02.01.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতাৰ ভূমিকা নিখুঁত, তেওঁ নিজৰ সময়ত আহে, অলপো হেৰফেৰ হ’ব নোৱাৰে, তেওঁ অহাৰ স্মাৰক শিৱৰাত্ৰি খুব ধুমধামেৰে পালন কৰা”

প্ৰশ্ন:
কোনসকল সন্তানৰ বিকৰ্ম পূৰা বিনাশ নহয়?

উত্তৰ:
যাৰ যোগ ঠিক নহয়, পিতাৰ স্মৃতি নাথাকে তেতিয়া বিকৰ্ম বিনাশ নহয়। যোগযুক্ত নোহোৱা বাবে সৎগতি নহয়। পাপ থাকি যায় তেতিয়া পদো কম হৈ যায়। যোগযুক্ত নোহোৱা বাবে নাম-ৰূপত আৱদ্ধ হৈ থাকে, তেওঁলোকৰ কথাই স্মৃতিলৈ আহি থাকে, তেওঁলোক দেহী- অভিমানী হৈ থাকিব নোৱাৰে।

গীত:
য়হ কৌন আজ আয়া চবেৰে চবেৰে… (এয়া কোন আহিল আজি প্ৰভাতে প্ৰভাতে…)

ওঁম্শান্তি।
ৰাতিপুৱা কেইটা বজাত হয়? বাবা ৰাতিপুৱা কেইটা বজাত আহে? (কোনোৱে ক’লে 3 বজাত, কোনোৱে ক’লে 4 বজাত, কোনোৱে ক’লে সংগমত, কোনোৱে ক’লে 12 বজাত) বাবাই সঠিককৈ সুধিছে। 12 বজাকতো তোমালোকে ৰাতিপুৱা বুলি ক’ব নোৱাৰা। 12 বাজি এক ছেকেণ্ড গ’ল, এক মিনিট গ’ল তেতিয়া এ.ম. (Ante Meridiem) অৰ্থাৎ ৰাতিপুৱা আৰম্ভ হ’ল। এয়া একেবাৰে ৰাতিপুৱাৰ সময়। ড্ৰামাত এওঁৰ (ব্ৰহ্মাৰ) ভূমিকা একেবাৰে সঠিক। ছেকেণ্ডৰো দেৰি হ’ব নোৱাৰে, এই ড্ৰামাখন অনাদি ৰচি থোৱা আছে। 12 বাজি এক চেকেণ্ড যেতিয়ালৈকে পাৰ নহয় তেতিয়ালৈ এ.ম. বুলি কোৱা নহ’ব, এয়া বেহদৰ কথা। পিতাই কয় – মই ৰাতিপুৱা আহোঁ। বিলাতত থকাসকলৰ এ.ম., পি.এম. সঠিকভাৱে চলে। তেওঁলোকৰ বুদ্ধি তথাপি ভাল। তেওঁলোক ইমান সতোপ্ৰধানো নহয়, সেয়েহে তমোপ্ৰধানো নহয়। ভাৰতবাসীহে 100 শতাংশ সতোপ্ৰধান আকৌ 100 শতাংশ তমোপ্ৰধান হয়। পিতা একেবাৰে সঠিক। ৰাতিপুৱা অৰ্থাৎ 12 বাজি এক মিনিট, ছেকেণ্ডৰ হিচাপ নাৰাখে, ছেকেণ্ড পাৰ হওঁতে গমো পোৱা নাযায়। এতিয়া এই কথাবোৰ তোমালোক সন্তানসকলেহে বুজি পোৱা। জগতৰ লোকসকলতো ঘোৰ অন্ধকাৰত আছে। পিতাক সকলো ভক্তই দুখত স্মৰণ কৰে – পতিত-পাৱন আহক। কিন্তু তেওঁ কোন? কেতিয়া আহে? এয়া একোৱেই নাজানে। মনুষ্য হৈও সঠিককৈ একো নাজানে কিয়নো পতিত তমোপ্ৰধান। কৰ্মও কিমান তমোপ্ৰধান। এতিয়া বেহদৰ পিতাই আধ্যাদেশ জাৰি কৰে – সন্তানসকল, কামজিৎ, জগতজিৎ হোৱা। যদি এতিয়া পৱিত্ৰ নোহোৱা তেন্তে বিনাশ হৈ যাবা। তোমালোক পৱিত্ৰ হ’লে অবিনাশী পদ লাভ কৰিবা। তোমালোকে ৰাজযোগ শিকি আছা নহয়। শ্লোগানো লিখে “পৱিত্ৰ হোৱা, যোগী হোৱা”। প্ৰকৃততে লিখা উচিত “ৰাজযোগী হোৱা”। ‘যোগী’তো গতানুগতিক শব্দ। ব্ৰহ্মৰ লগত যোগ লগায়, সেয়াও যোগীয়ে হ’ল। সন্তানে পিতাৰ লগত, স্ত্ৰীয়ে পুৰুষৰ লগত যোগ লগায় কিন্তু তোমালোকৰ এয়া হ’ল ৰাজযোগ। পিতাই ৰাজযোগ শিকায়। সেয়েহে ৰাজযোগ বুলি লিখাতো ঠিক। পৱিত্ৰ হোৱা আৰু ৰাজযোগী হোৱা। দিনে-প্ৰতিদিনে শুধৰণিতো হৈ থাকে। পিতায়ো কয় – আজি তোমালোকক অতি গূঢ় কথা শুনাই আছোঁ। এতিয়া শিৱ জয়ন্তীও আহি আছে। শিৱ জয়ন্তীতো তোমালোকে ভালদৰে পালন কৰিব লাগে। শিৱ জয়ন্তীত বহুত ভালকৈ সেৱা কৰিব লাগে। যাৰ ওচৰত প্ৰদৰ্শনী আছে, সকলোৱে নিজৰ নিজৰ সেৱাকেন্দ্ৰত অথবা ঘৰত শিৱ জয়ন্তী পালন কৰা আৰু লিখি দিয়া – শিৱবাবা, ‘গীতা’ জ্ঞানদাতা পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ লোৱাৰ ৰাস্তাৰ বিষয়ে আহি শিকক। লাগিলে বন্তি আদিও জ্বলাই দিয়া। ঘৰে ঘৰে শিৱ জয়ন্তী পালন কৰা উচিত। তোমালোক জ্ঞান গংগা নহয় জানো। সেয়েহে প্ৰত্যেকৰে ঘৰত গীতা পাঠশালা হোৱা উচিত। ঘৰে ঘৰে ‘গীতা’তো পঢ়ে নহয়। পুৰুষতকৈও মাতাসকল ভক্তিত তীখৰ হয়। এনেকুৱা কুটুম্বও (পৰিয়ালো) আছে য’ত ‘গীতা’ পঢ়ে। সেয়েহে ঘৰতো চিত্ৰ ৰাখি থ’ব লাগে। লিখি দিয়া যে পুনৰ আহি বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ লওঁক।

বাস্তৱত এই শিৱ জয়ন্তী উৎসৱ হৈছে তোমালোকৰ সঁচা দীপাৱলী। যেতিয়া শিৱ পিতা আহে তেতিয়া ঘৰ ঘৰ আলোকিত হৈ যায়। এই উৎসৱটি বন্তি আদি জ্বলাই আলোকিত কৰি খুব ভালকৈ পালন কৰা। তোমালোকে সঁচা দীপাৱলী পালন কৰা। আচল দীপাৱলীতো সত্যযুগত হ’ব। তাত ঘৰে ঘৰে আলোকেই আলোক হ’ব অৰ্থাৎ সকলো আত্মাৰ জ্যোতি জ্বলি থাকিব। ইয়াততো অন্ধকাৰ। আত্মাসকল আসুৰি বুদ্ধিৰ হৈ গৈছে। তাত আত্মাসকল পৱিত্ৰ হোৱা বাবে দৈৱী বুদ্ধি থাকে। আত্মায়ে পতিত, আত্মায়ে পাৱন হয়। এতিয়া তোমালোক একেবাৰে মূল্যহীনৰ পৰা মূল্যৱান হৈ আছা। আত্মা পৱিত্ৰ হ’লে শৰীৰো পৱিত্ৰ পাবা। ইয়াত আত্মা অপৱিত্ৰ সেয়েহে শৰীৰ আৰু সৃষ্টিও অপৱিত্ৰ হয়। এই কথাবোৰ তোমালোকৰ ভিতৰত বহুত কম আছে যিয়ে যথাৰ্থ ৰীতিৰে বুজি পায় আৰু তেওঁলোক ভিতৰি আনন্দিত হৈ থাকে। ক্ৰমানুসৰি পুৰুষাৰ্থতো কৰি থাকে। গ্ৰহচাৰীও থাকে। কেতিয়াবা ৰাহুৰ গ্ৰহচাৰী বহে তেতিয়া আশ্চৰ্যজনকভাৱে আঁতৰি গুচি যায়। বৃহস্পতিৰ দশাৰ পৰা সলনি হৈ ৰাহুৰ দশা বহি যায়। কাম বিকাৰত গ’ল আৰু ৰাহুৰ দশা বহিল। মল্লযুদ্ধ হয় নহয়। তোমালোক মাতাসকলে দেখা নাই চাগৈ, কিয়নো মাতাসকল হৈছে গৃহিণী। এতিয়া তোমালোকে গম পাইছা ভোমোৰাক গৃহিণী অৰ্থাৎ ঘৰ সজাওঁতা বুলি কয়। ঘৰ সজাওঁতা ভাল কাৰিকৰ, সেইবাবে নাম হৈছে গৃহিণী। কিমান পৰিশ্ৰম কৰে। ভোমোৰাও পাকৈত মিস্ত্ৰী। দুই-তিনিটা কোঠা সাজে। 3-4 টা পোক লৈ আহে। তোমালোক ব্ৰাহ্মণীসকলো তেনেকুৱা। 1-2 জনক গঢ়ি তোলা, 10-12 জনক, 100 জনক, 500 জনক যিমান বিচৰা সিমানক গঢ়ি তোলা। মণ্ডপ আদি সজায়, এয়াও ঘৰ সজা নহ’ল জানো। তাত বহি সকলোকে ভোঁ ভোঁ কৰা। পাছত কোনোবাইতো বুজি পোকৰ পৰা ব্ৰাহ্মণ হয়, কিছুমান নষ্ট হৈ যায় অৰ্থাৎ এইটো ধৰ্মৰ নহয়। এইটো ধৰ্মাৱলম্বীসকলহে সম্পূৰ্ণ ৰীতিৰে অনুপ্ৰাণিত হ’ব। তোমালোকতো তথাপিও মনুষ্যই নহয় জানো। তোমালোকৰ শক্তি সেই ভোমোৰাতকৈতো বেছি। তোমালোকে 2000 লোকৰ সভাতো ভাষণ দিব পাৰা। আগলৈ গৈ তোমালোক 4-5 হাজাৰ লোকৰ সভালৈও যাবা। ভোমোৰাৰ লগত তোমালোকৰ তুলনা কৰা হয়। আজিকালি সন্ন্যাসী লোকসকলেও বাহিৰত বিদেশলৈ গৈ কয় – আমি ভাৰতৰ প্ৰাচীন ৰাজযোগ শিকাওঁ। আজিকালি মাতাসকলেও গেৰুৱা বস্ত্ৰ পৰিধান কৰি যায়, বিদেশীসকলক ঠগি আহে। তেওঁলোকক কয় – ভাৰতৰ প্ৰাচীন ৰাজযোগ ভাৰতলৈ গৈ শিকক। তোমালোকে জানো এনেকৈ ক’বা যে ভাৰতলৈ গৈ শিকক। তোমালোকতো বিদেশলৈ গ’লে তাতেই বহি বুজাবা – এই ৰাজযোগ শিকক তেতিয়া আপোনালোকৰ স্বৰ্গত জন্ম হৈ যাব। ইয়াৰ বাবে কাপোৰ আদি সলনি কৰাৰ কথা নাই। ইয়াতেই দেহৰ সকলো সম্বন্ধ পাহৰি নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰক। পিতাহে মুক্তিদাতা, মাৰ্গ-দৰ্শক, সকলোকে দুখৰ পৰা মুক্ত কৰে।

এতিয়া তোমালোক সতোপ্ৰধান হ’ব লাগে। তোমালোক প্ৰথমে সোণালীযুগত আছিলা, এতিয়া লৌহযুগত আছা। গোটেই বিশ্ব, সকলো ধৰ্মাৱলম্বী লৌহযুগত আছে। যি ধৰ্মাৱলম্বীকে লগ পোৱা, তেওঁলোকক ক’ব লাগে – পিতাই কয় - নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা, তেতিয়া তোমালোক পাৱন হৈ যাবা, তেতিয়া মই লগত লৈ যাম। বচ্‌, ইমানেই কোৱা, বেছি নহয়। এয়াতো বহুত সহজ। আপোনালোকৰ শাস্ত্ৰতো আছে যে ঘৰে ঘৰে বাৰ্তা দিলোঁ। কোনোবা এগৰাকী ৰৈ গ’লে তেতিয়া তেওঁ আপত্তি কৰিলে – মোক কোনেও নক’লে। পিতা আহিছে, সেয়েহে পূৰা ঢোল পিটি শুনাই দিব লাগে। এদিন নিশ্চয় সকলোৱে গম পাব যে শান্তিধাম-সুখধামৰ উত্তৰাধিকাৰ দিবলৈ পিতা আহিছে। যথাযথ যেতিয়া দৈৱী ৰাজ্য আছিল তেতিয়া আন কোনো ধৰ্ম নাছিল। সকলো শান্তিধামত আছিল। এনেকুৱা খেয়াল চলা উচিত, শ্লোগান তৈয়াৰ কৰা উচিত। পিতাই কয় – দেহ সহিত সকলো সম্বন্ধ ত্যাগ কৰা। নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা তেতিয়া আত্মা পৱিত্ৰ হৈ যাব। এতিয়া আত্মাসকল অপৱিত্ৰ। এতিয়া সকলোকে পৱিত্ৰ কৰি পিতা মাৰ্গ-দৰ্শক হৈ উভতাই লৈ যাব। সকলো নিজৰ নিজৰ শাখাত গুচি যাব। তাৰপাছত দৈৱী ধৰ্মাৱলম্বীসকল ক্ৰমানুসৰি আহিব। কিমান সহজ। এয়াতো বুদ্ধিত ধাৰণ হোৱা উচিত। যিসকলে সেৱা কৰে তেওঁলোক লুকাই থাকিব নোৱাৰে। অহিত কৰোঁতাসকলো লুকাই থাকিব নোৱাৰে। সেৱাধাৰীসকলকতো নিমন্ত্ৰণ জনায়। যিসকলে অলপো জ্ঞান শুনাব নোৱাৰে তেওঁলোকক জানো নিমন্ত্ৰণ জনাব। তেওঁলোকেতো আৰুহে নাম বদনাম কৰি দিব। মনুষ্যই ক’ব – ব্ৰহ্মাকুমাৰী এনেকুৱা নেকি? পূৰা সঁহাৰিও নজনায়। তেন্তে নাম বদনাম নহ’ল জানো। শিৱবাবাৰ নাম বদনাম কৰাসকলে উচ্চ পদ পাব নোৱাৰে। যেনেকৈ ইয়াতো কোনোবাতো কোটিপতি আছে, পদ্মপতিও আছে, কিছুমানকতো চোৱা ভোকত মৰি আছে। এনেকুৱা ভিকহুসকলো আহি ৰাজকুমাৰ হ’ব। এতিয়া তোমালোক সন্তানসকলেহে জানা সেই শ্ৰীকৃষ্ণই যি স্বৰ্গৰ ৰাজকুমাৰ আছিল তেওঁ পুনৰ ভিকহু হয়, পুনৰ ভিকহুৰ পৰা ৰাজকুমাৰ হ’ব। এওঁ (ব্ৰহ্মা) ভিকহু নাছিল জানো, কিছু উপাৰ্জন কৰিলে – সেয়াও তোমালোক সন্তানসকলৰ বাবে। নহ’লেনো তোমালোক সন্তানসকলৰ তত্ত্বাৱধান কেনেকৈ হ’ব? এই সকলো কথা শাস্ত্ৰত আছে জানো। শিৱবাবাহে আহি শুনায়। যথাযথ এওঁ গাঁৱৰ ল’ৰা আছিল। নাম শ্ৰীকৃষ্ণ নাছিল। এয়া আত্মাৰ কথা, সেইবাবে মনুষ্য বিভ্ৰান্ত হৈ আছে। সেয়েহে বাবাই বুজাইছে – শিৱজয়ন্তীত প্ৰত্যেকে ঘৰে ঘৰে চিত্ৰ লৈ সেৱা কৰা। লিখি দিয়া যে বেহদৰ পিতাৰ পৰা 21 জন্মৰ বাবে স্বৰ্গৰ বাদশ্বাহী ছেকেণ্ডত কেনেকৈ পোৱা যায়, সেয়া আহি বুজক। যেনেকৈ দীপাৱলীত মনুষ্যই বহুত দোকান খুলি বহে, তোমালোকে আকৌ অবিনাশী জ্ঞান ৰত্নৰ দোকান খুলি বহিব লাগে। তোমালোকৰ কিমান সুন্দৰকৈ সজোৱা দোকান হ’ব! মনুষ্যই দীপাৱলীত কৰে, তোমালোকে আকৌ শিৱজয়ন্তীত কৰা যিজন শিৱবাবাই সকলোৰে দীপ জ্বলায়, তোমালোকক বিশ্বৰ মালিক কৰি তোলে। তেওঁলোকেতো লক্ষ্মীৰ পৰা বিনাশী ধন খোজে আৰু ইয়াত জগত অম্বাৰ পৰা তোমালোকে বিশ্বৰ বাদশ্বাহী লাভ কৰা। এই ৰহস্য পিতাই বুজায়। বাবাই জানো কোনো শাস্ত্ৰ হাতত লয়। পিতাই কয় – মই জ্ঞানৱান হওঁ নহয়। হয়, এইটো জানো যে অমুক অমুক সন্তানে বহুত ভাল সেৱা কৰে সেইবাবে স্মৃতিলৈ আহে। বাকী এনেকুৱা নহয় যে বহি প্ৰত্যেকৰে অন্তৰৰ কথা জানি থাকিম। অৱশ্যে হয়, কোনোবা সময়ত গম পোৱা যায় – এওঁ পতিত, শংকিত হৈ থাকে। তেওঁৰ মুখমণ্ডলেই শেঁতা পৰি যায় সেয়েহে ওপৰৰ পৰা বাবায়ো বাৰ্তা পঠায়, এওঁক সোধা। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। যিটো কিছুমানৰ ক্ষেত্ৰত কয়, বাকী এনেকুৱা নহয় যে সকলোৰে বাবে ক’ব। এনেকুৱাতো অনেক আছে, মুখ ক’লা কৰি দিয়ে। যিয়ে কৰিব তেওঁ নিজৰে লোকচান কৰিব। সঁচা কথা কৈ দিলে কিছু লাভ হ’ব, নক’লে আৰুহে লোকচান কৰিব। বুজি পোৱা উচিত – বাবাই আমাক সুন্দৰ কৰি তুলিবলৈ আহিছে আমি আকৌ মুখ ক’লা কৰি দিওঁ! এইখন হ’য়েই কাঁইটৰ জগত। মানৱ কাঁইট। সত্যযুগক আল্লাৰ বাগিচা বুলি কোৱা হয় আৰু এইখন হ’ল জংঘল, সেইবাবে পিতাই কয় – যেতিয়া ধৰ্মৰ গ্লানি হয়, তেতিয়া মই আহোঁ। প্ৰথম নম্বৰৰ শ্ৰীকৃষ্ণক চোৱা পুনৰ 84 জন্মৰ পাছত কেনেকুৱা হৈ যায়। এতিয়া সকলো তমোপ্ৰধান। পৰস্পৰ যুদ্ধ কৰি থাকে। এই সকলবোৰ ড্ৰামাত আছে। স্বৰ্গত এয়া একো নাথাকিব। সাৰ কথাতো অনেক আছে, টুকি ৰাখিব লাগে। যেনেকৈ বেৰিষ্টাৰসকলেও দৰকাৰী কথাবোৰ লিখি ৰখা বহী ৰাখে নহয়। ডাক্তৰসকলেও কিতাপ লগত ৰাখে, সেয়া চাই ঔষধ দিয়ে। গতিকে সন্তানসকলে কিমান ভালদৰে পঢ়া উচিত, সেৱা কৰা উচিত। বাবাই সৰ্বোত্তম মন্ত্ৰ দিছে – ‘মনমনাভৱ’। পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা তেতিয়া স্বৰ্গৰ মালিক হৈ যাবা। শিৱ জয়ন্তী পালন কৰে। কিন্তু শিৱবাবাই কি কৰিলে? নিশ্চয় স্বৰ্গৰ উত্তৰাধিকাৰ দিছিল। তাৰ 5 হাজাৰ বছৰ হ’ল । স্বৰ্গৰ পৰা নৰক, নৰকৰ পৰা স্বৰ্গ হ’ব।

পিতাই বুজায় – সন্তানসকল, যোগযুক্ত হোৱা তেতিয়া তোমালোকে প্ৰতিটো কথা ভালকৈ বুজি পাবা। কিন্তু যোগ ঠিক নহয়, পিতাৰ স্মৃতি নাথাকে সেয়েহে একোৱেই বুজিব নোৱাৰে। বিকৰ্মও বিনাশ হ’ব নোৱাৰে। যোগযুক্ত নোহোৱা বাবে ইমান সৎগতিও নহয়, পাপ থাকি যায়। তেতিয়া পদো কম হৈ যায়। বহুত আছে, অলপো যোগযুক্ত হৈ নাথাকে, নাম-ৰূপত আৱদ্ধ হৈ থাকে, তেওঁলোকৰে স্মৃতি আহি থাকিলে তেতিয়া কেনেকৈ বিকৰ্ম বিনাশ হ’ব? পিতাই কয় – দেহী-অভিমানী হোৱা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) শিৱ জয়ন্তীত অবিনাশী জ্ঞান ৰত্নৰ দোকান খুলি সেৱা কৰিব লাগে। ঘৰ ঘৰ আলোকিত কৰি সকলোকে পিতাৰ পৰিচয় দিব লাগে।

(2) সত্য পিতাৰ লগত সততাৰে চলিব লাগে, কোনো বিকৰ্ম কৰি লুকুৱাব নালাগে। এনেকুৱা যোগযুক্ত হ’ব লাগে যাতে কোনো পাপ থাকি নাযায়। কাৰো নাম-ৰূপত আৱদ্ধ হ’ব নালাগে।

বৰদান:
‘ মই’ বোধ সমাপ্ত কৰোঁতা পিতা ব্ৰহ্মাৰ সমান শ্ৰেষ্ঠ ত্যাগী হোৱা

সম্বন্ধৰ ত্যাগ, বৈভৱৰ ত্যাগ কোনো ডাঙৰ কথা নহয় কিন্তু প্ৰতিটো কাৰ্য্যত, সংকল্পতো আনক আগত ৰখাৰ ভাৱনা ৰখা অৰ্থাৎ নিজৰ ‘মই’ বোধ শেষ কৰি দিয়া, প্ৰথমে আপুনি বুলি কোৱা... এয়া হৈছে শ্ৰেষ্ঠ ত্যাগ। ইয়াকে ‘মই’ বোধ সমাপ্ত কৰি দিয়া বুলি কোৱা হয়। যেনেকৈ পিতা ব্ৰহ্মাই সদায় সন্তানসকলক আগত ৰাখিলে, “মই আগত থাকোঁ” ইয়াৰ পৰাও সদায় ত্যাগী হৈ থাকিল, এই ত্যাগৰ কাৰণে সকলোতকৈ আগত অৰ্থাৎ এক নম্বৰ হোৱাৰ ফল প্ৰাপ্ত কৰিলে, তেনেকৈ পিতাক অনুসৰণ কৰা।

স্লোগান:
তৎক্ষণাৎ কাৰোবাৰ দোষ আঙুলিয়াই দিয়া- এয়াও দুখ দিয়া হয়।


শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

যেনেকৈ উচ্চ স্তম্ভৰ পৰা কিৰণ দিয়ে, ‘লাইট-মাইট’ বিয়পাই দিয়ে তেনেকৈ তোমালোক সন্তানসকলেও নিজৰ উচ্চ স্থিতি অথবা উচ্চ স্থানত বহি অতি কমেও 4 ঘণ্টা বিশ্বক ‘লাইট’ আৰু ‘মাইট’ দিয়া। যেনেকৈ সূৰ্য্যয়ো বিশ্বক কিৰণ তেতিয়াহে দিব পাৰে যেতিয়া উচ্চত থাকে। গতিকে সাকাৰ সৃষ্টিক শক্তিৰ কিৰণ দিবৰ বাবে উচ্চ স্থানৰ নিবাসী হোৱা।