01.10.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
দেহী-অভিমানী হোৱাৰ অভ্যাস কৰা, এইটো অভ্যাসৰ দ্বাৰাহে তোমালোক পুণ্য আত্মা হ’ব
পাৰিবা”
প্ৰশ্ন:
কোনটো এটা
জ্ঞানৰ বাবে তোমালোক সন্তানসকল সদায় হৰ্ষিত হৈ থাকা?
উত্তৰ:
তোমালোকে জ্ঞান পাইছা যে এই নাটকখন বৰ বিস্ময়কৰ ভাৱে ৰচি থোৱা আছে, ইয়াত প্ৰতি গৰাকী
ভাৱৰীয়াৰ অবিনাশী ভূমিকা নিৰ্ধাৰিত হৈ আছে। সকলোৱে নিজৰ নিজৰ ভূমিকা পালন কৰি আছে।
সেই কাৰণে তোমালোক সদায় হৰ্ষিত হৈ থাকা।
প্ৰশ্ন:
কোনটো এটা কলা
পিতাৰহে আছে অন্য কাৰো নাই?
উত্তৰ:
দেহী-অভিমানী কৰি তোলাৰ ক'লা পিতাৰ আছে কিয়নো তেওঁ নিজেই সদায় দেহী, পৰম। এইটো কলা
কোনো মনুষ্যই আহৰণ কৰিব নোৱাৰে।
ওঁম্শান্তি।
আত্মিকসন্তানসকল অৰ্থাৎ আত্মাসকলৰ প্ৰতি পিতাই বহি বুজায়। নিজক আত্মা বুলি বুজিব
লাগে নহয়। পিতাই সন্তানসকলক বুজাইছে - প্ৰথমতে এইটো অভ্যাস কৰা যে মই আত্মাহে, শৰীৰ
নহয়। যেতিয়া নিজক আত্মা বুলি বুজিবা তেতিয়াহে পৰমপিতাক স্মৰণ কৰিবা। নিজক আত্মা বুলি
নুবুজিলে নিশ্চয় লৌকিক সম্বন্ধীয়, পেছাগত কম-কাজ আদি স্মৃতিলৈ আহি থাকিব। সেয়েহে
প্ৰথমতে এইটো অভ্যাস হ’ব লাগে যে মই আত্মা তেতিয়া আত্মিক পিতাৰ স্মৃতি থাকিব। পিতাই
এইটো শিক্ষা দিয়ে যে নিজক দেহ বুলি নাভাবিবা। এই জ্ঞান পিতাই গোটেই কল্পত এবাৰহে
দিয়ে। পুনৰ 5 হাজাৰ বছৰ পাছত এই বুজনি পাবা। নিজক আত্মা বুলি বুজিলে পিতাৰ স্মৃতিও
আহিব। আধাকল্প তোমালোকে নিজক দেহ বুলি ভাবিলা। এতিয়া নিজক আত্মা বুলি বুজিব লাগে।
যেনেকৈ তোমালোক আত্মা, ময়ো আত্মাই হওঁ। কিন্তু পৰম। মই হওঁৱেই আত্মা সেয়েহে মোৰ কোনো
দেহ স্মৃতিলৈ নাহে। এই দাদাতো শৰীৰধাৰী। সেই পিতা হৈছে নিৰাকাৰ। এই প্ৰজাপিতা
ব্ৰহ্মাতো সাকাৰী হৈ গ'ল। শিৱবাবাৰ আচল নামেই হ'ল শিৱ। তেওঁ হয়েই আত্মা কেৱল তেওঁ
সকলোতকৈ উচ্চ অৰ্থাৎ পৰম আত্মা, কেৱল এই সময়তহে আহি এই শৰীৰত প্ৰৱেশ কৰে। তেওঁ
কেতিয়াও দেহ-অভিমানী হ’ব নোৱাৰে। সাকাৰী মনুষ্য দেহ-অভিমানী হয়, তেওঁতো হয়েই
নিৰাকাৰ। তেওঁ আহি এইটো অভ্যাস কৰাব লাগে। তেওঁ কয় - তোমালোকে নিজক আত্মা বুলি বুজা।
মই আত্মা, আত্মা - এইটো পাঠ বহি পঢ়া। মই আত্মা শিৱবাবাৰ সন্তান। সকলো কথাৰে অভ্যাস
লাগে নহয়। পিতাই কোনো নতুন কথা নুবুজায়। তোমালোকে যেতিয়া নিজক আত্মা বুলি দৃঢ়ভাৱে
বুজিবা তেতিয়া পিতাও দৃঢ়ভাৱে স্মৃতিত থাকিব। দেহ-অভিমান থাকিলে পিতাক স্মৰণ কৰিব
নোৱাৰিবা। আধাকল্প তোমালোকৰ দেহৰ অহংকাৰ থাকে। এতিয়া তোমালোকক শিকাওঁ যে নিজক আত্মা
বুলি বুজা। সত্যযুগত এনেকৈ কোনেও নিশিকায় যে নিজক আত্মা বুলি বুজা। শৰীৰৰতো নাম
থাকেই। নহ’লে এজনে আনজনক কেনেকৈ মাতিব। ইয়াত তোমালোকে পিতাৰ পৰা যি উত্তৰাধিকাৰ
পাইছা সেই প্ৰালব্ধই তাত পোৱাগৈ। বাকীতো নামেৰেই মাতিব। শ্ৰীকৃষ্ণও শৰীৰৰ নাম নহয়
জানো। নাম নহ’লেতো একো কাম নচলে। এনেকুৱা নহয় যে তাত এনেকৈ ক’ব - নিজক আত্মা বুলি
বুজা। তাততো আত্ম-অভিমানী হৈয়ে থাকে। এইটো অভ্যাস তোমালোকক এতিয়া কৰোৱা হয় কিয়নো
পাপ বহুত বৃদ্ধি হৈছে। লাহে লাহে অলপ অলপকৈ পাপ বৃদ্ধি হৈ হৈ এতিয়া সম্পূৰ্ণ পাপ
আত্মা হৈ গৈছা। আধাকল্পৰ বাবে যি কৰিলা সেয়া নাশো হৈ যাব। লাহে লাহে কম হৈ যায়।
সত্যযুগত তোমালোক সতোপ্ৰধান হোৱা, ত্ৰেতাত সতো হৈ যোৱা। উতৰাধিকাৰ এতিয়া পোৱা। নিজক
আত্মা বুলি বুজি পিতাক স্মৰণ কৰিলেহে উত্তৰাধিকাৰ পোৱা যায়। এই দেহী-অভিমানী হোৱাৰ
শিক্ষা পিতাই এতিয়া দিয়ে। সত্যযুগত এই শিক্ষা নোপোৱা। নিজৰ নিজৰ নাম অনুসৰিয়ে চলে।
ইয়াত তোমালোক প্ৰত্যেকেই স্মৃতিৰ শক্তিৰে পাপ আত্মাৰ পৰা পুণ্য আত্মা হ’ব লাগে।
সত্যযুগত এই শিক্ষাৰ দৰকাৰেই নাই। এই শিক্ষা তোমালোকে তালৈ লৈও নোযোৱা। তালৈ এই
জ্ঞান নতুবা যোগ কোনোটোৱে লৈ নোযোৱা। তোমালোক পতিতৰ পৰা পাৱন এতিয়াই হ'ব লাগে। আকৌ
লাহে লাহে কলা কম হৈ যায়। যেনেকৈ চন্দ্ৰমাৰ কলা কমি কমি আঁচ এডালহে থাকেগৈ। গতিকে
এই ক্ষেত্ৰত বিভ্ৰান্ত নহ’বা। কিবা নুবুজিলে সোধা।
প্ৰথমেতো এইটো দৃঢ়
নিশ্চয় কৰা যে মই আত্মা। তোমালোক আত্মাই এতিয়া তমোপ্ৰধান হৈ গৈছা। প্ৰথমে সতোপ্ৰধান
আছিলা আকৌ দিনে-প্ৰতিদিনে কলা কম হৈ যায়। মই আত্মা - এইটো দৃঢ় নোহোৱাৰ বাবেই
তোমালোকে পিতাক পাহৰি যোৱা। প্ৰথম মূল কথা এইটোৱেই। আত্ম-অভিমানী হ’লে পিতা স্মৃতিলৈ
আহিব তেতিয়া উত্তৰাধিকাৰো স্মৃতিলৈ আহিব। প্ৰাপ্তি স্মৃতিত থাকিলে পৱিত্ৰও হৈ থাকিবা।
দৈৱীগুণো থাকিব। লক্ষ্য-উদ্দেশ্যতো সন্মুখত আছে নহয়। এইখন হৈছে ঈশ্বৰীয় বিশ্ব
বিদ্যালয়। ভগৱানে পঢ়ায়। দেহী-অভিমানীও তেৱেঁই কৰি তুলিব পাৰে আন কোনেও এইটো কলা
নাজানেই। একমাত্ৰ পিতাইহে শিকায়। এই দাদায়ো (ব্ৰহ্মায়ো) পুৰুষাৰ্থ কৰে। পিতাইতো
কেতিয়াও শৰীৰ নলয়েই যাৰ বাবে তেওঁ দেহী-অভিমানী হোৱাৰ পুৰুষাৰ্থ কৰিব লাগিব। তেওঁ
কেৱল এই সময়তে তোমালোকক দেহী-অভিমানী কৰি তুলিবলৈ আহে। এইটো প্ৰবাদ আছে যে যাৰ মূৰত
দায়িত্বৰ বোজা, তেওঁ কেনেকৈ টোপনি যাব…। পেছাগত কাম-কাজ অতি বেছি হ’লে আজৰি নাথাকে
আৰু যাৰ আজৰি আছে তেওঁলোক পিতাৰ ওচৰলৈ পুৰুষাৰ্থ কৰিবলৈ আহে। কিছুমান নতুনো আহে।
এইটো বুজে যে জ্ঞানতো বহুত ভাল। ‘গীতা’তো এই কথাটি আছে - মোক পিতাক স্মৰণ কৰা তেতিয়া
তোমালোকৰ বিকৰ্ম বিনাশ হৈ যাব। গতিকে পিতাই এয়া বুজায়। পিতাই কাকো দোষ নিদিয়ে। এয়াতো
জানে যে তোমালোক পাৱনৰ পৰা পতিত হ’বই লাগে আৰু মই আহি পতিতৰ পৰা পাৱন কৰি তুলিবই
লাগে। এইখন হৈছে পূৰ্বে ৰচি থোৱা ড্ৰামা, ইয়াত কাকো নিন্দা কৰাৰ কথা নাই। তোমালোক
সন্তানসকলে এতিয়া জ্ঞান ভালকৈ বুজিছা আন কোনেওতো ঈশ্বৰক নাজানেই সেইবাবে অনাথ
নাস্তিক বুলি কোৱা হয়। এতিয়া পিতাই তোমালোক সন্তানসকলক কিমান বুদ্ধিমান কৰি তোলে।
শিক্ষকৰ ৰূপত শিক্ষা দিয়ে। কেনেকৈ এই সৃষ্টি চক্ৰ চলি থাকে, এই শিক্ষা পালে তোমালোকো
শুধৰণী হৈ যোৱা। ভাৰত যি শিৱালয় আছিল সেয়া এতিয়া বেশ্যালয় নহয় জানো। ইয়াত গ্লানিৰতো
কথাই নাই। এয়া হৈছে খেল, যাৰ বিষয়ে পিতাই বুজায়। তোমালোক দেৱতাৰ পৰা অসুৰ কেনেকৈ
হ’লা, এনেকৈ নকয় যে কিয় হ’লা? পিতা আহিছেই সন্তানসকলক নিজৰ পৰিচয় দিবলৈ আৰু সৃষ্টি
চক্ৰ কেনেকৈ ঘূৰে এই জ্ঞান দিয়ে। মনুষ্যইহে জানিব নহয়। এতিয়া তোমালোকে জানি পুনৰ
দেৱতা হোৱাগৈ। এই পঢ়া হৈছে মনুষ্যৰ পৰা দেৱতা হোৱাৰ বাবে, যি পিতাইহে বহি পঢুৱায়।
ইয়াততো সকলো মনুষ্যই। দেৱতাতো এই সৃষ্টিলৈ আহিব নোৱাৰে যিয়ে শিক্ষক হৈ পঢুৱাব।
পঢুৱাওঁতা পিতাক চোৱা কেনেকৈ পঢুৱাবলৈ আহে। গায়নো আছে - পৰমপিতা পৰমাত্মাই কিবা ৰথ
লয়, এইটো পূৰা নিলিখে যে কোনখন ৰথ লয়। ত্ৰিমূৰ্তিৰ ৰহস্যও কোনেও বুজি নাপায়। পৰমপিতা
অৰ্থাৎ পৰম আত্মা। তেওঁ যি হয় তেনেকুৱাই নিজৰ পৰিচয় দিব নহয়। অহংকাৰৰ কথা নাই।
নুবুজাৰ বাবে কয় - এওঁৰ অহংকাৰ আছে। এই ব্ৰহ্মাইতো নিজক পৰমাত্মা বুলি নকয়। এয়াতো
বোধশক্তিৰ কথা, এয়াতো হৈছে পিতাৰ মহাবাক্য - সকলো আত্মাৰ পিতা এজনেই। এওঁক দাদা বুলি
কোৱা হয়। এওঁ ভাগ্যশালী ৰথ হয় নহয়। নামো ব্ৰহ্মা ৰখা হৈছে কিয়নো ব্ৰাহ্মণ লাগে। আদি
দেৱ হৈছে প্ৰজাপিতা ব্ৰহ্মা। প্ৰজাৰ পিতা, এতিয়া প্ৰজা কোন? প্ৰজাপিতা ব্ৰহ্মা
শৰীৰধাৰী গতিকে তুলি ল’লে নহয়। সন্তানসকলক শিৱবাবাই বুজায় - মই তুলি নলওঁ। তোমালোক
সকলো আত্মা সদায় মোৰ সন্তান হোৱাই। মই তোমালোকক সন্তান কৰি নলওঁ। মইতো তোমালোক
আত্মাসকলৰ অনাদি পিতা। পিতাই কিমান ভালকৈ বুজায় তথাপিও কয় নিজক আত্মা বুলি বুজা।
তোমালোকে গোটেই পুৰণি সৃষ্টিৰ সন্ন্যাস কৰা। বুদ্ধিৰে জানা যে এই সৃষ্টিৰ পৰা সকলো
উভতি যাব। এনেকুৱা নহয়, সন্ন্যাস কৰি জংঘললৈ যাব লাগে। গোটেই সৃষ্টিৰ সন্ন্যাস কৰি
আমি নিজৰ ঘৰলৈ গুচি যাম, গতিকে এজন পিতাৰ বাহিৰে আন একো বস্তুৱে যাতে স্মৃতিলৈ নাহে।
60 বছৰ আয়ুস পূৰা হ’লে তেতিয়া বাণীৰ সিপাৰে বানপ্ৰস্থত যাবলৈ পুৰুষাৰ্থ কৰিব লাগে।
এই বানপ্ৰস্থৰ কথা হ’ল এতিয়াৰ। ভক্তিমাৰ্গততো বানপ্ৰস্থৰ বিষয়ে কোনেও নাজানে।
বানপ্ৰস্থৰ অৰ্থই শুনাব নোৱাৰে। মুললোকক বাণীৰ সিপাৰ বুলি কোৱা হ’ব। তাত সকলো
আত্মাই নিবাস কৰে গতিকে সকলোৰে বানপ্ৰস্থ অৱস্থা, সকলোৱে ঘৰলৈ যাব লাগে। শাস্ত্ৰত
দেখুৱায় যে আত্মা হৈছে ভ্ৰূকুটিৰ মাজত জিলিকি থকা তৰা। কিছুমানে ভাবে আত্মা আঙুলিৰ
নিচিনা। আঙুলি আকাৰকে স্মৰণ কৰি থাকে। তৰাক কেনেকৈ স্মৰণ কৰিব? পূজা কেনেকৈ কৰিব?
গতিকে পিতাই বুজায় - তোমালোক যেতিয়া দেহ-অভিমানত আহা তেতিয়া পূজাৰী হৈ যোৱা। ভক্তিৰ
সময় আৰম্ভ হ’লে তাক ভক্তি পন্থ বুলি কোৱা হয়। জ্ঞান পন্থ বেলেগ। জ্ঞান আৰু ভক্তি
একেলগে হ’ব নোৱাৰে। দিন আৰু ৰাতি একেলগে হ’ব নোৱাৰে। দিন সুখক আৰু ৰাতি দুখ অৰ্থাৎ
ভক্তিক কোৱা হয়। এনেকৈ কোৱা হয় প্ৰজাপিতা ব্ৰহ্মাৰ দিন আৰু তাৰপাছত ৰাতি। গতিকে
প্ৰজা আৰু ব্ৰহ্মা দুয়ো একেলগে নাথাকিব জানো। তোমালোকে বুজি পোৱা যে আমি
ব্ৰাহ্মণসকলেই আধাকল্প সুখ ভোগ কৰোঁ আকৌ আধাকল্প দুখ। এয়া বুদ্ধিৰে বুজিবলগীয়া কথা।
এয়াও জানা যে সকলোৱে পিতাক স্মৰণ কৰিব নোৱাৰে তথাপিও পিতাই নিজে বুজাই থাকে যে নিজক
আত্মা বুলি বুজা আৰু মোক স্মৰণ কৰা তেতিয়া তোমালোক পাৱন হৈ যাবা। এইটো বাৰ্তা সকলোকে
দিব লাগে। সেৱা কৰিব লাগে। যিয়ে সেৱাই নকৰে তেওঁ ফুল হ’ব নোৱাৰে। বাগিচাৰ মালিক
বাগিচালৈ আহিলে তেওঁক ফুলহে সন্মুখত লাগে, যিসকল সেৱাধাৰী, বহুতৰে কল্যাণ কৰে। যাৰ
দেহ-অভিমান আছে তেওঁ নিজেও বুজিব যে মইতো ফুল নহয়। বাবাৰ সন্মুখততো ভাল ভাল ফুল বহি
আছে। গতিকে পিতাৰ দৃষ্টি তেওঁলোকলৈ যাব। নৃত্যও ভাল হ’ব। (নৃত্যৰত কন্যাৰ দৃষ্টান্ত)
স্কুলতো শিক্ষকে জানে নহয় যে কোন 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰত আছে। পিতাৰো ধ্যান সেৱা
কৰোঁতাসকলৰ ফালেই যাব। অন্তৰতো তেওঁলোকেই স্থান পায়। অহিত কৰাসকলে জানো অন্তৰত
স্থান পাব! পিতাই প্ৰথম মুখ্য কথা বুজায় - নিজক আত্মা বুলি নিশ্চয় কৰা তেতিয়াহে পিতা
স্মৃতিত থাকিব। দেহ-অভিমান থাকিলে পিতা স্মৃতিত নাথাকিব। লৌকিক সম্বন্ধীয়ৰ ফালে,
পেছাগত কাম-কাজ আদিৰ ফালে বুদ্ধি যাব। দেহ-অভিমানী হৈ থাকিলে পাৰলৌকিক পিতাহে
স্মৃতিলৈ আহিব। পিতাকতো বহুত মৰমেৰে স্মৰণ কৰিব লাগে। নিজক আত্মা বুলি বুজা – এই
ক্ষেত্ৰতে পৰিশ্ৰম কৰিবলগীয়া হয়। একান্ত অৱস্থা লাগে। সাদিনীয়া ভাতীৰ পাঠ্যক্ৰম
বহুত কঠিন। কাৰো স্মৃতি যাতে নাহে। কালৈকো চিঠিও লিখিব নোৱাৰে। এই ভাতী তোমালোকৰ
আৰম্ভণিত হৈছিল। ইয়াততো সকলোকে ৰাখিব নোৱাৰে সেয়েহে কোৱা হয় - ঘৰত থাকি অভ্যাস কৰা।
ভক্ত লোকসকলেও ভক্তিৰ বাবে বেলেগ কোঠালি সাজি লয়। কোঠাৰ ভিতৰত বহি মালা জপে, গতিকে
এই স্মৃতিৰ যাত্ৰাতো একান্তৰ প্ৰয়োজন। এজন পিতাকে স্মৰণ কৰিব লাগে। ইয়াত কোনো কথা
কোৱাৰো প্ৰয়োজন নাই। এই স্মৃতিত থকাৰ অভ্যাসৰ বাবে আজৰি সময় লাগে।
তোমালোকে জানা যে
লৌকিক পিতা হৈছে হদৰ ৰচয়িতা, এওঁ হৈছে বেহদৰ। প্ৰজাপিতা ব্ৰহ্মাতো হৈছে বেহদৰ।
সন্তানসকলক তুলি লয়। শিৱবাবাই তুলি নলয়। তেওঁৰতো সদায় সন্তান হয়েই। তোমালোকে ক’বা -
আমি শিৱবাবাৰ অনাদি সন্তান হওঁৱেই। ব্ৰহ্মাই তোমালোকক তুলি লৈছে। প্ৰতিটো কথা ভালদৰে
বুজিব লাগে। পিতাই নিতৌ সন্তানসকলক বুজায়, কয় যে বাবা স্মৃতিত নাথাকে। পিতাই কয় -
ইয়াৰ বাবে অলপ সময় উলিয়াব লাগে। কিছুমান এনেকুৱা আছে যে মুঠেই সময় দিব নোৱাৰে।
বুদ্ধিত বহুত কাম থাকে। তেনেস্থলত স্মৃতিৰ যাত্ৰা কেনেকৈ হ’ব। পিতাই বুজায় - মূল
কথাই হৈছে – নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা তেতিয়া তোমালোক পাৱন হৈ যাবা।
মই আত্মা, শিৱবাবাৰ সন্তান - এয়া মনমনাভৱ নহ’ল জানো। ইয়াৰ বাবে যত্ন কৰিব লাগে।
আশীৰ্বাদৰ কথা নহয়। এয়াতো হৈছে পঢ়া ইয়াত কৃপা বা আশীৰ্বাদ নচলে। মই কেতিয়াবা
তোমালোকৰ ওপৰত হাত ৰাখো জানো! তোমালোকে জানা যে বেহদৰ পিতাৰ পৰা আমি উত্তৰাধিকাৰ লৈ
আছোঁ। অমৰ ভৱ, আয়ুষ্মান ভৱ… ইয়াত সকলো আহি যায়। তোমালোকে পূৰা আয়ুস পোৱা। তাত
কেতিয়াও অকাল মৃত্যু নহয়। এই উত্তৰাধিকাৰ কোনো সাধু-সন্ত আদিয়ে দিব নোৱাৰে। তেওঁলোকে
কয় পুত্ৰৱান ভৱ… তেতিয়া মনুষ্যই ভাবে তেওঁৰ কৃপাতে সন্তান হ’ল। বচ্ যাৰ সন্তান নহয়
তেওঁলোক গৈ তেওঁলোকৰ শিষ্য হ’বগৈ। জ্ঞানতো এবাৰেই পোৱা যায়। এয়া হ’ল অব্যভিচাৰী
জ্ঞান, যাৰ আধাকল্প ধৰি প্ৰালব্ধ চলে। তাৰপাছত হৈছে অজ্ঞান। ভক্তিক অজ্ঞান বুলি কোৱা
হয়। প্ৰতিটো কথা কিমান ভালকৈ বুজোৱা হয়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এতিয়া বানপ্ৰস্থ অৱস্থা সেয়েহে বুদ্ধিৰে সকলো সন্ন্যাস কৰি একমাত্ৰ পিতাৰ
স্মৃতিত থাকিব লাগে। একান্তত বহি অভ্যাস কৰিব লাগে - মই আত্মা… মই আত্মা।
(2) সেৱাধাৰী ফুল হ’ব
লাগে। দেহ-অভিমানৰ বশীভূত হৈ এনেকুৱা কোনো কাম কৰিব নালাগে যাৰ ফলত অহিত হৈ যায়।
বহুতৰ কল্যাণৰ নিমিত্ত হ’ব লাগে। স্মৰণ কৰাৰ বাবে অলপ সময় অৱশ্যে উলিয়াব লাগে।
বৰদান:
পৰমাত্ম
জ্ঞানৰ নবীনতা ‘পৱিত্ৰতা’ক ধাৰণ কৰোঁতা সকলো আকৰ্ষণৰ পৰা মুক্ত হোৱা
এই পৰমাত্ম জ্ঞানৰ
নবীনতাই হৈছে পৱিত্ৰতা। গৌৰৱেৰে কোৱা হয় যে জুই আৰু কপাহ একেলগে থাকিলেও জুই নালাগে।
বিশ্বৰ প্ৰতি তোমালোক সকলোৰে এইটো প্ৰত্যাহ্বান যে পৱিত্ৰতাৰ অবিহনে যোগী অথবা
জ্ঞানী আত্মা হ’ব নোৱাৰে। গতিকে পৱিত্ৰতা অৰ্থাৎ সম্পূৰ্ণ আকৰ্ষণ-মুক্ত। কোনো
ব্যক্তি অথবা সাধনৰ প্ৰতিও আকৰ্ষণ নাই। এনেকুৱা পৱিত্ৰতাৰ দ্বাৰাহে প্ৰকৃতিক পাৱন
কৰি তোলাৰ সেৱা কৰিব পাৰিবা।
স্লোগান:
পৱিত্ৰতা হৈছে তোমালোকৰ জীৱনৰ মুখ্য আধাৰ, যেনেকুৱাই পৰিস্থিতি নহওঁক ধৰ্ম নেৰিবা।
পুৰণা সংস্কাৰ
পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
ব্ৰাহ্মণ জীৱনত কোনো
কথা কঠিন নহয়, কিন্তু নিজৰ সংস্কাৰ, নিজৰ দুৰ্বলতা কঠিনতাৰ ৰূপত দৃষ্টিগোচৰ হয়।
ইয়াৰ বাবে নিজক অগ্নিশিখাত ইমানলৈকে লীন কৰি দিব লাগে যাতে যি “মোৰ সংস্কাৰ” বুলি
কোৱা এই ‘মোৰবোধ’ নাইকিয়া হৈ যায়। স্বভাৱো পৰিৱৰ্তন হৈ যায়। যেতিয়া প্ৰত্যেকৰে
স্বভাৱ পৰিৱৰ্তন হৈ যাব তেতিয়া পিতা ব্ৰহ্মাৰ সমান অব্যক্ত লক্ষণধাৰী হৈ যাবা।