহয়, উদাহৰণ হ’ল নহয়! তেনেকৈ পিতা ব্ৰহ্মাক অনুসৰণ কৰাসকল কোন হয়? নিজকো চোৱা, সময়কো
চোৱা।
বাপদাদাই আগতেও কৈছে
যে বৰ্তমান সময়ত তোমালোক সকলো ব্ৰাহ্মণ তথা ফৰিস্তা আত্মাসকলে নিমিত্ত ভাৱ আৰু নম্ৰ
ভাৱ, এই দুটি শব্দৰ প্ৰতি বিশেষ মনোযোগ দিব লাগে। ইয়াৰ দ্বাৰা দেহবোধৰ মই বোধ
সমাপ্ত হৈ যাব, মোৰ বোধো সমাপ্ত হৈ যাব। নিমিত্ত হওঁ আৰু নম্ৰ স্বভাৱ। যিমান নম্ৰ
হোৱা সিমানে মান পোৱা যায় কিয়নো যি নম্ৰ হয় তেওঁ সকলোৰে প্ৰিয় হৈ যায়। আৰু যি প্ৰিয়
হৈ যায় তেওঁ মানতো স্বতঃ পাব। গতিকে নিমিত্ত আৰু নম্ৰ ভাৱ আৰু ভাৱনা সকলোৰে প্ৰতি
শুভ ভাৱনা। ভাৱ আৰু ভাৱনা দুটা কথা থাকে। সেয়েহে নিমিত্ত আৰু নম্ৰ ভাৱ আৰু ভাৱনা
প্ৰত্যেকৰে প্ৰতি শুভ-ভাৱনা, শুভ- কামনা। যেনেকুৱাই নহওঁক, তোমালোকৰ নিমিত্ত, নম্ৰ
ভাৱ আৰু শুভ-ভাৱনাই এনেকুৱা বায়ুমণ্ডল সৃষ্টি কৰিব যে সন্মুখত থকাজনো প্ৰকম্পনেৰে
পৰিৱৰ্তন হৈ যাব। বহুত সন্তানে বাৰ্তালাপ কৰে নহয় - তেতিয়া কয় মই এমাহ শুভ-ভাৱনা
ৰাখিলোঁ, তেওঁ সলনিয়েই নহয়। তেতিয়া ভাগৰি পৰে, নিৰাশ হৈ যায়। এতিয়া সেই বেচেৰাৰ যি
বৃত্তি বা দৃষ্টি আছে সেয়া হয়েই পাথৰৰ নিচিনা, তাত অলপ সময়তো লাগিব নহয়। বাৰু ধৰি
লোৱা তেওঁ সলনি নহয়, কিন্তু তোমালোকে নিজক ঠিকে ৰাখাচোন। তোমালোকতো নিজৰ মৰ্যাদাৰ
আসনত থাকা। তোমালোক কিয় নিৰাশ হৈ যোৱা। নিৰাশ নহ’বা। তেওঁ বাৰু সলনি নহ’ল কিন্তু
মইতো তেওঁৰ সৈতে সলনি হৈ যাব নালাগে। যদি তোমালোক হতাশ হৈ যোৱা তেন্তে তেওঁ
শক্তিশালী হ’ল যে তেওঁ তোমালোকক সলনি কৰি দিলে। তোমালোকে নিজৰ স্বমানৰ আসন কিয় এৰি
দিয়া? ব্যৰ্থ সংকল্পও কৰিব নালাগে, কিয়? ‘কিয়’ বুলি ক’লা আৰু ব্যৰ্থ সংকল্পৰ দুৱাৰ
মুকলি হ’ল। সেই দুৱাৰ কাচিৎহে বন্ধ হয় সেয়েহে নাভাবিবা যে ‘কিয়’, দয়াশীল হৈ
প্ৰকম্পন দি থাকা। তোমালোকে নিজৰ আসন এৰি কিয় নিৰাশ হৈ যোৱা? স্মৃতিত ৰাখিলা নহয় –
মৰ্যাদাৰ আসনৰ পৰা তলত নাহিবা, নহ’লে বহুত বিৰোধ হৈ যায়। ব্যক্তি ব্যক্তিৰ মাজত
প্ৰতিবন্ধকতা আহি যায়, স্বভাৱ সংস্কাৰত প্ৰতিবন্ধকতা আহি যায়, বিচাৰধাৰাত
প্ৰতিবন্ধকতা আহি যায় সেই কাৰণে মৰ্যাদাৰ আসনত থাকা, তেন্তে কাইলৈ কি কৰিবা?
স্মৃতিত আছেনে? বাপদাদাৰ স্নেহ আছে নহয়, সেয়েহে বাপদাদাই ভাবে যে সকলো পিতা
ব্ৰহ্মাৰ সমান হৈ যাওঁক। পিতাৰ আগত জানো প্ৰতিবন্ধকতা অহা নাছিল, পিতা ব্ৰহ্মাৰ আগত
জানো বিৰুদ্ধাচৰণ নহ’ল, মায়াৰো হ’ল, আত্মাসকলৰো হ’ল, প্ৰকৃতিৰো হ’ল, কিন্তু পিতা
ব্ৰহ্মাই মৰ্যাদাৰ আসন এৰিলে জানো? নেৰিলে নহয়। সেইবাবেতো ফৰিস্তা হ’ল নহয়। গতিকে
এতিয়া নিজকতো ফৰিস্তা বুলি ভাবি চলা, মই ফৰিস্তা... কিন্তু ইজনে সিজনকো ফৰিস্তা
ৰূপত চোৱা, সকলো ফৰিস্তা। মোৰ পুৰণা সংসাৰৰ লগতো সম্পৰ্ক নাই, পুৰণা সংস্কাৰৰ লগতো
সম্পৰ্ক নাই আৰু এই কোনো ব্ৰাহ্মণৰ লগতো নাই। বচ্ সমাপ্ত। এওঁ ফৰিস্তা, এৱো ফৰিস্তা,
সেইটো দৃষ্টিৰে চোৱা। বায়ুমণ্ডল বিয়পোৱা। বাৰু।
এতিয়া এক মিনিট
এনেকুৱা শক্তিশালী সৰ্বশক্তিৰে সম্পন্ন হৈ বিশ্বৰ আত্মাসকলক কিৰণ দিয়া যাতে
চাৰিওফালে তোমালোকৰ শক্তিৰ প্ৰকম্পন বিশ্বত বিয়পি পৰে। (সম্পূৰ্ণ নিস্তব্ধতা) বাৰু।
চাৰিওফালৰ ব্ৰাহ্মণ
তথা ফৰিস্তা সন্তানসকলক, সদায় স্বদৰ্শনৰ দ্বাৰা নিজক পৰীক্ষা আৰু পৰিৱৰ্তন কৰোঁতা,
পিতা ব্ৰহ্মাক অনুসৰণ কৰোঁতা আজ্ঞাকাৰী সন্তানসকলক, সদায় ‘ডবল লাইট’ হৈ সেৱা আৰু
পুৰুষাৰ্থ কৰোঁতা ফৰিস্তা আত্মাসকলক, সদায় নিজৰ মৰ্যাদাৰ আসনত থাকি প্ৰতিবন্ধকতা
সমাপ্ত কৰোঁতা মাষ্টৰ সৰ্বশক্তিমান সন্তানসকলক, সংগমযুগৰ প্ৰত্যক্ষফল অনুভৱ কৰোঁতা
পিতাৰ সমীপৰ সন্তানসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।
বৰদান:
প্ৰত্যক্ষতাৰ
সময় সমীপত আনোতা সদায় শুভ-চিন্তক আৰু স্ব-চিন্তক হোৱা
সেৱাত সফলতাৰ আধাৰ
হৈছে শুভ-চিন্তক বৃত্তি কিয়নো তোমালোকৰ এইটো বৃত্তিয়ে আত্মাসকলৰ গ্ৰহণ কৰা শক্তি বা
জিজ্ঞাসা বঢ়ায়, ইয়াৰ দ্বাৰা বাণীৰ সেৱা সহজে সফল হৈ যায় আৰু নিজৰ প্ৰতি স্ব-চিন্তন
কৰোঁতা স্বচিন্তক আত্মা সদায় মায়া প্ৰতিৰোধী, কাৰোবাৰ দুৰ্বলতা গ্ৰহণ কৰাৰ পৰা,
ব্যক্তি বা বৈভৱৰ আকৰ্ষণৰ পৰা নিবাৰিত হৈ যায়। সেয়েহে যেতিয়া এই দুয়োটা বৰদান
বাস্তৱ জীৱনত ধাৰণ কৰিবা তেতিয়াহে প্ৰত্যক্ষতাৰ সময় সমীপত আহিব।
স্লোগান:
নিজৰ
সংকল্পসমূহকো অৰ্পণ কৰি দিয়া তেতিয়া সকলো দুৰ্বলতা স্বতঃ দূৰ হৈ যাব।
অব্যক্ত সংকেত:
আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা
পৰমাত্ম স্নেহৰ অনুভৱ
কৰিবলৈ অন্তৰ্মুখী হৈ এই দেহৰ পৰা ভিন্ন দেহী (আত্মিক) ৰূপত স্থিৰ হৈ থকাৰ অভ্যাস
বঢ়োৱা। সদায় অন্তৰ্মুখীতাৰ গুহাত থাকা তেতিয়া পুৰণি জগতৰ বাতাৱৰণৰ পৰা উৰ্দ্ধত গুচি
যাবা। বাতাৱৰণৰ প্ৰভাৱত নাহা।