02.08.24 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল –
তোমালোকৰ আচল সংস্কাৰ হৈছে পৱিত্ৰতা, তোমালোক ৰাৱণৰ সংগত পৰি পতিত হৈ গ’লা, এতিয়া
আকৌ পাৱন হৈ পাৱন সৃষ্টিৰ মালিক হ’ব লাগে ”
প্ৰশ্ন:
অশান্তিৰ কাৰণ
আৰু ইয়াৰ নিবাৰণ কি?
উত্তৰ:
অশান্তিৰ কাৰণ হৈছে অপৱিত্ৰতা। এতিয়া ভগৱান পিতাৰ আগত প্ৰতিজ্ঞা কৰা যে মই পৱিত্ৰ
হৈ পৱিত্ৰ সৃষ্টি গঢ়িম, নিজৰ দৃষ্টি সভ্য কৰি ৰাখিম, আসুৰিক নহওঁ, তেতিয়া অশান্তি
দূৰ হ’ব পাৰে। তোমালোক শান্তি স্থাপনাৰ নিমিত্ত হোৱা সন্তানে কেতিয়াও অশান্তি
বিয়পাব নোৱাৰা। তোমালোক শান্ত হৈ থাকিব লাগে, মায়াৰ গোলাম হ’ব নালাগে।
ওঁম্শান্তি।
পিতাই বহি
সন্তানসকলক বুজায় যে ‘গীতা’ৰ ভগৱানে ‘গীতা’ শুনালে। এবাৰ শুনাই আকৌ গুচি যাব। এতিয়া
তোমালোক সন্তানসকলে ‘গীতা’ৰ ভগৱানৰ পৰা সেই ‘গীতা’ৰ জ্ঞানেই শুনি আছা আৰু ৰাজযোগো
শিকি আছা। তেওঁলোকেতো লিখি থোৱা ‘গীতা’ পঢ়ি মুখস্থ কৰি লয় আকৌ মনুষ্যক শুনাই থাকে।
তেৱোঁ আকৌ শৰীৰ এৰি পৰৱৰ্তী জন্মত শিশু হ’লে তেতিয়াতো শুনাব নোৱাৰিব। এতিয়া পিতাই
তোমালোকক ‘গীতা’ শুনাই থাকে, যেতিয়ালৈকে তোমালোকে বাদশ্বাহী প্ৰাপ্ত নকৰা। লৌকিক
শিক্ষকেও পাঠ পঢ়াই থাকে। যেতিয়ালৈকে পাঠ সম্পূৰ্ণ নহয় তেতিয়ালৈকে শিকাই থাকে। পাঠ
সম্পূৰ্ণ হৈ গ’লে আকৌ হদৰ উপাৰ্জন কৰিবলৈ লাগি যায়। শিক্ষকৰ পৰা পঢ়ে, উপাৰ্জন কৰিলে,
বুঢ়া হ’ল, শৰীৰ ত্যাগ কৰিলে, আকৌ গৈ অন্য শৰীৰ লয়। তেওঁলোকে ‘গীতা’ শুনায়, এতিয়া
ইয়াৰ পৰা প্ৰাপ্তি কি হয়? এয়াতো কোনেও নাজানে। ‘গীতা’ শুনাই আকৌ পৰৱৰ্তী জন্মত শিশু
হ’লে শুনাব নোৱাৰে। যেতিয়া ডাঙৰ হ’ব, বয়স্ক হ’ব, গীতাপাঠক হ’ব তেতিয়া আকৌ শুনাব।
ইয়াত পিতা এবাৰে শান্তিধামৰ পৰা আহি পঢ়ায় আৰু গুচি যায়। পিতাই কয় - তোমালোকক ৰাজযোগ
শিকাই মই নিজৰ ঘৰলৈ গুচি যাওঁ। যিসকলক পঢ়াওঁ তেওঁলোকে পুনৰ আহি নিজৰ প্ৰালব্ধ ভোগ
কৰে। নিজৰ উপাৰ্জন কৰে, পুৰুষাৰ্থৰ ক্ৰম অনুসৰি ধাৰণা কৰি আকৌ গুচি যায়। ক’লৈ যায়?
নতুন সৃষ্টিলৈ যায়। এই পঢ়া হয়েই নতুন সৃষ্টিৰ বাবে। মনুষ্যইতো এইটো নাজানে যে পুৰণি
সৃষ্টি শেষ হৈ আকৌ নতুন স্থাপনা হ’ব। তোমালোকে জানা যে আমি ৰাজযোগ শিকোঁৱেই নতুন
সৃষ্টিৰ বাবে। পাছত এই পুৰণি সৃষ্টিও নাথাকিব, পুৰণি শৰীৰো নাথাকিব। আত্মাতো অবিনাশী।
আত্মাসকল পৱিত্ৰ হৈ আকৌ পৱিত্ৰ সৃষ্টিলৈ আহে। নতুন সৃষ্টি আছিল, য’ত দেৱী-দেৱতাসকলৰ
ৰাজ্য আছিল যাক স্বৰ্গ বুলি কোৱা হয়। সেই নতুন সৃষ্টিৰ ৰচয়িতাজন ভগৱানেই হয়। তেওঁ
এটা ধৰ্ম প্ৰতিষ্ঠা কৰে। কোনো দেৱতাৰ দ্বাৰা নকৰায়। দেৱতাতো ইয়াত নায়েই। তেন্তে
নিশ্চয় কোনো মনুষ্যৰ দ্বাৰাই জ্ঞান দিব যি আকৌ দেৱতা হ’বগৈ। আকৌ সেই দেৱতাসকলেই
পুনৰ্জন্ম লৈ লৈ এতিয়া ব্ৰাহ্মণ হৈছে। এইটো ৰহস্য তোমালোক সন্তানসকলেহে জানা –
ভগৱানতো হৈছে নিৰাকাৰ যিয়ে নতুন সৃষ্টি ৰচে। এতিয়াতো হৈছে ৰাৱণৰাজ্য। তোমালোকে সোধা
- কলিযুগী পতিত হয় নে সত্যযুগী পাৱন? কিন্তু বুজি নাপায়। এতিয়া পিতাই সন্তানসকলক কয়
– মই 5 হাজাৰ বছৰ পূৰ্বেও তোমালোকক বুজাইছিলোঁ। মই আহোঁৱেই তোমালোক সন্তানসকলক
আধাকল্প সুখী কৰি তুলিবলৈ। আকৌ ৰাৱণ আহি তোমালোকক দুখী কৰে। এয়া সুখ-দুখৰ খেল।
কল্পৰ আয়ুস 5 হাজাৰ বছৰ, তেন্তে আধা আধা কৰিবলগীয়া নহয় জানো। ৰাৱণৰাজ্যত সকলো
দেহ-অভিমানী বিকাৰী হৈ যায়। এই কথাবোৰো তোমালোকে এতিয়া বুজি পোৱা, আগতে বুজি পোৱা
নাছিলা। কল্পই কল্পই যিসকলে বুজে তেওঁলোকেই বুজি লয়। যিসকল দেৱতা হ’বলগীয়া নহয়
তেওঁলোক নাহিবই। তোমালোকে দেৱতা ধৰ্মৰ পুলি ৰোপণ কৰা। যেতিয়া তেওঁলোক আসুৰি
তমোপ্ৰধান হৈ যায় তেতিয়া দৈৱী বৃক্ষৰ বুলি কোৱা নহ’ব। বৃক্ষও যেতিয়া নতুন আছিল
তেতিয়া সতোপ্ৰধান আছিল। আমি তাৰ ডাল-পাত দেৱী-দেৱতা আছিলোঁ তাৰপাছত ৰজো, তমোত আহিলোঁ,
পুৰণা পতিত শূদ্ৰ হৈ গ’লোঁ। পুৰণি জগতত পুৰণি মনুষ্যই থাকিব। পুৰণিক আকৌ নতুন কৰি
তুলিবলগীয়া হয়। এতিয়া দেৱী–দেৱতা ধৰ্মই প্ৰায় লোপ হৈ গৈছে। পিতায়ো কয় - যেতিয়াই
ধৰ্মৰ গ্লানি হয়, তেন্তে সোধা হ’ব কোনটো ধৰ্মৰ গ্লানি হয়? নিশ্চয় ক’ব আদি সনাতন
দেৱী-দেৱতা ধৰ্মৰ, যিটো মই প্ৰতিষ্ঠা কৰিছিলোঁ। সেই ধৰ্মই প্ৰায় লোপ হৈ গ’ল। তাৰ
সলনি অধৰ্ম হৈ গ’ল। তেন্তে যেতিয়া ধৰ্মতকৈ অধৰ্ম বৃদ্ধি হৈ যায়, তেতিয়া পিতা আহে।
এনেকৈ কোৱা নহ’ব যে ধৰ্মৰ বৃদ্ধি, ধৰ্মতো প্ৰায় লোপ হৈ গৈছে। বাকী অধৰ্মৰ বৃদ্ধি
হ’ল। বৃদ্ধিতো সকলো ধৰ্মৰে হয়। এজন যীশুখ্ৰীষ্টৰ পৰা কিমান খ্ৰীষ্টিয়ান ধৰ্মৰ বৃদ্ধি
হৈছে। বাকী দেৱী-দেৱতা ধৰ্ম প্ৰায় লোপ হৈ গ’ল। পতিত হোৱাৰ বাবে নিজেই গ্লানি কৰে।
ধৰ্মৰ পৰা অধৰ্মও এটা ধৰ্মই হয়। বাকীতো সকলো ধৰ্ম ঠিকে চলি আছে। সকলোৱে নিজৰ নিজৰ
ধৰ্মত স্থিৰ হৈ থাকে। যি আদি সনাতন দেৱী-দেৱতা ধৰ্ম নিৰ্বিকাৰী আছিল, সেয়া বিকাৰী
হৈ গ’ল। মই পৱিত্ৰ সৃষ্টি স্থাপনা কৰিছিলোঁ আকৌ সেয়াই পুনৰ পতিত, শূদ্ৰ হৈ যায় অৰ্থাৎ
সেই ধৰ্মৰ গ্লানি হৈ যায়। অপৱিত্ৰ হ’লে নিজৰে গ্লানি কৰায়। বিকাৰগ্ৰস্ত হোৱা বাবে
পতিত হৈ যায়, নিজক দেৱতা বুলি ক’ব নোৱাৰে। স্বৰ্গৰ সলনি হৈ নৰক হৈ গ’ল। গতিকে কোনো
বাঃ বাঃ অৰ্থাৎ পাৱন নাই। তোমালোক কিমান ছিঃ ছিঃ পতিত হৈ গৈছা। পিতাই কয় - তোমালোকক
বাঃ বাঃ ফুল কৰি তুলিছিলোঁ আকৌ ৰাৱণে তোমালোকক কাঁইট কৰি দিলে। পাৱনৰ পৰা পতিত হৈ
গ’লা। নিজৰ ধৰ্মৰে অৱস্থা চাব লাগে। আহ্বানো জনায় যে আমাৰ অৱস্থা আহি চাওঁক, আমি
কিমান পতিত হ’লোঁ। আকৌ আমাক পাৱন কৰি তোলক। পতিতৰ পৰা পাৱন কৰি তুলিবলৈ পিতা আহে
তেন্তে পাৱন হ’ব লাগে। আনকো পাৱন কৰি তুলিব লাগে।
তোমালোক সন্তানসকলে নিজকে চোৱা যে মই সৰ্বগুণ সম্পন্ন হৈছোঁনে? মোৰ চাল-চলন দেৱতাৰ
দৰে হয়নে? দেৱতাৰ ৰাজ্যততো বিশ্বত শান্তি আছিল। এতিয়া আকৌ তোমালোকক শিকাবলৈ আহিছোঁ
– বিশ্বত শান্তি কেনেকৈ স্থাপনা হ’ব। গতিকে তোমালোকো শান্তিত থাকিব লাগে। শান্ত
হোৱাৰ উপায় শুনাওঁ যে মোক স্মৰণ কৰা তেতিয়া তোমালোক শান্ত হৈ, শান্তিধামলৈ গুচি
যাবাগৈ। কিছুমান সন্তানেতো শান্ত হৈ আনকো শান্তিত থাকিবলৈ শিকায়। কোনোৱে অশান্তিৰ
সৃষ্টি কৰি দিয়ে। নিজে অশান্ত হৈ থাকিলে আনকো অশান্ত কৰি দিব। শান্তিৰ অৰ্থ বুজি
নাপায়। ইয়ালৈ আহে শান্তিৰ বিষয়ে শিকিবলৈ আকৌ ইয়াৰ পৰা গ’লে অশান্ত হৈ যায়। অশান্তি
অপৱিত্ৰতাৰ কাৰণেই হয়। ইয়ালৈ আহি প্ৰতিজ্ঞা কৰে – বাবা, মই আপোনাৰে হওঁ। আপোনাৰ পৰা
বিশ্বৰ বাদশ্বাহী ল’ম। মই পৱিত্ৰ হৈ থাকি আকৌ বিশ্বৰ মালিক নিশ্চয় হ’ম। আকৌ যেতিয়া
ঘৰলৈ যায় তেতিয়া মায়াই ধুমুহাত লৈ আনে। যুদ্ধ হয় নহয়। তেতিয়া মায়াৰ গোলাম হৈ পতিত
হ’ব বিচাৰে। অৱলাসকলৰ ওপৰত অত্যাচাৰ তেওঁলোকেই কৰে যিয়ে প্ৰতিজ্ঞাও কৰে যে মই
পৱিত্ৰ হৈ থাকিম আকৌ মায়াৰ প্ৰহাৰত সকলো প্ৰতিজ্ঞা পাহৰি যায়। ভগৱানৰ আগত প্ৰতিজ্ঞা
কৰিছে যে মই পৱিত্ৰ হৈ পৱিত্ৰ সৃষ্টিৰ উত্তৰাধিকাৰ ল’ম, মই দৃষ্টি সভ্য কৰি ৰাখিম,
কুদৃষ্টি নাৰাখোঁ, বিকাৰত নাযাওঁ, আসুৰিক দৃষ্টি ত্যাগ কৰিম। তথাপিও মায়া ৰাৱণৰ
হাতত হাৰি যায়। তেন্তে যিয়ে নিৰ্বিকাৰী হ’ব বিচাৰে, তেওঁলোকক বিৰক্ত কৰে সেইবাবে
কোৱা হয় যে অৱলাসকলৰ ওপৰত অত্যাচাৰ হয়। পুৰুষতো বলৱান, স্ত্ৰী নিৰ্বল। যুদ্ধ আদিলৈও
পুৰুষসকল যায় কাৰণ তেওঁলোক বলৱান। স্ত্ৰী দুৰ্বল। তেওঁলোকৰ কৰ্তব্যই বেলেগ, তেওঁলোকে
ঘৰ চম্ভালে, সন্তান জন্ম দি সিহঁতৰ প্ৰতিপালন কৰে। এয়াও পিতাই বুজায় যে তাত এটাহে
সন্তান হয় আৰু বিকাৰৰো নাম নাই। ইয়াততো সন্ন্যাসীয়েও কেতিয়াবা কেতিয়াবা কৈ দিয়ে যে
এটা সন্তানতো নিশ্চয় হ’ব লাগে – আসুৰিক দৃষ্টিৰ ঠগসকলে এনেকুৱা শিক্ষা দিয়ে। এতিয়া
পিতাই কয় - এই সময়ৰ সন্তান কি কামৰ হ’ব, যিহেতু বিনাশ সমাগত, সকলো শেষ হৈ যাব। মই
আহিছোঁৱেই পুৰণি সৃষ্টিৰ বিনাশ কৰাবলৈ। সেয়া হৈছে সন্ন্যাসীসকলৰ কথা, তেওঁলোকেতো এই
বিনাশৰ কথা নাজানেই। তোমালোকক বেহদৰ পিতাই বুজায় যে এতিয়া বিনাশ হ’ব। তোমালোকৰ
সন্তান উত্তৰাধিকাৰী হ’ব নোৱাৰিব। তোমালোকে এনেকৈ ভাবা যে আমাৰ কুলৰ চিন থাকক কিন্তু
পতিত সৃষ্টিৰ কোনো চিন নাথাকিবগৈ। তোমালোকে বুজা যে পাৱন সৃষ্টিৰ আছিলোঁ, মনুষ্যয়ো
স্মৰণ কৰে কিয়নো পাৱন সৃষ্টি হৈ গৈছে, যাক স্বৰ্গ বুলি কোৱা হয়। কিন্তু এতিয়া
তমোপ্ৰধান হোৱা বাবে বুজিব নোৱাৰে। তেওঁলোকৰ দৃষ্টিয়েই আসুৰিক। ইয়াকে কোৱা হয় -
ধৰ্মৰ গ্লানি। আদি সনাতন ধৰ্মত এনেকুৱা কথা নাথাকে। আহ্বান জনায় - পতিত-পাৱন আহক,
আমি পতিত দুখী। পিতাই বুজায় - মই তোমালোকক পাৱন কৰি তুলিছিলোঁ আকৌ মায়া ৰাৱণৰ কাৰণে
তোমালোক পতিত হৈ গ’লা। এতিয়া আকৌ পাৱন হোৱা। পাৱন হওঁতে আকৌ মায়াৰ যুদ্ধ চলে। পিতাৰ
পৰা উত্তৰাধিকাৰ লোৱাৰ পুৰুষাৰ্থ কৰি আছিল কিন্তু ক’লা মুখ কৰি দিলে তেন্তে
উত্তৰাধিকাৰ কেনেকৈ পাব। পিতা আহে বগা (পাৱন) কৰি তুলিবলৈ। দেৱতাসকল যি বগা আছিল,
তেওঁলোকেই ক’লা (পতিত) হৈ গ’ল। দেৱতাসকলৰে ক’লা শৰীৰ দেখুৱায়, যীশুখ্ৰীষ্ট, বুদ্ধ
আদিক কেতিয়াবা ক’লা বৰণীয়া দেখিছানে? ক’লা বৰণীয়া দেৱী-দেৱতাৰ চিত্ৰ তৈয়াৰ নকৰে।
যিজন সকলোৰে সৎগতি দাতা, পৰমপিতা পৰমাত্মা, সকলোৰে পিতা, যাক কয় - পৰমপিতা পৰমাত্মা
আহি মুক্ত কৰক, তেওঁ জানো ক’লা হ’ব পাৰে, তেওঁতো সৰ্বদা বগা আৰু পৱিত্ৰ। দেৱাতাসকলক
মহান আত্মা বুলি কোৱা হয়, শ্ৰীকৃষ্ণতো দেৱতা হৈ গ’ল। এতিয়াতো হৈছে কলিযুগ, কলিযুগত
মহান আত্মা ক’ৰ পৰা আহিব। শ্ৰীকৃষ্ণতো সতাযুগৰ প্ৰথম ৰাজকুমাৰ আছিল। তেওঁৰ দৈৱী গুণ
আছিল। এতিয়াতো দেৱতা আদি কোনো নাই। সাধু-সন্ত পৱিত্ৰ হয় তথাপি পুনৰ্জন্ম বিকাৰৰ
দ্বাৰাই লয়। আকৌ সন্ন্যাস ধাৰণ কৰিবলগীয়া হয়। দেৱতাসকলতো সৰ্বদা পৱিত্ৰ। ইয়াত হৈছে
ৰাৱণৰাজ্য। ৰাৱণৰ 10 টা মূৰ দেখুৱায় - 5 টা স্ত্ৰীৰ, 5 টা পুৰুষৰ। এয়াও বুজি পায় যে
5 বিকাৰ প্ৰত্যেকৰে আছে, দেৱতাৰো আছে বুলিতো নকয়। সেয়াতো হয়েই সুখধাম। তাতো যদি
ৰাৱণ থাকে তেন্তে দুখধাম হৈ গ’লহেঁতেন। মনুষ্যই ভাবে - দেৱতাসকলেও সন্তান জন্ম দিয়ে,
তেওঁলোকোতো বিকাৰীয়ে হ’ল। তেওঁলোকে এইটো গমেই নাপায় যে দেৱতাসকলৰ মহিমাই কৰা হয় -
সম্পূৰ্ণ নিৰ্বিকাৰী, সেইবাবেতো তেওঁলোকৰ পূজা কৰা হয়। সন্ন্যাসীসকলৰো অভিযান আছে।
কেৱল পুৰুষক সন্ন্যাস কৰাই অভিযান বঢ়ায়। পিতাই আকৌ প্ৰবৃত্তি মাৰ্গৰ নতুন অভিযান
আৰম্ভ কৰে। যুগলকেই পৱিত্ৰ কৰি তোলে। আকৌ তোমালোক গৈ দেৱতা হ’বাগৈ। তোমালোক ইয়ালৈ
সন্ন্যাসী হ’বৰ বাবে অহা নাই। তোমালোকতো আহিছা বিশ্বৰ মালিক হ’বলৈ। তেওঁলোকেতো আকৌ
গৃহস্থালিত জন্ম লয়। আকৌ সংসাৰ ত্যাগ কৰি আঁতৰি যায়। তোমালোকৰ সংস্কাৰ হয়েই
পৱিত্ৰতাৰ। এতিয়া অপৱিত্ৰ হৈ গ’লা আকৌ পৱিত্ৰ হ’ব লাগে। পিতাই পৱিত্ৰ গৃহস্থ আশ্ৰম
ৰচে। পৱিত্ৰ সৃষ্টিক সত্যযুগ, পতিত সৃষ্টিক কলিযুগ বুলি কোৱা হয়। ইয়াত কিমান পাপ
আত্মা আছে। সত্যযুগত এই কথাবোৰ নাথাকে। পিতাই কয় - যেতিয়াই ভাৰতত ধৰ্মৰ গ্লানি হয়
অৰ্থাৎ দেৱী-দেৱতা ধৰ্মৰ লোকসকল পতিত হৈ যায়, তেতিয়া নিজৰে গ্লানি কৰে। পিতাই কয় -
মই তোমালোকক পাৱন কৰি তুলিছিলোঁ আকৌ তোমালোক পতিত হ’লা, কোনো কামৰ হৈ নাথাকিলা।
যেতিয়া এনেকুৱা পতিত হৈ যোৱা তেতিয়া আকৌ পাৱন কৰি তুলিবলৈ মই আহিবলগীয়া হয়। এয়া হৈছে
ড্ৰামাৰ চক্ৰ যি ঘূৰি থাকে। স্বৰ্গলৈ যাবৰ বাবে আকৌ দৈৱী গুণো লাগে। ক্ৰোধ থাকিব
নালাগে। ক্ৰোধ যদি আছে তেওঁকো অসুৰ বুলি ক’ব। অৱস্থা বহুত শান্ত হ’ব লাগে। যদি
ক্ৰোধ কৰা তেন্তে ক’ব এওঁৰ ক্ৰোধৰ ভূত আছে। যদি কোনোবা এটাও ভূত থাকে তেওঁ দেৱতা
হ’ব নোৱাৰে। নৰৰ পৰা নাৰায়ণ হ’ব নোৱাৰে। দেৱতাতো হয়েই নিৰ্বিকাৰী যথা ৰজা-ৰাণী তথা
প্ৰজা নিৰ্বিকাৰী হয়। ভগৱান পিতাহে আহি সম্পূৰ্ণ নিৰ্বিকাৰী কৰি তোলে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ আগত পৱিত্ৰতাৰ প্ৰতিজ্ঞা কৰিছা সেই কাৰণে নিজক মায়াৰ প্ৰহাৰৰ পৰা ৰক্ষা
কৰিব লাগে। কেতিয়াও মায়াৰ গোলাম হ’ব নালাগে। এইটো প্ৰতিজ্ঞা পাহৰিব নালাগে কিয়নো
এতিয়া পাৱন সৃষ্টিলৈ যাব লাগে।
(2) দেৱতা হ’বৰ বাবে
অৱস্থা বহুত শান্তচিত্ত কৰি তুলিব লাগে। কোনো ভূতক প্ৰৱেশ কৰিবলৈ দিব নালাগে।
দৈৱীগুণ ধাৰণ কৰিব লাগে।
বৰদান:
ফৰিস্তা
স্বৰূপৰ স্মৃতিৰে পিতাৰ চত্ৰছায়াৰ অনুভৱ কৰোঁতা বিঘ্নজিৎ হোৱা
অমৃতবেলা উঠিয়েই
স্মৃতিলৈ আনা যে মই ফৰিস্তা। পিতা ব্ৰহ্মাক এইটোৱে অন্তৰে পচন্দ কৰা উপহাৰ দিয়া
তেতিয়া নিতৌ অমৃতবেলা বাপদাদাই তোমালোকক নিজৰ বাহুৰ মাজত সমাহিত কৰি ল’ব, অনুভৱ
কৰিবা যে বাবাৰ বাহুৰ মাজত অতীন্দ্ৰিয় সুখত দুলি আছা। যিসকল ফৰিস্তা স্বৰূপৰ
স্মৃতিত থাকিব তেওঁলোকৰ সন্মুখত কোনো পৰিস্থিতি বা বিঘ্ন আহিলেও পিতা তেওঁলোকৰ
চত্ৰছায়া হৈ যাব। সেয়েহে পিতাৰ চত্ৰছায়া বা স্নেহৰ অনুভৱ কৰি বিঘ্নজিৎ হোৱা।
স্লোগান:
সুখ স্বৰূপ আত্মাই স্ব-স্থিতিৰে পৰিস্থিতিৰ ওপৰত সহজে বিজয়ী প্ৰাপ্ত কৰি লয়।
প্ৰীতি বুদ্ধিৰ হৈ
বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:
প্ৰীতি বুদ্ধি অৰ্থাৎ
বিজয়ী। তোমালোকৰ শ্লোগানো হৈছে বিনাশ কালত প্ৰীতি বুদ্ধিৰ বিজয় আৰু বিনাশ কালত
অপ্ৰীতিকৰ বুদ্ধিৰ বিনাশ। যিহেতু এইটো শ্লোগান আনক শুনোৱা যে বিনাশ কালত অপ্ৰীতিকৰ
বুদ্ধিৰ নহ’ব, প্ৰীতি বুদ্ধিৰ হওঁক তেন্তে নিজকো চোৱা – সকলো সময়ত প্ৰীতি বুদ্ধিৰ
হৈ থাকানে? কেতিয়াবা অপ্ৰীতিকৰ বুদ্ধিৰতো নোহোৱা?