02.11.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – সংগমযুগ ভাগ্যশালী হোৱাৰ যুগ, ইয়াত তোমালোকে যিমান ইচ্ছা কৰা সিমান ভাগ্যৰ তৰা উজ্বলাই তুলিব পাৰা"

প্ৰশ্ন:
নিজৰ পুৰুষার্থক তীব্ৰ কৰাৰ সহজ সাধন কি?

উত্তৰ:
পিতাক অনুসৰণ কৰি থাকিলে পুৰুষার্থ তীব্ৰ হৈ যাব। পিতাকেই চোৱা, মাতাতো গুপ্ত হৈ আছে। পিতাক অনুসৰণ কৰি থাকিলে পিতাৰ সমান উচ্চ হৈ যাবা, সেয়েহে পিতাক সঠিক ৰূপত অনুসৰণ কৰি থাকা।

প্ৰশ্ন:
পিতাই কোনসকল সন্তানক বুৰ্বক বুলি ভাবে?

উত্তৰ:
যিসকলৰ পিতাক পোৱাৰো কোনো আনন্দ নাই তেওঁলোক বুৰ্বক নহ'ল জানো। এনেহেন পিতা যিয়ে বিশ্বৰ মালিক কৰি তোলে তেওঁৰ সন্তান হোৱাৰ পাছতো যদি আনন্দিত হৈ নাথাকে তেন্তে বুৰ্বক বুলিয়ে কোৱা হ’ব নহয়।

ওঁম্শান্তি।
মৰমৰ সন্তানসকল, তোমালোক হৈছে ভাগ্যৱান তৰা। তোমালোকে জানা যে আমি শান্তিধামকো স্মৰণ কৰোঁ পিতাকো স্মৰণ কৰোঁ। পিতাক স্মৰণ কৰিলে আমি পৱিত্ৰ হৈ ঘৰলৈ যাম। ইয়াত বহি এইটো চিন্তন নকৰা জানো। পিতাই বেলগ আৰু একো কষ্ট নিদিয়ে। জীৱনমুক্তিকতো আন কোনেও নাজানে। তেওঁলোক সকলোৱে পুৰুষাৰ্থ কৰে মুক্তিৰ বাবে, কিন্তু মুক্তিৰ অৰ্থই একো নুবুজে। কিছুমানে কয় - আমি ব্ৰহ্মত লীন হৈ যাম আৰু ঘূৰি নাহোঁ। তেওঁলোকে এইটো কথা নাজানে যে আমি এই চক্ৰত নিশ্চয় আহিবই লাগে। এতিয়া তোমালোক সন্তানসকলে এই কথাবোৰ বুজি পোৱা। তোমালোক সন্তানসকলে জানা যে আমি স্বদৰ্শন চক্ৰধাৰী ভাগ্যৱান তৰা। ‘লাকী’ বুলি ভাগ্যশালীসকলক কোৱা হয়। এতিয়া তোমালোক সন্তানসকলক পিতাই ভাগ্যশালী কৰি তোলে। যেনেকুৱা পিতা তেনেকুৱা সন্তান। কোনোবাজন পিতা চহকী আৰু কোনোজন গৰিব হয়। তোমালোক সন্তানসকলে জানা যে আমিতো বেহদৰ পিতাক পাই গলোঁ, যিয়ে যিমান ভাগ্যশালী হ’ব বিচাৰে হ’ব পাৰে, যিয়ে যিমান চহকী হ’ব বিচাৰে সেয়া হ’ব পাৰে। পিতাই কয় - যি বিচৰা সেয়া পুৰুষাৰ্থ কৰি লৈ লোৱা। সকলো পুৰুষাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে। পুৰুষাৰ্থ কৰি যিমান উচ্চ পদ ল’ব খোজা ল’ব পাৰা। উচ্চতকৈও উচ্চ পদ হৈছে এই লক্ষ্মী-নাৰায়ণ। স্মৃতিৰ খতিয়ানো নিশ্চয় ৰাখিব লাগে। কিয়নো তামোপ্ৰধানৰ পৰা সতোপ্ৰধান নিশ্চয় হ’বই লাগে। বুৰ্বক হৈ এনেয়ে বহি থাকিব নালাগে। পিতাই বুজাইছে - পুৰণি সৃষ্টি এতিয়া নতুন হ’বৰ হ’ল। পিতা আহেই নতুন সতোপ্ৰধান সৃষ্টিলৈ লৈ যাবৰ কাৰণে। তেওঁ হৈছে বেহদৰ পিতা, বেহদৰ সুখ দিওঁতা। তেওঁ বুজায় - সতোপ্ৰধান হ’লেহে তোমালোকে বেহদৰ সুখ পাব পাৰিবা। সতো হ’লে কম সুখ। ৰজো হ’লে তাতকৈও কম সুখ। সকলো হিচাপ পিতাই শুনাই দিয়ে। তোমালোকে প্ৰচুৰ ধন লাভ কৰা, অপাৰ সুখ লাভ কৰা। স্মৃতিত থকাৰ বাহিৰে বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ লাভ কৰাৰ আৰু কোনো উপায় নাই। যিমানেই পিতাক স্মৰণ কৰিবা স্মৃতিৰ দ্বাৰা আপোনাআপুনি দৈৱীগুণো আহিব। সতোপ্ৰধান হ’বলৈ দৈৱীগুণো নিশ্চয় লাগে। নিজৰ পৰীক্ষা নিজেই কৰিব লাগে। নিজৰ পুৰুষাৰ্থৰ দ্বাৰা যিমান উচ্চ পদ লাভ কৰিব খোজা কৰিব পাৰা। পঢ়াওঁতা শিক্ষকজনতো বহি আছে। পিতাই কয় – কল্পই কল্পই তোমালোকক এনেদৰেই বুজাওঁ। শব্দই হৈছে দুটা – ‘মনমনাভৱ’ আৰু ‘মধ্যাজী ভৱ’। বেহদৰ পিতাৰ পৰিচয় পোৱা। সেই বেহদৰ পিতাহে হৈছে বেহদৰ জ্ঞান দিওঁতা। পতিতৰ পৰা পাৱন হোৱাৰ মাৰ্গৰ বিষয়ে সেই বেহদৰ পিতাইহে বুজায়। গতিকে পিতাই যি বুজায় সেয়া কোনো নতুন কথা নহয়। ‘গীতা’তো লিখা আছে, আটাত নিমখৰ পৰিমাণৰ দৰে। নিজকে আত্মা বুলি বুজা। দেহৰ সকলো ধৰ্ম পাহৰি যোৱা। তোমালোক আৰম্ভণিতে অশৰীৰী আছিলা, এতিয়া অনেক মিত্ৰ-সম্বন্ধীয়ৰ বন্ধনত আহিছা। সকলো তমোপ্ৰধান, এতিয়া সতোপ্ৰধান হ’ব লাগে। তোমালোকে জানা যে তমোপ্ৰধানৰ পৰা আমি আকৌ সতোপ্ৰধান হওঁ আৰু তেতিয়া মিত্ৰ-সম্বন্ধীয় আদি সকলো পৱিত্ৰ হৈ যাব। কল্প পূৰ্বে যিয়ে যিমান সতোপ্ৰধান হৈছিল সিমানেই পুনৰ হ’ব। তেওঁলোকৰ পুৰুষাৰ্থও সিমানেই হ’ব। এতিয়া অনুসৰণ কাক কৰিব লাগে। গায়ন আছে - পিতাক অনুসৰণ কৰা। যিদৰে এওঁ পিতাক স্মৰণ কৰে, পুৰুষাৰ্থ কৰে এওঁক অনুসৰণ কৰা। পুৰুষাৰ্থ কৰাওঁতাজন হৈছে পিতা। তেওঁতো পুৰুষাৰ্থ নকৰে, তেওঁ পুৰুষাৰ্থ কৰায়। আকৌ কয় - মৰমৰ সন্তানসকল, পিতাক অনুসৰণ কৰা। গুপ্ত মা-পিতা থাকে নহয়। মা গুপ্ত, পিতাকতো দেখিবলৈ পোৱা যায়। এইটো ভালদৰে বুজিব লাগে। এনেকুৱা উচ্চ পদ পাবলৈ হ’লে পিতাক ভালদৰে স্মৰণ কৰা, যেনেকৈ এইজন পিতাই স্মৰণ কৰে। এইজন পিতায়ে আটাইতকৈ উচ্চ পদ লাভ কৰে। এওঁ বহুত উচ্চ আছিল পাছত এওঁৰেই বহুত জন্মৰ অন্তৰো অন্তত মই প্ৰৱেশ কৰিছোঁ। এইটো কথা ভালদৰে স্মৃতিত ৰাখিবা, নাপাহৰিবা। মায়াই বহুতকে পাহৰাই দিয়ে। তোমালোকে কোৱা যে আমি নৰৰ পৰা নাৰায়ণ হওঁ, পিতাই তাৰো যুক্তি শুনায়। কেনেকৈ তোমালোক হ’ব পাৰা। এয়াও জানা যে সকলোৱেতো সঠিক ৰূপত অনুসৰণ নকৰিব। লক্ষ্য-উদ্দেশ্য পিতাই শুনায় - পিতাক অনুসৰণ কৰা। এতিয়াৰেই গায়ন আছে। পিতায়ো এতিয়া তোমালোক সন্তানসকলক জ্ঞান দিয়ে। সন্ন্যাসীসকলৰ অনুগামী বুলি কয় কিন্তু সেয়া ভুল নহয় জানো, কিয়নো অনুসৰণতো নকৰে। তেওঁলোক হৈছে ব্ৰহ্ম জ্ঞানী, তত্ত্ব জ্ঞানী। তেওঁলোকক ঈশ্বৰে জ্ঞান নিদিয়ে। তত্ত্ব অথবা ব্ৰহ্ম জ্ঞানী বুলি কোৱা হয়। কিন্তু তত্ত্ব অথবা ব্ৰহ্মই তেওঁলোকক জ্ঞান নিদিয়ে, সেই সকলোবোৰ হৈছে শাস্ত্ৰৰ জ্ঞান। ইয়াত তোমালোকক পিতাই জ্ঞান দিয়ে, যিজনক জ্ঞানৰ সাগৰ বুলি কোৱা হয়। এইটো কথা ভালকৈ টুকি ৰাখিবা। তোমালোকে পাহৰি যোৱা এয়া অন্তৰত ভালকৈ ধাৰণা কৰিবলগীয়া কথা। পিতাই নিতৌ কয় - মৰমৰ সন্তানসকল, নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা, এতিয়া উভতি যাব লাগে। পতিততো যাব নোৱাৰিব। পৱিত্ৰ যোগবলেৰে হ’ব লাগে নহ’লে শাস্তি ভোগ কৰি যাব। সকলোৰে হিচাপ-নিকাচ নিশ্চয় নিষ্পত্তি হ’ব। পিতাই বুজাইছে - তোমালোক আত্মাসকল প্ৰকৃততে পৰমধামৰ নিবাসী হোৱা আকৌ ইয়াত সুখ আৰু দুখৰ ভূমিকা পালন কৰিছা। সুখৰ ভূমিকা হৈছে ৰামৰাজ্যত আৰু দুখৰ ভূমিকা হৈছে ৰাৱণৰাজ্যত। ৰামৰাজ্যক স্বৰ্গ বুলি কোৱা হয়, তাত সম্পূৰ্ণ সুখ আছে। গোৱাও হয় - স্বৰ্গবাসী আৰু নৰকবাসী। গতিকে এয়া ভালকৈ ধাৰণ কৰিব লাগে। যিমানে তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ গৈ থাকিবা, সিমানে অন্তৰত তোমালোকৰ আনন্দও থাকিব। যেতিয়া দ্বাপৰত ৰজো অৱস্থাত আছিলা তেতিয়াও তোমালোক আনন্দিত হৈ আছিলা। তোমালোক ইমান দুখী, বিকাৰী নাছিলা। ইয়াততো এতিয়া কিমান বিকাৰী, দুখী। তোমালোকে নিজৰ জ্যেষ্ঠসকলক চোৱা কিমান বিকাৰী, মদাহী। মদ বহুত বেয়া বস্তু। সত্যযুগততো থাকেই শুদ্ধ আত্মা পুনৰ অৱনমিত হৈ হৈ একেবাৰে ছিঃ ছিঃ হৈ যায় সেই কাৰণে ইয়াক ৰৌৰৱ নৰক বুলি কোৱা হয়। মদ এনেকুৱা বস্তু যিয়ে কাজিয়া, হতাহতি, লোকচান কৰাবলৈ দেৰি নকৰে। এই সময়ত মনুষ্যৰ বুদ্ধি যেন ভ্ৰষ্ট হৈ গ’ল। মায়া বহুত বলৱান। পিতা হৈছে সৰ্বশক্তিমান, সুখ দিওঁতা। তেনেকৈ আকৌ মায়া হৈছে বহুত দুখ দিওঁতা। কলিযুগত মনুষ্যৰ অৱস্থা কি হৈ যায়, একেবাৰে জৰাজীৰ্ণ। একোৱেই বুজি নাপায়, পাথৰ বুদ্ধিৰ। এয়াও ড্ৰামা নহয় জানো। কাৰোবাৰ ভাগ্যত নাথাকিলে তেতিয়া বুদ্ধি এনেকুৱা হৈ যায়। পিতাই জ্ঞানতো বহুত সহজ দিয়ে। সন্তান সন্তান বুলি কৈ বুজাই থাকে। মাতাসকলেও কয় মোৰ 5টি লৌকিক সন্তান আছে আৰু এটি হৈছে পাৰলৌকিক সন্তান। যি মোক সুখধামলৈ লৈ যাবলৈ আহিছে। পিতায়ো বুজি পায় তেনেকৈ সন্তানেও বুজি পায়। যাদুকৰ নহ’ল জানো। পিতা যাদুকৰ তেন্তে সন্তানসকলো যাদুকৰ হৈ যায়। এনেকৈ কয় - বাবা মোৰ সন্তানো হয়। গতিকে পিতাক অনুসৰণ কৰি এনেকুৱা হ’ব লাগে। স্বৰ্গত এওঁলোকৰ ৰাজ্য নাছিল জানো। শাস্ত্ৰত এই কথাবোৰ নাই। এই ভক্তিমাৰ্গৰ শাস্ত্ৰবোৰো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। তথাপি আকৌ ৰচিব। এয়াও পিতাই বুজায় - পঢ়াবলৈ শিক্ষকতো নিশ্চয় লাগে। কিতাপ জানো শিক্ষক হ’ব পাৰে। তেতিয়াতো শিক্ষকৰ দৰকাৰেই নাথাকিব। এই কিতাপ আদি সত্যযুগত নাথাকে।

পিতাই বুজায় - তোমালোকে আত্মাকতো বুজি পোৱা নহয়। আত্মাসকলৰ পিতাও নিশ্চয় আছে। যেতিয়া কোনোবা আহে তেতিয়া কয় – হিন্দু-মুছলমান ভাই ভাই, অৰ্থ একোৱেই নুবুজে। ভাই ভাইৰ অৰ্থ বুজিব নালাগে জানো। নিশ্চয় তেওঁলোকৰ পিতাও থাকিব। ইমান সাধাৰণ বোধ শক্তিখিনিও নাই। ভগৱানুবাচ - এয়া বহুত জন্মৰ অন্তিম জন্ম। অৰ্থ কিমান স্পষ্ট। কোনো গ্লানি নকৰে। পিতাইতো মাৰ্গ-দৰ্শন কৰায়। প্ৰথম নম্বৰৰ জনেই শেষৰ নম্বৰ হয়গৈ। বগা বৰণীয়াৰ (পাৱনৰ) পৰা শ্যামবৰণীয়া (পতিত) হয়গৈ। তোমালোকেও বুজি পোৱা - মই বগা আছিলোঁ পুনৰ এনেকুৱা হ’মগৈ। পিতাক স্মৰণ কৰিলেহে এনেকুৱা হ’বাগৈ। এয়া হৈছে ৰাৱণৰ ৰাজ্য। ৰামৰাজ্যক শিৱালয় বুলি কোৱা হয়। সীতাৰ ৰাম, তেওঁতো ত্ৰেতাত ৰাজ্য কৰিছিল, এয়াও বোধশক্তিৰ কথা। দুটা কলা কম বুলি কোৱা হয়। সত্যযুগ হৈছে উচ্চ, সত্যযুগকে স্মৰণ কৰে ত্ৰেতা আৰু দ্বাপৰক ইমান স্মৰণ নকৰে। সত্যযুগ হৈছে নতুন সৃষ্টি আৰু কলিযুগ হৈছে পুৰণি সৃষ্টি। 100 শতাংশ সুখ আৰু 100 শতাংশ দুখ। সেই ত্ৰেতা আৰু দ্বাপৰ হৈছে অৰ্ধ সেয়েহে মুখ্য বুলি সত্যযুগ আৰু কলিযুগক কোৱা হয়। পিতাই সত্যযুগ স্থাপনা কৰি আছে। এতিয়া তোমালোকৰ কাম হৈছে পুৰুষাৰ্থ কৰা। সত্যযুগৰ নিবাসী হ’বা নে ত্ৰেতাৰ নিবাসী হ’বা? দ্বাপৰত পুনৰ অৱনমিত হোৱা। তথাপিও হোৱাটো দেৱী-দেৱতা ধৰ্মৰেই। কিন্তু পতিত হোৱাৰ কাৰণে নিজক দেৱী-দেৱতা বুলি ক’ব নোৱাৰে। সেয়েহে পিতাই মৰমৰ সন্তানসকলক নিতৌ বুজায়। মুখ্য কথা হৈছেই ‘মনমনাভৱ’ৰ। তোমালোকেই এক নম্বৰৰ হোৱাগৈ। 84ৰ চক্ৰ পৰিক্ৰমা লগাই অন্তিমত আহি যোৱা গতিকে এতিয়া বেহদৰ পিতাক স্মৰণ কৰিব লাগে। তেওঁ হৈছে বেহদৰ পিতা। পুৰুষোত্তম সংগমযুগতে পিতা আহি 21 প্ৰজন্মৰ কাৰণে স্বৰ্গৰ সুখ তোমালোকক দিয়ে। প্ৰজন্ম যেতিয়া পূৰা হয় তেতিয়া তোমালোকে নিজেই শৰীৰ ত্যাগ কৰা। যোগবল আছে নহয়। নিয়মেই এনেকৈ ৰচি থোৱা আছে, ইয়াকে যোগবল বুলি কোৱা হয়। তাত জ্ঞানৰ কথা নাথাকে। আপোনাআপুনি তোমালোক বৃদ্ধ হোৱা। তাত কোনো বেমাৰ আদি নাথাকে। লেঙেৰা বা শাৰীৰিক ভাৱে অক্ষম আদি নাথাকে। সৰ্বদা স্বাস্থ্যৱান (নিৰোগী) হৈ থাকে। তাত দুখৰ নাম-চিহ্নই নাথাকে। তাৰ পাছত অলপ অলপকৈ কলা কমি গৈ থাকে। বেহদৰ পিতাৰ পৰা উচ্চ উত্তৰাধিকাৰ পাবলৈ এতিয়া সন্তানসকলে পুৰুষাৰ্থ কৰিব লাগে। সন্মানসহকাৰে উত্তীৰ্ণ হ’ব লাগে। সকলোৱেতো উচ্চ পদ পাব নোৱাৰে। যিয়ে সেৱাই নকৰে তেওঁ কি পদ পাব। সংগ্ৰাহালয়ত সন্তানে কিমান সেৱা কৰে, নমতাকৈয়ে কিমান লোক আহি যায়। ইয়াক বিহংগ মাৰ্গৰ সেৱা বুলি কোৱা হয়। ক’ব নোৱাৰি ইয়াতকৈও অধিক বিহংগ মাৰ্গৰ সেৱা ওলাব। দুই-চাৰিখন মুখ্য চিত্ৰ নিশ্চয় লগত থাকিব লাগে। ডাঙৰ ডাঙৰ আকাৰৰ ত্ৰিমূৰ্তি, কল্পবৃক্ষ, সৃষ্টিচক্ৰ, ছিৰি - এয়াতো সকলো ঠাইতে বহুত ডাঙৰ ডাঙৰ হ’ব লাগে। যেতিয়া সন্তানসকল বিচাৰ বুদ্ধি সম্পন্ন হ'ব তেতিয়াহে সেৱা হ'ব নহয়। সেৱাতো হ'বই। গাঁৱতো সেৱা কৰিব লাগে। মাতাসকলৰ লিখা-পঢ়া নাথাকিলেও পিতাৰ পৰিচয় দিয়াতো বহুত সহজ। আগতে মহিলাসকলে নপঢ়িছিল। মুছলমানসকলৰ ৰাজ্যত এটা চকু মেলি বাহিৰলৈ ওলাইছিল। এই বাবা বহুত অনুভৱী। পিতাই কয় - মই এইবোৰ নাজানো। মইতো ওপৰত থাকোঁ। এই সকলোবোৰ কথা এই ব্ৰহ্মাই তোমালোকক শুনায়। এওঁ অনুভৱী, মইতো ‘মনমনাভৱ’ৰ কথাহে শুনাওঁ আৰু সৃষ্টি চক্ৰৰ ৰহস্য বুজাও, যিটো এওঁ নাজানে। এওঁ নিজৰ অনুভৱ বেলেগে বুজায়, মই সেই কথাবোৰত নাযাওঁ। মোৰ ভূমিকা হৈছে কেৱল তোমালোকক ৰাস্তা দেখুওৱা। মই পিতা, শিক্ষক, গুৰু হওঁ, শিক্ষক হৈ তোমালোকক পঢ়াওঁ, বাকী ইয়াত কৃপা আদিৰ কোনো কথা নাই। পঢ়াওঁ আৰু লগত লৈ যাওঁ। এই পঢ়াৰ দ্বাৰাই সৎগতি হয়। মই আহিছোঁৱেই তোমালোকক লৈ যাবলৈ। শিৱৰ বৰযাত্ৰী বুলি গায়ন কৰা হয়। শংকৰৰ বৰযাত্ৰী বুলি নকয়। শিৱৰ বৰযাত্ৰী, সকলো আত্মা বৰ (দৰা) পিছত যায়। এই সকলোবোৰ হৈছে ভক্তি, মই হৈছোঁ ভগৱান। তোমালোকে মোক আহ্বানেই জনাইছা পাৱন কৰি লগত লৈ যাবলৈ। গতিকে মই তোমালোক সন্তানসকলক লগত লৈয়ে যাম। হিচাপ-নিকাচ নিষ্পত্তি কৰাই লৈয়েই যাব লাগে।

পিতাইক বাৰে বাৰে কয় - মনমনাভৱ। পিতাক স্মৰণ কৰা তেতিয়া উত্তৰাধিকাৰো স্মৃতিলৈ আহিব। বিশ্বৰ বাদশ্বাহী নোপোৱা জানো। তাৰ বাবে পুৰুষাৰ্থও তেনেকৈয়ে কৰিব লাগে। তোমালোক সন্তানসকলক কোনো কষ্ট নিদিওঁ। এইটো জানো যে তোমালোকে বহুত দুখ দেখিছা। এতিয়া তোমালোকক কোনো কষ্ট নিদিওঁ। ভক্তিমাৰ্গত আয়ুসো কম হয়। অকাল মৃত্যু হৈ যায়, কিমান বিলাপ কৰে। কিমান দুখ সহন কৰে। মগজেই বেয়া হৈ যায়। এতিয়া পিতাই কয় - কেৱল মোক স্মৰণ কৰি থাকা। স্বৰ্গৰ মালিক হ'বলৈ হ’লে দৈৱীগুণো ধাৰণ কৰিব লাগে। পুৰুষাৰ্থ সদায় উচ্চ হ'বৰ কাৰণে কৰা হয় - আমি লক্ষ্মী-নাৰায়ণ হ'ম। পিতাই কয় - মই সূৰ্যবংশী-চন্দ্ৰবংশী, দুয়োটা ধৰ্ম প্ৰতিষ্ঠা কৰোঁ। তেওঁলোক বিফল হয় সেয়েহে ক্ষত্ৰিয় বুলি কোৱা হয়। যুদ্ধক্ষেত্ৰ নহয় জানো। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সুখধামৰ উত্তৰাধিকাৰৰ পূৰা অধিকাৰ ল'বৰ কাৰণে সংগমত আত্মিক যাদুকৰ হৈ পিতাকো নিজৰ সন্তান কৰি ল'ব লাগে। পূৰা উৎসৰ্গিত হ’ব লাগে।

(2) স্বদৰ্শন চক্ৰধাৰী হৈ নিজক ভাগ্যশালী তৰা কৰি তুলিব লাগে। বিহংগ মাৰ্গৰ (তীব্ৰ গতিৰ) সেৱাৰ নিমিত্ত হৈ উচ্চ পদ ল'ব লাগে। গাঁৱে গাঁৱে গৈ সেৱা কৰিব লাগে। লগতে স্মৃতিৰ খতিয়ানো নিশ্চয় ৰাখিব লাগে।

বৰদান:
দৃঢ় সংকল্প ৰূপী ফিৰিঙতিৰে আত্মিক বোমাৰ আতচবাজী জ্বলাওঁতা সদায় বিজয়ী হোৱা

আজিকালি আতচবাজীত হিচাপে বোমা তৈয়াৰ কৰে কিন্তু তোমালোকৰ দৃঢ় সংকল্পৰ ফিৰিঙতিৰে আত্মিক বোমাৰ আতচবাজী জ্বলোৱা যাৰ দ্বাৰা পুৰণি সকলো সমাপ্ত হৈ যায়। সেই লোকসকলেতো আতচবাজীত ধন অপচয় কৰিব আৰু তোমালোকে উপাৰ্জন কৰিবা। সেয়া হৈছে আতচবাজী আৰু তোমালোকৰ হৈছে উৰন্ত কলাৰ বাজী। ইয়াত তোমালোক বিজয়ী হৈ যোৱা। গতিকে দ্বৈত লাভ লোৱা, জ্বলোৱাও আৰু উপাৰ্জনো কৰা– এটোই বিধি উপযোগ কৰা।

স্লোগান:
কোনো বিশেষ কাৰ্যত সহায়কাৰী হোৱা মানেই আশীৰ্বাদৰ লিফ্‌ট লোৱা।


সফলতামূৰ্ত হ’বলৈ আজিৰ অব্যক্ত সংকেত:
সংগঠনত সফল হ’বলৈ অথবা চুড়ান্ত কাকতত উত্তীৰ্ণ হ’বলৈ সহন শক্তি লাগে কিয়নো অন্তিম সময়ত ধন বা সাধন থকা সত্ত্বেও কোনো প্ৰাপ্তি হ’ব নোৱাৰিব। এনেকুৱা পৰীক্ষাৰ সময়ত উত্তীৰ্ণ হ’বলৈ সহন শক্তি লাগে। যেনেকুৱাই ভয়ানক সময় নহওঁক যদি তোমালোকৰ শক্তিসমূহৰ পুঁজি জমা থাকে তেন্তে শক্তিসমূহে প্ৰকৃতিক দাসী কৰি দিব অৰ্থাৎ সকলো সাধন স্বতঃ প্ৰাপ্ত হৈ থাকিব।