02.02.26 Morning Assame Murli Om Shanti BapDada Madhuban
“শিৱ ভগৱানুবাচ -
মৰমৰ সন্তানসকল, তোমালোকে মোক স্মৰণ কৰা আৰু মৰম কৰা কিয়নো মইহে তোমালোকক সৰ্বদা
সুখী কৰি তুলিবলৈ আহিছোঁ”
প্ৰশ্ন:
যিসকল সন্তানৰ
দ্বাৰা গাফিলতি হৈ থাকে তেওঁলোকৰ মুখৰ পৰা কোনটো কথা স্বতঃ ওলাই যায়?
উত্তৰ:
ভাগ্যত যি আছে সেয়া পাই যাম৷ স্বর্গলৈতো যামেই৷ বাবাই কয় – এইষাৰ কথা পুৰুষার্থী
সন্তানৰ নহয়৷ উচ্চ পদবী পাবলৈহে পুৰুষার্থ কৰিব লাগে৷ যিহেতু পিতা উচ্চ পদবী দিবলৈ
আহিছে সেয়েহে গাফিলতি নকৰিবা৷
গীত:
বচপন কে দিন
ভুলা ন দেনা... (শৈশৱৰ দিনবোৰ পাহৰি নাযাবা...)
ওঁম্শান্তি।
অতি মৰমৰ
সন্তানসকলে গীতৰ কলিটিৰ অর্থ বুজিলা৷ এতিয়া তোমালোক জীৱন্তে বেহদৰ পিতাৰ হৈছা৷
গোটেই কল্পতো হদৰ পিতাৰ হ’লা৷ এতিয়া কেৱল তোমালোক ব্ৰাহ্মণ সন্তানসকল বেহদৰ পিতাৰ
হৈছা৷ তোমালোকে জানা বেহদৰ পিতাৰ পৰা আমি বেহদৰ উত্তৰাধিকাৰ লৈ আছোঁ৷ যদি পিতাক এৰা
তেন্তে বেহদৰ উত্তৰাধিকাৰ পাব নোৱাৰিবা৷ যদিও তোমালোকে বুজোৱা কিন্তু অলপতেতো কেনো
ৰাজী নহয়৷ মনুষ্যই ধন বিচাৰে৷ ধন অবিহনে সুখী হ’ব নোৱাৰে৷ ধনো লাগে, শান্তিও লাগে,
নিৰোগী শৰীৰো লাগে৷ তোমালোক সন্তানসকলেহে জানা – জগতত আজি কি আছে, কাইলৈ কি হ’ব৷
বিনাশ সমাগত৷ আন কাৰো বুদ্ধিত এই কথাবোৰ নাই৷ যদিও বুজেও যে বিনাশ সমাগত, তেতিয়াও
কি কৰিব লাগে, এয়া নুবুজে৷ তোমোলোক সন্তানসকলে বুজি পোৱা যে যিকোনো সময়ত যুদ্ধ
লাগিব পাৰে, অকণমান ফিৰিঙতিৰ পৰা খাণ্ডৱদাহ হ’বলৈ দেৰি নালাগিব৷ সন্তানসকলে জানে এই
পুৰণি সৃষ্টি নাশ হোৱাৰ পথত, সেইবাবে এতিয়া সোনকালে পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে৷
পিতাক সদায় স্মৰণ কৰি থাকিলে তেতিয়া বহুত হৰ্ষিত হৈ থাকিবা৷ দেহ-অভিমানত আহিলে
পিতাক পাহৰি দুখ পোৱা৷ যিমানে পিতাক স্মৰণ কৰিবা সিমানে বেহদৰ পিতাৰ পৰা সুখ পাবা৷
ইয়ালৈ তোমালোক আহিছাই এনেকুৱা লক্ষ্মী-নাৰায়ণ হ’বলৈ৷ ৰজা-ৰাণী আৰু চাকৰ-বাকৰ হোৱা –
এই ক্ষেত্ৰত বহুত পার্থক্য আছে নহয়৷ এতিয়াৰ পুৰুষার্থ আকৌ কল্প-কল্পান্তৰৰ কাৰণে
স্থায়ী হৈ যাব৷ অন্তিমত সকলোৰে সাক্ষাৎকাৰ হ’ব – মই কিমান পুৰুষার্থ কৰিছোঁ? এতিয়াও
পিতাই কয় – নিজৰ অৱস্থাক চাই থাকা৷ মিঠাতকৈও মিঠা পিতা যাৰ পৰা স্বর্গৰ উত্তৰাধিকাৰ
পোৱা যায়, তেওঁক মই কিমান স্মৰণ কৰোঁ৷ তোমালোকৰ সকলো স্মৃতিত থকাৰ ওপৰতে নির্ভৰ কৰে৷
যিমানে স্মৰণ কৰিবা সিমানে আনন্দিত হৈয়ো থাকিবা৷ বুজিবা যে এতিয়া সমীপত আহি উপস্থিত
হৈছোঁ৷ কিছুমান ভাগৰিও পৰে, নাজানো লক্ষ্যস্থান কিমান দূৰৈত৷ গৈ উপস্থিত হ’লে তেতিয়া
পৰিশ্ৰমো সফল হ’ব৷ এতিয়া তোমালোক যি লক্ষ্যস্থানলৈ গৈ আছা, জগতে নাজানে৷ জগতে এইটো
গমেই নাপায় যে ভগৱান কাক কোৱা হয়৷ ভগৱান বুলি কয়ো৷ আকৌ কৈ দিয়ে –পাথৰ-শিলগুটি সকলোতে
আছে৷
এতিয়া তোমালোক
সন্তানসকলে জানা – আমি পিতাৰ হৈ গৈছোঁ৷ এতিয়া পিতাৰ মততহে চলিব লাগে৷ যদিও বিলাতত
আছা, তাত থাকিও কেৱল পিতাক স্মৰণ কৰিব লাগে৷ তোমালোকে শ্ৰীমত পোৱা৷ স্মৰণ নকৰাকৈ
আত্মা তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’ব নোৱাৰে৷ তোমালোকে কোৱা – বাবা আমি আপোনাৰ পৰা
সম্পূর্ণ উত্তৰাধিকাৰ ল’ম৷ যেনেকৈ আমাৰ মম্মা-বাবাই উত্তৰাধিকাৰ লয়, আমিও পুৰুষার্থ
কৰি তেওঁলোকৰ সিংহাসনত নিশ্চয় বহিম৷ মম্মা-বাবা, ৰাজ-ৰাজেশ্বৰী হয় গতিকে আমিও হ’ম৷
পৰীক্ষাতো সকলোৰে বাবে একেই৷ তোমালোকক বহুত কম শিকোৱা হয় কেৱল পিতাক স্মৰণ কৰা৷
ইয়াক কোৱা হয় – সহজ ৰাজযোগৰ বল৷ তোমালোকে বুজি পোৱা – যোগৰ দ্বাৰা বহুত বল পোৱা যায়৷
বুজি পায় যে আমি কিবা বিকর্ম কৰিলে তেতিয়া বহুত শাস্তি ভোগ কৰিম৷ পদভ্ৰষ্ট হৈ যাম৷
স্মৃতিত থকাৰ ক্ষেত্ৰতে মায়াই বিঘিনি আনে, গায়ন কৰা হয় – সৎগুৰুৰ নিন্দকে উচ্চ পদ
নাপায়৷ তেওঁলোকেতো কয় – গুৰুৰ নিন্দক... নিৰাকাৰক কোনেও নাজানে৷ গায়নো কৰা হয় –
ভক্তসকলক ফল দিওঁতা হ’ল ভগৱান৷ সাধু-সন্ত আদি সকলো ভক্ত৷ ভক্তসকলেহে গংগা স্নান
কৰিবলৈ যায়৷ ভক্তই জানো ভক্তক ফল দিব৷ ভক্তই ভক্তক ফল দিলে তেতিয়া আকৌ ভগৱানক
স্মৰণ কিয় কৰিব৷ এয়া হয়েই ভক্তিমার্গ৷ সকলো ভক্ত৷ ভক্তক ফল দিওঁতা হ’ল ভগৱান৷
এনেকুৱা নহয় যে বেছিকৈ ভক্তি কৰাসকলে কম ভক্তি কৰাসকলক ফল দিব৷ নহয়৷ ভক্তি মানে
ভক্তি৷ ৰচনাই, ৰচনাক উত্তৰাধিকাৰ কেনেকৈ দিব! উত্তৰাধিকাৰ ৰচয়িতাৰ পৰাহে পোৱা যায়৷
এই সময়ত সকলো হৈছে ভক্ত৷ যেতিয়া জ্ঞান পোৱা যায় তেতিয়া আকৌ ভক্তি আপোনাআপুনি আঁতৰি
যায়৷ জ্ঞান জিন্দাবাদ হৈ যায়৷ জ্ঞান অবিহনে সৎগতি কেনেকৈ হ’ব৷ সকলোৱে নিজৰ
হিচাপ-নিকাচ নিষ্পত্তি কৰি গুচি যায়৷ গতিকে এতিয়া তোমালোক সন্তানসকলে জানা বিনাশ
সমাগত৷ তাৰ আগতে পুৰুষার্থ কৰি পিতাৰ পৰা সম্পূর্ণ উত্তৰাধিকাৰ ল’ব লাগে৷
তোমালোকে জানা – আমি
পাৱন জগতলৈ গৈ আছোঁ, যিসকল ব্ৰাহ্মণ হ’ব তেওঁলোকেই নিমিত্ত হ’ব৷ ব্ৰহ্মা মুখ
বংশাৱলী ব্ৰাহ্মণ নোহোৱাকৈ তোমালোকে পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব নোৱাৰা৷ পিতাই
সন্তানসকলক উত্তৰাধিকাৰ দিবলৈয়ে ৰচনা কৰে। শিৱবাবাৰতো আমি হওঁৱেই৷ সৃষ্টি ৰচনা কৰে
সন্তানসকলক উত্তৰাধিকাৰ দিবলৈ৷ শৰীৰধাৰীকে উত্তৰাধিকাৰ দিব নহয়৷ আত্মাসকলতো ওপৰত
থাকে৷ তাততো উত্তৰাধিকাৰ বা প্ৰালব্ধৰ কথাই নাই৷ তোমালোকে এতিয়া পুৰুষার্থ কৰি
প্ৰালব্ধ লৈ আছা, যিটো জগতে গম নাপায়৷ এতিয়া সময় সমীপত আহি আছে৷ বোমা আদি ৰাখি থ’বলৈ
নহয়৷ প্ৰস্তুতি বহুত চলি আছে৷ এতিয়া পিতাই আমাক আদেশ দিয়ে যে মোক স্মৰণ কৰা৷ নহ’লে
অন্তিমত বহুত কান্দিব লাগিব৷ ৰাজ-বিদ্যাৰ পৰীক্ষাত কোনোবা অকৃতকাৰ্য হ’লে তেতিয়া গৈ
খঙত ডুবি মৰে৷ ইয়াত খঙৰতো কথা নাই৷ অন্তিমত তোমালোকৰ বহুত সাক্ষাৎকাৰ হ’ব৷ আমি কি
কি হ’ম সেয়াও গম পাই যাবা৷ পিতাৰ কাম হ’ল পুৰুষার্থ কৰোৱা৷ সন্তানসকলে কয় – বাবা আমি
কর্ম কৰোঁতে স্মৰণ কৰিবলৈ পাহৰি যাওঁ, কোনোৱে আকৌ কয় – স্মৰণ কৰিবলৈ সময় নাপাওঁ,
তেতিয়া বাবাই ক’ব - বাৰু সময় উলিয়াই স্মৃতিত বহা৷ পিতাক স্মৰণ কৰা। পৰস্পৰ যেতিয়া
লগ হোৱা তেতিয়াও এইটোৱে চেষ্টা কৰা, আমি পিতাক স্মৰণ কৰোঁ৷ একেলগে বহিলে তোমালোকে
ভালদৰে স্মৰণ কৰিবা, সহায় পাবা৷ মূল কথা হ’ল পিতাক স্মৰণ কৰা৷ কোনোবা বিলাতলৈ যায়,
তাতো কেৱল এটা কথা স্মৃতিত ৰাখা৷ পিতাৰ স্মৃতিৰেহে তোমালোক তমোপ্ৰধানৰ পৰা
সতোপ্ৰধান হ’বা৷ পিতাই কয় - কেৱল এটা কথা স্মৃতিত ৰাখা – পিতাক স্মৰণ কৰা৷ যোগবলৰ
দ্বাৰা সকলো পাপ ভস্ম হৈ যাব৷ পিতাই কয় – মনমনাভৱ৷ মোক স্মৰণ কৰা তেতিয়া বিশ্বৰ
মালিক হ’বাগৈ৷ স্মৃতিত থকাটোৱে মূল কথা হৈ যায়৷ ক’লৈকো যোৱাৰ কথা নাই৷ ঘৰতে থাকা,
কেৱল পিতাক স্মৰণ কৰা৷ পৱিত্ৰ নহ’লে তেতিয়া স্মৰণ কৰিব নোৱাৰিবা৷ এনেকুৱা হয় জানো
যে সকলোৱে আহি শ্ৰেণীত পঢ়িব৷ মন্ত্ৰ ল’লা তাৰ পাছত লাগিলে য’লৈকে নোযোৱা৷
সতোপ্ৰধান হোৱাৰ ৰাস্তাৰ বিষয়তো পিতাই শুনাইছেই৷ এনেয়েতো সেৱাকেন্দ্ৰলৈ আহিলে নতুন
নতুন কথা শুনি থাকিবা৷ যদি কিবা কাৰণত আহিব নোৱাৰা, বৰষুণ দিলে, কার্ফিউ দিলে, কেনো
বাহিৰলৈ ওলাব নোৱাৰা তেতিয়া কি কৰিবা? পিতাই কয় – কোনো কথা নাই৷ এনেকুৱা নহয় যে
শিৱৰ মন্দিৰত ঘটীৰে পানী ঢালিবই লাগিব৷ য’তেই নাথাকা তোমালোক স্মৃতিত থাকা৷
চলোঁতে-ফুৰোঁতে স্মৰণ কৰা, আনকো এয়াই কোৱা যে পিতাক স্মৰণ কৰিলে বিকর্ম বিনাশ হ’ব
আৰু দেৱতা হৈ যাবা৷ শব্দ দুটাই – পিতা ৰচয়িতাৰ পৰাহে উত্তৰাধিকাৰ ল’ব লাগে৷ ৰচয়িতা
এজনেই৷ তেওঁ কিমান সহজ ৰাস্তা দেখুৱায়৷ পিতাক স্মৰণ কৰাৰ মন্ত্ৰ পাই গ’লা৷ পিতাই কয়
– এই শৈশৱ পাহৰি নাযাবা৷ যদি পিতাক পাহৰা তেন্তে আজি হাঁহি আছা কাইলৈ কান্দিব লাগিব৷
পিতাৰ পৰা সম্পূর্ণ উত্তৰাধিকাৰ লোৱা উচিত৷ এনেকুৱা বহুত আছে, যিয়ে কয় – স্বর্গলৈতো
যাম নহয়, যি ভাগ্যত থাকিব... তেওঁলোকক পুৰুষার্থী বুলি নকয়৷ মনুষ্যই পুৰুষার্থ কৰেই
উচ্চ পদবী পোৱাৰ বাবে৷ এতিয়া যিহেতু পিতাৰ পৰা উচ্চ পদবী পোৱা যায় তেন্তে গাফিলতি
কিয় কৰা৷ স্কুলত যিসকলে নপঢ়ে তেতিয়া শিক্ষিতসকলৰ আগত মুৰ দোৱাব লাগিব৷ পিতাক পূৰা
স্মৰণ নকৰিলে তেতিয়া গৈ প্ৰজাৰ শাৰীত গৈ চাকৰ-বাকৰ হ’বাগৈ, ইয়াতেই আনন্দিত হ’ব লাগে
জানো৷ সন্তানসকল সন্মুখত পুনৰুজ্জীৱিত হৈ যায়৷ বহুত বন্ধনত থকা মাতা আছে, কথা নাই,
ঘৰত বহি পিতাক স্মৰণ কৰি থাকা৷ কিমান বুজায় – মৃত্যু সমাগত, হঠাতে যুদ্ধ আৰম্ভ হৈ
যাব৷ দেখিবলৈ পোৱা যায় যুদ্ধ যেনিবা আৰম্ভ হওঁ হওঁ৷ ৰেডিঅ’ৰ দ্বাৰাও সকলো গম পোৱা
যায়৷ তেওঁলোকে কয় – অলপো যদি গোলমাল কৰা তেন্তে আমি এনেকুৱা কৰিম৷ আগতেই সাৱধান কৰি
দিয়ে৷ বোমাক লৈও বহুত দম্ভালি মাৰে৷ পিতায়ো কয় – সন্তানসকল এতিয়াও যোগবলত হুচিয়াৰ
হোৱা নাই৷ যুদ্ধ লাগি যাব, ড্ৰামা অনুসৰি এনেকুৱা নহ’বই৷ সন্তানসকলে সম্পূর্ণ
উত্তৰাধিকাৰেই লোৱা নাই৷ এতিয়াও সম্পূর্ণ ৰাজধানী স্থাপন হোৱা নাই৷ অলপ সময়ৰ
প্ৰয়োজন৷ পুৰুষার্থ কৰাই থাকে৷ ঠিক নাই কোন সময়ত কি হৈ যায়, উৰাজাহাজ, ৰেলগাড়ী বাগৰি
পৰে৷ মৃত্যু কিমান সহজ সন্মুখত থিয় হৈ আছে৷ ধৰণী কম্পমান হৈ থাকে৷ ভূমিকম্পই আটাইতকৈ
বেছি কাম কৰিব লাগিব৷ ধৰণী কম্পমান হ’লে তেতিয়াহে গোটেই ঘৰ আদি খহিব৷ মৃত্যু হোৱাৰ
আগতে পিতাৰ পৰা সম্পূর্ণ উত্তৰাধিকাৰ ল’ব লাগে সেইবাবে পিতাক স্মৰণ কৰিব লাগে। বাবা
আপোনাৰ বাহিৰে আমাৰ দ্বিতীয় কোনো নাই৷ কেৱল পিতাক স্মৰণ কৰি থাকা৷ কিমান সহজ ৰীতিৰে
কণ কণ শিশুসকলক বুজোৱাৰ দৰে বহি বুজায়৷ আন একো কষ্ট নিদিওঁ, কেৱল স্মৰণ কৰা আৰু কাম
চিতাত বহি তোমালোক যি জ্বলি মৰিছা এতিয়া জ্ঞান চিতাত বহি পৱিত্ৰ হোৱা৷ তোমালোকক সোধে
– আপোনালোকৰ উদ্দেশ্য কি? কোৱা, শিৱবাবা যিজন সকলোৰে পিতা, তেওঁ কয় – মামেকম্ (কেৱল
মোক) স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকর্ম বিনাশ হ’ব আৰু তোমালোক তমোপ্ৰধানৰ পৰা
সতোপ্ৰধান হৈ যাবা৷ কলিযুগত সকলো তমোপ্ৰধান৷ সকলোৰে সৎগতিদাতা হৈছে এজন পিতা৷
এতিয়া পিতাই কয় –
কেৱল মোক স্মৰণ কৰা তেতিয়া মামৰ (বিকাৰৰ লেপ) আতঁৰি যাব৷ এইটো বার্তাতো দিব পাৰা
নহয়৷ নিজে স্মৰণ কৰিলে তেতিয়া আনকো স্মৰণ কৰাব পাৰিবা৷ নিজে স্মৰণ কৰিলে তেতিয়া আনকো
ৰুচিৰে ক’ব, নহ’লে অন্তৰৰ পৰা নোলাব৷ পিতাই বুজায় – য’তেই নাথাকা যিমান পাৰা, কেৱল
স্মৰণ কৰা৷ যাকেই লগ পোৱা তেওঁলোকক এয়াই শিক্ষা দিয়া – মৃত্যু সমাগত৷ পিতাই কয় –
তোমালোক সকলো তমোপ্ৰধান পতিত হৈ গৈছা৷ এতিয়া মোক স্মৰণ কৰা, পৱিত্ৰ হোৱা৷ আত্মাহে
পতিত হৈছে৷ সত্যযুগত হয় পাৱন আত্মা৷ পিতাই কয় – স্মৃতিৰ দ্বাৰাহে আত্মা পাৱন হ’ব,
অন্য কোনো উপায় নাই৷ সকলোকে এইটো বার্তা দি যোৱা তেতিয়াও বহুতৰে কল্যাণ কৰিবা আৰু
কোনো কষ্ট নিদিয়ে৷ সকলো আত্মাকে পাৱন কৰি তোলোঁতা পতিত-পাৱন পিতাই হয়৷ সকলোতকৈ
উত্তমতকৈও উত্তম পুৰুষ কৰি গঢ়ি তোলোঁতাজন হৈছে পিতা৷ যিসকল পূজ্য আছিল তেওঁলোকেই
আকৌ পূজাৰী হৈছে৷ ৰাৱণৰাজ্যত আমি পূজাৰী হৈছোঁ, ৰামৰাজ্যত পূজ্য আছিলোঁ৷ এতিয়া
ৰাৱণৰাজ্যৰ অন্ত, পিতাক স্মৰণ কৰিলে - আমি পূজাৰীৰ পৰা পুনৰ পূজ্য হওঁ৷ আনকো ৰাস্তা
দেখুৱাব লাগে, বুঢ়ীসকলেও সেৱা কৰা উচিত৷ মিত্ৰ-সম্বন্ধীয়সকলকো বার্তা দিয়া৷ সৎসংগ,
মন্দিৰ আদিও অনেক প্ৰকাৰৰ আছে৷ তোমালোকৰতো হৈছে এক প্ৰকাৰ৷ কেৱল পিতাৰ পৰিচয় দিব
লাগে৷ শিৱবাবাই কয় – মামেকম্ স্মৰণ কৰা তেতিয়া তোমালোক স্বর্গৰ মালিক হ’বা৷ নিৰাকাৰ
শিৱবাবা সকলোৰে সৎগতিদাতা বাবাই আত্মাসকলক কয় – মোক স্মৰণ কৰা তেতিয়া তোমালোক
তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা৷ এয়াতো বুজাবলৈ সহজ হয় নহয়৷ বুঢ়ীসকলেও সেৱা কৰিব
পাৰে৷ মূল কথাই হৈছে এইটো৷ বিয়া সবাহত য’তেই নোযোৱা, এইটো কথা কাণত পেলোৱা৷ গীতাৰ
ভগৱানে কয় – মোক স্মৰণ কৰা৷ এইষাৰ কথা সকলোৱে পচন্দ কৰিব৷ বেছিকৈ কোৱাৰ প্ৰয়োজনেই
নাই৷ কেৱল পিতাৰ বার্তা দিব লাগে যে পিতাই কয় – মোক স্মৰণ কৰা৷ বাৰু, এনেকৈ বুজা
ভগৱানে প্ৰেৰিত কৰে৷ সপোনত সাক্ষাৎকাৰ হয়৷ আৱাজ শুনিবলৈ পোৱা যায় যে পিতাই কয় – মোক
স্মৰণ কৰা তেতিয়া তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা৷ তোমালোকে নিজেও কেৱল
এইটো চিন্তন কৰি থাকা তেতিয়া নাও পাৰ হৈ যাব৷ আমি বাস্তৱত বেহদৰ পিতাৰ হৈছোঁ আৰু
পিতাৰ পৰা 21 জন্মৰ উত্তৰাধিকাৰ লৈ আছোঁ সেয়েহে আনন্দিত হৈ থকা উচিত৷ পিতাক পাহৰিলে
কষ্ট হয়৷ পিতাই কিমান সহজকৈ কয় – নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা তেতিয়া আত্মা
সতোপ্ৰধান হৈ যাব৷ সকলোৱে বুজিব – এওঁলোকেতো যথাযথ সঠিক মাৰ্গ পাইছে৷ এই মাৰ্গৰ
বিষয়ে কোনেও কেতিয়াও ক’ব নোৱাৰে৷ যদি তেওঁলোকে কয় যে শিৱবাবাক স্মৰণ কৰা তেন্তে সাধু
আদিৰ ওচৰলৈ কোন যাব৷ সময় এনেকুৱা হ’ব যেতিয়া তোমালোক ঘৰৰ বাহিৰলৈও ওলাব নোৱাৰিবা৷
পিতাক স্মৰণ কৰোঁতে কৰোঁতে শৰীৰ ত্যাগ কৰিবা৷ অন্তকালত যিয়ে শিৱবাবাক স্মৰণ কৰে...
তেৱেঁই আকৌ নাৰায়ণৰ দৰে জন্ম ল’ব, লক্ষ্মী-নাৰায়ণৰ ৰাজবংশত আহিব নহয়৷ বাৰে বাৰে
ৰজাৰ পদ পাব৷ বচ্ কেৱল পিতাক স্মৰণ কৰা আৰু মৰম কৰা৷ স্মৃতি অবিহনে মৰম কেনেকৈ কৰিবা৷
সুখ পোৱা যায় তেতিয়া মৰম কৰা যায়৷ দুখ দিওঁতাজনক মৰম কৰা নহয়৷ পিতাই কয় – মই
তোমালোকক স্বর্গৰ মালিক কৰি তোলোঁ সেইবাবে মোক মৰম কৰা৷ পিতাৰ মতত চলিব লাগে নহয়৷
ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আনন্দিত
হৈ থাকিবলৈ স্মৃতিত থকাৰ পৰিশ্ৰম কৰিব লাগে৷ স্মৃতিৰ বল আত্মাক সতোপ্ৰধান কৰি
তোলোঁতা হয়৷ মৰমেৰে এজন পিতাক স্মৰণ কৰিব লাগে৷
(2) উচ্চ পদবী পোৱাৰ
বাবে পঢ়াৰ প্ৰতি সম্পূর্ণ ধ্যান দিব লাগে৷ এনেকুৱা নহয় যে ভাগ্যত যি আছে, গাফিলতি
এৰি সম্পূর্ণ উত্তৰাধিকাৰৰ অধিকাৰী হ’ব লাগে৷
বৰদান:
হদৰ দায়িত্বক
বেহদলৈ পৰিৱৰ্তন কৰোঁতা স্মৃতি স্বৰূপ নষ্টোমোহা হোৱা
নষ্টোমোহা হ’বলৈ কেৱল
নিজৰ স্মৃতি স্বৰূপ পৰিৱৰ্তন কৰা। মোহ তেতিয়াই জাগে যেতিয়া এইটো স্মৃতি থাকে যে
মই গৃহস্থী, মোৰ ঘৰ, মোৰ সম্বন্ধ আছে। এতিয়া এই হদৰ দায়িত্বক বেহদৰ দায়িত্বলৈ
পৰিৱৰ্তন কৰি দিয়া। বেহদৰ দায়িত্ব পালন কৰিলে হদৰ দায়িত্ববোৰ স্বতঃ পূৰণ হৈ যাব।
কিন্তু যদি বেহদৰ দায়িত্ব পাহৰি কেৱল হদৰ দায়িত্ব পালন কৰা তেন্তে সেয়া আৰুহে
অধিক বেয়া কৰা কিয়নো সেই কৰ্তব্যত মোহ যুক্ত হৈ যায় সেয়েহে নিজৰ স্মৃতি স্বৰূপ
পৰিৱৰ্তন কৰি নষ্টোমোহা হোৱা।
স্লোগান:
এনেকুৱা তীব্ৰতাৰে উৰা যাতে কথাৰূপী ডাৱৰ চেকেণ্ডত অতিক্ৰম কৰি যোৱা।
অব্যক্ত ইংগিত: একতা
আৰু বিশ্বাসৰ বিশেষত্বৰে সফলতা সম্পন্ন হোৱা
যিকোনো কাৰ্যৰ সফলতাৰ
দুটা শ্ৰেষ্ঠ বাহু হ’ল: 1) পৰস্পৰ বিশ্বাস আৰু 2) একতা, য’ত সংগঠিত ৰূপত সকলোৰে
একমত থাকে আৰু পৰস্পৰৰ ইজনৰ সিজনৰ প্ৰতি বিশ্বাস থাকে, ত’ত সফলতা ডিঙিৰ মালা হৈ পৰে।
সংস্কাৰ ভিন ভিন হয় আৰু থাকিবও, কিন্তু যদি কাৰোবাৰ সংস্কাৰ সংঘাত সৃষ্টি কৰোৱা
বিধৰ হয়, তেন্তে আনজনে হাত চাপৰি বজাব নালাগে। প্ৰত্যেকেই যদি নিজক পৰিৱৰ্তন কৰি
লয়, তেন্তে একতা অটুট থাকিব পাৰে।