03.01.26 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল –
“খোজে প্ৰতি শ্ৰীমতত চলি থাকা, এয়া ব্ৰহ্মাৰ মত নে শিৱবাবাৰ মত, ইয়াক লৈ বিভ্ৰান্ত
নহ’বা”
প্ৰশ্ন:
ভাল বুদ্ধিমান
সন্তানসকলে কোনটো গূঢ় কথা সহজে বুজিব পাৰে?
উত্তৰ:
ব্ৰহ্মাবাবাই বুজাই আছে নে শিৱবাবাই - এইটো কথা ভাল বুদ্ধিমানসকলে সহজে বুজি ল’ব।
বহুততো ইয়াক লৈয়ে বিভ্ৰান্ত হৈ যায়। বাবাই কয় - সন্তানসকল, বাপদাদা দুয়ো একত্ৰিত হৈ
আছে। তোমালোক বিভ্ৰান্ত নহ’বা। শ্ৰীমত বুলি বুজি চলি থাকা। ব্ৰহ্মাৰ মতৰ বাবে
দায়বদ্ধও শিৱবাবা হয়।
ওঁম্শান্তি।
আত্মিক পিতাই
সন্তানসকলক বুজাই আছে, তোমালোকে বুজি পোৱা আমি ব্ৰাহ্মণসকলেহে আত্মিক পিতাক চিনি
পাওঁ। জগতত কোনো মনুষ্য মাত্ৰেই আত্মিক পিতা, যাক ঈশ্বৰ পিতা বা পৰমপিতা পৰমাত্মা
বুলি কয়, তেওঁক নাজানে। যেতিয়া সেই আত্মিক পিতা আহে তেতিয়াহে আত্মিক সন্তানসকলক
পৰিচয় দিব। এই জ্ঞান সৃষ্টিৰ আদিতো নাথাকে আৰু সৃষ্টিৰ অন্ততো নাথাকে। এতিয়া
তোমালোকে জ্ঞান প্ৰাপ্ত কৰিছা, এয়া হৈছে সৃষ্টিৰ অন্ত আৰু আদিৰ সংগমযুগ। এই
সংগমযুগকো যদি নাজানে তেন্তে পিতাক কেনেকৈ জানিব পাৰিব। কয় - হে পতিত-পাৱন আহক, আহি
পাৱন কৰি তোলক কিন্তু এইটো গম নাপায় যে পতিত-পাৱন কোন আৰু তেওঁ কেতিয়া আহিব। পিতাই
কয় - মই যি হওঁ যেনেকুৱা হওঁ, মোক কোনেও নাজানে। যেতিয়া মই আহি পৰিচয় দিম তেতিয়া
মোক জানিব। মই নিজৰ আৰু সৃষ্টিৰ আদি-মধ্য-অন্তৰ পৰিচয় সংগমযুগত এবাৰে আহি দিওঁ।
কল্পৰ পাছত পুনৰ আহোঁ। তোমালোকক যি বুজাওঁ সেয়া আকৌ প্ৰায় লোপ হৈ যায়। সত্যযুগৰ পৰা
আৰম্ভ কৰি কলিযুগৰ অন্তিমলৈকে কোনো মনুষ্য মাত্ৰেই মোক পৰমপিতা পৰমাত্মাক নাজানে।
ব্ৰহ্মা-বিষ্ণু-শংকৰকো নাজানে। মোক মনুষ্যইহে আহ্বান জনায়। ব্ৰহ্মা-বিষ্ণু-শংকৰে
জানো আহ্বান জনায়! মনুষ্য দুখী হ’লে তেতিয়া আহ্বান জনায়। সূক্ষ্মলোকৰতো কথাই নাই।
আত্মিক পিতা আহি নিজৰ আত্মিক সন্তানসকলক অৰ্থাৎ আত্মাসকলক বহি বুজায়। বাৰু, আত্মিক
পিতাৰ নাম কি? বাবা বুলি যাক কোৱা হয়, নিশ্চয় কিবা নাম থকা উচিত। যথাযথ নাম এটিয়ে
গায়ন কৰে ‘শিৱ’। শিৱ নামটি প্ৰসিদ্ধ কিন্তু মনুষ্যই অনেক নাম ৰাখি দিছে।
ভক্তিমাৰ্গত নিজৰ বুদ্ধিৰেই এই লিংগ ৰূপ তৈয়াৰ কৰি দিছে। নাম তথাপিও ‘শিৱ’ই। পিতাই
কয় - মই এবাৰ আহোঁ। আহি মুক্তি-জীৱনমুক্তিৰ উত্তৰাধিকাৰ দিওঁ। মনুষ্যই যদিও নাম লয়
- মুক্তিধাম, নিৰ্বাণধাম, কিন্তু একোৱেই নাজানে। পিতাকো নাজানে আৰু দেৱতাসকলকো
নাজানে। এইটো কোনেও গম নাপায় যে পিতা ভাৰতলৈ আহি কেনেকৈ ৰাজধানী স্থাপন কৰে।
শাস্ত্ৰবোৰতো এনেকুৱা কোনো কথা নাই যে পৰমপিতা পৰমাত্মা কেনেকৈ আহি আদি সনাতন
দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰে। এনেকুৱা নহয় যে সত্যযুগত দেৱতাসকলৰ জ্ঞান আছিল, যি
নাইকিয়া হৈ গ’ল। নহয়, যদি দেৱতাসকলৰো এই জ্ঞান থাকিলহেঁতেন তেন্তে প্ৰচলিত হৈ
আহিলহেঁতেন। ইছলাম, বৌদ্ধ আদি ধৰ্মৰ যিসকল আছে তেওঁলোকৰ জ্ঞান প্ৰচলিত হৈ আহে।
সকলোৱে জানে - এই জ্ঞান প্ৰায় লোপ হৈ যায়। মই যেতিয়া আহোঁ তেতিয়া যিসকল আত্মা পতিত
হৈ ৰাজ্য হেৰুৱাই পেলালে তেওঁলোকক আহি পুনৰ পাৱন কৰি তোলোঁ। ভাৰতত ৰাজ্য আছিল পুনৰ
কেনেকৈ হেৰুৱালা, সেইটোও কোনেও নাজানে সেইকাৰণে পিতাই কয় - সন্তানসকল কিমান তুচ্ছ
বুদ্ধিৰ হৈ গৈছে। মই সন্তানসকলক এই জ্ঞান দি প্ৰালব্ধ দিওঁ পুনৰ সকলো পাহৰি যায়।
কেনেকৈ পিতা আহিল, কেনেকৈ সন্তানসকলক শিক্ষা দিলে, সেই সকলোবোৰ পাহৰি যায়। এয়াও
ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। সন্তানসকলৰ বিচাৰ সাগৰ মন্থন কৰিবলৈ বিশাল বুদ্ধি থাকিব
লাগে।
পিতাই কয় - এই যি
শাস্ত্ৰ আদি তোমালোকে পঢ়ি আহিছা এইবোৰ সত্যযুগ-ত্ৰেতাত পঢ়া নাছিলা। তাত নাছিলেই।
তোমালোকে এই জ্ঞান পাহৰি যোৱা আকৌ গীতা আদি শাস্ত্ৰ ক’ৰ পৰা আহিল? যিসকলে গীতা শুনি
এই পদ পালে তেওঁলোকেই নাজানে তেন্তে অন্যই আকৌ কেনেকৈ জানিব পাৰিব। দেৱতাসকলেও
জানিব নোৱাৰে। আমি মনুষ্যৰ পৰা দেৱতা কেনেকৈ হ’লোঁ। সেই পুৰুষাৰ্থৰ ভূমিকাই বন্ধ হৈ
গ’ল। তোমালোকৰ প্ৰালব্ধ আৰম্ভ হৈ গ’ল। তাত এই জ্ঞান কেনেকৈ থাকিব পাৰে। পিতাই বুজায়
– এই জ্ঞান তোমালোকে পুনৰাই পাই আছা, কল্প পূৰ্বৰ দৰে। তোমালোকক ৰাজযোগ শিকাই
প্ৰালব্ধ দিয়া হয়। আকৌ তাততো দুৰ্গতি নহয়েই। গতিকে জ্ঞানৰ কথাও উদয় হ’ব নোৱাৰে।
জ্ঞান হয়েই সৎগতি পাবৰ কাৰণে। সেয়া দিওঁতা হৈছে একমাত্ৰ পিতা। সৎগতি আৰু দুৰ্গতি এই
শব্দবোৰ ইয়াৰ পৰাই ওলাইছে। সৎগতি ভাৰতবাসীয়েই পায়। বুজি পায় যে স্বৰ্গীয় ঈশ্বৰ
পিতাই স্বৰ্গ ৰচিছিল। কেতিয়া ৰচিলে? এয়া একোৱেই নাজানে। শাস্ত্ৰবোৰত লাখ লাখ বছৰ
বুলি লিখি দিছে। পিতাই কয় - সন্তানসকল, তোমালোকক পুনৰ জ্ঞান দিওঁ আকৌ এই জ্ঞান
নোহোৱা হৈ গ’লে তেতিয়া ভক্তি আৰম্ভ হয়। আধাকল্প হৈছে জ্ঞান, আধাকল্প হৈছে ভক্তি।
এয়াও কোনেও নাজানে। সত্যযুগৰ আয়ুসেই লাখ লাখ বছৰ দি দিছে। তেন্তে কেনেকৈ গম পাব। 5
হাজাৰ বছৰৰ কথাও পাহৰি গ’ল। তেন্তে লাখ লাখ বছৰৰ কথা কেনেকৈ জানিব পাৰিব। একোৱেই
বুজি নাপায়। পিতাই কিমান সহজকৈ বুজায়। কল্পৰ আয়ুস 5 হাজাৰ বছৰ। যুগেই হৈছে 4টা।
চাৰিওটাৰে সমান সময় 1250 বছৰ। ব্ৰাহ্মণৰ এইটো অতি চুটি যুগ। সেই 4টা যুগৰ তুলনাত
বহুত চুটি। গতিকে পিতাই ভিন্ন ভিন্ন ৰীতিৰে, নতুন নতুন কথা সহজ ৰীতিৰে সন্তানসকলক
বুজাই থাকে। ধাৰণা তোমালোকে কৰিব লাগে। পৰিশ্ৰম তোমালোকে কৰিব লাগে। ড্ৰামা অনুসৰি
যি বুজাই আহিছোঁ সেই ভূমিকা চলি আহি থাকে। যি ক’বলগীয়া আছিল সেয়াই আজি কৈ আছোঁ। উদয়
হৈ থাকে। তোমালোকে শুনি গৈ থাকা। তোমালোকেই ধাৰণ কৰিব আৰু কৰাব লাগে। মইতো ধাৰণ
কৰিব নালাগে। তোমালোকক শুনাওঁ, ধাৰণা কৰাওঁ। মোৰ আত্মাত ভূমিকা নিহিত হৈ আছে পতিতক
পাৱন কৰি তোলাৰ। যি কল্প পূৰ্বে বুজাইছিলোঁ সেয়াই ওলাই থাকে। মই আগতেই জনা নাছিলোঁ
যে কি শুনাম। যদিও এওঁৰ (ব্ৰহ্মাৰ) আত্মাই বিচাৰ সাগৰ মন্থন কৰে। এওঁ বিচাৰ সাগৰ
মন্থন কৰি শুনায় নে বাবাই শুনায় - এইটো অতি গূঢ় কথা, এই ক্ষেত্ৰত বুদ্ধি বহুত ভাল
হোৱা উচিত। যিসকল সেৱাত তাৎপৰ হৈ থাকিব তেওঁলোকৰেই বিচাৰ সাগৰ মন্থন চলি থাকিব।
বাস্তৱত কন্যাসকল
বন্ধনমুক্ত হয়। তেওঁলোক এই আত্মিক পঢ়াত লাগি যাব লাগে, বন্ধনতো একোৱেই নাই।
কুমাৰীসকলে ভালকৈ আহৰণ কৰিব পাৰে, তেওঁলোকৰ পঢ়া আৰু পঢ়োৱাই কাম। তেওঁলোকে উপাৰ্জন
কৰাৰ কোনো দৰকাৰ নাই। কুমাৰীয়ে যদি ভালদৰে এই জ্ঞান বুজি পাই যায় তেন্তে সকলোতকৈ
ভাল কথা। বুদ্ধিমান হ’লেতো বচ্ এই আত্মিক উপাৰ্জনত লাগি যাব। বহুতেতো চখতে লৌকিক
পঢ়া পঢ়ি থাকে। বুজোৱা হয় - ইয়াৰ পৰা একো লাভ নাই। তোমালোকে এই আত্মিক পঢ়া পঢ়ি সেৱাত
লাগি যোৱা। সেই পঢ়াতো কোনো কামৰ নহয়। পঢ়ি উঠি গৃহস্থ ব্যৱহাৰত গুচি যায়। গৃহস্থালিৰ
মাতা হৈ যায়। কন্যাসকলতো এই জ্ঞানত লাগি যাব লাগে। খোজে প্ৰতি শ্ৰীমতত চলি ধাৰণা
কৰাত লাগি যাব লাগে। মম্মা আৰম্ভণিতে আহিল আৰু এই পঢ়াত লাগি গ’ল, কিমান কুমাৰীতো
নোহোৱা হৈ গ’ল। কুমাৰীসকলৰ ভাল সুযোগ আছে। শ্ৰীমতত চলিলে অতি উত্তম হৈ যাব। এয়া
শ্ৰীমত নে ব্ৰহ্মাৰ মত – ইয়াক লৈয়ে বিভ্ৰান্ত হয়। তথাপিও এইখন বাবাৰ ৰথ হয় নহয়।
এওঁৰ দ্বাৰা কিবা ভুল হৈ গ’লেও, তোমালোক শ্ৰীমতত চলি থাকিলে তেতিয়া তেওঁ নিজেই ঠিক
কৰি দিব। শ্ৰীমত পাবাও এওঁৰ দ্বাৰা। সদায় বুজিব লাগে শ্ৰীমত পোৱা যায় লাগিলে যিয়েই
নহওঁক – দায়বদ্ধ নিজেই হয়। ইয়াৰ বাবে কিবা হৈ গ’লে, বাবাই কয় – তাৰ বাবে মই দায়ৱদ্ধ।
ড্ৰামাত এইটো ৰহস্য নিহিত হৈ আছে। এওঁকো শুধৰাব পাৰে। পিতা হয় নহয়। বাপদাদা দুয়ো
একত্ৰিত হৈ আছে সেয়েহে বিভ্ৰান্ত হয়। গম নাপাওঁ শিৱবাবাই কয় নে ব্ৰহ্মাই কয়। যদি
বুজে যে শিৱবাবাইহে মত দিয়ে তেন্তে কেতিয়াও অস্থিৰ হ’ব নোৱাৰে। শিৱবাবাই যি বুজায়
সেয়া শুদ্ধই হয়। তোমালোকে কোৱা বাবা আপুনিয়েই আমাৰ পিতা-শিক্ষক-গুৰু। তেন্তে
শ্ৰীমতত চলিব নালাগে জানো। যি কয় সেইমতে চলা। সদায় বুজিবা যে শিৱবাবাই কয় - তেওঁ
হয়েই কল্যাণকাৰী, এওঁৰ (ব্ৰহ্মাৰ) দ্বায়িত্বও তেওঁৰ ওপৰত। তেওঁৰ ৰথ হয় নহয়।
বিভ্ৰান্ত কিয় হোৱা, ক’ব নোৱাৰোঁ এয়া ব্ৰহ্মাৰ মত নে শিৱৰ? তোমালোকে কিয় নুবুজা যে
শিৱবাবাইহে বুজায়। শ্ৰীমতে যি কয় সেয়া কৰি থাকা। অন্যৰ মতত তোমালোক চলাই বা কিয়।
শ্ৰীমতত চলিলে কেতিয়া শ্বাসৰুদ্ধ হ’বলগীয়া নহ’ব। কিন্তু চলিব নোৱাৰে, বিভ্ৰান্ত হৈ
যায়। বাবাই কয় - তোমালোকে শ্ৰীমতত নিশ্চয়তা ৰাখা তেতিয়া তাৰ বাবে মই দায়ৱদ্ধ।
তোমালোকে নিশ্চয়তাই নাৰাখা তেন্তে ময়ো দায়ৱদ্ধ নহওঁ। সদায় বুজিবা শ্ৰীমতত চলিবই লাগে।
তেওঁ যি কয়, লাগিলে মৰম কৰা, লাগিলে মাৰা….. এয়া তেওঁৰ কাৰণে গায়ন কৰা হৈছে। ইয়াত
পদাঘাত আদি কৰাৰ কথা নাই। কিন্তু কাৰোবাৰ নিশ্চয়তা জন্মাটোৱেই কঠিন। পূৰা নিশ্চয়তা
হৈ গ’লে তেতিয়া কৰ্মাতীত অৱস্থা হৈ যাব। কিন্তু সেইটো অৱস্থা হ’বলৈও সময় লাগে। সেয়া
অন্তিমত হ’ব, এই ক্ষেত্ৰত নিশ্চয়তা বহুত অবিচলিত হ’ব লাগে। শিৱবাবাৰ দ্বাৰাতো
কেতিয়াও কোনো ভুল হ’ব নোৱাৰে, এওঁৰ দ্বাৰা হ’ব পাৰে। এই দুয়োজন একত্ৰিত হৈ আছে।
কিন্তু তোমালোকে নিশ্চয়তাও ৰাখিব লাগে - শিৱবাবাই বুজায়, সেইমতে আমি চলিব লাগে।
গতিকে বাবাৰ শ্ৰীমত বুলি বুজি চলি থাকা। তেতিয়া ওলোটাটোও চিধা হৈ যাব। ক’ৰবাত ভুল
বুজাবুজিও হৈ যায়। শিৱবাবা আৰু ব্ৰহ্মাবাবাৰ মুৰুলীও বহুত ভালদৰে বুজিব লাগে। বাবাই
ক’লে নে এওঁ ক’লে। এনেকুৱা নহয় যে ব্ৰহ্মাই একোৱেই নকয়। কিন্তু বাবাই বুজাইছে - বাৰু,
ধৰি লোৱা এই ব্ৰহ্মাই একো নাজানে, শিৱবাবায়ে সকলোবোৰ শুনায়। শিৱবাবাৰ ৰথক স্নান
কৰাওঁ, শিৱবাবাৰ ভঁৰালৰ সেৱা কৰোঁ - এইটো স্মৃতি থাকিলে সেয়াও বহুত ভাল। শিৱবাবাৰ
স্মৃতিত থাকি যিয়েই নকৰক বহুততকৈ তীব্ৰ বেগত যাব পাৰে। মুখ্য কথা হৈছেই শিৱবাবাৰ
স্মৃতি। ‘অল্ফ’ (পিতা) আৰু ‘বে’ (বাদশ্বাহী)। বাকী হৈছে বিস্তাৰ।
পিতাই যি বুজায় তাৰ
প্ৰতি মনোযোগ দিব লাগে। পিতাহে পতিত-পাৱন, জ্ঞানৰ সাগৰ হয় নহয়। তেৱেঁই পতিত
শূদ্ৰসকলক আহি ব্ৰাহ্মণ কৰি তোলে। ব্ৰাহ্মণসকলকহে পাৱন কৰি তোলে, শূদ্ৰসকলক পাৱন
নকৰে, এই সকলোবোৰ কথা কোনো ভাগৱত আদিত নাই। কিছু কিছু শব্দ আছে। মনুষ্যইতো এইটোও গম
নাপায় যে ৰাধা-কৃষ্ণই লক্ষ্মী-নাৰায়ণ হয়। বিভ্ৰান্ত হৈ যায়। দেৱতাসকলতো হয়েই
সূৰ্যবংশী-চন্দ্ৰবংশী। লক্ষ্মী-নাৰায়ণৰ ৰাজবংশ, সীতা-ৰামৰ ৰাজবংশ। পিতাই কয় -
ভাৰতবাসী মৰমৰ সন্তানসকল এইটো স্মৰণ কৰা, লাখ লাখ বছৰৰতো কথাই নাই। কালিৰ কথা।
তোমালোকক ৰাজ্য দিছিলোঁ। ইমান অজস্ৰ ধন-সম্পত্তি দিছিলোঁ। পিতাই তোমালোকক গোটেই
বিশ্বৰ মালিক কৰি তুলিলে, আৰু কোনো খণ্ড নাছিল, আকৌ তোমালোকৰ কি হ’ল! বিদ্বান,
আচাৰ্য, পণ্ডিত কোনেও এই কথাবোৰ নাজানে। পিতাইহে কয় – হে ভাৰতবাসী, তোমালোকক
ৰাজ্য-ভাগ্য দিছিলোঁ নহয়। তোমালোকেও আনক ক’বা - শিৱবাবাই কয় – ইমান তোমালোকক ধন
দিছিলোঁ আকৌ তোমালোকে হেৰুৱাই পেলালা! পিতাৰ সম্পত্তি কিমান শ্ৰেষ্ঠ। পিতাইহে সোধে
নহয় নে পিতা গুচি গ’লে তেতিয়া মিত্ৰ-সম্বন্ধীয়সকলে সোধে। পিতাই তোমালোকক ইমান ধন
দিলে সকলোবোৰ ক’ত হেৰুৱালা! এওঁতো বেহদৰ পিতা। পিতাই কড়িৰ পৰা হীৰাতুল্য কৰিলে।
ইমান ৰাজ্য-ভাগ্য দিলে আকৌ ধন ক’ত গ’ল? তোমালোকে কি উত্তৰ দিবা? কোনেও বুজি নাপায়।
তোমালোকে বুজি পোৱা যে পিতাই ঠিকেই সোধে - ইমান কঙাল কেনেকৈ হ’লা! প্ৰথমে সকলো
সতোপ্ৰধান আছিল, আকৌ কলা কম হৈ গ’ল তেতিয়া সকলো কমি গৈ থাকিল। সত্যযুগততো সতোপ্ৰধান
আছিল, লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল। ৰাধা-কৃষ্ণতকৈ লক্ষ্মী-নাৰায়ণৰ নাম বেছিকৈ
প্ৰচলিত। তেওঁলোকৰ (লক্ষ্মী-নাৰায়ণৰ) কোনো গ্লানিৰ কথা লিখা নাই বাকী সকলোৰে
ক্ষেত্ৰত নিন্দাসূচক কথা লিখি দিছে। লক্ষ্মী-নাৰায়ণৰ ৰাজ্যত কোনো দৈত্য আদিৰ কথা
নকয়। গতিকে এই কথাবোৰ বুজিবলগীয়া। বাবাই জ্ঞান ধনেৰে জোলোঙা ভৰপূৰ কৰি আছে। পিতাই
কয় – সন্তানসকল, এই মায়াৰ পৰা সাৱধানে থাকা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বিচাৰ
বুদ্ধি সম্পন্ন হৈ প্ৰকৃত সেৱাত লাগি যাব লাগে। দায়ৱদ্ধ হৈছে এজন পিতা সেইবাবে
শ্ৰীমতত সংশয় আনিব নালাগে। নিশ্চয়তাত অবিচলিত হৈ থাকিব লাগে।
(2) বিচাৰ সাগৰ মন্থন
কৰি পিতাৰ সকলো বুজনিৰ প্ৰতি মনোযোগ দিব লাগে। নিজে জ্ঞান ধাৰণ কৰি আনক শুনাব লাগে।
বৰদান:
নিজৰ অনাদি-আদি
প্ৰকৃত ৰূপ উপলব্ধি কৰোঁতা সম্পূৰ্ণ পৱিত্ৰ হোৱা
আত্মাৰ অনাদি আৰু আদি
দুয়োটা কালৰ প্ৰকৃত স্বৰূপ হৈছে পৱিত্ৰতা। অপৱিত্ৰতা কৃত্ৰিম, শূদ্ৰৰ দান। শূদ্ৰৰ
বস্তু ব্ৰাহ্মণে ব্যৱহাৰ কৰিব নোৱাৰে সেয়েহে কেৱল এইটোৱে সংকল্প কৰা যে অনাদি-আদি
প্ৰকৃত ৰূপত মই পৱিত্ৰ আত্মা হওঁ, যাকেই চোৱা তেওঁৰ প্ৰকৃত ৰূপক চোৱা, প্ৰকৃত ৰূপ
উপলব্ধি কৰা, তেতিয়া সম্পূৰ্ণ পৱিত্ৰ হৈ প্ৰথম শ্ৰেণীৰ তথা বাতানুকুল টিকেটৰ অধিকাৰী
হৈ যাবাগৈ।
স্লোগান:
পৰমাত্ম আশীৰ্বাদেৰে নিজৰ জোলোঙা ভৰপূৰ কৰা তেতিয়া মায়া সমীপত আহিব নোৱাৰে।
অব্যক্ত ইংগিত: এই
অব্যক্ত মাহত বন্ধনমুক্ত হৈ থাকি জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰা
গৰিষ্ঠসংখ্যক সন্তানে
এতিয়া লোৰ শিকলিতো ছিঙি দিলা কিন্তু অতি সূক্ষ্ম আৰু ভব্য সূতাৰে এতিয়াও বান্ধ খাই
আছা। বহুতে অনুভৱ কৰে যে তেওঁলোকৰ ব্যক্তিত্ব বহুত ভাল, নিজৰ ভাল বুলিবলৈ নাই কিন্তু
এনেকুৱা অনুভৱ হয় যে মই বৰ ভাল। মই বহুত আগবাঢ়ি গৈ আছোঁ। এই জীৱন বন্ধনৰ সূতাৰে
গৰিষ্ঠসংখ্যক বান্ধ খাই আছে, বাপদাদাই এতিয়া এই সূতাৰ পৰাও মুক্ত, জীৱনমুক্ত হোৱা
চাব বিচাৰে।