02.09.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক বিশ্বত শান্তি প্ৰতিষ্ঠা কৰাৰ নিমিত্ত হোৱা, সেইকাৰণে তোমালোক কেতিয়াও অশান্ত হ'ব নালাগে”

প্ৰশ্ন:
পিতাই কোনসকল সন্তানক আজ্ঞাকাৰী সন্তান বুলি কয়?

উত্তৰ:
পিতাৰ যিটো মুখ্য আজ্ঞা যে সন্তানসকল, অমৃতবেলা (পুৱাতে) উঠি পিতাক স্মৰণ কৰা, এইটো মুখ্য আজ্ঞা যিসকলে পালন কৰে, পুৱাতে স্নান আদি কৰি সজীৱ হৈ নিৰ্ধাৰিত সময়ত স্মৃতিৰ যাত্ৰাত থাকে, বাবাই তেওঁলোকক সুসন্তান অথবা আজ্ঞাকাৰী বুলি কয়, তেওঁলোকেই গৈ ৰজা হ'বগৈ। কুসন্তানসকলেতো ঝাৰু মাৰিবগৈ।

ওঁম্শান্তি।
ইয়াৰ অৰ্থতো সন্তানসকলক বুজোৱা হৈছে। ‘ওঁম্‌’ অৰ্থাৎ মই আত্মা। এনেকৈ সকলোৱে কয় যে জীৱ আত্মা নিশ্চয় আছে আৰু সকলো আত্মাৰ পিতা এজন। শৰীৰৰ পিতা বেলেগ বেলেগ হয়। এয়াও সন্তানসকলৰ বুদ্ধিত আছে, হদৰ পিতাৰ পৰা হদৰ আৰু বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ পোৱা যায়। এতিয়া এই সময়ত মনুষ্যই বিচাৰিছে বিশ্বত শান্তি হওঁক। যদি চিত্ৰৰ ওপৰত বুজোৱা হয় তেন্তে শান্তিৰ কাৰণে কলিযুগৰ অন্ত আৰু সত্যযুগৰ আদিৰ সংগমলৈ লৈ আনিব লাগে। এয়া হৈছে সত্যযুগ নতুন সৃষ্টি, তাত এক ধৰ্ম থাকে তেতিয়া পৱিত্ৰতা-শান্তি-সুখ থাকে। তাক কোৱাই হয় স্বৰ্গ। এয়াতো সকলোৱে মানিব। নতুন সৃষ্টিত সুখ আছে, দুখ থাকিব নোৱাৰে। যিকোনো লোককে বুজোৱা বৰ সহজ। শান্তি আৰু অশান্তিৰ কথা ইয়াত বিশ্বতহে হয়। সেয়াতো হৈছেই নিৰ্বাণধাম, য'ত শান্তি-অশান্তিৰ প্ৰশ্নই উঠিব নোৱাৰে। সন্তানসকলে যেতিয়া ভাষণ দিয়ে তেতিয়া পোন প্ৰথমে বিশ্ব শান্তিৰ প্ৰস্তাৱহে ৰাখিব লাগে। মনুষ্যই শান্তিৰ কাৰণে বহুত প্ৰয়াস কৰে, তেওঁলোকে পুৰস্কাৰো লাভ কৰি থাকে। বাস্তৱত ইয়াত লৰা-ঢপৰা কৰাৰ কথা নাই। পিতাই কয় মাত্ৰ নিজৰ স্বধৰ্মত বৰ্তি থাকিলে তেতিয়া বিকৰ্ম বিনাশ হৈ যাব। স্বধৰ্মত বৰ্তি থাকিলে তেতিয়া শান্তি হৈ যাব। তোমালোক হোৱাই সৰ্বদা শান্ত পিতাৰ সন্তান। এই উত্তৰাধিকাৰ তেওঁৰ পৰা পোৱা যায়। তাক কোনো ধৰণৰ মোক্ষ বুলি কোৱা নহ’ব। মোক্ষতো ভগৱানেও পাব নোৱাৰে। ভগৱানো ভূমিকাত নিশ্চয় আহিব লাগে। কয় – কল্পই কল্পই, কল্পৰ সংগমযুগত আহোঁ। গতিকে ভগৱানেও মোক্ষ লাভ নকৰে তেন্তে সন্তানে আকৌ মোক্ষ কেনেকৈ পাব পাৰিব। এই কথাবোৰৰ বিষয়ে গোটেই দিন বিচাৰ সাগৰ মন্থন কৰিব লাগে। পিতাইতো তোমালোক সন্তানসকলকহে বুজায়। তোমালোক সন্তানসকলৰ বুজোৱাৰ অভ্যাস অধিক আছে। শিৱবাবাই যেতিয়া বুজায় তেতিয়া তোমালোক সকলো ব্ৰাহ্মণেহে বুজি পোৱা। তোমালোকে বিচাৰ সাগৰ মন্থন কৰিব লাগে। সেৱাত তোমালোক সন্তানসকল আছা। তোমালোকেতো বহুত বুজাবলগীয়া হয়। দিনে ৰাতিয়ে সেৱাত থাকা। সংগ্ৰাহালয়লৈ গোটেই দিনটোত আহিয়েই থাকিব। ৰাতি 10-11 বজালৈকো কেতিয়াবা আহে। ৰাতিপুৱা 4 বজাৰ পৰাও ক'ৰবাত ক'ৰবাত সেৱা কৰিবলৈ লাগি যায়। ইয়াততো ঘৰ আছে, যেতিয়াই ইচ্ছা তেতিয়াই বহিব পাৰে। সেৱাকেন্দ্ৰবোৰততো বাহিৰৰ পৰা দূৰ-দূৰণিৰ পৰা আহে সেয়েহে সময় নিৰ্ধাৰিত কৰি থ'বলগীয়া হয়। ইয়াততো যিকোনো সময়ত সন্তানসকল উঠিব পাৰে। কিন্তু এনেকুৱা সময়ততো পঢ়িব নালাগে যে সন্তানসকল উঠিব আৰু টোপনিয়াই থাকিব সেইকাৰণে ৰাতিপুৱাৰ (অমৃতবেলাৰ) সময় নিৰ্ধাৰিত কৰা হৈছে। যাতে স্নান আদি কৰি সজীৱ হৈ আহে, তথাপিও যদি সময়ত নাহে তেতিয়া তেওঁলোকক আজ্ঞাকাৰী বুলি ক'ব নোৱাৰি। লৌকিক পিতাৰো সুসন্তান আৰু কুসন্তান থাকে নহয়। বেহদৰ পিতাৰো থাকে। সুসন্তান গৈ ৰজা হ'বগৈ, কুসন্তানে গৈ ঝাৰু মাৰিবগৈ। সকলোতো গম পোৱা যায় নহয়।

শ্ৰীশ্ৰীকৃষ্ণ জন্মাষ্টমীৰ ওপৰতো বুজাইছে। শ্ৰীশ্ৰীকৃষ্ণৰ জন্ম যেতিয়া হয় তেতিয়াতো স্বৰ্গ হয়। এখনেই ৰাজ্য হয়। বিশ্বত শান্তি হয়। স্বৰ্গত বহুত কম মনুষ্য হ'ব। সেইখন হৈছেই নতুন সৃষ্টি। তাত অশান্তি হ'ব নোৱাৰে। শান্তি তেতিয়া হয় যেতিয়া এক ধৰ্ম হয়। যিটো ধৰ্ম পিতাই প্ৰতিষ্ঠা কৰে। পাছত যেতিয়া আন আন ধৰ্ম আহে তেতিয়া অশান্তি হয়। তাত হৈছেই শান্তি, 16 কলা সম্পূৰ্ণ হয় নহয়। চন্দ্ৰমাও যেতিয়া সম্পূৰ্ণ হয় তেতিয়া কিমান শোভনীয় হয়, তাক পূৰ্ণিমা বুলি কোৱা হয়। ত্ৰেতাত তিনি চতুৰ্থাংশ বুলি কোৱা হ'ব, খণ্ডিত হৈ গ'ল নহয়। দুটা কলা কম হৈ গ'ল। সম্পূৰ্ণ শান্তি সত্যযুগত হয়। 25 শতাংশ পুৰণি সৃষ্টি হ'লে তেতিয়া কিবা নহয় কিবা সংঘাত হ'ব। দুটা কলা কম হোৱাৰ কাৰণে শোভা কম হৈ গ'ল। স্বৰ্গত একেবাৰে শান্তি, নৰকত একেবাৰে অশান্তি। এয়াই সময় যেতিয়া মনুষ্যই বিশ্বত শান্তি বিচাৰে, ইয়াৰ আগতে এইটো আৱাজ নাছিল যে বিশ্বত শান্তি হওঁক। এতিয়া আৱাজ ওলাইছে কিয়নো এতিয়া বিশ্বত অশান্তি হৈ আছে। আত্মাই বিচাৰে যে বিশ্বত শান্তি হ'ব লাগে। মনুষ্যতো দেহ-অভিমানত থকাৰ কাৰণে কেৱল কৈ থাকে - বিশ্বত শান্তি হওঁক। 84 জন্ম এতিয়া পূৰা হ'ল। এয়া পিতাহে আহি বুজায়। পিতাকেই স্মৰণ কৰে। তেওঁ কেতিয়াবা কিবা ৰূপত আহি স্বৰ্গৰ স্থাপনা কৰিব, তেওঁৰ নামেই হৈছে স্বৰ্গ স্থাপনা কৰোঁতা ঈশ্বৰ পিতা। এইটো কোনেও গম নাপায় যে স্বৰ্গ কেনেকৈ ৰচনা কৰে। শ্ৰীশ্ৰীকৃষ্ণইতো ৰচনা কৰিব নোৱাৰে। তেওঁক কোৱা হয় দেৱতা। মনুষ্যই দেৱতাসকলক নমন কৰে। তেওঁলোকৰ দৈৱীগুণ আছে সেইকাৰণে দেৱতা বুলি কোৱা হয়। ভাল গুণ থকাসকলক কোৱা হয় নহয় যে এওঁ যেন দেৱতা। হাই-কাজিয়া কৰাসকলক ক'ব এওঁলোক যেন অসুৰ। সন্তানসকলে জানে আমি বেহদৰ পিতাৰ সন্মুখত বহি আছোঁ। তেন্তে সন্তানসকলৰ চলন কিমান ভাল হ'ব লাগে। অজ্ঞান কালতো বাবাই (ব্ৰহ্মাবাবাই) দেখিছে 6-7টা পৰিয়াল একেলগে থাকে, একেবাৰে মিলা-প্ৰীতিৰে চলে। কিছুমানৰ ঘৰততো মাত্ৰ দুজন থাকে তেতিয়াও হাই-কাজিয়া কৰি থাকে। তোমালোকতো হ'লা ঈশ্বৰীয় সন্তান। বহুত মিলা-প্ৰীতিৰে থাকিব লাগে। সত্যযুগত মিলা-প্ৰীতিৰে থাকে, ইয়াত মিলা-প্ৰীতিৰে থাকিবলৈ তোমালোকে শিকা গতিকে বহুত মৰম-চেনেহেৰে থাকিব লাগে। পিতাই কয় - ভিতৰি পৰীক্ষা কৰা যে মই কোনো বিকৰ্মতো কৰা নাই? কাকো দুখতো দিয়া নাই? এনেকৈ বহি কোনেও নিজক পৰীক্ষা নকৰে। এইটো বৰ বুজিবলগীয়া কথা। তোমালোক সন্তানসকল হ'লা বিশ্বত শান্তি প্ৰতিষ্ঠা কৰোঁতা। যদি ঘৰতেই অশান্তিৰ সৃষ্টি কৰোঁতা হয় তেন্তে শান্তি আকৌ কেনেকৈ প্ৰতিষ্ঠা কৰিব। লৌকিক পিতাৰ সন্তানে যদি অশান্তিৰ সৃষ্টি কৰে তেতিয়া ক'ব এইটো মৰা হ'লেই ভাল আছিল। কোনো ধৰণৰ অভ্যাস হৈ গ'লে তেতিয়া সেয়া স্থায়ী হৈ যায়। এইটো জ্ঞান নাথাকে যে আমিতো বেহদৰ পিতাৰ সন্তান হওঁ, আমিতো বিশ্বত শান্তি স্থাপন কৰিব লাগে। শিৱবাবাৰ সন্তান হোৱা, যদি অশান্ত হোৱা তেন্তে শিৱবাবাৰ ওচৰলৈ আহা। তেওঁতো হীৰা হয়, তেওঁ তৎক্ষণাৎ তোমালোকক যুক্তি শুনাব - এনেকৈ শান্তি হ'ব পাৰে। শান্তিৰ ব্যৱস্থা কৰিব। এনেকুৱা বহুত আছে চলন দৈৱী পৰিয়ালৰ নিচিনা নহয়। এতিয়া তোমালোক সাজু হৈছা ফুলৰ সৃষ্টিলৈ যাবলৈ। এইখন হৈছেই লেতেৰা সৃষ্টি বেশ্যালয়, ইয়াৰ প্ৰতিতো ঘৃণা ওপজে। বিশ্বত শান্তি হ'ব নতুন সৃষ্টিতহে। সংগমত হ'ব নোৱাৰে। ইয়াত শান্ত হোৱাৰ পুৰুষাৰ্থ কৰে। পূৰা পুৰুষাৰ্থ যদি নকৰে তেন্তে আকৌ শাস্তি খাব লাগিব। মোৰ (পিতাৰ) সৈতেতো ধৰ্মৰজা আছে নহয়। যেতিয়া হিচাপ-নিকাচ নিষ্পত্তি হোৱাৰ সময় আহিব তেতিয়া খুব মাৰ খাব। কৰ্মৰ ভোগ নিশ্চয় আছে। বেমাৰ হয়, সেয়াও কৰ্মভোগ হয় নহয় জানো। পিতাৰ ওপৰততো কোনো নাই। বুজায় – সন্তানসকল, ফুল (পৱিত্ৰ) হোৱা তেতিয়া উচ্চ পদ পাবা। নহ'লে একো লাভ নাই। ভগৱান পিতা যাক আধাকল্প স্মৰণ কৰিলে, তেওঁৰ পৰা উত্তৰাধিকাৰ নল’লে তেন্তে সন্তান কি কামৰ। কিন্তু ড্ৰামা অনুসৰি এয়াও নিশ্চয় হ'ব লাগে। গতিকে বুজাবলৈ যুক্তি বহুত আছে। বিশ্বত শান্তিতো সত্যযুগত আছিল, য'ত এই লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল। যুদ্ধও নিশ্চয় লাগিব কাৰণ অশান্তি আছে নহয়। শ্ৰীশ্ৰীকৃষ্ণ আকৌ সত্যযুগত আহিব। কোৱা হয় - কলিযুগত দেৱতাসকলৰ ছায়া পৰিব নোৱাৰে। এই কথাবোৰ তোমালোক সন্তানসকলেহে এতিয়া শুনি আছা। তোমালোকে জানা যে শিৱবাবাই আমাক পঢ়ায়। ধাৰণ কৰিব লাগে, গোটেই জীৱনতো লাগি যায়। কয় নহয় - গোটেই জীৱনতো বুজালোঁ তথাপিও নুবুজে।

বেহদৰ পিতাই কয় - পোন-প্ৰথমে মুখ্য কথাটি বুজোৱা - জ্ঞান বেলেগ বস্তু আৰু ভক্তি বেলেগ বস্তু। আধাকল্প হ'ল দিন, আধাকল্প হ'ল ৰাতি। শাস্ত্ৰবোৰত কল্পৰ আয়ুসেই ওলোটাকৈ লিখি দিছে। গতিকে আধা আধাও হ’ব নোৱাৰে। তোমালোকৰ ভিতৰত কোনোৱে যদি শাস্ত্ৰ আদি পঢ়া নাই তেন্তে ভালেই। পঢ়া হ'লে তেতিয়া সংশয় উৎপন্ন হ'ব, প্ৰশ্ন সুধি থাকিব। বাস্তৱত যেতিয়া বানপ্ৰস্থ অৱস্থা হয় তেতিয়া ভগৱানক স্মৰণ কৰে। কোনোবা নহয় কোনোবাৰ মতত। তেতিয়া যেনেকৈ গুৰুৱে শিকাব। ভক্তিও শিকায়। এনেকুৱা কোনো নাই যাক ভক্তি নিশিকায়। তেওঁলোকৰ ভক্তিৰ শক্তি আছে সেইবাবেতো ইমান অনুগামী (শিষ্য) হয়গৈ। অনুগামীসকলক ভক্ত পূজাৰী বুলি কোৱা হ'ব। ইয়াত সকলো পূজাৰী। তাত কোনো পূজাৰী নহয়। ভগৱান কেতিয়াও পূজাৰী নহয়। অনেক সাৰকথা বুজোৱা হয়, ধীৰে ধীৰে তোমালোক সন্তানসকলৰো বুজোৱাৰ শক্তি আহি গৈ থাকিব।

এতিয়া তোমালোকে কোৱা শ্ৰীশ্ৰীকৃষ্ণ আহি আছে। সত্যযুগত নিশ্চয় শ্ৰীকৃষ্ণ থাকিব। নহ’লে বিশ্বৰ বুৰঞ্জী-ভূগোলৰ পুনৰাবৃত্তি কেনেকৈ হ’ব। কেৱল এজনেই শ্ৰীকৃষ্ণতো নহ’ব, যথা ৰজা-ৰাণী তথা প্ৰজা হ’ব নহয়। এয়াও বোধ শক্তিৰ কথা। তোমালোক সন্তানসকলে বুজি পোৱা যে আমিতো পিতাৰ সন্তান। পিতা উত্তৰাধিকাৰ দিবলৈ আহিছে। স্বৰ্গলৈতো সকলো নাহে। ত্ৰেতাতো সকলো আহিব নোৱাৰে। বৃক্ষ লাহে লাহে বৃদ্ধি হৈ গৈ থাকে। মনুষ্য সৃষ্টি ৰূপী বৃক্ষ। তাত হ’ল আত্মাসকলৰ বৃক্ষ। ইয়াত ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, আকৌ শঙ্কৰৰ দ্বাৰা বিনাশ আকৌ পালন…… এই কথাটিও নিয়ম প্ৰমাণ ক’ব লাগে। সন্তানসকলৰ বুদ্ধিত এইটো নিচা আছে, এই সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে। ৰচনা কেনেকৈ হয়। এতিয়া নতুন সৰু ৰচনা হয় নহয়। এয়া লুটি-বাগৰ মৰাৰ নিচিনা। প্ৰথমে শূদ্ৰ অনেক, আকৌ পিতা আহি ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণসকলৰ ৰচনা ৰচে। ব্ৰাহ্মণ হৈ গ’ল টিকনি (আটাইতকৈ উচ্চ)। টিকনি আৰু ভৰি একেলগ হয়। প্ৰথমে ব্ৰাহ্মণ লাগে। ব্ৰাহ্মণসকলৰ যুগ বহুত সৰু। তাৰপাছত হৈছে দেৱতাসকল। এই বৰ্ণ থকা চিত্ৰখনো কামত অহা। এই চিত্ৰ বুজাবলৈ বহুত সহজ। বিভিন্ন মনুষ্যৰ বিভিন্ন ৰূপ। বুজাবলৈ কিমান ভাল লাগে। ব্ৰাহ্মণ যেতিয়া থাকে তেতিয়া সকলো ধৰ্ম থাকে। শূদ্ৰৰ পৰা ব্ৰাহ্মণৰ পুলি ৰোপণ হয়। মনুষ্যইতো বৃক্ষৰ পুলি ৰোপণ কৰে। পিতায়ো পুলি ৰোপণ কৰে যাতে বিশ্বত শান্তি হয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় স্মৃতিত ৰাখিব লাগে যে আমি ঈশ্বৰীয় সন্তান। আমি মিলা-প্ৰীতিৰে থাকিব লাগে। কাকোৱেই দুখ দিব নালাগে।

(2) ভিতৰি নিজক পৰীক্ষা কৰিব লাগে যে মোৰ দ্বাৰা কোনো বিকৰ্মতো নহয়! অশান্ত হোৱা বা অশান্তি বিয়পোৱাৰ অভ্যাসতো নাই?

বৰদান:
পৱিত্ৰতাৰ শক্তিৰে সদায় সুখৰ সংসাৰত থাকোঁতা ‘বেগমপুৰ’ৰ বাদশ্বাহ হোৱা

সুখ-শান্তিৰ আধাৰ হৈছে পৱিত্ৰতা। যিসকল সন্তানে মন-বচন-কৰ্ম তিনিওটাতে পৱিত্ৰ হয় তেওঁলোকেই ‘মহামান্য’ আৰু ‘পৱিত্ৰ’। য’ত পৱিত্ৰতাৰ শক্তি আছে ত’ত সুখ শান্তি স্বতঃ আছে। পৱিত্ৰতা সুখ-শান্তিৰ মাতৃ। পৱিত্ৰ আত্মাসকল কেতিয়াও দুখী হ’ব নোৱাৰে। তেওঁলোক বেগমপুৰৰ বাদশ্বাহ হয় তেওঁলোকৰ মুকুটো অনন্য আৰু আসনো অনন্য। লাইটৰ মুকুট পৱিত্ৰতাৰেই চিহ্ন।

স্লোগান:
মই আত্মা, শৰীৰ নহয় - এইটো চিন্তন কৰাটোৱেই স্বচিন্তন।


অব্যক্ত সংকেত: এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালা ৰূপ কৰি তোলা

শক্তিশালী যোগ অৰ্থাৎ একাগ্ৰতাৰ অগ্নি, জ্বালা ৰূপৰ স্মৃতিয়েহে ভ্ৰষ্টাচাৰ, অত্যাচাৰৰ অগ্নি সমাপ্ত কৰিব আৰু সকলো আত্মাক সহযোগ দিব, ইয়াৰ দ্বাৰাই বেহদৰ বৈৰাগ্য বৃত্তি প্ৰজ্বলিত হব। স্মৃতিৰ অগ্নিয়ে এফালে সেই অগ্নিক সমাপ্ত কৰিব, আনফালে আত্মাসকলক পৰমাত্ম বাৰ্তা, শীতল স্বৰূপৰ অনুভূতি কৰাব, ইয়াৰ দ্বাৰাই আত্মাসকল পাপৰ অগ্নিৰ পৰা মুক্ত হ’ব পাৰিব।