01.10.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – মায়ালৈ ভয় নকৰিবা, লাগিলে যিমানেই পাহৰাবলৈ চেষ্টা নকৰক কিন্তু ভাগৰি নপৰিবা, অমৃতবেলা উঠি স্মৃতিত থকাৰ পূৰা পূৰা পুৰুষাৰ্থ কৰা”

প্ৰশ্ন:
পুৰুষাৰ্থত আগত নম্বৰ কোনসকল সন্তানে লয়?

উত্তৰ:
যিসকল পিতাৰ প্ৰতি পূৰা পূৰা উৎসৰ্গিত হয় অৰ্থাৎ সমৰ্পণ হৈ যায়, সকলোতকৈ আগত তেওঁলোকেই যায়। পিতাৰ প্ৰতি সন্তানসকল সমৰ্পণ হয় আৰু সন্তানসকলৰ প্ৰতি পিতা সমৰ্পণ হৈ যায়। তোমালোকে নিজৰ পুৰণা (মূল্যহীন) সামগ্ৰী, পুৰণা তন-মন-ধন পিতাক দিয়া আৰু পিতাই তোমালোকক বিশ্বৰ বাদশ্বাহী দিয়ে সেইকাৰণে তেওঁক গৰিবৰ ত্ৰাণকৰ্তা বুলি কোৱা হয়। গৰিব ভাৰতকহে দান দিবলৈ পিতা আহে।

গীত:
নয়ন হীন ক’ ৰাহ দিখাও…… (নয়নহীনক মাৰ্গ দৰ্শন কৰা…….)

ওঁম্শান্তি।
মৰমৰ, অতি মৰমৰ, এনেকৈ ক’ব নহয়! বেহদৰ পিতা আৰু বেহদৰ স্নেহ। কয় - মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলে গীতটি শুনিলে। মাৰ্গ-দৰ্শন এজন পিতাইহে কৰায়। ভক্তিমাৰ্গত মাৰ্গ-দৰ্শন কৰাওঁতা কোনো নাই। তাতেই হাবাথুৰি খাই ফুৰে। এতিয়া হওঁতে মাৰ্গ-দৰ্শন হৈছে তথাপিও মায়াই পিতাৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়িবলৈ নিদিয়ে। বুজিও পায় যে একমাত্ৰ পিতাক স্মৰণ কৰিলে আমাৰ সকলো দুখ দূৰ হৈ যাব, চিন্তাৰ কোনো কথা নাথাকিব, তথাপিও পাহৰি যায়। পিতাই কয় – নিজক আত্মা বুলি বুজি মোক পতিত-পাৱন পিতাক স্মৰণ কৰা। পিতা জ্ঞানৰ সাগৰ নহয় জানো। তেৱেঁই গীতা জ্ঞান দাতা। স্বৰ্গৰ বাদশ্বাহী অথবা সৎগতি দিয়ে। কৃষ্ণক জ্ঞানৰ সাগৰ বুলি ক’ব নোৱাৰি। সাগৰ এখনেই থাকে। এই ধৰণীৰ চাৰিওফালে সাগৰেই সাগৰ আছে। সকলো সাগৰ এখনেই। আকৌ তাক ভাগ কৰা হৈছে। তোমালোক বিশ্বৰ মালিক হোৱা গতিকে গোটেই সাগৰ, ধৰণীৰ মালিক তোমালোক হোৱা। এনেকৈ কোনেও ক’ব নোৱাৰে, এয়া আমাৰ খণ্ড। আমাৰ সীমাৰ ভিতৰলৈ নাহিবা। ইয়াততো সাগৰকো খণ্ড খণ্ড কৰি দিছে। তোমালোকে বুজি পোৱা যে সমগ্ৰ বিশ্বই ভাৰত আছিল, য’ৰ তোমালোক মালিক আছিলা। গীতো আছে - বাবা আপোনাৰ পৰা আমি বিশ্বৰ বাদশ্বাহী লওঁ যাক কোনেও কাঢ়ি ল’ব নোৱাৰে। ইয়াত চোৱা পানীৰ কাৰণেও যুদ্ধ। পানীৰ কাৰণে ইজনে সিজনক লাখ লাখ টকা দিবলগীয়া হয়। তোমালোক সন্তানসকলে সমগ্ৰ বিশ্বৰ বাদশ্বাহী কল্প পূৰ্বৰ দৰে পাই আছা। পিতাই জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰদান কৰিছে। জ্ঞান দাতা হয়েই পৰমপিতা পৰমাত্মা। এই সময়ত আহি জ্ঞান দিয়ে। সত্যযুগত লক্ষ্মী-নাৰায়ণৰ এই জ্ঞান নাথাকিব। অৱশ্যে হয়, এনেকৈ ক’ব যে পূৰ্বৰ জন্মত জ্ঞান লৈ এয়া হৈছোঁ। তোমালোকেই আছিলা। তোমালোকে কোৱা - বাবা আপুনি সেইজনেই। আপুনি আমাক বিশ্বৰ মালিক কৰি তুলিছিল। পিতাই কয় – মোৰ মত কোনো দীঘলীয়া নহয়। সেই পঢ়া কিমান দীঘলীয়া হয়। এয়াতো বহুত সহজ। ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তক তোমালোকে জানি আনকো শুনাই থাকা। কেনেকৈ 84 ৰ চক্ৰ পৰিক্ৰমা লগালোঁ। এতিয়া পিতাৰ ওচৰলৈ উভতি যাব লাগে। এয়াও পিতাই শুনাইছে – মায়াৰ ধুমুহা বহুত আহিব, ইয়াক ভয় নকৰিবা। ৰাতিপুৱা উঠি বহিবা, বুদ্ধি আন আন খেয়ালত (চিন্তনত) গুচি যাব। দুই মিনিটো স্মৃতি নাথাকিব। পিতাই কয় - ভাগৰি নপৰিবা। বাৰু এক মিনিট স্মৃতি থাকিল আকৌ কাইলৈ বহিবা, পৰহিলৈ বহিবা। অন্তৰত এইটো দৃঢ় নিশ্চয় কৰা যে মই স্মৰণ কৰিব লাগে। যদি কোনোবা বিকাৰত গৈছে তেন্তে আকৌ বহুত ধুমুহা আহিব। পৱিত্ৰতাই হৈছে মুখ্য। আজি এইখন সৃষ্টি পতিত বেশ্যালয়। কাইলৈ পাৱন শিৱালয় হ’ব। জানা যে এয়া পুৰণা শৰীৰ। পিতাক স্মৰণ কৰি থাকিলে তেতিয়া যিকোনো সময়ত শৰীৰ এৰিবলগীয়া হ’লে তেতিয়া স্বৰ্গলৈ যোৱাৰ লায়ক হৈ যাব। পিতাৰ পৰা কিবা নহয় কিবা জ্ঞানতো শুনিছে নহয়। এনেকুৱাও আছে যিসকল ইয়াৰ পৰা আঁতৰি গৈছে আকৌ আহি নিজৰ উত্তৰাধিকাৰ লৈ আছে। এইটোও বুজোৱা হৈছে যে অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হ’ব। ধৰি লোৱা কোনোবাই শৰীৰ এৰিলে, জ্ঞানৰ সংস্কাৰ লৈ গৈছে গতিকে সৰুকালৰ পৰাই এইফালে তেওঁ আকৰ্ষিত হ’ব। যদিওবা কৰ্মেন্দ্ৰিয় অপৈণত, কথা ক’ব নোৱাৰে কিন্তু আকৰ্ষিত কৰি ল’ব। সৰুকালৰ পৰাই সংস্কাৰ ভাল হ’ব। সুখদায়ী হ’ব। আত্মাকেই পিতাই শিকায় নহয় জানো। যেনেকৈ পিতাই সৈনিকসকলৰ উদাহৰণ দি বুজায়। সংস্কাৰ লৈ যায় গতিকে সেনাবাহিনীত আকৌ ভৰ্তি হৈ যায়। যেনেকৈ শাস্ত্ৰ অধ্যয়ন কৰোঁতাসকলে সংস্কাৰ লৈ যায় তেতিয়া সৰুকালতে শাস্ত্ৰ মুখস্থ হৈ যায়। তেওঁলোকৰ মহিমাও হয়। গতিকে ইয়াৰ পৰা যিসকল যায় সৰুকালৰ পৰাই মহিমা হয়। আত্মাইহে জ্ঞান ধাৰণ কৰে নহয় জানো। বাকী থকা হিচাপ-নিকাচ নিষ্পত্তি কৰিবলগীয়া হয়। স্বৰ্গলৈতো যাব নহয় জানো। পিতাৰ ওচৰলৈ আহি নমস্কাৰ জনাব। প্ৰজাতো অনেক হ’ব। পিতাৰ পৰাতো উত্তৰাধিকাৰ ল’ব। অন্তিমত এনেকৈ কোৱা হৈছে নহয় – অহো প্ৰভু তোমাৰ লীলা….

এতিয়া তোমালোকে বুজি পোৱা – অহো বাবা আপোনাৰ লীলা নাটকৰ পৰিকল্পনা অনুসৰি এনেকুৱাই। বাবা আপোনাৰ কৰ্ম-কাণ্ড সকলো মনুষ্যতকৈ অনন্য। যিসকলে পিতাৰ ভাল সেৱা কৰে তেওঁলোকে আকৌ পুৰস্কাৰো বৰ ভাল পায়। বিজয় মালাত গঁথা যায়। এয়া হ’ল আত্মিক জ্ঞান, যি পিতা আত্মাই আত্মাসকলক দিয়ে। সকলো মনুষ্যইতো শৰীৰকে স্মৰণ কৰিব, ক’ব শিৱানন্দ, গংগেশ্বৰানন্দ…. আদিয়ে এই জ্ঞান দিয়ে। ইয়াততো ক’ব নিৰাকাৰ শিৱবাবাই জ্ঞান দিয়ে। মই উচ্চতকৈও উচ্চ হওঁ। মোৰ (আত্মাৰ) নাম হ’ল ‘শিৱ’। “শিৱ পৰমাত্মায়ে নমঃ” বুলি কয়। আকৌ ব্ৰহ্মা, বিষ্ণু, শঙ্কৰক ক’ব “দেৱতায়ে নমঃ”, এওঁলোকো ৰচনা, তেওঁলোকৰ পৰা কোনো উত্তৰাধিকাৰ পাব নোৱাৰে। তোমালোক পৰস্পৰ ভাই ভাই। ভাইক স্মৰণ কৰিলে উত্তৰাধিকাৰ নাপাবা। এৱোঁ (ব্ৰহ্মা দাদা) তোমালোকৰ ভাই, বিদ্যাৰ্থী নহয় জানো। পঢ়ি আছে, এওঁৰ পৰা উত্তৰাধিকাৰ নাপাবা। এওঁ নিজেই উত্তৰাধিকাৰ লৈ আছে শিৱবাবাৰ পৰা। প্ৰথমে এওঁ শুনে। পিতাক কওঁ - বাবা মইতো আপোনাৰ প্ৰথম সন্তান। আপোনাৰ পৰা মই কল্পই কল্পই উত্তৰাধিকাৰ লওঁ। কল্পই কল্পই আপোনাৰ ৰথ হওঁ। শিৱৰ ৰথ ব্ৰহ্মা। ব্ৰহ্মাৰ দ্বাৰা বিষ্ণুপুৰীৰ স্থাপনা। তোমালোক ব্ৰাহ্মণসকলো সহায়কাৰী হোৱা, আকৌ তোমালোক মালিক হ’বাগৈ। এতিয়া তোমালোকে জানা আমি 5 হাজাৰ বছৰ পূৰ্বৰ দৰেই পিতাৰ দ্বাৰা ৰাজ্য-ভাগ্য লওঁ, যিসকলে কল্প পূৰ্বে ৰাজ্য-ভাগ্য লৈছে, তেওঁলোকেই আহিব। প্ৰত্যেকৰে পুৰুষাৰ্থৰ পৰা গম পোৱা যায় – কোন মহাৰজা-মহাৰাণী হ’ব, কোন প্ৰজা হ’ব। অন্তিমৰ ফালে তোমালোকৰ সকলো সাক্ষাৎকাৰ হ’ব। সকলো পুৰুষাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে। উৎসৰ্গিতও হ’বলগীয়া হয়। পিতাই কয় – মই গৰিবৰ ত্ৰাণকৰ্তা। তোমালোক গৰিবেই মোৰ প্ৰতি উৎসৰ্গিত হোৱা। দান সদায় গৰিবকহে দিয়া হয়। ধৰি লোৱা কোনোবাই কলেজ খুলি দিয়ে, সেয়া কোনো গৰিবক দান দিয়া নহয়। সেয়া কোনো ঈশ্বৰৰ অৰ্থে নহয়, কিন্তু দানতো কৰে নহয়। কলেজ খুলি দিয়ে গতিকে তাৰ ফল পায়। পাছৰ জন্মত পঢ়া-শুনাত ভাল হ’ব। এইটো আশীৰ্বাদ পায়। ভাৰততেই সকলোতকৈ বেছি দান-পুণ্য হয়। এই সময়ততো বহুত দান হয়। তোমালোকে পিতাক দান কৰা। পিতাই তোমালোকক দান কৰে। তোমালোকৰ পৰা পুৰণা (মূল্যহীন) সামগ্ৰী লৈ তোমালোকক বিশ্বৰ বাদশ্বাহী দিয়ে। এই সময়ত তোমালোকে তন-মন-ধন সকলো পিতাক দানত দিয়া। সেই লোকসকল মৰিলে তেতিয়া ইচ্ছা-পত্ৰ (উইল) কৰি যায়। অমুক আশ্ৰমক দিবা বা এয়া আৰ্যসমাজে লৈ ল’ব। বাস্তৱত দান গৰিবক দিয়া হয়, যিসকল ভোকত থাকে। এতিয়া ভাৰত গৰিব নহয় জানো। সত্যযুগত ভাৰত কিমান চহকী হয়। তোমালোকে জানা তাত তোমালোকৰ যিমান শস্য ধন আদি থাকে সিমান আৰু কাৰো ওচৰত থাকিব নোৱাৰে। তাততো একো পইচা নালাগে। এমুঠি চাউল দান কৰে, তেতিয়া প্ৰতিদানত 21 জন্মৰ কাৰণে মহল পাই যায়। সম্পত্তিও পাব। এতিয়া তত্বও তমোপ্ৰধান হোৱাৰ কাৰণে দুখ দিয়ে, তাত তত্ব সতোপ্ৰধান হয়। তোমালোকে জানা – সত্যযুগত কোন কোন আহিব। আকৌ দ্বাপৰত অমুক অমুক আহিব। কলিযুগৰ অন্তত সৰু সৰু ঠাল মঠ পন্থ আদি ওলাই থাকে নহয়। এতিয়া তোমালোকৰ বুদ্ধিত বৃক্ষ, নাটক আদিৰ জ্ঞান আছে। পিতাৰ ভূমিকাৰ বিষয়েও জানা। মহাভাৰতৰ যুদ্ধত দেখুৱায় – 5 পাণ্ডৱ ৰক্ষা পৰিল। বাৰু পাছত কি হ’ল? নিশ্চয় যিসকলে ৰাজযোগ শিকিলে তেওঁলোকেই গৈ ৰাজত্ব কৰিব নহয় জানো। আগতে তোমালোকেও কিবা জানিছিলা জানো। বাবায়ো গীতা আদি পঢ়িছিল। নাৰায়ণৰ ভক্তি কৰিছিল। গীতাৰ প্ৰতিও বহুত মৰম আছিল। ৰেলত যাওঁতেও গীতা পঢ়িছিল। এতিয়া উপলব্ধি কৰিলে একোৱেই বুজা নাছিল, টেমাত শিলগুটি। ভক্তিমাৰ্গত যিকিছু কৰি আহিলোঁ কিন্তু উদ্ধাৰতো নহ’ল। জগতততো কিমান কাজিয়া। ইয়াতোতো সকলো পৱিত্ৰ হ’ব নোৱাৰে, সেইকাৰণে কাজিয়া হয়। পিতাই শৰণাগত কৰি লয়ো আকৌ কয় - বেমাৰ নিশ্চয় উথলি উঠিব। সন্তান আদি স্মৃতিলৈ আহিব, ইয়াত নষ্টোমোহা হ’বলগীয়া হয়। বুজিব লাগে - মই মৰি গ’লোঁ। পিতাৰ হৈ গ’লোঁ এই জগতৰ পৰা মৰি গ’লোঁ। তেতিয়া শৰীৰৰ বোধ নাথাকে। পিতাই কয় – দেহ সহিত যিবোৰ সম্বন্ধ আছে, সেয়া পাহৰি যাব লাগে। এই জগতত যিয়েই দেখিবলৈ পোৱা সেয়া যেন একোৱেই নাই। এই পুৰণা শৰীৰো এৰিব লাগে। আমি ঘৰলৈ যাব লাগে। ঘৰলৈ গৈ আকৌ আহি নতুন সুন্দৰ শৰীৰ ল’ম। এতিয়া শ্যামবৰণীয়া আকৌ সুন্দৰ হ’মগৈ। ভাৰত এতিয়া শ্যামবৰণীয়া, আকৌ সুন্দৰ হ’ব। এতিয়া ভাৰত হ’ল কাঁইটৰ জংঘল। সকলোৱে ইজনে সিজনক কাঁইট হৈ বিন্ধি থাকে। কোনো কথাত বিতুষ্ট হ’লে তেতিয়া গালি দিয়ে, কাজিয়া লাগি যায়। তোমালোক সন্তানসকল ঘৰতো বহুত মিঠা (অমায়িক) হৈ থাকিব লাগে। নহ’লে মনুষ্যই ক’ব - এওঁতো 5 বিকাৰ দান দিছে আকৌ ক্ৰোধ কিয় কৰে। ক্ৰোধ দান দিয়া নাই চাগৈ। পিতাই কয় - সন্তানসকল জোলোঙাত ভৰাই 5 বিকাৰ দানত দি দিয়া তেতিয়া তোমালোকৰ গ্ৰহণ আঁতৰি যাব। চন্দ্ৰমাৰ গ্ৰহণ লাগে নহয়। তোমালোকো এতিয়া সম্পূৰ্ণ হোৱা সেয়েহে পিতাই কয় - এই বিকাৰ দানত দি দিয়া। তোমালোকে স্বৰ্গৰ বাদশ্বাহী পোৱা। আত্মাই পিতাৰ পৰা উত্তৰাধিকাৰ পায়। আত্মাই কয় - এই পুৰণি সৃষ্টিত বাকী অলপ সময় আছে। কাম সমাপন কৰি দিব লাগে। সকলো প্ৰকাৰৰ চিন্তা আঁতৰাই দিব লাগে। বাবাই জানে অনেক প্ৰকাৰৰ চিন্তা আহিব। পেছাগত কাম-কাজৰ চিন্তা আহিব। ভক্তিমাৰ্গত ভক্তি কৰাৰ সময়ত গ্ৰাহক, বেপাৰ-বাণিজ্য স্মৃতিলৈ আহিলে তেতিয়া আকৌ নিজকে চিকুটি দিয়ে। মই নাৰায়ণৰ স্মৃতিত বহি আছোঁ আকৌ এই কথাবোৰ স্মৃতিলৈ কিয় আহিল! গতিকে ইয়াতো এনেকুৱা হয়। যেতিয়া এই আত্মিক সেৱাত ভালদৰে লাগি যায় তেতিয়া আকৌ বুজোৱা হয় – বাৰু বেপাৰ-বাণিজ্য এৰা। বাবাৰ সেৱাত লাগি যোৱা। কোৱা হয় - এৰিলেহে এৰা খাব। দেহ-অভিমান এৰি গৈ থাকা। কেৱল পিতাক স্মৰণ কৰা তেতিয়া বান্দৰৰ পৰা মন্দিৰৰ লায়ক হৈ যাবা। ভোমোৰা, কাছৰো উদাহৰণ পিতাই দিয়ে যিবোৰৰ আকৌ ভক্তিমাৰ্গত সেই লোকসকলে দৃষ্টান্ত দিয়ে। এতিয়া তোমালোকে জানা পোক কোন। তোমালোক হ’লা ব্ৰাহ্মণী। তোমালোকে ভোঁ ভোঁ কৰা। এইটো দৃষ্টান্ত এতিয়াৰ। তেওঁলোকে ক’ব নোৱাৰে। উৎসৱ আদি সকলো এই সময়ৰ। সত্যযুগ ত্ৰেতাত কোনো উৎসৱ নাথাকে। এই সকলোবোৰ হ’ল ভক্তিমাৰ্গৰ। এতিয়া চোৱা কৃষ্ণ জয়ন্তী হৈ গ’ল। মাটিৰ কৃষ্ণ সাজিলে, তেওঁৰ পূজা কৰিলে আকৌ গৈ হ্ৰদত ডুবাই দিলে। এতিয়া তোমালোকে বুজি পোৱা এইবোৰ কি কৰে। এয়া হ’ল অন্ধশ্ৰদ্ধা। তোমালোকে কাৰোবাক বুজালে তেওঁলোকে নুবুজিব। কাৰোবাৰ বেমাৰ আদি হ’লে তেতিয়া ক’ব তোমালোকে কৃষ্ণৰ পূজা এৰি দিলা সেইকাৰণে এনেকুৱা অৱস্থা হৈছে। এনেকৈ বহুতে আশ্চৰ্যজনকভাৱে শুনে, কয়, আঁতৰি গুচি যায় সেইকাৰণে ব্ৰাহ্মণৰ মালা হ’ব নোৱাৰে। উচ্চতকৈও উচ্চ এই ব্ৰাহ্মণ কুল ভূষণ। কিন্তু ব্ৰাহ্মণৰ মালা হ’ব নোৱাৰে। তোমালোকৰ বুদ্ধিত আছে এয়া শিৱবাবাৰ মালা আকৌ আমি গৈ সত্যযুগত ক্ৰমানুসৰি বিষ্ণুৰ মালাৰ মণি হ’মগৈ। তোমালোকৰ এটি এটি শব্দ এনেকুৱা যে কোনেও বুজিব নোৱাৰে। পিতাই পঢ়াই থাকে। বৃদ্ধি হৈ গৈ থাকে। প্ৰদৰ্শনীলৈ কিমান আহে। কয়ো যে আমি আহি বুজিম আকৌ ঘৰলৈ গ’ল আৰু শেষ। তাৰ কথা তাতেই থাকিল। কয় - প্ৰভুক পোৱাৰ বহুত ভাল মাৰ্গ দেখুৱায়। কিন্তু মই সেইমতে চলোঁ, উত্তৰাধিকাৰ লওঁ এইটো বুদ্ধিত উদয় নহয়। ব্ৰহ্মাকুমাৰীসকলে বহুত ভাল সেৱা কৰি আছে। বচ্‌ সিমানেই, হেৰ’ তোমালোকেও বুজাচোন। পাৰ্থিৱ সেৱা কৰি থাকা। এতিয়া এই আত্মিক সেৱা কৰা। সমাজৰ সেৱাতো সকলো মনুষ্যই কৰি থাকে। বিনামূলীয়াকৈ কোনেওতো সেৱা নকৰে। নহ’লে খাব ক’ৰ পৰা। এতিয়া তোমালোক সন্তানসকলে বহুত ভাল সেৱা কৰা। তোমালোকৰ ভাৰতৰ কাৰণে বহুত দয়া ওপজে। আমাৰ ভাৰত কি আছিল আকৌ ৰাৱণে কি অৱস্থালৈ আনিলে। এতিয়া আমি পিতাৰ শ্ৰীমতত চলি উত্তৰাধিকাৰ নিশ্চয় ল’ম।

এতিয়া তোমালোকে জানা যে আমি হৈছোঁ সংগমযুগী, বাকী সকলো হৈছে কলিযুগী। আমি সিপাৰলৈ গৈ আছোঁ। যিসকল পিতাৰ স্মৃতিত ভালদৰে থাকিব তেওঁলোকে বহি বহি স্মৰণ কৰি কৰি শৰীৰ এৰি দিব। বচ্‌ আকৌ আত্মা উভতি নাহিব। বহি বহি পিতাৰ স্মৃতিত গ’ল। ইয়াত হঠযোগ আদিৰ কোনো কথা নাই। যেনেকৈ দেখিবলৈ পোৱা ধ্যানত বহি বহি গুচি যায়, তেনেকৈ তোমালোকে বহি বহি এই শৰীৰ এৰি দিবা। সূক্ষ্মবতনলৈ গৈ আকৌ পিতাৰ ওচৰলৈ গুচি যাবা। যিসকলে স্মৃতিৰ যাত্ৰাত থকাৰ বহুত পৰিশ্ৰম কৰিব তেওঁলোকে এনেকৈ শৰীৰ এৰি দিব। সাক্ষাৎকাৰ হৈ যায়। যেনেকৈ আৰম্ভণিত তোমালোকৰ বহুত সাক্ষাৎকাৰ হৈছিল তেনেকৈ অন্তিমৰ ফালেও তোমালোকে বহুত দেখিবা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) মন্দিৰৰ লায়ক হ’বলৈ দেহ-অভিমান এৰি দিব লাগে। আত্মিক সেৱাত লাগি যাব লাগে।

(2) এতিয়া ঘৰলৈ যোৱাৰ সময় সেইকাৰণে যি হিচাপ-নিকাচ আছে, বেপাৰ-বাণিজ্যৰ খেয়াল আছে, সেইবোৰ আঁতৰাই দিব লাগে। স্মৃতিৰ যাত্ৰাত থকাৰ পৰিশ্ৰম কৰিব লাগে।

বৰদান:
সৎসংগৰ দ্বাৰা আত্মিক ৰং লগাওঁতা সদায় হৰ্ষিত আৰু ডবল লাইট হোৱা

যিসকল সন্তানে পিতাক অন্তৰৰ সঁচা সংগী কৰি লয়, তেওঁলোকৰ সংগৰ আত্মিক ৰং সদায় লাগি থাকে। বুদ্ধিৰ দ্বাৰা সত্য বাবা, সত্য শিক্ষক আৰু সৎগুৰুৰ সংগ লোৱা — এয়াই সৎসংগ। যিসকল এই সৎসংগত থাকে, তেওঁলোক সদায় হৰ্ষিত আৰু ডবল লাইট হৈ থাকে। তেওঁলোকৰ কোনো ধৰণৰ বোজাৰ অনুভৱ নহয়। তেওঁলোকে এনে অনুভৱ কৰে যেন তেওঁলোক ভৰপূৰ হৈ আছে, আনন্দৰ খনি মোৰ লগত আছে, পিতাৰ যিয়েই আছে সেয়া সকলো মোৰ হৈ গ’ল।

স্লোগান:
নিজৰ মধুৰ বাণী আৰু উৎসাহ-উদ্দীপনাৰ সহযোগেৰে হতাশগ্ৰস্তসকলক শক্তিমান কৰা।


অব্যক্ত ইংগিত: পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰা

পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হ’বলৈ প্ৰত্যেক আত্মাৰ কেৱল গুণসমূহক চোৱা। কাৰোবাৰ দুৰ্বলতা বা অৱগুণ দেখিও নিজৰ শুভ ভাৱনাৰে, সহযোগৰ কামনাৰে সেই আত্মাসকলকো গুণৱান কৰি তোলাৰ শক্তি দান দিয়া। নিজৰ সময়, সুখ, নাম, মান-সম্ভ্ৰম সকলো প্ৰাপ্তিৰ ইচ্ছা উছৰ্গিত কৰি, লোৱাৰ ইচ্ছা ত্যাগ কৰি মহাদানী হোৱা, তেতিয়াহে পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন বুলি কোৱা হ’ব।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]