02.07.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক হৈছা দ্বৈত অহিংসক আত্মিক সেনা, তোমালোকে শ্ৰীমতত নিজৰ দৈৱী ৰাজধানী স্থাপনা
কৰিব লাগে”
প্ৰশ্ন:
তোমালোক
আত্মিক সেৱাধাৰী সন্তানসকলে সকলোকে কোনটো কথাত সাৱধান কৰি দিয়া?
উত্তৰ:
তোমালোকে সকলোকে সাৱধান কৰি দিয়া যে এয়া সেয়াই মহাভাৰতৰ যুদ্ধৰ সময়, এতিয়া এই পুৰণি
সৃষ্টিৰ বিনাশ হ’ব, পিতাই নতুন সৃষ্টি স্থাপনা কৰাই আছে। বিনাশৰ পাছত আকৌ জয়জয়কাৰ
হ’ব। তোমালোকে পৰস্পৰ মিলি উপায় উলিয়াব লাগে যে বিনাশৰ পূৰ্বে সকলোৱে পিতাৰ পৰিচয়
কেনেকৈ পায়।
গীত:
তুনে ৰাত
গঁৱাই চো কে….. (তুমি ৰাতি শুই কটালা…..)
ওঁম্শান্তি।
পিতাই বুজাই
আছে উচ্চতকৈও উচ্চ হৈছে ভগৱান আকৌ তেওঁক উচ্চতকৈও উচ্চ ‘কমাণ্ডাৰ ইন চিফ’ আদি বুলিও
কোৱা কিয়নো তোমালোক সেনা হোৱা নহয়। তোমালোকৰ সৰ্বোচ্চ ‘কমাণ্ডাৰ’ কোন? এইটোও জানা
যে দুবিধ সেনা আছে – সেয়া হৈছে শাৰীৰিক, তোমালোক হ’লা আত্মিক। তেওঁলোক হদৰ, তোমালোক
বেহদৰ। তোমালোকৰ ভিতৰত কমাণ্ডাৰ, জেনেৰেল, লেফ্টেনেন্ট সকলো আছে। সন্তানসকলে জানে
আমি শ্ৰীমত অনুসৰি ৰাজধানী স্থাপনা কৰি আছোঁ। যুদ্ধ আদিৰতো কোনো কথা নাই। আমি গোটেই
বিশ্বত পুনৰ শ্ৰীমত অনুসৰি দৈৱী ৰাজ্য স্থাপনা কৰি আছোঁ। কল্পই কল্পই আমাৰ এই ভূমিকা
চলি থাকে। এই সকলোবোৰ হ’ল বেহদৰ কথা। সেই যুদ্ধসমূহত এইবোৰ কথা নাই। উচ্চতকৈও উচ্চ
হ’ল পিতা। তেওঁক যাদুকৰ, ৰত্নাকৰ, জ্ঞানৰ সাগৰ বুলিও কয়। পিতাৰ মহিমা সীমাহীন।
তোমালোকে বুদ্ধিৰে কেৱল পিতাক স্মৰণ কৰিব লাগে। মায়াই স্মৃতি পাহৰাই দিয়ে। তোমালোক
হ’লা দ্বৈত অহিংসক আত্মিক সেনা। তোমালোকৰ এইটোৱেই খেয়াল থাকে যে আমি নিজৰ ৰাজ্য
কেনেকৈ স্থাপনা কৰোঁ। ড্ৰামাই নিশ্চয় কৰাব। পুৰুষাৰ্থতো কৰিবলগীয়া হয় নহয়। যিসকল
ভাল ভাল সন্তান আছে, নিজৰ ভিতৰতে উপায় উলিয়াব লাগে। মায়াৰ সৈতে যুদ্ধতো অন্তলৈকে
তোমালোকৰ চলি থাকিব। এইটোও জানা যে মহাভাৰতৰ যুদ্ধ নিশ্চয় হ’ব। নহ’লে পুৰণি সৃষ্টিৰ
বিনাশ কেনেকৈ হ’ব। বাবাই আমাক শ্ৰীমত দি আছে। আমি সন্তানসকলে পুনৰ নিজৰ ৰাজ্য-ভাগ্য
স্থাপনা কৰিব লাগে। এই পুৰণি সৃষ্টিৰ বিনাশ হৈ আকৌ ভাৰতত জয়জয়কাৰ হৈ যাব যাৰ কাৰণে
তোমালোক নিমিত্ত হৈছা। সেয়েহে পৰস্পৰ মিলিত হ’ব লাগে। কি কি ধৰণে আমি সেৱা কৰিব পাৰোঁ।
সকলোকে পিতাৰ বাৰ্তা শুনাওঁ যে এতিয়া এই পুৰণি সৃষ্টিৰ বিনাশ হ’ব। পিতাই নতুন সৃষ্টি
স্থাপনা কৰি আছে। লৌকিক পিতায়ো নতুন ঘৰ নিৰ্মাণ কৰিলে তেতিয়া সন্তানসকল আনন্দিত হয়।
সেয়া হ’ল হদৰ কথা, এয়া হ’ল গোটেই বিশ্বৰ কথা। নতুন সৃষ্টিক সত্যযুগ, পুৰণি সৃষ্টিক
কলিযুগ বুলি কোৱা হয়। এতিয়া পুৰণি সৃষ্টি গতিকে এইটো জানিব লাগে - পিতা কেতিয়া আৰু
কেনেকৈ আহি নতুন সৃষ্টি স্থাপনা কৰে। তোমালোকৰ ভিতৰতো পুৰুষাৰ্থৰ ক্ৰম ক্ৰমানুসৰি
জানে। জ্যেষ্ঠতকৈও জ্যেষ্ঠ হৈছে পিতা, তাৰ পাছত ক্ৰমানুসৰি মহাৰথী, অশ্বাৰোহী,
পদাতিক আছে। ‘কমাণ্ডাৰ’, ‘কেপ্টেইন’ এইবিলাক মাত্ৰ দৃষ্টান্ত দি বুজোৱা হয়। গতিকে
সন্তানসকল পৰস্পৰ মিলিত হৈ উপায় উলিয়াব লাগে যে সকলোকে পিতাৰ পৰিচয় কেনেকৈ দিওঁ, এয়া
হ’ল আত্মিক সেৱা। আমি নিজৰ ভাই-ভনীসকলক সাৱধান কেনেকৈ কৰোঁ যে পিতা নতুন সৃষ্টি
স্থাপনা কৰিবলৈ আহিছে। পুৰণি সৃষ্টিৰ বিনাশো সন্মুখত ঠিয় হৈ আছে। এয়া সেয়াই
মহাভাৰতৰ যুদ্ধ। মনুষ্যইতো এইটোও বুজি নাপায় যে মহাভাৰতৰ যুদ্ধৰ পাছত আকৌ কি হ’ল।
তোমালোকে এতিয়া অনুভৱ
কৰা যে এতিয়া আমি সংগমত পুৰুষোত্তম হৈ আছোঁ। এতিয়া পিতা আহিছে পুৰুষোত্তম কৰি
তুলিবলৈ। ইয়াত যুদ্ধ আদিৰ কোনো কথাই নাই। পিতাই বুজায় - সন্তানসকল, পতিত সৃষ্টিত
এজনো পাৱন থাকিব নোৱাৰে আৰু পাৱন সৃষ্টিত আকৌ এজনো পতিত থাকিব নোৱাৰে। ইমান সৰু
কথাটিও কোনেও বুজি নাপায়। তোমালোক সন্তানসকলক সকলো চিত্ৰ আদিৰ সাৰ বুজোৱা হয়।
ভক্তিমাৰ্গত মনুষ্যই জপ-তপ, দান-পুণ্য আদি যিবোৰ কৰে, তাৰ দ্বাৰা অল্পকালৰ বাবে
কাউৰীৰ বিষ্ঠাৰ সমান (একেবাৰে নগন্য) সুখ প্ৰাপ্তি হয়। কিন্তু যেতিয়া কোনোবা ইয়ালৈ
আহি বুজিব তেতিয়া এই কথাবোৰ বুদ্ধিত ধাৰণ হ’ব। এইখন হৈছেই ভক্তিৰ ৰাজ্য। জ্ঞান
লেখমাত্ৰও নাই। যেনেকৈ পতিত সৃষ্টিত পাৱন এজনো নাই, তেনেকৈ জ্ঞানো এজনৰ বাহিৰে আৰু
অন্য কাৰোৱেই নাই। বেদ-শাস্ত্ৰ আদি সকলো ভক্তিমাৰ্গৰ। ছিৰি নামিবই (অৱনতি হ’বই) লাগে।
এতিয়া তোমালোক ব্ৰাহ্মণ হৈছা, ইয়াত ক্ৰমানুসৰি সেনা আছে। মুখ্য মুখ্য যিসকল ‘কমাণ্ডাৰ’,
‘কেপ্টেইন’, ‘জেনেৰেল’ আদি আছে, তেওঁলোক পৰস্পৰ লগ হৈ উপায় উলিয়াব লাগে, আমি বাবাৰ
বাৰ্তা কেনেকৈ দিওঁ। সন্তানসকলক বুজোৱা হৈছে –বাৰ্তাবাহক, পয়গম্বৰ অথবা গুৰু এজনেই।
বাকী সকলো হ’ল ভক্তিমাৰ্গৰ। সংগমযুগী কেৱল তোমালোকহে। এই লক্ষ্মী-নাৰায়ণ
লক্ষ্য-উদ্দেশ্য একেবাৰে সঠিক। ভক্তিমাৰ্গত সত্যনাৰায়ণৰ কথা, তৃতীয় নেত্ৰৰ কথা, অমৰ
কথা বহি শুনায়। এতিয়া পিতাই তোমালোকক সঁচা সত্য-নাৰায়ণৰ কথা শুনাই আছে। ভক্তিমাৰ্গত
হৈছে অতীতৰ কথা, যিসকল আহি গুচি যায় পাছত তেওঁলোকৰ আকৌ মন্দিৰ আদি নিৰ্মাণ কৰে।
যেনেকৈ শিৱবাবাই এতিয়া তোমালোকক পঢ়াই আছে আকৌ ভক্তিমাৰ্গত স্মাৰক নিৰ্মাণ কৰিব।
সত্যযুগত শিৱ বা লক্ষ্মী-নাৰায়ণ আদি কাৰো চিত্ৰ নাথাকে। জ্ঞান একেবাৰে বেলেগ, ভক্তি
বেলেগ। এয়াও তোমালোকে জানা সেয়েহে পিতাই কৈছে বেয়া নুশুনিবা, বেয়া নক’বা…….।
তোমালোক সন্তানসকল
এতিয়া কিমান আনন্দিত হোৱা, নতুন সৃষ্টি স্থাপনা হৈ আছে। সুখধাম স্থাপনাৰ অৰ্থে
বাবাই আমাক পুনৰ নিৰ্দেশনা দি আছে, তাৰ ভিতৰতো প্ৰথম নম্বৰত নিৰ্দেশনা দিয়ে যে
পৱিত্ৰ হোৱা। পতিততো সকলো হয় নহয়। গতিকে যিসকল ভাল ভাল সন্তান আছে তেওঁলোক পৰস্পৰ
লগ হৈ উপায় উলিয়াব লাগে যে সেৱাৰ বৃদ্ধি কেনেকৈ কৰোঁ, গৰিবসকলক কেনেকৈ বাৰ্তা দিওঁ,
পিতাতো কল্প পূৰ্বৰ দৰে আহিছে। তেওঁ কয় - নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা।
ৰাজধানী নিশ্চয় স্থাপনা হ’ব লাগে। নিশ্চয় বুজিব। যিসকল দেৱী-দেৱতা ধৰ্মৰ নহয়
তেওঁলোকে নুবুজিব। বিনাশ কালত ঈশ্বৰৰ প্ৰতি অপ্ৰীতিকৰ বুদ্ধিৰ হয় নহয়। তোমালোক
সন্তানসকলে জানা যে আমাৰ গৰাকী আছে সেয়েহে তোমালোক বিকাৰগ্ৰস্তও হ’ব নালাগে,
কাজিয়া-পেচালো কৰিব নালাগে। তোমালোকৰ ব্ৰাহ্মণ ধৰ্ম বহুত উচ্চ। তেওঁলোক শূদ্ৰ ধৰ্মৰ,
তোমালোক ব্ৰাহ্মণ ধৰ্মৰ। তোমালোক টিকনি (উচ্চ কুলৰ), তেওঁলোক ভৰি (নিম্ন কুলৰ)।
টিকনিৰ ওপৰত হৈছে উচ্চতকৈও উচ্চ ভগৱান নিৰাকাৰ। এই দুচকুৰে নেদেখাৰ কাৰণে বিৰাট
ৰূপত টিকনি অৰ্থাৎ ব্ৰাহ্মণ আৰু শিৱবাবাক নেদেখুৱায়। কেৱল কয় দেৱতা, ক্ষত্ৰিয়,
বৈশ্য, শূদ্ৰ। যিসকল দেৱতা হয় তেওঁলোকেই আকৌ পুনৰ্জন্ম লৈ ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ
হয়গৈ। বিৰাট ৰূপৰো অৰ্থ কোনেও নাজানে। এতিয়া তোমালোকে বুজি পাইছা গতিকে শুদ্ধ চিত্ৰ
অংকন কৰিব লাগে। শিৱবাবাকো দেখুওৱা হৈছে আৰু ব্ৰাহ্মণসকলকো দেখুওৱা হৈছে, তোমালোকে
এতিয়া সকলোকে এইটো বাৰ্তা প্ৰেৰণ কৰিব লাগে যে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ
কৰক। তোমালোকৰ কাম হৈছে বাৰ্তা দিয়া। যেনেকৈ পিতাৰ মহিমা সীমাহীন, তেনেকৈ ভাৰতৰো
বহুত মহিমা আছে। এয়াও 7 দিন কোনোৱে যদি শুনে তেতিয়া বুদ্ধিত ধাৰণ হ’ব। কয় যে আজৰি
নাই। হেৰ’ আধাকল্প আহ্বান জনাই আহিছা, এতিয়া তেওঁ বাস্তৱত আহিছে। পিতা আহিবই লাগে
অন্তিমত। এয়াও তোমালোক ব্ৰাহ্মণসকলেহে পুৰুষাৰ্থৰ ক্ৰমানুসৰি জানা। পঢ়া আৰম্ভ কৰিলা
আৰু নিশ্চত্তা জন্মিল। প্ৰেমিক (পিতা) আহিছে, যাক আমি আহ্বান জনাইছিলোঁ, নিশ্চয়
কোনোবা শৰীৰত আহিছে। তেওঁৰ নিজৰ শৰীৰতো নাই। পিতাই কয় - মই এওঁৰ (ব্ৰহ্মাৰ) শৰীৰত
প্ৰৱেশ কৰি তোমালোক সন্তানসকলক সৃষ্টি চক্ৰৰ, ৰচয়িতা আৰু ৰচনাৰ জ্ঞান দিওঁ। এয়া আৰু
কোনেও নাজানে। এয়া হৈছে পঢ়া। বহুত সহজ কৰি বুজায়। বাবাই কয় - মই তোমালোকক কিমান চহকী
কৰি তোলোঁ। কল্পই কল্পই তোমালোকৰ নিচিনা পৱিত্ৰ আৰু সুখী কোনো নাই। তোমালোক
সন্তানসকলে এই সময়ত সকলোকে জ্ঞান দিয়া। পিতাই তোমালোকক ৰত্ন দান দিয়ে, তোমালোকে সেয়া
আনক দিয়া। ভাৰতক স্বৰ্গ কৰি গঢ়ি তোলা। তোমালোকে নিজৰেই তন-মন-ধনেৰে শ্ৰীমতত ভাৰতক
স্বৰ্গ কৰি গঢ়ি আছা। কিমান উত্তম কাৰ্য। তোমালোক গুপ্ত সেনানী, কোনেও গম নাপায়।
তোমালোকে জানা যে আমি বিশ্বৰ বাদশ্বাহী লৈ আছোঁ, শ্ৰীমতৰ দ্বাৰা শ্ৰেষ্ঠ হওঁ। এতিয়া
পিতাই কয় - মামেকম্ (কেৱল মোক) স্মৰণ কৰা। শ্ৰীকৃষ্ণইতো ক’ব নোৱাৰে, তেওঁতো
ৰাজকুমাৰ আছিল। তোমালোক ৰাজকুমাৰ হোৱাগৈ নহয়। সত্যযুগ-ত্ৰেতাত হৈছে পৱিত্ৰ প্ৰবৃত্তি
মাৰ্গ। অপৱিত্ৰ ৰজাসকলে পৱিত্ৰ ৰজা-ৰাণী লক্ষ্মী-নাৰায়ণৰ পূজা কৰে। পৱিত্ৰ প্ৰবৃত্তি
মাৰ্গৰসকলৰ ৰাজত্ব চলে পুনৰ অপৱিত্ৰ প্ৰবৃত্তি মাৰ্গ হয়। আধা আধা হয় নহয়। দিন আৰু
ৰাতি। যদি লাখ লাখ বছৰৰ কথা হয় তেন্তে আধা-আধাতো হ’ব নোৱাৰিব। যদি লাখ লাখ বছৰ হয়
তেতিয়া আকৌ হিন্দু যিসকল বাস্তৱত দেৱতা ধৰ্মৰ হয় তেওঁলোকৰ সংখ্যা বহুত বেছি হ’ব লাগে।
অগণন হ’ব লাগে। এতিয়াতো গণনা কৰে নহয়। এয়া ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, পুনৰ হ’ব।
মৃত্যু সমাগত। এয়া সেয়াই মহাভাৰতৰ যুদ্ধ। গতিকে পৰস্পৰ লগ হৈ সেৱাৰ পৰিকল্পনা কৰিব
লাগে। সেৱা কৰিও থাকে। নতুন নতুন চিত্ৰ ওলায়, প্ৰদৰ্শনীও কৰে। বাৰু, আৰু কি কৰা যাব?
ভাল আত্মিক সংগ্ৰহালয় নিৰ্মাণ কৰা। নিজে চাই যাব তেতিয়া গৈ আনকো পঠিয়াব। গৰিব অথবা
চহকী দানতো কৰে নহয়। চহকীসকলে বেছিকৈ কৰিব, ইয়াতো এনেকুৱাই। কোনোৱে এহাজাৰ দিব,
কোনোৱে কম। কোনোৱেতো দুটকাও পঠিয়াই দিয়ে। কয়, যে এটকাৰ ইটা লগাই দিব। এটকা 21 জন্মৰ
কাৰণে জমা কৰে। এয়া হৈছে গুপ্ত। গৰিবৰ এটকা, চহকীৰ এহাজাৰৰ, সমান হৈ যায়। গৰিবৰ
ওচৰত আছেই অলপ গতিকে কি কৰিব পাৰিব। হিচাপ আছে নহয়। বেপাৰীসকলে দান-পুণ্য কৰে, এতিয়া
কি কৰিব লাগে। পিতাক সহায় আগবঢ়াব লাগে। পিতাই আকৌ বিনিময়ত 21 জন্মৰ কাৰণে দিয়ে। পিতা
আহি গৰিবসকলক সহায় কৰে। এতিয়াতো এই সৃষ্টিখনেই নাথাকিব। সকলোবোৰ মাটিত মিলি যাব।
এইটোও জানা যে স্থাপনা কল্প পূৰ্বৰ দৰেই নিশ্চয় হ’ব। নিৰাকাৰ পিতাই কয় - সন্তানসকল,
দেহৰ সকলো ধৰ্ম ত্যাগ কৰি একমাত্ৰ পিতাক স্মৰণ কৰা। এই ব্ৰহ্মাও ৰচনা হয় নহয়।
ব্ৰহ্মা কাৰ সন্তান, কোনে ৰচনা কৰিলে। ব্ৰহ্মা-বিষ্ণু-শঙ্কৰক কেনেকৈ ৰচনা কৰে, এয়াও
কোনেও নাজানে। পিতা আহি সত্য কথা বুজায়। ব্ৰহ্মাও নিশ্চয় মনুষ্য সৃষ্টিতে আছে।
ব্ৰহ্মাৰ বংশাৱলী বুলি গায়ন কৰা হৈছে। ভগৱানে মনুষ্য সৃষ্টিৰ ৰচনা কেনেকৈ ৰচে, এয়া
কোনেও নাজানে। ব্ৰহ্মাতো ইয়াত থাকিব লাগে নহয়। পিতাই কয় - যি শৰীৰত মই প্ৰৱেশ কৰিছোঁ,
এয়াও বহুত জন্মৰ অন্তিমৰ। এওঁ পূৰা 84 জন্ম লৈছে। ব্ৰহ্মা কোনো ৰচয়িতা নহয়। এক
নিৰাকাৰহে ৰচয়িতা। আত্মাসকলো নিৰাকাৰ। তেওঁতো অনাদি। কোনেও ৰচনা কৰা নাই তেন্তে
ব্ৰহ্মা ক’ৰ পৰা আহিল। পিতাই কয় - মই এওঁৰ (ব্ৰহ্মাৰ) শৰীৰত প্ৰৱেশ কৰি নাম সলনি
কৰিছোঁ। তোমালোক ব্ৰাহ্মণসকলৰো নাম সলনি কৰিছোঁ। তোমালোক হ’লা ৰাজঋষি, আৰম্ভণিতে
সন্ন্যাস লৈ লগত থাকিবলৈ লোৱাৰ কাৰণে নাম সলনি কৰি দিয়া হ’ল। পাছত দেখা পালে যে
মায়াই খাই পেলায় তেতিয়া মালা তৈয়াৰ কৰিবলৈ, নাম ৰাখিবলৈ এৰি দিলে।
আজিকালি সংসাৰত
প্ৰতিটো কথাতে ঠগবাজি বহুত। গাখীৰতো ঠগবাজি। শুদ্ধ বস্তুতো পোৱাই নাযায়। পিতাৰ
প্ৰতিও ঠগবাজি। নিজকেই ভগৱান বুলি ক’বলৈ লয়। এতিয়া তোমালোক সন্তানসকলে জানা যে আত্মা
কি, পৰমাত্মা কি। তোমালোকৰ মজতো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি আছে। পিতাই জানে যে কোনে
কেনেকৈ পঢ়ে আকৌ আনক পঢ়ায়, কি পদ পাব। নিশ্চয়তা আছে যে আমি পিতাৰ দ্বাৰা বিশ্বৰ
মুকুটধাৰী ৰাজকুমাৰ হৈ আছোঁ। গতিকে এনেকুৱা পুৰুষাৰ্থ কৰি দেখুৱাব লাগে। আমি
মুকুটধাৰী ৰাজকুমাৰ হওঁ। আকৌ 84ৰ চক্ৰ পৰিক্ৰমা লগালোঁ এতিয়া পুনৰ হওঁ। এয়া হৈছে
নৰক, ইয়াত একোৱেই নাই। পুনৰ পিতা আহি ভঁৰাল ভৰপূৰ কৰি দুখ-কষ্ট দূৰ কৰি দিয়ে।
তোমালোকে সকলোকে সোধা - ইয়ালৈ ভঁৰাল ভৰপূৰ কৰিবলৈ আহিছা নহয়। অমৰপুৰীত কাল আহিব
নোৱাৰে। পিতা আহেই ভঁৰাল ভৰপূৰ কৰি দুখ-কষ্ট দূৰ কৰিবলৈ। সেইখন হ’ল অমৰলোক, এইখন
হ’ল মৃত্যুলোক। এনেকুৱা মিঠা মিঠা কথা শুনিব আৰু শুনাব লাগে। অদৰকাৰী কথা নহয়। ভাল
বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাই
বিশ্বৰ মালিক হোৱাৰ পাঠ পঢ়াবলৈ আহিছে সেইবাবে কেতিয়াও এনেকৈ ক’ব নালাগে যে মোৰ সময়
নাই। শ্ৰীমতত তন-মন-ধনেৰে ভাৰতক স্বৰ্গ কৰি তোলাৰ সেৱা কৰিব লাগে।
(2) পৰস্পৰ অতি মিঠা
জ্ঞানৰ কথা শুনিব আৰু শুনাব লাগে। পিতাৰ এইটো নিৰ্দেশনা যাতে সদায় স্মৃতিত থাকে -
বেয়া নুশুনিবা, বেয়া নক’বা……।
বৰদান:
হদৰ সকলো কামনা
জয় কৰোঁতা কামজিৎ জগতজিৎ হোৱা
কাম বিকাৰৰ অংশ হৈছে
সকলো হদৰ কামনা। কামনা এক হৈছে বস্তুৰ প্ৰতি, দ্বিতীয়টো হৈছে ব্যক্তিৰ দ্বাৰা হদৰ
প্ৰাপ্তিৰ, তৃতীয়টো হৈছে সম্বন্ধ ৰক্ষা কৰাত, চতুৰ্থটো হৈছে সেৱাৰ ভাৱনাত হদৰ
কামনাৰ ভাৱ। যিকোনো ব্যক্তি বা বস্তুৰ প্ৰতি বিশেষ আকৰ্ষিত হোৱা - ইচ্ছা নাই কিন্তু
এইটো ভাল লাগে, এয়াও কাম বিকাৰৰ অংশ। যেতিয়া এই সূক্ষ্ম অংশও সমাপ্ত হ’ব তেতিয়া
কামজিৎ জগতজিৎ বুলি কোৱা হ’ব।
স্লোগান:
আন্তৰিক উপলব্ধিৰে ‘দিলাৰাম’ পিতাৰ আশীৰ্বাদ প্ৰাপ্ত কৰাৰ অধিকাৰী হোৱা।
অব্যক্ত সংকেত:
সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা
মন যি নিজেই এক
সূক্ষ্ম শক্তি, সেয়া যাতে নিয়ন্ত্ৰণত থাকে অৰ্থাৎ নিৰ্দেশ অনুসৰি কাৰ্য কৰে তেতিয়া
সন্মান সহকাৰে উত্তীৰ্ণ অথবা ৰাজ্য অধিকাৰী হৈ যাবা। সংকল্প শক্তি জমা কৰিবলৈ যি
ভাবা সেয়াই কৰা, ৰ’বলৈ ক’লেই যাতে সংকল্প ৰৈ যায়, সেৱাৰ কথা ভাবিলেই যাতে সেৱাত লাগি
যায়। পৰমধামৰ কথা ভাবিলেই যাতে পৰমধামত গুচি যায়। এনেকৈ নিয়ন্ত্ৰণ শক্তি বঢ়োৱা।