02.03.25    Avyakt Bapdada     Assame Murli     15.10.2004     Om Shanti     Madhuban


“*“এজনক প্ৰত্যক্ষ কৰিবলৈ একৰস স্থিতি গঢ়ি তোলা, স্বমানত থাকা, সকলোকে সন্মান দিয়া”*”


আজি বাপদাদাই প্ৰতিগৰাকী সন্তানৰ মস্তকত তিনিটা ভাগ্যৰ তৰা চিকমিকাই থকা প্ৰত্যক্ষ কৰি আছেহঁক। এটা হৈছে পৰমাত্ম প্ৰতিপালনৰ ভাগ্য, পৰমাত্ম পঢ়াৰ ভাগ্য, পৰমাত্ম বৰদানসমূহৰ ভাগ্য। এনেকুৱা তিনিটা তৰা সকলোৰে মস্তকৰ মধ্যত প্ৰত্যক্ষ কৰি আছে। তোমালোকেও নিজৰ ভাগ্যৰ চিকমিকাই থকা তৰা প্ৰত্যক্ষ কৰি আছানে? দেখিবলৈ পোৱানে? এনেকুৱা শ্ৰেষ্ঠ ভাগ্যৰ তৰা গোটেই বিশ্বত অন্য কাৰো মস্তকত চিকমিকাই থকা দেখিবলৈ পোৱা নাযাব। এই ভাগ্যৰ তৰাতো সকলোৰে মস্তকত চিকমিকাই আছে, কিন্তু চিকমিকনিত ক’ৰবাত ক’ৰবাত অন্তৰ দেখিবলৈ পোৱা গৈছে। কাৰোবাৰ চিকমিকনি বহুত শক্তিশালী, কাৰোবাৰ চিকমিকনি মধ্যম। ভাগ্য বিধাতাই ভাগ্য সকলো সন্তানকে একে সমান প্ৰদান কৰিছে। কাকো বিশেষ দিয়া নাই। প্ৰতিপালনো একেই, পঢ়াও একেলগে, বৰদানো একেই সকলোৱে পাইছে। গোটেই বিশ্বৰ চুকে-কোণে পঢ়া সদায় একেখিনিয়েই হয়। এইটো চমৎকাৰ যে এখনেই মুৰুলী, একেই তাৰিখ আৰু অমৃতবেলাৰ সময়ো নিজৰ নিজৰ দেশৰ হিচাপত হয়ো একেই, বৰদানো একেই। শ্লোগানো একেই। পাৰ্থক্য হয় জানো? আমেৰিকা আৰু লণ্ডনত পাৰ্থক্য হয়নে? নহয়। তেন্তে অন্তৰ কিয়?

অমৃতবেলাৰ প্ৰতিপালন চাৰিওফালে বাপদাদাই একেই কৰে। নিৰন্তৰ স্মৃতিত থকাৰ বিধিও সকলোৱে একেই পায়, তথাপিও ক্ৰম নম্বৰ কিয়? বিধি একেই আৰু সিদ্ধিৰ প্ৰাপ্তিত অন্তৰ কিয়? বাপদাদাৰ চাৰিওফালৰ সন্তানসকললৈ স্নেহো একে নিচিনাই। বাপদাদাৰ স্নেহত লাগিলে পুৰুষাৰ্থ অনুসৰি নম্বৰত শেষৰ নম্বৰো হওঁক কিন্তু বাপদাদাৰ স্নেহ শেষৰ নম্বৰৰজনৰ প্ৰতিও সেই একেই। স্নেহৰ লগতে শেষৰ নম্বৰৰজনলৈ আৰুহে দয়াও আছে যে এই শেষৰ নম্বৰৰজনো তীব্ৰগতিৰে প্ৰথম হৈ যাওঁক। তোমালোক সকলো দূৰ-দূৰণিৰ পৰা আহি উপস্থিত হৈছাহি, কেনেকৈ পাইছাহি? পৰমাত্ম স্নেহে টানি আনিছে নহয়! স্নেহৰ জৰীত টান খাই আহি গ’লা। সেয়েহে বাপদাদাৰ সকলোৰে প্ৰতি স্নেহ আছে। এনেকৈ ভাবানে নে প্ৰশ্ন হয় যে মোৰ প্ৰতি স্নেহ আছেনে নে কম? বাপদাদাৰ স্নেহ প্ৰতিগৰাকী সন্তানলৈ ইজনতকৈ সিজনৰ প্ৰতি অধিক। আৰু এই পৰমাত্ম স্নেহেই সকলো সন্তানৰ প্ৰতিপালনৰ আধাৰ। প্ৰত্যেকে কি বুলি ভাবে – মোৰ স্নেহ পিতালৈ বেছি নে আনৰ স্নেহ বেছি, মোৰ কম নেকি? এনেকৈ ভাবা নেকি? এনেকৈ ভাবা নহয় যে মোৰ স্নেহ আছে? মোৰ স্নেহ আছে, এনেকুৱা নহয় জানো? পাণ্ডৱ এনেকুৱা হয়নে? প্ৰত্যেকেই ক’ব “মোৰ বাবা” এনেকৈ নকয় সেৱাকেন্দ্ৰৰ সঞ্চালিকাৰ বাবা, দাদীৰ বাবা, জানকী দাদীৰ বাবা, ক’ব জানো? নকয়। “মোৰ বাবা” বুলি ক’ব। যিহেতু ‘মোৰ’ বুলি কৈ দিলা আৰু পিতায়ো ‘মোৰ’ বুলি কৈ দিলে, বচ্‌ একমাত্ৰ ‘মোৰ’ শব্দটিতে সন্তানসকল পিতাৰ হৈ গ’ল আৰু পিতা সন্তানসকলৰ হৈ গ’ল। পৰিশ্ৰম হ’ল জানো? পৰিশ্ৰম হ’লনে? অলপ অলপ? নহ’ল?। কেতিয়াবা কেতিয়াবাতো পৰিশ্ৰম হয়? নহয়? পৰিশ্ৰম হয়। আকৌ পৰিশ্ৰম হ’লে তেতিয়া কি কৰা? ভাগৰি যোৱা নেকি? অন্তৰেৰে প্ৰেমেৰে কোৱা “মোৰ বাবা” তেতিয়া পৰিশ্ৰম প্ৰেমলৈ পৰিৱৰ্তন হৈ যাব। “মোৰ বাবা” বুলি ক’লেই পিতাৰ ওচৰলৈ আৱাজ গুচি যায় আৰু পিতাই অতিৰিক্ত সহায় কৰে। কিন্তু এয়া হৈছে অন্তৰেৰে কৰা চুক্তি, মুখেৰে কৰা চুক্তি নহয়। অন্তৰেৰে কৰা চুক্তি। তেন্তে অন্তৰেৰে চুক্তি কৰাত বুদ্ধিমান হোৱা নহয়? জানা নহয়? পিছৰসকলে জানানে? জানা বাবেতো আহি উপস্থিত হৈছাহি। কিন্তু সকলোতকৈ দূৰণি দেশৰ কোন? আমেৰিকাৰসকল নেকি? আমেৰিকাৰসকল দূৰণিৰ দেশৰ নে পিতা দূৰণিৰ দেশৰ? আমেৰিকাতো এইখন জগততে আছে। পিতাতো অন্য জগতৰ পৰা আহে। তেন্তে সকলোতকৈ দূৰণিৰ দেশৰ কোন? আমেৰিকাৰসকল নহয়। সকলোতকৈ দূৰণিৰ দেশৰ হৈছে বাপদাদা। এজন আকাৰী লোকৰ পৰা আহে, এজন পৰমধামৰ পৰা আহে, তেন্তে তাৰ তুলনাত আমেৰিকা কি? একোৱে নহয়।

গতিকে আজি দূৰণিৰ দেশৰ পিতাই এই সাকাৰ জগতৰ দূৰণিৰ সন্তানসকলক সাক্ষাৎ কৰি আছে। নিচা আছে নহয়? আজি আমাৰ কাৰণে বাপদাদা আহিছে! ভাৰতবাসীতো পিতাৰ হয়েই কিন্তু ডবল বিদেশীসকলক দেখি বাপদাদা বিশেষ আনন্দিত হয়। কিয় আনন্দিত হয়? বাপদাদাই দেখিছে যে ভাৰতলৈতো পিতা আহিছে সেইবাবে ভাৰতবাসীৰ এইটো অতিৰিক্ত নিচা আছে কিন্তু ডবল বিদেশীসকললৈ স্নেহ এই কাৰণে আছে যে ভিন্ন ভিন্ন সংস্কৃতি হোৱা সত্ত্বেও ব্ৰাহ্মণ সংস্কৃতিলৈ পৰিৱৰ্তন হৈ গ’ল। হৈ গ’লা নহয়? এতিয়াতো সংকল্প উদয় নহয় যে এয়া ভাৰতৰ সংস্কৃতি, আমাৰ সংস্কৃতিতো বেলেগ? নহয়। এতিয়া বাপদাদাই ফলাফল দেখিছে, সকলো একে সংস্কৃতিৰ হৈ গ’ল। লাগিলে য’ৰেই নহওক, সাকাৰ শৰীৰৰ কাৰণে দেশ ভিন্ন ভিন্ন কিন্তু আত্মা ব্ৰাহ্মণ সংস্কৃতিৰ, আৰু এটা কথা বাপদাদাৰ ডবল বিদেশীৰ বহুত ভাল লাগে, গম পোৱানে কোনটো? (সোনকালে সেৱা কৰিবলৈ লাগি গৈছে) আৰু কোৱা? (চাকৰিও কৰে, সেৱাও কৰে) এনেকুৱাতো ভাৰততো কৰে। ভাৰততো চাকৰি কৰে। (কিবা হ’লে তেতিয়া সঁচাকৈ নিজৰ দুৰ্বলতাৰ কথা কৈ দিয়ে, স্পষ্টবাদী) বাৰু, ভাৰতবাসী স্পষ্টবাদী নহয় নেকি?

বাপদাদাই এইটো দেখিলে যে দূৰৈত থাকিলেও পিতাৰ স্নেহৰ কাৰণে স্নেহত গৰিষ্ঠসংখ্যক উত্তীৰ্ণ। ভাৰতৰসকলৰতো ভাগ্য আছেই কিন্তু দূৰৈত থাকিও স্নেহত সকলো উত্তীৰ্ণ। যদি বাপদাদাই সোধে যে স্নেহৰ ক্ষেত্ৰত শতাংশ আছে নেকি? পিতাৰ সৈতে স্নেহৰ বিষয়টিত শতাংশ আছে নেকি? যিসকলে ভাবা স্নেহত 100 শতাংশ তেওঁলোকে হাত দাঙা। (সকলোৱে হাত দাঙিলে) বাৰু – 100 শতাংশনে? ভাৰতবাসীয়ে হাত দাঙা নাই? চোৱা, ভাৰতৰসকলেতো সকলোতকৈ শ্ৰেষ্ঠ ভাগ্য পাইছে যে পিতা ভাৰতলৈকে আহিছে। এইক্ষেত্ৰত পিতাৰ আমেৰিকা পচন্দ নহ’ল, কিন্তু ভাৰত পচন্দ হ’ল। এওঁ (আমেৰিকাৰ গায়ত্ৰী ভগ্নী) সন্মুখত বহি আছে সেইবাবে আমেৰিকা বুলি কৈছোঁ। কিন্তু দূৰৈত থাকিও ভাল স্নেহ আছে। সমস্যা আহেও কিন্তু তথাপিও বাবা বাবা বুলি কৈ সমাধান কৰি লয়।

স্নেহততো বাপদাদাও উত্তীৰ্ণ হৈ গ’ল আৰু এতিয়া কিহত উত্তীৰ্ণ হ’ব লাগে? হ’বও লাগে নহয়! হোৱাও আৰু হ’বও লাগে। গতিকে বৰ্তমান সময় অনুসৰি বাপদাদাই এইটোৱে বিচাৰে যে প্ৰতিগৰাকী সন্তানৰ স্ব-পৰিৱৰ্তনৰ শক্তিৰ শতাংশ, যেনেকৈ স্নেহৰ শক্তিত সকলোৱে হাত দাঙিলা, সকলোৱে দাঙিলা নহয়! সিমানেই স্ব-পৰিৱৰ্তনৰ গতি তীব্ৰ হয়নে? এই ক্ষেত্ৰত আধা হাত দাঙিবা নে পূৰা? কি দাঙিবা? পৰিৱৰ্তন কৰাও কিন্তু সময় লাগে। সময়ৰ সমীপতা অনুসৰি স্ব-পৰিৱৰ্তনৰ শক্তি এনেকুৱা তীব্ৰ হ’ব লাগে যেনেকৈ কাগজৰ ওপৰত বিন্দু আকোঁতে তেতিয়া কিমানত সময় লাগে? কিমান সময় লাগে? বিন্দু আকোঁতে কিমান সময় লাগে? চেকেণ্ডো নালাগে। ঠিক আছে নহয়! তেন্তে এনেকুৱা তীব্ৰ গতি আছেনে? এই ক্ষেত্ৰত হাত দাঙিবলৈ দিওঁনে? এই ক্ষেত্ৰত আধা হাত দাঙিব। সময়ৰ গতি তীব্ৰ, স্ব-পৰিৱৰ্তনৰ শক্তি এনেকুৱা তীব্ৰ হ’ব লাগে আৰু যেতিয়া পৰিৱৰ্তন বুলি কোৱা তেন্তে পৰিৱৰ্তনৰ আগত প্ৰথমে ‘স্ব’ শব্দটি সদায় স্মৃতিত ৰাখিবা। পৰিৱৰ্তন নহয়, স্ব-পৰিৱৰ্তন। বাপদাদাৰ স্মৃতিত আছে যে সন্তানসকলে বাপদাদাৰ সৈতে এবছৰৰ কাৰণে প্ৰতিজ্ঞা কৰিছিল যে সংস্কাৰ পৰিৱৰ্তনৰ দ্বাৰা সংসাৰ পৰিৱৰ্তন কৰিম। স্মৃতিত আছেনে? বৰ্ষ উদ্‌যাপন কৰিছিলা – “সংস্কাৰ পৰিৱৰ্তনৰ দ্বাৰা সংসাৰ পৰিৱৰ্তন”। তেন্তে সংসাৰৰ গতিতো অতিলৈ গৈ আছে। কিন্তু সংস্কাৰ পৰিৱৰ্তন তাৰ গতি ইমান তীব্ৰ হয়নে? এনেও বিদেশীসকলৰ বিশেষত্ব আছে, সাধাৰণ ৰূপত বিদেশীসকল বেগেৰে চলে, বেগেৰে কৰে। সেয়েহে পিতাই সোধে যে সংস্কাৰ পৰিৱৰ্তনত বেগী হোৱানে? গতিকে বাপদাদাই স্ব-পৰিৱৰ্তনৰ গতি এতিয়া তীব্ৰ হোৱাতো চাবলৈ বিচাৰে। সকলোৱে সোধে নহয়! বাপদাদাই কি বিচাৰে? পৰস্পৰ বাৰ্তালাপ কৰা নহয় তেতিয়া ইজনে সিজনক সোধা বাপদাদাই কি বিচাৰে? গতিকে বাপদাদাই এইটো বিচাৰে। চেকেণ্ডত যাতে বিন্দু লাগি যায়। যেনেকৈ কাগজত বিন্ধু আঁকে নহয় তাতোকৈয়ো তীব্ৰ বেগত, পৰিৱৰ্তনত যি অযথাৰ্থ তাত বিন্দু লাগি যাওঁক। বিন্দু লগাব জানানে? জানা নহয়! কিন্তু কেতিয়াবা কেতিয়াবা প্ৰশ্নবোধক চিন হৈ যায়। লগায় বিন্দু আৰু হৈ যায় প্ৰশ্নবোধক চিন। এইটো কিয়, এয়া কি? এই ‘কিয়’ আৰু ‘কি’… এইবোৰে বিন্দুক প্ৰশ্নবোধক চিনলৈ সলনি কৰি দিয়ে। বাপদাদাই আগতেও কৈছিল – ‘কিয়’ ‘কিয়’ নকৰিবা, কি কৰিবা? উৰা নতুবা বাঃ! বাঃ! কৰা নহ’লে উৰা। ‘কিয়’ ‘কিয়’ নকৰিবা। ‘কিয়’ ‘কিয়’ বুলি সহজে কৈ দিয়া নহয়! আহি যায় নেকি? যেতিয়া ‘কিয়’ ‘কিয়’ আহে তেতিয়া তাক বাঃ! বাঃ! কৰি দিয়া। কোনোবাই যিয়েই নকৰক, যিয়েই নকওঁক, বাঃ! ড্ৰামা বাঃ! এইটো কিয় কৰে, এনেকৈ কিয় কয়, নহয়। এওঁ কৰে সেয়েহে মই কৰোঁ, নহয়।

আজিকালি বাপদাদাই দেখিছে, শুনাই দিওঁ। পৰিৱৰ্তন কৰিব লাগে নহয়! গতিকে আজিকালি ফলাফলত বিদেশতে হওঁক বা ভাৰততে হওঁক দুয়োফালে এটা কথাৰ ঢৌ আছে, সেইটো কি? এইটো হ’ব লাগে, এইটো পাব লাগে, এইটো এওঁ কৰিব লাগে… যিটো মই ভাবোঁ, কওঁ সেইটো হ’ব লাগে…। এই লাগে, লাগে যি সংকল্প মাত্ৰও উদয় হয় সেয়া ব্যৰ্থ চিন্তা, ভাল হ’বলৈ নিদিয়ে। বাপদাদাই অলপ সময়ৰ সকলোৰে ব্যৰ্থৰ খতিয়ান টুকি লৈছে। পৰীক্ষা কৰিছে। বাপদাদাৰ ওচৰততো শক্তিশালী যন্ত্ৰ আছে নহয়। তোমালোকৰ নিচিনা কম্পিউটাৰ নাই, তোমালোকৰ কম্পিউটাৰেতো গালিও দিয়ে। কিন্তু বাপদাদাৰ ওচৰত পৰীক্ষা কৰা বৰ তীব্ৰ যন্ত্ৰ আছে। বাপদাদাই দেখিলে গৰিষ্ঠ সংখ্যকৰ ব্যৰ্থ সংকল্প গোটেই দিনটোত মাজে মাজে চলে। কি হয় এই ব্যৰ্থ সংকল্পৰ ওজন বেছি হয় আৰু ভাল চিন্তাৰ ওজন কম হয়। গতিকে এয়া যি মাজে মাজে ব্যৰ্থ চিন্তন চলে সেই ব্যৰ্থ চিন্তাই মগজ গধুৰ কৰি দিয়ে। পুৰুষাৰ্থ গধুৰ কৰি দিয়ে, বোজা হয় নহয় সেয়েহে সি নিজৰ ফালে টানি লয় সেইবাবে শুভ সংকল্প যি স্ব-উন্নতিৰ ‘লিফ্‌ট’, ছিৰিও নহয় ‘লিফ্‌ট’ সেয়া কম হোৱাৰ কাৰণে, পৰিশ্ৰমৰ ছিৰি বগাবলগীয়া হয়। বচ্‌ দুটা শব্দ স্মৃতিত ৰাখিবা – ব্যৰ্থ সমাপ্ত কৰিবলৈ অমৃতবেলাৰ পৰা ৰাতিলৈকে দুটা শব্দ সংকল্পত, বাণীত আৰু কৰ্মত, কাৰ্যত ৰূপায়িত কৰা। বাস্তৱত ৰূপায়িত কৰা। সেই দুটা শব্দ হ’ল – ‘স্বমান’ আৰু ‘সন্মান’। স্বমানত থাকিব লাগে আৰু সন্মান দিব লাগে। কোনোবা যেনেকুৱাই নহওক, মই সন্মান দিব লাগে। সন্মান দিয়া, স্বমানত স্থিৰ হ’ব লাগে। দুয়োটাৰে সন্তুলন লাগে। কেতিয়াবা স্বমানত বেছিকৈ থাকে, কেতিয়াবা সন্মান দিয়াত কম হৈ যায়। এনেকুৱা নহয় যে কোনোবাই সন্মান দিয়ক তেতিয়া মই সন্মান দিম, নহয়। মই দাতা হ’ব লাগে। শিৱ শক্তি পাণ্ডৱ সেনা দাতাৰ সন্তান দাতা। তেওঁ দিয়ক তেতিয়া মই দিওঁ, সেয়াতো বেপাৰ হৈ গ’ল, দাতা নহ’ল। তেন্তে তোমালোক বেপাৰী হোৱা নে দাতা? দাতা কেতিয়াও লওঁতা নহয়। নিজৰ বৃত্তিত আৰু দৃষ্টিত এইটো লক্ষ্য ৰাখা যে মই, অন্য নহয়, মই সদায় প্ৰত্যেকৰে প্ৰতি অৰ্থাৎ সকলোৰে প্ৰতি অজ্ঞানীয়ে হওঁ বা জ্ঞানীয়ে হওঁক, অজ্ঞানীসকলৰ প্ৰতি তথাপিও শুভ ভাৱনা ৰাখা কিন্তু জ্ঞানী আত্মাসকলৰ প্ৰতি পৰস্পৰ সকলো সময়ত শুভ ভাৱনা, শুভ কামনা থাকক। বৃত্তি এনেকুৱা হৈ যাওঁক, দৃষ্টি এনেকুৱা হৈ যাওঁক। বচ্‌ যেনেকৈ দৃষ্টিত স্থূল বিন্দু আছে, কেতিয়াবা বিন্দু নোহোৱা হয় জানো! চকুৰ পৰা যদি বিন্দু নোহোৱা হৈ যায় তেতিয়া কি হৈ যাবা? চাব পাৰিবা জানো? গতিকে যেনেকৈ চকুত বিন্দু আছে, তেনেকৈ আত্মা বা পিতা বিন্দু নয়নত সমাহিত হৈ থাকক। যেনেকৈ দেখোঁতা বিন্দু কেতিয়াও নোহোৱা নহয়, তেনেকৈ আত্মা বা পিতাৰ স্মৃতিৰ বিন্দু বৃত্তি, দৃষ্টিৰ পৰা যাতে নোহোৱা নহয়। পিতাক অনুসৰণ কৰিব লাগে নহয়! গতিকে যেনেকৈ পিতাৰ দৃষ্টি বা বৃত্তিত প্ৰত্যেক সন্তানৰ বাবে স্বমান আছে, সন্মান আছে তেনেকৈয়ে নিজৰ দৃষ্টি, বৃত্তিত স্বমান আৰু সন্মান। সন্মান দিলে যি মনলৈ আহে যে এওঁ পৰিৱৰ্তন হৈ যাওঁক, এইটো নকৰক, এওঁ এনেকুৱা হওঁক, সেয়া শিক্ষাৰে নহ’ব কিন্তু সন্মান দিয়া তেতিয়া মনত যি সংকল্প থাকে, এইটো হওঁক, এওঁ পৰিৱৰ্তন হওঁক, এওঁ এনেকুৱা কৰক, সেয়া কৰিবলৈ লাগি যাব। বৃত্তিৰ দ্বাৰা পৰিৱৰ্তন হ’ব, ক’লে পৰিৱৰ্তন নহয়। তেন্তে কি কৰিবা? স্বমান আৰু সন্মান, দুয়োটা স্মৃতিত থাকিব নহয় নে কেৱল স্বমান স্মৃতিত থাকিব? সন্মান দিয়া অৰ্থাৎ সন্মান লোৱা। কাৰোবাক মান দিয়া মানে বুজিবা মাননীয় হোৱা। আত্মিক স্নেহৰ চিন হৈছে – আনৰ দুৰ্বলতাক নিজৰ শুভ ভাৱনা, শুভ কামনাৰে পৰিৱৰ্তন কৰা। বাপদাদাই এতিয়া অন্তিমৰ বাৰ্তাও পঠিয়াইছিল যে বৰ্তমান সময়ত নিজৰ স্বৰূপ কৃপালু কৰি তোলা, দয়াশীল কৰি তোলা। শেষৰ জন্মতো তোমালোকৰ জড় চিত্ৰ কৃপালু হৈ ভক্তৰ ওপৰত কৃপা কৰি আছে। চিত্ৰই যেতিয়া ইমান দয়াশীল তেন্তে চৈতন্যত কি হ’ব? চৈতন্যতো দয়াৰ খনি। দয়াৰ খনি হৈ যোৱা। যিয়েই আহে দয়া, এয়াই স্নেহৰ চিন। কৰিব লাগে নহয়? নে কেৱল শুনিব লাগে? কৰিবই লাগে, হ’বই লাগে। তেন্তে বাপদাদাই কি বিচাৰে, ইয়াৰ উত্তৰ দি আছে। প্ৰশ্ন কৰে নহয়, সেয়েহে বাপদাদাই উত্তৰ দি আছে।

বৰ্তমান সময়ত সেৱাৰ বৃদ্ধি ভালকৈ হৈ আছে, লাগিলে ভাৰতত, লাগিলে বিদেশত কিন্তু বাপদাদাই বিচাৰে এনেকুৱা কোনো নিমিত্ত আত্মা তৈয়াৰ কৰা যিয়ে কোনো বিশেষ কাৰ্য কৰি দেখুৱায়। কোনোবা এনেকুৱা সহযোগী হওঁক যিয়ে এতিয়ালৈকে কৰিবলৈ বিচৰাখিনি কৰি দেখুৱায়। কাৰ্যক্ৰমতো বহুত কৰিছা, য’তেই কাৰ্যক্ৰম কৰিছা সেই সকলো কাৰ্যক্ৰমৰ বাবে সকলোকে বাপদাদাই অভিনন্দন জনাইছে। এতিয়া আৰু কিবা নবীনতা দেখুওৱা। যাতে তোমালোকৰ ফালৰ পৰা তোমালোকৰ সমান পিতাক প্ৰত্যক্ষ কৰে। পৰমাত্মাৰ পঢ়া, এয়া মুখেৰে উচ্চাৰিত হওঁক। বাবা বাবা শব্দ অন্তৰৰ পৰা উচ্চাৰিত হওঁক। সহযোগী হয় কিন্তু এতিয়া এটা কথা যিটো থাকি গৈছে যে এয়াই এজন, এয়াই এজন, এয়াই এজন… এইটো আৱাজ বিয়পি যাওঁক। ব্ৰহ্মাকুমাৰীসকলে ভাল কাম কৰি আছে, কৰিব পাৰে, ইমানখিনিলৈকেতো আহিছে কিন্তু এয়াই এজন আৰু পৰমাত্ম জ্ঞান। পিতাক প্ৰত্যক্ষ কৰোঁতাই নিসংকোচে কওঁক। তোমালোকে কোৱা পৰমাত্মাই কাৰ্য কৰাই আছে, পৰমাত্মাৰ কাৰ্য কিন্তু তেওঁলোকে কওঁক যে যিজন পৰমাত্মা পিতাক সকলোৱে আহ্বান জনাই আছে, সেই জ্ঞান। এতিয়া এইটো অনুভৱ কৰোৱা। যেনেকৈ তোমালোকৰ অন্তৰত সকলো সময়ত কি আছে? বাবা, বাবা, বাবা… এনেকুৱা কোনো দল ওলাওক। ভাল হৈছে, কৰিব পাৰে, ইয়ালৈকেতো ঠিক আছে। পৰিৱৰ্তন হৈছে। কিন্তু অন্তিম পৰিৱৰ্তন হৈছে – এজনেই, এজনেই, এজনেই। সেয়া তেতিয়া হ’ব যেতিয়া ব্ৰাহ্মণ পৰিয়াল একৰস স্থিতিৰ হৈ যাব। এতিয়া স্থিতি সলনি হৈ থাকে। একৰস স্থিতিয়ে এজনক প্ৰত্যক্ষ কৰাব। ঠিক আছে নহয়! তেন্তে ডবল বিদেশীসকল উদাহৰণ হোৱা। সন্মান দিয়াত, স্বমানত থকাত উদাহৰণ হোৱা, নম্বৰ লৈ লোৱা। চাৰিওফালে যেনেকৈ মোহজিৎ পৰিয়ালৰ দৃষ্টান্ত দিয়ে নহয় যে দূত, চাকৰ সকলো মোহজিৎ। তেনেকৈ য’লৈকে যোৱা আমেৰিকালৈ যোৱা, অষ্ট্ৰেলিয়ালৈ যোৱা, প্ৰত্যেক দেশত একৰস, একমত, স্বমানত থাকোঁতা, সন্মান দিওঁতা, এই ক্ষেত্ৰত নম্বৰ লৈ লোৱা। ল’ব পাৰিবা নহয়?

চাৰিওফালৰ পিতাৰ নয়নত সমাহিত হৈ থকা, নয়নৰ মণি সন্তানসকলক, সদায় একৰস স্থিতিত থাকোঁতা সন্তানসকলক, সদায় ভাগ্যৰ তৰা চিকমিকাই থকা ভাগ্যৱান সন্তানসকলক, সদায় স্বমান আৰু সন্মান একেলগে ৰাখোঁতা সন্তানসকলক, সদায় পুৰুষাৰ্থত গতি তীব্ৰ কৰোঁতা সন্তানসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ, আশীৰ্বাদ আৰু নমস্কাৰ।

বৰদান:
সঁচা সঙ্গীৰ সান্নিধ্যত থাকোঁতা সকলোৰে পৰা উৰ্দ্ধত, স্নেহী, নিৰ্মোহী হোৱা

নিতৌ অমৃতবেলা সৰ্ব সম্বন্ধৰ সুখ বাপদাদাৰ পৰা লৈ আনক দান দিয়া। সৰ্ব সুখৰ অধিকাৰী হৈ আনকো কৰি তোলা। যিকোনো কামত সাকাৰ সঙ্গী যাতে স্মৃতিলৈ নাহে, প্ৰথমে পিতাৰ স্মৃতি আহক কিয়নো সঁচা মিত্ৰ হৈছে পিতা। সঁচা সঙ্গীৰ সান্নিধ্যত থাকিলে তেতিয়া সহজে সকলোৰে পৰা উৰ্দ্ধত আৰু স্নেহী হৈ যাবা। যি সৰ্ব সম্বন্ধেৰে প্ৰতিটো কাৰ্যত একমাত্ৰ পিতাক স্মৰণ কৰে তেওঁ সহজে নিৰ্মোহী হৈ যায়। তেওঁৰ কোনোফালে আসক্তি অৰ্থাৎ বশ্যতা নাথাকে সেইবাবে মায়াৰ হাতত পৰাজিতো হ’ব নোৱাৰে।

স্লোগান:
মায়াক চাবলৈ বা জানিবলৈ ত্ৰিকালদৰ্শী আৰু ত্ৰিনেত্ৰী হোৱা তেতিয়া বিজয়ী হ’বা।

সত্যতা আৰু সভ্যতা ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

সত্যতাৰ চিন হৈছে সভ্যতা। যদি তোমালোক সত্য, সত্যতাৰ শক্তি তোমালোকৰ আছে তেন্তে সভ্যতা কেতিয়াও নেৰিবা, সত্যতাক সিদ্ধ কৰা কিন্তু সভ্যতাপূৰ্বক। যদি সভ্যতা এৰি অসভ্যতাত আহি সত্যক সিদ্ধ কৰিবলৈ বিচৰা তেন্তে সেই সত্য সিদ্ধ নহ’ব। অসভ্যতাৰ চিন হৈছে জেদ আৰু সভ্যতাৰ চিন নম্ৰতা। সত্যতাক সিদ্ধ কৰোঁতা সদায় স্বয়ং নম্ৰ হৈ সভ্যতাপূৰ্বক ব্যৱহাৰ কৰিব।