02.11.25 Avyakt Bapdada
Assame
Murli
31.10.2007 Om Shanti Madhuban
“*“নিজৰ স্বমানৰ
সম্ভ্ৰমত থাকি অসম্ভৱক সম্ভৱ কৰি নিশ্চিন্ত বাদশ্বাহ হোৱা”*”
আজি বাপদাদাই নিজৰ
চাৰিফালৰ শ্ৰেষ্ঠ স্বমানধাৰী বিশেষ সন্তানসকলক চাই আছেহঁক। প্ৰতিগৰাকী সন্তানৰ
স্বমান ইমান বিশেষ যিটো বিশ্বৰ আন কোনো আত্মাৰেই নাই। তোমালোক সকলো বিশ্বৰ
আত্মাসকলৰ পূৰ্বজো হোৱা আৰু পূজ্যও হোৱা। গোটেই সৃষ্টিৰ বৃক্ষৰ মূল কাণ্ডত তোমালোক
আধাৰমূৰ্ত হোৱা। গোটেই বিশ্বৰ পূৰ্বজ প্ৰথম ৰচনা হোৱা। বাপদাদাই প্ৰতিগৰাকী সন্তানৰ
বিশেষত্ব দেখি আনন্দিত হয়। সৰু ল’ৰা-ছোৱালীয়ে হওক বা বয়সস্থ মাতায়ে হওক নতুবা
প্ৰবৃত্তিধাৰীয়ে হওক প্ৰত্যেকৰে বেলেগ বেলেগ বিশেষত্ব আছে। আজি কালি যিমানেই
ডাঙৰতকৈও ডাঙৰ বিজ্ঞানী নাথাকক জগতৰ হিচাপত বিশেষ হয় যি প্ৰকৃতিজিতো হৈছে, চন্দ্ৰতো
গৈ উপস্থিত হৈছে কিন্তু ইমান সূক্ষ্ম জ্যোতিস্বৰূপ আত্মাক চিনিব নোৱাৰে। আৰু ইয়াত
সৰু লৰা-ছোৱালীয়েও “মই আত্মা’, জ্যোতি বিন্দুক জানে। গৌৰৱেৰে কয় “মই আত্মা”। কিমান
ডাঙৰ মহাত্মাসকল আছে আৰু ইয়াত ব্ৰাহ্মণ মাতাসকল আছে, মাতাসকলে গৌৰৱেৰে কয় আমি
পৰমাত্মাক প্ৰাপ্ত কৰিলোঁ। প্ৰাপ্ত কৰিলা নহয়! আৰু মহাত্মাসকলে কি কয়? পৰমাত্মাক
প্ৰাপ্ত কৰা বহুত কঠিন। প্ৰবৃত্তিধাৰীসকলে প্ৰত্যাহ্বান জনায় যে আমি সকলো
প্ৰবৃত্তিত থাকি, একেলগে থাকি পৱিত্ৰ হৈ থাকোঁ কিয়নো পৱিত্ৰতা আমাৰ স্বধৰ্ম। পৰধৰ্ম
কঠিন হয়, স্বধৰ্ম সহজ হয়। আৰু জগতৰ লোকে কি কয়? জুই আৰু কপাহ একেলগে থাকিব নোৱাৰে।
বহুত কঠিন আৰু তোমালোক সকলোৱে কি কোৱা? বহুত সহজ। তোমালোক সকলোৰে আদিৰ এটা গীত আছিল
যিমানেই সদাগৰ, স্বামী আছে কিন্তু ‘অল্প’ক (পিতাক) চিনি পোৱা নাই। সূক্ষ্ম বিন্দু
আত্মাক জনা নাই কিন্তু তোমালোক সকলো সন্তানে জানি গ’লা। ইমান নিশ্চয়তা আৰু গৌৰৱেৰে
কোৱা, অসম্ভৱ সম্ভৱ হয়। বাপদাদাও প্ৰতিগৰাকী সন্তানক বিজয়ী ৰত্ন ৰূপত দেখি হৰ্ষিত
হয় কিয়নো সন্তানৰ সাহস পিতাৰ সহায় সেয়েহে জগতৰ বাবে যিটো অসম্ভৱ কথা সেয়া তোমালোকৰ
বাবে সহজ আৰু সম্ভৱ হৈ গৈছে। নিচা থাকে যে আমি পৰমাত্মাৰ পোনপটীয়া সন্তান। এইটো
নিচাৰ কাৰণে, নিশ্চয়তাৰ কাৰণে পৰমাত্ম সন্তান হোৱাৰ কাৰণে মায়াৰ পৰা হাত সাৰি আছা।
সন্তান হোৱা অৰ্থাৎ সহজে হাত সাৰি যোৱা। গতিকে সন্তান হোৱা আৰু সকলো বিঘিনিৰ পৰা,
সমস্যাৰ পৰা হাত সাৰি আছা।
তেন্তে নিজৰ ইমান
শ্ৰেষ্ঠ স্বমানক জানা নহয়! কিয় সহজ? কিয়নো তোমালোকে শান্তিৰ শক্তিৰ দ্বাৰা,
পৰিৱৰ্তন শক্তি কাৰ্যত প্ৰয়োগ কৰা। নেতিবাচকক ইতিবাচকলৈ পৰিৱৰ্তন কৰি লোৱা। মায়া
যিমানেই সমস্যাৰ ৰূপত নাহক কিন্তু তোমালোকে পৰিৱৰ্তন শক্তিৰে, শান্তিৰ শক্তিৰে
সমস্যাক সমাধানস্বৰূপ কৰি দিয়া। কাৰণক নিবাৰণ ৰূপলৈ পৰিৱৰ্তন কৰি দিয়া। ইমান শক্তি
আছে নহয়? পঠ্যক্ৰমো কৰোৱা নহয়! নেতিবাচকক ইতিবাচকলৈ পৰিৱৰ্তন কৰাৰ বিধি শিকোৱা। এই
পৰিৱৰ্তন শক্তি উত্তৰাধিকাৰত প্ৰাপ্ত কৰিছা। এটাই শক্তি নহয়, সৰ্বশক্তি পৰমাত্ম
উত্তৰাধিকাৰ ৰূপত প্ৰাপ্ত কৰিছা সেয়েহে বাপদাদাই নিতৌ কয় – প্ৰতিদিনে মুৰুলী শুনা
নহয়! নিতৌ বাপদাদাই এয়াই কয় - পিতাক স্মৰণ কৰা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। পিতাৰ
স্মৃতিও সহজে কিয় আহে? যেতিয়া উত্তৰাধিকাৰ প্ৰাপ্তি স্মৰণ কৰা তেতিয়া পিতাৰ স্মৃতি
প্ৰাপ্তিৰ বাবে সহজে আহি যায়। প্ৰত্যেক সন্তানৰ এইটো আত্মিক নিচা থাকে, অন্তৰত গীত
গায় – যি পাবলগীয়া আছিল সেয়া পাই গ’লোঁ। সকলোৰে অন্তৰত স্বতঃ এইটো গীত বাজি থাকে
নহয়! নিচা আছে নহয়! যিমানে এইটো নিচাত থাকিবা আৰু নিচাৰ চিন হ’ল, নিশ্চিন্ত হ’বা।
যদি কোনো প্ৰকাৰৰ সংকল্পত, বাণীত বা সম্বন্ধ-সম্পৰ্কত চিন্তা থাকে তেন্তে নিচা নাই।
বাপদাদাই নিশ্চিন্ত বাদশ্বাহ কৰি তুলিছে। কোৱা, নিশ্চিন্ত বাদশ্বাহ হোৱানে? যদি হোৱা
তেন্তে হাত দাঙা যিসকল নিশ্চিন্ত বাদশ্বাহ? নিশ্চিন্ত হোৱা নে কেতিয়াবা কেতিয়াবা
চিন্তা হয়? ভাল কথা। যিহেতু পিতা নিশ্চিন্ত, তেন্তে সন্তানসকলৰ কি চিন্তা আছে।
বাপদাদাইতো কৈ দিছে
যে সকলো চিন্তা বা কোনো প্ৰকাৰৰ বোজা যদি আছে তেন্তে বাপদাদাক দি দিয়া। পিতা হৈছে
সাগৰ। গতিকে সকলো বোজা সমাহিত হৈ যাব। কেতিয়াবা বাপদাদাই সন্তানসকলৰ এটা গীত শুনি
মিচিকিয়াই হাঁহে। গম পোৱানে কোনটো গীত? কি কৰোঁ, কেনেকৈ কৰোঁ..... কেতিয়াবা
কেতিয়াবাতো গোৱা নহয়। বাপদাদাইতো শুনি থাকে। কিন্তু বাপদাদাই সকলো সন্তানক এয়াই কয়
- হে মিঠা সন্তান, মৰমৰ সন্তান সাক্ষী-দৃষ্টা স্থিতিৰ আসনত স্থিৰ হৈ যোৱা আৰু আসনত
স্থিৰ হৈ খেল চোৱা, বহুত ভাল লাগিব বাঃ! ত্ৰিকালদৰ্শী স্থিতিত স্থিৰ হৈ যোৱা। আসনৰ
পৰা অৱনমিত হোৱা সেয়েহে বিষন্ন হোৱা। স্থিৰ হৈ থাকা তেতিয়া বিষন্ন নোহোৱা। কোন
তিনিটা কথাই সন্তানসকলক অশান্ত কৰে? 1) চঞ্চল মন, 2) দিগভ্ৰান্ত বুদ্ধি আৰু 3) পুৰণা
সংস্কাৰ। বাপদাদাৰ সন্তানসকলৰ এটা কথা শুনি হাঁহি উঠে, গম পোৱানে কোনকেইটা কথা? কয়
- বাবা কি কৰোঁ, মোৰ পুৰণা সংস্কাৰ হয় নহয়। বাপদাদাই মিচিকিয়ায়। যিহেতু কৈয়েই আছা -
মোৰ সংস্কাৰ, তেন্তে মোৰ কৰি লৈছা। মোৰ ওপৰততো অধিকাৰ থাকেই। যিহেতু পুৰণা সংস্কাৰ
মোৰ কৰি ল’লা, তেন্তে যিটো মোৰ সেইটোৱেতো স্থান ল’ব নহয়! এনেকৈ জানো ব্ৰাহ্মণ
আত্মাই ক’ব পাৰে যে ‘মোৰ সংস্কাৰ’? ‘মোৰ’ ‘মোৰ’ বুলি ক’লা সেয়েহে মোৰে নিজৰ স্থান
লৈ ল’লে। তোমালোক ব্ৰাহ্মণে ‘মোৰ’ বুলি ক’ব নোৱাৰা। এয়া অতীত জীৱনৰ সংস্কাৰ। শূদ্ৰ
জীৱনৰ সংস্কাৰ। ব্ৰাহ্মণ জীৱনৰ নহয়। গতিকে ‘মোৰ’ ‘মোৰ’ বুলি কৈছা সেয়েহে পুৰণা
সংস্কাৰো ‘মোৰ’ অধিকাৰেৰে বহি গ’ল। ব্ৰাহ্মণ জীৱনৰ শ্ৰেষ্ঠ সংস্কাৰ কি জানা নহয়! আৰু
এই সংস্কাৰ যাক তোমালোকে পুৰণা বুলি কোৱা সেয়াও পুৰণা নহয়, তোমালোক শ্ৰেষ্ঠ
আত্মাসকলৰ অতি পুৰণা সংস্কাৰ হৈছে অনাদি আৰু আদি সংস্কাৰ। এয়াতো দ্বাপৰ, মধ্যৰ
সংস্কাৰ। গতিকে মধ্যৰ সংস্কাৰ পিতাৰ সহায়ত সমাপ্ত কৰি দিবা, একো কঠিন নহয়। কিন্তু
হয় কি? পিতা যি সদায় তোমালোকৰ লগত সংযুক্ত হৈ আছে, তেওঁক সংযুক্ত বুলি জানি সহযোগ
নোলোৱা, সংযুক্তৰ অৰ্থই হ’ল সময়ত সহযোগী। কিন্তু সময়ত সহযোগ নোলোৱাৰ কাৰণে মধ্যৰ
সংস্কাৰ মহান হৈ যায়।
বাপদাদাই জানে যে সকলো
সন্তান পিতাৰ স্নেহৰ পাত্ৰ, অধিকাৰী। বাবাই জানে যে স্নেহৰ বাবেই সকলো আহি উপস্থিত
হৈ গৈছে। বিদেশৰ পৰাই আহক বা দেশৰ পৰাই আহক, কিন্তু সকলো পৰমাত্ম স্নেহৰ আকৰ্ষণত
নিজৰ ঘৰত আহি উপস্থিত হৈছে। বাপদাদায়ো জানে – স্নেহত গৰিষ্ঠসংখ্যকেই উত্তীৰ্ণ।
বিদেশৰ পৰা স্নেহৰ বিমানেৰে আহি উপস্থিত হৈ গৈছা। কোৱা, সকলো প্ৰেমৰ সুত্ৰৰে বান্ধ
খাই ইয়াত আহি উপস্থিত হৈছা নহয়! এই পৰমাত্ম স্নেহ অন্তৰক আৰাম দিওতা হয়। বাৰু,
যিসকল প্ৰথম বাৰ ইয়ালৈ আহিছা তেওঁলোকে হাত দাঙা। হাত লৰোৱা। আহি ভাল কৰিলা।
এতিয়া বাপদাদাই যি
ঘৰৰ কাম দিছিল, স্মৃতিত আছেনে ঘৰৰ কাম? স্মৃতিত আছেনে? বাপদাদাৰ ওচৰলৈ বহুফালৰ পৰা
ফলাফল আহিছে। সকলোৰে ফলাফল অহা নাই। কাৰোবাৰ কিছু শতাংশতো আহিছে। কিন্তু এতিয়া কি
কৰিব লাগে? বাপদাদাই কি বিচাৰে? বাপদাদাই এয়াই বিচাৰে যে সকলো পূজনীয় আত্মা, পূজনীয়
আত্মাসকলৰ বিশেষ লক্ষণ আশীৰ্বাদ দিয়াই হয়। গতিকে তোমালোক সকলোৱে জানা যে তোমালোক
সকলো পূজনীয় আত্মা? গতিকে এইটোও বুজা যায় যে এই আশীৰ্বাদ দিয়া মানে আশীৰ্বাদ লোৱা।
যিয়ে আশীৰ্বাদ দিয়ে, যাক দিয়ে তেওঁলোকৰ অন্তৰৰ পৰা বাৰে বাৰে দিওঁতাজনৰ প্ৰতি
আশীৰ্বাদ নিগৰে। গতিকে হে পূজ্য আত্মাসকল, তোমালোকৰতো নিজা সংস্কাৰ হৈছে - আশীৰ্বাদ
দিয়া। অনাদি সংস্কাৰ হৈছে আশীৰ্বাদ দিয়া। যিহেতু তোমালোকৰ জড় চিত্ৰয়ো আশীৰ্বাদ দি
আছে তেন্তে তোমালোক চৈতন্য পূজ্য আত্মাসকলৰতো আশীৰ্বাদ দিয়া এইটো সভাৱসিদ্ধ সংস্কাৰ
হৈ গ’ল। বাস্তৱত আশীৰ্বাদ দিয়া এইটো সংস্কাৰ স্বভাৱসিদ্ধ স্বভাৱ। যেতিয়া কাৰোবাক
আশীৰ্বাদ দিয়া, তেতিয়া সেই আত্মাটি কিমান আনন্দিত হয়, সেই আনন্দৰ বায়ুমণ্ডল কিমান
সুখদায়ক হয়! গতিকে যিসকলে ঘৰত কৰিবলৈ দিয়া কাম কৰিলে তেওঁলোক সকলোকে, লাগিলে ইয়ালৈ
আহিছে বা অহা নাই কিন্তু বাপদাদাৰ সন্মুখত আছে। তেওঁলোকক বাপদাদাই অভিনন্দন জনাই আছে।
ঘৰৰ কাম কৰিছা গতিকে সেয়া নিজৰ স্বভাৱসিদ্ধ স্বভাৱ কৰি লৈ আগলৈও কৰি আৰু কৰাই থাকিবা।
আৰু যিসকলে কম বেছি পৰিমাণে কৰিলে, যদি কৰাও নাই তেওঁলোকেও নিজক সদায় “মই পূজ্য
আত্মা, মই পিতাৰ শ্ৰীমতত চলোঁতা বিশেষ আত্মা”, এইটো স্মৃতি বাৰে বাৰে নিজৰ স্মৃতি
আৰু স্বৰূপত আনা কিয়নো প্ৰত্যেককে যেতিয়া সোধোঁ যে তুমি কি হ’বাগৈ? তেতিয়া সকলোৱে
কয় - আমি লক্ষ্মী নাৰায়ণ হ’মগৈ। ৰাম-সীতা হ’ম বুলি কোনেও হাত নাদাঙে। যিহেতু লক্ষ্য
16 কলা হোৱাৰ তেন্তে 16 কলা অৰ্থাৎ পৰমপূজ্য, পূজ্য আত্মাৰ কৰ্তব্যই হ’ল আশীৰ্বাদ
দিয়া। এইটো সংস্কাৰ চলোঁতে-ফুৰোঁতে সহজ আৰু সদাকালৰ বাবে ধাৰণ কৰা। হোৱাই পূজ্য।
হোৱাই 16 কলাধাৰী। লক্ষ্যতো এয়াই নহয়!
বাপদাদা হৰ্ষিত হয় যে
যিসকলে কৰিছা, তেওঁলোকে নিজৰ মস্তকত বিজয়ৰ তিলক বাপদাদাৰ দ্বাৰা লগাই ল’লে। লগতে
সেৱাৰ সংবাদো বাপদাদাৰ ওচৰলৈ সকলো ফালৰ পৰা, সকলো বৰ্গৰ ফালৰ পৰা, সেৱাকেন্দ্ৰৰ
ফালৰ পৰা বহুত ভাল ফলাফল সহিত আহি পাইছে। গতিকে এফালে ঘৰৰ কাম কৰাৰ অভিনন্দন আৰু
লগতে সেৱাৰো পদম পদমগুণ অভিনন্দন। পিতাই দেখিছে গাঁৱে গাঁৱে সংবাদ দিয়াৰ সেৱা বহুত
ভালকৈ অধিকসংখ্যক স্থানত কৰিছে। এই সেৱাও দয়াশীল হৈ কৰিছে সেয়েহে সেৱাৰ
উৎসাহ-উদ্দীপনাত ফলাফলো ভাল দেখা গৈছে। এয়া পৰিশ্ৰম কৰা নাই, কিন্তু পিতাৰ প্ৰতি
স্নেহ অৰ্থাৎ সংবাদ দিয়াৰ প্ৰতি স্নেহ, স্নেহেৰে প্ৰেমেৰে সেৱা কৰিছা, গতিকে স্নেহৰ
প্ৰতিদান সকলো সেৱধাৰীয়ে স্বতঃ পিতাৰ পদম পদমগুণ স্নেহ প্ৰাপ্ত কৰিছে আৰু হৈ থাকিব।
লগতে সকলোৱে নিজৰ মৰমৰ দাদীক অতি স্নেহেৰে স্মৰণ কৰি, দাদীক স্নেহৰ প্ৰতিদান দি আছে,
এই স্নেহৰ সুৱাস বাপদাদাৰ ওচৰলৈ বহুত ভালকৈ আহি পাইছে।
এতিয়া মধুবনত যি
কাৰ্য চলি আছে, বিদেশৰে হওক বা ভাৰতৰে হওক সেই সকলো কাৰ্যও ইজন সিজনৰ সহযোগ,
সন্মানৰ আধাৰত বহুত ভালকৈ সফল হৈছে আৰু আগলৈও হ’বলগীয়া কাৰ্য সফল হৈয়েই আছে কিয়নো
সফলতাতো তোমালোকৰ ডিঙিৰ হাৰ অৰ্থাৎ মালা। পিতাৰ ডিঙিৰো হাৰ হোৱা, পিতাই সোঁৱৰাই
দিছিল যে কেতিয়াও হাৰ নামানিবা (পৰাজিত নহ’বা) কিয়নো তোমালোক হৈছা পিতাৰ ডিঙিৰ হাৰ।
ডিঙিৰ হাৰে কেতিয়া হাৰ মানিব নোৱাৰে। তেন্তে হাৰ হ’ব লাগে নে হাৰ মানিব লাগে? হাৰ
মানিব নালাগে নহয়! হাৰ হোৱাটো ভাল হয় নহয়! গতিকে কেতিয়াও হাৰ নামানিবা। হাৰ
মানোঁতাতো অনেক কোটি আত্মা আছে, তোমালোক হাৰ হৈ ডিঙিত বিৰাজমান হৈ গৈছা। এনেকুৱা হয়
নহয়! তেন্তে সংকল্প কৰা, পিতাৰ প্ৰেমত মায়াই যিমানেই ধুমুহা সন্মুখত আনক কিন্তু
মাষ্টৰ সৰ্বশক্তিমান আত্মাৰ সন্মুখত ধুমুহাও উপহাৰ হৈ যাব। এনে বৰদান সদায় স্মৃতিত
ৰাখিবা। যিমানেই উচ্চ পাহাৰ নহওক, পাহাৰ সলনি হৈ কপাহ হৈ যাব। এতিয়া সময়ৰ সমীপতা
অনুসৰি বৰদানসমূহ সকলো সময়ত অনুভৱ কৰা। অনুভৱৰ কৰ্তৃত্বশীল হোৱা।
যেতিয়াই বিচৰা তেতিয়া
নিজৰ অশৰীৰী হোৱাৰ, ফৰিস্তা স্বৰূপ হোৱাৰ ব্যায়াম কৰা। এতিয়াই ব্ৰাহ্মণ, এতিয়া
ফৰিস্তা, এতিয়াই অশৰীৰী, চলোঁতে-ফুৰোঁতে কাম-কাজ কৰিও এক মিনিট, দুই মিনিট উলিয়াই
অভ্যাস কৰা। পৰীক্ষা কৰা যি সংকল্প কৰিলা, সেইটোৱে স্বৰূপ অনুভৱ কৰিলানে? বাৰু।
চাৰিওফালৰ সদায়
শ্ৰেষ্ঠ স্বমানধাৰী, সদায় নিজক পৰমপূজ্য আৰু পূৰ্বজ অনুভৱ কৰোঁতা, সদায় নিজক সকলো
বিষয়ত অনুভৱী স্বৰূপ কৰি তোলোঁতা, সদায় পিতাৰ অন্তৰ আসনধাৰী, ভ্ৰূকুটিৰ আসনধাৰী,
সদায় শ্ৰেষ্ঠ স্থিতিৰ অনুভৱত স্থিৰ হৈ থাকোঁতা, চাৰিওফালৰ সকলো সন্তানক স্নেহপূৰ্ণ
স্মৰণ আৰু নমস্কাৰ।
সকলো ফালৰ পৰা সকলো
পত্ৰ, ই-মেইল, সংবাদ সকলো বাপদাদাৰ ওচৰত আহি পাইছে, সেৱাৰ ফল আৰু বল, সকলো
সেৱাধাৰীয়ে প্ৰাপ্ত কৰিছে আৰু প্ৰাপ্ত হৈ থাকিব। স্নেহৰ পত্ৰও বহুত আহে, পৰিৱৰ্তনৰ
পত্ৰও বহুত আহে। পৰিৱৰ্তনৰ শক্তিধাৰীসকলক বাপদাদাই অমৰ ভৱৰ বৰদান দি আছে। যিসকল
সেৱাধাৰীয়ে শ্ৰীমত সম্পূৰ্ণ ৰূপে অনুসৰণ কৰিছে, এনেকুৱা অনুসৰণ কৰোঁতা সন্তানসকলক
বাপদাদাই কয় “সদায় আজ্ঞাকাৰী সন্তান বাঃ!” বাপদাদাই এইটো বৰদান দি আছে আৰু স্নেহী
সন্তানসকলক বহুত বহুত স্নেহেৰে অন্তৰত সমাহিত কৰোঁতা অতি প্ৰিয় আৰু অতি মায়াৰ
বিঘিনিৰ পৰা উৰ্দ্ধত, এনেকুৱা বৰদান দি আছে। ভাল বাৰু।
এতিয়া সকলোৰে অন্তৰত
কোনটো উদ্দীপনা জাগি আছে? এটাই উদ্দীপনা পিতাৰ সমান হ’ব লাগে। আছেনে এইটো উদ্দীপনা?
পাণ্ডৱ, হাত দাঙা। হ’বই লাগিব। চাম, হ’ম, ‘ম’ ‘ম’ নকৰিবা... কিন্তু হ’বই লাগিব। দৃঢ়।
দৃঢ়নে? বাৰু। প্ৰত্যেকে নিজৰ ‘অ’কে’ৰ কাৰ্ড নিজৰ শিক্ষকক খতিয়ানৰ ৰূপত দি থাকিবা।
অধিক নিলিখিবা, বচ্ এখন কাৰ্ড লৈ লোৱা তাত ‘অ’কে’ লিখা বা লাইন আঁকা, বচ্। এয়াতো
কৰিব পাৰা নহয়। দীঘলীয়া পত্ৰ নিলিখিবা। ভাল বাৰু।
বৰদান:
সংগমযুগত
প্ৰত্যক্ষফলৰ দ্বাৰা শক্তিশালী হওঁতা সদায় সমৰ্থ আত্মা হোৱা
সংগমযুগত যিসকল আত্মা
বেহদ সেৱাৰ নিমিত্ত হয় তেওঁলোকৰ নিমিত্ত হোৱাৰ প্ৰত্যক্ষ ফল শক্তি প্ৰাপ্ত হয়। এই
প্ৰত্যক্ষফলেই শ্ৰেষ্ঠ যুগৰ ফল। এনেকুৱা ফল খাওঁতা শক্তিশালী আত্মাই যিকোনো
পৰিস্থিতিত সহজে বিজয় প্ৰাপ্ত কৰি লয়। তেওঁলোক সমৰ্থ পিতাৰ সংগত থকাৰ কাৰণে ব্যৰ্থৰ
পৰা সহজে মুক্ত হৈ যায়। বিষাক্ত সাপ সম পৰিস্থিতিতো তেওঁলোকে বিজয় প্ৰাপ্ত কৰি লয়
সেই কাৰণে স্মাৰকত দেখুৱায় যে শ্ৰীকৃষ্ণই সৰ্পৰ শিৰত নৃত্য কৰিলে।
স্লোগান:
সন্মান সহকাৰে
উত্তীৰ্ণ হৈ অতীতক অতিক্ৰম কৰা আৰু সদায় পিতাৰ সমীপত থাকা।
অব্যক্ত সংকেত: অশৰীৰী
তথা বিদেহী স্থিতিৰ অভ্যাস বঢ়োৱা
যেনেকৈ বাপদাদা
অশৰীৰীৰ পৰা শৰীৰত আহে তেনেকৈয়ে সন্তানসকলেও অশৰীৰী হৈ শৰীৰত আহিব লাগে। অব্যক্ত
স্থিতিত স্থিৰ হৈ পুনৰ ব্যক্তত আহা। যেনেকৈ এই শৰীৰ ত্যাগ কৰা আৰু শৰীৰ ধাৰণ কৰা,
এইটো অনুভৱ সকলোৰে আছে। তেনেকৈয়ে যেতিয়া বিচৰা তেতিয়া শৰীৰৰ বোধ ত্যাগ কৰি অশৰীৰী
হৈ যোৱা আৰু যেতিয়া বিচৰা তেতিয়া শৰীৰৰ আধাৰ লৈ কৰ্ম কৰা। একেবাৰে এনেকুৱা অনুভৱ
হওঁক যেন এই স্থূল পোছাক পৃথক আৰু পোছাক পৰিধান কৰোঁতা মই আত্মা পৃথক।