01.07.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – শান্তিধাম হৈছে পাৱন আত্মাসকলৰ ঘৰ, সেইখন ঘৰলৈ যাব লাগে গতিকে সম্পূৰ্ণ পাৱন হোৱা”

প্ৰশ্ন:
পিতাই সকলো সন্তানক কোনটো প্ৰতিশ্ৰুতি দিয়ে?

উত্তৰ:
মৰমৰ সন্তানসকল, তোমালোকে মোক স্মৰণ কৰা, মই প্ৰতিশ্ৰুতি দিছোঁ যে শাস্তি ভোগ নকৰাকৈয়ে তোমালোক মোৰ ঘৰলৈ যাবা। তোমালোকে একমাত্ৰ পিতাৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখা, এইখন পুৰণি সৃষ্টিক দেখিও নাচাবা, এইখন সৃষ্টিত থাকি পৱিত্ৰ হৈ দেখুওৱা, তেতিয়া বাবাই তোমালোকক বিশ্বৰ বাদশ্বাহী অৱশ্যে দিব।

ওঁম্শান্তি।
আত্মিক সন্তানসকলক পিতাই সুধি আছে, এইটোতো সন্তানসকলে জানে যে পিতা সন্তানসকলক নিজৰ ঘৰলৈ লৈ যাবৰ কাৰণে আহিছে, এতিয়া অন্তৰে ঘৰলৈ যাব বিচাৰেনে? সেইখন হৈছে সকলো আত্মাৰে ঘৰ। ইয়াত সকলো জীৱ আত্মাৰ ঘৰ এখনে নহয়। এইটোতো বুজি পোৱা যে পিতাৰ আগমন হৈছে। নিমন্ত্ৰণ দি পিতাক মাতিছা। আমাক ঘৰ অৰ্থাৎ শান্তিধামলৈ লৈ যাওঁক। এতিয়া পিতাই কয় - নিজৰ অন্তৰক সোধা - হে আত্মাসকল, তোমালোক পতিত কেনেকৈ যাব পাৰিবা? পৱিত্ৰতো নিশ্চয় হ'ব লাগে। এতিয়া ঘৰলৈ যাব লাগে অন্যতো বেলেগ কথা একো নকয়। ভক্তিমাৰ্গত তোমালোকে ইমান সময় পুৰুষাৰ্থ কৰিলা, কিহৰ কাৰণে? মুক্তিৰ কাৰণে। গতিকে এতিয়া পিতাই সুধিছে - ঘৰলৈ যোৱাৰ কথা ভাবিছানে? সন্তানসকলে কয় - বাবা ইয়াৰ কাৰণেইতো ইমান ভক্তি কৰিলোঁ। এইটোও জানা যে যিমানবিলাক জীৱ আত্মা আছে, সকলোকে লৈ যাব লাগে। কিন্তু পৱিত্ৰ হৈ ঘৰলৈ যাব লাগে আকৌ পৱিত্ৰ আত্মাসকলহে পোন-প্ৰথমে আহে। অপৱিত্ৰ আত্মাসকলতো ঘৰত থাকিব নোৱাৰে। এতিয়া যি কোটি কোটি আত্মা আছে, সকলো ঘৰলৈ নিশ্চয় যাব লাগে। সেইখন ঘৰক শান্তিধাম বা বানপ্ৰস্থ বুলি কোৱা হয়। আমি আত্মাসকল পৱিত্ৰ হৈ পৱিত্ৰ শান্তিধামলৈ যাব লাগে। বচ্। কিমান সহজ কথা। সেয়া হৈছে আত্মাসকলৰ পাৱন শান্তিধাম। সেয়া হৈছে জীৱ আত্মাসকলৰ পাৱন সুখধাম। এয়া হৈছে জীৱ আত্মাসকলৰ পতিত দুখধাম। এই ক্ষেত্ৰত বিভ্ৰান্ত হোৱাৰ কথাই নাই। শান্তিধাম য'ত সকলো পৱিত্ৰ আত্মাই নিবাস কৰে। সেইখন হৈছে আত্মাসকলৰ পৱিত্র সৃষ্টি - নিৰ্বিকাৰী, নিৰাকাৰী লোক। এইখন পুৰণি সৃষ্টি হৈছে সকলো জীৱ আত্মাৰ। সকলো পতিত। এতিয়া পিতা আত্মাসকলক পৱিত্ৰ কৰি, পৱিত্ৰ সৃষ্টি শান্তিধামলৈ লৈ যাবলৈ আহিছে। আকৌ যিসকলে ৰাজযোগ শিকে তেওঁলোকহে পৱিত্ৰ সুখধামলৈ আহিব। এয়াতো বহুত সহজ, ইয়াত কোনো কথাৰ চিন্তা কৰিব নালাগে। বুদ্ধিৰে বুজিব লাগে। আমাৰ আত্মাসকলৰ পিতাৰ আগমন হৈছে, আমাক পাৱন শান্তিধামলৈ লৈ যাবৰ কাৰণে। তালৈ যোৱাৰ ৰাস্তা যি আমি পাহৰি গৈছিলোঁ, সেয়া এতিয়া পিতাই দেখুৱাই দিছে। কল্পই কল্পই মই এনেকৈয়ে আহি কওঁ - হে সন্তানসকল, মোক শিৱবাবাক স্মৰণ কৰা। সকলোৰে সৎগতি দাতা এজনেই সৎগুৰু। তেৱেঁই আহি সন্তানসকলক বাৰ্তা অথবা শ্ৰীমত দিয়ে যে সন্তানসকল, এতিয়া তোমালোকে কি কৰিব লাগে? আধাকল্প তোমালোকে ভক্তি কৰিলা, দুখত থাকিলা। খৰচ কৰি কৰি কঙাল হৈ গ’লা। আত্মাও সতোপ্ৰধানৰ পৰা তমোপ্ৰধান হৈ গ’ল। বচ্, এই অলপ কথাই বুজিবলগীয়া। এতিয়া ঘৰলৈ যাব লাগে নে নালাগে? লাগে বাবা, নিশ্চয় যাব লাগে। সেয়া আমাৰ মৰমৰ শান্তিৰ ঘৰ। এয়াও বুজি পোৱা যে যথাযথ এতিয়া আমি পতিত সেই কাৰণে যাব নোৱাৰোঁ। এতিয়া পিতাই কয় - মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ খণ্ডন হৈ যাব। কল্পই কল্পই এয়াই বাৰ্তা দিওঁ। নিজক আত্মা বুলি বুজা, এই দেহ নাশ হৈ যাব। বাকী আত্মাসকল উভতি যাব লাগে। সেইখনক কোৱা হয় নিৰাকাৰী সৃষ্টি। সকলো নিৰাকাৰী আত্মা তাত থাকে। সেইখন হৈছে আত্মাসকলৰ ঘৰ। নিৰাকাৰ পিতাও তাতে থাকে। পিতা আহে সকলোতকৈ শেষত কিয়নো পুনৰ সকলোকে উভতাই লৈ যাব লাগে। এটিও পতিত আত্মা নাথাকে, ইয়াত কোনো বিভ্ৰান্ত হ’বলগীয়া বা কষ্টৰ কথা নাই। গায়নো কৰে - হে পতিত-পাৱন আহি আমাক পাৱন কৰি লগত লৈ যাওঁক। সকলোৰে পিতা নহয় জানো। আকৌ যেতিয়া আমি নতুন সৃষ্টিত ভূমিকা পালন কৰিবলৈ আহিম তেতিয়া বহুত কমসংখ্যক থাকিব। বাকী ইমান কোটি আত্মা ক'ত গৈ থাকিব? এইটোও জানা যে সত্যযুগত কমসংখ্যক জীৱ আত্মা আছিল, সৰু বৃক্ষ আছিল পাছত বৃদ্ধি পালে। বৃক্ষত অনেক ধৰ্মৰ ভিন্নতা আছে। তাকেই কল্পবৃক্ষ বুলি কোৱা হয়। কিবা যদি বুজি নোপোৱা তেন্তে সুধিব পাৰা। কোনোৱে কয় - বাবা, আমি কল্পৰ আয়ুস 5 হাজাৰ বছৰ বুলি কেনেকৈ মানিম? হেৰ’, পিতাইতো সত্যই শুনায়। চক্ৰৰ হিচাপো শুনাইছে।

এই কল্পৰ সংগমতহে পিতা আহি দৈৱী ৰাজধানী স্থাপনা কৰে, যি এতিয়া নাই। সত্যযুগত আকৌ এখনেই দৈৱী ৰাজধানী হ’ব। এই সময়ত তোমালোকক ৰচিয়তা আৰু ৰচনাৰ জ্ঞান শুনায়। পিতাই কয় - মই কল্পই কল্পই, কল্পৰ সংগমযুগত আহোঁ। নতুন সৃষ্টি স্থাপনা কৰোঁ। পুৰণি সৃষ্টি নাশ হৈ যাব। ড্ৰামাৰ পৰিকল্পনা অনুসৰি, নতুনৰ পৰা পুৰণি, পুৰণিৰ পৰা নতুন হয়। ইয়াৰ পূৰা 4 ভাগো আছে যাক স্বস্তিকা বুলিও কয় কিন্তু একোৱেই বুজি নাপায়। ভক্তিমাৰ্গততো যেন পুতলাৰ খেল খেলি থাকে। অনেক চিত্ৰ আছে, দীপাৱলীত বিশেষ দোকান খোলে, অনেক চিত্ৰ আছে। এতিয়া তোমালোকে বুজি গ'লা যে এক হৈছে শিৱবাবা আৰু আমি সন্তানসকল। আকৌ ইয়ালৈ আহিলেতো লক্ষ্মী-নাৰায়ণৰ ৰাজ্য, পাছত ৰাম-সীতাৰ ৰাজ্য, তাৰপাছত অন্য অন্য ধৰ্ম আহে, যাৰ লগত তোমালোক সন্তানসকলৰ সংযোগেই নাই। তেওঁলোক নিজৰ নিজৰ সময়ত আহে আকৌ সকলো উভতি যাব লাগে। তোমালোক সন্তানসকলো এতিয়া ঘৰলৈ যাব লাগে। এই গোটেই সৃষ্টিৰ বিনাশ হ'ব। এতিয়া আৰু ইয়াত কি থাকিবা। এইখন সৃষ্টিৰ প্ৰতি অন্তৰৰ আকৰ্ষণেই নাথাকে। অন্তৰৰ আকৰ্ষণ ৰাখিব লাগে এজন প্ৰেমিকৰ প্ৰতি, তেওঁ কয় - মোৰ এজনৰ প্ৰতিয়ে অন্তৰৰ প্ৰেম ৰাখা তেতিয়া তোমালোক পৱিত্ৰ হৈ যাবা। এতিয়া বহুত গ'ল অলপহে আছে, সময় বাগৰি গৈ থাকে। যোগযুক্ত হৈ যদি নাথাকে তেন্তে অন্তিমত তেওঁলোকে বহুত পশ্চাতাপ কৰিব, শাস্তি ভোগ কৰিব, পদো ভ্ৰষ্ট হৈ যাব। এয়াও তোমালোকে এতিয়া গম পালা যে নিজৰ ঘৰ এৰি অহা আমাৰ কিমান সময় হ'ল। ঘৰলৈ যাবৰ কাৰণেই মগজ খটুৱাই থাকে। পিতাকো ঘৰতেই পাবা। সত্যযুগততো নোপোৱা। মুক্তিধামলৈ যাবৰ কাৰণে মনুষ্যই কিমান কষ্ট কৰে। তাক কোৱা হয় ভক্তিমাৰ্গ। এতিয়া ড্ৰামা অনুসৰি ভক্তিমাৰ্গ শেষ হ'ব। এতিয়া মই তোমালোকক ঘৰলৈ লৈ যাবৰ কাৰণে আহিছোঁ। নিশ্চয় লৈ যাম। যিমান যিয়ে পৱিত্ৰ হ'ব সিমানে উচ্চ পদ পাব। ইয়াত বিভ্ৰান্ত হোৱাৰ কথাই নাই। পিতাই কয় - সন্তানসকল, তোমালোকে মোক স্মৰণ কৰা, মই প্ৰতিশ্ৰুতি দিছোঁ তোমালোকে শাস্তি ভোগ নকৰাকৈ ঘৰলৈ গুচি যাবা। স্মৃতিৰ দ্বাৰাহে তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। যদি স্মৰণ নকৰা তেন্তে শাস্তি খাব লাগিব, পদো ভ্ৰষ্ট হৈ যাব। প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত মই আহি এয়াই বুজাওঁ। মই অনেক বাৰ আহিছোঁ তোমালোকক পুনৰাই লৈ যাবৰ কাৰণে। তোমালোক সন্তানসকলেহে হৰা-জিকাৰ ভূমিকা পালন কৰা, আকৌ মই লৈ যাবলৈ আহোঁ। এয়া হৈছে পতিত সৃষ্টি, সেই কাৰণে গায়নো কৰে - হে পতিত-পাৱন আহক, আমি বিকাৰী পতিত, আহি নিৰ্বিকাৰী পাৱন কৰি তোলক। এয়া হৈছে বিকাৰী সৃষ্টি। এতিয়া তোমালোক সন্তানসকল সম্পূৰ্ণ নিৰ্বিকাৰী হ'ব লাগে। যিসকল পাছত আহে তেওঁলোকে শাস্তি খাই যায় সেয়েহে আকৌ আহেও এনেকুৱা সৃষ্টিত য'ত দুটা কলা কম হৈ যায়। তাক সম্পূৰ্ণ পৱিত্ৰ বুলি কোৱা নহয় সেই কাৰণে এতিয়া পুৰুষাৰ্থও সম্পূৰ্ণ ৰূপে কৰিব লাগে। পদ যাতে কম হৈ নাযায়। যদিও ৰাৱণৰাজ্য নাথাকে কিন্তু পদতো ক্ৰম অনুসৰিহে হয় নহয়। আত্মাত খাদ পৰে গতিকে তেতিয়া আত্মাই শৰীৰো তেনেকুৱাই পাব। আত্মা স্বৰ্ণিমযুগীৰ পৰা ৰূপালীযুগী হৈ যায়। ৰূপৰ খাদ আত্মাত পৰে তেতিয়া দিনে-প্ৰতিদিনে বেছিকৈ ছিঃ ছিঃ লেতেৰা খাদ পৰি যায়। পিতাই বহুত ভালকৈ বুজায়। কোনোৱে বুজি নোপোৱা যদি হাত উঠোৱা। যিয়ে 84 জন্মৰ চক্ৰ লগাইছে, তেওঁকহে বুজাম। পিতাই কয় - এওঁৰ 84 জন্মৰ অন্তিম জন্মত মই আহি প্ৰৱেশ কৰোঁ। এৱেঁই পুনৰ প্ৰথম নম্বৰত আহিব লাগে। যি প্ৰথমতে আছিল, তেৱেঁই অন্তিমত আছে। তেৱেঁই প্ৰথম নম্বৰত যাব লাগে, যি বহুত জন্মৰ অন্তত পতিত হৈ গৈছে, মই পতিত-পাৱন তেওঁৰেই শৰীৰত আহোঁ, তেওঁক পৱিত্ৰ কৰি তোলোঁ। কিমান স্পষ্টকৈ বুজাওঁ।

পিতাই কয় - মোক স্মৰণ কৰিলে তোমালোকৰ পাপ ভস্ম হ'ব। ‘গীতা’ৰ জ্ঞানতো তোমালোকে বহুত শুনিলা আৰু শুনাইছা কিন্তু তাৰ দ্বাৰাও তোমালোকে সৎগতি পাব নোৱাৰিলা। বহুত সন্ন্যাসীয়েও তোমালোকক মিঠা মিঠা মাতেৰে শাস্ত্ৰ শুনালে, যিবোৰ কথা শুনি ডাঙৰ ডাঙৰ ব্যক্তিসকলো গৈ একত্ৰিত হয়। কাণেৰে শুনি ৰস পায় নহয়। ভক্তিমাৰ্গ হয়েই কেৱল কাণেৰে শুনি ৰস লোৱাৰ। ইয়াততো আত্মাই পিতাক স্মৰণ কৰিব লাগে। ভক্তিমাৰ্গ এতিয়া পূৰা হ'ল। পিতাই কয় - মই তোমালোক সন্তানসকলক জ্ঞান দিবলৈ আহিছোঁ, যিটো কোনেও নাজানে। ময়েই জ্ঞানৰ সাগৰ। জ্ঞান বুলি কোৱা হয় ‘ন'লেজ’ক। তোমালোকক সকলোবোৰ পঢ়ায়। 84 চক্ৰৰ বিষয়েও বুজায়, তোমালোকৰ সকলো জ্ঞান আছে। স্থূললোকৰ পৰা সূক্ষ্মলোক অতিক্ৰম কৰি আকৌ মূললোকলৈ যোৱা। পোন-প্ৰথমে হৈছে লক্ষ্মী-নাৰায়ণৰ ৰাজবংশ। তাত বিকাৰী সন্তান নাথাকে। ৰাৱণৰাজ্যই নাই। যোগবলেৰেই সকলোবোৰ হয়, তোমালোকৰ সাক্ষাৎকাৰ হয় - এতিয়া শিশু হৈ গৰ্ভ মহললৈ যাব লাগিব। আনন্দিত হৈ যায়। ইয়াততো মনুষ্যই কিমান কন্দা-কটা, চিঞৰ-বাখৰ কৰে। ইয়াততো গৰ্ভ কাৰাগাৰলৈ যায় নহয়। তাত কন্দা-কটাৰ কোনো কথা নাই। শৰীৰতো নিশ্চয় সলনি হ'ব। যেনেকৈ সাপৰ উদাহৰণ, ইয়াত বিভ্ৰান্ত হোৱাৰ কোনো কথা নাই। বেছিকৈ সুধিবলৈ একোৱেই নাই। একেবাৰে পৱিত্ৰ হোৱাৰ পুৰুষাৰ্থত লাগি যাব লাগে। পিতাক স্মৰণ কৰাত অসুবিধা হয় জানো! পিতাৰ সন্মুখত বহি আছা নহয়। মই তোমালোকৰ পিতা, তোমালোকক সুখৰ উত্তৰাধিকাৰ দিওঁ। তোমালোক এই এটা অন্তিম জন্ম স্মৃতিত থাকিব নোৱাৰানে! ইয়াত ভালদৰে বুজিও পায় আকৌ ঘৰলৈ গৈ স্ত্ৰী আদিৰ চেহেৰা দেখিলে তেতিয়া মায়াই খাই পেলায়। পিতাই কয় - কাৰো প্ৰতিয়েই মমত্ব নাৰাখিবা। সেয়াতো সকলো নাশ হৈ যাবই। স্মৰণতো একমাত্ৰ পিতাকহে কৰিব লাগে। চলোঁতে-ফুৰোঁতে পিতা আৰু নিজৰ ৰাজধানীক স্মৰণ কৰা। দৈৱীগুণো ধাৰণ কৰিব লাগে। সত্যযুগত এই লেতেৰা বস্তু মাংস (অশুদ্ধ ভোজন) আদি নাথাকিব। পিতাই কয় - বিকাৰো ত্যাগ কৰা। মই তোমালোকক বিশ্বৰ বাদশ্বাহী দিওঁ, কিমান আমদানি হয়। তেন্তে কিয়নো পৱিত্ৰ হৈ নাথাকিবা। কেৱল এটা জন্ম পৱিত্ৰ হৈ থাকিলে কিমান ডাঙৰ আমদানি হৈ যায়। যদিও একেলগে থাকা, জ্ঞান তৰোৱাল যাতে মাজত থাকে। পৱিত্ৰ হৈ দেখুওৱা তেতিয়া সকলোতকৈ উচ্চ পদ পাবা কাৰণ বাল ব্ৰহ্মচাৰী হৈ গ’লা। আকৌ জ্ঞানো লাগে। অন্যকো নিজৰ সমান কৰি তুলিব লাগে। সন্ন্যাসীসকলক দেখুৱাব লাগে যে কেনেকৈ আমি একেলগে থাকিও পৱিত্র হৈ থাকোঁ। তেতিয়া বুজিব যে এওঁলোকৰতো বহুত শক্তি আছে। পিতাই কয় - এই এটা জন্ম পৱিত্ৰ হৈ থাকিলে 21 জন্ম তোমালোক বিশ্বৰ মালিক হ'বা। কিমান ডাঙৰ পুৰস্কাৰ পোৱা যায় তেন্তে কিয়নো বাৰু পৱিত্ৰ হৈ নেদেখুৱাবা। অলপ সময়হে বাকী আছে। প্ৰভাৱ বিস্তাৰো হৈ থাকিব, বাতৰিকাকততো প্ৰকাশ পাব। আখৰা দেখিছাই নহয়। এটা পাৰমাণৱিক বোমাৰ দ্বাৰা কি অৱস্থা হৈ গ'ল। এতিয়ালৈকে হস্পিতালত পৰি আছে। এতিয়াতো এনেকুৱা বোমা আদি তৈয়াৰ কৰে যে কোনো কষ্ট নহয়, তৎক্ষণাৎ শেষ। আৰু এই আখৰাৰ পাছত চুড়ান্ত হ'ব। চাব তৎক্ষণাৎ মৃত্যু হৈছে নে নাই? নহ’লে আকৌ অন্য উপায় উলিয়াব। হস্পিতাল আদি নাথাকিব। কোনে বহি সেৱা কৰিব। খুৱাবলৈ কোনো ব্ৰাহ্মণ আদি নাথাকিব। বোমা নিক্ষেপ কৰিলে আৰু শেষ। ভূমিকম্পত সকলো খহি যাব। সময় নালাগিব। ইয়াত বহুত মনুষ্য আছে। সত্যযুগত বহুত কম হ'ব। গতিকে ইমানবোৰৰ কেনেকৈ বিনাশ হ'ব! আগলৈ গৈ দেখিবা, তাততো আৰম্ভণিত 9 লাখ হ'ব।

ফকীৰো তোমালোকেই, চাহাবো তোমালোকৰ মৰমৰ। এতিয়া সকলো এৰি নিজক আত্মা বুলি বুজি ল'লা, এনেকুৱা ফকীৰসকল পিতাৰ প্ৰিয়। সত্যযুগত বহুত সৰু বৃক্ষ হ'ব। কথাটো বহুত বুজায়। যিসকল ভাৱৰীয়া আছে, সকলো আত্মাই অবিনাশী, নিজৰ নিজৰ ভূমিকা পালন কৰিবলৈ আহে। কল্পই কল্পই তোমালোকেই আহি পিতাৰ বিদ্যাৰ্থী হৈ শিক্ষা গ্ৰহণ কৰা। এইটো জানা যে বাবাই আমাক পৱিত্ৰ কৰি লগত লৈ যাব। বাবাও ড্ৰামা অনুসৰি বাধ্য, সকলোকে পুনৰাই নিশ্চয় লৈ যাব সেয়েহে নামেই হৈছে পাণ্ডৱ সেনা। তোমালোক পাণ্ডৱসকলে কি কৰি আছা? তোমালোকে পিতাৰ পৰা ৰাজ্য-ভাগ্য লৈ আছা, হুবহু পূৰ্বৰ কল্প সদৃশ। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ স্নেহী হ'বৰ কাৰণে সম্পূৰ্ণ ফকীৰ হ'ব লাগে। দেহকো পাহৰি নিজক আত্মা বুলি বুজা মানেই ফকীৰ হোৱা। পিতাৰ পৰা ডাঙৰ পুৰস্কাৰ ল'বৰ কাৰণে সম্পূৰ্ণ পাৱন হৈ দেখুৱাব লাগে।

(2) ঘৰলৈ উভতি যাব লাগে সেয়েহে পুৰণি সৃষ্টিৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। একমাত্ৰ প্ৰেমিকৰ প্ৰতিয়েই অন্তৰৰ আকৰ্ষণ ৰাখিব লাগে। পিতা আৰু ৰাজধানীক স্মৃতিত ৰাখিব লাগে।

বৰদান:
ব্ৰাহ্মণ জীৱনত সদায় প্ৰফুল্লিত আৰু যত্নপৰ স্থিতিত থাকোঁতা সংযুক্ত ৰূপধাৰী হোৱা

যদি কোনো পৰিস্থিতিত প্ৰসন্নতাৰ স্থিতি পৰিৱৰ্তন হয় তেন্তে তাক সদাকালৰ প্ৰসন্নতা বুলি কোৱা নহ’ব। ব্ৰাহ্মণ জীৱনত সৰ্বদা প্ৰফুল্লিত আৰু যত্নপৰ স্থিতি হওঁক। স্থিতি পৰিৱৰ্তন হ’ব নালাগে। যদি স্থিতি পৰিৱৰ্তন হয় তেতিয়া কয় - মোকতো একান্ত অৱস্থাৰ প্ৰয়োজন। আজি মোৰ স্থিতি এনেকুৱা। স্থিতি তেতিয়া পৰিৱৰ্তন হয় যেতিয়া অকলশৰীয়া হোৱা, সদায় সংযুক্ত ৰূপত থাকা তেতিয়া স্থিতি পৰিৱৰ্তন নহ’ব।

স্লোগান:
যিকোনো উৎসৱ পালন কৰা অৰ্থাৎ স্মৃতি আৰু সেৱাৰ উৎসাহত থকা।


পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

যেনেকৈ বাপদাদা সদায় প্ৰতিটো খোজত সন্তানসকলৰ সৈতে সহযোগী হয় আৰু অন্তলৈকে সহযোগী হৈ থাকিব, পিতাৰ কাৰো প্ৰতি ঘৃণা নজন্মে, সদায় অপকাৰীৰো শুভ চিন্তক তেনেকৈ পিতাক অনুসৰণ কৰা। প্ৰত্যেক আত্মাৰ প্ৰতি সদায় শুভ ভাৱ আৰু শুভ ভাৱনা ৰাখা, এওঁ এনেকুৱা কিয় কৰিলে, এনেকৈ ভবাৰ পৰিৱৰ্তে এই আত্মাটিৰ কেনেকৈ কল্যাণ হ’ব – এইটো ভাবা তেতিয়া শুভ চিন্তক, পৰোপকাৰী আত্মা বুলি কোৱা হ’ব।