01.11.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এই সময়ত নিৰাকাৰ পিতা সাকাৰত আহি (ব্ৰহ্মাৰ দ্বাৰা) তোমালোকৰ অলংকৰণ কৰে, অকলে নকৰে"
 

প্ৰশ্ন:
তোমালোক সন্তানসকল স্মৃতিৰ যাত্ৰাত কিয় বহা?

উত্তৰ:
1) কিয়নো তোমালোকে জানা যে এই স্মৃতিৰেহে আমি দীৰ্ঘায়ু লাভ কৰো, আমি নিৰোগী হৈ যাওঁ। 2) স্মৰণ কৰিলে আমাৰ পাপ নাশ হয়। আমি সঁচা সোণ হৈ যাওঁ। আত্মাৰ পৰা ৰজো- তমোৰ খাদ আঁতৰি যায়, আত্মা কাঞ্চন (পৱিত্র) হৈ যায়। 3) স্মৃতিৰেই তোমালোক পৱিত্র সৃষ্টিৰ মালিক হৈ যাবাগৈ। 4) তোমালোকৰ অলংকৰণ হ'ব। 5) তোমালোক বহুত ধনৱান হৈ যাবা। এই স্মৃতিয়েই তোমালোকক পদ্‌মাপদ্‌ম ভাগ্যশালী কৰি তোলে।

ওঁম্শান্তি।
আত্মিক সন্তানসকলক আত্মিক পিতাই বুজাই আছে। ইয়াত বহি তোমালোকে কি কৰা? এনেকুৱা নহয় যে কেৱল শান্তিত বহি আছা। অৰ্থ সহিত জ্ঞানযুক্ত অৱস্থাত বহি আছা। তোমালোক সন্তানসকলৰ জ্ঞান আছে - পিতাক আমি কিয় স্মৰণ কৰোঁ। পিতাই আমাক বহুত দীৰ্ঘায়ু কৰি তোলে। পিতাক স্মৰণ কৰিলে আমাৰ পাপ নাশ হ'ব। আমি সঁচা সোণ সতোপ্ৰধান হৈ যাম। তোমালোকৰ কিমান অলংকৰণ হয়। তোমালোকৰ আয়ুস বৃদ্ধি হৈ যাব। আত্মা কাঞ্চন হৈ যাব। এতিয়া আত্মাত খাদ পৰি আছে। স্মৃতিৰ যাত্ৰাৰ দ্বাৰা ৰজো-তমোৰ যি খাদ পৰিছে সেয়া সকলো আঁতৰি যাব। ইমানেই তোমালোকৰ লাভ হয়। আকৌ আয়ুস বৃদ্ধি হৈ যাব। তোমালোক স্বৰ্গৰ নিবাসী হৈ যাবা আৰু বহুত ধনৱানো হ'বাগৈ। তোমালোক পদ্‌মাপদ্‌ম ভাগ্যশালী হৈ যাবা সেয়েহে পিতাই কয় - মনমনাভৱ, মামেকম্‌ (কেৱল মোকেই) স্মৰণ কৰা। কোনো দেহধাৰীক স্মৰণ কৰিবলৈ নকয়। পিতাৰতো শৰীৰ নাই। তোমালোক আত্মাও আচলতে নিৰাকাৰী আছিলা। আকৌ পুনৰ্জন্মত আহি আহি পাৰস বুদ্ধিৰ পৰা পাথৰ বুদ্ধিৰ হৈ গ'লা। এতিয়া পুনৰ কাঞ্চন হ’ব লাগে। এতিয়া তোমালোক পৱিত্র হৈ আছা। পানীৰে স্নানতো জন্ম-জন্মান্তৰ কৰিলা। এনেকৈ ভাবিলা যে ইয়াৰ দ্বাৰা পৱিত্র হৈ যাম কিন্তু পৱিত্র হোৱাৰ সলনি আৰুহে পতিত হৈ লোকচান কৰিলা কিয়নো এয়া হয়েই মিছা মায়া, সকলোৰে মিছা কোৱাৰ সংস্কাৰ আছে। পিতাই কয় - মই তোমালোকক পাৱন কৰি যাওঁ আকৌ তোমালোকক কোনে পতিত কৰিলে? এতিয়া তোমালোকে অনুভৱ নকৰা জানো। কিমান গংগা স্নান কৰিলা কিন্তু পাৱনতো নহ’লা। পাৱন হৈতো পাৱন সৃষ্টিলৈ যাব লাগে। শান্তিধাম আৰু সুখধাম হৈছে পাৱন ধাম। এইখনতো হয়েই ৰাৱণৰ সৃষ্টি, ইয়াক দুখধাম বুলি কোৱা হয়। এয়াতো বুজিবলৈ সহজ কথা নহয় জানো। ইয়াত কোনো কঠিনতা নাই। আনক শুনাবলৈও কঠিন নহয়। যেতিয়া কাৰোবাক লগ পোৱা তেতিয়া কেৱল এইটো ক'বা - নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। আত্মাসকলৰ পিতা হৈছে পৰমপিতা পৰমাত্মা শিৱ। সকলোৰে শৰীৰৰ পিতাতো বেলেগ বেলেগ। আত্মাসকলৰতো পিতা এজনেই। কিমান ভালকৈ বুজায় আৰু হিন্দীতে বুজায়। হিন্দী ভাষাটোৱে হৈছে মুখ্য। তোমালোকে পদ্‌মাপদ্‌ম ভাগ্যশালী বুলি এই দেৱী-দেৱতাসকলকে নক’বা জানো। এওঁলোক কিমান ভাগ্যশালী। এইটো কোনেও নাজানে যে এওঁলোক স্বৰ্গৰ মালিক কেনেকৈ হ’ল। এতিয়া তোমালোকক পিতাই শুনাই আছে। এই সহজ যোগৰ দ্বাৰা পুৰুষোত্তম সংগমযুগতে এনেকুৱা হৈ যায়। এতিয়া হৈছে পুৰণি সৃষ্টি আৰু নতুন সৃষ্টিৰ সংগম। পুনৰ তোমালোক নতুন সৃষ্টিৰ মালিক হৈ যাবা। এতিয়া পিতাই কেৱল কয় - দুটা শব্দ অৰ্থ সহিত স্মৰণ কৰা। ‘গীতা’ত আছে ‘মনমনাভৱ’। শব্দটো পঢ়ে কিন্তু অৰ্থ একোৱে বুজি নাপায়। পিতাই কয় - মোক স্মৰণ কৰা কিয়নো মইহে পতিত-পাৱন, আন কোনেও এনেকৈ ক’ব নোৱাৰে। পিতাইহে কয় - মোক স্মৰণ কৰিলে তোমালোক পাৱন হৈ পাৱন সৃষ্টিলৈ গুচি যাবা। প্ৰথমতে তোমালোক সতোপ্ৰধান আছিলা আকৌ পুনৰ্জন্ম লৈ লৈ তমোপ্ৰধান হৈ গ’লা। এতিয়া 84 জন্মৰ পাছত তোমালোক আকৌ নতুন সৃষ্টিত দেৱতা হোৱাগৈ।

ৰচয়িতা আৰু ৰচনা দুয়োটাকে তোমালোকে জানি গ’লা। গতিকে তোমালোক এতিয়া আস্তিক হৈ গ’লা। আগতে জন্ম-জন্মান্তৰ তোমালোক নাস্তিক আছিলা। এই কথা যিজন পিতাই শুনায় সেয়া আন কোনেও নাজানে। য’লৈকে নোযোৱা তোমালোকক এই কথাবোৰ কোনেও নুশুনায়। এতিয়া দুয়োজন পিতাই তোমালোকৰ অলংকৰণ কৰি আছে। প্ৰথমতেতো পিতা অকলে আছিল। শৰীৰ ৰহিত আছিল। ওপৰত বহি তোমালোকৰ অলংকৰণ কৰিব নোৱাৰে। এনেকৈ কয় নহয় যে 1 আৰু 2 লগ লাগি 12 হয় বাকী প্ৰেৰণা বা শক্তি আদিৰ কথা নাই। ওপৰৰ পৰা প্ৰেৰণাৰে পাব নোৱাৰি। নিৰাকাৰে যেতিয়া সাকাৰৰ আধাৰ লয় তেতিয়াহে তোমালোকৰ অলংকৰণ কৰে। বুজিও পায় - বাবাই আমাক সুখধামলৈ লৈ যায়। ড্ৰামাৰ পৰিকল্পনা অনুসৰি বাবা বান্ধ খাই আছে, তেওঁৰ কৰ্তব্যও নিৰ্দ্ধাৰিত কৰা আছে। প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত তোমালোক সন্তানসকলৰ বাবে আহে। এই যোগবলৰ দ্বাৰা তোমালোক কিমান কাঞ্চন হৈ যোৱা। আত্মা আৰু শৰীৰ দুয়ো কাঞ্চন হৈ যায় আকৌ ছিঃ ছিঃ হৈ যায়। এতিয়া তোমালোকে সাক্ষাৎকাৰ কৰা - এই পুৰুষাৰ্থৰ দ্বাৰা মই এনেকুৱা অলংকৃত হ’মগৈ। তাত আসুৰিক দৃষ্টি নাথাকে। তথাপিও সকলো অংগ ঢাকি ৰাখিব। ইয়াত চোৱা ৰাৱণৰাজ্যত ছিঃ ছিঃ কথা শিকে। এই লক্ষ্মী-নাৰায়ণক চোৱা পোচাক আদি কিমান সুন্দৰ। ইয়াত সকলো দেহ-অভিমানী। তেওঁলোকক দেহ-অভিমানী বুলি কোৱা নহয়। তেওঁলোকৰ স্বাভাৱিক সৌন্দৰ্য্য থাকে। পিতাই তোমালোকক এনেকুৱা স্বাভাৱিক সৌন্দৰ্যৰ অধিকাৰী কৰি তোলে। আজিকালিতো আচল অলংকাৰ কোনেও পিন্ধিবও নোৱাৰে। কোনোবাই পিন্ধিলেও সেয়া কাঢ়ি লৈ যাব। তাততো এনেকুৱা কোনো কথা নাথাকে। এনেহেন পিতা তোমালোকে পাইছা, এওঁৰ অবিহনেতো তোমালোক তেনেকুৱা হ’ব নোৱাৰা। বহুতে কয়, মইতো পোনপটীয়াকৈ পিতাৰ পৰা লওঁ। কিন্তু তেওঁ দিবনো কেনেকৈ। লাগিলে চেষ্টা কৰি চোৱা পোনপটীয়াকৈ বিচৰা। চোৱা প্ৰাপ্তি হয়নে! এনেকৈ বহুতে কয় – মইতো শিৱবাবাৰ পৰা উত্তৰাধিকাৰ ল’ম। ব্ৰহ্মাক সোধাৰ কি দৰকাৰ। শিৱবাবাই প্ৰেৰণাৰে কিবা দি দিব! ভাল ভাল পুৰণা সন্তানসকলকো মায়াই এনেকৈ কাটি পেলায়। এজনক মানে কিন্তু এজনে কি কৰিব। পিতাই কয়, মই এজন কেনেকৈ আহিম। মুখ নোহোৱাকৈ কথা কেনেকৈ ক’ম। মুখৰতো গায়ন আছে নহয়। গো-মুখৰ পৰা অমৃত ল’বলৈ কিমান ঠেলা-হেঁচা কৰে। আকৌ শ্ৰীনাথ দ্বাৰলৈ গৈ দৰ্শন কৰে। কিন্তু তেওঁৰ দর্শন কৰিলে কি হ’ব। ইয়াক কোৱা হয় তত্ত্ব (ভূত) পূজা। তাত আত্মাতো নাই। বাকী 5 তত্বৰ পুতলা সাজি থোৱা আছে অৰ্থাৎ মায়াক স্মৰণ কৰা হৈ গ’ল। 5 তত্ত্ব প্ৰকৃতি নহয় জানো। তত্ত্বক স্মৰণ কৰিলে কি হ’ব? প্ৰকৃতিৰ আধাৰতো সকলোৰে আছে কিন্তু তাত হৈছে সতোপ্ৰধান প্ৰকৃতি। ইয়াত হৈছে তমোপ্ৰধান প্ৰকৃতি। পিতাই সতোপ্ৰধান প্ৰকৃতিৰ আধাৰ কেতিয়াও ল’বলগীয়া নহয়। ইয়াততো সতোপ্ৰধান প্ৰকৃতি পাব নোৱাৰি। পিতাই কয় - ইয়াত যিসকল সাধু-সন্ত আছে সেই সকলোকে ময়ে উদ্ধাৰ কৰিবলগীয়া হয়। মই নিবৃত্তি মাৰ্গত নাহোঁৱেই। এয়া হয়েই প্ৰবৃত্তি মাৰ্গ। সকলোকে কওঁ - পৱিত্ৰ হোৱা। তাততো নাম-ৰূপ আদি সকলো সলনি হৈ যায়। সেয়েহে পিতাই বুজায় – চোৱা এই নাটকখন কেনেকৈ ৰচি থোৱা হৈছে। এজনৰ চেহেৰা আনজনৰ লগত নিমিলে। কিমান কোটি কোটি আছে, সকলোৰে চেহেৰা বেলেগ। কোনোবাই যিমানে যি নকৰক তথাপিও এজনৰ চেহেৰা আনজনৰ লগত মিলিব নোৱাৰে। ইয়াকে কোৱা হয় প্ৰকৃতি, আশ্চৰ্য। স্বৰ্গকো আশ্চৰ্য বুলি কোৱা হয় নহয়। কিমান শোভনীয় হয়। মায়াৰ 7টা আশ্চৰ্য পিতাৰ এটা আশ্চৰ্য। সেই 7টা আশ্চৰ্য তৰাজুৰ এফালে ৰাখা, এই এটা আশ্চৰ্য আনফালে ৰাখা তথাপিও ই ভাৰী হৈ যাব। এফালে জ্ঞান আৰু আনফালে ভক্তিক ৰাখা তেতিয়া জ্ঞানৰ ফালে বহুত ভাৰী হৈ যাব। এতিয়া তোমালোকে বুজি পোৱা যে ভক্তি শিকাওঁতাতো অনেক আছে। জ্ঞান দিওঁতা এজনেই পিতা। সেয়েহে পিতাই বহি সন্তানসকলক পঢ়ায়, অলংকৰণ কৰে। পিতাই কয় - পৱিত্ৰ হোৱা, তেতিয়া কয় - নহয়, আমিতো ছিঃ ছিঃহে হ’ম। গৰুড় পুৰাণতো বিষয় বৈতৰণী নদী দেখুৱাইছে। তেজপিয়া, বিশ্চিক, সাপ আদি সকলোৱে এটাই আনটোক কামুৰি থাকে। পিতাই কয় -তোমালোক কিমান অনাথ হৈ যোৱা। তোমালোক সন্তানসকলকহে পিতাই বুজায়। বাহিৰৰ কাৰোবাক এনেকৈ চিধাকৈ ক’লে বিতুষ্ট হৈ যাব। বহুত যুক্তিৰে বুজাবলগীয়া হয়। বহুত সন্তানৰ বাৰ্তালাপ কৰাৰো সাধাৰণ জ্ঞানখিনি নাই। সৰু শিশু একেবাৰে নিষ্পাপ হয় সেয়েহে সিহঁতক মহাত্মা বুলি কোৱা হয়। ক’ত শ্ৰীকৃষ্ণ মহাত্মা, ক’ত এই সন্ন্যাসী নিবৃত্তি মাৰ্গৰসকলে মহাত্মা বুলি কয়। সেয়া হৈছে প্ৰবৃত্তি মাৰ্গ। তেওঁলোক কেতিয়াও ভ্ৰষ্টাচাৰেৰে জন্ম নহয়। তেওঁলোকক কোৱাই হয় শ্ৰেষ্ঠাচাৰী। এতিয়া তোমালোক শ্ৰেষ্ঠাচাৰী হৈ আছা। সন্তানসকলে জানে যে ইয়াত বাপদাদা দুয়ো একেলগে আছে। দুয়োজনে নিশ্চয় ভালেই অলংকৰণ কৰিব। সকলোৰে অন্তৰে বিচাৰিব - যিয়ে এই সন্তানসকলক এনেকুৱা অলংকৰণ কৰিছে আমিনো কিয় তেওঁৰ ওচৰলৈ নাযাওঁ। সেয়েহে তোমালোক ইয়ালৈ পুনৰুজ্জীৱিত হ’বলৈ আহা। পিতাৰ ওচৰলৈ আহিবলৈ অন্তৰ আকৰ্ষিত হয়। যাৰ পূৰা নিশ্চয় জন্মে তেওঁতো ক’ব - লাগিলে মাৰা, যি ইচ্ছা তাকেই কৰা মই কেতিয়াও সংগ ত্যাগ নকৰো। কিছুমানেতো কোনো কাৰণ নোহোৱাকৈ এৰি দিয়ে। এয়াও ড্ৰামাৰ খেল ৰচি থোৱা আছে। আঁতৰি যায় বা বিচ্ছেদ কৰি দিয়ে।

পিতাই জানে এওঁ ৰাৱণৰ বংশৰ। কল্পই কল্পই এনেকুৱা হয়। কিছুমান আকৌ উভতি আহি যায়। বাবাই বুজায় - হাত এৰি দিলে পদ কম হৈ যায়। সন্মুখত আহে, প্ৰতিজ্ঞা কৰে - মই এনেহেন পিতাক কেতিয়াও ত্যাগ নকৰোঁ। কিন্তু মায়া ৰাৱণো কম নহয়, তৎক্ষণাৎ নিজৰ ফালে আকৰ্ষিত কৰি লয়। পুনৰ সন্মুখত আহিলে তেওঁলোকক বুজোৱা হয়। পিতাই জানো লাঠিৰে কোবাব! পিতাইতো তথাপি মৰমেৰে বুজাব, তোমাক মায়া গ্ৰাহে (ঘঁৰিয়ালে) গিলি পেলালেহেঁতেন, ভাল হ’ল যে বাচি আহি গ’লা। আঘাত প্ৰাপ্ত হ’লে পদ কম হৈ যাব। যি সদায় একৰস হৈ থাকিব তেওঁ কেতিয়াও আঁতৰি নাযাব। কেতিয়াও হাত এৰি নিদিব। ইয়াত পিতাক এৰি মৃত হৈ মায়া ৰাৱণৰ হৈ গ’লে তেতিয়া তেওঁক মায়াই আৰু জোৰেৰে খাই পেলাব। পিতাই কয় - তোমালোকৰ কিমান অলংকৰণ কৰোঁ। বুজোৱা হয়, ভালকৈ চলা, কাকো দুখ নিদিবা। তেজেৰেও লিখি দিয়ে আকৌ যেনেকুৱা আছিল তেনেকুৱাই হৈ যায়। মায়া বহুত বলৱান। নাক-কানত ধৰি একেবাৰে পীড়িত কৰি দিয়ে। এতিয়া তোমালোকক জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰদান কৰে গতিকে আসুৰিক দৃষ্টি কেতিয়াও যাব নালাগে। বিশ্বৰ মালিক হ’বলৈ হ’লে কিবাতো পৰিশ্ৰম কৰিব লাগিব। এতিয়া তোমালোক আত্মা আৰু তোমালোকৰ শৰীৰ দুয়োটা তমোপ্ৰধান। খাদ পৰি গ’ল। এই খাদ ভস্ম কৰিবলৈ পিতাই কয় - মোক স্মৰণ কৰা। তোমালোকে পিতাক স্মৰণ কৰিব নোৱাৰানে, লাজ নালাগেনে। স্মৰণ নকৰিলে মায়াৰ ভূতে তোমালোকক গিলি পেলাব। তোমালোক কিমান ছিঃ ছিঃ হৈ গ’লা, ৰাৱণৰ ৰাজ্যত এনেকুৱা এজনো নাই যি বিকাৰৰ দ্বাৰা জন্ম হোৱা নাই। তাত এই বিকাৰৰ নাম-চিহ্ন নাই, ৰাৱণেই নাই। ৰাৱণৰাজ্য আৰম্ভ হয় দ্বাপৰৰ পৰা। পৱিত্ৰ কৰি তোলোঁতা এজনেই পিতা। পিতাই কয় - সন্তানসকল এই এটা জন্মই পৱিত্ৰ হ’ব লাগে, তাৰ পাছততো বিকাৰৰ কথাই নাথাকে। সেইখন হয়েই নিৰ্বিকাৰী সৃষ্টি। তোমালোকে জানা এওঁলোক পৱিত্ৰ দেৱী-দেৱতা আছিল আকৌ 84 জন্ম লৈ লৈ অৱনমিত হ’ল। এতিয়া হৈছে পতিত সেইবাবে আহ্বান জনায় – শিৱবাবা আমাক এই বিকাৰী সৃষ্টিৰ পৰা মুক্ত কৰক। এতিয়া যেতিয়া পিতা আহিল তেতিয়াহে তোমালোকে বুজি পালা যে এয়া হৈছে পতিত কাম। আগতে বুজা নাছিলা কাৰণ তোমালোক ৰাৱণৰাজ্যত আছিলা। এতিয়া পিতাই কয় - সুখধামলৈ যাবলৈ হ’লে ছিঃ ছিঃ হ’বলৈ এৰা। আধাকল্প তোমালোক ছিঃ ছিঃ হ’লা। শিৰত পাপৰ বোজা বহুত আছে আৰু তোমালোকে গালিও বহুত দিলা। পিতাক গালি দিলে পাপ বহুত বাঢ়ি যায়, এয়াও ড্ৰামাত ভূমিকা আছে। তোমালোক আত্মাসকলেও 84ৰ ভূমিকা প্ৰাপ্ত কৰিছা, সেয়া পালন কৰিবই লাগে। প্ৰত্যেকে নিজৰ ভূমিকা পালন কৰিব লাগে। তেন্তে আকৌ তোমালোকে কিয় কান্দা! সত্যযুগত কোনেও নাকান্দে। আকৌ জ্ঞানৰ দশা পূৰা হ’লে তেতিয়া সেই কন্দা-কটা আৰম্ভ হৈ যায়। মোহজিতৰ কাহানীও তোমালোকে শুনিছা। এয়াতো এক মিছা দৃষ্টান্ত ৰচি দিছে। সত্যযুগত কাৰো অকাল মৃত্যু নহয়। মোহজিৎ কৰি তোলোঁতাতো এজনেই পিতা। পৰমপিতা পৰমাত্মাৰ তোমালোক উত্তৰাধিকাৰী হোৱাগৈ, যিয়ে তোমালোকক বিশ্বৰ মালিক কৰি তোলে। নিজকে সোধা - মই আত্মা তেওঁৰ উত্তৰাধিকাৰী হয়নে? বাকী লৌকিক পঢ়াত কি আছে। আজিকালিতো পতিত মনুষ্যৰ মুখো চাব নালাগে, সন্তানকো দেখুৱাব নালাগে। বুদ্ধিত থাকিব লাগে যে আমি সংমযুগত আছোঁ। এজন পিতাকে স্মৰণ কৰোঁ আৰু বাকী সকলোকে দেখিও নাচাওঁ। আমি নতুন সৃষ্টিকহে চাওঁ। আমি দেৱতা হ’মগৈ, এই নতুন সম্বন্ধকহে চাওঁ। পুৰণা সমন্ধ দেখিও নাচাওঁ। এই সকলোবোৰ ভস্ম হৈ যাব। মই অকলে আহিছোঁ অকলে যাম। পিতা এবাৰেই আহে লগত লৈ যাবৰ বাবে। ইয়াক শিৱবাবাৰ বৰযাত্ৰী বুলি কোৱা হয়। সকলো শিৱবাবাৰেই সন্তান। পিতাই বিশ্বৰ বাদশ্বাহী দিয়ে, মনুষ্যৰ পৰা দেৱতা কৰি তোলে। আগতে বিহ পান কৰিছিলা, এতিয়া অমৃত পান কৰা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজক সত্যযুগৰ নিবাসী বুলি বুজি চলিব লাগে। পুৰণা সম্বন্ধক দেখিও সেয়া চাব নালাগে। বুদ্ধিত এইটো থাকিব লাগে যে মই অকলে আহিছিলোঁ, অকলে যাব লাগিব।

(2) আত্মা আৰু শৰীৰ দুয়োকে কাঞ্চন (পৱিত্ৰ) কৰি তুলিবৰ বাবে জ্ঞানৰ তৃতীয় নেত্ৰৰে চোৱাৰ অভ্যাস কৰিব লাগে। আসুৰি দৃষ্টি সমাপ্ত কৰিব লাগে। জ্ঞান আৰু যোগৰ দ্বাৰা নিজৰ অলংকৰণ কৰিব লাগে।

বৰদান:
মনমনাভৱ হৈ অলৌকিক বিধিৰে মনোৰঞ্জন কৰোঁতা পিতাৰ সমান হোৱা

সংগমযুগত স্মাৰক পৰ্ব উদ্‌যাপন কৰা অৰ্থাৎ পিতাৰ সমান হোৱা। এয়া হৈছে সংগমযুগৰ উদ্‌যাপন। খুব পালন কৰা কিন্তু পিতাৰ সৈতে মিলন উদ্‌যাপন কৰি উদ্‌যাপন কৰা। কেৱল মনোৰঞ্জনৰ ৰূপত নহয় কিন্তু মনমনাভৱ হৈ মনোৰঞ্জন কৰা। অলৌকিক বিধিৰে অলৌকিকতাৰ মনোৰঞ্জন অবিনাশী হৈ যায়। সংগমযুগী দীপাৱলীৰ বিধি হৈছে পুৰণা হিচাপ সমাপ্ত কৰা, প্ৰতিটো সংকল্প, প্ৰতিটো মুহূৰ্ত নতুন অৰ্থাৎ অলৌকিক হওঁক। পুৰণা সংকল্প, সংস্কাৰ-স্বভাৱ, চাল-চলন এই সকলোবোৰ ৰাৱণৰ ধাৰ এইবোৰ দৃঢ় সংকল্পৰে সমাপ্ত কৰা।

স্লোগান:
পৰিস্থিতিলৈ চোৱাৰ সলনি নিজক আৰু পিতাক চোৱা।


সফলতামূৰ্ত হ’বলৈ আজিৰ অব্যক্ত সংকেত:

যিকোনো ক্ষেত্ৰত সফলতামূৰ্ত হ’বলৈ সহনশীলতাৰ গুণ ধাৰণ কৰা। যেনেকৈ কোনো ধৈৰ্যশীল মনুষ্যই ভাবি-গুণি কাৰ্য কৰে গতিকে তেওঁ সফলতা অৱশ্যে প্ৰাপ্ত কৰে তেনেকৈ যি সহনশীল হয় তেওঁ নিজৰ সহনশীলতাৰ শক্তিৰে কঠোৰ সংস্কাৰধাৰীজনকো শীতল কৰি তেওঁকো সহযোগী কৰি লয়।