03.01.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – নিৰাকাৰ পিতাই তোমালোকক নিজৰ মত দি আস্তিক কৰি তোলে, আস্তিক হ'লেহে তোমালোকে পিতাৰ উত্তৰাধিকাৰ ল’ব পাৰিবা”
 

প্ৰশ্ন:
বেহদৰ ৰাজত্ব প্ৰাপ্ত কৰিবলৈ কোন দুটা কথাৰ প্ৰতি পূৰা ধ্যান দিব লাগে?

উত্তৰ:
1) পঢ়া আৰু 2) সেৱা। সেৱাৰ কাৰণে লক্ষণো বহুত ভাল হ'ব লাগে। এই পঢ়া অপূৰ্ব ইয়াৰ দ্বাৰা তোমালোকে বাদশ্বাহী প্ৰাপ্ত কৰা। দ্বাপৰৰ পৰা ধন দান কৰিলে বাদশ্বাহী পোৱা যায় কিন্তু এতিয়া তোমালোক পঢ়াৰ দ্বাৰা ৰাজকুমাৰ-ৰাজকুমাৰী হোৱা।

গীত:
হমাৰে তীৰ্থ ন্যাৰে হে… (আমাৰ তীৰ্থ অনন্য...)

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলে গীতটিৰ এটি কলি শুনিলে। তোমালোকৰ তীৰ্থ হৈছে - ঘৰত শান্তিপূৰ্বক বহি মুক্তিধামলৈ যোৱা। জগতৰ তীৰ্থবোৰতো গতানুগতিক, তোমালোকৰ হৈছে অনন্য। মনুষ্যৰ বুদ্ধিযোগতো সাধু-সন্ত আদিৰ ফালে বহুত গৈ থাকে। তোমালোক সন্তানসকলেতো কেৱল পিতাকেই স্মৰণ কৰাৰ নিৰ্দেশনা পোৱা। তেওঁ হৈছে নিৰাকাৰ পিতা। এনেকুৱা নহয় যে নিৰাকাৰক মানোতাসকল নিৰাকাৰী মত ধাৰণ কৰোঁতা হয়। জগতততো মত-মতান্তৰ বহুত আছে নহয়। এয়া এক নিৰাকাৰী মত নিৰাকাৰ পিতাই দিয়ে, যাৰ দ্বাৰা মনুষ্য উচ্চতকৈও উচ্চ পদ জীৱনমুক্তি বা মুক্তি প্ৰাপ্ত কৰে। তেওঁলোকে এই কথাবোৰ একোৱেই নাজানে। কেৱল এনেয়ে কৈ দিয়ে যে নিৰাকাৰক মানোতা। অনেক মত আছে। সত্যযুগততো হয়েই এক মত। কলিযুগত হৈছে অনেক মত। অনেক ধৰ্ম আছে, লাখ লাখ, কোটি কোটি মত হ'ব। ঘৰে ঘৰে প্ৰত্যেকৰে নিজৰ মত। ইয়াত তোমালোক সন্তানসকলক এজন পিতাই উচ্চতকৈও উচ্চ কৰি তুলিবৰ কাৰণে উচ্চতকৈও উচ্চ মত দিয়ে। তোমালোকৰ চিত্ৰ দেখি বহুলোকে কয় যে এয়া কি তৈয়াৰ কৰিছে? মুখ্য কথাটি কি? তেতিয়া ক’বা, এয়া হৈছে ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান, যি জ্ঞানৰ দ্বাৰা আমি আস্তিক হৈ যাওঁ। আস্তিক হ'লে পিতাৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্ত হয়। নাস্তিক হোৱাৰ কাৰণে উত্তৰাধিকাৰ হেৰুৱালা। এতিয়া তোমালোক সন্তানসকলৰ কামেই হৈছে এইটো - নাস্তিকসকলক আস্তিক কৰি তোলা। এই পৰিচয় তোমালোকে পিতাৰ পৰা প্ৰাপ্ত কৰিছা। ত্ৰিমূৰ্তিৰ চিত্ৰতো অতি স্পষ্ট হৈ আছে। ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণতো নিশ্চয় লাগে নহয়। ব্ৰাহ্মণৰ দ্বাৰাহে যজ্ঞ চলে। এয়া অতিকৈ শ্ৰেষ্ঠ যজ্ঞ। পোন-প্ৰথমেতো এইটো বুজাবলগীয়া হয় যে উচ্চতকৈও উচ্চ হৈছে পিতা। সকলো আত্মা ভাই ভাই হৈ গ’ল। সকলোৱে এজন পিতাক স্মৰণ কৰে। তেওঁক পিতা বুলি কয়, উত্তৰাধিকাৰো ৰচয়িতা পিতাৰ পৰা পোৱা যায়। ৰচনাৰ পৰাতো পাব নোৱাৰি সেয়েহে ঈশ্বৰক সকলোৱে স্মৰণ কৰে। এতিয়া পিতা হয়েই স্বৰ্গৰ ৰচয়িতা আৰু ভাৰতলৈকে আহে, আহি এই কাৰ্য কৰে। ত্ৰিমূৰ্তিৰ চিত্ৰতো বহুত ভাল বস্তু। এয়া বাবা, এয়া দাদা। ব্ৰহ্মাৰ দ্বাৰা বাবাই সূৰ্যবংশী কুল প্ৰতিষ্ঠা কৰি আছে। পিতাই কয় - মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব। পূৰা লক্ষ্য-উদ্দেশ্য আছে সেয়েহে বাবাই আৰ্হিও সজায়। এনেকৈ কোৱা - অতি সংক্ষেপে দুটা শব্দ মই আপোনাক বুজাম। পিতাৰ পৰা চেকেণ্ডত উত্তৰাধিকাৰ প্ৰাপ্ত কৰিব লাগে নহয়। পিতা হয়েই স্বৰ্গৰ ৰচয়িতা। এই আৰ্হিতো বহুত ভাল বস্তু। কিন্তু বহুত দেহ-অভিমানী সন্তানে বুজি নাপায়। ইয়াত এক চেকেণ্ডৰ সকলো জ্ঞান সমাহিত হৈ আছে। বাবা আহি ভাৰতকে স্বৰ্গ কৰি তোলে। নতুন সৃষ্টি পিতাইহে স্থাপনা কৰে। এই পুৰুষোত্তম সংগমযুগৰো গায়ন কৰা হৈছে। এই গোটেই জ্ঞান বুদ্ধিত প্ৰবাহিত হৈ থাকিব লাগে। কাৰোবাৰ যদি যোগ ঠিকে আছে তেন্তে জ্ঞান নাই, ধাৰণা নহয়। সেৱা কৰা সন্তানসকলৰ জ্ঞানৰ ধাৰণা ভালকৈ হ'ব পাৰে। পিতা আহি মনুষ্যক দেৱতা কৰি গঢ়ি তোলাৰ সেৱা কৰিব আৰু সন্তানসকলে কোনো সেৱা নকৰিব তেন্তে তেওঁলোক কি কামৰ? তেওঁলোকে অন্তৰত কেনেকৈ অধিষ্ঠিত হ’ব? পিতাই কয় - ড্ৰামাত মোৰ ভূমিকাই হৈছে ৰাৱণৰাজ্যৰ পৰা সকলোকে মুক্ত কৰা। ৰামৰাজ্য আৰু ৰাৱণৰাজ্য বুলি ভাৰততেই গায়ন কৰা হয়। এতিয়া ৰাম কোন? এইটোও নাজানে। গায়নো কৰে - পতিত-পাৱন, ভক্তৰ ভগৱান এজন। গতিকে পোন-প্ৰথমে যেতিয়া কোনোবা ভিতৰলৈ সোমাই আহে তেতিয়া পিতাৰ পৰিচয় দিবা। ব্যক্তি বিশেষে বুজাব লাগে। বেহদৰ পিতা আহেই বেহদ সুখৰ উত্তৰাধিকাৰ দিবলৈ। তেওঁৰ নিজৰ শৰীৰতো নাই তেন্তে উত্তৰাধিকাৰ কেনেকৈ দিয়ে? নিজে কয় যে মই এই ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা পঢ়াই, ৰাজযোগ শিকাই এই পদ প্ৰাপ্ত কৰাওঁ। এই পদকত (বেজত) চেকেণ্ডৰ বুজনি আছে। কিমান সৰু পদক কিন্তু বুজাওঁতাজন বহুত দেহী-অভিমানী হ'ব লাগে। তেনেকুৱা বহুত কম আছে। কিছুমানে এইখিনি পৰিশ্ৰম কৰিব নোৱাৰে সেয়েহে বাবাই কয় – খতিয়ান ৰাখি চোৱা - গোটেই দিনটোত মই কিমান সময় স্মৃতিত থাকোঁ? গোটেই দিন কাৰ্যালয়ত কাম কৰিও স্মৃতিত থাকিব লাগে। কৰ্মতো কৰিবই লাগে। ইয়াত যোগত বহুৱাই কয় - পিতাক স্মৰণ কৰা। সেই সময়ত কৰ্মতো নকৰা। তোমালোকেতো কৰ্ম কৰিও স্মৃতিত থাকিব লাগে। নহ'লে বহাৰ অভ্যাস হৈ যায়। কৰ্ম কৰিও স্মৃতিত থাকিলে তেতিয়া কৰ্মযোগী বুলি সিদ্ধ হ'ব। ভূমিকাতো নিশ্চয় পালন কৰিব লাগে, ইয়াতেই মায়াই বিঘিনি আনে। সততাৰে কোনেও খতিয়ানো নিলিখে। কোনো কোনোৱে লিখে, আধা ঘণ্টা, পঞ্চলিচ মিনিট স্মৃতিত থাকিলোঁ। সেয়াও পুৱাহে স্মৃতিত বহে। ভক্তিমাৰ্গতো পুৱা উঠি ৰামৰ মালা জপ কৰে। এনেকুৱাও নহয় যে সেই সময়ত একে নিচাতে থাকে। নহয়, অন্য বহুত সংকল্পও আহি থাকিব। তীব্ৰ ভক্তসকলৰ বুদ্ধি অলপ স্থিৰ হয়। এয়াতো হৈছে অজপাজপ। নতুন কথা নহয় জানো। ‘গীতা’তো ‘মনমনাভৱ’ শব্দটি আছে। কিন্তু শ্ৰীকৃষ্ণৰ নাম দি দিয়াৰ কাৰণে শ্ৰীকৃষ্ণক স্মৰণ কৰে, একোৱেই বুজি নাপায়। পদক (বেজ) লগত নিশ্চয় থাকিব লাগে। কোৱা, পিতাই ব্ৰহ্মাৰ শৰীৰত বহি বুজায়, আমি সেইজন পিতাৰ প্ৰতি প্ৰীতি ৰাখোঁ। মনুষ্যৰতো আত্মা নতুবা পৰমাত্মা কোনোটোৰে জ্ঞান নাই। পিতাৰ বাহিৰে এই জ্ঞান আন কোনেও দিব নোৱাৰে। এই ত্ৰিমূৰ্তি শিৱ সকলোতকৈ মুখ্য। পিতা আৰু উত্তৰাধিকাৰ। এই চক্ৰক বুজাতো অতি সহজ। প্ৰদৰ্শনীৰ দ্বাৰাও প্ৰজা লাখৰ হিচাপত তৈয়াৰ হৈ গৈ থাকে নহয়। ৰজা সীমিত সংখ্যক হয়, তেওঁলোকৰ প্ৰজা কোটিৰ সংখ্যাত থাকে। প্ৰজা অনেক হয়, বাকী ৰজা তৈয়াৰ কৰিব কাৰণে পুৰুষাৰ্থ কৰিব লাগে। যিয়ে বেছিকৈ সেৱা কৰে তেওঁ নিশ্চয় উচ্চ পদ প্ৰাপ্ত কৰিব। বহুত সন্তানৰ সেৱা কৰাৰ বৰ চখ আছে। এনেকৈ কয় যে চাকৰি এৰি দিওঁ, খাবৰ কাৰণেতো আছেই। বাবাৰ হৈ গ’লোঁ যেতিয়া শিৱবাবাৰহে প্ৰতিপালন ল'ম। কিন্তু বাবাই কয় - মই বানপ্ৰস্থত প্ৰৱেশ কৰিছোঁ নহয়। মাতাসকলো যুৱতী হ’লে ঘৰত থাকিয়েই দুয়োটা সেৱা কৰিব লাগে। বাবাই প্ৰত্যেকৰে পৰিস্থিতি চাই ৰায় দিয়ে। বিবাহ আদিৰ কাৰণে যদি অনুমতি নিদিয়ে তেন্তে হুলস্থুল হৈ যায় সেয়েহে প্ৰত্যেকৰে হিচাপ-নিকাচ চাই ৰায় দিয়ে। যদি কুমাৰ হয় তেন্তে ক'ব তুমি সেৱা কৰিব পাৰা। সেৱা কৰি বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্ত কৰি লোৱা। সেই পিতাৰ পৰা তোমালোকে কি পাবা? ধূলি-ছাঁই। সেইবোৰতো সকলো মাটিত মিলি যাব। দিনে-প্ৰতিদিনে সময় কম হৈ যায়। বহুতে ভাবে মোৰ সম্পত্তিৰ উত্তৰাধিকাৰী সন্তান হ'ব। কিন্তু পিতাই কয় - একোৱেই পাবলগীয়া নাই। গোটেই সম্পত্তি ছাঁইত মিলি যাব। তেওঁলোকে ভাবে পাছৰ প্ৰজন্মই খাব। ধনৱানসকলৰ ধন শেষ হ’বলৈ দেৰি নালাগে। মৃত্যুতো সমাগত। কোনেও উত্তৰাধিকাৰ ল'ব নোৱাৰিব। বহুত কম আছে যিয়ে পূৰ্ণ ৰীতিয়ে বুজাব পাৰে। বেছিকৈ সেৱা কৰাসকলেহে উচ্চ পদ প্ৰাপ্ত কৰিব। গতিকে তেওঁলোকক সন্মানো জনাব লাগে, তেওঁলোকৰ পৰা শিকিব লাগে। 21 জন্মৰ কাৰণে সন্মান দিব লাগে। তেওঁলোকে আপোনাআপুনি নিশ্চয় উচ্চ পদ প্ৰাপ্ত কৰিব, গতিকে সন্মানতো য'তে-ত'তে জনাই লাগে। নিজেও বুজিব পাৰে, যি পাইছোঁ সেয়াই ভাল, তাতেই আনন্দিত হৈ যায়।

বেহদৰ বাদশ্বাহীৰ কাৰণে পঢ়া আৰু সেৱাৰ প্ৰতি পূৰা ধ্যান দিব লাগে। এয়া হৈছে বেহদৰ পঢ়া। এয়া ৰাজধানী স্থাপনা হৈ আছে নহয়। এই পঢ়াৰ দ্বাৰা ইয়াত তোমালোকে পঢ়ি ৰাজকুমাৰ হোৱা। কোনোবা মনুষ্যই ধন দান কৰিলে তেতিয়া তেওঁ ৰজাৰ ওচৰত বা ধনৱানৰ ঘৰত জন্ম লয়। কিন্তু সেয়া হৈছে অল্পকালৰ সুখ। গতিকে এই পঢ়াৰ প্ৰতি বহুত ধ্যান দিব লাগে। সেৱাৰ চিন্তা থাকিব লাগে। মই নিজৰ গাওঁত গৈ সেৱা কৰোঁ। বহুতৰে কল্যাণ হৈ যাব। বাবাই জানে – কিছুমানৰ এতিয়াও সেৱাৰ চখ নাই। লক্ষণোতো ভাল লাগে নহয়। এনেকুৱা নহয় যে অহিত কৰি আৰুহে যজ্ঞৰো নাম বদনাম কৰিবা আৰু নিজৰে লোকচান কৰি দিবা। বাবাইতো প্ৰতিটো কথাৰ কাৰণে ভালকৈ বুজায়। পদক আদিৰ কাৰণে কিমান হেপাঁহ থাকে। পাছত বুজা যায় - ড্ৰামা অনুসৰি দেৰি আছে। এই লক্ষ্মী-নাৰায়ণৰ ‘ট্ৰাঞ্চলাইট’ৰ চিত্ৰও অতি উত্তম। কিন্তু সন্তানসকলৰ যদি আজি বৃহস্পতি দশা আকৌ কালিলৈ ৰাহুৰ দশা বহি যায়। ড্ৰামাত সাক্ষী হৈ ভূমিকা প্ৰত্যক্ষ কৰিবলগীয়া হয়। উচ্চ পদ প্ৰাপ্ত কৰোঁতাৰ সংখ্যা বহুত কম। হ'ব পাৰে গ্ৰহচাৰী আঁতৰি যাব। গ্ৰহচাৰী আঁতৰি গ’লে আকৌ জপিয়ায়। পুৰুষাৰ্থ কৰি নিজৰ জীৱন গঢ়িব লাগে, নহ'লে কল্প-কল্পান্তৰৰ কাৰণে সৰ্বনাশ হৈ যাব। বুজিব কল্প পূৰ্বৰ দৰে গ্ৰহচাৰী আহিছে। শ্ৰীমতত নচলিলে পদো নাপাব। উচ্চতকৈও উচ্চ হৈছে ভগৱানৰ শ্ৰীমত। এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰক তোমালোকৰ বাহিৰে আন কোনেও বুজিব নোৱাৰে। ক'ব চিত্ৰতো বহুত ভাল তৈয়াৰ কৰিছা, বচ্ তোমালোকে এই চিত্ৰ দেখাৰ লগে লগে মূলধাম, সূক্ষ্মধাম, স্থূলধাম গোটেই সৃষ্টি চক্ৰ বুদ্ধিত আহি যাব। তোমালোক পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জ্ঞানৱান হোৱা। বাবাতো এই চিত্ৰ দেখি বহুত আনন্দিত হয়। বিদ্যাৰ্থীসকলতো আনন্দিত হ’ব লাগে - আমি পঢ়ি এনেকুৱা হ'ম। পঢ়াৰ দ্বাৰাহে উচ্চ পদ প্ৰাপ্তি হয়। এনেকুৱা নহয় যি ভাগ্যত আছে। পুৰুষাৰ্থৰ দ্বাৰাহে প্ৰালব্ধ পোৱা যায়। পুৰুষাৰ্থ কৰাওঁতা পিতাক পাইছা, তেওঁৰ শ্ৰীমতত নচলিলে বেয়া গতি হ'ব। পোন-প্ৰথমেতো যিকোনো লোককে এই পদকৰ ওপৰতে বুজোৱা আকৌ যি লায়ক হ'ব তেওঁ তৎক্ষণাৎ ক'ব - মই এইটো ল’ব পাৰোঁনে? হয়, কিয় নোৱাৰিব। যি এইটো ধৰ্মৰ হ'ব তেওঁক বাণে আঘাত কৰিব। তেওঁৰ কল্যাণ হ'ব পাৰে। পিতাইতো চেকেণ্ডত হাতত স্বৰ্গ দি দিয়ে, ইয়াততো বহুত আনন্দিত হৈ থকা উচিত। তোমালোকে শিৱৰ ভক্তসকলক এই জ্ঞান দিয়া। কোৱা, শিৱবাবাই কয় - মোক স্মৰণ কৰিলে ৰজাৰো ৰজা হৈ যাবা। বচ্ গোটেই দিন এইটোৱে সেৱা কৰা। বিশেষকৈ বাৰানসীত শিৱৰ মন্দিৰতো বহুত আছে, তাত ভাল সেৱা হ'ব পাৰে। কোনোবা নহয় কোনোবা ওলাব। বহুত সহজ সেৱা। কোনোবাই কৰি চোৱা, ভোজনতো পাবাই, সেৱা কৰি চোৱা। সেৱাকেন্দ্ৰতো তাত আছেই। পুৱাই যোৱা মন্দিৰলৈ, ৰাতি ঘূৰি আহা। সেৱাকেন্দ্ৰ স্থাপনা কৰি দিয়া। সকলোতকৈ অধিক তোমালোকে শিৱৰ মন্দিৰত সেৱা কৰিব পাৰা। উচ্চতকৈও উচ্চ হয়েই শিৱৰ মন্দিৰ। বোম্বাইত (এতিয়া মুম্বাই) বাবুলনাথৰ মন্দিৰ আছে। গোটেই দিন তালৈ গৈ সেৱা কৰি বহুতৰে কল্যাণ কৰিব পাৰা। এই পদকেই (বেজেই) যথেষ্ট। চেষ্টা কৰি চোৱা। বাবাই কয় - এই পদক লাখনো কি 10 লাখ তৈয়াৰ কৰা। বৃদ্ধ লোকেতো বহুত ভাল সেৱা কৰিব পাৰে। অনেক প্ৰজা তৈয়াৰ হৈ যাব। পিতাই কেৱল কয় - মোক স্মৰণ কৰা বচ্, ‘মনমনাভৱ’ শব্দটি পাহৰি গ'লা। ভগৱানুৱাচ নহয় জানো। শিৱবাবাই শ্ৰীকৃষ্ণকো এই পদ প্ৰাপ্ত কৰায়, তেন্তে থেকা-খুন্দা খোৱাৰ কি প্ৰয়োজন আছে। পিতাইতো কয় - কেৱল মোক স্মৰণ কৰা। তোমালোকে সকলোতকৈ ভাল সেৱা শিৱৰ মন্দিৰত কৰিব পাৰিবা। সেৱাৰ সফলতাৰ কাৰণে দেহী-অভিমানী অৱস্থাত থাকি সেৱা কৰা। অন্তৰ স্বচ্ছ হ’লে ইচ্ছা পূৰ্ণ হয়। বাৰনসীৰ কাৰণে বাবাইতো বিশেষ ৰায় দিয়ে তাত বানপ্ৰস্থীসকলৰ আশ্ৰমো আছে। কোৱা আমি ব্ৰহ্মাৰ সন্তান ব্ৰাহ্মণ। পিতাই ব্ৰহ্মাৰ দ্বাৰা কয় - মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব, আৰু কোনো উপায় নাই। পুৱাৰ পৰা ৰাতিলৈকে শিৱৰ মন্দিৰত বহি সেৱা কৰা। চেষ্টা কৰি চোৱা। শিৱবাবাই নিজে কয় - মোৰ মন্দিৰতো বহুত আছে। তোমালোকক কোনেও একো নক'ব, আৰুহে আনন্দিত হ'ব - এওঁলোকেতো শিৱবাবাৰ বহুত মহিমা কৰে। কোৱা এওঁ ব্ৰহ্মা, এওঁ ব্ৰাহ্মণ, এওঁ কোনো দেৱতা নহয়। এৱোঁ শিৱবাবাক স্মৰণ কৰি এই পদ প্ৰাপ্ত কৰে। এওঁৰ দ্বাৰা শিৱবাবাই কয় – মামেকম্‌ স্মৰণ কৰা। কিমান সহজ। বৃদ্ধসকলকতো কোনেও অপমান নকৰিব। বাৰানসীত এতিয়ালৈকে ইমান সেৱা হোৱা নাই। পদক (বেজ) বা চিত্রৰ ওপৰত বুজোৱাতো বহুত সহজ। কোনোবা গৰিব হ’লে তেতিয়া কোৱা আপোনাক বিনামূলীয়াকৈ দিম, যদি ধনৱান হয় তেন্তে কোৱা আপুনি দিলে বহুতৰ কল্যাণৰ কাৰণে আৰু ছপাই ল'ম তেতিয়া আপোনাৰো কল্যাণ হৈ যাব। তোমালোকৰ এইটো ধান্দা অতি তীক্ষ্ণ হৈ যাব। কোনোবাই চেষ্টা কৰি চোৱা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) জ্ঞান জীৱনত ধাৰণ কৰি আকৌ সেৱা কৰিব লাগে। যিয়ে বেছি সেৱা কৰে, লক্ষণ ভাল তেওঁলোকক সন্মানো নিশ্চয় জনোৱা উচিত।

(2) কৰ্ম কৰিও স্মৃতিত থকাৰ অভ্যাস কৰিব লাগে। সেৱাৰ সফলতাৰ কাৰণে নিজৰ অৱস্থা দেহী-অভিমানী কৰি তুলিব লাগে। অন্তৰ স্বচ্ছ কৰি ৰাখিব লাগে।

বৰদান:
সকলো সমস্যা বিদায় দিয়াৰ সমাৰোহ কৰোঁতা সমাধান স্বৰূপ হোৱা

সমাধান স্বৰূপ আত্মাৰ মালা তেতিয়া তৈয়াৰ হ’ব যেতিয়া তোমালোক নিজৰ সম্পূৰ্ণ স্থিতিত থাকিবা। সম্পূৰ্ণ স্থিতিত সমস্যা শৈশৱৰ খেল যে অনুভৱ হয় অৰ্থাৎ সমাপ্ত হৈ যায়। যেনেকৈ পিতা ব্ৰহ্মাৰ সন্মুখত যদি কোনোবা সন্তান সমস্যা লৈ আহিছিল তেতিয়া সমস্যাৰ কথা কোৱাৰ সাহসো কৰিব নোৱাৰিছিল, সেই কথাই পাহৰি গৈছিল। তেনেকৈ তোমালোক সন্তানসকলো সমাধান স্বৰূপ হোৱা তেতিয়া আধাকল্পৰ কাৰণে সমস্যাসমূহৰ বিদায় সমাৰোহ হৈ যাব। বিশ্বৰ সমস্যাসমূহৰ সমাধানেই হৈছে পৰিৱৰ্তন।

স্লোগান:
যিকলে সদায় জ্ঞান মন্থন কৰে তেওঁলোক মায়াৰ আকাৰ্ষণৰ পৰা হাত সাৰি যায়।


শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

নিজৰ ডবল-লাইট ফৰিস্তা স্বৰূপ স্থিতিত থাকা, সাক্ষী হৈ সকলোৰে ভূমিকা প্ৰত্যক্ষ কৰি শক্তিৰ প্ৰকম্পন অৰ্থাৎ সহযোগ দিয়া কিয়নো তোমালোক সকলোৰে কল্যাণৰ নিমিত্ত হোৱা। এই শক্তিৰ প্ৰকম্পন দিয়া মানেই দায়িত্ব পালন কৰা, কিন্তু উচ্চ স্থিতিত থাকি শক্তিৰ প্ৰকম্পন দিয়া। বাণীৰ সেৱাৰ লগতে মনেৰে শুভ-ভাৱনাৰ বৃত্তিৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰা।