01.11.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক এই আত্মিক বিশ্ব বিদ্যালয়ৰ বিদ্যাৰ্থী, তোমালোকৰ কাম হৈছে গোটেই বিশ্বক
পিতাৰ বাৰ্তা দিয়া”
প্ৰশ্ন:
এতিয়া তোমালোক
সন্তানসকলে কোনটো কথা ঢোল পিটি প্ৰচাৰ কৰা আৰু কোনটো কথা বুজোৱা?
উত্তৰ:
তোমালোকে ঢোল পিটি প্ৰচাৰ কৰা যে এই নতুন দৈৱী ৰাজধানী পুনৰাই স্থাপন হৈ আছে। অনেক
ধৰ্মৰ এতিয়া বিনাশ হ'ব। তোমালোকে সকলোকে বুজোৱা যে সকলো নিচিন্ত হৈ থাকক, এইটো
আন্তঃৰাষ্ট্ৰীয় সমস্যা। যুদ্ধ নিশ্চয় লাগিব, ইয়াৰ পাছত দৈৱী ৰাজধানী হ'ব।
ওঁম্শান্তি।
এইখন হৈছে
আত্মিক বিশ্ব বিদ্যালয়। গোটেই বিশ্বৰ যিমান আত্মা আছে, বিশ্ব বিদ্যালয়ত আত্মাসকলেহে
পঢ়ে। ‘ইউনিভাৰ্চ’ অৰ্থাৎ বিশ্ব। এতিয়া নিয়ম অনুসৰি ‘বিশ্ব বিদ্যালয়’ শব্দটি তোমালোক
সন্তানসকলৰ। এইখন হৈছে আত্মিক বিশ্ব বিদ্যালয়। পাৰ্থিব বিশ্ব বিদ্যালয় নাথাকেই।
এইখন এখনেই ঈশ্বৰীয় বিশ্ব বিদ্যালয়। সকলো আত্মাই শিকিবলৈ পাঠ তোমালোকৰ এই বাৰ্তা
কিবা নহয় কিবা প্ৰকাৰে সকলোৱে নিশ্চয় পাব লাগে, বাৰ্তা দিব লাগে নহয় আৰু এই বাৰ্তা
একেবাৰেই সাধাৰণ। সন্তানসকলে জানে তেওঁ আমাৰ বেহদৰ পিতা, যাক সকলোৱে স্মৰণ কৰে।
এনেকৈও কয় যে তেওঁ আমাৰ বেহদৰ প্ৰিয়তম, বিশ্বত যিমান জীৱ আত্মা আছে প্ৰত্যেকেই সেই
প্ৰিয়তমক স্মৰণ নিশ্চয় কৰে। এই কথাবিলাক ভালদৰে ধাৰণ কৰিব লাগে। যি সজীৱ বুদ্ধিৰ
হ'ব তেওঁ ভালদৰে ধাৰণ কৰিব পাৰিব। বিশ্বত যিমান আত্মা আছে সেই সকলোৰে পিতা এজনেই।
বিশ্ব বিদ্যালয়ততো মনুষ্যইহে পঢ়িব নহয়। এতিয়া তোমালোক সন্তানসকলে এয়াও জানা -
আমিয়েই 84 জন্ম লওঁ। 84 লাখৰতো কথাই নাই। বিশ্বত যিমান আত্মা আছে, এই সময়ত সকলো
পতিত। এইখন হয়েই ছিঃ ছিঃ সৃষ্টি, দুখধাম। ইয়াক সুখধামলৈ লৈ যাওঁতা এজনেই পিতা আছে,
তেওঁক মুক্তিদাতা বুলিও কয়। তোমালোক গোটেই ‘ইউনিভাৰ্চ’ বা বিশ্বৰ মালিক হোৱা নহয়।
পিতাই সকলোৰে বাবে কয় এই বাৰ্তা দি আহা। পিতাক সকলোৱে স্মৰণ কৰে, তেওঁক মাৰ্গ-দৰ্শক,
মুক্তিদাতা, কৰুণাময় বুলিও কয়। অনেক ভাষা নাই জানো। সকলো আত্মাই এজনকে মিনতি কৰে
গতিকে সেই এজনেই গোটেই বিশ্বৰ শিক্ষকো নহ'ল জানো। পিতাতো হয়েই কিন্তু এইটো কোনেও
নাজানে যে তেওঁ আমাৰ সকলো আত্মাৰ শিক্ষকো হয়, গুৰুও হয়। সকলোকে মাৰ্গ-দৰ্শনো কৰে।
এই বেহদৰ মাৰ্গ-দৰ্শকজনক কেৱল তোমালোক সন্তানসকলেহে জানা। তোমালোক ব্ৰাহ্মণসকলৰ
বাহিৰে অন্য কোনেও নাজানে। আত্মাকো তোমালোকে জানিছা যে আত্মানো কি বস্তু। জগতততো
এগৰাকীও মনুষ্য নাই, বিশেষকৈ ভাৰত সাধাৰণভাবে বিশ্বত কোনেও নাজানে যে আত্মা কি বস্তু।
যদিও কয় ভ্ৰূকুটীৰ মাজত চিকমিকায় আশ্চৰ্যকৰ তৰা। কিন্তু একোৱে বুজি নাপায়। এতিয়া
তোমালোকে জানা আত্মাতো অবিনাশী। আত্মা কেতিয়াও ডাঙৰ বা সৰু নহয়। যেনেকুৱা তোমালোক
আত্মা, পিতাও তেনেকুৱাই বিন্দু। ডাঙৰ সৰু নহয়। তেৱোঁ আত্মাই কেৱল পৰম আত্মা,
সৰ্বোচ্চ। যথাযথ সকলো আত্মাই পৰমধাম নিবাসী। ইয়ালৈ ভূমিকা পালন কৰিবলৈ আহে। পুনৰাই
নিজৰ পৰমধামলৈ যাবলৈ যত্ন কৰে। পৰমপিতা পৰমাত্মাক সকলোৱে স্মৰণ কৰে কিয়নো আত্মাসকলক
পৰমপিতাইহে মুক্তিত পঠাইছিল সেয়েহে তেওঁকেই স্মৰণ কৰে। আত্মাই তমোপ্ৰধান হৈছে।
স্মৰণ কিয় কৰে? সেয়াও নাজানে। যেনেকৈ সৰু ল'ৰা-ছোৱালীয়ে ক’ব - "বাবা", বচ্ । সিহঁতে
একো নাজানেই। তোমালোকেও বাবা মম্মা বুলি কোৱা, একোৱেই নাজানা। ভাৰতত এক জাতি আছিল,
তাক দৈৱী জাতি বুলি কোৱা হয়। আকৌ পাছত তাত আৰু যোগ হ'ল। এতিয়া কিমান অনেক হৈ গ'ল,
সেইবাবে ইমান কাজিয়া আদি হয়। য'ত য'ত বেছিকৈ সোমাই গৈছে, তেওঁলোকক তাৰ পৰা উলিয়াবলৈ
চেষ্টা কৰি থাকে। বহুত কাজিয়া হৈ গৈছে। অন্ধকাৰো বহুত হৈ গৈছে। কিছুতো সীমাও থাকিব
লাগে নহয়। ভাৱৰীয়াসকলৰ সীমা থাকে। এয়াও ৰচি থোৱা খেল। ইয়াত যিমান ভাৱৰীয়া আছে, তাত
কম বেছি হ'ব নোৱাৰে। যেতিয়া সকলো ভাৱৰীয়া মঞ্চত আহি যায় তেতিয়া তেওঁলোক উভতিও যাব
লাগে। যিসকল ভাৱৰীয়া থাকি যাব, আহি থাকিব। লাগিলে যিমান নিয়ন্ত্ৰণ আদি কৰিবলৈ মগজ
খটুৱাই নাথাকক কিয়, কিন্তু কৰিব নোৱাৰে। কোৱা, আমি ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰীসকলে
এনেকুৱা জন্ম নিয়ন্ত্ৰণ কৰি দিওঁ যে কেৱল 9 লাখহে থাকিবগৈ। তেতিয়া গোটেই জনসংখ্যাই
কম হৈ যাব। আমি আপোনালোকক সঁচা কথা কওঁ, এতিয়া স্থাপনা কৰি আছে। নতুন সৃষ্টি, নতুন
বৃক্ষ নিশ্চয় সৰুয়েই হ'ব। ইয়াততো এইটো নিয়ন্ত্ৰণ কৰিব নোৱাৰিব কিয়নো তমোপ্ৰধান আৰুহে
হৈ গৈ থাকে। বৃদ্ধি হৈ গৈ থাকে। যিসকল ভাৱৰীয়া আহিবলগীয়া আছে, ইয়াতেই আহি শৰীৰ ধাৰণ
কৰিব। এই কথাবিলাক কোনেও বুজি নাপায়। চতুৰ বুদ্ধিৰসকলে বুজি পায় ৰাজধানীততো সকলো
প্ৰকাৰৰে ভূমিকা পালন কৰোঁতা থাকে। সত্যযুগত যি ৰাজধানী আছিল সেয়া পুনৰাই স্থাপনা
হৈ আছে। স্থানান্তৰ হৈ যাব। তোমালোক এতিয়া তমোপ্ৰধানৰ পৰা সতোপ্ৰধান শ্ৰেণীলৈ
স্থানান্তৰ হোৱা। পুৰণি সৃষ্টিৰ পৰা নতুন সৃষ্টিলৈ যোৱা। তোমালোকৰ পঢ়া এইখন সৃষ্টিৰ
বাবে নহয়। এনেকুৱা বিশ্ব বিদ্যালয় আৰু একো হ'ব নোৱাৰে। ঈশ্বৰ পিতায়েই কয় - মই
তোমালোকক অমৰ লোকৰ বাবে পঢ়াওঁ। এই মৃত্যুলোক নাশ হৈ যাব। সত্যযুগত এই
লক্ষ্মী-নাৰায়ণৰ ৰাজধানী আছিল। এয়া স্থাপন কেনেকৈ হ'ল, এইটো কোনেও নাজানে।
বাবাই সদায় কয় - য'ত
তোমালোকে ভাষণ দিয়া এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰ অৱশ্যেই ৰাখিবা। তাত তাৰিখো নিশ্চয়
লিখা থাকিব লাগে। তোমালোকে বুজাব পাৰা যে নতুন বিশ্বৰ আৰম্ভণিৰ পৰা 1250 বছৰলৈকে এই
বংশাৱলীৰ ৰাজত্ব আছিল। উদাহৰণ স্বৰূপে কোৱা নহয় যে খ্ৰীষ্টীয়ান বংশাৱলীৰ ৰাজত্ব
আছিল। এটা আনটোৰ পিছত আহি থাকে। সেয়েহে যেতিয়া এই দেৱতা বংশাৱলী আছিল তেতিয়া অন্য
কোনো নাছিল। এতিয়া পুনৰাই এই ৰাজবংশ প্ৰতিষ্ঠা হৈ আছে। বাকী সকলোৰে বিনাশ হ'ব।
যুদ্ধও সন্মুখত থিয় হৈ আছে। ভাগৱত আদিত ইয়াৰ ওপৰতো কাহিনী লিখি দিছে। সৰুতে এই
কাহিনী আদি শুনি আছিলা। এতিয়া তোমালোকে জানা যে এই ৰাজ্য কেনেকৈ স্থাপনা হয়। নিশ্চয়
পিতাইহে ৰাজযোগ শিকাইছে। যিসকল কৃতকাৰ্য হয় তেওঁলোক বিজয় মালাৰ মণি হয় অন্য কোনেও
এই মালাক নাজানে। তোমালোকেহে জানা। তোমালোকৰ হৈছে প্ৰবৃত্তি মাৰ্গ। ওপৰত বাবা
বিৰাজমান হৈ আছে, তেওঁৰ নিজৰ শৰীৰ নাই। আকৌ ব্ৰহ্মা সৰস্বতী তথা লক্ষ্মী-নাৰায়ণ।
প্ৰথমে আৱশ্যক হয় পিতাৰ তাৰপাছত যুগল। ৰুদ্ৰাক্ষৰ মণি থাকে নহয়। নেপালত এজোপা বৃক্ষ
আছে, য'ৰ পৰা এই ৰুদ্ৰাক্ষৰ মণিবিলাক আহে। তাৰ ভিতৰত সঁচাও থাকে। যিমানেই সৰু
সিমানেই দাম বেছি। এতিয়া তোমালোকে অৰ্থ বুজি পালা। এয়া বিষ্ণুৰ বিজয় মালা বা ৰুণ্ড
মালা তৈয়াৰ হয়। তেওঁলোকেতো কেৱল মালা ঘূৰাই ঘূৰাই ৰাম ৰাম কৰি থাকিব, অৰ্থ একোৱে
নাই। মালাৰ জপ কৰে। ইয়াততো পিতাই কয় - মোক স্মৰণ কৰা। এয়া হৈছে অজপাজপ। মুখেৰে একো
ক'ব নালাগে। গীতো স্থূল হৈ যায়। সন্তানসকলেতো কেৱল পিতাক স্মৰণ কৰিব লাগে। নহ'লেতো
আকৌ গীত আদি স্মৃতিলৈ আহি থাকিব। ইয়াত মুখ্য কথা হৈছেই স্মৃতিত থকাতো। তোমালোক
আৱাজৰ উৰ্দ্ধত যাব লাগে। পিতাৰ নিৰ্দেশনাই হ'ল ‘মনমনাভৱ’ পিতাই এনেকৈ কয় জানো যে
গীত গোৱা, চিয়ঁৰা। মোৰ মহিমা গায়ন কৰাৰো দৰকাৰ নাই। এয়াতো তোমালোকে জানা মই জ্ঞানৰ
সাগৰ, সুখ-শান্তিৰ সাগৰ। মনুষ্যই নাজানে। এনেয়ে নাম ৰাখি দিছে। তোমালোকৰ বাহিৰে
অন্য কোনেও নাজানে। পিতাহে আহি নিজৰ নাম-ৰূপ আদিৰ বিষয়ে ক’লে - মই কেনেকুৱা,
তোমালোক আত্মাসকল কেনেকুৱা! তোমালোকে ভূমিকা পালন কৰাৰ ক্ষেত্ৰত বহুত পৰিশ্ৰম কৰা।
আধাকল্প ভক্তিৰ, মইতো এনেকুৱা ভূমিকাত নাহোঁ। মই দুখ সুখৰ পৰা উৰ্দ্ধত। তোমালোকে
দুখ ভোগ কৰা আকৌ তোমালোকেই সত্যযুগত সুখ ভোগ কৰা। তোমালোকৰ ভূমিকা মোতকৈও উচ্চ। মইতো
আধাকল্প তাতেই (পৰমধামত) আৰামেৰে বানপ্ৰস্থ অৱস্থাত বহি থাকোঁ। তোমালোকে মোক আহ্বান
জনাই আহিছা। এনেকুৱা নহয় যে মই তাত বহি তোমালোকৰ আহ্বান শুনোঁ। মোৰ ভূমিকাই হৈছে এই
সময়ৰ। ড্ৰামাৰ ভূমিকাৰ বিষয়ে মই জ্ঞাত। এতিয়া ড্ৰামা সম্পূৰ্ণ হৈছে, মই গৈ পতিতসকলক
পাৱন কৰি তোলাৰ ভূমিকা পালন কৰিব লাগে অন্য কোনো কথা নাই। মনুষ্যই ভাবে পৰমাত্মা
সৰ্ব শক্তিমান, অন্তৰ্যামী, সকলোৰে অন্তৰত কি কি চলি আছে, তেওঁ জানে। পিতাই কয় -
এনেকুৱা নহয়। তোমালোক যেতিয়া একেবাৰে তমোপ্ৰধান হৈ যোৱা - তেতিয়া সঠিক সময়ত মই
আহিবলগীয়া হয়। সাধাৰণ শৰীৰতে আহোঁ। তোমালোক সন্তানসকলক আহি দুখৰ পৰা মুক্ত কৰোঁ। এক
ধৰ্ম প্ৰতিষ্ঠা ব্ৰহ্মাৰ দ্বাৰা, অনেক ধৰ্মৰ বিনাশ শংকৰৰ দ্বাৰা.... হাহাকাৰৰ পাছত
জয়জয়কাৰ হৈ যাব। কিমান হাহাকাৰ হ'ব। দুৰ্যোগত মৰি থাকিব। প্ৰাকৃতিক দুৰ্যোগৰো বহুত
সহযোগ থাকে। অন্যথা মনুষ্য বহুত ৰোগী, দুখী হৈ যাব। পিতাই কয় - সন্তানসকল যাতে দুখত
পৰি নাথাকে সেয়েহে প্ৰাকৃতিক দুৰ্যোগো এনেকুৱা জোৰেৰে আহে যে সকলোকে নাশ কৰি দিয়ে।
বোমাতো একোৱেই নহয়, প্ৰাকৃতিক দুৰ্যোগে বহুত সহায় কৰে। ভূমিকম্পত বহুত নাশ হৈ যায়।
পানীৰ এটা দুটা ঢৌ আহিলেই এয়া শেষ। সাগৰো নিশ্চয় ওফন্দি উঠিব। ভূপৃষ্ঠক গ্ৰাস কৰিব,
100 ফুট উচ্চতাৰ পানীৰ জোৱাৰ আহিলে কি কৰি দিব। এয়া হৈছে হাহাকাৰৰ দৃশ্যপট। এনেকুৱা
দৃশ্য চাবৰ বাবে সাহস লাগে। যত্নও কৰিব লাগে, নিৰ্ভীকো হ'ব লাগে। তোমালোক
সন্তানসকলৰ অহংকাৰ একেবাৰেই থাকিব নালাগে। আত্ম-অভিমানী হোৱা। আত্ম-অভিমানী হৈ
থকাসকল বৰ মধুৰ হয়। পিতাই কয় - মইতো নিৰাকাৰ আৰু বিচিত্ৰ। ইয়ালৈ সেৱা কৰিব আহোঁ।
মোৰ মহিমা কিমান কৰে চোৱা। জ্ঞানৰ সাগৰ... হে বাবা আকৌ কয় পতিত সৃষ্টিলৈ আহক।
তোমালোকে নিমন্ত্ৰণতো বৰ ভালকৈ জনোৱা। এনেকৈ কয় যে স্বৰ্গলৈ আহি সুখতো চাওঁক। কয় যে
- হে পতিত-পাৱন আমি পতিত, আমাক পাৱন কৰি তুলিবলৈ আহক। নিমন্ত্ৰণ চোৱা কেনেকুৱা।
একেবাৰেই তমোপ্ৰধান পতিত সৃষ্টি তাতে আকৌ পতিত শৰীৰত মাতে। বৰ ভাল নিমন্ত্ৰণ জনায়
ভাৰতবাসীয়ে। ড্ৰামাত ৰহস্যই এনেকুৱা। এৱোঁ (ব্ৰহ্মাই) জানো জানিছিল যে এয়া মোৰ বহুত
জন্মৰ অন্তৰ জন্ম। বাবা প্ৰৱেশ কৰিলে তেতিয়া কয়। বাবাই প্ৰতিটো কথাৰ ৰহস্য বুজাইছে।
ব্ৰহ্মাই পত্নী হ'বলগীয়া হয়। বাবাই নিজেই কয় - মোৰ এওঁ পত্নী। মই এওঁৰ শৰীৰত
প্ৰৱেশ কৰি এওঁৰ দ্বাৰা তোমালোকক নিজৰ কৰি লওঁ। এওঁ প্ৰকৃত ‘বৰ মা’ হৈ গ’ল আৰু
তেওঁ তুলি লওঁতা মা হ'ল। মা পিতা বুলি তোমালোকে তেওঁলোকক ক'ব পাৰা। শিৱবাবাক কেৱল
পিতা বুলিয়েই কোৱা হ'ব। এওঁ হৈছে ব্ৰহ্মাবাবা। মম্মা গুপ্ত। ব্ৰহ্মা হ'ল মা কিন্তু
শৰীৰ পুৰুষৰ। এওঁতো তত্ত্বাৱধান ল’ব নোৱাৰিব সেয়েহে কন্যাক তুলি লোৱা হৈছে। নাম ৰখা
হ'ল মাতেশ্বৰী। মুখ্য হৈ গ'ল। ড্ৰামা অনুসৰি এগৰাকীয়ে সৰস্বতী হয়। বাকী দূৰ্গা, কালী
আদি সকলো অনেক নাম আছে। মা পিতাতো এগৰাকীয়ে হয় নহয়। তোমালোক সকলো সন্তান। গায়নো আছে
ব্ৰহ্মাৰ জীয়ৰী সৰস্বতী। তোমালোক ব্ৰহ্মাকুমাৰ-কুমাৰী হোৱা নহয়। তোমালোকৰ নাম বহুত
আছে। এই সকলোবোৰ কথা তোমালোকৰ মাজতো ক্ৰমানুসৰি বুজিব। পঢ়াতো ক্ৰম অনুসৰিতো হয়েই
নহয়। এজন আনজনৰ লগত নিমিলে। এয়া ৰাজধানী স্থাপনা হৈ আছে। এইখন পূৰ্ব-নিৰ্ধাৰিত
ড্ৰামা। ইয়াক বিস্তৃতভাৱে বুজিব লাগে। অনেক সাৰ কথা আছে। আইন শাস্ত্ৰ পঢ়ে আকৌ তাতো
ক্ৰমানুসৰি থাকে। কোনোবা উকিলেতো 2-3 লাখ উপাৰ্জন কৰে। কোনোৱে চোৱা কাপোৰো ফটা-চিটা
পিন্ধে। ইয়াতো এনেকুৱাই।
গতিকে সন্তানসকলক
বুজোৱা হৈছে যে এয়া আন্তঃৰাষ্ট্ৰীয় সমস্যা। এতিয়া তোমালোকে বুজোৱা যে সকলো নিচিন্ত
হৈ থাকক। যুদ্ধতো নিশ্চয় লাগিবই। তোমালোকে ঢোল পিটি প্ৰচাৰ কৰা যে নতুন দৈৱী ৰাজধানী
পুনৰাই স্থাপনা হৈ আছে। অনেক ধৰ্মৰ বিনাশ হ'ব। কিমান স্পষ্ট। প্ৰজাপিতা ব্ৰহ্মাৰ
দ্বাৰা এই প্ৰজা ৰচনা কৰা হয়। কয় যে এয়া মোৰ মুখ বংশাৱলী। তোমালোক মুখ বংশাৱলী
ব্ৰাহ্মণ। তেওঁলোক কোষ বংশাৱলী ব্ৰাহ্মণ। তেওঁলোক পূজাৰী, তোমালোক এতিয়া পূজ্য হৈ
আছা। তোমালোকে জানা যে আমিয়েই দেৱতা পূজ্য হৈ আছোঁ। তোমালোকৰ শিৰত এতিয়া লাইটৰ
মুকুট নাই। তোমালোক আত্মা যেতিয়া পৱিত্ৰ হ'বা তেতিয়া এই শৰীৰ ত্যাগ কৰিবা। এই শৰীৰত
তোমালোকক লাইটৰ মুকুট দিব নোৱাৰে, শোভা নাপাব। এই সময়ত তোমালোক গায়ন যোগ্য হোৱা। এই
সময়ত কোনো আত্মাই পৱিত্ৰ নহয়, সেয়েহে কাৰোৰে শিৰত এতিয়া লাইটৰ থাকিব নালাগে। লাইট
সত্যযুগত থাকে। যাৰ দুটা কলা কম তেওঁলোককো এই লাইটৰ দিব নালাগে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ
স্থিতি এনেকুৱা অবিচলিত আৰু নিৰ্ভীক কৰি তুলিব লাগে যাতে অন্তিম বিনাশৰ দৃশ্য
প্ৰত্যক্ষ কৰিব পাৰা। দেহী-অভিমানী হ’বলৈ যত্ন কৰিব লাগে।
(2) নতুন ৰাজধানীত
উচ্চ পদবী প্ৰাপ্ত কৰিবলৈ পঢ়াৰ প্ৰতি পূৰা মনোযোগ দিব লাগে। কৃতকাৰ্য হৈ বিজয় মালাৰ
মণি হ'ব লাগে।
বৰদান:
সদায় ভগৱান আৰু
ভাগ্যৰ স্মৃতিত থাকোঁতা সৰ্বশ্ৰেষ্ঠ ভাগ্যৱান হোৱা
সংগমযুগত চৈতন্য
স্বৰূপত ভগৱানে সন্তানসকলৰ সেৱা কৰি আছে। ভক্তিমাৰ্গত সকলোৱে ভগৱানৰ সেৱা কৰে কিন্তু
ইয়াত চৈতন্য ঠাকুৰসকলৰ সেৱা স্বয়ং ভগৱানে কৰে। অমৃতবেলা জগায়, ভোগ আগবঢ়ায়, শুৱায়।
গীত শুনি নিদ্ৰাৰত হওঁতা আৰু সন্মানপূৰ্বক উঠোঁতা, মই এনেকুৱা অতিকৈ মৰমৰ বা সৰ্ব
শ্ৰেষ্ঠ ভাগ্যৱান ব্ৰাহ্মণ - এইটো ভাগ্যৰ আনন্দত সদায় দুলি থাকা। কেৱল পিতাৰ অতি
মৰমৰ হোৱা, মায়াৰ নহয়। যিসকল মায়াৰ অতি মৰমৰ তেওঁলোকে বহুত শিশুসুলভ খেল খেলে।
স্লোগান:
নিজৰ হৰ্ষিত মুখ চেহেৰাৰে সৰ্ব প্ৰাপ্তিৰ অনুভতি কৰোৱা এয়ই সঁচা সেৱা।
অব্যক্ত সংকেত: অশৰীৰী
তথা বিদেহী স্থিতিৰ অভ্যাস বঢ়োৱা
অশৰীৰী হোৱা অৰ্থাৎ
আৱাজৰ পৰা উৰ্দ্ধত গুচি যোৱা। শৰীৰ আছে সেয়েহে আৱাজ আছে। শৰীৰৰ পৰা উৰ্দ্ধত গুচি
গ’লে তেতিয়া শান্তি। এক চেকেণ্ডত সেৱাৰ সংকল্পত আহা আৰু এক চেকেণ্ডত সংকল্পৰ পৰা
উৰ্দ্ধত স্বৰূপত স্থিৰ হৈ যোৱা। কাৰ্যৰ প্ৰতি শাৰীৰিক বোধত আহা আকৌ চেকেণ্ডত অশৰীৰী
হৈ যোৱা, যেতিয়া এইটো ব্যয়াম দৃঢ় হৈ যাব তেতিয়া যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’ব
পাৰিবা।