01.08.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পৰচিন্তন ত্যাগ কৰি নিজৰ কল্যাণ কৰা, তোমালোক সোণৰ দৰে হৈ আনকো পথ দেখুওৱা”

প্ৰশ্ন:
যিসকলে সদায় অশৰীৰী হোৱাৰ অভ্যাস কৰি থাকে তেওঁলোকৰ মুখ্য লক্ষণসমূহ শুনোৱা?

উত্তৰ:
তেওঁলোকে বলপূৰ্বক নিজৰ কৰ্মেন্দ্ৰিয়সমূহক বশ নকৰে। তেওঁলোকৰ কৰ্মেন্দ্ৰিয়সমূহ স্বতঃ শীতল হৈ যায়। আমি আত্মা ভাই ভাই হওঁ, এইটো স্মৃতি স্বতঃ থাকে। দেহ-অভিমান আঁতৰি যায়। নাম-ৰূপৰ নিচা শেষ হৈ গৈ থাকে। আনৰ স্মৃতি নাহে।

গীত:
তু প্যাৰ কা সাগৰ হে…. (তুমি প্ৰেমৰ সাগৰ….)

ওঁম্শান্তি।
এওঁ কেৱল মৰমৰ সাগৰ নহয়, জ্ঞানৰ সাগৰো হয়। জ্ঞান আৰু অজ্ঞান। জ্ঞানক দিন আৰু অজ্ঞানক ৰাতি বুলি কোৱা হয়। ‘জ্ঞান’ শব্দটিয়েই ভাল। ‘অজ্ঞান’ শব্দটি বেয়া। আধাকল্প হৈছে জ্ঞানৰ প্ৰালব্ধ। আধাকল্প হৈছে অজ্ঞানৰ প্ৰালব্ধ, অজ্ঞানৰ প্ৰালব্ধ হৈছে দুখ। জ্ঞানৰ প্ৰালব্ধ হৈছে সুখ। এয়াতো অতি সহজ বুজিবলগীয়া কথা, দিন হৈছে জ্ঞানৰ। ৰাতি হৈছে অজ্ঞান, এইটোও কোনেও গম নাপায়। জ্ঞান কাক কোৱা হয়, অজ্ঞান কাক কোৱা হয়, এয়া বেহদৰ কথা। তোমালোকে সকলোকে বুজোৱা জ্ঞান কি, ভক্তি কি। জ্ঞানেৰে তোমালোক পূজ্য হৈ আছা। যেতিয়া পূজ্য হৈ যোৱা তেতিয়া পূজাৰ সামগ্ৰীকো জানি যোৱা, যিবোৰ মন্দিৰ আদিত আছে। তোমালোকে জানা যে এয়া সকলো হৈছে স্মাৰক। তেওঁলোকৰ জীৱন কাহিনী কি সেয়া তোমালোকে জানা। যিসকল পূজা কৰিবলৈ যায় তেওঁলোকে নিজেই নাজানে। পূজাক ভক্তি বুলি কোৱা হয়, ভগৱানে ভক্তসকলক সাক্ষাৎ কৰিব লাগে- ভক্তিৰ ফল দিবৰ বাবে। সেয়াও ভগৱানেই আহি পূজাৰীৰ পৰা পূজ্য কৰি তোলে। সত্যযুগত পূজ্য কলিযুগত পূজাৰী হয়। তোমালোক সন্তানসকলে জানা আজি কি, কালিলৈ কি হ’ব। বিনাশতো নিশ্চয় হ’ব, যিকোনো সময়তে হ’ব পাৰে। প্ৰস্তুতি চলি আছে। গায়নো আছে যে অনেক প্ৰাকৃতিক দুৰ্যোগ হয়। এনেকৈতো লিখি দিব লাগে - গৃহযুদ্ধ আৰু প্ৰাকৃতিক দুৰ্যোগসমূহ, সেইবোৰক কোনো ঈশ্বৰীয় দুৰ্যোগ বুলি কোৱা নহ’ব। এয়াতো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, য’ত প্ৰাকৃতিক দুৰ্যোগ সকলো হ’বলগীয়া আছে। বিনাশতো সহায় কৰিব। ধাৰাবৃষ্টি হ’ব। ভোকত মৰিব, ভূমিকম্প আদি সকলো হ’বলগীয়া আছে। এইবোৰৰ দ্বাৰাই বিনাশ হ’ব। সন্তানসকলে জানে, এয়াতো নিশ্চয় হ’বলগীয়া আছে। নহ’লেনো সত্যযুগত ইমান কম মনুষ্য কেনেকৈ হ’ব, নিশ্চয় একেলগে বিনাশ হ’ব। সন্তানসকলে ভালদৰে জানে, এই সকলো কাপোৰ ধোৱা হ’ব। এয়া বেহদৰ ডাঙৰ যন্ত্ৰ। গায়ন কৰা হয় – মলিয়ন কাপোৰ ধোৱে… এই কাপোৰৰ কথা নহয়। এয়া হৈছে শৰীৰৰ কথা। আত্মাক যোগবলেৰে ধুব লাগে। এই সময়ত 5 তত্বও তমোপ্ৰধান সেয়েহে শৰীৰো তেনেকুৱাই হয়। পতিত–পাৱন পিতা আহি পাৱন কৰি তোলে বাকী সকলো নাশ হৈ যায়। তোমালোকে জানা পাৱন কেনেকৈ হয়। বহুত সহজ মাৰ্গ দেখুৱাই দিয়ে। মনুষ্যইতো একোৱেই বুজি নাপায়। য’তেই ভক্তি যজ্ঞ আদি হয়, তালৈ গৈ বুজাব লাগে যে যাক আপোনালোকে ভক্তি কৰে তেওঁলোকৰ জীৱন বৃত্তান্ত বুজিলেহে আপোনালোক দেৱতা হ’ব পাৰিব। তেওঁলোকে জীৱন মুক্তি কেনেকৈ পালে সেয়া বুজি লোৱা, তেতিয়া আপোনালোকেও জীৱন মুক্তি পাব পাৰে। মন্দিৰবোৰত বহি জীৱন কাহিনী বুজালে ভালদৰে বুজিব।

তোমালোকেও এতিয়া পিতাৰ পৰা জীৱন কাহিনী শুনা, তোমালোক সন্তানসকলে কিমান বোধশক্তি পাইছা। পৰমপিতা পৰমাত্মাৰ জীৱন কাহিনী কোনেও নাজানে। সৰ্বব্যাপী বুলি ক’লে জানো জীৱন কাহিনী হৈ যায়। তোমালোক সন্তানসকলে এতিয়া পৰমপিতা পৰমাত্মাৰ জীৱন কাহিনীক জানা, অৰ্থাৎ আদি-মধ্য-অন্তক জানা। এই সময়ক আদি বুলি কোৱা হ’ব। যেতিয়া পিতা আহি পতিতসকলক পাৱন কৰি তোলে আকৌ মধ্যত ভক্তিৰ ভূমিকা চলে। পিতাই কয় - এই সময়ত মই আহি স্থাপনাৰ কাৰ্য কৰোঁ, কৰাওঁ। কৰণ-কৰাৱণহাৰ হওঁ। প্ৰেৰণাক কৰা বুলি কোৱা নহয়। বাবা আহি এওঁৰ কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কৰে, এই ক্ষেত্ৰত প্ৰেৰণাৰ কথা নাই। কৰণ-কৰাৱনহাৰেতো নিশ্চয় সন্মুখত থাকি কৰাব। প্ৰেৰণাৰে একো হ’ব নোৱাৰে। আত্মা অবিহনে শৰীৰে একোৱেই কৰিব নোৱাৰে। বহুতে কয় ঈশ্বৰেই প্ৰেৰণাৰে সকলো কৰায়। বাবা আপুনি প্ৰেৰণা দিয়ক, মোৰ পতিৰ বুদ্ধি যেন ঠিক হৈ যায়। পিতাই কয় – এই ক্ষেত্ৰততো প্ৰেৰণাৰ কথাই নাই। আকৌ শিৱ জয়ন্তী কিয় পালন কৰা হয়। প্ৰেৰণাৰে যদি কাম হয় তেন্তে আকৌ (বাবা) আহিছেই বা কিয়? এটাতো হৈছে ঈশ্বৰ কি বস্তু, সেয়া নাজানে। কেৱল কৈ দিয়ে ঈশ্বৰৰ প্ৰেৰণাৰে সকলো হয়। নিৰাকাৰে প্ৰেৰণাৰে কেনেকৈ কৰিব, তেওঁতো কৰণ-কৰাৱনহাৰ হয়। আহি ৰাস্তা দেখুৱায়। কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা মুৰুলী শুনায়। যেতিয়ালৈকে কৰ্মেন্দ্ৰিয়ৰ আধাৰ নলয়, তেতিয়ালৈকে মুৰুলী কেনেকৈ শুনাব। জ্ঞানৰ সাগৰ হয় তেন্তে শুনাবৰ কাৰণে মুখ লাগে নহয়। এতিয়া তোমালোক সন্তানসকলে গোটেই সৃষ্টিৰ আদি-মধ্য-অন্তৰ বিষয়ে গম পাইছা। সম্পূৰ্ণ জ্ঞান পাইছা। বুজি পায় যে জ্ঞান অবিহনে গতি নাই। জ্ঞান কোনে দিব। অজ্ঞান মাৰ্গ আৰু জ্ঞান মাৰ্গৰ মাজৰ পাৰ্থক্যতো চোৱা। বিজ্ঞানেও কয়। অজ্ঞান হৈছে অন্ধকাৰ, বাকী জ্ঞান আৰু বিজ্ঞানক আমি মুক্তি-জীৱনমুক্তি বুলিও ক'ব পাৰোঁ। তোমালোকে এতিয়া পাৱন হোৱাৰ জ্ঞান পাইছা। তোমালোক স্বদৰ্শন চক্ৰধাৰী হোৱা। কোনোবাই যদি শুনে তেন্তে আচম্বিত হৈ যাব। ক'ব আত্মাই জ্ঞান লয় তেন্তে আত্মাই নিশ্চয় সংস্কাৰ লৈ যাব নহয়। মনুষ্যৰ পৰা দেৱতা হোৱা তেন্তে নিশ্চয় জ্ঞান থাকিব লাগে। কিন্তু পিতাই বুজায় এই পুৰুষাৰ্থ হৈছে প্ৰালব্ধৰ কাৰণে। প্ৰালব্ধ পোৱাৰ পাছত আকৌ জ্ঞানৰ কি দৰকাৰ। সত্যযুগ হয়েই তোমালোক সন্তানসকলৰ কাৰণে প্ৰালব্ধ। এই কথাবোৰ শুনিলেই আচম্বিত হৈ যাব। এই জ্ঞান পৰম্পৰাগতভাৱে কিয় নচলে, পিতাই কয় - এয়া প্ৰায় লোপ হৈ যায়। দিন হৈ যোৱাৰ পাছত আকৌ অজ্ঞানতাতো নাথাকে, যাৰ বাবে জ্ঞানৰ দৰকাৰ থাকিব। এয়াও বুজিব আৰু বুজাবলগীয়া কথা। তৎক্ষণাৎ কোনেও বুজিব নোৱাৰে। শিৱবাবা ভাৰতলৈহে আহে, ভক্তিৰ ফল দিবলৈ সন্তানসকলৰ কাৰণে উপহাৰ লৈ আহে। ভক্তিৰ পাছত হৈছে সৎগতি। এই বিনাশো নিশ্চয় হ'ব। তাৰ লক্ষণো সন্মুখত আছে। তোমালোকে শুনি থাকিবা – ফিৰিঙতিৰ পৰা এক-দুই ঘণ্টাত গোটেই ঘৰ জ্বলি ভস্মীভূত হৈ যায়। এয়া কোনো নতুন কথা নহয়, বিনাশতো নিশ্চয় হ'ব। সত্যযুগত থাকেই কমসংখ্যক মনুষ্য, শ্ৰেষ্ঠাচাৰী। তেন্তে শ্ৰেষ্ঠাচাৰী হ'বলৈ কিমান পৰিশ্ৰম কৰিবলগীয়া হয়। মায়াই একদম নাকত ধৰি লয়। এনেকৈ বাগৰি পৰাসকলৰ বহুত আঘাত লাগে। সময় লাগি যায়। আটাইতকৈ ডাঙৰ আঘাত হৈছে কাম বিকাৰৰ সেয়েহে কোৱা হয় - কাম মহাশত্ৰু। এই কাম বিকাৰেই পতিত কৰি তোলে। বিকাৰৰ কাৰণেই কাজিয়া হয়। বিকাৰৰ ক্ষেত্ৰত যদি ত্যাগ নকৰে তেন্তে নিশ্চয় ক'ব - ইয়াতকৈ বাচন পৰিষ্কাৰ কৰা সেয়াও ভাল। ঝাড়ু মাৰিব, মজিয়া চাফা কৰিব কিন্তু পবিত্ৰ হৈ থাকিব, এই ক্ষেত্ৰত বহুত সাহস লাগে। যেতিয়া কোনোবা পিতাৰ শৰণাপন্ন হয় তেতিয়া আকৌ মায়ায়ো যুঁজিবলৈ আৰম্ভ কৰি দিয়ে। 5 বিকাৰৰ বেমাৰ আৰুহে অধিক উথলি উঠে। প্ৰথমেতো দৃঢ় নিশ্চয়বুদ্ধিৰ হ'ব লাগে। জীৱন্তে মৰি গ’লা। ইয়াৰ পৰা লঙ্গৰ উঠাই ল’লা। কলিযুগী, বিকাৰী দাঁতি তোমালোকে এৰি দিছা। এতিয়া আমি যাত্ৰাত গৈ আছোঁ - আমি অশৰীৰী হৈ নিজৰ ঘৰলৈ যাওঁ। আত্মাৰ এইটো জ্ঞান আছে যে আমি এটা শৰীৰ এৰি আন এটাত যাওঁ। আমি গৃহস্থালিত থাকি পদুম ফুলৰ সমান পবিত্ৰ হৈ যাত্ৰাত থাকোঁ। বুদ্ধিত স্মৃতি থাকিব লাগে যে এয়াতো কৱৰস্থান, আকৌ আমি সুখধামলৈ যাম। পিতাই আমাক উত্তৰাধিকাৰ দিয়াৰ যুক্তি (উপায়) শুনাই আছে। পাৱন হ'বৰ কাৰণে আমি যোগত থাকোঁ। স্মৃতিৰ দ্বাৰাহে বিকৰ্ম বিনাশ হ'ব তেতিয়া আত্মাই শৰীৰ ত্যাগ কৰিব। যাত্ৰা কিমান বিচিত্ৰ। কেৱল পিতাক স্মৰণ কৰা, নিজৰ ৰাজধানীক স্মৰণ কৰা। ইমান সহজ কথাটিও স্মৃতিত নাহে। ‘অল্ফ’ক (পৰমপিতাক) স্মৰণ কৰা, বচ্‌। কিন্তু মায়াই সেইটোও স্মৰণ কৰিবলৈ নিদিয়ে, পৰিশ্ৰম হয়। আত্মাই জ্ঞান পাইছে, আমাৰ বাবা আহিছে। আত্মাই পঢ়ে নহয়। আত্মা শৰীৰৰ দ্বাৰা জন্ম লয়। আত্মা ভাই ভাই। দেহ-অভিমানত আহিলে আকৌ অনেক সম্বন্ধ হৈ যায়। ইয়াত তোমালোক ভাই-ভনী হৈ গ'লা। পৰস্পৰ ভাই ভায়ো হোৱা, ভাই-ভনীও হোৱা। প্ৰবৃত্তি মাৰ্গ হয় নহয়। দুয়োকে উত্তৰাধিকাৰ লাগে। আত্মাইহে পুৰুষাৰ্থ কৰে। নিজক আত্মা বুলি বুজা - এয়াই পৰিশ্ৰম। দেহ-অভিমান যাতে নাথাকে। শৰীৰেই নাই তেন্তে বিকাৰ কাৰ লগত কৰিব। আমি আত্মা, পিতাৰ ওচৰলৈ যাব লাগে। শৰীৰৰ বোধেই থাকিব নালাগে। যিমান যোগী হৈ গৈ থাকিবা, কৰ্মেন্দ্ৰিয়সমূহ শান্ত হৈ গৈ থাকিব। দেহ-অভিমানত আহিলে কৰ্মেন্দ্ৰিয়সমূহ চঞ্চল হয়। আত্মাই জানে মোৰ প্ৰাপ্তি হৈ আছে। শৰীৰৰ পৰা পৃথক হৈ গ’লে তেতিয়া কৰ্মেন্দ্ৰিয় শান্ত হৈ গৈ থাকিব। সন্ন্যাসী লোকসকলে ঔষধি খাই কৰ্মেন্দ্ৰিয়সমূহ শান্ত কৰে। সেয়াতো হঠযোগ হৈ গ'ল নহয়। তোমালোকেতো যোগেৰে কাম আদায় কৰিব লাগে। যোগবলৰ দ্বাৰা তোমালোকে বশ কৰিব নোৱাৰা জানো? যিমান আত্মা-অভিমানী হৈ গৈ থাকিবা তেতিয়া কৰ্মেন্দ্ৰিয়সমূহ শান্ত হৈ যাব। বহুত পৰিশ্ৰম কৰিবলগীয়া হয়, প্ৰাপ্তিতো বহুত উচ্চ হয় নহয়। পিতাই কয় - যোগবলেৰে তোমালোক বিশ্বৰ মালিক হোৱা। কৰ্মেন্দ্ৰিয়সমূহৰ ওপৰত বিজয় প্ৰাপ্ত কৰা সেয়েহে ভাৰতৰ যোগ প্ৰসিদ্ধ। তোমালোক মনুষ্যৰ পৰা দেৱতা, পতিতৰ পৰা পাৱন হোৱা। প্ৰজাও স্বৰ্গবাসীতো হয় নহয়। যোগবলেৰে তোমালোক স্বৰ্গবাসী হোৱা। বাহুবলেৰে হ'ব নোৱাৰা। পৰিশ্ৰম বহুত বেছি নহয়। কুমাৰীসকলৰ কাৰণেতো যেন পৰিশ্ৰম নহয়েই। মুক্ত হয়। বিকাৰগ্ৰস্ত হ'ল তেতিয়া ডাঙৰ পঞ্চায়ত হৈ যায়। কুমাৰী হৈ থকাতো ভাল। নহ'লে আকৌ অৰ্ধকুমাৰী নাম হৈ যায়। যুগলোনো কিয় হ'ব লাগে! এই ক্ষেত্ৰতো নাম-ৰূপৰ নিচা লাগি যায়। এয়াও মূৰ্খালি। যুগল হোৱাৰ পাছত পবিত্ৰ হৈ থাকিবলৈ বহুত সাহস লাগে। জ্ঞানৰ পূৰা পৰাকাষ্ঠা (জ্ঞানৰ সৰ্বোচ্চ সীমাত) থাকিব লাগে। বহুত আছে যিসকলে সাহস কৰে কিন্তু জুইৰ ফিৰিঙতি আহি যায় তেন্তে খেল শেষ সেয়েহে বাবাই কয় কুমাৰী তথাপিও ভাল। অৰ্ধকুমাৰী হোৱাৰ খেয়ালো কিয় কৰিব লাগে। কুমাৰীসকলৰ নাম প্ৰসিদ্ধ হয়। বাল ব্ৰহ্মচাৰী হয়। বাল ব্ৰহ্মচাৰী হৈ থকাতো ভাল, শক্তি থাকে। আন কাৰো স্মৃতি নাহিব। বাকী সাহস আছে যদি কৰি দেখুওৱা, কিন্তু পৰিশ্ৰম আছে। দুগৰাকী হৈ যায় নহয়। কুমাৰী হ’লে তেন্তে অকলে থাকে। দুইৰ পৰা দ্বৈততা আহি যায়। যিমান দূৰ সম্ভৱ কুমাৰী হৈ থকাতো ভাল। কুমাৰীসকল সেৱাত আগবাঢ়ি আহিব পাৰে। বন্ধনত আৱদ্ধ হ’লে তেতিয়া বন্ধন বৃদ্ধি হৈ যায়। এনেকুৱা জাল পাতিবই কিয় লাগে য’ত বুদ্ধি আৱদ্ধ হৈ যায়। এনেকুৱা জালত আৱদ্ধ হোৱা ঠিক নহয়। কুমাৰীসকলৰ বাবেতো বহুত ভাল। কুমাৰীসকলে বাবাৰ নামো মহিয়ান কৰিছে। ‘কানহাইয়া’ (কুমাৰীসকলৰ কৃষ্ণ) বুলি গায়ন আছে। কুমাৰী হৈ থকাতো বহুত ভাল। এওঁলোকৰ বাবে বহুত সহজ। বিদ্যাৰ্থী জীৱন পবিত্ৰ জীৱনো হয়। বুদ্ধিও সজীৱ হৈ থাকে। কুমাৰসকল ভীষ্ম পিতামহৰ নিচিনা হ’ব লাগে। কল্পৰ পূৰ্বেও হৈ আছিলা সেইবাবেতো দেলবাড়া মন্দিৰত স্মাৰকচিহ্ন বনোৱা আছে। এতিয়া পিতাই সন্তানসকলক আদেশ দিয়ে, মোক স্মৰণ কৰা। অন্য সকলো কথা এৰি তোমালোকে নিজৰ কল্যাণ কৰা। পিতাক স্মৰণ কৰাতেই কল্যাণ আছে। ভুল-ভ্ৰান্তি হয়, সন্তানসকল অৱনমিত হৈ যায়, তোমালোকে পৰচিন্তন এৰি নিজৰ কল্যাণ কৰা। অন্য চিন্তনত নাযাবাই। তোমালোক সোণৰ দৰে হৈ যোৱা আৰু আনকো মাৰ্গ-দৰ্শন কৰা। সতোপ্ৰধান হোৱাৰ এটাই উপায় আছে। পাৱন নোহোৱাকৈ মুক্তিধামলৈ যাব নোৱাৰা। উপায় এটাই আৰু তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। পৰচিন্তন পৰদৰ্শন এৰি দিয়া। নহ’লে নিজৰেই লোকচান কৰিবা। বাবাই কোনো অভিশাপ নিদিয়ে। শ্ৰীমতত নচলিলে নিজেই নিজক অভিশপ্ত কৰি দিবা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা, সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিশ্চয়বুদ্ধিৰ হৈ জীৱন্তে এই পুৰণি জগতৰ পৰা নিজৰ লঙ্গৰ উঠাই দিব লাগে। বাবাৰ প্ৰতিটো আদেশ পালন কৰি নিজৰ কল্যাণ কৰিব লাগে।

(2) অন্যৰ চিন্তন এৰি নিজৰ বুদ্ধি স্বচ্ছ সোণৰ নিচিনা কৰি তুলিব লাগে। পৰচিন্তন-পৰদৰ্শনত নিজৰ সময় নষ্ট কৰিব নালাগে। যোগবলৰ দ্বাৰা নিজৰ কৰ্মেন্দ্ৰিয়সমূহ শান্ত, শীতল কৰি তুলিব লাগে।

বৰদান:
নিজৰ বিজয় বা সফলতা নিশ্চিত বুলি বুজি সদায় নিশ্চিন্ত হৈ থাকোঁতা নিশ্চয়বুদ্ধিৰ হোৱা

যিসকল সন্তানে সদায় পিতাৰ প্ৰতি, নিজৰ ভূমিকা আৰু ড্ৰামাৰ প্ৰতিটো ছেকেণ্ডৰ কাৰ্য্যত 100 শতাংশ নিশ্চয়বুদ্ধিৰ হৈ থাকে তেওঁলোকৰ বিজয় বা সফলতা নিশ্চিত। বিজয় নিশ্চিত হোৱাৰ বাবে তেওঁলোক সদায় নিশ্চিন্ত হৈ থাকে। তেওঁলোকৰ চেহেৰাত কোনো চিন্তাৰ ৰেখা দেখা নাযায়। তেওঁলোকৰ সদায় বিশ্বাস থাকে যে এইটো কাম বা এইটো সংকল্প সিদ্ধ হৈয়েই আছে। তেওঁলোকৰ মনত কেতিয়াও কোনো বিষয়ত প্ৰশ্ন উদয় হ’ব নোৱাৰে।

স্লোগান:
শুনা-শুনোৱাত ভাৱনা আৰু ভাৱ সলাই দিয়া মানেই বায়ুমণ্ডল বিনষ্ট কৰা।


অব্যক্ত ইংগিত: অৱপবিত্ৰতাৰ বীজো সমাপ্ত কৰি সম্পূৰ্ণ স্বচ্ছ (পবিত্ৰ) হোৱা

সম্পূৰ্ণ পবিত্ৰতাৰ হিচাপত ব্যৰ্থ সংকল্পও অপবিত্ৰতাৰ বীজ। ব্যৰ্থ সংকল্প উদয় হোৱা, অধিকাংশ সন্তানৰ মাজত এতিয়াও এইটো সংস্কাৰ ৰৈ গৈছে। ব্যৰ্থ সংকল্পৰ আধাৰ হ’ল মন, যিয়ে 'মনমনাভৱ' হ’বলৈ নিদিয়ে। সেয়েহে শ্ৰীমত ৰূপী লেকাম টানকৈ ধৰি ব্যৰ্থ সংকল্পৰ অপবিত্ৰতা শেষ কৰা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]