02.05.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – একান্তত বহি নিজৰ সৈতে কথা পাতা, মই অবিনাশী আত্মা, পিতাৰ পৰা শুনোঁ, এইটো অভ্যাস কৰা”

প্ৰশ্ন:
যিসকল সন্তান স্মৃতিত থকাৰ ক্ষেত্ৰত অমনোযোগী তেওঁলোকৰ মুখেৰে কেনেকুৱা কথা উচ্চাৰিত হয়?

উত্তৰ:
তেওঁলোকে কয় - মই শিৱবাবাৰ সন্তান হওঁৱেই। স্মৃতিতে আছোঁ। কিন্তু বাবাই কয় - সেয়া সকলো মিছা কথা, অমনোযোগিতা। এই ক্ষেত্ৰততো পুৰুষাৰ্থ কৰিব লাগে, ৰাতিপুৱা উঠি নিজক আত্মা বুলি বুজি বহি যাব লাগে। বাৰ্তালাপ কৰিব লাগে। আত্মাইহে বাৰ্তালাপ কৰে, এতিয়া তোমালোক দেহী-অভিমানী হোৱা। দেহী-অভিমানী সন্তানেহে স্মৃতিত থকাৰ খতিয়ান ৰাখিব কেৱল জ্ঞানৰ মিথ্যা ভাষণ দি নাথাকিব।

গীত:
মুখড়া দেখ লে প্ৰাণী অপনী দিল দৰ্পণ মে …. (নিজৰ অন্তৰ দৰ্পণত চেহেৰা চাই লোৱা প্ৰাণী….)

ওঁম্শান্তি।
আত্মিক সন্তানসকলক বুজোৱা হৈছে যে প্ৰাণ আত্মাক কোৱা হয়। এতিয়া পিতাই আত্মাসকলক বুজায় যে এই গীতটিতো ভক্তিমাৰ্গৰ। এয়াতো কেৱল ইয়াৰ সাৰমৰ্ম বুজোৱা হয়। এতিয়া তোমালোক যেতিয়া ইয়াত বহা তেতিয়া নিজক আত্মা বুলি বুজিবা। দেহৰ বোধ এৰি দিব লাগে। মই আত্মা অতি সূক্ষ্ম বিন্দু। ময়েই এই শৰীৰৰ দ্বাৰা ভূমিকা পলন কৰোঁ। এই আত্মাৰ জ্ঞান কাৰো নাই। এয়া পিতাই বুজায় যে নিজক আত্মা বুলি বুজা - মই সূক্ষ্ম আত্মা। আত্মাইহে এই শৰীৰৰ দ্বাৰা গোটেই ভূমিকা পলন কৰে, তেতিয়া দেহ-অভিমান আঁতৰি যাব। এই ক্ষেত্ৰত পৰিশ্ৰম কৰিবলগীয়া হয়। আমি আত্মাসকল এই গোটেই নাটকৰ ভাৱৰীয়া। উচ্চতকৈও উচ্চ ভাৱৰীয়া হৈছে পৰমপিতা পৰমাত্মা। বুদ্ধিত থাকে তেৱোঁ (পৰমাত্মা) অতি সূক্ষ্ম বিন্দু, তেওঁৰ গুণ-গৰিমা কিমান শ্ৰেষ্ঠ। জ্ঞানৰ সাগৰ, সুখৰ সাগৰ। হওঁতে সূক্ষ্ম বিন্দু। আমি আত্মাসকলো সূক্ষ্ম বিন্দু। দিব্য দৃষ্টি অবিহনে আত্মাক প্ৰত্যক্ষ কৰিব নোৱাৰি। এই নতুন নতুন কথাবোৰ তোমালোকে এতিয়া শুনি আছা। জগতৰ লোকে কি জানে। তোমালোকৰ মাজতো বহুত কম আছে যিয়ে যথাৰ্থ ৰীতিৰে বুজি পায় আৰু বুদ্ধিত থাকে যে মই আত্মা অতি সূক্ষ্ম বিন্দু। আমাৰ পিতা এই ড্ৰামাৰ মুখ্য ভাৱৰীয়া। উচ্চতকৈও উচ্চ ভাৱৰীয়া হৈছে পিতা, পাছত বেলেগ বেলেগ আহে। তোমালোকে জানা যে পিতা জ্ঞানৰ সাগৰ হয়, কিন্তু শৰীৰ অবিহনেতো জ্ঞান শুনাব নোৱাৰে। শৰীৰৰ দ্বাৰাহে কথা ক'ব পাৰে। অশৰীৰী হ'লে কৰ্মেন্দ্ৰিয়সমূহ পৃথক হৈ যায়। ভক্তিমাৰ্গততো দেহধাৰীসকলকে সোঁৱৰণ কৰে। পৰমপিতা পৰমাত্মাৰ নাম, ৰূপ, দেশ, কালকেই নাজানে। কেৱল কৈ দিয়ে পৰমাত্মা নাম-ৰূপৰ পৰা উৰ্দ্ধত। পিতাই বুজায় - ড্ৰামা অনুসৰি তোমালোক যিসকল প্ৰথম নম্বৰৰ সতোপ্ৰধান আছিলা, তোমোলোকেই পুনৰ সতোপ্ৰধান হ'ব লাগে। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'বৰ কাৰণে তোমালোকে আকৌ এইটো অৱস্থা মজবুত কৰি ৰাখিব লাগে যে আমি আত্মা, আত্মাই এই শৰীৰৰ দ্বাৰা কথা কয়। আত্মাত জ্ঞান আছে। এই জ্ঞান আন কাৰো বুদ্ধিত নাই যে আত্মাত 84 জন্মৰ ভূমিকা অৱিনাশী ৰূপত নিহিত হৈ আছে। এইবোৰ বহুত নতুন নতুন কথা। একান্তত বহি নিজৰ সৈতে এনেকুৱা কথা পাতিব লাগে - মই আত্মা, পিতাৰ পৰা শুনি আছোঁ। ধাৰণা মই অৰ্থাৎ আত্মাই কৰোঁ। আত্মাতেই ভূমিকা নিহিত হৈ আছে। মই আত্মা অৱিনাশী। এয়া ভিতৰত মন্থন কৰিব লাগে। মই তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'ব লাগে। দেহ-অভিমানী মনুষ্যৰ আত্মাৰো জ্ঞান নাই, কিমান ডাঙৰ ডাঙৰ কিতাপ নিজৰ লগত ৰাখে। কিমান যে অহংকাৰ। এইখন হয়েই তমোপ্ৰধান সৃষ্টি। উচ্চতকৈও উচ্চ আত্মাতো কোনো নাই। তোমালোকে জানা যে এতিয়া আমি তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। এই কথাটি ভিতৰত মন্থন কৰিব লাগে। জ্ঞান শুনাওঁতাতো বহুত আছে। কিন্তু স্মৃতিত নাথাকে। ভিতৰি সেই অন্তৰ্মুখী অৱস্থা থাকিব লাগে। আমি পিতাৰ স্মৃতিৰে পতিতৰ পৰা পাৱন হ'ব লাগে, কেৱল পণ্ডিত হ'ব নালাগে। ইয়াৰ ওপৰত এজন পণ্ডিতৰ উদাহৰণো আছে - মাতাসকলক কৈছিল যে ‘ৰাম ৰাম’ বুলি কৈ থাকিলে পাৰ হৈ যাবা...... গতিকে এনেকুৱা মিথ্যা ভাষণ দিওঁতা হ'ব নালাগে। এনেকুৱা বহুত আছে।

বহুত ভালকৈ বুজায়, কিন্তু পিতাৰ স্মৃতি নাই। গোটেই দিন দেহ-অভিমানত থাকে। নহ'লেতো বাবালৈ খতিয়ান পঠিয়াব লাগে যে মই এইটো সময়ত উঠোঁ, ইমান পিতাক স্মৰণ কৰোঁ। একো বাতৰি নিদিয়ে। জ্ঞানৰ বহুত মিথ্যা ভাষণ দিয়ে। পিতাৰ স্মৃতি নাই। যদিও ডাঙৰ ডাঙৰ লোকক জ্ঞান দিয়ে, কিন্তু যোগত অপৈণত। ৰাতিপুৱা উঠি পিতাক স্মৰণ কৰিব লাগে। বাবা আপুনি অতিকৈ মৰমৰ। কেনেকুৱা এই বিচিত্ৰ ড্ৰামা ৰচি থোৱা আছে। কোনেও এই ৰহস্য নাজানে। আত্মাকো নাজানে, পৰমাত্মাকো নাজানে। এই সময়ত মনুষ্য জন্তুতকৈও অধম। আমিও এনেকুৱা আছিলোঁ। মায়াৰ ৰাজ্যত কিমান দুৰ্দশা হৈ যায়। এই জ্ঞান তোমালোকে যিকোনো লোককে দিব পাৰা। কোৱা, আপোনালোক আত্মা এতিয়া তমোপ্ৰধান, তোমালোক সতোপ্ৰধান হ'ব লাগে। প্ৰথমে নিজক আত্মা বুলি বুজা। গৰিবসকলৰ বাবেতো আৰু সহজ। চহকীসকলৰ জঞ্জাল বহুত থাকে।

পিতাই কয় - মই আহোঁৱেই সাধাৰণ শৰীৰত। বহুত গৰিবো নহয় বহুত চহকীও নহয়। এতিয়া তোমালোকে জানা যে কল্পই কল্পই পিতা আহি আমাক এয়াই শিক্ষা দিয়ে যে পৱিত্ৰ কেনেকৈ হ'বা। বাকী তোমালোকৰ পেছাগত কাম-কাজ আদিত হাই-কাজিয়া হয় তাৰ কাৰণে বাবা অহা নাই। তোমালোকেতো আহ্বানেই জনোৱা - হে পতিত-পাৱন আহক, সেয়েহে পিতাই পাৱন হোৱাৰ যুক্তি (উপায়) শুনায়। এই ব্ৰহ্মাই নিজেও একো নাজানিছিল। ভাৱৰীয়া হৈ যদি ড্ৰামাৰ আদি-মধ্য-অন্তৰ কথা নাজানে, তেন্তে তেওঁক কি বুলি কোৱা হ'ব। আমি আত্মাসকল এই সৃষ্টি চক্ৰত ভাৱৰীয়া হওঁ, এইটোও কোনেও নাজানে। যদিও কৈ দিয়ে যে আত্মা মূললোকত নিবাস কৰে কিন্তু অনুভৱেৰে নকয়। তোমালোকেতো এতিয়া বাস্তৱত জানা - আমি আত্মাসকল মূললোকৰ নিবাসী। আমি আত্মাসকল অবিনাশী। এইটো স্মৃতিতো বুদ্ধিত থকা উচিত। বহুতৰে যোগ একেবাৰেই নাই। দেহ-অভিমানৰ কাৰণে আকৌ ভুলো বহুত হয়। মূলকথা হৈছেই দেহী-অভিমানী হোৱা। এইটো চিন্তা থকা উচিত যে মই সতোপ্ৰধান হ’ব লাগে। যিসকল সন্তানৰ সতোপ্ৰধান হোৱাৰ চিন্তা থাকে তেওঁলোকৰ মুখেৰে কেতিয়াও পাথৰ (কটু বচন) উচ্চাৰিত নহয়। কিবা ভুল হ'লে তৎক্ষণাৎ পিতাক জনাব। বাবা মোৰ দ্বাৰা এইটো ভুল হ'ল। ক্ষমা কৰিব। লুকুৱাই নাৰাখিব। লুকুৱাই ৰাখিলে আৰুহে বৃদ্ধি হৈ যায়। বাবাক বাতৰি দি থাকিবা। বাবাই লিখি দিব তোমাৰ যোগ ঠিক নহয়। পাৱন হোৱাটোৱেই হৈছে মুখ্য কথা। তোমালোক সন্তানসকলৰ বুদ্ধিত 84 জন্মৰ কাহিনী আছে। যিমান সম্ভৱ কেৱল এইটোৱে চিন্তা চলি থাকিব লাগে যে মই সতোপ্ৰধান হ’ব লাগে। দেহ-অভিমান এৰি দিব লাগে। তোমালোক হৈছা ৰাজঋষি। হঠযোগীয়ে কেতিয়াও ৰাজযোগ শিকাব নোৱাৰে। ৰাজযোগ পিতাইহে শিকায়। জ্ঞানো পিতাইহে দিয়ে। বাকী এই সময়ত হৈছে তমোপ্ৰধান ভক্তি। জ্ঞান কেৱল পিতাই সংগমতহে আহি শুনায়। পিতা আহিছে গতিকে ভক্তি এতিয়া শেষ হ'ব, এই সৃষ্টিখনো শেষ হৈ যাব। জ্ঞান আৰু যোগেৰে সত্যযুগ স্থাপনা হয়। ভক্তি বস্তুটোৱেই বেলেগ। মনুষ্যই আকৌ কৈ দিয়ে যে দুখ-সুখ ইয়াতেই আছে। এতিয়া তোমালোক সন্তানসকলৰ ওপৰত গুৰু দায়িত্ব আছে। নিজৰ কল্যাণ কৰাৰ যুক্তি ৰচি থাকা। এইটোও বুজোৱা হৈছে যে পাৱন সৃষ্টি হৈছে শান্তিধাম আৰু সুখধাম। এইখন হৈছে অশান্তিধাম, দুখধাম। প্ৰথম মুখ্য কথা হৈছে যোগৰ। যদি যোগ নাই তেন্তে পণ্ডিতৰ দৰে কেৱল জ্ঞানৰ মিথ্যা ভাষণ দিব। আজিকালি তন্ত্ৰ-মন্ত্ৰ কৰোঁতাও বহুত ওলাইছে, ইয়াৰ লগত জ্ঞানৰ সম্পৰ্ক নাই। মনুষ্য কিমান মিথ্যাৰ মাজত আৱদ্ধ হৈ আছে। পতিত হয়। পিতাই নিজেই কয় - মই পতিত সৃষ্টি, পতিত শৰীৰত আহোঁ। পাৱনতো ইয়াত কোনো নাই। এওঁতো (ব্ৰহ্মাই) নিজকে ভগৱান বুলি নকয়। এওঁতো কয় - ময়ো পতিত, পাৱন হ'লে ফৰিস্তা হৈ যাম। তোমালোকো পৱিত্ৰ ফৰিস্তা হৈ যাবা। গতিকে মূল কথা এইটোৱে যে আমি পৱিত্ৰ কেনেকৈ হ'ম। স্মৰণ কৰাতো বহুত জৰুৰী। যিসকল সন্তান স্মৰণ কৰাৰ ক্ষেত্ৰত অমনোযোগী হয় তেওঁলোকে কয় - আমিতো শিৱবাবাৰ সন্তান হয়েই। স্মৃতিত আছোঁৱেই। কিন্তু বাবাই কয় - সেয়া সকলো মিছা কথা। অমনোযোগী হয়। এই ক্ষেত্ৰততো পুৰুষাৰ্থ কৰিব লাগে ৰাতিপুৱা উঠি নিজক আত্মা বুলি বুজি বহিব লাগে। বাৰ্তালাপ কৰিব লাগে। আত্মাইহে বাৰ্তালাপ কৰে নহয়। এতিয়া তোমালোক দেহী-অভিমানী হৈ যোৱা। যিয়ে কাৰোবাৰ কল্যাণ কৰে তেওঁলোকৰ গুণানুকীৰ্তনো কৰা হয় নহয়। সেয়া হৈছে দেহৰ মহিমা। এয়াতো হৈছে নিৰাকাৰ পৰমপিতা পৰমাত্মাৰ মহিমা। এয়াও তোমালোকে বুজি পোৱা। এই ছিৰি তোমালোকৰ বাহিৰে অন্য কাৰোবাৰ বুদ্ধিত থাকিব জানো। আমি 84 জন্ম কেনেকৈ লওঁ, কেনেকৈ অৱনমিত হৈ আহোঁ। এতিয়াতো পাপৰ কলহ ভৰপূৰ হৈ গৈছে, সেয়া চফা কেনেকৈ হ'ব? সেই কাৰণে পিতাক আহ্বান জনায়। তোমালোক হৈছা পাণ্ডৱ সম্প্ৰদায়। ধৰ্মীয়ও আৰু ৰাজনৈতিকো। বাবাই সকলো ধৰ্মৰ কথা বুজায়। অন্য কোনেও বুজাব নোৱাৰে। বাকী সেই ধৰ্ম প্ৰতিষ্ঠাপকসকলে কি কৰে, তেওঁলোকৰ পিছে পিছেতো বাকীসকলো অৱনমিত হ’বলগীয়া হয়। বাকী তেওঁলোকে জানো মোক্ষ প্ৰাপ্ত কৰায়। পিতাহে অন্তত আহি সকলোকে পৱিত্ৰ কৰি উভতাই লৈ যায়, সেইবাবে সেই এজনৰ বাহিৰে আন কাৰো গুণ-গৰিমা নাই। ব্ৰহ্মাৰ নাইবা তোমালোকৰ কোনো গুণ-গৰিমা নাই। বাবা নহাহেঁতেনতো তোমালোকেও কি কৰিলাহেঁতেন। এতিয়া পিতাই তোমালোকক আৰোহণ কলাত লৈ যায়। গায়নো কৰে যে তোমালোকৰ আৰোহণ হ’লে সকলোৰে কল্যাণ হয়। কিন্তু অৰ্থ বুজি পাই জানো। গুণানুকীৰ্তনতো বহুত কৰে।

এতিয়া পিতাই বুজাইছে – অকালতো হৈছে আত্মা, এয়া (ভ্ৰূকুটি; কপালৰ সোঁমাজ) হৈছে আত্মাৰ আসন। আত্মা অবিনাশী। কালে কেতিয়াও নাখায়। আত্মাই এটা শৰীৰ এৰি অন্য ভূমিকা পালন কৰিব লাগে। বাকী নিবলৈ কোনো কাল আহে জানো। কোনোবাই শৰীৰ ত্যাগ কৰিলে তোমালোকৰ দুখ নহয়। শৰীৰ এৰি অন্য ভূমিকা পালন কৰিবলৈ গ'ল, কন্দাৰ কি দৰকাৰ। আমি আত্মা ভাই ভাই। এইটোও তোমালোকে এতিয়া জানা। এনেকৈ গায়ন কৰে যে আত্মাসকল আৰু পৰমাত্মা বহুকাল বিচ্ছিন্ন হৈ থাকিল…… পিতা ক’ত আহি মিলিত হয়। এইটোও নাজানে। এতিয়া তোমালোকে সকলো কথাৰে বুজনি পোৱা। কিমান দিনৰ পৰা শুনিয়ে আহিছা। কোনো কিতাপ আদি লয় জানো। বুজাবৰ বাবে কেৱল উনুকিয়াই দিয়ে। পিতা যিহেতু সত্য সেয়েহে সত্য ৰচনা ৰচে। সত্য কথা কয়। সত্যৰ জয়, অসত্যৰ পৰাজয়। সত্য পিতাই সত্যখণ্ড স্থাপনা কৰে। ৰাৱণৰ হাতত তোমালোক বহুত পৰাজিত হ’লা। এই সকলো খেল ৰচি থোৱা আছে। এতিয়া তোমালোকে জানা যে আমাৰ ৰাজ্য স্থাপনা হৈ আছে পাছত এই সকলোবোৰ নাথাকিব। এই সকলোবোৰতো পাছত আহিছে। এই সৃষ্টি চক্ৰ বুদ্ধিত ৰখাতো কিমান সহজ। যিসকল পুৰুষাৰ্থী সন্তান তেওঁলোক কেৱল ইয়াতেই আনন্দিত নহ'ব যে আমি জ্ঞানতো বহুত ভালকৈ শুনাওঁ। লগতে যোগযুক্ত হৈও থাকিব আৰু আচৰণো ধাৰণ কৰিব। তোমালোক বহুত অমায়িক হ'ব লাগে। কাকো দুখ দিব নালাগে। মৰমেৰে বুজাব লাগে। পৱিত্ৰতাৰ ওপৰতো কিমান হুলস্থুল হয়। সেয়াও ড্ৰামা অনুসৰি হয়। এইখন পূৰ্ব নিৰ্ধাৰিত ড্ৰামা নহয় জানো। এনেকুৱা নহয় যে ড্ৰামাত আছে যদি পাম। নহয়, পৰিশ্ৰম কৰিব লাগে। দেৱতাসকলৰ দৰে দৈৱীগুণ ধাৰণ কৰিব লাগে। অপ্ৰীতিকৰ হ’ব নালাগে। চাব লাগে যে মই ওলোটা আচৰণ কৰি পিতাৰ সন্মান হানিতো নকৰোঁ? সৎগুৰুৰ নিন্দা কৰাওঁজনে কেতিয়াও উচ্চ পদ পাব নোৱাৰে। এওঁতো সত্য পিতা, সত্য শিক্ষক। আত্মাৰ এতিয়া স্মৃতি থাকে। বাবা জ্ঞানৰ সাগৰ, সুখৰ সাগৰ হয়। নিশ্চয় জ্ঞান দি গৈছোঁ সেইবাবেতো গায়ন হয়। এওঁৰ (ব্ৰহ্মাৰ) আত্মাত কিবা জ্ঞান আছিল জানো? আত্মা কি, ড্ৰামা কি - কোনেও নাজানে। জানিবতো মনুষ্যইহে লাগে নহয়। ৰুদ্ৰ যজ্ঞ পাতিলে তেতিয়া আত্মাসকলৰ পূজা কৰে, তেওঁৰ (শিৱবাবাৰ) পূজা উত্তম নে দৈৱী শৰীৰৰ পূজা উত্তম? এই শৰীৰতো 5 তত্ত্বৰে গঠিত সেইবাবে শিৱবাবাৰ পূজাহে অব্যভিচাৰী পূজা। এতিয়া সেই এজনৰ পৰাই শুনিব লাগে সেইবাবে কোৱা হয় - বেয়া নুশুনিবা… গ্লানিৰ কোনো কথা নুশুনিবা। মোৰ এজনৰ পৰাহে শুনিবা। এয়া হৈছে অব্যভিচাৰী জ্ঞান। মুখ্য কথা হৈছে যেতিয়া দেহ-অভিমান আঁতৰিব তেতিয়াহে তোমালোক শীতল হ’বা। পিতাৰ স্মৃতিত থাকিলে মুখেৰে অপ্ৰয়োজনীয় কথা উচ্চাৰিত নহ'ব, কুদৃষ্টি নাযাব। দেখিও যেন নাচাব। আমাৰ জ্ঞানৰ তৃতীয় নেত্ৰ মুকলি হৈ আছে। পিতা আহি ত্ৰিনেত্ৰী, ত্ৰিকালদৰ্শী কৰি তুলিছে। এতিয়া তোমালোকৰ তিনিওকালৰ, তিনিওলোকৰ জ্ঞান আছে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) জ্ঞান শুনোৱাৰ লগতে যোগযুক্ত হৈও থাকিব লাগে। ভাল আচৰণ ধাৰণ কৰিব লাগে। বহুত অমায়িক হ'ব লাগে। মুখেৰে কেতিয়াও পাথৰ অৰ্থাৎ কটু বচন উচ্চাৰণ কৰিব নালাগে।

(2) অন্তৰ্মুখী হৈ একান্তত বহি নিজে নিজৰ সৈতে বাৰ্তালাপ কৰিব লাগে। পাৱন হোৱাৰ যুক্তি উলিয়াব লাগে। পুৱাতে উঠি পিতাক অতি মৰমেৰে স্মৰণ কৰিব লাগে।

বৰদান:
বেতাঁৰ যন্ত্ৰৰ দ্বাৰা বিনাশ কালত অন্তিম নিৰ্দেশনা অনুভূতিৰে প্ৰাপ্ত কৰোঁতা নিৰ্বিকাৰী হোৱা

বিনাশৰ সময়ত অন্তিম নিৰ্দেশনা অনুভূতিৰে প্ৰাপ্ত কৰিবলৈ নিৰ্বিকাৰী বুদ্ধিৰ প্ৰয়োজন। যেনেকৈ তেওঁলোকে বেতাঁৰ যন্ত্ৰৰ দ্বাৰা ইজনে সিজনলৈ বাৰ্তা পঠিয়ায়, ইয়াত হৈছে নিৰ্বিকাৰীৰ বেতাঁৰ যন্ত্ৰ। এই বেতাঁৰ যন্ত্ৰৰ দ্বাৰা তোমালোকে বাৰ্তা শুনিবা যে এই সুৰক্ষিত স্থানলৈ গুচি যোৱা। যিসকল সন্তান পিতাৰ স্মৃতিত থাকোঁতা নিৰ্বিকাৰী, যাৰ অশৰীৰী হোৱাৰ অভ্যাস আছে তেওঁলোক বিনাশত বিনাশ নহ’ব কিন্তু স্ব-ইচ্ছাৰে শৰীৰ ত্যাগ কৰিব।

স্লোগান:
যোগক কাষৰীয়া কৰি কৰ্মত ব্যস্ত হৈ যোৱা – এয়াও অমনোযোগিতা।


আত্মিক আভিজাত্য আৰু পৱিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

পৱিত্ৰতাৰ আভিজাত্য অৰ্থাৎ একব্ৰতা হোৱা, (একমাত্ৰ বাবা অন্য কোনো নাই) এই ব্ৰাহ্মণ জীৱনত সম্পূৰ্ণ পাৱন হ’বলৈ একব্ৰতাৰ পাঠ দৃঢ় কৰি লোৱা। বৃত্তিত শুভ ভাৱনা, শুভ কামনা থাকক, দৃষ্টিৰ দ্বাৰা প্ৰত্যেককে আত্মিক ৰূপত বা ফৰিস্তা ৰূপত চোৱা। কৰ্মৰ দ্বাৰা প্ৰত্যেক আত্মাক সুখ দিয়া আৰু সুখ লোৱা। কোনোবাই দুখ দিয়ক, গালি পাৰক, অপমান কৰক তেতিয়াও তোমালোকে সহনশীল দেৱী, সহনশীল দেৱ হৈ যোৱা।