02.06.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক হৈছা আত্মিক পাণ্ডা, তোমালোকে গৃহস্থালিত তত্ত্বাৱধান লৈ, পদুম ফুলৰ সমান হৈ স্মৃতিৰ যাত্ৰা কৰিব আৰু কৰাব লাগে”

প্ৰশ্ন:
পিতাই সন্তানসকলৰ কোনটো অলংকৰণ কৰে? কোনটো অলংকৰণৰ কাৰণে মানা কৰে?

উত্তৰ:
বাবাই কয় মৰমৰ সন্তানসকল - মই তোমালোকৰ আত্মিক অলংকৰণ কৰিবলৈ আহিছোঁ, তোমালোকে কেতিয়াও শাৰীৰিক অলংকৰণ নকৰিবা। তোমালোক হৈছা ভিকহু, তোমালোকৰ ধুন-পেচ কৰাৰ চখ থাকিব নালাগে। জগতখন বহুত বেয়া সেয়েহে অলপমানো শৰীৰৰ ধুন-পেচ নকৰিবা।

গীত:
আখিৰ ৱহ দিন আয়া আজ….. (অৱশেষত সেই দিনটি আজি আহিল…..)

ওঁম্শান্তি।
বেহদৰ পিতাই বহি বেহদৰ সন্তানসকলক বুজায়। বেহদৰ মানে কোনো হদ অৰ্থাৎ সীমা নাই। কিমান অনেক সন্তান আছে। ইমান অনেক সন্তানৰ এজনেই পিতা যাক ৰচয়িতা বুলি কোৱা হয়। তেওঁলোক হৈছে হদৰ বাবা, এওঁ হৈছে বেহদৰ আত্মাসকলৰ পিতা। তেওঁলোক হৈছে হদৰ পাৰ্থিৱ পিতা, এওঁ হৈছে বেহদৰ আত্মাসকলৰ এজনেই পিতা। যাক ভক্তিমাৰ্গত সকলো আত্মাই স্মৰণ কৰে। তোমালোক সন্তানসকলে জানা যে ভক্তিমাৰ্গো আছে, লগতে ৰাৱণৰাজ্যও আছে। এতিয়া মনুষ্যই আহ্বান জনায় যে আমাক ৰাৱণৰাজ্যৰ পৰা ৰামৰাজ্যলৈ লৈ যাওঁক। পিতাই বুজায় - চোৱা দেৱী-দেৱতা যিসকল ভাৰতৰ মালিক আছিল, এতিয়া নাই। তেওঁলোক কোন আছিল, এইটোও এতিয়া তোমালোকে জানা। আমিয়েই সত্যযুগী সূৰ্যবংশী কুলৰ মালিক আছিলোঁ। ৰজা-ৰাণীতো থাকে নহয়। তোমালোক সন্তানসকলৰ এতিয়া স্মৃতি উদয় হৈছে। বাবাৰ আগমন হৈছে - আমাক সন্তানসকলক ৰাজ্য-ভাগ্যৰ উত্তৰাধিকাৰ দিবলৈ, বিশ্বৰ মালিক কৰি তুলিবলৈ। পিতাই কয় - এতিয়া সকলো ভক্তিমাৰ্গত আছে, ভক্তিমাৰ্গকেই ৰাৱণৰাজ্য বুলি কোৱা হয়। জ্ঞানমাৰ্গত কেৱল এজন পিতাইহে তোমালোক সন্তানসকলক শিকায়। সেই বেহদৰ পিতাক ভক্তিমাৰ্গত সকলোৱে স্মৰণ কৰে। এতিয়া তোমালোকে 21 জন্মৰ কাৰণে জ্ঞানৰ ৰাজধানী প্ৰাপ্ত কৰা। পুনৰ আধাকল্প তোমালোকে আহ্বানেই নজনোৱা। “হায় ৰাম.... হায় প্ৰভু” বুলি কোৱাৰ দৰকাৰেই নাথাকিব। “হায় ৰাম” বুলি তেতিয়া কয় যেতিয়া দুখী হয়। তোমালোকৰ তাত দুখ নহয়েই। এতিয়া তোমালোকে জানা এয়াও খেল ৰচি থোৱা আছে। আধাকল্প হৈছে জ্ঞানৰ দিন, আধাকল্প হৈছে ভক্তিৰ ৰাতি। ভক্তিয়ে আমাক অৱনমিত কৰে। তোমালোক সন্তানসকলৰ বুদ্ধিত ছিৰিৰ জ্ঞান নিশ্চয় থাকিব লাগে। পিতাই বুজায় যে এয়া 84 জন্মৰ চক্ৰ, এই চক্ৰক জানিলে তোমালোক চক্ৰৱৰ্তী ৰজা হ'বা, সেয়েহে বাবাই চিত্ৰও তৈয়াৰ কৰাই আছে যাৰ দ্বাৰা সিদ্ধ হ'ব যে এই চক্ৰক জানিলে 21 জন্মৰ কাৰণে ৰাজ্য-ভাগ্য পাওঁ।

এতিয়া তোমালোক বহুত হৈ গৈছা। বিশাল আত্মিক শক্তি সেনা হৈ গৈছে। তোমালোক সকলো পাণ্ডা। বাবাও পাণ্ডা। তেওঁক কোৱা হয় – মাৰ্গ-দৰ্শক। পাণ্ডা শব্দটি শুভ। যাত্ৰালৈ লৈ যাওঁতা পাণ্ডা থাকে। যাত্ৰীসকল গ’লে তেতিয়া তেওঁলোকে এজন মাৰ্গ-দৰ্শক পায় যে এওঁলোকক এই সকলোবোৰ দেখুওৱা। তীৰ্থ যাত্ৰাতো পাণ্ডা পোৱা যায়। পিতাই কয় - জন্ম-জন্মান্তৰ তীৰ্থ যাত্ৰা কৰি আহিছা। অমৰনাথলৈ যায়, তীৰ্থলৈ যায়। পৰিক্ৰমা লগায়। তালৈ যোৱাৰ সময়ত আকৌ সেয়াই স্মৃতিত থাকে। ঘৰ-সংসাৰ পেছাগত কাম-কাজ আদি সকলোৰে পৰা অন্তৰ আঁতৰি যায়। ইয়াত তোমালোকক বুজোৱা হয় নিজৰ ঘৰ-গৃহস্থালিত থাকি পেছাগত কাম-কাজ আদিও কৰি থাকা আৰু গুপ্ত যাত্ৰাতো থাকা। এয়া কিমান ভাল। যিমান ডাঙৰ বেপাৰ কৰিব বিচৰা সিমান কৰা। কাকো মানা কৰাও নহয়। লাগিলে নিজৰ ৰাজ্যও চম্ভালা। ৰজা জনকেও চেকেণ্ডত জীৱনমুক্তি পালে। তোমালোকে কোনো বাহিৰৰ যাত্ৰা আদিৰ ফালে হাবাথুৰি খোৱাৰ দৰকাৰ নাই। নিজৰ ঘৰ-সংসাৰো পূৰা চম্ভালিব লাগে। যিসকল বুদ্ধিমান ভাল সন্তান, তেওঁলোকে বুজি পায় যে আমি ঘৰ-গৃহস্থালিত থাকি পদুম ফুলৰ সমান হৈ থাকিব লাগে। গৃহস্থ ব্যৱহাৰত বিতুষ্ট হ'ব নালাগে। কুমাৰ, কুমাৰীসকলতো যেন সন্যাসী, তেওঁলোকৰ বিকাৰ নাই। 5 বিকাৰৰ পৰা দূৰৈত। এতিয়া তোমালোক সন্তানসকলে জানা যে আমাৰ অলংকৰণেই অন্য প্ৰকাৰৰ, তেওঁলোকৰ অন্য। তেওঁলোকৰ হৈছে তমোপ্ৰধান অলংকৰণ, তোমালোকৰ সতোপ্ৰধান অলংকৰণ যাৰ দ্বাৰা তোমালোক সতোপ্ৰধান সূৰ্যবংশী ৰাজ্যলৈ যাব লাগে। পিতাই তোমালোক সন্তানসকলক বুজায় - তমোপ্ৰধান পাৰ্থিৱ অলংকৰণ অলপো নকৰিবা। জগতখন বহুত বেয়া। গৃহস্থালিত থাকি চৌখিন নহ'বা। ধুন-পেচে আকৰ্ষণ কৰে। এই সময়ত সুন্দৰতা ভাল নহয়। ক'লা হ’লে তেন্তে ভাল। কোনেও হাতোৰা নামাৰিব। সুন্দৰীসকলৰ পিছে পিছেতো ঘূৰিয়েই ফুৰে। শ্ৰীকৃষ্ণকো শ্যামবৰণীয়া দেখুৱায়। তোমালোক শুভ্ৰ হ'ব লাগে শিৱবাবাৰ দ্বাৰা। তেওঁলোক শুভ্ৰ হয় পাউদাৰ আদিৰ দ্বাৰা। কিমান ধুন-পেচ কৰে, কথাই নুসুধিবা। চহকীসকলৰতো সৰ্বনাশ। গৰিব ভাল। গাঁৱলৈ গৈ গৰিবসকলৰ কল্যাণ কৰিব লাগে, কিন্তু বাণীৰে প্ৰভাৱ বিস্তাৰ কৰোঁতা ডাঙৰ ব্যক্তিও লাগে। তোমালোক সকলো গৰিব হোৱা নহয়। কোনোবা চহকী আছে জানো? তোমালোক চোৱা কেনেকৈ সাধাৰণভাৱে বহি আছা। বোম্বাইত (এতিয়া মুম্বাইত) চোৱা কিমান ধুন-পেচ। বাবাৰ ওচৰলৈ সাক্ষাৎ কৰিবলৈ আহিলে তেতিয়া কওঁ তোমালোকে এয়া পাৰ্থিৱ অলংকৰণ কৰিছা, এতিয়া যদি আহা তেন্তে তোমালোকৰ জ্ঞানৰ অলংকৰণ কৰাম, যাৰ দ্বাৰা তোমালোক স্বৰ্গৰ পৰী 21 জন্মৰ বাবে হৈ যাবা। সদায় সুখী হৈ যাবা। কেতিয়াও নাকান্দা আৰু দুখীও নোহোৱা। এতিয়া এই পাৰ্থিৱ অলংকৰণ এৰা। তোমালোকৰ আমি জ্ঞান ৰত্নৰে এনেকুৱা উত্তম অলংকৰণ কৰাম যে কথাই নুসুধিবা। যদি মোৰ মতত চলা তেন্তে তোমালোকক পাটৰাণী কৰি দিম। এয়াতো ভাল কথা নহয় জানো। তোমালোক সকলো ভাৰতবাসীক এই তমোপ্ৰধান আসুৰি সৃষ্টি নৰকৰ পৰা পলুৱাই মহাৰাণী কৰি তোলোঁ।

তোমালোক সন্তানসকলে বুজি পোৱা যে এতিয়া আমি বগা পোছকত আছোঁ, পৰৱৰ্তী জন্মত স্বৰ্গত সোণৰ চামুচেৰে গাখীৰ পান কৰিম। এইখনতো হৈছে বহুত ছিঃ ছিঃ সৃষ্টি। স্বৰ্গতো স্বৰ্গই হয়, কথাই নুসুধিবা। ইয়াত তোমালোক ভিকহু। ভাৰত ভিকহু হয়। “ভিকহুৰ পৰা ৰাজকুমাৰ” বুলি গায়ন কৰা হৈছে। এই ভাৰততেই পুনৰ জন্ম ল’ব। পিতাই আমাক স্বৰ্গৰ মালিক কৰি তুলিছিল, ৰাতি-দিনৰ পাৰ্থক্য আছে। মহান গৰিব যাৰ খাবলৈও একো নাথাকে, তেওঁকেই দান দিয়া হয়। ভাৰতেই মহান গৰিব। বেচেৰাহঁতে এয়া গমেই নাপায় যে এই সময়ত সকলো তমোপ্ৰধান। দিনে-প্ৰতিদিনে ছিৰি অৱনমিতহে হৈ থাকে। এতিয়া কোনেও ছিৰি আৰোহণ কৰিব নোৱাৰে। 16 কলাৰ পৰা 14 কলা আকৌ 12 কলা… অৱনমিত হৈয়ে আহি থাকে। এই লক্ষ্মী-নাৰায়ণো প্ৰথমে 16 কলা সম্পূৰ্ণ আছিল আকৌ 14 কলালৈ অৱনমিত হয় নহয়। এয়াও ভালদৰে স্মৃতিত ৰাখিব লাগে। ছিৰি অৱনমিত হৈ হৈ একেবাৰে পতিত হৈ গৈছে। পুনৰ স্বৰ্গৰ মালিক কোনে কৰি তুলিব? এই বিশ্বৰ ইতিহাস- ভূগোল পুনৰাবৃত্তি হয়। এনেকৈও সকলোৱে কয় কিন্তু এতিয়া যে ইতিহাস পুনৰাবৃত্তি হ’ব, এইটো কোনেও নাজানে। শাস্ত্ৰততো লিখি দিলে সত্যযুগৰ আয়ুস লাখ লাখ কোটি কোটি বছৰ। সোধা যে সত্যযুগ কেতিয়া আহিব? ক’ব এতিয়া 40 হাজাৰ বছৰ বাকী আছে। তোমালোকে সিদ্ধ কৰি কোৱা যে কল্পৰ আয়ুসেই হৈছে 5 হাজাৰ বছৰ। তেওঁলোকে আকৌ কেৱল সত্যযুগকেই লাখ লাখ বছৰ দি দিয়ে। ঘোৰ অন্ধকাৰ নহয় জানো। তেন্তে মনুষ্যই কেনেকৈ মানিব যে ভগৱানৰ আগমন হৈছে। তেওঁলোকে এনেকৈ বুজে যে ভগৱান তেতিয়া আহিব যেতিয়া কলিযুগৰ অন্ত হ’ব। এতিয়া তোমালোক সন্তানসকলে এই সকলোবোৰ কথা বুজি পোৱা। বিনাশ সন্মুখত থিয় হৈ আছে। সন্তানসকলক বুজোৱা হয় যে বিনাশৰ আগতে পিতাৰ পৰা উত্তৰাধিকাৰ লৈ লোৱা, কিন্তু কুম্ভকৰ্ণৰ নিদ্ৰাত শুই আছে। গতিকে বেচেৰাহঁতে ‘হায় হায়’ কৰি মৰিব। তোমালোকৰ ‘জয়-জয়কাৰ’ হৈ যাব। বিনাশত হয়েই – ‘হায়! হায়!’। অপ্ৰীতিকৰ (ভ্ৰষ্ট) বুদ্ধিৰসকলে ‘হায় হায়ে’ই কৰিব। এতিয়া তোমালোক হৈছা সত্যৰ সন্তান সত্য। নৰকৰ বিনাশ নোহোৱাকৈ স্বৰ্গ কেনেকৈ হ’ব। তোমালোকে ক’বা এয়াতো মহাভাৰতৰ যুদ্ধ। তাৰ দ্বাৰাই স্বৰ্গৰ দ্বাৰ মুকলি হ’ব। মনুষ্যইতো একোৱেই নাজানে। তোমালোকৰ বুদ্ধিত আছে আমাৰ এতিয়া দৈৱী স্বৰাজ্যৰ মাখন প্ৰাপ্ত হয়। তেওঁলোকে পৰস্পৰ যুদ্ধ কৰি থাকিব। হওঁতে তেওঁলোকো মনুষ্য, তোমালোকো মনুষ্য কিন্তু তেওঁলোক হৈছে আসুৰি সম্প্ৰদায়ৰ, তোমালোক হৈছা দৈৱী সম্প্ৰদায়ৰ। পিতাই সন্তানসকলক সন্মুখত বুজায়। তোমালোক সন্তানসকলৰ ভিতৰতো আনন্দ থাকে। অনেকবাৰ তোমালোকে এনেকুৱা ৰাজধানী লৈছা, যেনেকৈ এতিয়া তোমালোকে লৈ আছা। তেওঁলোক পৰস্পৰ দুই মেকুৰীয়ে যুদ্ধ কৰে। গোটেই বিশ্বৰ বাদশ্বাহীৰ মাখন তোমালোকে পোৱা। তোমালোকে ইয়ালৈ আহাই বিশ্বৰ মালিক হ’বলৈ। তোমালোকে জানা যে আমি বাবাৰ সৈতে যোগযুক্ত হৈ কৰ্মাতীত অৱস্থা পাম। তেওঁলোকে পৰস্পৰ যুদ্ধ কৰিব, আমি বিশ্বৰ বাদশ্বাহী পায়েই যাম। এয়াতো সাধাৰণ কথা। সেই বাহুৱলীসকলে বিশ্বৰ বাদশ্বাহী ল’ব নোৱাৰে। তোমালোক যোগবলেৰে বিশ্বৰ মালিক হোৱা। তোমালোকৰ হয়েই অহিংসা পৰম দৈৱী ধৰ্ম। দুয়ো প্ৰকাৰৰ হিংসা তাত নাথাকে। কাম-কটাৰীৰ হিংসা সকলোতকৈ বেয়া যিয়ে তোমালোকক আদি-মধ্য-অন্ত দুখ দিয়ে। এয়া কোনেও নাজানে, ৰাৱণৰাজ্য কেতিয়া হয়। এতিয়া আহ্বান জনায় – আহি আমাক পাৱন কৰি তোলা তেন্তে নিশ্চয় কেতিয়াবা পাৱন আছিল নহয়। ভাৰতবাসী সন্তানসকলেই আহ্বান জনায় – দুখৰ পৰা মুক্ত কৰা, শান্তিধামলৈ লৈ যোৱা। দুখ হৰণ কৰি সুখ দিয়া। শ্ৰীকৃষ্ণক হৰি বুলিও কয়। বাবা আমাক হৰিৰ দ্বাৰলৈ লৈ ব’লা। হৰিৰ দ্বাৰ হৈছে কৃষ্ণপুৰী। এয়া হৈছে কংসপুৰী। এই কংসপুৰী আমাৰ পচন্দ নহয়। ‘মায়া মচ্ছন্দৰ’ৰ খেল দেখুৱায়। এয়াতো তোমালোকে জানা যে ৰাৱণৰ ৰাজ্য দ্বাপৰৰ পৰা আৰম্ভ হয়। দেৱতাসকল যি পাৱন আছিল তেওঁলোক পতিত হ’বলৈ আৰম্ভ কৰে, ইয়াৰো চিহ্ন জগন্নাথ পুৰীত আছে। জগতত বহুত মলিনতাৰে ভৰি আছে। এতিয়া আমিতো সেই সকলোবোৰ কথাৰ পৰা আঁতৰি পৰীস্তানলৈ যাওঁ। এই ক্ষেত্ৰত বহুত সাহস, মহাবীৰতাৰ প্ৰয়োজন। বাবাৰ হোৱাৰ পাছত পতিত জানো হ’ব লাগে। তেওঁলোকে ভাবে স্ত্ৰী-পুৰুষ একেলগে থাকিব আৰু জুই নালাগিব, এয়া হ’ব নোৱাৰে সেইকাৰণেই হুলস্থুল কৰে যে ইয়াত স্ত্ৰী-পুৰুষক ভাই-ভনী কৰি তোলা হয়। এনেকৈতো ক’তো লিখি থোৱা নাই। নাজানো ইয়াত কেনেধৰণৰ যাদু আছে। হেৰ’ তোমালোক ব্ৰহ্মাকুমাৰীসকলৰ ওচৰলৈ গ’লে বচ্‌ তোমালোকক তাত বান্ধি ৰাখিব। এনেকুৱা এনেকুৱা কথা কৈ তাত বিপথে পৰিচালিত কৰি থাকে। এয়াও নাটকত (ড্ৰামাত) নিৰ্ধাৰিত হৈ আছে। যাৰ ভূমিকা থাকিব তেওঁ যেনেকৈ নহ’লেও আহি যাব, এই ক্ষেত্ৰত ভয় কৰিবলগীয়া কথাই নাই। শিৱবাবাতো জ্ঞানৰ সাগৰ হয়, পতিত-পাৱন সকলোৰে সৎগতি দাতা। ব্ৰহ্মাৰ দ্বাৰা পতিতৰ পৰা পাৱন কৰি তোলে। এই কথাষাৰ ইমান ডাঙৰকৈ লিখা থাকিব লাগে যাতে যিকোনো লোকে আহি পঢ়ে। পৱিত্ৰতাৰ ওপৰতে কিমান বিঘিনি আনে।

বাবাই কয় - সন্তানসকল কোনো দেহ ধাৰীৰ প্ৰতি মোহৰ জৰি থাকিব নালাগে। যদি ক’ৰবাত মোহৰ জৰি থাকে তেন্তে ফান্দত পৰি যাবা। ইয়াততো অম্মা মৰিলেও হালোৱা খাবা…। বাবাই সন্মুখত বহুৱাই সোধে যে কালিলৈ তোমাৰ কোনোবা মৰি গ’লে তেতিয়া নাকান্দাতো। চকুৰ পানী ওলালে তেন্তে অকৃতকাৰ্য হৈ যাবা। এটা শৰীৰ এৰি অন্য এটা ল’লে ইয়াত কন্দাৰ কি কথা আছে। অন্য কোনোবাই শুনিলে ক’ব, মুখেৰে ভাল কথাতো কোৱা। হেৰ’ ভালেইতো কওঁ। সত্যযুগত নাকান্দেই, তোমালোকৰ এই জীৱন তেওঁলোকতকৈও (দেৱী-দেৱতাতকৈও) উচ্চ। তোমালোক হৈছা সকলোকে কন্দাৰ পৰা ৰক্ষা কৰোঁতা তেন্তে তোমালোকে কেনেকৈ কান্দিবা? আমি পতিৰো পতিক পালোঁ যিয়ে আমাক স্বৰ্গলৈ লৈ যায়। আকৌ নৰকত পেলাই দিওঁতাসকলৰ কাৰণে আমি কিয় কান্দো! বাবাই কিমান মিঠা মিঠা কথা শুনায়, উত্তৰাধিকাৰ ল’বৰ কাৰণে। এই সময়ত ভাৰতৰ কিমান অকল্যাণ হৈ আছে। পিতাই আহি কল্যাণ কৰে। ভাৰতক মগধ দেশ বুলি কোৱা হয়। সিন্ধৰ দৰে চৌখিন অন্য কোনো নাই। বিলাতৰ পৰা ধুন-পেচ শিকি আহে। চুলি সজাবলৈ আজিকালি ছোৱালীবোৰে কিমান খৰচ কৰে। তেওঁলোকক কোৱা হয় নৰকৰ পৰী। পিতাই তোমালোকক স্বৰ্গৰ পৰী কৰি তোলে। তেওঁলোকে কয় আমাৰ বাবেতো ইয়াতেই স্বৰ্গ, এই সুখ লৈ লওঁ। কালিলৈ কি হ’ব - আমি কি জানো। এনেকুৱা অনেক বিচাৰধাৰাৰ লোক আহে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সঁচা আত্মিক পাণ্ডা হৈ সকলোকে ঘৰৰ পথ দেখুৱাব লাগে। শৰীৰ নিৰ্বাহৰ অৰ্থে পেছাগত কাম-কাজ কৰি স্মৃতিৰ যাত্ৰাত থাকিব লাগে। কাৰ্য-ব্যৱহাৰত বিতুষ্ট হ’ব নালাগে।

(2) জ্ঞানৰ অলংকৰণ কৰি নিজক স্বৰ্গৰ পৰী কৰি তুলিব লাগে। এই তমোপ্ৰধান জগতত শাৰীৰিক অলংকৰণ কৰিব নালাগে। কলিযুগী ধুন-পেচ ত্যাগ কৰিব লাগে।

বৰদান:
বালক আৰু মালিকবোধৰ সন্তুলনৰ দ্বাৰা যুক্তিযুক্ত হৈ চলোঁতা সফলতামূৰ্ত হোৱা

যিমান সম্ভৱ সেৱাৰ সম্বন্ধত বালকবোধ, নিজৰ পুৰুষাৰ্থৰ স্থিতিত মালিকবোধ, সম্পৰ্ক আৰু সেৱাত বালকবোধ, স্মৃতিৰ যাত্ৰা আৰু মন্থন কৰাত মালিকবোধ, সংগীসকল আৰু সংগঠনত বালকবোধ আৰু ব্যক্তিগতভাৱে মালিকবোধ – এইটো সন্তুলনেৰে চলা মানেই যুক্তিযুক্ত হৈ চলা। ইয়াৰ দ্বাৰা সহজেই কাৰ্যত সফলতা প্ৰাপ্ত হয়, স্থিতি একৰস হৈ থাকে আৰু সহজেই সকলোৰে স্নেহী হৈ যায়।

স্লোগান:
ভবা আৰু কৰা সমান হ’লে তেতিয়া ইচ্ছা শক্তি সম্পন্ন শক্তিশালী আত্মা বুলি কোৱা হ’ব ।


অব্যক্ত ইংগিত: সদায় হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা

হৰ্ষিত হৈ থকাৰ গুণ পুৰুষাৰ্থত বহুত সহায়কাৰী হ’ব পাৰে, কিন্তু যেনেকৈ চেহেৰা হৰ্ষিত হৈ থাকে, তেনেকৈ আত্মাও যাতে সদায় হৰ্ষিত হৈ থাকে, এইটো প্ৰাকৃতিক গুণ আত্মাত ধাৰণ কৰিব লাগে। হৰ্ষিত হৈ থাকিলে তেতিয়া মায়াৰ কোনো আকৰ্ষণে আকৰ্ষিত নকৰিব, এয়া পিতাৰ প্ৰতিশ্ৰুতি। কিন্তু সদায় হৰ্ষিত হৈ থাকিবলৈ হ’লে নিজৰ আত্মিক সম্ভ্ৰমত থাকিবা আৰু সহনশীল হৈ সাক্ষীদৃষ্টা হৈ মায়াৰ খেল প্ৰত্যক্ষ কৰিবা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]