02.07.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক ইয়ালৈ স্মৃতিত থাকি পাপ দগ্ধ কৰিবলৈ আহিছা সেয়েহে বুদ্ধিযোগ যাতে নিষ্ফলে নাযায়, এই কথাটিৰ প্ৰতি পূৰা ধ্যান ৰাখিব লাগে”

প্ৰশ্ন:
কোনটো সূক্ষ্ম বিকাৰেও অন্তিম সময়ত বিপদ মাতি আনে?

উত্তৰ:
যদি সূক্ষ্ম ৰূপতো লালসাৰ বিকাৰ আছে, লালসাৰ কাৰণে কোনো বস্তু একত্ৰিত কৰি নিজৰ ওচৰত জমা কৰি ৰাখা তেন্তে সেয়াই অন্তিমত বিপদৰ ৰূপত স্মৃতিলৈ আহে সেয়েহে বাবাই কয় – সন্তানসকল, নিজৰ ওচৰত একো নাৰাখিবা। তোমালোকে সকলো সংকল্পও সামৰি লৈ পিতাৰ স্মৃতিত থকাৰ অভ্যাস গঢ়ি তুলিব লাগে সেয়েহে দেহী-অভিমানী হোৱাৰ অভ্যাস কৰা।

ওঁম্শান্তি।
সন্তানসকলক নিতৌ সোঁৱৰাই দিয়ে - দেহী-অভিমানী হোৱা কিয়নো বুদ্ধি ইফালে-সিফালে গৈ থাকে। অজ্ঞান কালতো কথা-বাৰ্তা শুনিলে বুদ্ধি বাহিৰত ঘূৰি ফুৰে। ইয়াতো ঘূৰি ফুৰে সেয়েহে নিতৌ কয় দেহী-অভিমানী হোৱা। তেওঁলোকেতো ক’ব আমি যি শুনাওঁ তাৰ প্ৰতি ধ্যান দিয়া, ধাৰণ কৰা। শাস্ত্ৰৰ যি বচন শুনাওঁ তাৰ প্ৰতি ধ্যান দিয়া। ইয়াততো পিতাই আত্মাসকলক বুজায়, তোমালোক সকলো বিদ্যাৰ্থী দেহী-অভিমানী হৈ বহা। শিৱবাবা পঢ়াবলৈ আহে। এনেকুৱা কোনো কলেজ নাই য’ত এনেকৈ বুজিব যে শিৱবাবা পঢ়াবলৈ আহে। এনেকুৱা স্কুল থাকিবই লাগে পুৰুষোত্তম সংগমযুগত। বিদ্যাৰ্থীসকল বহি আছে আৰু এইটোও বুজি পায় যে পৰমপিতা পৰমাত্মা আমাক পঢ়াবলৈ আহে। প্ৰথমে এইটো কথা বুজায় যে তোমালোক পৱিত্ৰ হ’ব লাগে গতিকে মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা কিন্তু মায়াই বাৰে বাৰে পাহৰাই দিয়ে, সেয়েহে পিতাই সাৱধান কৰি দিয়ে। কাৰোবাক বুজাব লাগিলে তেতিয়াও প্ৰথমতে এইটো বুজোৱা যে ভগৱান কোন? ভগৱান যি পতিত-পাৱন, দুখ-হৰ্তা, সুখ-কৰ্তা হয়, তেওঁ ক’ত আছে? তেওঁক স্মৰণতো সকলোৱে কৰে। যেতিয়া কোনো বিপদ আহে, তেতিয়া কয় - হে ভগৱান দয়া কৰক। কাৰোবাক ৰক্ষা কৰিবলগীয়া হ’লে তেতিয়াও কয় - হে ভগৱান, অ’ গ’ড ফাদাৰ আমাক দুখৰ পৰা মুক্ত কৰক। দুখতো সকলোৰে আছে। এইটোতো দৃঢ়ভাৱে জানে যে সত্যযুগক সুখধাম বুলি কোৱা হয়, কলিযুগক দুখধাম বুলি কোৱা হয়। এইটো সন্তানসকলে জানে তথাপিও মায়াই পাহৰাই দিয়ে। এই স্মৃতিত বহুওৱাৰ প্ৰথাও ড্ৰামাত আছে কিয়নো বহুত আছে যিয়ে গোটেই দিন স্মৰণ নকৰে, এক মিনিটো স্মৰণ নকৰে সেয়েহে পিতাৰ স্মৃতি সোঁৱৰাই দিবলৈ বহুওৱা হয়। স্মৰণ কৰাৰ যুক্তি (উপায়) শুনালে তেতিয়া দৃঢ় হৈ যাব। পিতাৰ স্মৃতিৰ দ্বাৰাই আমি সতোপ্ৰধান হ’ব লাগে। পিতাই সতোপ্ৰধান হোৱাৰ অতি উত্তম বাস্তৱিক উপায়ৰ বিষয়ে শুনাইছে। পতিত-পাৱনতো এজেনেই, তেওঁ আহি যুক্তি শুনায়। ইয়াত তোমালোক সন্তানসকলে শান্তিত তেতিয়াহে বহা যেতিয়া পিতাৰ লগত যোগযুক্ত হৈ থাকা। যদি বুদ্ধিযোগ ইফালে-সিফালে যায় তেনেহ’লে শান্ত হৈ থকা নাই, অশান্ত হৈ আছা। যিমান সময় ইফালে-সিফালে বুদ্ধিযোগ গ’ল, সেয়া নিষ্ফল হ’ল কিয়নো পাপতো খণ্ডন নহয়। জগতৰ লোকে এইটো নাজানে যে পাপ কেনেকৈ খণ্ডন হয়! এইটো অতি সূক্ষ্ম কথা। পিতাই কৈছে - মোৰ স্মৃতিত বহা, তেনেহ’লে যেতিয়ালৈকে স্মৃতিৰ যোগসূত্ৰ স্থাপন হৈ থাকিব সিমানখিনি সময় সফল হ’ল। অলপো বুদ্ধি ইফালে-সিফালে গ’লে সেইখিনি সময় নষ্ট হ’ল, নিষ্ফল হ’ল। পিতাৰ নিৰ্দেশনা পাইছা নহয় যে সন্তানসকল মোক স্মৰণ কৰা, যদি স্মৰণ নকৰা তেনেহ’লে নিষ্ফল হ’ল। ইয়াৰ দ্বাৰা কি হ’ব? তোমালোক সোনকালে সতোপ্ৰধান হ’ব নোৱাৰিবা আকৌ সেয়া অভ্যাসত পৰিণত হৈ যাব। এইটো হৈয়েই থাকিব। আত্মাই এইটো জন্মৰ পাপৰ কথাতো জানে। যদিও কোনোবাই কয় যে মোৰ স্মৃতিত নাই, কিন্তু বাবাই কয় 3-4 বছৰৰ পৰা ধৰি সকলোবোৰ কথা স্মৃতিত থাকে। আৰম্ভণিতে ইমান পাপ নহয়, যিমান পাছলৈ হয়। দিনে-প্ৰতিদিনে দৃষ্টি আসুৰিক হৈ গৈ থাকে, ত্ৰেতাত দুটা কলা কম হয়। চন্দ্ৰমাৰ দুটা কলা কিমান দিনত কম হয়। লাহে লাহে কম হৈ গৈ থাকে, আকৌ 16 কলা সম্পূৰ্ণ বুলিও চন্দ্ৰমাকে কোৱা হয়, সূৰ্যক নকয়। চন্দ্ৰমাৰ হৈছে এমাহৰ কথা, এয়া হৈছে কল্পৰ কথা। দিনে-প্ৰতিদিনে অধঃপতন হৈ থাকে। পুনৰ স্মৃতিৰ যাত্ৰাৰে আৰোহণ কৰিব পাৰা। পাছলৈতো প্ৰয়োজন নাথাকে যে আমি স্মৰণ কৰিম আৰু আৰোহণ কৰিম। সত্যযুগৰ পাছত আকৌ অৱৰোহণ কৰিব লাগিব। সত্যযুগতো যদি স্মৰণ কৰে তেনেহ’লে অৱনমিত নহ’বই। ড্ৰামা অনুসৰি অৱনমিত হ’বই লাগে, সেয়েহে স্মৰণেই নকৰে। অৱনমিতও নিশ্চয় হ’ব লাগে আকৌ স্মৰণ কৰাৰ উপায় পিতাইহে শুনায় কিয়নো ওপৰলৈ যাব লাগে। সংগমতেই আহি পিতাই শিকায় যে এতিয়া আৰোহণ কলা আৰম্ভ হয়। আমি পুনৰ নিজৰ সুখধামলৈ যাব লাগে। পিতাই কয় - এতিয়া সুখধামলৈ যাবলৈ হ’লে মোক স্মৰণ কৰা। স্মৃতিৰ দ্বাৰা তোমালোক আত্মা সতোপ্ৰধান হৈ যাবা।

তোমালোক এইখন জগতৰ পৰা ভিন্ন, বৈকুণ্ঠ এইখন জগতৰ পৰা একেবাৰে ভিন্ন। বৈকুণ্ঠ আছিল, এতিয়া নাই। কল্পৰ আয়ুস দীঘলীয়া কৰি দিয়াৰ কাৰণে পাহৰি গ’ল। এতিয়া তোমালোক সন্তানসকলেতো বৈকুণ্ঠ বহুত সমীপত দেখা পাইছা। মাথো অলপ সময় আছে। স্মৃতিৰ যাত্ৰাৰ ক্ষেত্ৰতে দুৰ্বল হৈ আছা সেয়েহে ভাবা এতিয়াও বহুত সময় আছে। স্মৃতিৰ যাত্ৰা যিমান হোৱা উচিত সিমান হোৱা নাই। ড্ৰামাৰ পৰিকল্পনা অনুসৰি তোমালোকে বাৰ্তা দিয়া, যদি কাকো বাৰ্তা নিদিয়া তাৰমানে সেৱা নকৰা। গোটেই জগতকে বাৰ্তাতো দিব লাগে যে পিতাই কয় - মামেকম্‌ স্মৰণ কৰা। ‘গীতা’ পঢ়াসকলে জানে, এখনেই ‘গীতা’ শাস্ত্ৰ আছে, য’ত এইশাৰী মহাবাক্য আছে। কিন্তু তাত শ্ৰীকৃষ্ণ ভগৱানুবাচ বুলি লিখি দিলে তেন্তে স্মৰণ কাক কৰিব। যদিও শিৱৰ ভক্তি কৰে কিন্তু যথাৰ্থ জ্ঞান নাই যে শ্ৰীমতত চলিব। এই সময়ত তোমালোকে ঈশ্বৰীয় মত পোৱা, ইয়াৰ আগত আছিল মানৱ মত। দুয়োটাৰ মাজত দিন-ৰাতিৰ পাৰ্থক্য আছে। মানৱ মতে কয় - ঈশ্বৰ সৰ্ৱব্যাপি। ঈশ্বৰৰ মতে কয় - নহয়। পিতাই কয় - মই আহিছোঁ স্বৰ্গ স্থাপনা কৰিবলৈ তেনেহ’লে নিশ্চয় এইখন নৰক। ইয়াত 5 বিকাৰ সকলোৰে ভিতৰত প্ৰৱেশ কৰিছে। বিকাৰী সৃষ্টি সেইবাবেতো মই নিৰ্বিকাৰী কৰি তুলিবলৈ আহোঁ। যিসকল ঈশ্বৰৰ সন্তান হ’ল, তেওঁলোকৰ বিকাৰতো থাকিব নোৱাৰে। ৰাৱণৰ চিত্ৰত 10টা মূৰ দেখুৱায়। কেতিয়াও কোনেও ক’ব নোৱাৰে যে ৰাৱণৰ সৃষ্টি নিৰ্বিকাৰী। তোমালোকে জানা যে এতিয়া হৈছে ৰাৱণৰ ৰাজ্য, সকলোৰে 5 বিকাৰ আছে। সত্যযুগ হৈছে ৰামৰাজ্য, কোনো বিকাৰেই নাই। এই সময়ত মনুষ্য কিমান দুখী। শৰীৰে কিমান দুখ পায়, এয়া হৈছে দুখধাম, সুখধামততো শাৰীৰিক দুখো নাথাকে। ইয়াততো কিমান চিকিৎসালয় ভৰি আছে, ইয়াক স্বৰ্গ বুলি কোৱাটোও ভুল। গতিকে বুজি লৈ আনকো বুজাব লাগে, সেই পঢ়া কাৰোবাক বুজাবৰ কাৰণে নহয়। পৰীক্ষাত উত্তীৰ্ণ হ’ল আৰু চাকৰিত নিযুক্ত হ’ল। ইয়াততো তোমালোকে সকলোকে বাৰ্তা দিব লাগে। কেৱল এজন পিতাই জানো দিব। যি বহুত বিচাৰ বুদ্ধি সম্পন্ন তেওঁক শিক্ষক বুলি কোৱা হয়, বিচাৰ বুদ্ধি কম হ’লে বিদ্যাৰ্থী বুলি কোৱা হয়। তোমালোকে সকলোকে বাৰ্তা দিব লাগে, সুধিব লাগে ভগৱানক চিনি পোৱানে? তেওঁতো সকলোৰে পিতা হয়। গতিকে মূল কথা হৈছে পিতাৰ পৰিচয় দিয়াটো কিয়নো তেওঁক কোনেও নাজানে। শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ হৈছে পিতা, গোটেই বিশ্বক পৱিত্ৰ কৰি তোলোঁতা হয়। গোটেই বিশ্ব পৱিত্ৰ আছিল, য’ত কেৱল ভাৰতেই আছিল। অন্য কোনো ধৰ্মাৱলম্বীয়ে ক’ব নোৱাৰে যে আমি নতুন সৃষ্টিত আহিম। তেওঁলোকেতো বুজি পায় যে আমাৰ আগতে কোনোবা আহি গৈছে। যীশুখ্ৰীষ্টও নিশ্চয় কাৰোবাৰ শৰীৰত আহিব। তেওঁৰ আগতো নিশ্চয় কোনোবা আছিল। পিতাই বহি বুজায় - মই এই ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰোঁ। এইটোও কিছুমানে মানি নলয় যে ব্ৰহ্মাৰ শৰীৰত আহে। হেৰ’, ব্ৰাহ্মণতো নিশ্চয় লাগে। ব্ৰাহ্মণ ক'ৰ পৰা আহিব? নিশ্চয় ব্ৰহ্মাৰ পৰাইতো আহিব নহয় জানো। বাৰু, ব্ৰহ্মাৰ পিতাৰ কথা কেতিয়াবা শুনিছানে? তেওঁ হ'ল “গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰ”। তেওঁৰ সাকাৰ পিতা কোনো নাই। ব্ৰহ্মাৰ সাকাৰ পিতা কোন? কোনেও ক'ব নোৱাৰে। ব্ৰহ্মাৰতো গায়ন আছে। প্ৰজাপিতাও হয়। যেনেকৈ নিৰাকাৰ শিৱবাবা বুলি কোৱা হয়, তেওঁৰ পিতা কোন কোৱা? আকৌ সাকাৰ প্ৰজাপিতা ব্ৰহ্মাৰ পিতা কোন কোৱা? শিৱবাবাতো তোলনীয়া নহয়। এওঁ (ব্ৰহ্মা) তোলনীয়া। কোৱা হয় এওঁক শিৱবাবাই তুলি লৈছে। বিষ্ণুক শিৱবাবাই তুলি লৈছে, এনেকৈ কোৱা নহয়। এইটোতো তোমালোকে জানা ব্ৰহ্মায়ে গৈ বিষ্ণু হয়। তোলনীয়াতো নহ'ল। শংকৰৰ কাৰণেও কোৱা হৈছে, তেওঁৰ কোনো ভূমিকা নাই। ব্ৰহ্মাই বিষ্ণু, বিষ্ণুয়েই ব্ৰহ্মা এয়া হৈছে 84ৰ চক্ৰ। শংকৰ আকৌ ক'ৰ পৰা আহিল। তেওঁৰ ৰচনা ক'ত। পিতাৰতো ৰচনা আছে, তেওঁ হৈছে সকলো আত্মাৰ পিতা আৰু ব্ৰহ্মাৰ ৰচনা হৈছে সকলো মনুষ্য। শংকৰৰ ৰচনা ক'ত? শংকৰৰ দ্বাৰা কোনো মনুষ্য সৃষ্টি ৰচা নহয়। পিতা আহি এই সকলোবোৰ কথা বুজায় তথাপিও সন্তানসকলে বাৰে বাৰে পাহৰি যায়। প্ৰত্যেকৰে বুদ্ধি ক্ৰমানুসৰি হয়। যিমান বুদ্ধি হ’ব সিমানে শিক্ষকে পঢ়োৱা পাঠ আয়ত্ব কৰিব পাৰিব। এয়া হৈছে বেহদৰ পঢ়া। পঢ়া অনুসৰি ক্ৰমানুসৰি পদ পায়। যদিও পঢ়া একেই মনুষ্যৰ পৰা দেৱতা হোৱাৰ কিন্তু ৰাজবংশও থাকিব নহয়। এইটোও বুদ্ধিত উদয় হোৱা উচিত যে মই কেনেকুৱা পদ পাম? ৰজা হোৱাতো বহুত পৰিশ্ৰমৰ কাম। ৰজাসকলৰ দাস-দাসীও লাগে। দাস-দাসী কোন হয়, এইটোও তোমালোকে বুজি পোৱা। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি প্ৰত্যেকেই দাস-দাসী পায়। সেয়েহে এনেকৈ পঢ়া উচিত নহয় যে জন্ম জন্মান্তৰ দাস-দাসী হৈ থাকিবা। পুৰুষাৰ্থ কৰিব লাগে শ্ৰেষ্ঠ হ’বলৈ।

গতিকে সঁচা শান্তি পিতাৰ স্মৃতিত আছে, অলপো বুদ্ধি ইফালে-সিফালে গ’লে সময় নষ্ট হ’ব। উপাৰ্জন কম হ’ব। সতোপ্ৰধান হ’ব নোৱাৰিবা। এইটোও বুজোৱা হৈছে যে হাতেৰে কাম কৰি থাকা, অন্তৰেৰে পিতাক স্মৰণ কৰি থাকা। শৰীৰ সুস্থ কৰি ৰাখিবলৈ হ’লে ফুৰা-চকাও লাগিলে কৰা। কিন্তু বুদ্ধিত যাতে পিতাৰ স্মৃতি থাকে। যদি লগত কোনোবা থাকে তেনেহ’লে পৰচৰ্চা কৰিব নালাগে। এইটোতো প্ৰত্যেকৰ অন্তৰে সাক্ষ্য দিয়ে। পিতাই বুজাই দিয়ে যে এইটো স্থিতিত (পিতাৰ স্মৃতিত থাকি) পৰিক্ৰমা লগোৱা। পাদুৰীসকলে একেবাৰে শান্ত স্থিতিত যায়, তোমালোকে জ্ঞানৰ কথাতো গোটেই সময়তে নোকোৱা, তেতিয়া নিশ্চুপ হৈ শান্ত অৱস্থাত শিৱবাবাৰ স্মৃতিত দৌৰ লগাব লাগে। যেনেকৈ খোৱাৰ সময়ত পিতাই কয় - স্মৃতিত বহি খোৱা, নিজৰ খতিয়ান চোৱা। বাবাই (ব্ৰহ্মা বাবাই) নিজৰ ক্ষেত্ৰত কয় - মই পাহৰি যাওঁ। চেষ্টা কৰোঁ, বাবাক কওঁ, বাবা মই গোটেই সময় স্মৃতিত থাকিম। আপুনি মোৰ কাঁহ বন্ধ কৰক, চুগাৰ কম কৰক। নিজৰ ক্ষেত্ৰত যি পৰিশ্ৰম কৰোঁ সেয়া শুনাওঁ। কিন্তু মই নিজেই পাহৰি যাওঁ তেন্তে কাঁহ কম কেনেকৈ হ’ব। যিবোৰ কথা বাবাৰ লগৰ পাতোঁ সেয়া প্ৰকাশ্যে শুনাওঁ। বাবাই সন্তানসকলক শুনাই দিয়ে, সন্তানসকলে পিতাক নুশুনায়, লাজ কৰে। ঝাৰু মৰা, ৰন্ধা-বঢ়া কৰা সেয়াও শিৱবাবাৰ স্মৃতিত থাকি কৰা তেতিয়া শক্তি আহিব। এইটোও যুক্তি লাগে, ইয়াত তোমালোকৰে কল্যাণ হ’ব তেতিয়া তোমালোক স্মৃতিত বহিলে অন্যও আকৰ্ষিত হ’ব। ইজনে-সিজনক আকৰ্ষিততো কৰে নহয়। যিমানে বেছিকৈ তোমালোক স্মৃতিত থাকিবা সিমানে ভাল নিস্তব্ধতাই বিৰাজ কৰিব। ড্ৰামা অনুসৰি ইজনে-সিজনৰ ওপৰত প্ৰভাৱ পেলায়। স্মৃতিৰ যাত্ৰাতো বহুত কল্যাণকাৰী, ইয়াত মিছাকৈ কোৱাৰ প্ৰয়োজন নাই। সত্য পিতাৰ সন্তান গতিকে সততাৰে চলিব লাগে। সন্তানসকলেতো সকলো পায়। বিশ্বৰ বাদশ্বাহী পোৱা যায় তেন্তে লোভ কৰি 10-20 খন শাৰী আদি কিয় একত্ৰিত কৰা। যদি বহুত বস্তু একত্ৰিত কৰি গৈ থাকা তেনেহ’লে মৰাৰ সময়তো স্মৃতিলৈ আহিব সেয়েহে উদাহৰণ দিয়ে যে স্ত্ৰীয়ে তেওঁক ক’লে লাঠিডালো এৰি দিয়া, নহ’লে এয়াও স্মৃতিলৈ আহিব। একোৱে স্মৃতিত থকা উচিত নহয়। নহ’লে নিজৰ কাৰণেই বিপদ মাটি আনিবা। মিছা ক’লে এশগুণ পাপ হৈ যায়। শিৱবাবাৰ ভঁৰাল সদায় ভৰপূৰ হৈ থাকে, বেছিকৈ ৰখাৰো দৰকাৰ কি। যাৰ চুৰি হৈ যায় তেতিয়া সকলো দিয়া হয়। তোমালোক সন্তানসকলে পিতাৰ পৰা বাদশ্বাহী পোৱা, তেন্তে কাপোৰ আদি জানো নাপাবা! কেৱল অলাগতিয়াল খৰচ কৰিব নালাগে কিয়নো স্বর্গ স্থাপনাত অবলাসকলেহে সহায় কৰে। তেওঁলোকৰ পইচা এনেয়ে নষ্ট কৰা উচিত নহয়। তেওঁলোকে তোমালোকক চোৱা-চিতা কৰে সেয়েহে তোমালোকৰ কাম হ'ল তেওঁলোকৰ চোৱা-চিতা কৰা। নহ’লে শিৰত এশগুণ পাপ জমা হৈ যাব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ স্মৃতিত বহাৰ সময়ত বুদ্ধি অলপো ইফালে-সিফালে ভ্ৰমি থকা উচিত নহয়। সদায় যাতে উপাৰ্জন জমা হৈ থাকে। এনেকৈ স্মৃতিত থাকিব লাগে যাতে একেবাৰে নিস্তব্ধতাই বিৰাজ কৰে।

(2) শৰীৰ সুস্থ কৰি ৰাখিবলৈ ফুৰা-চকা কৰিবলৈ গ’লে তেতিয়া পৰস্পৰ পৰচর্চা কৰিব নালাগে। নিশ্চুপ হৈ শান্ত হৈ থাকি পিতাৰ স্মৃতিত থকাৰ দৌৰ লগাব লাগে। ভোজনো পিতাৰ স্মৃতিত খাব লাগে।

বৰদান:
নিশ্চয়বুদ্ধিৰ হৈ দুৰ্বল সংকল্পৰ জাল সমাপ্ত কৰোঁতা সফলতা সম্পন্ন হোৱা

এতিয়ালৈকে গৰিষ্ঠসংখ্যক সন্তানে দূৰ্বল সংকল্প নিজেই উদয় কৰে – ভাবে যে গম নাপাওঁ হ’বনে নহ’ব, কি হ’ব… এই দুৰ্বল সংকল্পই প্ৰাচীৰ হৈ যায় আৰু সফলতা এই প্ৰাচীৰৰ আঁৰত লুকাই যায়। মায়াই দুৰ্বল সংকল্পৰ জাল পেলাই দিয়ে – সেই জালতেই আবদ্ধ হৈ যায় সেয়েহে মই নিশ্চয়বুদ্ধিৰ বিজয়ী হওঁ, সফলতা মোৰ জন্মসিদ্ধ অধিকাৰ - এইটো স্মৃতিৰে দুৰ্বল সংকল্পসমূহ সমাপ্ত কৰা।

স্লোগান:
তৃতীয় জ্বালামুখী নেত্ৰ খোলা থাকিলে মায়া শক্তিহীন হৈ যাব।


পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

কোনোবাই গালি দিয়ক, মিছা অভিযোগ দিয়ক, কিন্তু তোমালোকৰ যাতে ক্ৰোধ নজন্মে। অপকাৰীৰ উপকাৰ কৰা – এয়াই তোমালোক ব্ৰাহ্মণৰ ধৰ্ম। কোনোবাই গালি দিয়ক তোমালোকে আকোৱালি লোৱা, এয়াই চমৎকাৰ। ইয়াকে পৰিৱৰ্তন বুলি কোৱা হয়। আকোৱালি লোৱাসকলক আকোৱালি লোৱা – এয়া কোনো ডাঙৰ কথা নহয়। কিন্তু নিন্দা কৰোঁতাজনকো মনেৰে সঁচা মিত্ৰ বুলি মানি লোৱা, তেতিয়া উপকাৰ কৰোঁতা বুলি কোৱা হ’ব ।