01.08.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক পৱিত্ৰ নোহোৱাকৈ উভতি যাব নোৱাৰা সেয়েহে পিতাৰ স্মৃতিৰে আত্মাৰ বেটাৰী চাৰ্জ কৰা আৰু স্বভাৱজনিত ভাৱে পৱিত্ৰ হোৱা”

প্ৰশ্ন:
বাবাই তোমালোক সন্তানসকলক ঘৰলৈ যোৱাৰ আগতে প্ৰথমতে কোনটো কথা শিকায়?

উত্তৰ:
সন্তানসকল, ঘৰলৈ যোৱাৰ আগতে জীৱন্তে মৰিব লাগে সেয়েহে বাবাই তোমালোকক প্ৰথমতেই দেহবোধৰ পৰা দূৰৈত লৈ যোৱাৰ অভ্যাস কৰায় অৰ্থাৎ মৰিবলৈ শিকায়। ওপৰলৈ যোৱা মানে মৰি যোৱা। যোৱা আৰু অহাৰ জ্ঞান এতিয়া তোমালোকে পাইছা। তোমালোকে জানা যে আমি আত্মাসকল ওপৰৰ পৰা এই শৰীৰৰ দ্বাৰা ভূমিকা পালন কৰিবলৈ আহিছোঁ। আমি আচলতে তাৰে নিবাসী, এতিয়া তালৈকে উভতি যাব লাগে।

ওঁম্শান্তি।
নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰাত কোনো কষ্ট নাই, শ্বাসৰুদ্ধ হ’ব নালাগে। ইয়াক সহজ স্মৃতি বুলি কোৱা হয়। প্ৰথমতে নিজক আত্মা বুলিহে বুজিব লাগে। আত্মাইহে শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰে। সংস্কাৰো সকলো আত্মাতে থাকে। আত্মাতো স্বাধীন। পিতাই কয় – নিজক আত্মা বুলি বুজি মোক অৰ্থাৎ পিতাক স্মৰণ কৰা। এই জ্ঞান তোমালোকে এতিয়াহে পোৱা, পাছত নোপোৱা। তোমালোকৰ এই শান্তিৰ বৈঠকৰ বিষয়ে জগতৰ লোকে নাজানে, ইয়াক স্বভাৱসিদ্ধ শান্তি বুলি কোৱা হয়। আমি আত্মাসকল ওপৰৰ পৰা এই শৰীৰৰ দ্বাৰা ভূমিকা পালন কৰিবলৈ আহিছোঁ। আমি আত্মাসকল আচলতে তাৰেই নিবাসী। বুদ্ধিত এই জ্ঞান আছে। বাকী এই ক্ষেত্ৰত হঠযোগৰ কথা নাই, একেবাৰে সহজ। এতিয়া আমি আত্মাসকল ঘৰলৈ যাব লাগে কিন্তু পৱিত্ৰ নোহোৱাকৈ যাব নোৱাৰোঁ। পৱিত্ৰ হ’বলৈ পৰমাত্মা পিতাক স্মৰণ কৰিব লাগে। স্মৰণ কৰোঁতে কৰোঁতে পাপ মোচন হৈ যাব। কষ্টৰতো কোনো কথাই নাই। তোমালোক খোজ কাঢ়িবলৈ গ’লে তেতিয়াও পিতাৰ স্মৃতিত থাকিবা। এতিয়াহে স্মৃতিত থাকি পৱিত্ৰ হ’ব পাৰা। সেইখনতো হৈছে পৱিত্ৰ সৃষ্টি। তাত সেই পাৱন সৃষ্টিত এই জ্ঞানৰ কোনো দৰকাৰ নাথাকে কিয়নো তাত কোনো বিকৰ্ম নহয়। ইয়াত স্মৃতিৰে বিকৰ্ম বিনাশ কৰিব লাগে। তাততো তোমালোক স্বাভাৱিকভাৱেই চলা, যেনেকৈ ইয়াত চলা। আকৌ অলপ অলপকৈ অৱনমিত হোৱা। এনেকুৱা নহয় যে তাতো তোমালোকে এইটো অভ্যাস কৰিব লাগে। অভ্যাস এতিয়াহে কৰিব লাগে। এতিয়া বেটাৰী চাৰ্জ কৰিব লাগে আকৌ লাহে লাহে বেটাৰী ডিচ-চাৰ্জ হ’বই। বেটাৰী চাৰ্জ হোৱাৰ জ্ঞান এতিয়া এবাৰেই তোমালোকে পোৱা। সতোপ্ৰধানৰ পৰা তমোপ্ৰধান হওঁতে তোমালোকৰ কিমান সময় লাগি যায়! আৰম্ভণিৰে পৰা অলপ নহয় অলপ বেটাৰীৰ শক্তি ক্ষয় হৈ যায়। মূললোকততো আত্মাই থাকে। শৰীৰতো নাথাকে। গতিকে স্বভাৱজনিতভাৱে অৱনতি হোৱা অৰ্থাৎ বেটাৰী ক্ষয় হোৱাৰ কথাই নাথাকে। গাড়ী যেতিয়া চলিব তেতিয়াহে বেটাৰী ক্ষয় হৈ যাব। গাড়ী ৰৈ থাকিলে বেটাৰী জানো ব্যৱহাৰ হ’ব। গাড়ী যেতিয়া চলিব তেতিয়াহে বেটাৰী ব্যৱহাৰ হ’ব। যদিও গাড়ীত বেটাৰী চাৰ্জ হৈ থাকে কিন্তু তোমালোকৰ বেটাৰী এবাৰেই এই সময়ত চাৰ্জ হয়। তোমালোকে যেতিয়া ইয়াত শৰীৰেৰে কৰ্ম কৰা তেতিয়া অলপ বেটাৰী ক্ষয় হৈ যায়। প্ৰথমতে বুজিব লাগে যে তেওঁ হৈছে পৰম পিতা, যাক সকলো আত্মাই স্মৰণ কৰে। হে ভগৱান বুলি কয়, তেওঁ পিতা, মই সন্তান। ইয়াত তোমালোক সন্তানসকলক বুজোৱা হয়, বেটাৰী কেনেকৈ চাৰ্জ কৰিব লাগে। লাগিলে ফুৰা-চকা কৰা, পিতাক স্মৰণ কৰা তেতিয়া সতোপ্ৰধান হৈ যাবা। কিবা কথা নুবুজিলে তেন্তে সুধিব পাৰা। হওঁতে একেবাৰে সহজ। 5 হাজাৰ বছৰৰ পাছত আমাৰ বেটাৰী ডিচ-চাৰ্জ হৈ যায়। পিতা আহি সকলোৰে বেটাৰী চাৰ্জ কৰি দিয়ে। বিনাশৰ সময়ত সকলোৱে ঈশ্বৰক স্মৰণ কৰে। ধৰি লোৱা বানপানী আহিল তেতিয়াও যিসকল ভক্ত হ’ব তেওঁলোকে ভগৱানকে স্মৰণ কৰিব কিন্তু সেই সময়ত ভগৱানৰ স্মৃতি আহিব নোৱাৰে। মিত্ৰ-সম্বন্ধীয়, ধন-দৌলতহে স্মৃতিলৈ আহি যায়। যদিও ‘হে ভগৱান’ বুলি কয় কিন্তু সেয়াও কোৱাতে সীমিত। ভগৱান হৈছে পিতা, আমি তেওঁৰ সন্তান। এয়াতো নাজানে। তেওঁলোকে সৰ্বব্যাপিৰ ওলোটা জ্ঞান পায়। পিতা আহি চিধা জ্ঞান দিয়ে। ভক্তিৰ বিভাগেই বেলেগ। ভক্তিত ঠেকা-খুন্দা খাবলগীয়া হয়। ব্ৰহ্মাৰ ৰাত্ৰি মানে ব্ৰাহ্মণসকলৰ ৰাত্ৰি। ব্ৰহ্মাৰ দিন তথা ব্ৰাহ্মণসকলৰ দিন। এনেকৈতো কোৱা নহ’ব যে শূদ্ৰৰ দিন, শূদ্ৰৰ ৰাত্ৰি। এই ৰহস্য পিতাই বহি বুজায়। এয়া হৈছে বেহদৰ ৰাত্ৰি আৰু দিন। এতিয়া তোমালোক দিনত যোৱা, ৰাত্ৰি এতিয়া পূৰা হ’ব। এই শব্দবোৰ শাস্ত্ৰত আছে। ব্ৰহ্মাৰ দিন, ব্ৰহ্মাৰ ৰাত্ৰি বুলি কয় কিন্তু নাজানে। তোমালোকৰ বুদ্ধি এতিয়া বেহদত গুচি গৈছে। এনেয়েতো দেৱতাসকলৰ ক্ষেত্ৰতো ক’ব পাৰি – বিষ্ণুৰ দিন, বিষ্ণুৰ ৰাত্ৰি কিয়নো বিষ্ণু আৰু ব্ৰহ্মাৰ সম্বন্ধৰ বিষয়েও বুজোৱা হয়। ত্ৰিমূৰ্তিৰ কৰ্তব্য কি – অন্য কোনেওতো বুজিব নোৱাৰে। তেওঁলোকেতো ভগৱানকে কাছ-মৎস্য আদিত বা জন্ম-মৃত্যুৰ চক্ৰত লৈ গৈছে। ৰাধা-কৃষ্ণ আদিও মনুষ্য কিন্তু দৈৱীগুণ সম্পন্ন। এতিয়া তোমালোক এনেকুৱা হ’ব লাগে। পৰৱৰ্তী জন্মত দেৱতা হৈ যাবাগৈ। 84 জন্মৰ যি হিচাপ-নিকাচ আছিল সেয়া এতিয়া পূৰা হ’ল। আকৌ পুনৰাবৃত্তি হ’ব। এতিয়া তোমালোকে এই শিক্ষা পাই আছা।

পিতাই কয় – মৰমৰ সন্তানসকল, নিজক আত্মা বুলি নিশ্চয় কৰা। কোৱাও হয় – আমি হৈছোঁ ভূমিকা পালন কৰোঁতা। কিন্তু আমি আত্মাসকল ওপৰৰ পৰা কেনেকৈ আহোঁ – এইটো বুজি নাপায়। নিজক দেহধাৰী বুলিয়ে ভাবি লয়। আমি আত্মাসকল ওপৰৰ পৰা আহোঁ আকৌ কেতিয়া যাম? ওপৰলৈ যোৱা মানে মৰি যোৱা, শৰীৰ ত্যাগ কৰা। মৰিবলৈ কোনে বিচাৰে? ইয়াততো পিতাই কৈছে – তোমালোকে এই শৰীৰ পাহৰি যোৱা। জীৱন্তে মৰিবলৈ তোমালোকক শিকায়, যিটো আন কোনেও শিকাব নোৱাৰে। তোমালোক আহিছাই নিজৰ ঘৰলৈ যাবৰ বাবে। ঘৰলৈ কেনেকৈ যাব লাগে – এই জ্ঞান এতিয়াহে পোৱা যায়। এই মৃত্যুলোকত এয়া হৈছে তোমালোকৰ অন্তিম জন্ম। অমৰলোক সত্যযুগক কোৱা হয়। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে – আমি অতি সোনকালে যাম। প্ৰথমতে ঘৰলৈ মুক্তিধামত যাব লাগে। এই শৰীৰ ৰূপী বস্ত্ৰ ইয়াতে এৰিব লাগে তাৰপাছত আত্মা ঘৰলৈ গুচি যাব। যেনেকৈ হদৰ নাটকৰ ভাৱৰীয়া থাকে, নাটক পূৰা হ’লে পোচাক তাতে এৰি ঘৰৰ পোচাক পিন্ধি ঘৰলৈ গুচি যায়। তোমালোকেও এতিয়া এই পোচাক এৰি যাব লাগে। সত্যযুগততো অতি কম সংখ্যক দেৱতা থাকে। ইয়াত কিমান অগণন মনুষ্য। তাততো এক আদি সনাতন দেৱী-দেৱতা ধৰ্মহে থাকিব। এতিয়াতো নিজকে হিন্দু বুলি কৈ দিয়ে। নিজৰ শ্ৰেষ্ঠ ধৰ্ম-কৰ্মক পাহৰি গৈছে সেইবাবেতো দুখী হৈ গৈছে। সত্যযুগত তোমালোকৰ শ্ৰেষ্ঠ কৰ্ম, ধৰ্ম আছিল। এতিয়া কলিযুগত ধৰ্ম ভ্ৰষ্ট হৈ গৈছে। বুদ্ধিত উদয় হয়নে যে আমাৰ কেনেকৈ অধোগতি হ’ল? এতিয়া তোমালোকে বেহদৰ পিতাৰ পৰিচয় দিয়া। বেহদৰ পিতাহে আহি নতুন সৃষ্টি স্বৰ্গ ৰচনা কৰে। তেওঁ কয় – মনমনাভৱ। এইটো ‘গীতা’ৰে শব্দ। সহজ ৰাজযোগৰ জ্ঞানৰ নাম ৰাখি দিয়া হয় ‘গীতা’। এয়া হৈছে তোমালোকৰ পাঠশালা। সন্তানসকল আহি পঢ়ে তেতিয়া কয় আমাৰ বাবাৰ পাঠশালা। যেনেকৈ কোনোবা সন্তানৰ পিতা অধ্যক্ষ হ’লে তেতিয়া ক’ব মই মোৰ বাবাৰ কলেজত পঢ়োঁ। তেওঁৰ মাকো অধ্যক্ষ হ’লে তেতিয়া ক’ব মোৰ মা-পিতা দুয়ো অধ্যক্ষ। দুয়োৱে পঢ়ায়। মোৰ মম্মা-বাবাৰ কলেজ। তোমালোকে ক’বা আমাৰ মম্মা-বাবাৰ পাঠশালা। দুয়োৱে পঢ়ায়। দুয়োৱে এই আত্মিক কলেজ বা ইউনিভাৰচিটি খুলিছে। দুয়োৱে একেলগে পঢ়ায়। ব্ৰহ্মাই তুলি লোৱা নাই জানো। এয়া অতি গূঢ় জ্ঞানৰ কথা। পিতাই কোনো নতুন কথা নুবুজায়। এয়াতো কল্প পূৰ্বেও বুজাইছিল। অৱশ্যে হয় ইমান জ্ঞান আছে যে দিনে-প্ৰতিদিনে গূঢ় হৈ গৈ থাকে। আত্মাৰ বুজনি চোৱা এতিয়া তোমালোকে কেনেকৈ পোৱা। ইমান সূক্ষ্ম আত্মাত 84 জন্মৰ ভূমিকা নিহিত হৈ আছে। সেয়া কেতিয়াও বিনাশ নহয়। আত্মা অবিনাশী গতিকে আত্মাৰ ভূমিকাও অবিনাশী। আত্মাই কাণেৰে শুনিলে। শৰীৰ থাকিলে ভূমিকাও থাকে। শৰীৰৰ পৰা আত্মা পৃথক হৈ গ’লে সঁহাৰি পোৱা নাযায়। এতিয়া পিতাই কয় – সন্তানসকল, তোমালোক ঘৰলৈ উভতি যাব লাগে। এই পুৰুষোত্তম যুগ যেতিয়া আহে তেতিয়াহে উভতি যাবলগীয়া হয়, এই পৱিত্ৰতাই হৈছে মুখ্য। শান্তিধামততো পৱিত্ৰ আত্মাসকলেই থাকে। শান্তিধাম আৰু সুখধাম দুয়োখনেই হৈছে পৱিত্ৰ ধাম। তাত শৰীৰ নাথাকে। আত্মা পৱিত্ৰ হয়, তাত বেটাৰী ডিচ-চাৰ্জ নহয়। ইয়াত শৰীৰ ধাৰণ কৰিলে গাড়ী চলে। গাড়ী ৰৈ থাকিলে পেট্ৰ’ল কমি যাব জানো। এতিয়া তোমালোক আত্মাৰ জ্যোতি বহুত কম হৈ গৈছে। একেবাৰে নুমাই নাযায়। যেতিয়া কোনোবা মৰে তেতিয়া বন্তি জ্বলায়। বহুত চম্ভালি ৰাখে যাতে নুমাই নাযায়। আত্মাৰ জ্যোতি কেতিয়াও নুমাই নাযায়, আত্মাতো অবিনাশী। এই সকলোবোৰ কথা পিতাই বহি বুজায়। বাবাই জানে যে এওঁলোক বৰ মৰমৰ সন্তান, এওঁলোক সকলো কাম চিতাত বহি জ্বলি ভস্ম হৈ গৈছে। আকৌ এওঁলোকক জগাওঁ। একেবাৰে তমোপ্ৰধান মৃতপ্ৰায় হৈ গৈছে। পিতাক নাজানেই। মনুষ্য কোনো কামৰে হৈ থকা নাই। মনুষ্যৰ দেহ (মৃতদেহ) কোনো কামৰ হৈ নাথাকে। এনেকুৱা নহয় যে চহকী লোকৰ দেহ কামত আহে, গৰিবৰ কামত নাহে। মাটিৰ দেহতো মাটিতে মিলি যাব, সেয়া যাৰেই নহওঁক। কোনোবাই জ্বলায়, কোনোবাই কবৰত পুতি থয়। পাৰ্চী লোকসকলে কুঁৱাত ৰাখি থয় তেতিয়া চৰায়ে মঙহ খাই পেলায়। তাৰপাছত হাড়বোৰ গৈ তলত পৰে। সেয়া তথাপি কামত আহে। জগতততো অনেক মনুষ্য মৰে। এতিয়া তোমালোকে নিজেই শৰীৰ এৰিব লাগে। তোমালোক ইয়ালৈ আহিছাই শৰীৰ ত্যাগ কৰি ঘৰলৈ উভতি যাবৰ বাবে অৰ্থাৎ মৰিবলৈ। তোমালোক আনন্দেৰে যোৱা যে আমি জীৱনমুক্তিত যামগৈ।

যিয়ে যি ভূমিকা পালন কৰিছে অন্তলৈকে সেয়াই পালন কৰি থাকিব। পিতাই পুৰুষাৰ্থ কৰাই থাকিব, সাক্ষী হৈ প্ৰত্যক্ষ কৰি থাকিব। এয়াতো বুজিবলগীয়া কথা, ইয়াত ভয় কৰিবলগীয়া কোনো কথা নাই। আমি স্বৰ্গলৈ যাবৰ বাবে নিজে পুৰুষাৰ্থ কৰি শৰীৰ ত্যাগ কৰোঁ। পিতাকে স্মৰণ কৰি থাকিব লাগে তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব, এই ক্ষেত্ৰত যত্নৰ প্ৰয়োজন। সকলো পঢ়াতে যত্ন কৰিবলগীয়া হয়। ভগৱান আহি পঢ়াবলগীয়া হয়। পঢ়া নিশ্চয় শ্ৰেষ্ঠ হ’ব, এই ক্ষেত্ৰত দৈৱীগুণো লাগে। এই লক্ষ্মী-নাৰায়ণ হ’ব লাগে নহয়। এওঁলোক সত্যযুগত আছিল। এতিয়া তোমালোক আকৌ সত্যযুগী দেৱতা হ’বলৈ আহিছা। লক্ষ্য-উদ্দেশ্য কিমান সহজ। ত্ৰিমূৰ্তিৰ চিত্ৰও স্পষ্ট। এই ব্ৰহ্মা, বিষ্ণু, শংকৰ আদিৰ চিত্ৰ নহ’লে আমি কেনেকৈ বুজাব পাৰিম। ব্ৰহ্মাই বিষ্ণু, বিষ্ণুয়েই ব্ৰহ্মা। ব্ৰহ্মাৰ 8 (চাৰি) খন হাত, 100 খন হাত দেখুৱায় কিয়নো ব্ৰহ্মাৰ অনেক সন্তান থাকে। তেওঁলোকে আকৌ সেই চিত্ৰ তৈয়াৰ কৰি দিছে। বাকী ইমান ভূজাধাৰী মনুষ্য আছে জানো। ৰাৱণৰ 10টা মূৰৰো অৰ্থ আছে, এনেকুৱা মনুষ্য নাথাকে। এয়া পিতাইহে বহি বুজায়, মনুষ্যইতো একোৱে নাজানে। এয়াও হৈছে খেল, এই বিষয়ে কোনো জ্ঞাত নহয় যে এয়া কেতিয়াৰ পৰা আৰম্ভ হৈছে। পৰম্পৰা বুলি কৈ দিয়ে। হেৰ’ পৰম্পৰাও কেতিয়াৰ পৰা? গতিকে মৰমৰ সন্তানসকলক পিতাই পঢ়ায়, তেওঁ শিক্ষকো হয়, গুৰুও হয়। তেন্তে সন্তানসকল কিমান আনন্দিত হ’ব লাগে।

এই সংগ্ৰাহালয় আদি কাৰ নিৰ্দেশনাত খোলে? ইয়াত আছেও মা, পিতা আৰু সন্তান। অনেক সন্তান আছে। নিৰ্দেশনা অনুসৰি খুলি থাকে। জগতৰ লোকে কয় – আপোনালোকে মনমনাভৱ বুলি কয় তেন্তে ৰথৰ দ্বাৰা আমাক ভগৱানৰ সাক্ষাৎকাৰ কৰাওক। হেৰ’ আপোনালোকে আত্মাৰ সাক্ষাৎকাৰ কৰিছে জানো? ইমান সূক্ষ্ম বিন্দুৰ আপোনালোকে কি সাক্ষাৎকাৰ কৰিব পাৰিব! দৰকাৰেই নাই। এয়াতো আত্মাক জানিব লাগে। আত্মা ভ্ৰূকুটিৰ মাজত থাকে, যাৰ আধাৰত ইমান ডাঙৰ শৰীৰ চলি থাকে। এতিয়া তোমালোকৰ লাইট আৰু ৰত্ন জড়িত কোনোটো মুকুটেই নাই। দুয়োটা মুকুট ল’বলৈ এতিয়া তোমালোকে পুৰুষাৰ্থ কৰি আছা। কল্পই কল্পই তোমালোকে পিতাৰ পৰা উত্তৰাধিকাৰ লোৱা। বাবাই সোধে – আগতে কেতিয়া পাইছিলা? তেতিয়া কয় – হয় বাবা, কল্পই কল্পই কিয় মিলিত হৈ আহিছোঁ? এই লক্ষ্মী-নাৰায়ণ হ’বলৈ। এওঁলোক সকলোৱে একে কথাই ক’ব। পিতাই কয় – বাৰু, শুভ কথা কোৱা, এতিয়া পুৰুষাৰ্থ কৰা। সকলোৱেতো নৰৰ পৰা নাৰায়ণ নহ’ব, প্ৰজাও লাগে। কথাও (কাহিনীও) সত্য-নাৰায়ণৰে হয়। তেওঁলোকে কথা শুনায়, কিন্তু বুদ্ধিত একোৱে নাই। তোমালোক সন্তানসকলে বুজি পোৱা সেয়া হৈছে শান্তিধাম, নিৰাকাৰী সৃষ্টি। আকৌ তাৰ পৰা সুখধামলৈ যাম। সুখধামলৈ লৈ যাওঁতা হৈছে এজনেই পিতা। তোমালোকে যিকোনো লোককে বুজোৱা, কোৱা – এতিয়া ঘৰলৈ উভতি যাম। আত্মাক নিজৰ ঘৰলৈ অশৰীৰী পিতাইহে লৈ যাব। এতিয়া পিতা আহিছে, তেওঁক নাজানে। পিতাই কয় – মই যিটো শৰীৰত আহিছোঁ, তেওঁকো নাজানে। ৰথো আছে নহয়। প্ৰত্যেক ৰথতে আত্মা প্ৰৱেশ কৰে। সকলোৰে আত্মা ভ্ৰূকুটিৰ মধ্যত থাকে। পিতা আহি ভ্ৰূকুটিৰ মধ্যত বহিব। বুজাওঁতেতো বহুত সহজকৈ বুজায়। পতিত-পাৱন হৈছে এজনেই পিতা, পিতাৰ সকলো সন্তান একে সমান। সকলোৰে নিজৰ নিজৰ ভূমিকা আছে, এই ক্ষেত্ৰত কোনেও হকা-বধা কৰিব নোৱাৰে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই শৰীৰ ৰূপী বস্ত্ৰৰ পৰা মমত্ব আঁতৰাই জীৱন্তে মৰিব লাগে অৰ্থাৎ নিজৰ সকলো পুৰণা হিচাপ-নিকাচ নিষ্পত্তি কৰিব লাগে।

(2) দ্বৈত মুকুটধাৰী হ’বৰ কাৰণে পঢ়াত যত্নপৰ হ’ব লাগে। দৈৱীগুণ ধাৰণ কৰিব লাগে। যেনেকুৱা লক্ষ্য, শুভ বচন, তেনেকুৱা পুৰুষাৰ্থ কৰিব লাগে।

বৰদান:
অকল্যাণৰ সংকল্প সমাপ্ত কৰি অপকাৰীৰ উপকাৰ কৰোঁতা জ্ঞান স্বৰূপ আত্মা হোৱা

কোনোবাই নিতৌ তোমালোকৰ গ্লানি কৰক, অকল্যাণ কৰক, গালি দিয়ক - তেতিয়াও তেওঁৰ প্ৰতি যাতে মনত ঘৃণাৰ ভাৱ নাহে, অপকাৰীৰ উপকাৰ কৰা - এয়াই জ্ঞান স্বৰূপ আত্মাৰ কৰ্তব্য। যেনেকৈ তোমালোক সন্তানসকলে পিতাক 63 জন্ম গালি পাৰিলা তথাপিও পিতাই কল্যাণকাৰী দৃষ্টিৰে চালে, গতিকে পিতাক অনুসৰণ কৰা। জ্ঞান স্বৰূপ আত্মাৰ অৰ্থই হৈছে সকলোৰে প্ৰতি কল্যাণৰ ভাৱনা। সংকল্প মাত্ৰও যাতে অকল্যাণৰ ভাৱনা নাথাকে।

স্লোগান:
মনমনাভৱ স্থিতিত স্থিতি হৈ থাকা তেতিয়া আনৰ মনৰ ভাৱক জানি যাবা।


প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:

প্ৰীতি বুদ্ধি অৰ্থাৎ সদায় অলৌকিক অব্যক্ত স্থিতিত থাকোঁতা ঈশ্বৰৰ লোক। যাৰ প্ৰতিটো সংকল্প, প্ৰতিটো কাৰ্য অলৌকিক, ব্যক্ত দেশ আৰু কৰ্তব্যত থাকিও পদুম ফুলৰ সমান উপৰাম আৰু সদায় একমাত্ৰ পিতাৰ স্নেহী হৈ থাকোঁতা – এয়াই হৈছে প্ৰীতি বুদ্ধিৰ হোৱা।