02.08.26    Avyakt Bapdada     Assame Murli     17.02.2011     Om Shanti     Madhuban


“*“মনৰ সেৱাৰ দ্বাৰা আত্মাসকলক অঞ্জলি দিয়াৰ সেৱা কৰা, বহু সময়ৰ পৰা তীব্র পুৰুষার্থ কৰি সদা-প্ৰস্তুত হৈ থাকা তেতিয়া মালাৰ মণি হৈ যাবা”*”


আজি স্নেহৰ সাগৰ নিজৰ স্নেহী সন্তানসকলক সাক্ষাৎ কৰিবলৈ আহিছেহঁক। সন্তানসকলে মনত পেলালে—"মোৰ বাবা আহি যোৱা", সেয়ে বাবায়ো কয়—"মোৰ স্নেহী সন্তানসকল!" স্নেহত এনেকুৱা আকর্ষণ আছে যাৰ বাবে প্ৰতিগৰাকী সন্তানে বাবাক নিজৰ কৰি ল’লে আৰু বাবায়ো প্ৰতিগৰাকী সন্তানক 'মোৰ সন্তান' বুলি কৈ নিজৰ মাজত সামৰি ল’লে। কি আচৰিত কথা! সন্তানসকলে ক’লে "মোৰ বাবা", গতিকে 'মোৰ' শব্দটিত ইমান স্নেহ সমাহিত হৈ আছে যে বাবায়ো ক’লে "মোৰ সন্তান"। স্নেহে কিহৰ পৰা কি কৰি পেলায়! প্ৰতিগৰাকী সন্তানৰ মস্তকত আজি স্নেহৰ ঢৌ খেলি থকা দেখি বাপদাদা আনন্দিত হৈ আছে। স্নেহেই হ’ল অন্তৰ নিজৰ কৰি লোৱাৰ একমাত্ৰ মাধ্যম। গতিকে প্ৰতিগৰাকী সন্তানৰ ভিতৰত আজি স্নেহৰ ঢৌ খেলি থকা দেখি বাপদাদাও আনন্দিত হৈ আছে।

এতিয়াই 5 মিনিটৰ বাবে বাপদাদাই সকলোকে এটা ড্রিল কৰাই আছে। নিজৰ মনৰ শক্তিৰে সৃষ্টিৰ যিসকল তোমালোকৰ ভক্ত বা অনেক দুখী-অশান্ত আত্মাই তোমালোকক মনত পেলাই আছে—"হে আমাৰ পূৰ্বজ, আমাক অলপ সময়ৰ বাবে হ’লেও শান্তি দিয়া, অকণমান সুখৰ অঞ্জলি দিয়া, ৰক্ষা কৰা!" এনে আত্মাসকলক ইয়াত বহি প্ৰকট কৰা, মাত শুনা গৈছে—"ৰক্ষা কৰা, ৰক্ষা কৰা...!" গতিকে এনে আত্মাসকললৈ নিজৰ মনৰ শক্তিৰ দ্বাৰা সুখ-শান্তিৰ কিৰণ পঠিওৱা। এই মনৰ সেৱা গোটেই দিনটোত বাৰে বাৰে কৰি থাকা, কাৰণ বাবাৰ সৈতে তোমালোক সন্তানসকল - বিশ্ব সেৱক। গোটেই দিনটো বাণীৰ দ্বাৰা যেনেকৈ সেৱাৰ নিমিত্ত হোৱা, ঠিক তেনেকৈয়ে মাজে মাজে মনৰ সেৱাৰো অভ্যাস কৰি যোৱা। ইয়াত তোমালোকৰ নিজৰো লাভ আছে, কাৰণ তোমালোকৰ মন যদি সদায় সেৱাত ব্যস্ত হৈ থাকে, তেন্তে তোমালোকৰ ওচৰত যি মাজে মাজে মায়াই অপ্ৰয়োজনীয় সংকল্প বা ব্যৰ্থ সংকল্প আনে, তাৰ পৰা বাচি যাবা। কষ্ট কৰিবলগীয়া নহ’ব। এতিয়া বাপদাদাই সোধে—কেনে আছা? তেন্তে কি উত্তৰ দিয়া? পুৰুষাৰ্থ কৰা, কিন্তু কেতিয়াবা কেতিয়াবা...! সদায় সমানে পুৰুষাৰ্থ চলি থকা নাই। গতিকে বাপদাদাই এতিয়া সকলো সন্তানৰ এই ৰেকৰ্ড চাব বিচাৰে যে এই 'কেতিয়াবা কেতিয়াবা' শব্দটি সমাপ্ত হৈ যাওক। এইটো হ’ব পাৰেনে, “কেতিয়াবা কেতিয়াবা” শেষ হৈ যাবনে? সময়মতে প্রস্তুত হৈ যাবানে? হৈ আছোঁ, হ’বই লাগিব..., ইয়াৰ পৰিৱৰ্তে এতিয়াই ‘সদা-প্ৰস্তুত’ হ’ব পাৰানে? কিয়? সদা-প্ৰস্তুত হৈ থকাৰ অভ্যাস—মায়াজিৎ, মনজিৎ, জগতজিৎ—এই সংস্কাৰো বহুত সময়ৰ পৰা গঢ়ি তুলিব লাগে, তেতিয়াহে অন্তিম সময়তো এই বহুকালৰ অভ্যাসে বিজয়ী কৰাই তোমালোকক বিশেষ মালাৰ মণি কৰি দিব। সন্মান সহকাৰে উত্তীৰ্ণ হ’বা। কেৱল উত্তীৰ্ণ নহয়, সন্মান সহকাৰে উত্তীৰ্ণ। গতিকে কোৱা, এইটো সাহস আছে নহয়! সন্মান সহকাৰে উত্তীৰ্ণতো হ’বই লাগিব, নহয়? যিসকল দ্বাপৰৰ পৰা আজিলৈকে পূজনীয় হয়, অৰ্থাৎ মালাৰ মণি হয়, তেন্তে নিজক মালাৰ মণি কৰি তোলাৰ শুদ্ধ সংকল্প আছে নহয়!

বাপদাদায়ো নিতৌ অমৃতবেলাই নিজৰ মালাৰ মণিবোৰক চায় আৰু বিশেষ মিলন উদ্‌যাপন কৰে। গতিকে তোমালোক সকলোৱে নিজক মালাৰ মণি বুলি ভাবানে? দ্বিতীয় মালাধাৰী 16 হাজাৰৰো আছে, কিন্তু তথাপিও সেয়া দ্বিতীয় মালা হৈ গ’ল। বিশেষ মালা যিধাৰী গায়ন আৰু পূজনীয় যোগ্য হয়, সেয়া হৈছে প্ৰথমধাৰী মালা। গতিকে আজি বাপদাদাই সেই মণিসমূহক চাই আছিল, কাৰণ পিতা ব্ৰহ্মাৰ সৈতে বিশেষ ৰাজ্যৰ অধিকাৰী সংগী তেওঁলোকেই হয়। গতিকে আজি পিতা ব্ৰহ্মাই নিজৰ এতিয়াৰ তীব্র পুৰুষার্থী আৰু ভৱিষ্যতৰ ৰাজ্য অধিকাৰী—সিংহাসনততো দুজনেই বহে, কিন্তু ৰাজ্যৰ লগৰ সংগীসকল তেওঁলোকৰ প্ৰথমধাৰী মালা। গতিকে নিজকে পৰীক্ষা কৰিছানে? বাপদাদাৰ সৈতেতো চলিব লাগে, কাৰণ এতিয়া তোমালোক সকলোৰে উভতি যোৱাৰ যাত্ৰা। যিহেতু যাবই লাগে, বাবাৰ সৈতে যাব লাগে, অকলে যাব নালাগে। তেন্তে লগত যোৱা সমীপৰ মণিবোৰ কোন হ’ব? যিসকল বহুকালৰ তীব্ৰ পুৰুষাৰ্থী হ’ব। সাধাৰণ পুৰুষাৰ্থী নহয়, 'কেতিয়াবা কেতিয়াবা' কৰাসকল নহয়। বহুকালৰ বাবে বাবাৰ সমান হ’য়েই ৰাজ্যৰ অধিকাৰী হ’ব। তেন্তে কি ভাবা? তীব্ৰ পুৰুষাৰ্থ কৰিছানে? যিসকলে ভাবা মই তীব্ৰ পুৰুষাৰ্থীৰ শাৰীত আছোঁ, তেওঁলোকে হাত দাঙা। তীব্ৰ পুৰুষাৰ্থীসকলে দীঘলকৈ হাত দাঙা, চুটিকৈ হাত দাঙিছা। ঠিক আছে, বহুতে দাঙি আছা। আকৌ দীঘলকৈ হাত দাঙা, এনেকৈ (চুটিকৈ) নহয়। ঠিক আছে।

বাপদাদাইতো নিতৌ সন্তানসকলৰ খতিয়ান চায়। বেছিভাগ তীব্ৰ পুৰুষাৰ্থীও হয়, কিন্তু 'কেতিয়াবা কেতিয়াবা' শব্দটিও লগতে লগাই দিয়ে। কিন্তু বাবাই কিয় কৈ আছে? অনুগ্ৰহ কৰি মনোযোগ দিয়া, সূক্ষ্ম সংকল্পতো যাতে অস্থিৰতা নাথাকে। অচল, অটল, শুদ্ধ সংকল্পধাৰী বহুসময়ৰ পৰা হ’বই লাগিব। বহুত সন্তানে বৰ মিঠা মিঠা বাৰ্তালাপ কৰে, কয়— বাবা, আমি প্ৰস্তুত হৈয়েই যাম, কাৰণ সময় যিমানেই সমীপত আহিব, পৰিস্থিতি অস্থিৰতাত আহিব, গতিকে বৈৰাগ্য স্বতঃ জাগিব। কিন্তু তোমালোকৰ শিক্ষক কোন? সময় নে পিতা? সময়তো তোমালোকৰ ৰচনা। গতিকে পিতাই এতিয়া ইংগিত দি আছে যে বহু সময়ৰ তীব্ৰ পুৰুষাৰ্থই অন্তিমত সন্মান সহকাৰে উত্তীৰ্ণ কৰাব। উত্তীৰ্ণতো সকলোৱে হ’ব, কিন্তু সন্মান সহকাৰে উত্তীৰ্ণ হ’বলৈ বহুত সময়ৰ নিৰন্তৰ তীব্ৰ পুৰুষাৰ্থ কৰাটো আৱশ্যক। সেয়েহে আজিৰ তাৰিখটো টুকি ৰাখা, এতিয়াও 'কেতিয়াবা কেতিয়াবা', 'কিবা এটা', 'হৈ যাম', 'কৰি ল’ম'—এই শব্দবোৰ যাতে আগলৈ চলি নাথাকে। বাবাৰ মৰমতো সদায় আছে। একেবাৰে শেষৰ মণিটোৰ প্ৰতিও বাবাৰ মৰম আছে। কিয়? অন্তৰেৰে "মোৰ বাবা" বুলিতো ক’লে! আজিকালিৰ ডাঙৰ ডাঙৰ আত্মাসকলে "মোৰ বাবা" বুলি নকয়, কিন্তু তেওঁতো (শেষৰজনে) "মোৰ বাবা" বুলি মানি লয়, সেয়েহে পিতাৰ মৰমতো তেওঁৰ প্ৰতিও আছে। সন্তানসকলৰ প্ৰতি বাবাৰ মৰম সদায় আছে, শেষলৈকে আছে, শেষৰজনলৈকেও আছে। স্নেহেই তোমালোকক পিতাৰ কৰি তুলিছে। বাপদাদাইতো এইটোও কৈছে যে সংখ্যাগৰিষ্ঠ সন্তানৰ স্নেহ আছে আৰু থাকিব, কিন্তু কেৱল স্নেহ নহয়, শক্তিও লাগে। তীব্ৰ পুৰুষাৰ্থও লাগে।

বাপদাদাৰতো সন্তানসকলৰ ওপৰত বিশ্বাস আছে নহয়! গতিকে এতিয়াৰ পৰাই পদম-পদমগুণ এনে সন্তানসকলক অভিনন্দন জনাই আছে। বাঃ! সন্তান বাঃ! সাহসী। তোমালোকৰ সাহস আৰু পিতাৰ সহায়তো থাকিবই। এতিয়া এটা কাম কৰিবা। যি নিজৰ মনক ব্যস্ত ৰখাৰ বাবে, যেনেকৈ প্ৰথমে বাবাই ক’লে এক ছেকেণ্ডত ‘ৰৈ যোৱা’ মই বিন্দু, বিন্দু লগাব লাগে আৰু সকলোকে বিন্দু ৰূপত চাব লাগে। যিহেতু বিন্দুকেই চাবা, গতিকে অন্য কোনো সংকল্প নচলিব। মনৰ সেৱাৰ প্ৰতি মনোযোগ দিবা, ইমান দুখী আত্মাসকল যিয়ে চিঞৰি আছে, তেওঁলোকক কিৰণ দিয়াৰ সেৱাত মন অতিৰিক্তভাৱে লগাবা। মনৰ সেৱা বহুত শ্ৰেষ্ঠ সেৱা। দুখীসকলৰো লাভ আৰু তোমালোকৰ নিজৰো লাভ—দুগুণ লাভ! যেনেকৈ বাণীৰে সেৱা কৰা আৰু সেৱা বাঢ়িও যায়, অন্তৰেৰে কৰা, সংখ্যাও বাঢ়ি যায়, সেৱাকেন্দ্ৰও বাঢ়ি যায়—বাণীৰ সেৱা সংখ্যাগৰিষ্ঠৰ ঠিকে আছে। সকলোৰে নহয়, সংখ্যাগৰিষ্ঠৰ। ঠিক তেনেকৈ এতিয়া মনেৰে বিশেষ আত্মাসকলক অঞ্জলি দিয়াৰ সেৱাও কৰি থাকা। মন খালী কৰি এৰি নাৰাখিবা। কিবা নহয় কিবা সেৱাত মনেৰে শক্তি দিয়াৰ, মুখেৰে বাণীৰ সেৱা, কৰ্মত গুণৰ দ্বাৰা সেৱা, সম্বন্ধ-সম্পৰ্কত আনন্দ দিয়াৰ সেৱা—এই ভিন্ন ভিন্ন সেৱাত মন ব্যস্ত ৰাখা, কাৰণ সমগ্ৰ বিশ্বত আটাইতকৈ ধনী আত্মা কোন? তোমালোকেই নোহোৱা জানো! কিমান সম্পদ পালা? গতিকে প্ৰতিটো সম্পদেৰে সেৱা কৰা। সম্পদ যিমানে সেৱাত লগাবা, সিমানে সম্পদ বাঢ়ি যাব। সেয়েহে এতিয়া যেনেকৈ নিজৰ সেৱাৰ প্ৰতি মনোযোগ দিয়া, ঠিক তেনেকৈ দুখী আত্মাসকলক, নিজৰ ভক্তসকলক মনৰ দ্বাৰা কিৰণ দিয়াৰ সেৱাৰ প্ৰতিও মনোযোগ দি গোটেই দিনটোত কৰা। বহুতে চিঞৰে, তোমালোকে নুশুনা। বেছিভাগ ঘৰতে কিবা নহয় কিবা দুখৰ কাৰণ আছে। এনে দুখীসকলক সুখ দিওঁতা কোন? কোৱা, কোন? তোমালোকেইতো হোৱা! গতিকে এই মনৰ সেৱা গোটেই দিনটো পৰীক্ষা কৰা—কিমান সময় কৰিলা? যেনেকৈ নিজৰ প্ৰতি সময় দিয়া, তেনেকৈ মনৰ সেৱাৰ বাবে কিমান সময় দিলা? দয়ালু হোৱা নহয়! গতিকে দুখীসকলৰ প্ৰতি ৰহম কৰা। তোমালোকৰ গীতো আছে নহয়— অ’ মাতা পিতা, দুখীসকলৰ প্ৰতি ৰহম কৰা।" বাপদাদাই বহুত চিঞৰ-বাখৰ শুনিবলগীয়া হয়। তোমালোকে কমকৈ শুনা, কিন্তু এতিয়া শুনা। তেওঁলোক ক’লৈ যাব, তোমালোকৰেতো ভাই-ভনী! গতিকে নিজেও লাভ লোৱা, মন ব্যস্ত কৰি ৰাখা আৰু দুখীসকলৰ দুখ হৰণ কৰা। চিঞৰে, অন্তৰে চিঞৰে। বাপদাদাইতো শুনে, সেয়েহে সন্তানসকলক মনত পেলায়— অ’ মোৰ মৰমৰ সন্তানসকল, বহুসময়ৰ পাছত লগ পোৱা সন্তানসকল, এতিয়া দয়াশীল ৰূপ ধাৰণ কৰা। নিজৰ ব্ৰাহ্মণসকলৰ মাজতো ইজন সিজনৰ সহযোগী হোৱা। যিয়েই সংস্কাৰ নহওক কিয়, কিন্তু তোমালোকৰ কাম কি? সংস্কাৰৰ সৈতে সংঘাত কৰা নে তেওঁলোককো সংস্কাৰৰ সংঘাতৰ পৰা মুক্ত কৰা? তোমালোকৰ উপাধি আছে নহয়—'দুখ হৰ্তা, সুখ কৰ্তা'। পিতাৰ সংগী হোৱা নহয়! পিতাৰ সংগীয়ে কি সংকল্প কৰিছা? এই বিশ্বক দুখ-অশান্তিৰ পৰা পৰিৱৰ্তন কৰি সুখ-শান্তি স্থাপন কৰিবই লাগিব। কৰিব লাগিব নহয়! হাত দাঙা। কৰিব লাগিবনে? নে কেৱল চাব লাগিব যে হৈ আছে, কিন্তু এতিয়া সলাব লাগে। লাগিলে ব্ৰাহ্মণ আত্মাই হওক, কেৱল চাই নাথাকিবা যে তেওঁলোকে এনেকৈ কৰি আছে, কিন্তু তেওঁলোককো বাণী আৰু মনৰ সংকল্পৰ দ্বাৰা পৰিৱৰ্তন কৰা—কৰিব নালাগে জানো! বাপদাদাই শুনি থাকে, বাপদাদাক কথাবোৰ দি দিলা, যিহেতু কথাবোৰ দি দিলা, তেন্তে নিজে বাবাৰ নিৰ্দেশমতে চলা, দায়বদ্ধ বাপদাদা আৰু তেওঁৰ সংগী মূৰব্বী সন্তানসকল, নিমিত্ত হোৱা সন্তানসকল। গতিকে সদায় নিজৰ মন ব্যৰ্থ সংকল্পৰ পৰিৱৰ্তে এতিয়া দুখী আত্মাসকলক ব্ৰাহ্মণেই হওক বা যিয়েই নহওক— অশান্ত আত্মাসকলক সহযোগ দিয়া। সহযোগী হোৱা। বাৰু।

নতুন নতুন সন্তান যিসকল প্ৰথমবাৰ আহিছে, তেওঁলোকে এক ছেকেণ্ডত 10 মিনিটৰ কাম কৰিব লাগে। সময় অলপো ব্যৰ্থত যাব নিদিবা, মনোযোগ দিবা। নিজৰ পুৰুষাৰ্থ তীব্ৰ কৰি যিমানেই আগবাঢ়িব বিচাৰা, সিমানেই আগবাঢ়িব পাৰা। এইটো তোমালোক সকলোৰে প্ৰতি সকলো ব্ৰাহ্মণৰ ফালৰ পৰা, পিতাৰ ফালৰ পৰা শুভ ভাৱনা, শুভ কামনা আছে। বাৰু (সকলো মধুবন নিবাসী উঠা)

মধুবন নিবাসীসকল যদি নাথাকিলহেঁতেন, তেন্তে তোমালোকৰ অতিথিসেৱা কোনে কৰিলেহেঁতেন! আৰামেৰে আহা, খোৱা-বোৱা কৰা, সজীৱ হোৱা, গতিকে মধুবন নিবাসীৰ বাবে হাত চাপৰি বজোৱা। বাপদাদাই জানে যে ঠাই কম হোৱাৰ বাবে মধুবন নিবাসীসকলে অলপ দূৰৈত বহি শুনিবলগীয়া হয়। এয়াও সেৱা, মধুবন নিবাসীসকলৰ এয়াও সেৱা। আনক সুখ দিয়া, সুখদাতা হৈ গ’লা নহয়! গতিকে মধুবন নিবাসীসকলৰ কাম হ’ল সুখ দিয়া আৰু সুখ লোৱা, কাৰণ যিয়েই আহে, তেওঁলোকক অনুভৱেৰে তোমালোকে অনুভৱ শুনোৱা, সেই অনুভৱেৰে পৰা ইজন সিজনৰ লাভ হৈ যায়। বহুত লাভ হয়, কিন্তু সময় কম হোৱাৰ বাবে কমকৈ শুনায়। কিন্তু মধুবন নিবাসীসকলৰ উপাধি কি হ’ল? সুখ দিয়া আৰু সুখ লোৱা। সুখদাতাৰ সন্তান পিতাক অনুসৰণ কৰোঁতা। বাৰু।

এইবাৰ যিসকল আহিছে, তাৰ মাজত যিসকলে নিয়মিতভাৱে মুৰুলী শুনে, এনেকুৱা কোনোবা আছে নেকি যিয়ে মুৰলী নুশুনে, তেওঁলোকে হাত দাঙা? কোনো নাই! বাৰু। তেওঁলোক থিয় হোৱা যিসকলে নপঢ়ে বা নুশুনে। কম সংখ্যক আছে। কোনো কথা নাই, কিন্তু এতিয়া যিখিনি সময় পাইছা পিতাৰ মহাবাক্য অৱশ্যে শুনিবা বা পঢ়িবা। পৰমধামৰ পৰা বাপদাদা আহে, সূক্ষ্মলোকৰ পৰা ব্ৰহ্মা বাবা আহে আৰু আহি মহাবাক্য উচ্চাৰণ কৰে, সেয়েহে মুৰুলী কেতিয়াও এদিনৰ বাবেও খতি নকৰিবা। খতি কৰিলে নিজৰ বাপদাদাৰ অন্তৰ সিংহাসন হেৰাই যাব, সেয়েহে যিসকলে মুৰুলী খতি কৰে, তেওঁলোকে বুজিবা যে আমি তিনিখন সিংহাসনৰ মালিক নহয়, দুখন সিংহাসনৰ মালিকো যথাশক্তি হ’বা, সেয়েহে মুৰুলী, মুৰুলী, মুৰুলী... কাৰণ মুৰুলীত নিতৌ নিৰ্দেশনা থাকে, চাৰিওটা বিষয়ৰে নিৰ্দেশনা থাকে, গতিকে দৈনিক নিৰ্দেশনা ল’ব লাগে নহয়! গতিকে যিয়েই খতি কৰা, কাৰণতে হওক বা অকাৰণতে হওক, তেওঁলোকে নিজৰ কাৰ্যসূচী হাতত লোৱা যে কেনেকৈ মুৰুলী শুনোঁ। কিবা নহয় কিবা উপায় উলিয়াই লোৱা। আজিকালি বিজ্ঞানৰ সাধন তোমালোকৰ বাবেই ওলাইছে। পিতা ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰাৰ 100 বছৰ পূৰ্বে বিজ্ঞানৰ এই উদ্ভাৱনসমূহ হৈছে, এয়া তোমালোকৰ কামতো আহিব, সেয়েহে ইয়াক ব্যৱহাৰ কৰা, লাভ লোৱা। বাৰু—সন্মুখত বহি থকা বা যিকোনো ঠাইতে শুনি থকা সন্তানসকলক বাপদাদাৰ অন্তৰৰ গভীৰতাৰ পৰা স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ।

সেৱাৰ পাল – উত্তৰপ্ৰদেশ বাৰনসীৰ:

উত্তৰপ্ৰদেশৰ প্ৰতি পিতা ব্ৰহ্মাৰ, জগত অম্বাৰ বহুত মৰম আছে। যিমানেই ব্ৰহ্মা বাবা উত্তৰপ্ৰদেশলৈ আহিছে, সিমানেই বোম্বাইলৈকো (এতিয়া মুম্বাই) গৈছিল, কিন্তু উত্তৰপ্ৰদেশলৈকো আহিছিল। গতিকে যি স্থানত পিতা ব্ৰহ্মাই পদাৰ্পণ কৰিলে, সেই স্থান কিমান ভাগ্যৱান! লক্ষ্ণৌ আৰু কানপুৰ দুয়োখনেই এই ভাগ্যৰ অধিকাৰী হৈছে। বোম্বায়ো হৈছে, কিন্তু আজি উত্তৰপ্ৰদেশৰ পাল। প্ৰত্যক্ষভাৱে মা আৰু পিতাৰ শিক্ষাৰ টোপাল উত্তৰপ্ৰদেশত পৰিছে। এতিয়া উত্তৰপ্ৰদেশে আগলৈ কি কৰিব লাগে? বাণীৰ দ্বাৰা মেলাবোৰত সেৱাতো কৰা, কিন্তু এতিয়াৰ সময় অনুসৰি যিটো বাপদাদাই আগতেও কৈ আহিছে, যে উত্তৰাধিকাৰী আৰু প্ৰভাৱশালী বাণীৰে প্ৰসিদ্ধ, প্ৰসিদ্ধৰ অৰ্থ হৈছে তেওঁলোকৰ কোৱাৰ প্ৰভাৱ শ্ৰোতাসকলৰ ওপৰত পৰক, এনেকুৱা বাণীৰে প্ৰভাৱিত কৰিবপৰা লোক তৈয়াৰ কৰা। এনেকুৱা উত্তৰাধিকাৰী দল প্ৰতিটো সেৱাকেন্দ্ৰত থাকক। উত্তৰপ্ৰদেশত কিমান সেৱাকেন্দ্ৰ আছে, বহুত আছে নহয়! গতিকে ইমানবোৰ উত্তৰাধিকাৰী উলিয়াব লাগে। হিচাপ কৰিবা কিমান সেৱাকেন্দ্ৰ আছে আৰু কিমান উত্তৰাধিকাৰী হৈছে? আৰু যিমান হ’ব লাগে সিমান হৈছেনে নে তৈয়াৰ কৰিব লাগিব? যদি তৈয়াৰ কৰিব লাগে, সময়ৰ কোনো ভৰসা নাই, শীঘ্ৰতাৰে উত্তৰাধিকাৰী আৰু বাণীৰে প্ৰভাৱিত কৰিবপৰা লোক উলিওৱা, যাৰ মাতত অসংখ্য আত্মাৰ ভাগ্যৰ ৰেখা মুকলি হৈ যাব, কাৰণ তোমালোকেতো বহুত সেৱা কৰিলা, যিসকল পুৰণা তেওঁলোকেতো বহুত সেৱা কৰিলে। এতিয়া সেৱা কৰোৱা। কৰোঁতাসকলক তৈয়াৰ কৰা। কৰিব পাৰা নহয়! শিক্ষকসকল হাত দাঙা। বাৰু, শিক্ষকো বহুত আছে। তেন্তে ইমানখিনি তৈয়াৰ কৰা। প্ৰতিটো সেৱাকেন্দ্ৰ — সৰুৱে হওক বা ডাঙৰ হওক, যিবোৰ সেৱাকেন্দ্ৰৰ তালিকাত আছে, তেওঁলোকে অৱশ্যেই নিজৰ প্ৰমাণ দিব লাগে, কাৰণ সময়ৰ কোনো ভৰসা নাই। যিকোনো সময়ত যিকোনো ঘটনা ঘটিব পাৰে! সেয়েহে বাপদাদাই সকলো যিবোৰ মণ্ডল আহে, নহাসকলকো, সকলো মণ্ডলক এইটোৱে কয় যে এতিয়া আগবাঢ়া। পাঠদানতো চলিয়েই থাকে, সংখ্যাও বাঢ়িয়েই থাকে, কিন্তু এতিয়া নিমিত্ত হ’বলগীয়া সংগী তৈয়াৰ কৰা, আৰু তৈয়াৰ কৰিবৰ বাবে বাপদাদাই দেখিছে যে প্ৰতিটো মণ্ডলতে এনেকুৱা আত্মা আছে যিসকল নিমিত্ত হ’ব পাৰে। গতিকে উত্তৰপ্ৰদেশে এটাতো ভক্তসকলৰ কল্যাণ কৰা, ভক্ত বুলি কওতা যদিও কম আছে, কিন্তু ভক্তও আছে। তেওঁলোকক ভক্তিৰ ফল প্ৰাপ্ত কৰোৱা। বহুত পৰিশ্ৰম কৰে। বাপদাদাই দেখিছে যে প্ৰত্যেকেই নিজৰ পুৰুষাৰ্থত আগবাঢ়িও আছে, কিন্তু এতিয়াও আগবাঢ়ি যোৱাৰ সুযোগ আছে। কৰি আছা, এনেকুৱা নহয় যে কৰা নাই। কৰিও আছা, কিন্তু গতি আৰু অলপ বঢ়োৱা। ভাল হৈছা আৰু ভাল সেৱা কৰা। সকলো দাদীসকলেও তোমালোকক অভিনন্দন জনায়। পাণ্ডৱো কিমান আহে! পাণ্ডৱো কম নহয়। বহুত এনে সেৱা আছে যিবোৰ পাণ্ডৱসকলেহে কৰিব পাৰে, সেয়েহে পাণ্ডৱসকলকো বাপদাদা আৰু গোটেই মধুবন নিবাসীয়ে অভিনন্দন জনাই আছে। বাৰু।

বৰদান:
বুদ্ধি ৰূপী ভৰি মৰ্যাদা ৰেখাৰ ভিতৰত ৰাখোঁতা সর্ব প্রাপ্তি সম্পন্ন শক্তিশালী ভৱ

যিসকল সন্তানে বুদ্ধি ৰূপী ভৰি অকণমানো মৰ্যাদা ৰেখাৰ বাহিৰলৈ নিদিয়ে তেওঁলোক ভাগ্যৱান মৰমৰ হৈ যায়। তেওঁলোকৰ ওচৰলৈ কেতিয়াও কোনো বিঘিনি বা ধুমুহা, অশান্তি, উদাসীনতা আহিব নোৱাৰে। যদি আহে, তেন্তে বুজিব লাগে যে নিশ্চয় বুদ্ধি ৰূপী ভৰি মৰ্যাদা ৰেখাৰ বাহিৰলৈ গৈছে। ৰেখাৰ বাহিৰলৈ যোৱা অৰ্থাৎ ফকীৰ (ভিকহু) হোৱা, সেয়েহে কেতিয়াও ফকীৰ অৰ্থাৎ মগনিয়াৰ নহ’বা, সৰ্ব প্ৰাপ্তি সম্পন্ন শক্তিশালী হোৱা।

স্লোগান:
যিসকল সদায় অনাসক্ত আৰু পিতাৰ মৰমৰ তেওঁলোক নিৰাপদ হৈ থাকে।

অব্যক্ত ইংগিত: অৱপবিত্ৰতাৰ বীজো সমাপ্ত কৰি সম্পূৰ্ণ স্বচ্ছ (পবিত্ৰ) হোৱা

দৃঢ়তা হ’ল সফলতাৰ চাবি-কাঠি। সফলতা তোমালোক সন্তানসকলৰ জন্মসিদ্ধ অধিকাৰ, সেয়েহে দৃঢ়তাক ব্যৱহাৰ কৰা, অমনোযোগী নহ’বা, 'হৈ যাব', 'কৰি ল’ম'... এনেকৈ নাভাবিবা। দৃঢ় সংকল্পৰে মনৰ ব্যৰ্থ সংকল্প সমাপ্ত কৰি বিজয়ী হোৱা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]