02.10.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
স্মৃতিত থাকি প্ৰতিটো কৰ্ম কৰা তেতিয়া অনেকে তোমালোকৰ সাক্ষাৎকাৰ কৰি থাকিব”
প্ৰশ্ন:
সংগমযুগত কোনটো
বিধিৰে নিজৰ অন্তৰ শুদ্ধ (পৱিত্ৰ) কৰিব পাৰা?
উত্তৰ:
স্মৃতিত থাকি ভোজন ৰান্ধা আৰু স্মৃতিত থাকি খোৱা তেতিয়া অন্তৰ শুদ্ধ হৈ যাব।
সংগমযুগত তোমালোক ব্ৰাহ্মণসকলৰ দ্বাৰা ৰন্ধা পৱিত্ৰ ব্ৰহ্মাভোজন দেৱতাসকলৰো বহুত
পচন্দৰ হয়। যিয়ে ব্ৰহ্মাভোজনৰ আদৰ কৰে তেওঁ থাল ধুয়ো পান কৰে। মহিমাও বহুত। স্মৃতিত
থাকি ৰন্ধা ভোজন খালে শক্তি পোৱা যায়, অন্তৰ শুদ্ধ হৈ যায়।
ওঁম্শান্তি।
সংগমযুগতহে
পিতা আহে। নিতৌ সন্তানসকলক ক’বলগীয়া হয় যে আত্মিক পিতাই আত্মিক সন্তানসকলক বুজাই আছে।
এনেকৈ কিয় কয় যে সন্তানসকল, নিজক আত্মা বুলি বুজা? সন্তানসকলৰ যাতে এইটো স্মৃতিলৈ
আহে যে যথাযথ তেওঁ বেহদৰ পিতা, আত্মাসকলক পঢ়ায়। সেৱাৰ কাৰণে ভিন্ন ভিন্ন কথাৰ ওপৰত
বুজায়। সন্তানসকলে কয় - সেৱা নাই, আমি বাহিৰত সেৱা কেনেকৈ কৰোঁ? পিতাই সেৱাৰ
যুক্তিতো (উপায়) বহুত সহজ শুনায়। চিত্ৰ হাতত ৰাখিবা, ৰঘুনাথৰ ক’লা চিত্ৰও ৰাখিবা আৰু
বগা চিত্ৰও ৰাখিবা। শ্ৰীকৃষ্ণৰ বা নাৰায়ণৰ বগা চিত্ৰও ৰাখিবা, ক’লা চিত্ৰও ৰাখিবা।
লাগিলে সৰু চিত্ৰই হওঁক। শ্ৰীকৃষ্ণৰ ইমান সৰু চিত্ৰও তৈয়াৰ কৰে। তোমালোকে মন্দিৰৰ
পূজাৰীক সুধিব পাৰা - এওঁক ক’লা বৰণীয়াকৈ কিয় দেখুৱাইছে প্ৰকৃততে তেওঁতো বগা বৰণীয়া
আছিল? বাস্তৱিকতে শৰীৰতো ক’লা নহয়। আপোনালোকৰ ওচৰত বহুত ভাল বগা বৰণীয়াও (সুন্দৰো)
থাকে, কিন্তু এওঁক কিয় ক’লা বৰণীয়াকৈ দেখুৱাইছে? এয়াতো তোমালোক সন্তানসকলক বুজোৱা
হৈছে আত্মাই কেনেকৈ ভিন্ন ভিন্ন নাম ৰূপ ধাৰণ কৰি অৱনমিত হৈ আহে। যেতিয়াৰ পৰা কাম
চিতাত উঠে তেতিয়াৰ পৰা ক’লা হয়। জগত নাথ বা শ্ৰীনাথ দ্বাৰত বহুত যাত্ৰী একত্ৰিত হয়,
তোমালোকে নিমন্ত্ৰণো পোৱা। এনেকৈ কোৱা - আমি শ্ৰীনাথৰ 84 জন্মৰ জীৱন কাহিনী শুনাওঁ।
ভাইসকল আৰু ভনীসকল আহি শুনক। এনেকুৱা ভাষণ আৰু কোনেও দিব নোৱাৰে। তোমালোকে বুজাব
পাৰা এওঁ কিয় ক’লা হ’ল? প্ৰত্যেকেই পাৱনৰ পৰা পতিত নিশ্চয় হ’বলগীয়া হয়। দেৱতাসকল
যেতিয়া বাম মাৰ্গত গ’ল তেতিয়া তেওঁলোকক ক’লা বৰণীয়া কৰি দিলে। কামচিতাত উঠাৰ কাৰণে
লৌহ যুগী, তমোপ্ৰধান হৈ যায়। লোহাৰ ৰং ক’লা, সোণৰ ৰং সোণালী, তেওঁলোকক বগা বুলি কোৱা
হ’ব। তেওঁলোকেই আকৌ 84 জন্মৰ পাছত ক’লা বৰণীয়া হয়। ছিৰিৰ চিত্ৰও নিশ্চয় লগত ৰাখিব
লাগে। ছিৰিৰ চিত্ৰও ডাঙৰ হ’লে দূৰৈৰ পৰা ভালকৈ দেখিব। আৰু তোমালোকে বুজাবা যে ভাৰতৰ
এয়া গতি। লিখাও আছে উত্থান আৰু পতন। সন্তানসকলৰ সেৱাৰ বহুত চখ থাকিব লাগে। বুজাব
লাগে এই সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে, সোণালী যুগ, ৰূপালী যুগ, তাম্ৰ যুগ…. আকৌ এই
পুৰুষোত্তম সংগমযুগো দেখুৱাব লাগে। বহুত চিত্ৰ নহ’লেও কথা নাই। ছিৰিৰ চিত্ৰতো ভাৰতৰ
বাবে মুখ্য। তোমালোকে বুজাব পাৰা এতিয়া আপোলোক পুনৰ পতিতৰ পৰা পাৱন কেনেকৈ হ’ব পাৰে।
পতিত-পাৱনতো এজনেই পিতা। তেওঁক স্মৰণ কৰিলে ছেকেণ্ডত জীৱনমুক্তি প্ৰাপ্ত হয়।
তোমালোক সন্তানসকলৰ এই সকলো জ্ঞান আছে। বাকীতো সকলো অজ্ঞান নিদ্ৰাত শুই আছে। ভাৰত
যেতিয়া জ্ঞানমাৰ্গত আছিল তেতিয়া ধনৱান আছিল। এতিয়া ভাৰত অজ্ঞানতাত আহি যোৱাৰ বাবে
কিমান কঙাল হৈ গৈছে। জ্ঞানী মনুষ্য আৰু অজ্ঞানী মনুষ্য থাকে নহয়। দেৱী-দেৱতা আৰু
মনুষ্যতো প্ৰসিদ্ধ। দেৱতাসকল সত্যযুগ-ত্ৰেতাত আৰু মনুষ্য দ্বাপৰ-কলিযুগত।
সন্তানসকলৰ বুদ্ধিত সদায় থাকিব লাগে যে সেৱা কেনেকৈ কৰোঁ? সেয়াও পিতাই বুজাই থাকে।
ছিৰিৰ চিত্ৰ বুজাবলৈ বহুত ভাল। পিতাই কয় - গৃহস্থালিত থাকা। শৰীৰ নিৰ্বাহৰ অৰ্থে
কামতো কৰিবই লাগে। লৌকিক বিদ্যাও শিকিব লাগে। বাকী সময় পালে সেৱাৰ খেয়াল কৰিব লাগে
- আমি আনৰ কল্যাণ কেনেকৈ কৰোঁ? ইয়াততো তোমালোকে বহুতৰ কল্যাণ কৰিব নোৱাৰা। ইয়ালৈতো
পিতাৰ মুৰুলী শুনিবলৈহে আহে। ইয়াতেই যাদু আছে। পিতাক যাদুকৰ বুলিও কোৱা হয়। গোৱাও
হয় – আপোনাৰ মুৰুলীত যাদু আছে….. আপোনাৰ মুখেৰে যি মুৰুলী বাজে তাত যাদু আছে।
মনুষ্যৰ পৰা দেৱতা হৈ যায়। পিতাৰ বাহিৰে এনেকুৱা কোনো যাদুকৰ নাই। গায়নো আছে
মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ ভগৱানৰ বেছি সময় নালাগে। পুৰণি সৃষ্টিৰ পৰা নতুন
সৃষ্টি নিশ্চয় হ'ব। পুৰণিৰ বিনাশো নিশ্চয় হ'ব। এই সময়ত তোমালোকে ৰাজযোগ শিকা গতিকে
নিশ্চয় ৰজাও হ’ব লাগে। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে 84 জন্মৰ পাছত আকৌ
প্ৰথম জন্ম হ’ব কিয়নো বিশ্বৰ ইতিহাস-ভূগোল পুনৰাবৃত্তি হয়। সত্যযুগ-ত্ৰেতা যি হৈ
গৈছে সেয়া নিশ্চয় পুনৰাবৃত্তি হ'ব।
তোমালোক ইয়াত বহি আছা
তথাপি বুদ্ধিৰে এইটো স্মৰণ কৰিব লাগে যে আমি উভতি গৈ আকৌ সতোপ্ৰধান দেৱী-দেৱতা হ'মগৈ।
তেওঁলোকক দেৱতা বুলি কোৱা হয়। এতিয়া মনুষ্যৰ দৈৱীগুণ নাই। গতিকে তোমালোকে য'তেই
নহওঁক কিয় সেৱা কৰিব পাৰা। যিমানেই পেছাগত কাম-কাজ আদি নাথাকক কিয়, গৃহস্থালিত
থাকিও উপাৰ্জন কৰি থাকিব লাগে। এই ক্ষেত্ৰত পৱিত্ৰতাই হৈছে মুখ্য কথা। পৱিত্ৰতা যদি
আছে তেন্তে শান্তি-সমৃদ্ধিও আছে। সম্পূৰ্ণ পৱিত্ৰ হৈ গ'লে ইয়াত থাকিব নোৱাৰিবা কিয়নো
আমি শান্তিধামলৈ নিশ্চয় যাব লাগে। আত্মা পৱিত্ৰ হৈ গ'লে তেতিয়া আত্মা এই পুৰণি
শৰীৰৰ লগত আৰু নাথাকিব। এই শৰীৰতো অপৱিত্ৰ হয় নহয়। 5 তত্ত্বই অপৱিত্ৰ। শৰীৰৰো ইয়াৰ
দ্বাৰাই গঠন হয়। ইয়াক মাটিৰ পুতলা বুলি কোৱা হয়। 5 তত্ত্বৰ এটা শৰীৰ বিনাশ হয়, অন্য
এটা গঠন হয়। আত্মাতো আছেই। আত্মা কোনো তৈয়াৰ কৰা বস্তু নহয়। শৰীৰ প্ৰথমে কিমান সৰু
হৈ থাকে পাছত কিমান ডাঙৰ হয়। কিমান কৰ্মেন্দ্ৰিয় থাকে যাৰ দ্বাৰা আত্মাই গোটেই
ভূমিকা পালন কৰে। এই সৃষ্টিখনেই বিস্ময়কৰ। আটাইতকৈ বিস্ময়কৰ হৈছে পিতা, যিয়ে
আত্মাসকলৰ পৰিচয় দিয়ে। আমি আত্মাসকল কিমান সূক্ষ্ম। আত্মাই প্ৰৱেশ কৰে। প্ৰতিটো
বস্তুৱেই বিস্ময়কৰ। জন্তুবোৰৰ শৰীৰ আদি কেনেকৈ গঠন হয়, বিস্ময়কৰ নহয় জানো। আত্মাতো
সকলোতে একেই অতি সূক্ষ্মই হয়। হাতী কিমান ডাঙৰ, তাতে ইমান সূক্ষ্ম আত্মা গৈ প্ৰৱেশ
কৰে। পিতাইতো মনুষ্য জন্মৰ কথা বুজায়। মনুষ্যই কিমান জন্ম লয়? 84 লাখ জন্মতো নহয়।
বুজোৱা হৈছে যিমান ধৰ্ম আছে সিমান ভিন্নতা থাকে। প্ৰত্যেক আত্মাই কিমান অৱয়বৰ (চেহেৰাৰ)
শৰীৰ লয়, বিস্ময়কৰ নহয় জানো। আকৌ যেতিয়া চক্ৰ পুনৰাবৃত্তি হয়, প্ৰতিটো জন্মতে অৱয়ব,
নাম, ৰূপ আদি সলনি হৈ যায়। এনেকৈ কোৱা নহয় যে শ্ৰীকৃষ্ণ ক’লা, শ্ৰীকৃষ্ণ বগা। নহয়,
তেওঁৰ আত্মা প্ৰথমে বগা আছিল পাছত 84 জন্ম লৈ লৈ ক’লা (অপৱিত্ৰ) হৈ যায়। তোমালোক
আত্মাসকলেও ভিন্ন ভিন্ন অৱয়ব, ভিন্ন ভিন্ন শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰা। এয়াও হৈছে
ড্ৰামা।
তোমালোক সন্তানসকলৰ
কেতিয়াও কোনো চিন্তা থাকিব নালাগে। সকলো ভাৱৰীয়া। এটা শৰীৰ এৰি অন্য এটা ধাৰণ কৰি
পুনৰ ভূমিকা পালন কৰিবই লাগে। প্ৰত্যেক জন্মতে সম্বন্ধ আদি সলনি হৈ যায়। সেয়েহে
পিতাই বুজায় - এইখন হৈছে পূৰ্ব নিৰ্ধাৰিত ড্ৰামা। আত্মাহে 84 জন্ম লৈ লৈ তমোপ্ৰধান
হৈছে, এতিয়া আত্মা পুনৰ সতোপ্ৰধান হ’ব লাগে। পাৱনতো নিশ্চয় হ’ব লাগে। পাৱন সৃষ্টি
আছিল, এতিয়া পতিত হৈছে পুনৰ পাৱন হ’ব লাগে। সতোপ্ৰধান, তমোপ্ৰধান শব্দবোৰতো আছে নহয়।
সতোপ্ৰধান সৃষ্টি তাৰপাছত সতো, ৰজো, তমো সৃষ্টি। এতিয়া যিসকল তমোপ্ৰধান হৈছে
তেওঁলোকেই পুনৰ সতোপ্ৰধান কেনেকৈ হ’ব? পতিতৰ পৰা পাৱন কেনেকৈ হ’ব, বৰষুণৰ পানীৰেতো
পাৱন নহ’ব। বৰষুণৰ দ্বাৰাতো মনুষ্যৰ মৃত্যুও হৈ যায়। বানপানী হ’লে কিমান ডুবি যায়।
এতিয়া পিতাই বুজাই থাকে - এই সকলোবোৰ খণ্ড নাথাকিবগৈ। প্ৰাকৃতিক দুৰ্যোগেও সহায়
কৰিব, কিমান অনেক মনুষ্য, জন্তু আদি উটি যায়। এনেকুৱা নহয় যে পানীৰে পাৱন হৈ যায়,
সেই শৰীৰতো নাশ হৈ যায়। শৰীৰতো পতিতৰ পৰা পাৱন হ’ব নালাগে। আত্মাহে পাৱন হ’ব লাগে।
পতিত-পাৱনতো একমাত্ৰ পিতাহে। তেওঁলোকে যদিও নিজকে জগত গুৰু বুলি কয়, কিন্তু গুৰুৰ
কৰ্তব্যতো হৈছে সৎগতি দিয়া, কিন্তু সৎগতি দাতা একমাত্ৰ পিতাহে। পিতা সৎগুৰুৱেহে
সৎগতি দিয়ে। পিতাইতো বহুত কথাই বুজাই থাকে, এওঁ শুনে নহয়। গুৰু লোকসকলেও শিকাবৰ
কাৰণে শিষ্যসকলক কাষত বহুৱায়। এৱোঁ তেওঁৰ কাষতে বহে। পিতাই বুজায় গতিকে এৱোঁ (ব্ৰহ্মাই)
নিশ্চয় বুজাব নহয় সেই কাৰণে গুৰু ব্ৰহ্মা এক নম্বৰ হয়গৈ। শংকৰৰ কাৰণেতো কয় যে চকু
মেলিলেই ভস্ম কৰি দিয়ে গতিকে তেওঁকতো গুৰু বুলি কোৱা নহয়। তথাপিও পিতাই কয় -
সন্তানসকল মামেকম্ (কেৱল মোক) স্মৰণ কৰা। বহুত সন্তানে কয় – ইমানেই পেছাগত কাম-কাজ
আদিৰ চিন্তাত থাকোঁ, আমি নিজক আত্মা বুলি বুজি পিতাক কেনেকৈ স্মৰণ কৰোঁ? পিতাই
বুজায় - ভক্তিমাৰ্গতো তোমালোকে ‘হে ঈশ্বৰ’, ‘হে ভগৱান’ বুলি কৈ স্মৰণ কৰা নহয়।
স্মৰণ তেতিয়াহে কৰা যেতিয়া কিবা দুখ হয়। মৃত্যুৰ সময়তো কোৱা হয় ‘ৰাম ৰাম’ বুলি কোৱা।
বহুত সংস্থা আছে যিবোৰে ‘ৰাম’ নামৰ দান দিয়ে। যেনেকৈ তোমালোকে জ্ঞানৰ দান দিয়া
তেওঁলোকে আকৌ কয় – ‘ৰাম’ বুলি কোৱা, ‘ৰাম’ বুলি কোৱা। তোমালোকেও কোৱা শিৱবাবাক
স্মৰণ কৰা। তেওঁলোকেতো শিৱক নাজানেই। এনেয়ে ‘ৰাম’ ‘ৰাম’ বুলি কৈ দিয়ে। এতিয়া এনেকৈও
কিয় কয় যে ‘ৰাম’ বুলি কোৱা, যিহেতু পৰমাত্মা সকলোতে আছে? পিতাই বহি বুজায় - ৰাম বা
কৃষ্ণক পৰমাত্মা বুলি কোৱা নহয়, তেওঁলোকক দেৱতা বুলি কোৱা হয়, তেওঁলোকৰো কলা কম হৈ
যায়। প্ৰতিটো বস্তুৰে কলা কমতো হয়েই। কাপোৰো প্ৰথমে নতুন, পাছত পুৰণা হয়।
গতিকে পিতাই ইমানবোৰ
কথা বুজায় তথাপিও কয় - মোৰ মৰমৰ আত্মিক সন্তানসকল, নিজক আত্মা বুলি বুজা। সোঁৱৰি
সোঁৱৰি সুখ পোৱা। ইয়াততো হৈছে দুখধাম। পিতাক আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। স্মৰণ কৰি
কৰি অপাৰ সুখ পাবা। দুখ-কষ্ট, বেমাৰ আদি যি আছে সকলো নাইকিয়া হ’ব। তোমালোক 21 জন্মৰ
কাৰণে নিৰোগী হৈ যোৱা। শৰীৰৰ সকলো দুখ-কষ্ট, নাইকিয়া কৰি জীৱন মুক্তি পদ প্ৰাপ্ত কৰা।
গায়ন কৰে কিন্তু কাৰ্যকৰী নকৰে। তোমালোকক পিতাই বাস্তৱত বুজাইছে পিতাক স্মৰণ কৰা
তেতিয়া তোমালোকৰ সকলো মনোকামনা পূৰ্ণ হৈ যাব, আনন্দিত হৈ যাবা। শাস্তি খাই ৰুটিৰ
টুকুৰা খোৱাতো (প্ৰালব্ধ পোৱাতো) ভাল কথা নহয়। সকলোৱে সতেজ ৰুটিহে পচন্দ কৰে।
আজিকালিতো তেলহে চলে। তাততো ঘিৰ নদী বয়। সেয়েহে সন্তানসকলে পিতাক স্মৰণ কৰিব লাগে।
বাবাই এনেকৈও নকয় যে ইয়াত বহি পিতাক স্মৰণ কৰা। নহয় চলোঁতে, ফুৰোঁতে, ঘূৰোঁতে
শিৱবাবাক স্মৰণ কৰিব লাগে। চাকৰি আদিও কৰিব লাগে। পিতাৰ স্মৃতি বুদ্ধিত থাকিব লাগে।
লৌকিক পিতাৰ সন্তানসকলে চাকৰি আদি কৰিলেও স্মৃতিত নাথাকে জানো। কোনোবাই সুধিলে
তেতিয়া ততালিকে ক’ব মই কাৰ সন্তান। বুদ্ধিত পিতাৰ সম্পত্তিৰ স্মৃতিও থাকে। তোমালোকো
পিতাৰ সন্তান হৈছা গতিকে সম্পত্তিও স্মৃতিত আছে। পিতাকো স্মৰণ কৰিব লাগে আৰু আন কাৰো
লগত সম্বন্ধ নাই। আত্মাতে গোটেই ভূমিকা নিহিত হৈ আছে যি জাগ্ৰত হয়। এই ব্ৰাহ্মণ
কুলত কল্পই কল্পই তোমালোকৰ যি ভূমিকা চলি আহিছে সেয়াই জাগ্ৰত হৈ থাকে। পিতাই বুজায়
ভোজন ৰান্ধা, মিঠাই তৈয়াৰ কৰা, শিৱবাবাক স্মৰণ কৰি থাকা। শিৱবাবাক স্মৰণ কৰি তৈয়াৰ
কৰিলে তেতিয়া মিঠাই খাওঁতাসকলৰো কল্যাণ হ’ব। ক’ৰবাত সাক্ষাৎকাৰো হ’ব পাৰে। ব্ৰহ্মাৰো
সাক্ষাৎকাৰ হ’ব পাৰে। শুদ্ধ অন্ন গ্ৰহণ কৰিলে ব্ৰহ্মাৰ, শ্ৰীকৃষ্ণৰ, শিৱৰ
সাক্ষাৎকাৰ কৰিব পাৰে। ব্ৰহ্মা ইয়াত আছে। ব্ৰহ্মাকুমাৰ-কুমাৰীসকলৰ নামতো আছেই।
বহুতৰ সাক্ষাৎকাৰ হৈ থাকিব কিয়নো পিতাক স্মৰণ কৰা নহয়। পিতাই যুক্তিতো বহুতেই শুনায়।
তেওঁলোকে মুখেৰে ‘ৰাম’ ‘ৰাম’ বুলি কয়, তোমালোকে মুখেৰে একো ক'ব নালাগে। যেনেকৈ
তেওঁলোকে বুজে যে গুৰুনানকক ভোগ আগবঢ়াই আছে, তোমালোকেও বুজা আমি শিৱবাবাক ভোগ
আগবঢ়াবৰ কাৰণে ৰান্ধোঁ। শিৱবাবাক স্মৰণ কৰি ৰান্ধিলে তেতিয়া বহুতৰে কল্যাণ হ'ব পাৰে।
সেই ভোজনত শক্তি আহি যায়, সেয়েহে বাবাই ভোজন ৰন্ধাসকলকো কয় - শিৱবাবাক স্মৰণ কৰি
ৰান্ধানে? লিখাও আছে শিৱবাবা স্মৃতিত আছেনে? স্মৃতিত থাকি ৰান্ধিলে তেতিয়া
খাওঁতাসকলেও শক্তি পাব, অন্তৰ শুদ্ধ হ'ব। ব্ৰহ্মা ভোজনৰ গায়নো আছে নহয়। ব্ৰাহ্মণে
ৰন্ধা ভোজন দেৱতাসকলেও পচন্দ কৰে। এইটোও শাস্ত্ৰত আছে। ব্ৰাহ্মণে ৰন্ধা ভোজন খালে
বুদ্ধি শুদ্ধ হৈ যায়, শক্তি থাকে। ব্ৰহ্মা ভোজনৰ বহুত মহিমা আছে। ব্ৰহ্মা ভোজনৰ
প্ৰতি যাৰ আদৰ আছে, তেওঁ থাল ধুয়ো পান কৰে। বহুত উচ্চ বুলি বুজি পায়। ভোজন অবিহনেতো
থাকিব নোৱাৰে। দুৰ্ভিক্ষৰ সময়ত ভোজন নাপালে মৃত্যু হয়। এই ইন্দ্ৰিয়বোৰৰ দ্বাৰা
আত্মাইহে ভোজন গ্ৰহণ কৰে, আত্মাই সোৱাদ লয়, ভাল-বেয়া বুলি আত্মায়ে নকয় জানো। এয়া
বহুত সু-স্বাদু হয়, শক্তিদায়ক হয়। আগলৈ যেনেকৈ তোমালোকে উন্নতি কৰি থাকিবা সেইদৰে
ভোজনো তোমালোকে তেনেকুৱা পাই থাকিবা, সেই কাৰণে সন্তানসকলক কোৱা হয় শিৱবাবাৰ
স্মৃতিত থাকি ভোজন ৰান্ধিবা। পিতাই যি বুজায় সেয়া কাৰ্যত ৰূপায়িত কৰিব লাগে নহয়।
তোমালোক হৈছা পিতাৰ
ঘৰৰ, শহুৰৰ ঘৰলৈ যোৱা। সূক্ষ্মলোকততো পৰস্পৰ মিলিত হয়। ভোগ লৈ যায়। দেৱতাসকলক ভোগ
আগবঢ়ায় নহয়। দেৱতাসকল আহে তোমালোক ব্ৰাহ্মণসকল তালৈ যোৱা। তাত ৰঙ্গসভা বহে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কোনো কথাৰ চিন্তা কৰিব নালাগে কিয়নো এই ড্ৰামাখন একেবাৰে সঠিককৈ ৰচি থোৱা আছে।
সকলো ভাৱৰীয়াই ইয়াত নিজৰ নিজৰ ভূমিকা পালন কৰি আছে।
(2) জীৱনমুক্ত পদ
পাবলৈ বা সদায় সুখী হৈ থাকিবলৈ অন্তৰেৰে একমাত্ৰ পিতাকহে স্মৰণ কৰিব লাগে। মুখেৰে
একো ক'ব নালাগে। ভোজন ৰান্ধোঁতে বা খোৱাৰ সময়ত পিতাৰ স্মৃতিত নিশ্চয় থাকিব লাগে।
বৰদান:
স্বাৰ্থ, ঈৰ্ষা
আৰু খিংখিঙীয়া স্বভাৱৰ পৰা মুক্ত হৈ থাকোঁতা ক্ৰোধমুক্ত হোৱা
মতামত অৱশ্যে দিয়া,
সেৱাৰ বাবে নিজক আগবঢ়াই দিয়া। কিন্তু মতামত দিয়াৰ পাছত তাক ইচ্ছাৰ ৰূপলৈ সলনি নকৰিবা।
যেতিয়া সংকল্প ইচ্ছাৰ ৰূপলৈ সলনি হয় তেতিয়া খিংখিঙীয়া স্বভাৱ হৈ যায়। কিন্তু
নিঃস্বাৰ্থ হৈ মতামত দিয়া, স্বাৰ্থ ৰাখি নহয়। মই ক’লোঁ যেতিয়া হ’বই লাগিব - এনেকৈ
নাভাবিবা, আগবঢ়োৱা, ‘কিয়’ ‘কি’ ত নাহিবা, নহ’লে ঈৰ্ষা-ঘৃণা এটি এটি সংগী আহি যায়।
স্বাৰ্থ অথবা ঈৰ্ষাৰ বাবেও ক্ৰোধৰ জন্ম হয়, এতিয়া ইয়াৰ পৰাও মুক্ত হোৱা।
স্লোগান:
শান্তিদূত হৈ সকলোকে শান্তি দিয়া - এয়াই তোমালোকৰ বৃত্তি।
পুৰণা সংস্কাৰ
পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
যি পুৰণা সংস্কাৰ আছে
আৰু পুৰণা স্বভাৱ আছে সেয়া পৰিৱৰ্তন কৰি ঈশ্বৰীয় স্বভাৱ গঠন কৰা। কোনো পুৰণা
সংস্কাৰ, পুৰণা অভ্যাস যাতে নাথাকে। তোমালোকৰ পৰিৱৰ্তনৰ বাবে অনেক লোক সন্তুষ্ট হ’ব।
সদায় এইটোৱে চেষ্টা কৰা যে মোৰ চাল-চলনৰ দ্বাৰা কোনেও যাতে দুখ নাপায়। মোৰ চাল-চলন,
সংকল্প, বাণী, প্ৰতিটো কৰ্ম সুখদায়ক হওঁক – এয়া হৈছে ব্ৰাহ্মণ কুলৰ ৰীতি।