02.01.26 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল –
“তোমালোক পৰস্পৰ বহুত আত্মিক স্নেহত থাকিব লাগে, কেতিয়াও মতভেদত আহিব নালাগে”
প্ৰশ্ন:
প্ৰত্যেক
ব্ৰাহ্মণ সন্তানে নিজৰ অন্তৰক কোনটো কথা সুধিব লাগে?
উত্তৰ:
নিজৰ অন্তৰক সোধা - (1) মই ঈশ্বৰৰ অন্তৰত অধিষ্ঠিত হৈছোঁনে! (2) মোৰ দৈৱীগুণৰ ধাৰণা
কিমানলৈকে হৈছে? (3) মই ব্ৰাহ্মণে ঈশ্বৰীয় সেৱাত বাধাৰ সৃষ্টিতো নকৰোঁ! (4) সদায়
মিলা-প্ৰীতিৰে থাকোঁনে! আমি পৰস্পৰ একমত হওঁনে! (5) মই সদায় শ্ৰীমত পালন কৰোঁনে?
গীত:
ভোলেনাথ সে
নিৰালা...... (ভোলানাথতকৈ অনন্য……)
ওঁম্শান্তি।
তোমালোক
সন্তানসকল হৈছা ঈশ্বৰীয় সম্প্ৰদায়। আগতে আছিলা আসুৰিক সম্প্ৰদায়। আসুৰিক
সম্প্ৰদায়ৰসকলে এইটো গম নাপায় যে ভোলানাথ কাক কোৱা হয়। এইটোও নাজানে যে শিৱ-শংকৰ
বেলেগ বেলেগ। তেওঁ শংকৰ হৈছে দেৱতা, শিৱ হৈছে পিতা। একোৱেই নাজানে। এতিয়া তোমালোক
হৈছা ঈশ্বৰীয় সম্প্ৰদায় অথবা ঈশ্বৰীয় পৰিয়াল। তেওঁলোক হৈছে আসুৰিক পৰিয়াল ৰাৱণৰ।
কিমান পাৰ্থক্য আছে। এতিয়া তোমালোকে ঈশ্বৰীয় পৰিয়ালত ঈশ্বৰৰ দ্বাৰা শিকি আছা যে
ইজন-সিজনৰ মাজত আত্মিক স্নেহ কেনেকুৱা হ'ব লাগে। ব্ৰাহ্মণ কুলত ইজনে-সিজনে এই
আত্মিক স্নেহ ইয়াতেই ধাৰণ কৰিব লাগে। যাৰ পূৰা স্নেহ নাথাকিব তেন্তে পূৰা পদো নাপাব।
তাততো থাকেই এটা ধৰ্ম, এখন ৰাজ্য। পৰস্পৰ কোনো হাই-কাজিয়া নহয়। ইয়াততো ৰাজ্য নাই।
ব্ৰাহ্মণৰ মাজতো দেহ-অভিমান হোৱাৰ কাৰণে মতভেদত আহি যায়। এনেকৈ মতভেদত অহাসকলে
শাস্তি ভোগ কৰি উত্তীৰ্ণ হ'ব। পুনৰ তাত এটা ধৰ্ম হৈ যায়, গতিকে তাত শান্তি থাকে।
এতিয়া সেইফালে হৈছে আসুৰিক সম্প্ৰদায় বা আসুৰিক পৰিয়াল। ইয়াত হৈছে ঈশ্বৰীয় পৰিয়াল।
ভৱিষ্যতৰ কাৰণে দৈৱীগুণ ধাৰণ কৰি আছে। পিতাই সৰ্বগুণ সম্পন্ন কৰি তোলে। সকলোৱেতো
তেনেকুৱা হৈ নুঠে। যিসকল শ্ৰীমতত চলে তেওঁলোকেই বিজয় মালাৰ মণি হয়। যিসকল নহ’ব
তেওঁলোক প্ৰজাত আহি যায়। তাততো দৈৱী চৰকাৰ হ'ব। 100 শতাংশ পৱিত্ৰতা, শান্তি, সমৃদ্ধি
থাকে। এই ব্ৰাহ্মণ কুলত এতিয়া দৈৱীগুণ ধাৰণ কৰিব লাগে। কোনোৱেতো ভালদৰে দৈৱীগুণ
ধাৰণ কৰে, অন্যকো কৰাই থাকে। ঈশ্বৰীয় কুলত পৰস্পৰ আত্মিক স্নেহো তেতিয়াহে থাকিব
যেতিয়া দেহী-অভিমানী হ’ব। সেইকাৰণে পুৰুষাৰ্থ কৰি থাকে। অন্তিমতো সকলোৰে অৱস্থা
একৰস, একে নিচিনাতো হ'ব নোৱাৰে। তেতিয়া শাস্তি ভোগ কৰি পদ ভ্ৰষ্ট হৈ যাব। কম পদ
প্ৰাপ্ত কৰিব। ব্ৰাহ্মণসকলৰ মাজতো যদি মিলা-প্ৰীতিৰে নাথাকে, পৰস্পৰ অপ্ৰীতিকৰ হৈ
থাকে, দৈৱীগুণ ধাৰণ নকৰে তেন্তে উচ্চ পদ কেনেকৈ পাব পাৰিব। অপ্ৰীতিকৰ হোৱা কাৰণে
ক'ৰবাত ঈশ্বৰীয় সেৱাতো বাধাৰ সৃষ্টি কৰে। যাৰ ফল কি হয় তেওঁ ইমান উচ্চ পদ পাব নোৱাৰে।
এফালে পুৰুষাৰ্থ কৰে মিলা-প্ৰীতিৰে থাকিবলৈ। আনফালে মায়াই অপ্ৰীতিকৰ কৰি দিয়ে, যাৰ
কাৰণে সেৱাৰ সলনি অহিত কৰে। পিতাই বহি বুজায় - তোমালোক হৈছা ঈশ্বৰীয় পৰিয়াল। ঈশ্বৰৰ
লগত থাকাও। কোনোবা লগত থাকে, কোনোবা অন্য অন্য গাঁৱত থাকে কিন্তু আছাতো একেলগে নহয়।
পিতাও ভাৰতলৈ আহে। মনুষ্যই এইটো নাজানে, শিৱবাবা কেতিয়া আহে, আহি কি কৰে? তোমালোকে
এতিয়া পিতাৰ দ্বাৰা পৰিচয় পাইছা। ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তক এতিয়া তোমালোকে
জানা। জগতে নাজানে যে এই চক্ৰ কেনেকৈ ঘূৰে, এতিয়া কি সময়, একেবাৰে ঘোৰ অন্ধকাৰত আছে।
তোমালোক সন্তানসকলক
ৰচয়িতা পিতা আহি গোটেই বাতৰি শুনাইছে। লগতে বুজায় যে হে শালগ্ৰামসকল মোক স্মৰণ কৰা।
এয়া শিৱবাবাই নিজৰ সন্তানসকলক কয়। তোমালোক পাৱন হ'ব বিচৰা নহয়। আহ্বান জনাই আহিছা।
এতিয়া মই আহিছোঁ। শিৱবাবা আহেই - ভাৰতক পুনৰ শিৱালয় কৰি তুলিবলৈ, ৰাৱণে বেশ্যালয় কৰি
দিলে। নিজেই গায় যে আমি পতিত বিকাৰী। ভাৰত সত্যযুগুত সম্পূৰ্ণ নিৰ্বিকাৰী আছিল।
নিৰ্বিকাৰী দেৱতাসকলক বিকাৰী মনুষ্যই পূজা কৰে। পুনৰ নিৰ্বিকাৰীসকলেই বিকাৰী হয়।
এইটো কোনেও গম নাপায়। পূজ্যসকলতো নিৰ্বিকাৰী আছিল পুনৰ পূজাৰী বিকাৰী হ’ল সেইবাবেতো
আহ্বান জনায় - হে পতিত-পাৱন আহক, আহি নিৰ্বিকাৰী কৰি তোলক। পিতাই কয় - এই অন্তিম
জন্ম তোমালোক পৱিত্ৰ হোৱা। মামেকম্ (কেৱল মোক) স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ
খণ্ডন হৈ যাব আৰু তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান দেৱতা হৈ যাবা পুনৰ চন্দ্ৰবংশী
ক্ষত্ৰিয় পৰিয়ালত আহিবা। এই সময়ত হৈছা ঈশ্বৰীয় পৰিয়ালৰ পুনৰ দৈৱী পৰিয়ালত 21 জন্ম
থাকিবা। এই ঈশ্বৰীয় পৰিয়ালত তোমালোক অন্তিম জন্মত উত্তীৰ্ণ হোৱা। ইয়াত তোমালোকে
পুৰুষাৰ্থ কৰি পুনৰ সৰ্বগুণ সম্পন্ন হ’ব লাগে। তোমালোক পূজ্য আছিলা - যথাযথ ৰাজত্ব
কৰিছিলা পুনৰ পূজাৰী হৈ গ’লা। এইটো বুজাব লাগে নহয়। ভগৱান হৈছে পিতা। আমি তেওঁৰ
সন্তান তেন্তে পৰিয়াল নহ'ল জানো। গায়নো কৰে - তুমি মাতা-পিতা আমি তোমাৰ সন্তান.......
তেন্তে পৰিয়াল হ’ল নহয়। এতিয়া পিতাৰ পৰা অপাৰ সুখ পোৱা যায়। পিতাই কয় - তোমালোক
নিসন্দেহে মোৰ পৰিয়ালৰ হোৱা। কিন্তু ড্ৰামাৰ পৰিকল্পনা অনুসৰি ৰাৱণৰাজ্যত অহাৰ পাছত
পুনৰ তোমালোক দুখী হ’লে তেতিয়া আহ্বান জনোৱা। এই সময়ত তোমালোক একেবাৰে নিখুঁত
পৰিয়াল। পুনৰ তোমালোকক ভৱিষ্যত 21 জন্মৰ কাৰণে উত্তৰাধিকাৰ দিওঁ। এই উত্তৰাধিকাৰ
পুনৰ দৈৱী পৰিয়ালত 21 জন্ম স্থায়ী হৈ থাকিব। দৈৱী পৰিয়াল সত্যযুগ ত্ৰেতালৈকে চলে।
আকৌ ৰাৱণৰাজ্য হ’লে পাহৰি যায় যে আমি দৈৱী পৰিয়ালৰ। বাম (বিকাৰী) মাৰ্গত গ’লে
আসুৰিক পৰিয়াল হৈ যায়। 63 জন্ম ছিৰি নামি অৰ্থাৎ অৱনমিত হৈ আহিছা। এই গোটেই জ্ঞান
তোমালোকৰ বুদ্ধিত আছে। যিকোনো লোককে বুজাব পাৰা। আচলতে তোমালোক দেৱী-দেৱতা ধৰ্মৰ
হোৱা। সত্যযুগৰ পূৰ্বে আছিল কলিযুগ। সংগমত তোমালোকক মনুষ্যৰ পৰা দেৱতা কৰি তোলা হয়।
মাজত হৈছে এয়া সংগম। তোমালোকক ব্ৰাহ্মণ ধৰ্মৰ পৰা পুনৰ দৈৱী ধৰ্মত লৈ আহে। বুজোৱা
হয় - লক্ষ্মী-নাৰায়ণে এই ৰাজ্য কেনেকৈ ল'লে। তেওঁলোকৰ পূৰ্বে আসুৰিক ৰাজ্য আছিল
পুনৰ দৈৱী ৰাজ্য কেতিয়া আৰু কেনেকৈ হ'ল। পিতাই কয় – কল্পই কল্পই সংগমত আহি তোমালোকক
ব্ৰাহ্মণ-দেৱতা-ক্ষত্ৰিয় ধৰ্মত লৈ আহোঁ। এয়া হৈছে ভগৱানৰ পৰিয়াল। সকলোৱে ঈশ্বৰ পিতা
বুলি কয়। কিন্তু পিতাক নজনাৰ কাৰণে অনাথ হৈ গৈছে সেয়েহে পিতা আহে ঘোৰ অন্ধকাৰৰ পৰা
আলোকময় কৰিবলৈ। এতিয়া স্বৰ্গ স্থাপনা হৈ আছে। তোমালোক সন্তানসকলে পঢ়ি আছা, দৈৱীগুণ
ধাৰণ কৰি আছা। এইটোও গম পাব লাগে - শিৱ জয়ন্তী পালন কৰে, শিৱ জয়ন্তীৰ পাছত আকৌ কি
হ'ব? নিশ্চয় দৈৱী ৰাজ্যৰ জয়ন্তী হৈছিল নহয়। স্বৰ্গীয় ঈশ্বৰ পিতা স্বৰ্গ স্থাপন
কৰিবলৈ স্বৰ্গলৈতো নাহিব। তেওঁ কয় - মই নৰক আৰু স্বৰ্গৰ মাজত সংগমত আহোঁ। শিৱৰাত্ৰি
বুলি কয় নহয়। গতিকে মই ৰাতি আহোঁ। এইটো তোমালোক সন্তানসকলে বুজিব পাৰা। যিসকলে বুজি
পায় তেওঁলোকে অন্যকো ধাৰণ কৰায়। অন্তৰতো তেওঁলোক অধিষ্ঠিত হয় যিসকলে মন-বাণী-কৰ্মৰে
সেৱাত তৎপৰ হৈ থাকে। যিমানে সেৱা সিমানে অন্তৰত অধিষ্ঠিত হয়। কিছুমান সকলোতে পাকৈত
শ্ৰমিক থাকে। সকলো কাম শিকিব লাগে। ভোজন ৰন্ধা, ৰুটী সেকা, বাচন ধোৱা... এয়াও সেৱা
হয় নহয়। পিতাৰ স্মৃতি হৈছে প্ৰথম। তেওঁৰ স্মৃতিৰেহে বিকৰ্ম বিনাশ হয়। ইয়াৰ
উত্তৰাধিকাৰ প্ৰাপ্ত হৈছে। তাত সৰ্বগুণ সম্পন্ন হৈ থাকে। যেনেকুৱা ৰজা তেনেকুৱা
প্ৰজা। দুখৰ কথা নাথাকে। এই সময়ত সকলো নৰকবাসী। সকলোৰে অৱৰোহণ কলা। পুনৰ এতিয়া
আৰোহণ কলা হ'ব। পিতাই সকলোকে দুখৰ পৰা মুক্ত কৰি সুখত লৈ যায়, সেয়েহে পিতাক
মুক্তিদাতা বুলি কোৱা হয়। ইয়াত তোমালোকৰ নিচা থাকে যে আমি পিতাৰ পৰা উত্তৰাধিকাৰ লৈ
আছোঁ, যোগ্য হৈ আছোঁ। যোগ্য বুলিতো তেওঁলোকক কোৱা হ’ব যিসকলে অন্যকো ৰজাৰ পদ পোৱাৰ
যোগ্য কৰি তোলে। এইটোও পিতাই বুজাইছে পঢ়োঁতাতো বহুত আহিব। এনেকুৱা নহয় যে সকলোৱে 84
জন্ম ল'ব। যিসকলে কমকৈ পঢ়িব তেওঁলোক দেৰিকৈ আহিব, গতিকে জন্মও কম হ'ব নহয়। কোনোৱে
80 (আশী), কোনোৱে 82 (বিৰাশী), কোন সোনকালে আহে, কোন পাছত আহে..... সকলো পঢ়াৰ ওপৰত
নিৰ্ভৰ কৰে। সাধাৰণ প্ৰজাসকল পাছত আহিব। তেওঁলোকৰ 84 জন্ম হ'ব নোৱাৰে। পাছত আহি থাকে।
যিসকল একেবাৰে শেষত থাকিব তেওঁলোক ত্ৰেতাৰ অন্তিমত আহি জন্ম ল'ব। পুনৰ বাম মাৰ্গত
যায়। অৱনমিত হোৱা আৰম্ভ হৈ যায়। ভাৰতবাসীয়ে কেনেকৈ 84 জন্ম ল’লে, তেওঁলোকৰ এয়া হৈছে
ছিৰি। এই সৃষ্টি চক্ৰ ড্ৰামাৰ ৰূপত আছে। যিসকল পাৱন আছিল তেওঁলোকেই এতিয়া পতিত হৈ
গ’ল পুনৰ পাৱন দেৱতা হয়। পিতা যেতিয়া আহে তেতিয়া সকলোৰে কল্যাণ হয়, সেয়েহে ইয়াক
কল্যাণকাৰী যুগ বুলি কোৱা হয়। মহিমা পিতাৰহে যিয়ে সকলোৰে কল্যাণ কৰে। সত্যযুগত
সকলোৰে কল্যাণ আছিল, কোনো দুখ নাছিল, এইটোতো বুজাব লাগে যে আমি ঈশ্বৰীয় পৰিয়ালৰ হওঁ।
ঈশ্বৰ সকলোৰে পিতা। ইয়াতেই তোমালোকে মাতা-পিতা বুলি গায়ন কৰা। তাততো কেৱল পিতা বুলি
কোৱা হয়। ইয়াত তোমালোক সন্তানসকলে মা-পিতাক পোৱা। ইয়াত তোমালোক সন্তানসকলক তুলি লোৱা
হয়। পিতা হৈছে ৰচয়িতা তেন্তে ‘মা’ও থাকিব। নহ'লে ৰচনা কেনেকৈ হ'ব। স্বৰ্গীয় ঈশ্বৰ
পিতাই কেনেকৈ স্বৰ্গ স্থাপন কৰে, এইটো ভাৰতবাসীয়েও নাজানে আৰু বিদেশীসকলেও নাজানে।
এতিয়া তোমালোকে জানা নতুন সৃষ্টিৰ স্থাপনা আৰু পুৰণি সৃষ্টিৰ বিনাশ, তেন্তে নিশ্চয়
সংগমতেই হ'ব। এতিয়া তোমালোক সংগমত আছা। এতিয়া পিতাই বুজায় মামেকম্ স্মৰণ কৰা।
আত্মাই স্মৰণ কৰিব লাগে - পৰমপিতা পৰমাত্মাক। আত্মাসকল আৰু পৰমাত্মা বহুকাল পৃথকে
থাকিল.... সুন্দৰ মেলা ক’ত হ’ব! সুন্দৰ মেলা নিশ্চয় ইয়াতেই হ'ব। পৰমাত্মা পিতা ইয়ালৈ
আহে, ইয়াক কোৱা হয় কল্যাণকাৰী সুন্দৰ মেলা। জীৱনমুক্তিৰ উত্তৰাধিকাৰ সকলোকে দিয়ে।
জীৱনবন্ধনৰ পৰা মুক্ত হৈ যায়। শান্তিধামলৈতো সকলোৱে যাব - পুনৰ যেতিয়া আহে তেতিয়া
সতোপ্ৰধান হৈ থাকে। ধৰ্ম প্ৰতিষ্ঠাৰ অৰ্থে আহে। তলত যেতিয়া তেওঁলোকৰ জনসংখ্যা বাঢ়ে
তেতিয়া ৰাজ্যৰ কাৰণে পুৰুষাৰ্থ কৰে তেতিয়ালৈকে কোনো কাজিয়া আদি নহয়। সতোপ্ৰধানৰ পৰা
ৰজোত যেতিয়া আহে তেতিয়া কাজিয়া-পেচাল আৰম্ভ কৰে। প্ৰথমে সুখ পাছত দুখ। এতিয়া একেবাৰে
দুৰ্গতি পাইছে। এই কলিযুগী সৃষ্টিৰ বিনাশ পুনৰ সত্যযুগী সৃষ্টিৰ স্থাপনা হ’ব।
ব্ৰহ্মাৰ দ্বাৰা বিষ্ণুপুৰী স্থাপন কৰি আছে। যিয়ে যেনেকুৱা পুৰুষাৰ্থ কৰে সেই অনুসৰি
বিষ্ণুপুৰীত আহি প্ৰালব্ধ লাভ কৰে। এইবোৰ বুজিবলগীয়া বহুত ভাল কথা। এই সময়ত তোমালোক
সন্তানসকল বহুত আনন্দিত হ'ব লাগে যে আমি ঈশ্বৰৰ পৰা ভৱিষ্যত 21 জন্মৰ কাৰণে
উত্তৰাধিকাৰ প্ৰাপ্ত কৰি আছোঁ। যিমানে পুৰুষাৰ্থ কৰি নিজক নিখুঁত কৰি তুলিব...
তোমালোক নিখুঁত হ'ব লাগে। ঘড়ীও ‘লিভাৰ’ আৰু ‘চিলিণ্ডাৰ’ৰ থাকে নহয়। লিভাৰ ঘড়ী বহুত
নিখুঁত হয়। সন্তানসকলৰ মাজত বহুতেই নিখুঁত হৈ যায়। কোনোবা ত্ৰুটিপুৰ্ণ হৈ গ’লে
তেন্তে পদ কম হৈ যায়। পুৰুষাৰ্থ কৰি নিখুঁত হ'ব লাগে। এতিয়া সকলো নিখুঁতভাৱে নচলে।
পুৰুষাৰ্থ কৰাওঁতাতো এজনেই পিতা। ভাগ্য গঢ়ি তোলাৰ পুৰুষাৰ্থত দুৰ্বল সেইবাবে পদ কম
পায়। শ্ৰীমতত নচলা কাৰণে, আসুৰিক গুণ ত্যাগ নকৰাৰ কাৰণে, স্মৃতিত নথকাৰ কাৰণে এই
সকলোবোৰ হয়। যদি যোগযুক্ত হৈ নাথাকে তেন্তে তেওঁ যেন পণ্ডিত। যোগ কম সেয়েহে
শিৱবাবাৰ প্ৰতি স্নেহ নাথাকে। ধাৰণাও কম হয়, সেই আনন্দ নাথাকে। চেহেৰাই যেন মৃতকৰ
নিচিনা হৈ থাকে। তোমালোকৰ চেহেৰাতো সদায় হৰ্ষিত হৈ থকা উচিত যেনেকুৱা দেৱতাসকলৰ।
পিতাই তোমালোকক কিমান উত্তৰাধিকাৰ দিয়ে। কোনো গৰিবৰ সন্তান চহকীৰ ওচৰত গ’লে তেতিয়া
সেই সন্তানটি কিমান আনন্দিত হ’ব। তোমালোক বহুত গৰিব আছিলা। এতিয়া পিতাই তুলি ল’লে
তেন্তে আনন্দিত হ'ব লাগে। আমি ঈশ্বৰীয় সম্প্ৰদায়ৰ হৈছোঁ। কিন্তু ভাগ্যত যদি নাই
তেন্তে কি কৰিব পাৰে। পদ ভ্ৰষ্ট হৈ যায়। পাটৰাণী নহয়। পিতা আহেই পাটৰাণী কৰি তুলিবলৈ।
তোমালোক সন্তানসকলে যিকোনো লোককে বুজাব পাৰা যে ব্ৰহ্মা, বিষ্ণু, শংকৰ তিনিওজন হৈছে
শিৱৰ সন্তান। ভাৰতক পুনৰাই ব্ৰহ্মাৰ দ্বাৰা স্বৰ্গ কৰি তোলে। শংকৰৰ দ্বাৰা পুৰণি
সৃষ্টিৰ বিনাশ হয়, ভাৰততহে বাকী অলপ বাচি যায়। প্ৰলয়তো নহয়, কিন্তু বহুত নাশ হৈ যায়,
সেয়েহে যেন প্ৰলয় হৈ যায়। ৰাতি-দিনৰ পাৰ্থক্য হৈ যায়। তেওঁলোক সকলো মুক্তিধামলৈ গুচি
যাব। এয়া পতিত-পাৱন পিতাৰহে কাম। পিতাই কয় - দেহী-অভিমানী হোৱা। নহ'লেতো পুৰণি
সম্বন্ধীয়সকল স্মৃতিলৈ আহি থাকিব। এৰিলাও তথাপি বুদ্ধি গৈ থাকে। নষ্টোমোহা হোৱা নাই,
ইয়াক ব্যভিচাৰী স্মৃতি বুলি কোৱা হয়। সৎগতি পাব নোৱাৰে কিয়নো দুৰ্গতিত থকাসকলক
স্মৰণ কৰি থাকে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বাপদাদাৰ
অন্তৰত অধিষ্ঠিত হ’বলৈ মন-বাণী-কৰ্মৰে সেৱা কৰিব লাগে। নিখুঁত আৰু সকলো ক্ষেত্ৰতে
দক্ষ হ'ব লাগে।
(2) এনেকুৱা
দেহী-অভিমানী হ'ব লাগে যাতে কোনো পুৰণি সম্বন্ধ স্মৃতিলৈ নাহে। পৰস্পৰ বহুত আত্মিক
স্নেহেৰে থাকিব লাগে, অপ্ৰীতিকৰ হ'ব নালাগে।
বৰদান:
বিশ্ব
পৰিৱৰ্তনৰ শ্ৰেষ্ঠ কাৰ্যত নিজৰ সহযোগ দিওঁতা মহান তথা সৃষ্টিশীল হোৱা
যেনেকৈ কোনো স্থূল
খাদ্য ৰান্ধে তেতিয়া তাত সকলো বস্তু দিয়া হয়, অলপ সাধাৰণ মিঠা বা নিমখো কম হ’লে ভাল
বস্তুও খোৱাৰ যোগ্য হ’ব নোৱাৰে। তেনেকৈয়ে বিশ্ব পৰিৱৰ্তনৰ এই শ্ৰেষ্ঠ কাৰ্যৰ বাবে
প্ৰতিটো ৰত্নৰ আৱশ্যকতা আছে। সকলোৰে সহযোগ লাগে। সকলো নিজৰ নিজৰ ৰীতিৰে অতিকৈ
আৱশ্যক, শ্ৰেষ্ঠ মহাৰথী হোৱা সেয়েহে নিজৰ কাৰ্যৰ শ্ৰেষ্ঠতাৰ মূল্যক জানি লোৱা, সকলো
মহান আত্মা হোৱা। কিন্তু যিমানে মহান সিমানে সৃষ্টিশীলো হোৱা।
স্লোগান:
নিজৰ স্বভাৱ সৰল কৰি তোলা তেতিয়া সকলো কাৰ্য সহজ হৈ যাব।
অব্যক্ত ইংগিত: এই
অব্যক্ত মাহত বন্ধনমুক্ত হৈ থাকি জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰা
জীৱনত থাকিও, সময়
স্পৰ্শকাতৰ হোৱা সত্ত্বেও, পৰিস্থিত, সমস্যা, বায়ুমণ্ডল দুগুণ দুষিত হোৱা সত্ত্বেও
তাৰ প্ৰভাৱৰ পৰা মুক্ত, জীৱনত থাকি এই সকলো ভিন্ন ভিন্ন বন্ধনৰ পৰা মুক্ত হৈ থাকিব
লাগে। যাতে এটিও সূক্ষ্ম বন্ধন নাথাকে। এনেকৈ প্ৰতিগৰাকী ব্ৰাহ্মণ সন্তান
বন্ধনমুক্ত, জীৱনমুক্ত হ’ব লাগে। সংগমযুগতেই এই জীৱনমুক্ত স্থিতিৰ প্ৰালব্ধৰ অনুভৱ
কৰিব লাগে।