02.12.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে নিজৰ দীপক নিজেই চম্ভালিব লাগে, ধুমুহাৰ পৰা ৰক্ষা পাবলৈ জ্ঞান-যোগৰ ঘৃত নিশ্চয় লাগে"
 

প্ৰশ্ন:
কোনটো পুৰুষাৰ্থই গুপ্ত পিতাৰ পৰা গুপ্ত উত্তৰাধিকাৰ প্ৰাপ্ত কৰায়?

উত্তৰ:
অন্তৰ্মুখী অৰ্থাৎ মৌন হৈ থাকি পিতাক স্মৰণ কৰা তেতিয়া গুপ্ত উত্তৰাধিকাৰ প্ৰাপ্ত কৰিবা। স্মৃতিত থকা অৱস্থাত শৰীৰ এৰিলে সেয়াতো বহুত ভাল, এই ক্ষেত্ৰত কোনো কষ্টৰ কথা নাই। স্মৃতিত থকাৰ লগতে জ্ঞান-যোগৰ সেৱাও কৰিব লাগে, যদি কৰিব নোৱাৰা তেন্তে কৰ্মৰে সেৱা কৰা। বহুতকে সুখ দিলে তেতিয়া আশীৰ্বাদ পাবা। চাল-চলন আৰু বাৰ্তালাপো বহুত সাত্ত্বিক হোৱা উচিত।

গীত:
নিৰ্বল চে লড়াই বলৱান কী….. (নিৰ্বলীৰ সৈতে বলৱানৰ যুদ্ধ…)

ওঁম্শান্তি।
বাবাই বুজাই দিছে যেতিয়া এনেকুৱা গীত শুনা তেতিয়া প্ৰত্যেকেই নিজক লৈয়ে বিচাৰ সাগৰ মন্থন কৰিবলগীয়া হয়। এয়াতো সন্তানসকলে জানে - মনুষ্যৰ মৃত্যু হ’লে 12 দিন দীপক জ্বলোৱা হয়। তোমালোকে আকৌ মৃত্যুৰ বাবে প্ৰস্তুতি চলাই আছা আৰু নিজৰ জ্যোতি পুৰুষাৰ্থ কৰি নিজেই জগাই আছা। পুৰুষাৰ্থও মালাত আহিবলগীয়াসকলেই কৰে। প্ৰজা এই মালাত নাহে। পুৰুষাৰ্থ কৰিব লাগে যাতে মই বিজয় মালাত প্ৰথম স্থান লওঁ। ক’ৰবাত মায়া ৰূপী মেকুৰীয়ে ধুমুহা আনি বিকর্ম কৰাই যাতে দীপক নুমাই নিদিয়ে। এতিয়া ইয়াৰ বাবে জ্ঞান আৰু যোগ দুয়োটা বল লাগে। যোগৰ লগতে জ্ঞানৰো প্ৰয়োজন। প্ৰত্যেকেই নিজৰ দীপক চম্ভালিব লাগে। অন্তিম সময়লৈকে পুৰুষাৰ্থ চলিয়ে থাকিব। দৌৰ চলি থাকিব সেয়েহে বহুত চম্ভালিব লাগে - যাতে জ্যোতি কম হৈ নাযায়, নুমাই নাযায় সেইকাৰণে যোগ আৰু জ্ঞানৰ ঘৃত নিতৌ ঢালিবলগীয়া হয়। যোগবলৰ শক্তি নাথাকিলে দৌৰিব নোৱাৰে। শেষৰ ফালে থাকি যায়। স্কুলত বহুত বিষয় থাকে, যদি দেখে যে মই এইটো বিষয়ত চোকা নহয় তেতিয়া গণিতত (বা অন্য বিষয়ত) জোৰ দিয়ে। ইয়াতো তেনেকুৱা। স্থূল সেৱাৰ বিষয়টিও বহুত ভাল। বহুতৰে আশীৰ্বাদ পোৱা যায়। কোনো সন্তানে জ্ঞানৰ সেৱা কৰে। দিনে-প্ৰতিদিনে সেৱা বৃদ্ধি হৈ থাকিব। এজন ধনীৰ 6-8খন দোকানো থাকে। সকলো একেধৰণে নচলে। ক’ৰবাত কম গ্ৰাহক ক’ৰবাত বেছি। তোমালোকৰো এদিন তেনেকুৱা দিন আহিব যেতিয়া ৰাতিও আহৰি নাপাবা। সকলোৱে গম পাব যে অবিনাশী জ্ঞান ৰত্নৰে জোলোঙা ভৰপূৰ কৰিবলৈ জ্ঞান সাগৰ বাবাৰ আগমন হৈছে। তেতিয়া অনেক সন্তান আহিব। তাৰ কথাই নুসুধিবা। ইজনে-সিজনক শুনায় নহয় - ইয়াত এইটো বস্তু বহুত ভাল সস্তাত পোৱা যায়। তোমালোক সন্তানসকলেও জানা যে এই ৰাজযোগৰ শিক্ষা বহুত সহজ। সকলোৱে এই জ্ঞান ৰত্নৰ বিষয়ে গম পাই যাব তেতিয়া আহি থাকিব। তোমালোকে এই জ্ঞান আৰু যোগৰ সেৱা কৰা। যিয়ে এই জ্ঞান যোগৰ সেৱা কৰিব নোৱাৰে তেন্তে কৰ্মৰে সেৱা কৰাৰো নম্বৰ আছে। সকলোৰে আশীৰ্বাদ পাবা। ইজনে-সিজনক সুখ দিব লাগে। এয়াতো অতি সস্তা খনি। এয়া অবিনাশী হীৰা-মুকুতাৰ খনি। 8 (আঠ) ৰত্নৰ মালা গাঁথে নহয়। পুজাও কৰে কিন্তু কোনেও নাজানে, এয়া কাৰ মালা।

তোমালোক সন্তানসকলে জানা যে কেনেকৈ আমি পূজ্যৰ পৰা পূজাৰী হওঁ। এয়া অতি চমৎকাৰ জ্ঞান যিটো জগতত কোনেও নাজানে। এতিয়া তোমালোক ভাগ্যৱান তৰা সন্তানসকলৰহে নিশ্চয়তা আছে যে আমি স্বৰ্গৰ মালিক আছিলোঁ, এতিয়া নৰকৰ মালিক হৈ গ’লোঁ, স্বৰ্গৰ মালিক হ’লে পুনৰ্জন্মও তাতেই ল’বা। এতিয়া আকৌ আমি স্বৰ্গৰ মালিক হৈ আছোঁ। তোমালোক ব্ৰাহ্মণসকলেহে এই সংগমযুগৰ বিষয়ে জানা। আনফালে গোটেই জগত কলিযুগত আছে। যুগতো বেলেগ বেলেগ হয় নহয়। সত্যযুগত থাকিলেতো পুনৰ্জন্ম সত্যযুগতে ল’ব। এতিয়া তোমালোক সংগমযুগত আছা। তোমালোকৰ কোনোবাই শৰীৰ ত্যাগ কৰিলে সংস্কাৰ অনুসৰি পুনৰ ইয়াতেই আহি জন্ম ল’ব। তোমালোক হৈছা সংগমযুগৰ ব্ৰাহ্মণ। সেইসকল হৈছে কলিযুগৰ শূদ্ৰ। এই জ্ঞানো তোমালোকে এই সংগমযুগত পোৱা। তোমালোক বি.কে. জ্ঞান গংগা বাস্তৱত এতিয়া সংগমযুগত আছা। এতিয়া তোমালোকে দৌৰ লগাব লাগে। দোকান চম্ভালিব লাগে। জ্ঞান-যোগৰ ধাৰণা নহ’লে তেতিয়া দোকানো চম্ভালিব নোৱাৰিবা। সেৱাৰ প্ৰতিদান বাবাই দিব। যেতিয়া যজ্ঞ ৰচনা কৰা হয় তেতিয়া অনেক প্ৰকাৰৰ ব্ৰাহ্মণ লোক আহে। আকৌ কোনোবাই দক্ষিণা বেছি, কোনোবাই কমকৈ পায়। এতিয়া এয়া পৰমপিতা পৰমাত্মাই ৰুদ্ৰ জ্ঞান যজ্ঞ ৰচনা কৰিছে। আমি হৈছোঁ ব্ৰাহ্মণ। আমাৰ কামেই হৈছে মনুষ্যক দেৱতা কৰি তোলা। এনেকুৱা যজ্ঞ অন্য ক’তো নহয় যে কোনোবাই ক’ব যে আমি এই যজ্ঞৰ দ্বাৰা মনুষ্যৰ পৰা দেৱতা হৈ আছোঁ। ইয়াক ৰুদ্ৰ জ্ঞান যজ্ঞ অথবা পাঠাশালা বুলিও কোৱা হয়। জ্ঞান আৰু যোগেৰে প্ৰত্যেক সন্তানে দেৱী-দেৱতা পদ পাব পাৰে। বাবাই ৰায়ো দিয়ে যে তোমালোক পৰমধামৰ পৰা বাবাৰ লগত আহিছা। তোমালোকে ক’বা - আমি পৰমধামৰ নিবাসী। এই সময়ত বাবাৰ মতেৰে আমি স্বৰ্গৰ স্থাপনা কৰি আছোঁ। যিয়ে স্থাপনা কৰিব তেওঁলোকেই নিশ্চয় মালিক হ’ব। তোমালোকে জানা যে এই সৃষ্টিত আমি হৈছো অতি ভাগ্যৱান, জ্ঞান সূৰ্য, জ্ঞান চন্দ্ৰমা আৰু জ্ঞান তৰা। গঢ়ি তোলোঁতাজন হৈছে জ্ঞান সাগৰ। সেই সূৰ্য, চন্দ্ৰ, তৰাতো স্থূল নহয় জানো। তাৰ লগত আমাৰ তুলনা কৰা হয়। গতিকে আমিও আকৌ জ্ঞান সূৰ্য, জ্ঞান চন্দ্ৰমা, জ্ঞান তৰা হ’ম। আমাক এনেকৈ গঢ়ি তোলোঁতাজন হৈছে জ্ঞানৰ সাগৰ। নামতো থাকিব নহয়। জ্ঞান সূৰ্য অথবা জ্ঞান সাগৰৰ আমি সন্তান। তেওঁতো ইয়াৰ নিবাসী নহয়। বাবাই কয় - মই আহোঁ তোমালোকক নিজৰ সমান কৰি তোলোঁ। জ্ঞান সূৰ্য, জ্ঞান তৰা তোমালোক ইয়াতেই হ’ব লাগে। তোমালোকে জানা যে যথাযথ আমি ভৱিষ্যতে পুনৰ ইয়াতেই স্বৰ্গৰ মালিক হ’মগৈ। সকলো পুৰুষাৰ্থৰ ওপৰত নিৰ্ভয় কৰে। আমি মায়াক জয় কৰোঁতা যোদ্ধা। তেওঁলোকে আকৌ মনক বশ কৰিবলৈ কিমান হঠযোগ আদি কৰে। তোমালোকেতো হঠযোগ আদি কৰিব নোৱাৰা। বাবাই কয় - তোমালোকে কোনো কষ্ট আদি কৰিব নালাগে, কেৱল কওঁ তোমালোক মোৰ ওচৰলৈ আহিব লাগে সেই কাৰণে মোক স্মৰণ কৰা। মই তোমালোক সন্তানসকলক লৈ যাবলৈ আহিছোঁ। এনেকৈ আন কোনো মনুষ্যই ক’ব নোৱাৰে। যদিও নিজক ঈশ্বৰ বুলি কয় কিন্তু নিজক মাৰ্গ-দৰ্শক বুলি ক’ব নোৱাৰে। বাবাই কয় - মই মুখ্য পাণ্ডা কালৰো কাল হওঁ। সত্যৱান সাবিত্ৰীৰ এটা কাহিনী আছে নহয়! তেওঁলোকৰ দৈহিক প্ৰেম হোৱা কাৰণে দুখী হৈছিল। তোমালোকতো আনন্দিত হোৱা। মই তোমালোক আত্মাসকলক লৈ যাম, তোমালোক কেতিয়াও দুখী নোহোৱা। এইটো জানা যে আমাৰ বাবা মৰমৰ ঘৰলৈ লৈ যাবলৈ আহিছে। যাক মুক্তিধাম, নিৰ্ৱাণধাম বুলি কোৱা হয়। তেওঁ কয় - মই সকলো কালৰো কাল হওঁ। কালেতো এটা আত্মাক লৈ যায়, মই কিমান বৃহৎ কাল। 5 হাজাৰ বছৰ পূৰ্বেও মই মাৰ্গ-দৰ্শক হৈ সকলোকে লৈ গৈছিলোঁ। প্ৰিয়তমে প্ৰিয়তমাসকলক উভতাই লৈ যায় সেয়েহে তেওঁক স্মৰণ কৰিব লাগে।

তোমালোকে জানা এতিয়া আমি পঢ়ি আছোঁ পুনৰ ইয়ালৈ আহিম। প্ৰথমে মৰমৰ ঘৰলৈ যাম পাছত তললৈ আহিম। তোমালোক সন্তানসকল হৈছা স্বৰ্গৰ তৰা। আগতে নৰকৰ আছিলা। তৰা বুলি সন্তানসকলক কোৱা হয়। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি ভাগ্যশালী তৰা হয়। তোমালোকে ককাৰ সম্পত্তি প্ৰাপ্ত কৰা। খনি বহুত জৱৰদস্ত আৰু এই খনি এবাৰেই ওলায়। সেই খনিতো বহুত আছে। ওলাই থাকে। কোনোবাই যদি বিচাৰে তেন্তে বহুত আছে। এয়াতো এবাৰেই এখনেই অবিনাশী জ্ঞান ৰত্নৰ খনি প্ৰাপ্ত হয়। সেই কিতাপতো বহুত আছে। কিন্তু সেইবোৰক ৰত্ন বুলি কোৱা নহয়। বাবাক জ্ঞান সাগৰ বুলি কোৱা হয়। অবিনাশী জ্ঞান ৰত্নৰ নিৰাকাৰী খনি। এই ৰত্নবোৰৰ দ্বাৰা আমি জোলোঙা ভৰাই থাকোঁ। তোমালোক সন্তানসকল আনন্দিত হ'ব লাগে। প্ৰত্যেকৰে নিচাও থাকে। দোকানত বেপাৰ বেছিকৈ হ’লে নামো প্ৰসিদ্ধ হয়। ইয়াত প্ৰজাও তৈয়াৰ কৰি আছে আৰু উত্তৰাধিকাৰীও তৈয়াৰ কৰি আছে। ইয়াত ৰত্নৰ জোলোঙা ভৰাই আকৌ গৈ দান কৰিব লাগে। পৰমপিতা পৰমাত্মাহে জ্ঞান সাগৰ যিয়ে জ্ঞান ৰত্নৰে জোলোঙা ভৰপূৰ কৰে। বাকী সেয়া যি সমুদ্ৰ দেখুৱায় যে ৰত্নৰ ঠালি ভৰাই দেৱতাসকলক দিয়ে তেনেকুৱা কথা নহয়। সেই সাগৰৰ পৰা ৰত্ন প্ৰাপ্ত নহয়। এয়া জ্ঞান ৰত্নৰ কথা। ড্ৰামা অনুসৰি তোমালোকে আকৌ ৰত্নৰ খনিও প্ৰাপ্ত কৰা। তাত বহুত হীৰা-মুকুতা থাকিব, যাৰ দ্বাৰা আকৌ ভক্তিমাৰ্গত মন্দিৰ আদি নিৰ্মাণ কৰিবা। ভূমিকম্প আদি হ’লে সকলোবোৰ তলত গুচি যায়। তাত মহল আদিতো বহুত নিৰ্মাণ কৰা হয়, কেৱল এটা নহয়। ইয়াতো ৰজাসকলৰ বহুত প্ৰতিযোগিতা হয়। তোমালোক সন্তানসকলে জানা - হুবহু কল্প পূৰ্বে যেনেকৈ ভৱন নিৰ্মাণ কৰা হৈছিল তেনেকৈয়ে পুনৰ নিৰ্মাণ কৰিব। তাততো বহুত সহজে ভৱন আদি নিৰ্মাণ হ'ব। ‘চাইন্‌চ’ বহুত কামত আহে। কিন্তু তাত ‘চাইন্‌চ’ শব্দটি নাথাকিব। ‘চাইন্‌চ’ক হিন্দীত বিজ্ঞান বুলি কোৱা হয়। আজিকালিতো “বিজ্ঞান ভৱন” নামো ৰাখি দিছে। বিজ্ঞান শব্দটি জ্ঞানৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়। জ্ঞান আৰু যোগক বিজ্ঞান বুলি কোৱা হ’ব। জ্ঞানৰ পৰা ৰত্ন পোৱা যায়, যোগৰ দ্বাৰা আমি সৰ্বদা স্বাস্থ্যৱান হওঁ। এয়া হৈছে ‘জ্ঞান’ আৰু ‘যোগ’ৰ জ্ঞান যাৰ দ্বাৰা আকৌ বৈকুণ্ঠত বৃহৎ বৃহৎ ভৱন নিৰ্মাণ হ’ব। আমি এতিয়া এই গোটেই জ্ঞানৰ বিষয়ে জানোঁ। তোমালোকে জানা যে আমি ভাৰতক স্বৰ্গ কৰি গঢ়ি আছোঁ। তোমালোকৰ এই দেহৰ প্ৰতি কোনো মমত্ব নাই। মই আত্মাই এই শৰীৰ ত্যাগ কৰি স্বৰ্গলৈ গৈ নতুন শৰীৰ ধাৰণ কৰিম। তাতো বুজি পায় এটা পুৰণা শৰীৰ ত্যাগ কৰি নতুন শৰীৰ ল’ম। তাত কোনো দুখ বা শোক নহয়। নতুন শৰীৰ লোৱাতো ভালেই কথা। আমাক বাবাই এনেকৈ গঢ়ি আছে, যেনেকৈ কল্প পূৰ্বেও হৈছিলোঁ। আমি মনুষ্যৰ পৰা দেৱতা হৈ আছোঁ। যথাযথ কল্প পূৰ্বেও অনেক ধৰ্ম আছিল। ‘গীতা’ত এনেকৈ উল্লেখ নাই। গোৱা হয় আদি সনাতন দেৱী-দেৱতা ধৰ্ম ব্ৰহ্মাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। অনেক ধৰ্মৰ বিনাশ কেনেকৈ হয় এয়াও তোমালোকে বুজাব পাৰা। এতিয়া স্থাপনা হৈ আছে। বাবা তেতিয়াই আহিছিল যেতিয়া দেৱী-দেৱতা ধৰ্ম প্ৰায় লোপ হৈ গৈছিল। তেন্তে পৰম্পৰাগতভাৱে কেনেকৈ চলিব। এয়া অতি সহজ কথা। কাৰ বিনাশ হ’ল? অনেক ধৰ্মৰ। তেন্তে অনেক ধৰ্ম নাই জানো। এয়া অন্তিম সময়, সম্পূৰ্ণ জ্ঞান বুদ্ধিত থকা উচিত। এনেকুৱাতো নহয় যে কেৱল শিৱবাবাইহে বুজায়। এই বাবাই জানো একো নুশুনায়! তেওঁৰো ভূমিকা আছে, ব্ৰহ্মাৰ শ্ৰীমত বুলিও গায়ন আছে। শ্ৰীকৃষ্ণৰ বাবেতো শ্রীমত বুলি কোৱা নহয়। তাততো সকলো ‘শ্রী’ হয়, তেওঁলোকক মতৰ দৰকাৰে নাই। ইয়াত ব্ৰহ্মাৰো মত পোৱা যায়। তাততো যেনেকুৱা ৰজা-ৰাণী তেনেকুৱা প্ৰজা - সকলোৰে শ্ৰেষ্ঠ মত। নিশ্চয় কোনোবাই দিছিল। দেৱতাসকল হৈছে শ্ৰীমতধাৰী। শ্ৰীমতেৰেহে স্বৰ্গ স্থাপনা হয়, আসুৰি মতেৰে নৰক স্থাপনা হয়। শ্ৰীমত হৈছে শিৱৰ। এই সকলোবোৰ কথা সহজে বুজিব পাৰি। এয়া সকলো শিৱবাবাৰ দোকান। আমি সন্তানসকল হৈছোঁ পৰিচালনা কৰোঁতা। যিয়ে ভালকৈ দোকান পৰিচালনা কৰে, তেওঁৰ নাম হয়। হুবহু যেনেকৈ দোকানৰ ক্ষেত্ৰত হয়। কিন্তু এই বেপাৰ কোনোবা বিৰলজনেহে কৰিব। বেপাৰতো সকলোৱে কৰিব লাগে। সৰু শিশুৱেও জ্ঞান আৰু যোগৰ বেপাৰ কৰিব পাৰে। শান্তিধাম আৰু সুখধাম - বচ্, বুদ্ধিৰে সেয়া স্মৰণ কৰিব লাগে। সেই লোকসকলে ‘ৰাম ৰাম’ বুলি কয়। ইয়াত মৌন হৈ স্মৰণ কৰিব লাগে, একোৱে ক’ব নালাগে। শিৱপুৰী, বিষ্ণুপুৰী অতি সহজ কথা। মৰমৰ ঘৰ, মৰমৰ ৰাজধানী স্মৃতিত আছে। তেওঁলোকে স্থূল মন্ত্ৰ দিয়ে, এয়া হৈছে সূক্ষ্ম মন্ত্ৰ। অতি সূক্ষ্ম স্মৃতি। কেৱল ইয়াক স্মৰণ কৰিলেই আমি স্বৰ্গৰ মালিক হৈ যাওঁ। একোৱে জপ্ কৰিব নালাগে কেৱল স্মৰণ কৰিব লাগে। একো আৱাজ কৰিব নালাগে। গুপ্ত বাবাৰ পৰা গুপ্ত উত্তৰাধিকাৰ আমি মৌন হৈ থাকিলে, অন্তৰ্মুখী হৈ থাকিলে প্ৰাপ্ত কৰোঁ। এইটো স্মৃতিত থাকিয়েই শৰীৰ এৰিলে সেয়া বহুত ভাল। কোনো কষ্ট নাই, যাৰ স্মৃতি নিটিকে তেওঁলোকে এইটো অভ্যাস কৰিব লাগে। সকলোকে কোৱা - বাবাই কৈছে মোক স্মৰণ কৰিলে অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। স্মৃতিৰ দ্বাৰা বিকৰ্ম বিনাশ হ'ব আৰু মই স্বৰ্গলৈ পঠিয়াই দিম। বুদ্ধিযোগ শিৱবাবাৰ সৈতে লগোৱাতো অতি সহজ। সকলো নিয়মো ইয়াতেই পালন কৰিব লাগে। সতোপ্ৰধান হ’বলৈ হ’লে চলন, কথা-বাৰ্তা সকলো সাত্ত্বিক হোৱা উচিত। এয়া হৈছে নিজৰ সৈতে বাৰ্তালাপ কৰা। সংগীসকলক অতি স্নেহেৰে ক'ব লাগে। গীততো আছে নহয় – হে প্ৰিয়জন সদায় অমূল্য বাণী উচ্চাৰণ কৰা...।

তোমালোক হৈছা জ্ঞানী-যোগী। আত্মা জ্ঞানী হৈ যায়। জ্ঞানৰ সাগৰ হৈছে পিতা গতিকে নিশ্চয় আহি জ্ঞানেই শুনাব। তেওঁ কয় - মই এবাৰেই আহি শৰীৰ ধাৰণ কৰোঁ। এয়া কম যাদুকৰী নহয়! বাবাও হৈছে জ্ঞানী-যোগী। কিন্তু নিৰাকাৰেতো ক'ব নোৱাৰে সেয়েহে শৰীৰ লৈছে। কিন্তু তেওঁ পুনৰ্জন্মত নাহে। আত্মাসকলতো পুনৰ্জন্মত আহে।

তোমালোক সন্তানসকল বাবাৰ প্ৰতি উৎসৰ্গিত হৈ যোৱা গতিকে বাবাই কয় - পুনৰ মমত্ব নাৰাখিবা। একোৱেই নিজৰ বুলি নাভাবিবা। মমত্ব আতঁৰাবৰ কাৰণেহে বাবাই যুক্তি ৰচনা কৰে। খোজে প্ৰতি পিতাক সুধিব লাগে। মায়া এনেকুৱা যে চৰ মাৰি দিয়ে। পূৰা মুষ্টিযুদ্ধ হয়, বহুতেতো আঘাত প্ৰাপ্ত হৈ পুনৰ ঠিয় হৈ যায়। লিখেও - বাবা, মায়াই চৰ মাৰি দিলে, ক'লা মুখ কৰি দিলে। যেন চাৰি মহলাৰ পৰা বাগৰি পৰিল। ক্ৰোধ কৰিলে তেন্তে তৃতীয় মহলাৰ পৰা বাগৰিল। এয়া বহুত বুজিবলগীয়া কথা। এতিয়া চোৱা, সন্তানে ‘টেপ্‌’ বিচাৰি থাকে। বাবা ‘টেপ্’ পঠিয়াই দিয়ক। আমি সঠিকভাৱে মুৰুলী শুনিম। ইয়াৰো যোগাৰ হৈ আছে। বহুতে শুনিলে বহুতৰে ভাগ্য মুকলি হ’ব। বহুতৰে কল্যাণ হ'ব। মনুষ্যই কলেজ স্থাপনা কৰিলে তেতিয়া তেওঁ পৰৱৰ্তী জন্মত অতি বিদ্বান হয়। বাবায়ো কয় – ‘টেপ্ মেচিন’ ক্ৰয় কৰা তেতিয়া বহুতৰে কল্যাণ হৈ যাব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সতোপ্ৰধান হ’বৰ কাৰণে বহুত সংযমেৰে চলিব লাগে। নিজৰ খোৱা-লোৱা, কথা-বাৰ্তা সকলো সাত্ত্বিক হ’ব লাগে। পিতাৰ সমান জ্ঞানী-যোগী হ’ব লাগে।

(2) অবিনাশী জ্ঞান ৰত্নৰ নিৰাকাৰী খনিৰ পৰা নিজৰ জোলোঙা ভৰপূৰ কৰি অপাৰ আনন্দত থাকিব লাগে আৰু আনকো এই ৰত্নৰ দান দিব লাগে।

বৰদান:
নষ্টোমোহা হৈ দুখ অশান্তিৰ নাম-চিহ্ন সমাপ্ত কৰোঁতা স্মৃতি স্বৰূপ হোৱা

যিসকল সদায় এজনৰে স্মৃতিত থাকে, তেওঁলোকৰ স্থিতি একৰস হৈ যায়। একৰস স্থিতিৰ অৰ্থ হৈছে এজনৰ সৈতে সৰ্ব সম্বন্ধ, সৰ্ব প্ৰাপ্তিৰ ৰস অনুভৱ কৰা। যিসকলে পিতাক সৰ্ব সম্বন্ধৰে নিজৰ কৰি লৈ স্মৃতি স্বৰূপ হৈ থাকে তেওঁলোক সহজে নষ্টোমোহা হৈ যায়। যিসকল নষ্টোমোহা তেওঁলোকে কেতিয়াও উপাৰ্জন কৰাত, ধনৰ তত্ত্বাৱধান লোৱাত, কাৰোবাৰ বেমাৰ হ’লে... দুখৰ ঢৌ আহিব নোৱাৰে। নষ্টোমোহা অৰ্থাৎ দুখ অশান্তিৰ নাম-চিহ্ন যাতে নাথাকে। সদায় নিশ্চিন্ত।

স্লোগান:
ক্ষমাশীল তেওঁ যিয়ে দয়াশীল হৈ সকলোকে আশীৰ্বাদ দি থাকে।


সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ’বলৈ আজিৰ অব্যক্ত সংকেত:

বৰ্তমান সময়ত দুশ্চিন্তা আৰু অশান্তি বহুত, সেইকাৰণে অসন্তুষ্টতা বৃদ্ধি হৈ গৈ আছে। এনেকুৱা সময়ত তোমালোক সকলো সন্তুষ্টমণিয়ে নিজৰ সন্তুষ্টতাৰ কিৰণেৰে আনকো সন্তুষ্ট কৰা। প্ৰথমে নিজে নিজৰ প্ৰতি সন্তুষ্ট হৈ থাকা, তাৰপাছত সেৱাত সন্তুষ্ট হৈ থাকা, তাৰপাছত সম্বন্ধত সন্তুষ্ট হৈ থাকা তেতিয়াহে সন্তুষ্টমণি বুলি কোৱা হ’ব।