02.10.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – ৰাৱণৰ মতত কোনো বিকৰ্ম নকৰিবা, পতিতসকলক পাৱন হোৱাৰ মাৰ্গ-দৰ্শন কৰা”

প্ৰশ্ন:
বুদ্ধিমান আৰু বিচক্ষণ সন্তানে কোনটো পুৰুষাৰ্থ কৰি এটা শ্ৰীমতৰ প্ৰতি অৱশ্যেই ধ্যান ৰাখিব?

উত্তৰ:
বুদ্ধিমান আৰু বিচক্ষণ সন্তানে উচ্চ পদ পাবলৈ নিৰন্তৰ স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰি সদায় এইটো শ্ৰীমতৰ প্ৰতি ধ্যান ৰাখিব যে মই নিমিত্ত হৈ অনেক আত্মাৰ কল্যাণ কৰিব লাগে। যিয়ে বহুতৰ কল্যাণ কৰে তেওঁৰ কল্যাণ স্বতঃ হৈয়েই যায় ।

গীত:
তকদীৰ জগাকৰ আই হুঁ… (ভাগ্য উদয় কৰি আহিছোঁ…)

ওঁম্শান্তি।
সন্তানসকলৰ স্মৃতিত এতিয়া নতুন সৃষ্টি আৰু পুৰণি সৃষ্টি দুয়োখনেই আছে কিয়নো সন্তানসকলে জানে যে এতিয়া পুৰণি সৃষ্টিৰ বিনাশ হ’বলৈ গৈ আছে আৰু নতুন সৃষ্টি পিতাইহে ৰচনা কৰে। সন্তানসকলে জানে যে শিৱৰ জয়ন্তীও পালন কৰে আৰু শিৱৰাত্ৰিও পালন কৰে। দুয়োটা শব্দৰ অৰ্থ জগতত কোনেও নাজানে। শিৱ জয়ন্তী অৰ্থাৎ শিৱৰ জন্ম। এতিয়া এয়াতো মনুষ্যৰ জন্ম পালন কৰে, শিৱৰ জন্মতো নহয়েই। বুজি নাপায় যে জন্ম কেনেকৈ লয়। শ্ৰীকৃষ্ণৰ ক্ষেত্ৰততো গায়ন আছে যে তেওঁৰ জন্ম হৈছে। শিৱ জয়ন্তীৰ ক্ষেত্ৰত কোনো বৰ্ণনাই নাই। গায়নো আছে যে পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰে। ওপৰত সূক্ষ্মবতনত বহি কাৰোবাক প্ৰেৰণা দিয়ে জানো? এয়াতো হ’ব নোৱাৰে। স্মৰণতো কৰেই পতিত-পাৱন পিতাক। যেতিয়া পিতা নিজে আহি বুজাব তেতিয়াহে মনুষ্যৰ বুদ্ধিত ধাৰণ হ’ব। এয়া ড্ৰামাত (নিৰ্ধাৰিত হৈ) থকাৰ বাবে পিতা সংগমত আহিবই লাগে। তোমালোক সন্তানসকলে জানা যে পিতাৰ আগমন হৈছে, কিন্তু এতিয়ালৈকে এনেকৈ কোনোবাই কাচিৎহে বুজি পায়, মতামতত এনেকৈ কোনেও নিলিখে যে যথাযথ পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা ভাৰতক পুনৰাই শ্ৰেষ্ঠাচাৰী, সত্যযুগী সৃষ্টি কৰি গঢ়ি আছে। যথাৰ্থ ৰীতিৰে কোনেও নুবুজে যে পিতাৰ আগমন হৈছে। স্বৰ্গৰ বাদশ্বাহীৰ উত্তৰাধিকাৰ প্ৰদান কৰি আছে। ৰাজযোগ শিকাই আছে। হাজাৰ হাজাৰ আহে আকৌ কোনোবা থাকি যায়, তেওঁলোকৰ মাজতো আহি আহি আকৌ কমি যায়। ইমান তমোপ্ৰধান বুদ্ধিৰ হৈ গৈছে যে এই সাধাৰণ কথাটিও বুজি নাপায়। পিতাই কয় - মামেকম্ (কেৱল মোক; পৰমপিতাক) স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হৈ যাব। এয়া হৈছে যোগ অগ্নি যাৰ দ্বাৰা তোমালোক সতোপ্ৰধান হৈ যাবাগৈ। কোনো বিকৰ্ম নকৰিবা। বিকৰ্ম কৰাওঁতা হৈছে ৰাৱণ, তেওঁৰ মতত নচলিবা। কাকো দুখ নিদিবা। পিতা আহিছে পতিতক পাৱন কৰি তুলিবলৈ। বাবাই কয় - তোমালোকৰো এইটোৱেই বেপাৰ। ৰাতিয়ে-দিনে এইটোৱেই চিন্তন কৰা। আমি পতিতক পাৱন কৰি তোলাৰ মাৰ্গ-দৰ্শন কেনেকৈ কৰোঁ! মাৰ্গ বহুত সহজ। যোগবলৰ দ্বাৰাই আমি সতোপ্ৰধান হ’মগৈ। এয়া হৈছে অবিনাশী চিকিৎসকৰ দৰব। এয়া কোনো মন্ত্ৰ আদি নহয়। এয়াতো কেৱল পিতাক স্মৰণ কৰিব লাগে। কিমান স্পষ্টকৈ বুজায়। কল্পই কল্পই এয়া বুজাইছিল। গায়নো কৰে - জ্ঞান, ভক্তি, বৈৰাগ্য। বৈৰাগ্য কিহৰ প্ৰতি? এই পুৰণি ছিঃ ছিঃ জগতখনৰ প্ৰতি। পুৰণি সৃষ্টিত একেবাৰে পাপ আত্মা হৈ গৈছে। এনেকৈ কয়ো যে পতিত-পাৱন, মুক্তিদাতা আহক। মুক্ত কাৰ পৰা কৰিব লাগে? দুখৰ পৰা। ৰাৱণ ৰাজ্যৰ পৰা। ৰাৱণক ইংৰাজীত ‘ইভিল’ (অসুৰ, চয়তান) বুলি কয়। সেয়েহে কয় - চয়তানৰ ৰাজ্যৰ পৰা মুক্ত কৰি ঘৰলৈ লৈ ব’লক। আমাৰ মাৰ্গ-দৰ্শক হৈ লগত লৈ ব’লক। যিদৰে কাৰোবাক কাৰাগাৰৰ পৰা উলিয়াই বহুত মৰমেৰে ঘৰলৈ লৈ যায়। বেহদৰ পিতাই সকলো সন্তানকে নিশ্চয়তা দিয়ে - তোমালোকক মই কাৰাগাৰৰ পৰা মুক্ত কৰিবলৈ আহিছোঁ। মেলা, প্ৰদৰ্শনীতো এয়া আৰ্হি (মডেলৰ) ৰূপত দেখুওৱা হৈছে। কেনেকৈ সকলো কাৰাগাৰত আৱদ্ধ হৈ আছে তথাপিও মনুষ্যই কিবা বুজি পাই জানো। পিতাই কিমান সহজ ৰীতিৰে বুজাই বিশ্বৰ মালিক কৰি তোলে। তেওঁ কয় - মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ খণ্ডন হৈ যাব। তোমালোক সত্যযুগৰ মালিক হৈ যাবা। কিমান সহজ। যিকোনো ধৰ্মৰ লোকে বুজি পাই যাব। ক’ব লাগে, অমুক ধৰ্ম কেতিয়া প্ৰতিষ্ঠা হয়! অন্তিমত সকলো আত্মা নিজৰ নিজৰ শাখাত গুচি যাব। তাৰপাছত দেৱী-দেৱতা ধৰ্ম আৰম্ভ হ'ব। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, এনেকৈ লিখা আছে। ত্ৰিমূৰ্তিৰ চিত্ৰ হৈছে এক নম্বৰ। ত্ৰিমূৰ্তি আৰু সৃষ্টিচক্ৰ এই দুখন চিত্ৰৰ ওপৰত একেবাৰে স্পষ্টকৈ বুজাব পৰা যায়। এয়াও বুজাইছে এখন হৈছে শান্তিধাম, দ্বিতীয়খন হৈছে সুখধাম আৰু এইখন হ'ল দুখধাম। এইখন দুখধামৰ প্ৰতি বৈৰাগ্য জন্মা উচিত। এতিয়া ভক্তিৰ ৰাতি পূৰা হয়, সত্যযুগ ত্ৰেতাৰ দিন আৰম্ভ হয়।

পিতাই কয় - এতিয়া পুৰণি সৃষ্টিৰ নাশ হ'ব সেইবাবে ইয়াৰ প্ৰতি বৈৰাগ্য জন্মা উচিত। সেয়া হ'ল হদৰ (সীমিত) বৈৰাগ্য, এয়া হ'ল বেহদৰ (অসীমৰ) বৈৰাগ্য। সেই সন্ন্যাসী আদিয়ে কোনো নতুন সৃষ্টি ৰচনা নকৰে, ৰচয়িতা পিতা নহয় জানো। তেওঁক কোৱা হয় স্বৰ্গীয় ঈশ্বৰ পিতা, স্বর্গ স্থাপন কৰোঁতা। অন্যতো কোনো নাই। পঢ়া হৈছে সত্যযুগী ৰাজধানী প্ৰাপ্ত কৰিবলৈ। জ্ঞান সাগৰে আহি জ্ঞান দিয়ে। জ্ঞান সাগৰ, পতিত-পাৱন বুলি তেওঁকহে কোৱা হয়। জ্ঞান কিহৰ? বেৰিষ্টাৰ, চিকিৎসকৰ জ্ঞান নেকি? পৰমাত্মাৰ সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান আছে। তাত সকলো জ্ঞান আহি যায় - বেৰিষ্টাৰী, ইঞ্জিনিয়াৰিং আদি সকলোৰে মুখ্য মাখন হৈছে ঈশ্বৰীয় জ্ঞান। সেই লৌকিক জ্ঞান পঢ়া, ইঞ্জিনিয়াৰ আদি হোৱা কোনো ডাঙৰ কথা নহয়। এয়াতো তোমালোকে জানা, সত্যযুগী নতুন সৃষ্টিৰ যি ৰীতি-প্ৰথা হ’ব, সেয়াই তাত চলিব। আমি যেনেকৈ কল্প পূৰ্বে মহল আদি নিৰ্মাণ কৰিছিলোঁ, সেয়াই পুনৰাবৃত্তি কৰিম, তাক কোৱাই হয় সত্যযুগ। তাৰ ৰীতি-প্ৰথা মনুষ্যই নাজানে। তাত কেনেকৈ হীৰা-মুকুতাৰ মহল নিৰ্মাণ হয়। তাৰ কাৰণে গায়নেই কৰা হয় 16 কলা সম্পূৰ্ণ, সম্পূৰ্ণ নিৰ্বিকাৰী। যি ৰীতি-প্ৰথা হ’ব সেই অনুসৰি ৰাজত্ব চলিব। সেয়া ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, আত্মাসকলে নিজৰ ভূমিকা পালন কৰিব। ঘৰ কেনেকৈ নিৰ্মাণ কৰিব, কেনেকৈ নিবাস কৰিব। সেয়া সকলো নিৰ্ধাৰিত হৈ আছে। যেনেকৈ এই পুৰণি সৃষ্টি চলে তেনেকৈ সেই সৃষ্টি চলিব। ইয়াত হৈছে অসুৰ, তাত হৈছে দেৱতা। শাস্ত্ৰবোৰত এই কথাবোৰ একোৱেই নাই। জ্ঞান আৰু ভক্তি, গায়নো কৰি থাকে - ব্ৰহ্মাৰ দিন, ব্ৰহ্মাৰ ৰাতি। ব্ৰহ্মাৰেই নাম লয়, বিষ্ণুৰ নলয়। ব্ৰহ্মাই বিষ্ণু হৈ যায়। ব্ৰহ্মা-সৰস্বতী বিষ্ণুৰ দুটি ৰূপ লক্ষ্মী-নাৰায়ণ সেই কাৰণে বাবাই বুজাইছে যে লক্ষ্মী-নাৰায়ণেই 84 জন্মৰ পাছত এয়া হয়। ৰাজযোগৰ তপস্যা ইয়াতেই কৰে, সূক্ষ্মবতনত নহয়। যজ্ঞ আদিও ইয়াত ৰচা হয়। পিতাই বুজায় - এয়া অন্তিম যজ্ঞ আকৌ সত্যযুগ ত্ৰেতাত কোনো যজ্ঞ নহ’ব। বিভিন্ন প্ৰকাৰৰ যজ্ঞ ৰচে, বৰষুণ নহ’লে তেতিয়া যজ্ঞ ৰচিব। কিবা দুখ হ’লে তেতিয়া যজ্ঞ ৰচে, এনেকৈ ভাবে যে যজ্ঞৰ দ্বাৰা দুখ আঁতৰি যাব। এয়াতো হৈছে সকলোতকৈ ডাঙৰ যজ্ঞ, যি জ্ঞান যজ্ঞৰ দ্বাৰা গোটেই সৃষ্টিৰ দুখ আঁতৰি যায়। এয়া হৈছে “ৰাজস্ব অশ্বমেধ অবিনাশী জ্ঞান যজ্ঞ”। সকলো ইয়াত স্বাহা হৈ (আহুতি) যাব। কিমান ভালদৰে বুজোৱা হয়।

দিল্লীত মণ্ডপ (তামিঘৰা) সাজি মেলা কৰিছে, এইটোও ভাল কথা। মণ্ডপ সাজিবলৈ জানো সময় লাগে। প্ৰেক্ষাগৃহৰ কাৰণে ইমান হায়ৰাণ হ’বলগীয়া হয়, তাতকৈতো নিজৰ মণ্ডপ সাজি লোৱা। সৰু সৰু গাঁওৰ কাৰণে সৰু মণ্ডপো সাজি লোৱা। গাঁও আদিত লাইট নাথাকিলে তেন্তে দিনতো প্ৰদৰ্শনী হ'ব পাৰে। নিজৰে সামগ্ৰী হওক, ভাৰাত কিয় ল'ব লাগে! পিতাই প্ৰদৰ্শনী কমিটিক নিৰ্দেশনা দি আছে। পানী নসৰকা (ৱাটাৰপ্ৰুফ) মণ্ডপ সাজি লোৱা। বৰষুণ আহিলেও কোনো চিন্তা নাই। বাবা যেতিয়া দিল্লীলৈ গৈছিল তেতিয়া ঠাণ্ডাতো মণ্ডপত গৈ ভাষণ দিছিল। ঠাণ্ডাৰ কাৰণেতো সকলোৰে গৰম কাপোৰ আছে। প্ৰদৰ্শনীৰ বাবেতো অনেক মণ্ডপ সাজিব পাৰা। কোনেও যাতে বিঘিনি নানে, বাৰু বীমা কৰি লোৱা। সেৱাতো কৰিবলগীয়া হয়, নহয় জানো। বুজাবও লাগে, পিতাৰ পূৰা পৰিচয় দিব লাগে। এতিয়াতো আমি পিতাৰ লগত আছোঁ। জ্ঞান সাগৰ পিতাৰ পৰা আমি জ্ঞান প্ৰাপ্ত কৰি আছোঁ। সত্যযুগত জ্ঞানৰ দৰকাৰ নাথাকে। পিতাই কয় - মই সৎগতিৰ কাৰণে আহিছোঁ আকৌ ৰাৱণৰ দ্বাৰা দুৰ্গতি হয়। সৎগতি দাতাতো একমাত্ৰ পিতাই হয়। কিমান স্পষ্টকৈ বুজোৱা হয়। কিন্তু নিজে বুজি নাপায় কেৱল কৈ দিয়ে - এয়া মনুষ্যৰ বাবে বহুত ভাল। বাকী নিজে বুজিব তাৰ বাবে আহৰি নাই। ডাঙৰ ডাঙৰ ব্যক্তিসকলকো গৈ কিমান বুজায়। কেৱল এইটো বুজা যে পিতাই কেনেকৈ শ্ৰেষ্ঠাচাৰী সৃষ্টি স্থাপন কৰে। শ্ৰেষ্ঠাচাৰী কৰি তোলাতো পিতাৰ কাম, সেইবাবেতো পিতাক আহ্বান জনায়। গায়ন কৰি থাকে - দুখ হৰণ কৰক, সুখ দিয়ক। এইটোও বুজি পায় যে পিতা আহিলে তেতিয়া আমি সমৰ্পণ হৈ যাম। শ্ৰীমতত সঠিককৈ চলিম। তথাপিও পিতাৰ শ্ৰীমতত নচলে। মনুষ্যইতো গমেই নাপায় ভগৱান কি বস্তু। সৰ্বব্যাপী বুলি কৈ দিয়ে। হেৰ’ পতিত-পাৱন ভগৱানতো এজনেই নহয় জানো। তেওঁ সৰ্বব্যাপী কেনেকৈ হ'ব? তেনেহ’লেতো সকলোৱে ভগৱান বুলি ক'ব। ভগৱান জানো সৰু-বৰ হয়। প্ৰদৰ্শনীত এইটোও দেখুওৱা হৈছে - কোনোবাই মাংস খায়, কোনোবাই কাজিয়া কৰে..... এই সকলোবোৰ ভগৱানে কৰে নেকি? সেই সময়ত মনুষ্য আনন্দিত হৈ গুচি যায়, বাহিৰলৈ গ'ল আৰু য’ৰ কথা ত’তে থাকিল। কেৱল প্ৰজা হয়। ৰজা হ'বৰ কাৰণে কিমান মগজ খটুৱায়। হাত সকলোৱে উঠায় - ৰজা হ'বৰ কাৰণে, আকৌ 5-7 দিনৰ পাছত দেখিবা নায়েই। মায়া কিমান শক্তিশালী, তৎক্ষণাৎ আবদ্ধ কৰি দিয়ে। ৰাজধানী স্থাপন কৰাতো কিমান কঠিন। ধৰ্ম প্ৰতিষ্ঠা কৰাত কঠিনতা নাই। তাত অসুৰে বিঘিনি আনে জানো। ইয়াত সন্তানসকলে কয় - বিবাহ নকৰোঁ, তেতিয়া পিতাকে কয় - বিবাহতো নিশ্চয় কৰিব লাগিব। বিবাহ অবিহনে সৃষ্টি কেনেকৈ চলিব। হেৰ’ বিবাহ নকৰাতো ভাল কথা নহয় জানো। বিবাহ নকৰিলে তেন্তে সন্তানো নহ'ব। জন্ম নিয়ন্ত্ৰণ (ৱাৰ্থ কণ্ট্ৰ’ল) হৈ যাব। পিতাই বুজায় - এতিয়া যিয়েই কৰিব তেৱেঁই পাব। আগলৈ গৈ বহুত শীঘ্ৰতাৰে বাবাৰ হৈ যাব। তোমালোক সন্তানসকলে জানা যেনেকৈ কল্প পূৰ্বে স্থাপনা হৈছিল তেনেকৈয়ে হ'ব। যিটো দিন পাৰ হৈ গ'ল সেয়া কল্প পূৰ্বৰ দৰেই, ৰাতি শোৱে, চিন্তন চলে - আজি গোটেই দিনটো যি পাৰ হৈ গ'ল সেয়া ড্ৰামাৰ পৰিকল্পনা অনুসৰি, আকৌ কালিলৈ যি হ'ব সেয়া ড্ৰামা অনুসৰি হ'ব। তোমালোকৰ বাহিৰে আন কোনেও গম নাপায় যে এইখন ড্ৰামা। তাৰ আদি-মধ্য-অন্ত কি! একোৱেই গম নাপায়। তোমালোকে গম পোৱা – তোমালোকে পুৰুষাৰ্থ কৰা বাকী সকলোতো ঘোৰ অন্ধকাৰত আছে। যি ভূমিকা চলে সেয়া ড্ৰামা অনুসৰি। আজি ইয়াত বহি আছা আৰু কাইলৈ বেমাৰ হৈ যায়, সেয়াও ড্ৰামা অনুসৰি কৰ্মভোগ ভোগ কৰা বুলি কোৱা হ’ব। কল্পই কল্পই এনেকুৱা হ’ব। ড্ৰামা বুদ্ধিত আছে সেই কাৰণে কোনো দুশ্চিন্তা নহয়। বিঘিনি আহে, কামত পলম হয় - বুজি লয় কল্পই কল্পই পলম হৈছিল। লক্ষণবোৰ এনেকৈ গম পোৱা যায়। উচ্চ পদ পাবলৈ পুৰুষাৰ্থ বহুত কৰিব লাগে। চাব লাগে যে মই উন্নতি কৰি আছোঁনে? বাবাৰ সেৱা কৰোঁ নে একে ঠাইতে থিয় হৈ আছোঁ? মই কাৰোবাৰ কল্যাণ কৰোঁনে? বহুতৰ কল্যাণ কৰিলে তেতিয়া মোৰো কল্যাণ হ’ব। পৰীক্ষা যেতিয়া পূৰা হৈ যাব তেতিয়া সকলো গম পাই যাবা যে মই এইটো পদ পাম। কল্প কল্পান্তৰৰ বাজী। আকৌ অন্তিমত বহুত অনুতাপ কৰিব যে মই ইমান সময় পুৰুষাৰ্থ কিয় নকৰিলোঁ? বাবাৰ শ্ৰীমতত কিয় নচলিলোঁ? বাবাই কেৱল কয় – মনমনাভৱ (নিজক আত্মা বুলি বুজি পৰমাত্মাক স্মৰণ কৰা), বচ্‌। কিমান মৰমেৰে কয় – সন্তানসকল, মোক স্মৰণ কৰা। আনকো মাৰ্গ-দৰ্শন কৰাৰ সেৱা কৰা। কিয়নো পুৰুষাৰ্থ কৰি উচ্চ পদ ল’ব নালাগে! তেওঁলোকক কোৱা হ’ব বুদ্ধিমান আৰু বিচক্ষণ। পঢ়াওঁতাজনেও বুজি পায় যে এওঁ শ্ৰীমতত নচলে, কাৰো কল্যাণ নকৰে তেন্তে নিশ্চয় পদো কম পাব। যিমানে অনেকক মাৰ্গ-দৰ্শন কৰাব, সিমানে উচ্চ পদ পাব। নিজৰ কাৰণে সেৱা কৰিব লাগে, যিয়ে কৰিব তেওঁ পাব। গতিকে পুৰুষাৰ্থ কৰিব লাগে যে মই কিয়নো এনেকৈ সেৱা নকৰোঁ। ক’ৰবাত প্ৰদৰ্শনী হ’লে আধা দৰমহা (অৰ্ধ ছুটী) লৈও তালৈ গৈ সেৱা কৰে। কোনোৱেতো পূৰা দৰমহা বাদ দিও সেৱা কৰে। বাবাই কয় - সতি-সন্তানৰ কাৰণে কিবা লাগে যদি পঠিয়াই দিয়া। শৰীৰ নিৰ্বাহতো হাজাৰ টকাৰেও কৰে, 10 টকাৰেও কৰে। কাৰোবাৰ ওচৰত বহুত ধন থাকিলে তেতিয়া লাখ টকাও খৰচ হয়। বাবাইতো কয় – লাগিলে ঘাঁহ কাটা, কেৱল পিতাক স্মৰণ কৰা তেতিয়া 21 জন্মৰ কাৰণে স্বৰ্গৰ মালিক হৈ যাবা। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সকলো দুশ্চিন্তাৰ পৰা মুক্ত হ’বলৈ ড্ৰামাখনক যথাৰ্থ ৰীতিৰে বুদ্ধিত ৰাখিব লাগে। যি হৈ গ’ল সেয়া কল্প পূৰ্বৰ দৰেই হ’ল।

(2) ৰাতিয়ে-দিনে এইটোৱে চিন্তন কৰিব লাগে যে মই পতিতসকলক পাৱন কৰি তোলাৰ মাৰ্গ-দৰ্শন কেনেকৈ কৰোঁ! শ্ৰীমতত নিজৰ আৰু আনৰ কল্যাণ কৰিব লাগে।

বৰদান:
বিশ্ব পৰিৱৰ্তনৰ শ্ৰেষ্ঠ কাৰ্যৰ দায়িত্ব পালন কৰি ডবল লাইট হৈ থাকোঁতা আধাৰমূৰ্ত হোৱা

যিসকল আধাৰমূৰ্ত হয়, তেওঁলোকৰ ওপৰতেই সকলো দায়িত্ব থাকে। এতিয়া তোমালোকে যিটো ৰূপেৰে, যিয়েই পদক্ষেপ ল’বা, ঠিক তেনেকৈয়ে অনেক আত্মাই তোমালোকক অনুসৰণ কৰিব, এয়া হ'ল দায়িত্ব। কিন্তু এই দায়িত্বই স্থিতি গঢ়ি তোলাত বহুত সহায় কৰে, কাৰণ ইয়াৰ দ্বাৰা অনেক আত্মাৰ আশীৰ্বাদ পোৱা যায়, যাৰ ফলত দায়িত্ব পাতল হৈ যায়, এই দায়িত্ব ক্লান্তি দূৰ কৰোঁতা হয়।

স্লোগান:
অন্তৰ আৰু মগজ দুয়োটাৰে সন্তুলন ৰাখি সেৱা কৰিলে সফলতা পোৱা যায়।


অব্যক্ত ইংগিত: পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰা

নিজৰ সৰ্ব সম্পদ অন্য আত্মাসকলৰ প্ৰতি দান কৰা — এয়াই হৈছে পৰোপকাৰ কৰা। এনে পৰোপকাৰীয়ে নিজক সৰ্ব সম্পদেৰে সম্পন্ন বেগমপুৰৰ (দুখ-শোক নোহোৱা স্থান) বাদশ্বাহ বুলি অনুভৱ কৰিব। তেওঁলোকৰ সংকল্পতো দুখ-শোকৰ সংস্কাৰ উদয় হ’ব নোৱাৰে। য’ত সেৱা থাকে, তাত কাৰোবাৰ দুৰ্বল সংস্কাৰক নাচাই, তেওঁলোকৰ প্ৰতি দয়ালু দৃষ্টি ৰাখি, অপকাৰীৰো উপকাৰ কৰা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]