01.12.24    Avyakt Bapdada     Assame Murli     18.01.2003     Om Shanti     Madhuban


“*“ব্ৰাহ্মণ জন্মৰ স্মৃতিৰে সমৰ্থ হৈ সকলোকে সমৰ্থ কৰি তোলা”*”


আজি চাৰিওফালৰ সকলো স্নেহী সন্তানৰ স্নেহৰ মধুৰ স্মৃতিৰ, ভিন্ন ভিন্ন বাণী, স্নেহৰ মুকুতাৰ মালা বাপদাদাৰ ওচৰত অমৃতবেলাৰো পূৰ্বেই আহি পাই গ’ল। সন্তানসকলৰ স্নেহে বাপদাদাকো স্নেহৰ সাগৰত সমাহিত কৰি লয়। বাপদাদাই দেখিলে প্ৰতিগৰাকী সন্তানৰ স্নেহৰ শক্তি অটুট আছে। এই স্নেহৰ শক্তিয়ে প্ৰতিগৰাকী সন্তানক সহজযোগী কৰি আছে। স্নেহৰ আধাৰত সকলো আকৰ্ষণৰ পৰা উপৰাম হৈ আগবাঢ়ি গৈ আছে। এনেকুৱা এটি সন্তানো নেদেখিলোঁ যাৰ বাপদাদাৰ দ্বাৰা বা বিশেষ আত্মাসকলৰ দ্বাৰা উপৰাম আৰু প্ৰিয় স্নেহৰ অনুভৱ হোৱা নাই। প্ৰত্যেক ব্ৰাহ্মণ আত্মাৰ ব্ৰাহ্মণ জীৱনৰ আৰম্ভণি স্নেহৰ শক্তিৰ দ্বাৰাই হৈছে। ব্ৰাহ্মণ জন্মৰ এই স্নেহৰ শক্তিয়ে বৰদান হৈ আগবঢ়াই লৈ গৈছে। গতিকে আজিৰ দিনটি বিশেষ পিতা আৰু সন্তানসকলৰ স্নেহৰ দিন। প্ৰত্যেকেই নিজৰ অন্তৰৰ স্নেহৰ মুকুতাৰ বহুত মালা বাপদাদাক পিন্ধালে। আৰু অন্য শক্তিবোৰ আজিৰ দিনটিত সুপ্ত হৈ আছে কিন্তু স্নেহৰ শক্তি জাগ্ৰত হৈ আছে। বাপদাদায়ো সন্তানসকলৰ স্নেহৰ সাগৰত লীন হৈ আছে।

আজিৰ দিনটিক স্মৃতি দিৱস বুলি কোৱা। স্মৃতি দিৱস কেৱল পিতা ব্ৰহ্মাৰ স্মৃতি দিৱস নহয় কিন্তু বাপদাদাই কয় আজি আৰু সদায় এইটো স্মৃতিত থাকিব লাগে যে বাপদাদাই ব্ৰাহ্মণ জন্ম লৈয়েই আদিৰ পৰা এতিয়ালৈকে কি কি স্মৃতি সোঁৱৰাই দিছে। সেই স্মৃতিৰ মালা স্মৰণ কৰা, বহুত ডাঙৰ মালা হৈ যাব। সৰ্ব প্ৰথমে সকলোৱে কি স্মৃতি পালা? প্ৰথম পাঠটি স্মৃতিত আছে নহয়! মই কোন! এই স্মৃতিয়েই নতুন জন্ম দিলে, বৃত্তি দৃষ্টি স্মৃতি পৰিৱৰ্তন কৰি দিলে। এনেকুৱা স্মৃতি স্মৃতিলৈ আহিলেই আত্মিক আনন্দৰ জেউতি দুচকুত, মুখত আহিয়েই যায়। তোমালোকে স্মৃতিবোৰ স্মৰণ কৰা আৰু ভক্তই মালা স্মৰণ কৰে। এটি স্মৃতিও অমৃতবেলাৰ পৰা কৰ্মযোগী হোৱাৰ সময়তো বাৰে বাৰে স্মৃতিত থাকিলে তেতিয়া স্মৃতিয়ে সমৰ্থ স্বৰূপ কৰি তুলিব কিয়নো যেনেকুৱা স্মৃতি তেনেকুৱাই সামৰ্থ্য স্বতঃ আহে সেইকাৰণে আজিৰ দিনটিক স্মৃতি দিন লগতে সমৰ্থ দিন বুলি কয়। পিতা ব্ৰহ্মা সন্মুখত আহিলেই, পিতাৰ দৃষ্টি পৰিলেই আত্মাত সামৰ্থ্য আহি যায়। সকলো অনুভৱী হোৱা। সকলো অনুভৱী হোৱা নহয়! সাকাৰ ৰূপত দেখিলা বা অব্যক্ত ৰূপৰ পালনেৰে পালিত অব্যক্ত স্থিতিৰ অনুভৱ কৰা, চেকেণ্ডত অন্তৰেৰে বাপদাদা বুলি ক’লা আৰু সামৰ্থ্য স্বতঃ আহিয়েই যায় সেইকাৰণে হে সমৰ্থ আত্মাসকল, এতিয়া অন্য আত্মাসকলকো নিজৰ সামৰ্থ্যৰে সমৰ্থ কৰি তোলা। উৎসাহ আছে নহয়! আছেনে উৎসাহ, অসমৰ্থজনক সমৰ্থ কৰি তুলিব লাগে নহয়! বাপদাদাই দেখিলে যে চাৰিওফালৰ দুৰ্বল আত্মাসকলক সমৰ্থ কৰি তোলাৰ ভাল উৎসাহ আছে।

শিৱৰাত্ৰিৰ কাৰ্যসূচী ধুমধামেৰে প্ৰস্তুত কৰি আছা। সকলোৰে উৎসাহ আছে নহয়! যিসকলৰ উৎসাহ আছে বচ্‌ এই শিৱৰাত্ৰিত চমৎকাৰ কৰিম, তেওঁলোকে হাত দাঙা। এনেকুৱা চমৎকাৰ হওঁক যাতে গণ্ডগোল সমাপ্ত হৈ যায়। জয়-জয়কাৰ হৈ যায় বাঃ! বাঃ! সমৰ্থ আত্মাসকল বাঃ! সকলো মণ্ডলে কাৰ্যসূচী প্ৰস্তুত কৰিছা নহয়! পাঞ্জাৱৰসকলেও প্ৰস্তুত কৰিছা নহয়!। ভাল কথা। দিগভ্ৰান্ত আত্মাসকলক, তৃষ্ণাতুৰ আত্মসকলক, অশান্ত আত্মাসকলক, এনেকুৱা আত্মাসকলক অঞ্জলিতো দি দিয়া। যি নহওঁক তোমালোকৰে ভাতৃ-ভগ্নী। তেন্তে নিজৰ ভাতৃসকলৰ প্ৰতি, নিজৰ ভগ্নীসকলৰ প্ৰতি দয়া ওপজে নহয়! চোৱা, আজিকালি পৰমাত্মাক বিপদৰ সময়ত স্মৰণ কৰে কিন্তু শক্তিসকলক, দেৱতাসকলৰ ভিতৰতো গণেশক, হনুমানক আৰু অন্য দেৱতাসকলক বেছিকৈ স্মৰণ কৰে, তেন্তে তেওঁলোক কোন? তোমালোকেই হোৱা নহয়! তোমালোকক নিতৌ স্মৰণ কৰে। আহ্বান জনাই আছে হে কৃপাময়, দয়াময় দয়া কৰক, কৃপা কৰক। অলপকৈ হ’লেও সুখ-শান্তিৰ টোপাল এটি দিয়া। তোমালোকৰ পৰা এটি টোপালৰ বাবে তৃষ্ণাতুৰ। তেন্তে হে শক্তিসকল, হে দেৱসকল, দুখীসকলৰ, তৃষ্ণাতুৰ আত্মাসকলৰ আৱাজ শুনিবলৈ পাইছানে! শুনিবলৈ পাইছা নহয়? বাপদাদাই যেতিয়া আহ্বান শুনে তেতিয়া শক্তিসকলক আৰু দেৱসকলক স্মৃতিলৈ আনে। তেন্তে দাদীসকলে ভাল কাৰ্যসূচী প্ৰস্তুত কৰিছে, বাবাৰ পচন্দ হৈছে। স্মৃতি দিৱসতো সদায়েই হয় কিন্তু তথাপিও আজিৰ দিনটি স্মৃতিৰে সকলো সামৰ্থ্য বিশেষভাৱে প্ৰাপ্ত কৰিলা, এতিয়া কাইলৈৰ পৰা শিৱৰাত্ৰিলৈকে বাপদাদাই চাৰিওফালৰ সন্তানসকলক কৈছে যে এই বিশেষ দিনটিত এইটোৱে লক্ষ্য ৰাখিবা যে অধিকতম আত্মাক মনৰ দ্বাৰা, বাণীৰ দ্বাৰা বা সম্বন্ধ-সম্পৰ্কৰ দ্বাৰা যিকোনো বিধিৰে বাৰ্তা ৰূপী অঞ্জলি নিশ্চয় দিব লাগে। নিজৰ আপত্তি শেষ কৰা। সন্তানসকলে ভাবে এতিয়া বিনাশৰ তাৰিখতো দেখা নাযায়, গতিকে কেতিয়াবা আপত্তি পূৰণ কৰিম, নহয় যদি এতিয়াৰ পৰা আপত্তি পূৰণ নকৰা তেন্তে এইটোও আপত্তি দৰ্শাব যে আপোনালোকে আগতে কিয় নক’লে। আমিও কিবা কৰি ল’লোহেঁতেন, তেতিয়াতো কেৱল অহো প্ৰভু বুলি ক’ব সেয়েহে তেওঁলোককো কিছু উত্তৰাধিকাৰৰ অঞ্জলি ল’বলৈ দিয়া। তেওঁলোককো অলপ সময় দিয়া। এটি টোপালেৰে হ’লেও তৃষ্ণা নিবাৰণ কৰা। তৃষ্ণাতুৰৰ বাবে এটি টোপালো বহুত মহত্বপূৰ্ণ হয়। তেন্তে এয়াই কাৰ্যসূচী হ’ল নহয়, বাপদাদায়ো কেৱল সেউজীয়া পতাকা দেখুৱাই থকা নাই, বৰঞ্চ নাগাৰা বজাই আছে যে, হে তৃপ্ত আত্মাসকল, কাইলৈৰ পৰা আত্মাসকলক বাৰ্তা দিয়া, বাৰ্তা দিয়া। অতি কমেও শিৱৰাত্ৰিত পিতাৰ জন্ম দিন উপলক্ষ্যে মুখ মিঠা কৰক যে হয় আমি বাৰ্তা পাই গ’লোঁ। এই অন্তৰ আনন্দিত কৰা মিঠাই সকলোকে শুনোৱা, খুওৱা। সাধাৰণভাৱে শিৱৰাত্ৰি উদ্‌যাপন নকৰিবা, কিবা চমৎকাৰ কৰি দেখুওৱা। উৎসাহ আছেনে? প্ৰথম শাৰীৰসকলৰ আছেনে? বহুত ধুমধামেৰে কৰা। অতি কমেও এয়াতো বুজি পাওঁক যে শিৱৰাত্ৰিৰ ইমান মহত্ব আছে। আমাৰ পিতাৰ জন্মদিন, শুনি আনন্দোৎসৱতো কৰক।

বাপদাদাই দেখিলে যে অমৃতবেলা গৰিষ্ঠসংখ্যকৰ স্মৃতি আৰু ঈশ্বৰীয় প্ৰাপ্তিৰ নিচা বহুত ভালকৈ থাকে। কিন্তু কৰ্মযোগী স্থিতিত অমৃতবেলাৰ যি নিচা থাকে তাত পাৰ্থক্য আহি যায়। কাৰণ কি? কৰ্ম কৰি, আত্মা সচেতনতা আৰু কৰ্ম সচেতনতা দুয়োটা থাকে। ইয়াৰ বিধি হৈছে কৰ্ম কৰি মই আত্মা, কেনেকুৱা আত্মা, সেয়াতো জানাই নহয়, আত্মাৰ যি ভিন্ন ভিন্ন স্বমান প্ৰাপ্ত হৈছে, এনেকুৱা আত্মা কৰাবনহাৰ হৈ এই কৰ্মেন্দ্ৰিয়সমূহৰ দ্বাৰা কৰ্ম কৰাওঁতা হওঁ, এই কৰ্মেন্দ্ৰিয়সমূহ হৈছে কৰ্মচাৰী, কৰ্মচাৰীসকলৰ দ্বাৰা কৰ্ম কৰাওঁতা মই কৰাৱনহাৰ হওঁ, উপৰাম হওঁ। লৌকিকতো নিৰ্দেশকে নিজৰ সংগীসকলৰ দ্বাৰা, নিমিত্ত সেৱা কৰোঁতাসকলৰ দ্বাৰা সেৱা কৰাই, নিৰ্দেশনা দি, কৰ্তব্য পালন কৰি এইটো জানো পাহৰি যায় যে মই নিৰ্দেশক হওঁ? সেয়েহে নিজক কৰাৱনহাৰ শক্তিশালী আত্মা বুলি বুজি কাৰ্য কৰোৱা। এই আত্মা আৰু শৰীৰ, এটা কৰাৱনহাৰ আনটো কৰণহাৰ, এইটো স্মৃতি সুপ্ত হৈ যায়। তোমালোক সকলোৱে, পুৰণা সন্তানসকলে গম পোৱা যে পিতা ব্ৰহ্মাই আৰম্ভণিতে কি অভ্যাস কৰিলে? এখন দিনলিপি দেখিছিলা নহয়। গোটেই দিনলিপিত এটাই শব্দ – ময়ো আত্মা, যশোদাও আত্মা, এই সন্তানসকলো আত্মা, আত্মা, আত্মা… এইটো মূল অভ্যাস অহৰহ কৰিলে। তেন্তে এইটো প্ৰথম পাঠ “মই কোন”? ইয়াৰ অহৰহ অভ্যাসৰ প্ৰয়োজন। পৰীক্ষা কৰিব লাগে, এনেকুৱা নহয় যে মইতো হওঁৱেই আত্মা। অনুভৱ কৰা যে মই আত্মা কৰাৱনহাৰ হৈ কৰ্ম কৰাই আছোঁ। কৰণহাৰ বেলেগ, কৰাৱনহাৰ বেলেগ। পিতা ব্ৰহ্মাৰ আনটো অনুভৱো শুনিছা যে এই কৰ্মেন্দ্ৰিয়সমূহ হৈছে কৰ্মচাৰী। নিতৌ ৰাত্ৰিৰ সোধ-পোছ শুনিছা নহয়! গতিকে মালিক হৈ এই কৰ্মেন্দ্ৰিয় ৰূপী কৰ্মচাৰীসকলক খা-খবৰ সুধিছা নহয়! গতিকে যেনেকৈ পিতা ব্ৰহ্মাই এইটো মূল অভ্যাস বহুত দৃঢ় কৰিলে, সেইবাবে যিসকল সন্তান অন্তিমতো লগত থাকিল তেওঁলোকে কি অনুভৱ কৰিলে? যে পিতাই কাৰ্য কৰিও, শৰীৰত থাকিও, অশৰীৰী স্থিতিত চলা-ফুৰা কৰা যেন অনুভৱ হৈ থাকিল। যদিওবা কৰ্মৰ হিচাপো নিষ্পত্তি কৰিবলগীয়া হ’ল কিন্তু সাক্ষী হৈ, নিজেও কৰ্মৰ হিচাপৰ বশ নহ’ল, আনকো কৰ্মৰ হিচাপ-নিকাচ নিষ্পত্তি হোৱাৰ অনুভৱ কৰিবলৈ নিদিলে। তোমালোক সকলোৱে গম পালা জানো যে ব্ৰহ্মা পিতা অব্যক্ত হৈ আছে, গম নাপালা নহয়! তেন্তে ইমান উপৰাম, সাক্ষী, অশৰীৰী অৰ্থাৎ কৰ্মাতীত স্থিতিৰ বহুকালৰ পৰা অভ্যাস কৰিলে সেইবাবে অন্তিমতো সেয়াই স্বৰূপ অনুভৱ হ’ল। এই বহুকালৰ অভ্যাস কামত আহে। এনেকৈ নাভাবিবা যে অন্তিমত দেহবোধ ত্যাগ কৰিম, নহয়। বহুকালৰ অশৰীৰীবোধৰ, শৰীৰৰ পৰা উপৰাম কৰাৱনহাৰ স্থিতিৰ অনুভৱৰ প্ৰয়োজন। অন্তিম সময়, ডেকাই হওঁক, বৃদ্ধই হওঁক, স্বাস্থ্যৱানেই হওঁক বা ৰুগীয়াই হওঁক, যিকোনো লোকৰে যিকোনো মুহূৰ্তত আহিব পাৰে সেয়েহে বহুকালৰ সাক্ষীভাৱৰ অভ্যাসৰ প্ৰতি মনোযোগ দিয়া। যিমানেই প্ৰাকৃতিক দুৰ্যোগ নাহক কিন্তু এই অশৰীৰবোধৰ স্থিতিয়ে তোমালোকক সহজে উপৰাম আৰু পিতাৰ স্নেহী কৰি দিব সেয়েহে ‘বহুকাল’ শব্দটিৰ প্ৰতি বাপদাদাই বিশেষ মনোযোগ আকৰ্ষণ কৰাই আছে। যিয়েই নহওঁক, গোটেই দিনটোত সাক্ষীবোধ স্থিতি, কৰাৱনহাৰ স্থিতি, অশৰীৰীবোধ স্থিতিৰ অনুভৱ বাৰে বাৰে কৰা, তেতিয়া অন্তিমৰ স্থিতি অনুসৰি ফৰিস্তা তথা দেৱতা হোৱাটো নিশ্চিত। পিতাৰ সমান হ’বলৈ হ’লে, পিতা নিৰাকাৰ আৰু ফৰিস্তা, পিতা ব্ৰহ্মাৰ সমান হোৱা অৰ্থাৎ ফৰিস্তা স্থিতিত থকা। যেনেকৈ ফৰিস্তা ৰূপ সাকাৰ ৰূপত দেখিলা, কথা শুনোঁতে, কথা পাতোতে, কাম-কাজ কৰোঁতে অনুভৱ কৰিলা যেন পিতা শৰীৰত থাকিও উপৰাম। কাৰ্য এৰি অশৰীৰী হোৱা, এয়াতো অলপ সময়ৰ বাবে হ’ব পাৰে কিন্তু কাৰ্য কৰি, সময় উলিয়াই অশৰীৰী, শক্তিশালী স্থিতিৰ অনুভৱ কৰি থাকা। তোমালোক সকলো ফৰিস্তা। পিতাৰ দ্বাৰা এই ব্ৰাহ্মণ জীৱনৰ আধাৰ লৈ বাৰ্তা দিবৰ বাবে সাকাৰত কাৰ্য কৰি আছা। ফৰিস্তা অৰ্থাৎ দেহত থাকিও দেহৰ পৰা উপৰাম আৰু ইয়াৰ উদাহৰণ পিতা ব্ৰহ্মাক দেখিলা, অসম্ভৱ নহয়। দেখিলা অনুভৱ কৰিলা। যিয়েই নিমিত্ত হয়, যদিও এতিয়া বিস্তাৰ অধিক কিন্তু যিমান পিতা ব্ৰহ্মাৰ নতুন জ্ঞান, নতুন জীৱন, নতুন সৃষ্টি গঢ়াৰ দ্বায়িত্ব আছিল, সিমান এতিয়া কাৰো নাই। তেন্তে সকলোৰে লক্ষ্য হ’ল পিতা ব্ৰহ্মাৰ সমান হোৱা অৰ্থাৎ ফৰিস্তা হোৱা। শিৱ পিতাৰ সমান হোৱা অৰ্থাৎ নিৰাকাৰী স্থিতিত স্থিত হোৱা। কঠিন নেকি? পিতা আৰু দাদাৰ প্ৰতি স্নেহ আছে নহয়! যাৰ প্ৰতি স্নেহ থাকে তেওঁৰ নিচিনা হোৱা, যিহেতু সংকল্পও কৰিলা - পিতাৰ সমান হ’বই লাগিব, তেন্তে কোনো কঠিনতা নাই। কেৱল বাৰে বাৰে মনোযোগ দিয়া। সাধাৰণ জীৱন নহয়। সাধাৰণ জীৱন জীয়াই থকা বহুত লোক আছে। ডাঙৰ ডাঙৰ কাৰ্য কৰোঁতা বহুত লোক আছে। কিন্তু তোমালোকৰ দৰে কাৰ্য, তোমালোক ব্ৰাহ্মণ আত্মাসকলৰ বাহিৰে আন কোনেও কৰিব নোৱাৰে।

আজি এই স্মৃতি দিৱসত বাপদাদাই সমানতাত সমীপত আহা, সমীপত আহা, সমীপত অহাৰ বৰদান দি আছে। সকলোৱে হদৰ দাঁতি, সংকল্পৰে হওঁক, বাণীৰে হওঁক, কৰ্মৰে হওঁক বা সম্বন্ধ-সম্পৰ্কৰে হওঁক যি কোনো হদৰ দাঁতি, নিজৰ মনৰ নাও এই হদৰ দাঁতিৰ পৰা মুক্ত কৰি দিয়া। এতিয়াৰ পৰা জীৱনত থাকিও মুক্ত, এনেকুৱা জীৱনমুক্তিৰ অলৌকিক অনুভৱ বহুকালৰে পৰা কৰা। বাৰু।

চাৰিওফালৰ সন্তানসকলৰ পত্ৰ বহুত পাইছোঁ আৰু মধুবন নিবাসীৰ ক্ৰোধমুক্তৰ খতিয়ান, বাতৰিও বাপদাদাৰ ওচৰত আহি পাইছে। বাপদাদাই সাহস দেখি আনন্দিত হৈছে; আৰু আগলৈকো সদায় মুক্ত হৈ থাকিবৰ বাবে সহনশক্তিৰ কবচ পিন্ধি থাকিবা, কোনোবাই যিমানেই প্ৰয়াস কৰক কিন্তু তোমালোক সদায় নিৰাপদে থাকিবা।

এনেকুৱা সকলো দৃঢ় সংকল্পধাৰী, সদায় স্মৃতি স্বৰূপ আত্মাসকলক, সদায় সৰ্ব সামৰ্থ্যক সময়ত কাৰ্যত প্ৰয়োগ কৰোঁতা বিশেষ আত্মাসকলক, সদায় সকলো আত্মাৰ প্ৰতি দয়াশীল আত্মাসকলক, সদায় বাপদাদাৰ সমান হোৱাৰ সংকল্পক সাকাৰ ৰূপত আনোঁতা, এনেকুৱা বহুত বহুত বহুত স্নেহী আৰু উপৰাম সন্তানসকলৰ প্ৰতি বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

ডবল বিদেশীৰ প্ৰতি:- ডবল বিদেশীসকলৰ ডবল নিচা আছে। কিয় ডবল নিচা আছে? কিয়নো বুজি পায় যে আমিও যেনেকৈ পিতা দূৰণীৰ দেশৰ হয় নহয়, তেনেকৈ আমিও দূৰণীৰ দেশৰ পৰা আহিছোঁ। বাপদাদাই ডবল বিদেশী সন্তানসকলৰ এটা বিশেষত্ব দেখিলে যে দীপকৰ দ্বাৰা দীপক জ্বলাই অনেক দেশত বাপদাদাৰ জাগৃত দীপকসকলৰ দিপাৱলী উদ্‌যাপন কৰিলে। ডবল বিদেশীৰ বাৰ্তা দিয়াৰ ভাল চখ আছে। প্ৰতিটো দলত বাপদাদাই দেখিলে 35-40 দেশৰ সন্তান থাকে। অভিনন্দন। সদায় নিজেও উৰি থাকা আৰু ফৰিস্তা হৈ উৰি উৰি বাৰ্তা দি থাকা। ভাল কথা, তোমালোক 35 দেশবাসীক বাপদাদাই চাই থকা নাই অন্য দেশবাসীসকলকো তোমালোকৰ লগতে চাই আছে। এক নম্বৰৰ পিতাৰ সমান হ’বলৈ গৈ আছা নহয়! এক নম্বৰ নে ক্ৰম নম্বৰত আহোঁতা হ’বলৈ গৈ আছা? এক নম্বৰনে? ক্ৰম নম্বৰ নহয়? এক নম্বৰ হোৱা অৰ্থাৎ সকলো সময়ত বিজয়ী হওঁতা। যি বিজয়ী হয় তেওঁ এক নম্বৰ হয়। তেন্তে এনেকুৱা হোৱা নহয়? বৰ ভাল। বিজয়ী হোৱা আৰু সদায় বিজয়ী হৈ থাকোঁতা। বাৰু, বাকী সকলোকে, য’লৈকে যোৱা ত’ত এইটো স্মৃতি সোঁৱৰাই দিবা যে সকলো ডবল বিদেশী এক নম্বৰৰ হ’ব লাগিব।

বাৰু, বাপদাদাই সকলো মাতাক, গোপালৰ স্নেহী মাতাসকলক বহুত বহুত অন্তৰেৰে স্নেহপূৰ্ণ স্মৰণ কৰি আছে আৰু পাণ্ডৱ যুৱাই হওঁক বা প্ৰবৃত্তিত থাকোঁতাই হওঁক, পাণ্ডৱ সদায় পাণ্ডৱপতিৰ সংগী হৈ আহিছে, এনেকুৱা সংগী পাণ্ডৱসকলকো বাপদাদাই বহুত বহুত স্নেহপূৰ্ণ স্মৰণ কৰি আছে।

দাদীজীৰ প্ৰতি:- আজিৰ দিনটিত কি স্মৃতিলৈ আহে? ইছা শক্তি পালা নহয়! ইছা শক্তিৰ বৰদান আছে। বহুত ভাল ভূমিকা পালন কৰিছা, তাৰ বাবে অভিনন্দন। তোমাৰ প্ৰতি সকলোৰে আশীৰ্বাদ বহুত আছে। তুমি কিবা কোৱা বা নোকোৱা, তোমাক দেখিয়েই সকলো আনন্দিত হৈ যায়। তোমাৰ কিবা হ’লে তেতিয়া সকলোৱে এনেকৈ ভাবে যে মোৰ হৈছে। ইমান স্নেহ আছে। সকলোৰে আছে। (মোৰো সকলোৰে প্ৰতি বহুত স্নেহ আছে) স্নেহতো সকলোৰে প্ৰতি বহুত আছে। এই স্নেহেই সকলোকে চলাই আছে। ধাৰণা কম হওঁক বা বেছি হওঁক, কিন্তু স্নেহে চলাই আছে। বৰ ভাল।

ইশূ দাদীৰ প্ৰতি:- এৱোঁ হিচাপ নিষ্পত্তি কৰি ল’লে। কোনো কথা নাই। এওঁৰ সহজ পুৰুষাৰ্থ, সহজ হিচাপ নিষ্পত্তি। সহজে হৈ গ’ল, শুই শুই। বিষ্ণুৰ দৰে আৰাম পালা। বাৰু। সাকাৰৰ সময়ৰে পৰা এতিয়ালৈকে যজ্ঞ ৰক্ষক হৈ আছা। গতিকে যজ্ঞ ৰক্ষক হোৱাৰ বহুত আশীৰ্বাদ প্ৰাপ্ত হয়।

সকলো দাদী বাপদাদাৰ অতি সমীপত আছে। সমীপৰ ৰত্ন আৰু সকলোৰে বাবে দাদীসকলৰ মূল্য আছে। সংগঠনো ভাল। তোমালোক দাদীসকলৰ সংগঠনে ইমান বছৰ যজ্ঞ ৰক্ষা কৰিলে আৰু কৰি থাকিব। এই একতা হোছে সকলো সফলতাৰ আধাৰ। (বাবা মাজত আছে) বাবাক মাজত ৰাখিছে, এইটো মনোযোগ বৰ ভালকৈ দিছা। ভাল বাৰু, সকলো ঠিক আছানে।

বৰদান:
সৰ্ব সম্বন্ধৰে এজন পিতাক নিজৰ সংগী কৰি লওঁতা সহজ পুৰুষাৰ্থী হোৱা

বাবাই স্বয়ং সৰ্ব সম্বন্ধৰে সান্নিধ্য দিয়াৰ প্ৰস্তাৱ দিছে। যেনেকুৱা সময় তেনেকুৱা সম্বন্ধৰে পিতাৰ লগত থাকা আৰু সংগী কৰি লোৱা। য’ত সদায় সান্নিধ্যও আছে আৰু সংগীও আছে ত’ত কোনো কঠিনতা থাকিব নোৱাৰে। যেতিয়া নিজক কেতিয়াবা অকলশৰীয়া অনুভৱ কৰা সেই সময়ত পিতাৰ বিন্দু ৰূপ স্মৰণ নকৰিবা, প্ৰাপ্তিৰ তালিকা সন্মুখত আনিবা, ভিন্ন ভিন্ন সময়ৰ ৰমণীয় অনুভৱৰ কাহিনী স্মৃতিলৈ আনিবা, সৰ্ব সম্বন্ধৰ ৰসৰ অনুভৱ কৰিবা তেতিয়া পৰিশ্ৰম সমাপ্ত হৈ যাব আৰু সহজ পুৰুষাৰ্থী হৈ যাবা।

স্লোগান:
বহুৰূপী হৈ মায়াৰ বহুৰূপক চিনাক্ত কৰি লোৱা তেতিয়া মাষ্টৰ মায়াপতি হৈ যাবা।

সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ’বলৈ আজিৰ অব্যক্ত সংকেত:

বাপদাদাই বিচাৰে যে প্ৰতিগৰাকী সন্তানে যেতিয়াই কাৰোবাক লগ পায় তেতিয়া তেওঁক সন্তুষ্টতাৰ সহযোগ দিয়ক। নিজেও সন্তুষ্ট হৈ থাকক আৰু আনকো সন্তুষ্ট কৰক। সদায় যাতে এইটোৱে স্বমান স্মৃতিত থাকে যে মই সন্তুষ্টমণি হওঁ। মই নিজে সদায় সন্তুষ্ট হৈ থাকিব লাগে আৰু সকলোকে সন্তুষ্ট কৰিব লাগে, এইটো স্বমানৰ আসনত সদায় একাগ্ৰ হৈ থাকা।