02.03.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
স্মৃতিত থাকি আনক স্মৃতিত থকাৰ অভ্যাস কৰোৱা, যোগ কৰাওঁতাজনৰ বুদ্ধি ইফালে-সিফালে
ভ্ৰমি ফুৰিব নালাগে”
প্ৰশ্ন:
কোনসকল
সন্তানৰ ওপৰত বহুত গুৰুদায়িত্ব আছে? তেওঁলোকে কোনটো ধ্যান নিশ্চয় ৰখা উচিত?
উত্তৰ:
যিসকল সন্তান নিমিত্ত শিক্ষক হৈ আনক যোগাভ্যাস কৰোৱায় তেওঁলোকৰ ওপৰত বহুত
গুৰুদায়িত্ব আছে। যদি যোগ কৰোৱাৰ সময়ত বুদ্ধি বাহিৰত ভ্ৰমি ফুৰে তেন্তে সেৱাৰ সলনি
অহিত কৰে সেইবাবে এইটো ধ্যান দিব লাগে যে মোৰ দ্বাৰা যাতে পুণ্যৰ কাম হৈ থাকে।
গীত:
ওঁম নমঃ শিৱায়ে…..
ওঁম্শান্তি।
পিতাই সকলো
সন্তানক প্ৰথমতেতো ইয়াত বহি লক্ষ্যত স্থিৰ হৈ থাকিবলৈ দৃষ্টি দিয়ে যে যেনেকৈ মই
শিৱবাবাৰ স্মৃতিত বহি আছোঁ, তোমালোকো শিৱবাবাৰ স্মৃতিত বহা। প্ৰশ্ন উদয় হয় যে
যিগৰাকী সন্মুখত যোগাভ্যাস কৰাবলৈ বহি আছে, তেওঁ গোটেই সময় শিৱবাবাৰ স্মৃতিত থাকেনে?
যাতে অন্যও আকৰ্ষিত হয়। স্মৃতিত থাকিলে বহুত শান্তিত থাকিব। অশৰীৰী হৈ শিৱবাবাৰ
স্মৃতিত থাকিলে তেতিয়া আনকো শান্তিত লৈ যাব কিয়নো শিক্ষক হৈ বহা নহয়। যদি শিক্ষকেই
ঠিক ৰীতিৰে স্মৃতিত নাথাকে তেন্তে অন্যও থাকিব নোৱাৰিব। প্ৰথমতেতো এইটো খেয়াল ৰাখিব
লাগে যে মই যিজন প্ৰেমিক বাবাৰ প্ৰেমিকা হওঁ, তেওঁৰ স্মৃতিত বহি আছোঁনে? প্ৰত্যেকে
নিজক এনেকৈ সোধা। যদি বুদ্ধি অন্যফালে গুচি যায়, দেহ-অভিমানত আহি যায় তেন্তে সেয়া
সেৱা নহয়, অহিত কৰিবলৈ বহিছে। এয়া বোধশক্তিৰ কথা হয় নহয়। একো সেৱাতো নকৰিলা, এনেয়ে
বহি আছে তেন্তে লোকচানেই কৰিব। শিক্ষকৰেই যদি বুদ্ধিযোগ ভ্ৰমি ফুৰে তেন্তে তেওঁ কি
সহায় কৰিব। যিসকল শিক্ষক হৈ বহে তেওঁলোকে নিজক সোধা যে মই পুণ্যৰ কাম কৰি আছোঁনে?
যদি পাপ কাম কৰা তেন্তে দুৰ্গতি হ'ব। পদ ভ্রষ্ট হৈ যাব। যদি এনেকুৱাসকলক গাদীত
বহুওৱা তেন্তে তোমালোকো তাৰ বাবে দায়বদ্ধ। শিৱবাবাইতো সকলোকে জানে। এওঁ বাবায়ো
সকলোৰে অৱস্থাক জানে। শিৱবাবাই ক’ব এওঁ শিক্ষক হৈ বহিছে আৰু এওঁৰ বুদ্ধিযোগতো
ইফালে-সিফালে গৈ থাকে। এওঁ আনক কি সহায় কৰিব। তোমালোক ব্ৰাহ্মণ সন্তানসকল নিমিত্ত
হৈছা, শিৱবাবাৰ হৈ তেওঁৰ পৰা উত্তৰাধিকাৰ ল’বলৈ। বাবাই কয় - হে আত্মাসকল মামেকম্ (কেৱল
মোক) স্মৰণ কৰা। শিক্ষক হৈ বহিছা যেতিয়া আৰু ভালকৈহে সেইটো অৱস্থাত বহা। এনেয়েতো
প্ৰত্যেকে পিতাক স্মৰণ কৰিব লাগে। বিদ্যাৰ্থীয়ে নিজৰ অৱস্থাক বুজিব পাৰে। জানে যে
আমি উত্তীৰ্ণ হ’ম নে নহওঁ। শিক্ষকেও জানে। যদিহে ব্যক্তিগত শিক্ষক ৰাখে, তেৱোঁ জানে।
সেই পঢ়াততো কোনোবাই যদি স্বকীয় শিক্ষক ৰাখিব বিচাৰে তেন্তে ৰাখিব পাৰে। ইয়াত যদি
কোনোবাই কয় আমাক যোগত বহুওৱা তেন্তে পিতাৰ স্মৃতিত বহিব লাগে। পিতাৰ আজ্ঞাই হৈছে
মামেকম্ স্মৰণ কৰা। তোমালোক প্ৰেমিক, চলোঁতে-ফুৰোঁতে নিজৰ প্ৰেমিকক স্মৰণ কৰা।
সন্ন্যাসীয়ে ব্ৰহ্মক (তত্ত্বক) স্মৰণ কৰে। এনেকৈ ভাবে যে আমি গৈ ব্ৰহ্মত লীন হ’ম।
যিয়ে বেছিকৈ স্মৰণ কৰে তেওঁলোকৰ অৱস্থা ভাল হ’ব। প্ৰত্যেকৰে মাজত কিবা নহয় কিবা
গুণতো থাকেই নহয়। কয় যে স্মৃতিৰ যাত্ৰাত থাকা। নিজেও স্মৃতিত থাকিব লাগে। বাবাৰ
ওচৰততো কোনোবা সঁচাও আছে, কোনোবা মিছাও আছে। নিজে নিৰন্তৰ স্মৃতিত থকাতো বৰ কঠিন।
কিছুমানতো পিতাৰ সৈতে একেবাৰে সততাৰে চলে। এই বাবায়ো নিজৰ অনুভৱ তোমালোক সন্তানসকলক
শুনায় যে অলপ সময় স্মৃতিত থাকোঁ আকৌ পাহৰি যাওঁ কিয়নো এওঁৰ ওপৰততো বহুত বোজা আছে।
কিমান অনেক সন্তান আছে। তোমালোক সন্তানসকলে এইটোও গম নোপোৱা যে এই মুৰুলী শিৱবাবাই
শুনালে নে ব্ৰহ্মাবাবাই শুনালে কিয়নো দুয়োজনো একত্ৰিত হৈ আছে নহয়। এওঁ কয় যে ময়ো
শিৱবাবাক স্মৰণ কৰোঁ। এই বাবায়ো সন্তানসকলক যোগাভ্যাস কৰায়। এওঁ বহিলে দেখিবলৈ পোৱা
একেবাৰে ভাল নিস্তব্ধ হৈ যায়। বহুতক আকৰ্ষিত কৰে। পিতা হয় নহয়। তেওঁ কয় - সন্তানসকল
স্মৃতিৰ যাত্ৰাত থাকা। নিজেও থাকিব লাগে, কেৱল পণ্ডিত হ’ব নালাগে। স্মৃতিত নাথাকিলে
তেতিয়া অন্তিমত অকৃতকাৰ্য হৈ যাবা। বাবা মম্মাৰতো উচ্চ পদ, বাকীতো এতিয়াও মালা
তৈয়াৰ হোৱা নাই। এটাও মণি সম্পূৰ্ণ হোৱা নাই। আগতে সন্তানসকলক লিফ্ট দিয়াৰ বাবে মালা
তৈয়াৰ কৰিছিল। কিন্তু দেখা গ’ল যে মায়াই বহুতক শেষ কৰি দিলে। সকলো সেৱাৰ ওপৰত
নিৰ্ভৰ কৰে। গতিকে যিয়ে সন্মুখত যোগাভ্যাস কৰাবলৈ বহে তেওঁলোকে বুজিব লাগে যে মই
সঁচা শিক্ষক হৈ বহোঁ। নহ’লে ক’ব লাগে যে মোৰ বুদ্ধি ইফালে-সিফালে গুচি যায়। মই ইয়াত
বহাৰ যোগ্য নহয়। নিজেই ক’ব লাগে। এনেকুৱা নহয় যে যেই-সেই কোনোবা নিজে আহি বহিব।
কিছুমান আছে যিয়ে মুখেৰে মুৰুলী নুশুনায়, কিন্তু স্মৃতিত থাকে। কিন্তু ইয়াততো
দুয়োটাতে তীক্ষ্ণ হৈ যাব লাগে। প্রিয়তম বহুত মৰমিয়াল, তেওঁকতো বহুত স্মৰণ কৰিব লাগে।
এই ক্ষেত্ৰতে পৰিশ্ৰম হয়। বাকী প্ৰজা হোৱাতো সহজ। দাস-দাসী হোৱাতো ডাঙৰ কথা নহয়।
জ্ঞান ধাৰণ কৰিব নোৱাৰে। যেনেকৈ চোৱা যজ্ঞৰ ভাণ্ডাৰী (ৰন্ধনশালত সেৱা কৰোঁতা) আছে,
সকলোকে বহুত আনন্দিত কৰে, কাকো দুখ নিদিয়ে, সকলোৱে মহিমা কৰে। গতিকে বাঃ!, শিৱবাবাৰ
ভাণ্ডাৰীতো এক নম্বৰ। বহুতৰে অন্তৰ আনন্দিত কৰে। বাবাইতো সন্তানসকলৰ অন্তৰ আনন্দিত
কৰি আহিছে। বাবাই কয় যে মোক স্মৰণ কৰা আৰু এই চক্ৰ বুদ্ধিত ৰাখা। এতিয়া প্ৰত্যেকে
নিজৰ কল্যাণ কৰিব লাগে। সৰ্বস্ব উজাৰি সেৱা কৰিব লাগে। তোমালোক বহুত দয়াশীল হোৱা
উচিত। মনুষ্যই মুক্তি-জীৱনমুক্তিৰ কাৰণে বহুত হাবাথুৰি খায়। কোনেও সৎগতিৰ বিষয়ে
নাজানে। এনেকৈ ভাবে যে য’ৰ পৰা আহিছোঁ তালৈ উভতি যাব লাগে। নাটক বুলিও বুজে কিন্তু
সেই অনুসৰি নচলে। চোৱা শ্ৰেণীত ক’ৰবাত ক’ৰবাত মুছলমানো আহে। কয় যে আমি আচলতে
দেৱী-দেৱতা ধৰ্মৰ আকৌ মুছলমান ধৰ্মলৈ ধৰ্মান্তৰিত হৈ গ’লোঁ। আমি 84 জন্ম ভোগ কৰিছোঁ।
সিন্ধু প্ৰদেশতো (বৰ্তমান পাকিস্তানত) 5-6 জন মুছলমান আহিছিল। এতিয়াও আহে, এতিয়া
আগলৈ চলিব পাৰে নে নোৱাৰে, সেয়াতো দেখা যাব কিয়নো মায়ায়োতো পৰীক্ষা লয়। কিছুমানতো
দৃঢ় হৈ থাকি যায়, কিছুমান থাকিব নোৱাৰে। যিসকল আচল ব্ৰাহ্মণ ধৰ্মৰ হ’ব, 84 জন্ম লৈছে
তেওঁলোকতো কেতিয়াও লৰচৰ নকৰিব। বাকী কিবা নহয় কিবা কাৰণে, অকাৰণে গুচি যাব।
দেহ-অভিমানো বহুত আহি যায়। তোমালোক সন্তানসকলেতো বহুতৰ কল্যাণ কৰিব লাগে। নহ’লে কি
পদ পাবা। ঘৰ-সংসাৰ ত্যাগ কৰিলা, নিজৰ কল্যাণৰ কাৰণে। পিতাৰ ওপৰত কোনো দয়া নকৰে।
পিতাৰ হৈছা গতিকে সেৱাও তেনেকৈ কৰিব লাগে। তোমালোকেতো ৰজাৰ পদক পোৱা, 21 জন্ম সৰ্বদা
সুখৰ বাদশ্বাহী পোৱা। মায়াৰ ওপৰত কেৱল বিজয় প্ৰাপ্ত কৰিব লাগে আৰু অন্যকো শিকাব লাগে।
বহুত অকৃতকাৰ্যও হৈ যায়। এনেকৈ ভাবে যে বাদশ্বাহী লোৱাতোতো কঠিন। পিতাই কয় যে এনেকৈ
ভবাতো দুৰ্বলতা। পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰাতো অতি সহজ। সন্তানসকলৰ বাদশ্বাহী
লোৱাৰ সাহস নহয়, তেতিয়া ভয়াতুৰ হৈ বহি থাকে। নিজেও নলয়, আনকো ল’ব নিদিয়ে। তেন্তে
পৰিণাম কি হ’ব? পিতাই বুজায় যে ৰাতিয়ে-দিনে সেৱা কৰা। কংগ্ৰেছীসকলেও পৰিশ্ৰম কৰিলে।
কিমান আন্দোলন কৰিলে তেতিয়াহে বিদেশীৰ পৰা ৰাজ্য ল’লে। তোমালোকে ৰাৱণৰ পৰা ৰাজ্য
ল’ব লাগে। ৰাৱণতো সকলোৰে শত্ৰু। জগতে গম নাপায় যে আমি ৰাৱণৰ মতত চলি আছোঁ সেইবাবে
দুখী। কাৰোবাৰ সঁচা স্থায়ী আন্তৰিক সুখ আছে জানো। শিৱবাবাই কয় - মই তোমালোক
সন্তানসকলক সদায় সুখী কৰি তুলিবলৈ আহিছোঁ। এতিয়া শ্রীমতত চলি শ্রেষ্ঠ হ’ব লাগে।
যিসকল ভাৰতবাসী আছে, তেওঁলোকে নিজৰ ধর্মক পাহৰি গৈছে। যেনেকুৱা ৰজা-ৰাণী তেনেকুৱা
প্ৰজা। তোমালোক সন্তানসকলে এতিয়া বোধশক্তি পাইছা - সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে। সেয়াও
বাৰে বাৰে পাহৰি যোৱা। বুদ্ধিত স্থায়ী হৈ নাথাকেই। যদিও ব্ৰাহ্মণতো বহুত হয় কিন্তু
বহুত কেঁচা হোৱাৰ কাৰণে বিকাৰগ্ৰস্তও হৈ থাকে। কয় যে আমি ব্ৰহ্মাকুমাৰ-কুমাৰী,
কিন্তু নহয়। বাকী যিসকলে পূৰা ৰীতিৰে নিৰ্দেশনা মতে চলে, নিজৰ সমান কৰি গঢ়ি থাকে,
তেওঁলোকেহে উচ্চ পদ পাব পাৰিব। বিঘিনিতো আহিব। অমৃত পান কৰি কৰি আকৌ বিঘিনি আনে।
এয়াও গায়ন আছে, তেওঁৰ পদ কি হ’ব? বহুত কন্যাইতো বিকাৰৰ কাৰণে মাৰো খায়, কয় যে বাবা
এয়া অলপ দুখ সহ্য কৰি ল’ম। আমাৰ প্রিয়তমতো হৈছে বাবা। মাৰ খায়ো আমি শিৱ বাবাক স্মৰণ
কৰোঁ। তেওঁলোক বহুত আনন্দিত হৈ থাকে। এনেকৈ অপাৰ আনন্দত থাকিব লাগে। পিতাৰ পৰা আমি
উত্তৰাধিকাৰ লৈ আছোঁ আনকো আমি নিজৰ সমান কৰি গঢ়ি থাকোঁ।
বাবাৰ বুদ্ধিততো এই
ছিৰিৰ চিত্ৰ ভালকৈয়ে থাকে। ইয়াক বহুত মহত্ত্ব দিয়ে। যিসকল সন্তানে বিচাৰ সাগৰ মন্থন
কৰি এনেকুৱা চিত্ৰ তৈয়াৰ কৰে, গতিকে বাবায়ো তেওঁলোকক ধন্যবাদ জনায় নতুবা এনেকৈ ক’ব
যে বাবাই সেই সন্তানটিক প্ৰেৰিত কৰিছে। ছিৰি বহুত ভালকৈ তৈয়াৰ কৰিছে। 84 জন্মক জনা
বাবে গোটেই সৃষ্টিৰ আদি-মধ্য-অন্তক জানি গৈছা। এইখন সৰ্বোৎকৃষ্ট চিত্ৰ। ত্ৰিমূৰ্তি
সৃষ্টিচক্ৰৰ চিত্ৰতকৈও ইয়াত জ্ঞান ভালকৈ আছে। এতিয়া আমি পঢ়ি আছোঁ। কিমান সহজ। পিতা
আহি লিফ্ট দিয়ে। শান্তিৰে পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছে। ছিৰিৰ জ্ঞান বহুত ভাল।
বুজাব লাগে যে তোমালোক জানো হিন্দু, তোমালোকতো দেৱী-দেৱতা ধৰ্মৰ হোৱা। যদি কয় যে আমি
জানো 84 জন্ম লৈছোঁ। হেৰ’ কিয় বুজি নাপায় যে আমি 84 জন্ম লৈছোঁ। স্মৃতিলৈ আনা তেতিয়া
আপোনালোক পুনৰাই প্ৰথম নম্বৰত আহি যাব। নিজৰ কুলৰ হ’লে তেন্তে এনেকুৱা প্ৰশ্নই
নুসুধিব যে সকলোৱে জানো 84 জন্ম ল’ব। হেৰ’ তোমালোকে কিয় এনেকৈ ভাবা যে আমি দেৰিকৈ
আহিছোঁ। পিতাই সকলো সন্তানকে কয় - তোমালোক ভাৰতবাসীয়ে 84 জন্ম লৈছা। এতিয়া পুনৰ
নিজৰ উত্তৰাধিকাৰ লোৱা, স্বৰ্গলৈ ব’লা। তোমালোক সন্তানসকল যোগত বহা। ছিৰিক স্মৰণ কৰা
তেতিয়া বহুত মতলীয়া হৈ থাকিবা। আমি 84 জন্ম পূৰা কৰিলোঁ। এতিয়া আমি উভতি যাম। কিমান
আনন্দিত হয়। সেৱা কৰিবৰ বাবেও উৎসাহ থাকিব লাগে। বুজোৱাৰ উপায়ো বহুত পাই আছা। ছিৰিৰ
ওপৰত বুজোৱা। চিত্ৰতো সকলো লাগে নহয়। ত্ৰিমূৰ্তিও লাগে। বাবাই কয়ো যে তোমালোক মোৰ
ভক্তসকলৰ ওচৰলৈ যোৱা, তেওঁলোকক এই জ্ঞান শুনোৱা। তেওঁলোকক মন্দিৰবোৰত লগ পাবা।
মন্দিৰবোৰতো এই ছিৰিৰ চিত্ৰৰ ওপৰত বুজাব পাৰা। গোটেই দিন বুদ্ধিত এইটো থাকিব লাগে
যে আমি বাবাৰ পৰিচয় দিওঁ, কাৰোবাৰ কল্যাণ কৰোঁ। দিনে-প্ৰতিদিনে বুদ্ধিৰ তলা খুলি গৈ
থাকিব। যিয়ে উত্তৰাধিকাৰ পাবলগীয়া আছে- তেওঁলোক আহিব। দিনে-প্ৰতিদিনে শিকিও থাকে।
বহুতৰ ওপৰত গ্ৰহচাৰীও বহে সেয়েহে বাবাই বুজাবলগীয়া হয়। তেওঁ বুজি নাপায় যে মোৰ ওপৰত
গ্ৰহচাৰী বহিছে সেইকাৰণে মোৰ দ্বাৰা সেৱা নহয়। গোটেই দায়িত্ব তোমালোক সন্তানসকলৰ
ওপৰত। নিজৰ সমান ব্ৰাহ্মণ কৰি গঢ়ি গৈ থাকা। সেৱাত ব্ৰতী হৈ থাকিলে বহুত আনন্দিত হয়।
অনেকৰ কল্যাণ হয়। বাবাই বোম্বাইত (এতিয়া মুম্বাই) সেৱা কৰি বহুত আনন্দ পাইছিল। বহুত
নতুন নতুন আহিছিল। বাবাৰতো অন্তৰে বহুত বিচাৰে যে সেৱা কৰোঁ। সন্তানসকলো এনেকুৱা
দয়াশীল হোৱা উচিত। সেৱাত লাগি যাব লাগে। অন্তৰত এয়া থাকিব লাগে যে যেতিয়ালৈকে মই
কাৰোবাক নিজৰ সমান কৰি নোতোলোঁ তেতিয়ালৈকে ভোজন গ্ৰহণ নকৰোঁ। প্ৰথমে পুণ্যতো কৰোঁ।
পাপ আত্মাক পুণ্য আত্মা কৰি তাৰ পাছত ৰুটি খাম। গতিকে সেৱাত ব্যস্ত হৈ থাকিব লাগে।
কাৰোবাৰ জীৱন সফল কৰি উঠিহে ৰুটি খাম। নিজৰ সমান ব্ৰাহ্মণ কৰি তোলাৰ চেষ্টা কৰিব
লাগে।
সন্তানসকলৰ বাবে
আলোচনী প্ৰকাশিত হয় কিন্তু ব্ৰহ্মাকুমাৰ-কুমাৰীসকলে ইমান নপঢ়ে। এনেকৈ ভাবে যে আমি
জানো পঢ়িব লাগে, এয়া বাহিৰৰ লোকসকলৰ বাবে। বাবাই কয় - শিক্ষক অবিহনে বাহিৰৰ সকলেতো
একোৱেই বুজি নাপায়। এয়া হৈছে ব্ৰহ্মাকুমাৰ-কুমাৰীসকলৰ বাবে অতিকে পঢ়ি সজীৱ হোৱা।
কিন্তু তেওঁলোকে নপঢ়ে। সকলো সেৱাকেন্দ্ৰৰ সন্তানসকলক সোধে যে গোটেই আলোচনীখন কোনে
পঢ়ে? আলোচনীৰ পৰা কি বুজে? ক’লৈকে ঠিক আছে? আলোচনী প্ৰকাশ কৰোঁতাসকলকো ধন্যবাদ জনাব
লাগে যে আপোনালোকে বহুত ভাল আলোচনী প্ৰকাশ কৰিছে, আপোনালোকক ধন্যবাদ জনাইছোঁ।
পৰিশ্ৰম কৰিব লাগে, আলোচনী পঢ়িব লাগে। এয়া হৈছে সন্তানসকল সজীৱ হ’বৰ বাবে। কিন্তু
সন্তানসকলে নপঢ়ে। যিসকলৰ নাম প্ৰসিদ্ধ তেওঁলোকক সকলোৱে মাতে যে বাবা ভাষণ দিবলৈ
আমাৰ ওচৰলৈ অমুকক পঠিয়াই দিয়ক। বাবাই আকৌ বুজায় যে নিজে ভাষণ দিব নাজানে সেইবাবেতো
আনক মাতে। গতিকে সেৱাধাৰীসকলক কিমান সন্মান জনাব লাগে। ভাল বাৰু।
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1)
বাদশ্বাহীৰ পদক ল’বৰ কাৰণে সকলোৰে অন্তৰ আনন্দিত কৰিব লাগে। বহুত দয়াশীল হৈ নিজৰ আৰু
সকলোৰে কল্যাণ কৰিব লাগে। সৰ্বস্ব উজাৰি সেৱা কৰিব লাগে।
(2) দেহ-অভিমানত আহি
অহিত কৰিব নালাগে। সদায় পুণ্যৰ কাম কৰিব লাগে। নিজৰ সমান ব্ৰাহ্মণ কৰি তোলাৰ সেৱা
কৰিব লাগে। সেৱাধাৰীৰ প্ৰতি সন্মান জনাব লাগে।
বৰদান:
মনন শক্তিৰ
দ্বাৰা ব্যৰ্থৰ বোজা সমাপ্ত কৰোঁতা সদায় শক্তিশালী হোৱা
আত্মাৰ ওপৰত কেৱল
ব্যৰ্থৰে বোজা আছে। ব্যৰ্থ সংকল্প, ব্যৰ্থ বাণী আৰু ব্যৰ্থ কৰ্ম ইয়াৰ দ্বাৰা আত্মা
গধুৰ হৈ যায়। এতিয়া এই বোজা সমাপ্ত কৰা। এই বোজা সমাপ্ত কৰিবলৈ সদায় সেৱাত ব্যস্ত
হৈ থাকা আৰু মনন শক্তি বৃদ্ধি কৰা। মনন শক্তিৰে আত্মা শক্তিশালী হৈ যাব। যেনেকৈ
খাদ্য হজম হ’লে তেজ গঠন হয় আকৌ সেয়াই শক্তিৰ কাম কৰে, তেনেকৈ মনন কৰিলে আত্মাৰ
শক্তি বৃদ্ধি পায়।
স্লোগান:
যিসকলে নিজৰ স্বভাৱ সৰল কৰি লয়, তেওঁলোকৰ সময় অথলে নাযায়।
অব্যক্ত ইংগিত: একতা
আৰু বিশ্বাসৰ বিশেষত্বৰে সফলতা সম্পন্ন হোৱা
যি নিশ্চয়বুদ্ধিৰ
হ’ব তেওঁ নিশ্চিন্ত হ’ব, তেওঁৰ কোনো ধৰণৰ চিন্তা বা দুশ্চিন্তা নাথাকিব। কি হ'ল?
কিয় হ'ল? এনেকুৱা নোহোৱাহেঁতেন — এয়া ব্যৰ্থ চিন্তন। নিশ্চয়বুদ্ধিৰ নিশ্চিন্তজনে
কেতিয়াও ব্যৰ্থ চিন্তন নকৰিব। সদায় স্ব-চিন্তনত থাকোঁতাজনে স্ব-স্থিতিৰে
পৰিস্থিতিৰ ওপৰত বিজয় প্ৰাপ্ত কৰি লয়।