02.09.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – যেনেকৈ তোমালোকৰ নিশ্চয়তা আছে যে ঈশ্বৰ সৰ্বব্যাপি নহয়, তেওঁ আমাৰ পিতা, তেনেকৈ আনক বুজাই নিশ্চয় জন্মোৱা তাৰপাছত তেওঁলোকৰ মতামত লোৱা”

প্ৰশ্ন:
পিতাই নিজৰ সন্তানসকলক কোনটো কথা সোধে, যিটো আন কোনেও সুধিব নোৱাৰে?

উত্তৰ:
পিতাই যেতিয়া সন্তানসকলক সাক্ষাৎ কৰে তেতিয়া সোধে - সন্তানসকল, আগতে তোমালোকে কেতিয়া লগ পাইছিলা? যিসকল সন্তানে বুজি পাইছে তেওঁলোকে তৎক্ষণাৎ কয় - হয় বাবা, আমি 5 হাজাৰ বছৰ পূৰ্বে আপোনাক লগ পাইছিলোঁ। যিসকলে নুবুজে, তেওঁলোক বিবুদ্ধিত পৰে। এনেকুৱা প্ৰশ্ন সোধাৰ বুদ্ধি অন্য কাৰো নাথাকিবই। পিতাইহে তোমালোকক গোটেই কল্পৰ ৰহস্য বুজায়।

ওঁম্শান্তি।
আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক বেহদৰ পিতাই বুজায় - ইয়াত তোমালোক পিতাৰ সন্মুখত বহি আছা। ঘৰৰ পৰা এইটো বিচাৰ কৰিয়ে ওলোৱা যে আমি শিৱবাবাৰ ওচৰলৈ যাওঁ, যিয়ে ব্ৰহ্মাৰ ৰথত আহি আমাক স্বৰ্গৰ উত্তৰাধিকাৰ দি আছে। আমি স্বৰ্গত আছিলোঁ আকৌ 84ৰ চক্ৰ পৰিক্ৰমা লগাই এতিয়া নৰকত আহি পাইছোঁ। অন্য কোনো সৎসংগত কাৰো বুদ্ধিত এই কথাবোৰ উদয় নহ’ব। তোমালোকে জানা যে আমি শিৱবাবাৰ ওচৰলৈ যাওঁ যি এই ৰথত আহি আমাক পঢ়ায়। তেওঁ আমাক আত্মাসকলক লগত লৈ যাবলৈ আহিছে। বেহদৰ পিতাৰ পৰা নিশ্চয় বেহদৰ উত্তৰাধিকাৰ পোৱা যাব। এয়াতো পিতাই বুজাইছে যে মই সৰ্বব্যাপি নহয়। সৰ্বব্যাপিতো হৈছে 5 বিকাৰ। তোমালোকৰ মাজতো 5 টা বিকাৰ আছে সেইবাবে তোমালোক মহান দুখী হৈছা। এতিয়া ঈশ্বৰ সৰ্বব্যাপি নহয়, এইটো মতামত নিশ্চয় লিখোৱাই ল’ব লাগে। তোমালোক সন্তানসকলৰতো দৃঢ় নিশ্চয়তা আছে যে ঈশ্বৰ পিতা সৰ্বব্যাপি নহয়। পিতা হৈছে পৰম পিতা, পৰম শিক্ষক, গুৰুও হয়। বেহদৰ সৎগতি দাতা হয়। তেৱেঁই হৈছে শান্তি দিওঁতা। অন্য কোনো ঠাইত এনেকুৱা খেয়াল কোনেও নকৰে যে কি প্ৰাপ্তি হ’ব। কেৱল কাণেৰে শুনি ৰস ল’বলৈ - ৰামায়ণ, গীতা আদি গৈ শুনে। বুদ্ধিত অৰ্থ একো নাই। আগতে আমি পৰমাত্মা সৰ্বব্যাপি বুলি কৈছিলোঁ। এতিয়া পিতাই বুজায় - এইটোতো মিছা। বহুত গ্লানি কৰাৰ কথা। গতিকে এই মতামতো লিখোৱাই লোৱাটো জৰুৰী। আজিকালি যাৰ দ্বাৰা তোমালোকে উদ্‌ঘাটন আদি কৰোৱা, তেওঁলোকে লিখে - ব্ৰহ্মাকুমাৰীয়ে ভাল কাম কৰে। বহুত ভাল বুজনি দিয়ে। ঈশ্বৰক প্ৰাপ্ত কৰাৰ মাৰ্গ দেখুৱায়, ইয়াৰ দ্বাৰা মনুষ্যৰ অন্তৰত কেৱল ভাল প্ৰভাৱ পৰে। বাকী এনেকুৱা মতামত কোনেও লিখি নিদিয়ে যে গোটেই জগততে মনুষ্যই যি ঈশ্বৰ সৰ্বব্যাপি বুলি কয়, সেইটো ডাঙৰ ভুল। ঈশ্বৰতো পিতা, শিক্ষক, গুৰু হয়। এটা মুখ্য কথা হ'ল এইটো, দ্বিতীয়তে আকৌ মতামত ল’ব লাগে যে এই বুজনিৰ পৰা মই বুজিছোঁ যে ‘গীতা’ৰ ভগৱান শ্ৰীকৃষ্ণ নহয়। ভগৱান কোনো মনুষ্য বা দেৱতাক কোৱা নহয়। ভগৱান হৈছে এজন, তেওঁ হৈছে পিতা। সেই পিতাৰ পৰাই শান্তি আৰু সুখৰ উত্তৰাধিকাৰ পোৱা যায়। এনেকুৱা মতামত ল’ব লাগে। এতিয়া তোমালোকে যি মতামত লোৱা সেয়া কোনো কামৰ নহয়। অৱশ্যে হয়, ইমানখিনি লিখে যে ইয়াত বহুত ভাল শিক্ষা দিয়ে। বাকী মুখ্য কথা য'ত তোমালোকৰ বিজয় হ’ব লাগে, সেইটো লিখিবলৈ দিয়া যে এই ব্ৰহ্মাকুমাৰীসকলে সত্য কথা কয় যে ঈশ্বৰ সৰ্বব্যাপি নহয়। তেওঁতো পিতা হয়, তেৱেঁই হৈছে ‘গীতা’ৰ ভগৱান। পিতা আহি ভক্তিমাৰ্গৰ পৰা মুক্ত কৰি জ্ঞান দিয়ে। এইটো মতামতো জৰুৰী যে পতিত-পাৱনী পানীৰ গংগা নহয়, এজন পিতাহে। এনেকুৱা মতামত যেতিয়া লিখিব তেতিয়াহে তোমালোকৰ বিজয় হ’ব। এতিয়া সময় বাকী আছে। এতিয়া তোমালোকৰ যি সেৱা চলে, ইমান খৰচ হয়, এয়াতো তোমালোক সন্তানসকলেই ইজনে-সিজনক সহায় কৰা। বাহিৰৰ লোকসকলেতো একো গমেই নাপায়। তোমালোকেই নিজৰ তন-মন-ধনেৰে খৰচ কৰি নিজৰ বাবে ৰাজধানী স্থাপনা কৰা। যিয়ে কৰিব তেৱেঁ পাব। যিয়ে নকৰে তেওঁ নাপায়। কল্পই কল্পই তোমালোকেই কৰা। তোমালোকেই নিশ্চয় বুদ্ধিৰ হোৱা। তোমালোকে বুজি পোৱা যে পিতা, পিতাও হয়, শিক্ষকো হয়, ‘গীতা’ৰ জ্ঞানো যৰ্থাথ ৰীতি শুনায়। ভক্তিমাৰ্গত যদিও ‘গীতা’ শুনি আহিছা কিন্তু ৰাজ্য জানো প্ৰাপ্ত কৰিলা। ঈশ্বৰীয় মতৰ পৰা সলনি হৈ আসুৰি মতধাৰী হৈ গ’লা। চৰিত্ৰ নষ্ট হৈ পতিত হৈ গ’লা। কুম্ভ মেলালৈ কিমান মনুষ্য কোটিৰ হিচাপত যায়। য'তেই পানী দেখে ত’লৈকে যায়। এনেকৈ ভাবে যে পানীৰ দ্বাৰাই পাৱন হ’ব। এতিয়া পানীতো য'তে ত'তে নদীৰ পৰা আহি থাকে। ইয়াৰ দ্বাৰা কোনোবা পাৱন হ’ব পাৰে জানো! পানীত স্নান কৰিলে আমি জানো পতিতৰ পৰা পাৱন হৈ দেৱতা হৈ যাম। এতিয়া তোমালোকে বুজি পোৱা যে কোনেও পাৱন হ’ব নোৱাৰে। এইটো হৈছে ভুল। তেন্তে এই 3টা কথাত মতামত ল’ব লাগে। এতিয়া কেৱল এনেকৈ কয় যে সংস্থাটি ভাল, গতিকে বহুতৰ অন্তৰ যি ভ্ৰান্তিৰে ভৰি আছে যে ব্ৰহ্মাকুমাৰীসকলৰ যাদু আছে, পলুৱাই লৈ যায় – তেনে চিন্তাধাৰা দূৰ হৈ যায় কিয়নো আৱাজতো বহুত বিস্তাৰিত হৈ গৈছে। বিলাতলৈকে এই আৱাজ গৈছিল যে এওঁক 16108 গৰাকী ৰাণী লাগে, তাৰ ভিতৰত 400 গৰাকী পোৱা গ'ল কাৰণ সেই সময়ত সৎসংগত 400 গৰাকী আহিছিল। বহুতে বিৰোধিতা কৰিলে, পিকেটিং আদিও কৰিছিল, কিন্তু পিতাৰ আগততো কাৰো একো চলিব নোৱাৰে। সকলোৱে কৈছিল এই যাদুকৰজন আকৌ ক'ৰ পৰা আহিল। তাৰপাছত চমৎকাৰ চোৱা, বাবাতো কৰাচীত আছিল। নিজে নিজে গোটেই দলটি পৰস্পৰ মিলি পলাই আহিল। কোনেও গমেই নাপালে যে আমাৰ ঘৰৰ পৰা কেনেকৈ পলাই গ’ল। এইটোও খেয়াল নকৰিলে যে ইমানবোৰ গৈ ক'ত থাকিব। তাৰপাছত বাবাই ততালিকে এটা বাংলা লৈ ল’লে। গতিকে যাদুৰ কথা হৈ নগ'ল জানো। এতিয়াও কৈ থাকে – এওঁলোক যাদুকৰণী। ব্ৰহ্মাকুমাৰীৰ ওচৰলৈ গ'লে আৰু ঘূৰি নাহে। এওঁলোকে স্ত্ৰী-পুৰুষক ভাই-ভনী কৰি দিয়ে সেইবাবে বহুত নাহেই। এতিয়া তোমালোকৰ প্ৰৰ্দশনী আদি দেখি আগৰ যিবোৰ কথা বুদ্ধিত বহি আছে, সেয়া দূৰ হৈ যায়। বাকী পিতাই যি মতামত বিচাৰে, সেয়া কোনেও নিলিখে। বাবাক তেনেকুৱা মতামত লাগে। এইটো যাতে লিখে যে ‘গীতা’ৰ ভগৱান শ্ৰীকৃষ্ণ নহয়। গোটেই জগতে শ্ৰীকৃষ্ণ ভগৱানুবাচ বুলিয়ে ভাবে। কিন্তু শ্ৰীকৃষ্ণইতো পূৰা 84 জন্ম লয়। শিৱবাবা হৈছে পুনৰ্জন্ম ৰহিত। সেয়েহে এই ক্ষেত্ৰত বহুতৰ মতামত লাগে। ‘গীতা’ শুনোঁতা বহুত আছে পাছত দেখিব এয়াতো বাতৰিকাকততো প্ৰকাশিত হৈছে যে ‘গীতা’ৰ ভগৱান হৈছে পৰমপিতা পৰমাত্মা শিৱ। তেৱেঁই পিতা, শিক্ষক, সকলোৰে সত্গতিৰ দাতা। শান্তি আৰু সুখৰ উত্তৰাধিকাৰ কেৱল তেওঁৰ পৰাই পোৱা যায়। বাকী এতিয়া তোমালোকে পৰিশ্ৰম কৰা, উদ্‌ঘাটন কৰোৱা, কেৱল মনুষ্যৰ ভ্ৰান্তিবোৰ আঁতৰে, ভাল বুজনি পায়। বাকী বাবাই যেনেকৈ কয় তেনেকুৱা মতামত যাতে লিখে। মুখ্য মতামত হৈছে এইটো। বাকী কেৱল মতামত দিয়ে - এই সংস্থাটি বহুত ভাল। ইয়াৰ পৰা কি হ’ব। অৱশ্যে হয়, পাছলৈ যেতিয়া বিনাশ আৰু স্থাপনা সমীপত আহিব তেতিয়া তোমালোকে এই মতামতো পাবা। বুজি লৈ লিখিব। এতিয়া তোমালোকৰ ওচৰলৈ আহিবতো ধৰিছে নহয়। এতিয়া তোমালোকে জ্ঞান পাইছা - এজন পিতাৰ সন্তান আমি সকলো ভাই ভাই। এয়া যিকোনো লোককে বুজোৱা অতি সহজ। সকলো আত্মাৰে পিতা হৈছে এক সৰ্বোচ্চ বাবা। তেওঁৰ পৰা নিশ্চয় সৰ্বোচ্চ বেহদৰ পদো পোৱা উচিত। সেয়া 5 হাজাৰ বছৰ পূৰ্বে তোমালোকে পাইছিলা। তেওঁলোকে কলিযুগৰ আয়ুস লাখ লাখ বছৰ বুলি কৈ দিয়ে। তোমালোকে 5 হাজাৰ বছৰ বুলি কোৱা, কিমান পাৰ্থক্য আছে।

পিতাই বুজায় - 5 হাজাৰ বছৰ পূৰ্বে বিশ্বত শান্তি আছিল। এয়া লক্ষ্য-উদ্দেশ্য সন্মুখত থিয় হৈ আছে। এওঁলোকৰ ৰাজ্যত বিশ্বৰ শান্তি আছিল। সেই ৰাজধানী আমি আকৌ স্থাপনা কৰি আছোঁ। গোটেই বিশ্বত সুখ-শান্তি আছিল। দুখৰ কোনো নাম নাছিল। এতিয়াতো অপাৰ দুখ। আমি গুপ্ত ৰীতিৰে নিজৰ তন-মন-ধনেৰে সেই সুখ-শান্তিৰ ৰাজ্য স্থাপনা কৰি আছোঁ। পিতাও গুপ্ত, জ্ঞানো গুপ্ত, তোমালোকৰ পুৰুষাৰ্থও গুপ্ত, সেইবাবে পিতাই গীত-কবিতা আদিও পচন্দ নকৰে। সেয়া হৈছে ভক্তিমাৰ্গ। ইয়াততো মৌন হৈ থাকিব লাগে, চলোঁতে-ফুৰোঁতে শান্তিৰে পিতাক স্মৰণ কৰিব লাগে আৰু বুদ্ধিত সৃষ্টিচক্ৰ মন্থন কৰিব লাগে। এতিয়া পুৰণি সৃষ্টিত এয়া হৈছে আমাৰ অন্তিম জন্ম। আকৌ আমি নতুন সৃষ্টিত প্ৰথম জন্ম ল’মগৈ। আত্মা নিশ্চয় পৱিত্ৰ হ’ব লাগে। এতিয়াতো সকলো আত্মাই পতিত। তোমালোকে আত্মাক পৱিত্ৰ কৰি তুলিবলৈ পিতাৰ সৈতে যোগসূত্ৰ গঢ়া। পিতাই নিজেই কয় - সন্তানসকল, দেহ সহিত দেহৰ সকলো সম্বন্ধ ত্যাগ কৰা। পিতাই নতুন সৃষ্টি তৈয়াৰ কৰি আছে, তেওঁক স্মৰণ কৰিলে তোমালোকৰ পাপ খণ্ডন হ’ব। হেৰ’, পিতা যিয়ে তোমালোকক বিশ্বৰ বাদশ্বাহী দিয়ে, এনেকুৱা পিতাক তোমালোকে কেনেকৈ পাহৰি যোৱা! তেওঁ কয় - সন্তানসকল, এই অন্তিম জন্ম কেৱল পৱিত্ৰ হোৱা। এতিয়া এই মৃত্যুলোকৰ বিনাশ সমাগত। এই বিনাশো হুবহু 5 হাজাৰ বছৰ পূৰ্বে এনেকৈয়ে হৈছিল। এয়াতো স্মৃতিত উদয় হয় নহয়। যেতিয়া নিজৰ ৰাজ্য আছিল তেতিয়া অন্য কোনো ধৰ্ম নাছিল। বাবাৰ ওচৰলৈ যিয়েই আহে তেওঁক সোধোঁ - আগতে কেতিয়া লগ পাইছিলা? কিছুমানেতো যিসকলে বুজি পায় তেওঁলোকে ততালিকে কৈ দিয়ে 5 হাজাৰ বছৰ পূৰ্বে। কোনোবা নতুন আহিলে বিবুদ্ধিত পৰে। বাবাই বুজি পায় যে ব্ৰাহ্মণীয়ে বুজোৱা নাই। তেতিয়া কওঁ ভাবা, তেতিয়া স্মৃতি উদয় হয়। এইটো কথা অন্য কোনেওতো সুধিব নোৱাৰে। সোধাৰ খেয়ালেই নাহিব। তেওঁলোকে এই কথাবোৰ কি জানিব। পাছলৈ তোমালোকৰ ওচৰত বহুতে আহি শুনিব, যিসকল এইটো কুলৰ হ’ব। সৃষ্টিতো নিশ্চয় পৰিৱৰ্তন হ’ব। চক্ৰৰ ৰহস্যতো বুজাই দিয়া হৈছে। এতিয়া নতুন সৃষ্টিলৈ যাব লাগে। এই পুৰণি সৃষ্টিক পাহৰি যোৱা। পিতাই নতুন ঘৰ সাজে তেতিয়া বুদ্ধি তালৈ গুচি যায়। পুৰণা ঘৰৰ প্ৰতি আৰু মমত্ব নাথাকে। এয়া আকৌ হৈছে বেহদৰ কথা। পিতাই নতুন সৃষ্টি স্বৰ্গ স্থাপনা কৰি আছে সেইবাবে এতিয়া এই পুৰণি সৃষ্টিক দেখিও নাচাবা। মমত্ব যাতে নতুন সৃষ্টিৰ প্ৰতি থাকে। এই পুৰণি সৃষ্টিৰ পৰা বৈৰাগ্য। তেওঁলোকেতো হঠযোগৰ দ্বাৰা হদৰ সন্ন্যাস কৰি জংঘলত গৈ বহে। তোমালোকৰতো হৈছে গোটেই পুৰণি সৃষ্টিৰ পৰা বৈৰাগ্য, ইয়াততো অনেক দুখ আছে। নতুন সত্যযুগী সৃষ্টিত অপাৰ সুখ আছে গতিকে নিশ্চয় তেওঁক স্মৰণ কৰিব। ইয়াত সকলো দুখ দিওঁতা। মা-পিতা আদি সকলোৱে বিকাৰত আৱদ্ধ কৰাই দিব। পিতাই কয় – কাম হৈছে মহাশত্ৰু, কামক জয় কৰিলেহে তোমালোক জগতজিৎ হ’বাগৈ। এই ৰাজযোগ পিতাই শিকায়, যাৰ দ্বাৰা আমি এই পদ পাওঁ। এনেকৈ কোৱা, আমাক ভগৱানে সপোনত কয় যে পাৱন হোৱা তেতিয়া স্বৰ্গৰ ৰাজ্য লাভ কৰিবা। তেন্তে এতিয়া মই এটা জন্ম অপৱিত্ৰ হৈ নিজৰ ৰাজ্য হেৰুৱাম জানো। এই পৱিত্ৰতাৰ কথাতে কাজিয়া হয়। দ্ৰৌপদীয়েও আহ্বান জনাইছিল এই দুশাসনে মোক নগ্ন কৰে। এয়াও খেল দেখুৱায় যে দ্ৰৌপদীক শ্ৰীকৃষ্ণই 21 খন শাৰী দিয়ে। এতিয়া পিতাই বহি বুজায় যে কিমান দুৰ্গতি হৈ গ'ল। অপাৰ দুখ নহয় জানো। সত্যযুগত অপাৰ সুখ আছিল। এতিয়া মই অনেক অধৰ্মৰ বিনাশ আৰু এক সত্য ধৰ্মৰ প্ৰতিষ্ঠা কৰিবলৈ আহিছোঁ। তোমালোকক ৰাজ্য-ভাগ্য দি বানপ্ৰস্থত গুচি যাম। আধাকল্প আকৌ মোৰ দৰকাৰে নাথাকিব। তোমালোকে কেতিয়াও স্মৰণো নকৰিবা। পিতাই বুজায় - তোমালোকৰ প্ৰতি সকলোৰে মনত যি ওলোটা প্ৰকম্পন আছে সেয়া আঁতৰি ঠিক হৈ আছে। বাকী মুখ্য কথা হ'ল - মতামত লিখাই লোৱা যে ঈশ্বৰ সৰ্বব্যাপি নহয়। তেওঁতো আহি ৰাজযোগ শিকাইছে। পতিত-পাৱনো পিতাই হয়। পানীৰ নদীয়ে জানো পাৱন কৰিব পাৰিব। পানীতো সকলো ঠাইতে থাকে। এতিয়া বেহদৰ পিতাই কয় - নিজক আত্মা বুলি বুজা। দেহ সহিত দেহৰ সকলো সম্বন্ধ ত্যাগ কৰা। আত্মাইহে এটা শৰীৰ এৰি আন এটা লয়। তেওঁলোকে আকৌ কৈ দিয়ে - আত্মা নিৰ্লেপ। “আত্মাই পৰমাত্মা” এয়া হৈছে ভক্তিমাৰ্গৰ কথা। সন্তানসকলে কয় – বাবা, স্মৰণ কেনেকৈ কৰোঁ? হেৰ’, নিজক আত্মা বুলি বুজি নোপোৱা জানো। আত্মা কিমান সূক্ষ্ম বিন্দু তেন্তে আত্মাৰ পিতাও সিমানেই সূক্ষ্ম হ’ব। তেওঁ পুনৰ্জন্মত নাহে। বুদ্ধিত এই জ্ঞান আছে। পিতা কিয় স্মৃতিলৈ নাহিব। চলোঁতে-ফুৰোঁতে পিতাক স্মৰণ কৰা। বাৰু, পিতাৰ ডাঙৰ ৰূপ বুলিয়ে ধৰি লোৱা। কিন্তু স্মৰণতো এজনকে কৰা তেতিয়া তোমালোকৰ পাপ খণ্ডন হৈ যাব। আৰুতো কোনো উপায় নাই। যিয়ে বুজি পায় তেওঁলোকে কয় - বাবা আপোনাৰ স্মৃতিৰে আমি পাৱন হৈ পাৱন সৃষ্টি, বিশ্বৰ মালিক হ’মগৈ তেন্তে আমি কিয় স্মৰণ নকৰিম। আনকো সোঁৱৰাই দিব লাগে তেতিয়া পাপ খণ্ডন হৈ যাব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যেনেকৈ পিতা আৰু জ্ঞান গুপ্ত, তেনেকৈ পুৰুষাৰ্থও গুপ্তভাৱে কৰিব লাগে। গীত-কবিতা আদিৰ সলনি মৌন হৈ থকাই ভাল। চলোঁতে-ফুৰোঁতে শান্তিত পিতাক স্মৰণ কৰিব লাগে।

(2) পুৰণি সৃষ্টিৰ পৰিৱৰ্তন হৈ আছে সেইবাবে ইয়াৰ পৰা মমত্ব আঁতৰাই দিব লাগে, ইয়াক দেখিও চাব নালাগে। বুদ্ধি নতুন সৃষ্টিৰ সৈতে যুক্ত কৰিব লাগে।

বৰদান:
ব্ৰাহ্মণ জীৱনৰ বিশেষত্বক স্বভাৱসিদ্ধ স্বভাৱ কৰি তোলোঁতা সহজ পুৰুষাৰ্থী হোৱা

ব্ৰাহ্মণ জন্মও বিশেষ, ব্ৰাহ্মণ ধৰ্ম আৰু কৰ্মও বিশেষ অৰ্থাৎ সৰ্বশ্ৰেষ্ঠ কিয়নো ব্ৰাহ্মণে কৰ্মত সাকাৰ পিতা ব্ৰহ্মাক অনুসৰণ কৰে। সেয়েহে ব্ৰাহ্মণৰ স্বভাৱেই বিশেষ স্বভাৱ, সাধাৰণ বা মায়াবী স্বভাৱ ব্ৰাহ্মণৰ স্বভাৱ নহয়। কেৱল এইটো স্মৃতি স্বৰূপত থাকক যে মই বিশেষ আত্মা, এইটো স্বভাৱ যেতিয়া স্বভাৱসিদ্ধ হৈ যাব তেতিয়া পিতাৰ হোৱাটো সহজ অনুভৱ কৰিবা। স্মৃতি স্বৰূপ তথা সমৰ্থীস্বৰূপ হৈ যাবা - এয়াই সহজ পুৰুষাৰ্থ।

স্লোগান:
পৱিত্ৰতা আৰু শান্তিৰ কিৰণ চাৰিওফালে বিয়পাই দিওঁতাজনেই ‘লাইট-হাউচ’।


“ইচ্ছা মাত্ৰম অবিদ্যা” স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত:

যি ভৰপূৰ তেওঁ সদায় “ইচ্ছা মাত্ৰম অবিদ্যা”ৰ স্থিতিত থাকে আৰু মনেৰে মিচিকিয়ায়, তেওঁ সৰ্ব প্ৰাপ্তি সম্পন্ন হয় সেয়েহে তেওঁৰ মনৰ আকৰ্ষণ বা বশ্যতা কোনো ব্যক্তি বা বস্তুৰ ফালে নাথাকে, ইয়াকে ‘মনমনাভৱ’ বুলি কয়। তেওঁলোকৰ মন পিতাৰ সৈতে যুক্ত কৰোঁতে পৰিশ্ৰম নহয়, সহজেই মন পিতাৰ প্ৰেমৰ সংসাৰত থাকে।