03.02.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল -
তোমালোকে স্মৃতিত থকাৰ পুৰুষাৰ্থ নিশ্চয় কৰিব লাগে, কিয়নো স্মৃতিৰ বলেৰেহে তোমালোক
বিকৰ্মাজিৎ হ'বা”
প্ৰশ্ন:
কোনটো খেয়াল
আহিলে পুৰুষাৰ্থত বাগৰি পৰিবা? ঈশ্বৰীয় সেৱক সন্তানসকলে কোনটো সেৱা কৰি থাকিব?
উত্তৰ:
বহুত সন্তানে ভাবে, এতিয়াও সময় আছে, পাছত পুৰুষাৰ্থ কৰি ল’ম, কিন্তু মৃত্যুৰ নিয়ম
আছে জানো। কালিলৈ কালিলৈ কৰি মৰি যাবা সেয়েহে এনেকৈ নাভাবিবা যে বহুত বছৰ বাকী আছে,
পাছলৈ তীব্ৰতাৰে পুৰুষাৰ্থ কৰি ল’ম। এইটো খেয়ালে আৰুহে অৱনমিত কৰি দিব। যিমান সম্ভৱ
স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰি, শ্রীমতত নিজৰ কল্যাণ কৰি থাকা। আত্মিক ঈশ্বৰীয় সেৱক
সন্তানসকলে আত্মাসকলক মুক্ত কৰাৰ, পতিতক পাৱন কৰি তোলাৰ সেৱা কৰি থাকিব।
গীত:
ওঁম্ নমঃ
শিৱায়ে……
ওঁম্শান্তি।
সন্তানসকলক
এইটোতো বুজোৱা হৈছে নিৰাকাৰ পিতাই সাকাৰৰ অবিহনে কোনো কর্ম কৰিব নোৱাৰে। ভূমিকা
পালন কৰিব নোৱাৰে। আত্মিক পিতা আহি ব্ৰহ্মাৰ দ্বাৰা আত্মিক সন্তানসকলক বুজায়।
যোগবলৰ দ্বাৰাহে সন্তানসকল সতোপ্ৰধান হ'ব লাগে আকৌ সতোপ্ৰধান বিশ্বৰ মালিক হ'ব লাগে।
এইটো সন্তানসকলৰ বুদ্ধিত আছে। কল্পই কল্পই পিতা আহি ৰাজযোগ শিকায়। ব্ৰহ্মাৰ দ্বাৰা
আহি আদি-সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰে। অৰ্থাৎ মনুষ্যক দেৱতা কৰি তোলে।
মনুষ্য যি দেৱী-দেৱতা আছিল তেওঁলোক এতিয়া সলনি হৈ শূদ্ৰ পতিত হৈ গৈছে। ভাৰত যেতিয়া
পাৰসপুৰী আছিল তেতিয়া পৱিত্ৰতা-সুখ-শান্তি সকলো আছিল। এয়া 5 হাজাৰ বছৰৰ কথা। সঠিক
হিচাপ-নিকাচ পিতাই বহি বুজায়। তেওঁতকৈ উচ্চতো কোনো নাই। সৃষ্টি অথবা বৃক্ষ, যাক
কল্পবৃক্ষ বুলি কোৱা হয়, তাৰ আদি-মধ্য-অন্তৰ ৰহস্য পিতাইহে ক’ব পাৰে। ভাৰতৰ যি
দেৱী-দেৱতা ধৰ্ম আছিল সেয়া এতিয়া প্ৰায় লুপ্ত হৈ গৈছে। দেৱী-দেৱতা ধৰ্মতো এতিয়া নাই।
দেৱতাসকলৰ চিত্ৰ নিশ্চয় আছে। এইটোতো ভাৰতবাসীয়ে জানে। সত্যযুগত লক্ষ্মী-নাৰায়ণৰ
ৰাজ্য আছিল। শাস্ত্ৰত এইটো ভুল কৰি দিছে যে শ্ৰীকৃষ্ণক দ্বাপৰত লৈ গৈছে। পিতাহে আহি
পাহৰি যোৱাসকলক সম্পূৰ্ণ ৰাস্তা দেখুৱায়। ৰাস্তা দেখুওৱাজন আহে গতিকে সকলো আত্মা
মুক্তিধামলৈ গুচি যায় সেয়েহে তেওঁক কোৱা হয় সকলোৰে সৎগতি দাতা। ৰচয়িতা এজনেই। এখনেই
সৃষ্টি। বিশ্বৰ ইতিহাস-ভূগোল এখনেই, সেয়া পুনৰাবৃত্তি হৈ থাকে। সত্যযুগ, ত্ৰেতা,
দ্বাপৰ, কলিযুগ তাৰপাছত হয় সংগমযুগ। কলিযুগত হ'ল পতিত, সত্যযুগত হ'ল পাৱন। সত্যযুগ
হ'লে নিশ্চয় কলিযুগৰ বিনাশ হ'ব। বিনাশৰ পূৰ্বে স্থাপনা হ'ব। সত্যযুগততো স্থাপনা নহয়।
ভগৱান আহিবই তেতিয়া যেতিয়া সৃষ্টি পতিত হয়। সত্যযুগতো হয়েই পাৱন সৃষ্টি। পতিত
সৃষ্টিক পাৱন কৰি তুলিবলৈ ভগৱান আহিবলগীয়া হয়। এতিয়া পিতাই সহজতকৈও সহজ যুক্তি
শুনায়। দেহৰ সকলো সম্বন্ধ ত্যাগ কৰি দেহী-অভিমানী হৈ পিতাক স্মৰণ কৰা। কোনোবা এজনতো
পতিত-পাৱন আছে নহয়। ভক্তক ফল দিওঁতা এজনেই ভগৱান। ভক্তক জ্ঞান দিয়ে। পতিত সৃষ্টিত
জ্ঞান সাগৰহে আহে পাৱন কৰি তুলিবলৈ। পাৱন হোৱা যোগৰ দ্বাৰা। পিতাৰ বাহিৰেতো অন্য
কোনেও পাৱন কৰি তুলিব নোৱাৰে। এই সকলোবোৰ কথা আনক বুজাবৰ কাৰণে বুদ্ধিত ধাৰণ কৰোৱা
হয়। ঘৰে ঘৰে বাৰ্তা দিব লাগে। এনেকৈ নক’বা যে ভগৱান আহিছে। বহুত যুক্তিৰে বুজোৱাৰ
দৰকাৰ। কোৱা, তেওঁ হৈছে পিতা। এজন হ'ল লৌকিক পিতা, আনজন পাৰলৌকিক পিতা। দুখৰ সময়ত
পাৰলৌকিক পিতাকহে স্মৰণ কৰে। সুখধামত কোনেও স্মৰণ নকৰে। সত্যযুগত লক্ষ্মী-নাৰায়ণৰ
ৰাজ্যত সুখেই সুখ আছিল। পৱিত্ৰতা, শান্তি, সমৃদ্ধি আছিল। পিতাৰ উত্তৰাধিকাৰ পাই গ’লা
আকৌ আহ্বান কিয় জনোৱা। আত্মাই জানে আমাৰ সুখ আছে। এয়াতো যিকোনো লোকে ক’ব তাত সুখেই
সুখ। পিতাই দুখৰ বাবেতো সৃষ্টি ৰচনা কৰা নাই। এয়া পূৰ্ব ৰচিত খেল। যাৰ ভূমিকা পাছত
আছে, 2-4 জন্ম লয় তেওঁলোক নিশ্চয় বাকী সময় শান্তিত থাকিব। বাকী ড্ৰামাৰ খেলৰ পৰাই
ওলাই যাব, এয়া হ'ব নোৱাৰে। খেলততো সকলোৱে আহিব লাগিব। এটা-দুটা জন্ম পায়। তেন্তে
বাকী সময় যেন মোক্ষত আছে। আত্মা ভূমিকা পালন কৰোঁতা হয় নহয়। কোনো আত্মাই উচ্চ ভূমিকা
পাইছে কোনোৱে কম। এইটোও তোমালোকে এতিয়া জানা, গায়ন কৰা হয় ঈশ্বৰৰ কোনো অন্ত পাব
নোৱাৰে। পিতাহে আহি ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ বিষয়ে শুনায়। যেতিয়ালৈকে ৰচয়িতা
নিজে নাহে তেতিয়ালৈকে ৰচয়িতা আৰু ৰচনাক জানিব নোৱাৰে। পিতাই আহিহে কয়। মই সাধাৰণ
শৰীৰত প্ৰৱেশ কৰোঁ। মই যাৰ শৰীৰত প্ৰৱেশ কৰোঁ তেওঁ নিজৰ জন্মক নাজানে। তেওঁক বহি 84
জন্মৰ কাহিনী শুনাওঁ। কাৰো ভূমিকাৰ পৰিৱৰ্তন হ'ব নোৱাৰে। এয়া পূৰ্ব ৰচিত খেল। এয়াও
কাৰো বুদ্ধিত ধাৰণ নহয়। বুদ্ধিত তেতিয়াহে বহিব যেতিয়া পৱিত্ৰ হৈ বুজিব। ভালদৰে
বুজিবৰ বাবেহে 7 দিনৰ ভাতী। ভাগৱত আদিও 7 দিনৰ বাবে ৰাখে। ইয়াতো বুজি পোৱা যায় - অতি
কমেও 7 দিনৰ বাহিৰে কোনেও বুজি নোৱাৰিব। কোনো কোনোৱেতো ভালদৰে বুজি লয়। কোনো
কোনোৱেতো 7 দিন বুজিও একোৱেই বুজি নাপায়। বুদ্ধিত ধাৰণ নহয়। কৈ দিয়ে– মইতো 7 দিন
আহিলোঁ। মোৰ বুদ্ধিত একো ধাৰণ নহয়। উচ্চ পদ পাবলগীয়া নাথাকিলে বুদ্ধিত ধাৰণ নহ’ব।
বাৰু তথাপিও তেওঁৰ কল্যাণতো হ'ল নহয়। প্ৰজাতো এনেকৈয়ে তৈয়াৰ হয়। বাকী ৰাজ্য-ভাগ্য
লোৱা তাততো গুপ্ত পৰিশ্ৰম আছে। পিতাক স্মৰণ কৰিলেহে বিকৰ্ম বিনাশ হয়। এতিয়া কৰা বা
নকৰা পিতাৰ নিৰ্দেশনা এইটোৱেই। মৰমৰ বস্তুক স্মৰণ কৰা হয় নহয়। ভক্তিমাৰ্গতো গায়ন কৰে
হে পতিত-পাৱন আহক। এতিয়া তেওঁক পাইছা, তেওঁ কয় - মোক স্মৰণ কৰিলে তেতিয়া মামৰ (বিকাৰৰ
লপ) আঁতৰি যাব। বাদশ্বাহী জানো সহজে পাব পাৰি। কিবাতো পৰিশ্ৰম কৰিবলগীয়া হ'ব নহয়।
স্মৃতিৰ বাবেই পৰিশ্ৰম। মুখ্য হয়েই স্মৃতিৰ যাত্ৰা। বহুত স্মৰণ কৰোঁতাসকলে কৰ্মাতীত
অৱস্থা পায়। সম্পূৰ্ণ স্মৰণ নকৰিলে বিকৰ্ম বিনাশ নহ’ব। যোগবলেৰেহে বিকৰ্মাজিৎ হ'ব
লাগে। আগতেও যোগবলেৰেহে বিকৰ্মক জয় কৰিছা। লক্ষ্মী-নাৰায়ণ ইমান পৱিত্ৰ কেনেকৈ হ’ল
যিহেতু কলিযুগৰ অন্তত কোনো পৱিত্ৰ নাই। ইয়াততো স্পষ্ট, এই গীতা জ্ঞানৰ আখ্যান
পুনৰাবৃত্তি হৈ আছে। "শিৱ ভগৱানুবাচ" ভুলতো হৈ থাকে নহয়। পিতাহে আহি অভুল কৰি তোলে।
ভাৰতৰ যিবোৰ শাস্ত্ৰ আছে সেই সকলোবোৰ হৈছে ভক্তিমাৰ্গৰ। পিতাই কয় - মই যি কৈছিলোঁ
সেয়া কোনেও গম নাপায়। যিসকলক কৈছিলোঁ তেওঁলোকে পদ পালে। 21 জন্মৰ প্ৰালব্ধ প্ৰাপ্ত
কৰিলে আকৌ জ্ঞান প্ৰায় লোপ হৈ যায়। তোমালোকেই চক্ৰ পৰিক্ৰমা লগাই আহিছা। কল্প পূৰ্বে
যিসকলে শুনিছিল তেওঁলোকহে আহিব। তোমালোকে এতিয়া জানা যে আমি মনুষ্যক দেৱতা কৰি
তোলাৰ পুলি ৰোপণ কৰি আছোঁ। এয়া হয়েই দৈৱী বৃক্ষৰ পুলি। সেই লোকসকলে আকৌ সেই বৃক্ষৰ
পুলি বহুত ৰোপণ কৰি থাকে। পিতাই আহি পাৰ্থক্য বুজায়। পিতাই দৈৱী ফুলৰ পুলি ৰোপণ কৰে।
তেওঁলোকেতো জংঘলৰ পুলি ৰোপণ কৰি থাকে। তোমালোকে দেখুওৱাও – কৌৰৱ কেনেকৈ হ’ল, পাণ্ডৱ
কেনেকৈ হ’ল। তেওঁলোকৰ পৰিকল্পনা কি আৰু তোমালোকৰ পৰিকল্পনা কি। তেওঁলোকে নিজৰ
পৰিকল্পনা কৰে যাতে সৃষ্টি বৃদ্ধি নহয়। পৰিয়াল পৰিকল্পনা কৰে যাতে মনুষ্যৰ অধিক
বৃদ্ধি নহয়, তাৰকাৰণে পৰিশ্ৰম কৰি থাকে। পিতাইতো বহুত ভাল কথা শুনায়, অনেক ধর্ম
বিনাশ হৈ যাব আৰু এটাই দেৱী-দেৱতা ধৰ্মৰ পৰিয়ালৰ স্থাপনা কৰে। সত্যযুগত এটাই আদি
সনাতন দেৱী-দেৱতা ধৰ্মৰ পৰিয়াল আছিল আৰু ইমান পৰিয়াল নাছিল। ভাৰতত কিমান পৰিয়াল আছে।
গুজৰাটী পৰিয়াল, মহাৰাষ্ট্ৰীয় পৰিয়াল…….. বাস্তৱত ভাৰতবাসীৰ এটা পৰিয়াল হোৱা উচিত।
বহুত পৰিয়াল হ'লে তেন্তে নিশ্চয় পৰস্পৰৰ মাজত বাক-বিতণ্ডাই থাকিব। পাছত গৃহযুদ্ধ হৈ
যায়। পৰিয়ালতো গৃহযুদ্ধ হৈ যায়। যেনেকৈ খ্ৰীষ্টানসকলৰ নিজৰ পৰিয়াল আছে। তেওঁলোকৰো
নিজৰ মাজত লাগে। পৰস্পৰ দুই ভাতৃৰ মাজত মিল নাথাকে, পানীও ভাগ কৰে। শিখ ধৰ্মৰসকলে
ভাবিব আমি নিজৰ শিখ ধৰ্মৰসকলক অধিক সুখ দিওঁ, আবেগ থাকে সেয়েহে মগজ খটুৱাই থাকে।
যেতিয়া অন্তিমত আহি উপস্থিত হয় তেতিয়া আকৌ গৃহযুদ্ধ আদি সকলো আহি যায়। পৰস্পৰ যুদ্ধ
কৰাত লাগি যায়। বিনাশতো হ'বই। অধিক বোমা তৈয়াৰ কৰি থাকে। যেতিয়া ডাঙৰ যুদ্ধ হৈছিল
য'ত দুটা বোমা নিক্ষেপ কৰিছিল, এতিয়াতো বহুত তৈয়াৰ কৰিছে। বুজিবলগীয়া কথা নহয় জানো।
তোমালোকে বুজাব লাগে এয়া সেয়াই মহাভাৰতৰ যুদ্ধ। যিসকল ডাঙৰ ডাঙৰ ব্যক্তি আছে, কয় -
যদিহে এই যুদ্ধ বন্ধ নকৰে তেন্তে গোটেই সৃষ্টিতে জুই লাগিব। জুইতো লাগিবই, এয়া
তোমালোকে জানা। পিতাই আদি-সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰি আছে। ৰাজযোগ হয়েই
সত্যযুগৰ বাবে। সেই দেৱী-দেৱতা ধৰ্ম এতিয়া প্ৰায় লোপ হৈ গৈছে। চিত্ৰও তৈয়াৰ হৈছে।
পিতাই কয় - কল্প পূৰ্বৰ দৰে যি বিঘিনি আহিবলগীয়া আছে সেয়া আহিব। আগতেই জনা যায় জানো।
আকৌ বুজা যায় কল্প পূৰ্বে এনেকৈ হৈছিল চাগৈ। এয়া পূৰ্ব ৰচিত ড্ৰামা। ড্ৰামাত আমি
বান্ধ খাই আছোঁ। স্মৃতিৰ যাত্ৰা পাহৰি যোৱা উচিত নহয়, ইয়াক পৰীক্ষা বুলি কোৱা হয়।
স্মৃতিৰ যাত্ৰাত স্থিৰ হৈ থাকিব নোৱাৰে, ভাগৰি যায়। গীত আছে নহয় - নিশাৰ পথিক…..
ইয়াৰ অৰ্থ কোনেও বুজিব নোৱাৰে। এয়া হৈছে স্মৃতিৰ যাত্ৰা। যাৰ দ্বাৰা ৰাতি পূৰা হৈ
দিন আহিব। আধাকল্প পূৰা হৈ পুনৰ সুখ আৰম্ভ হ'ব। পিতাইহে ‘মনমনাভৱ’ৰ অৰ্থও বুজাইছে।
কেৱল গীতাত শ্ৰীকৃষ্ণৰ নাম দিয়াৰ বাবে সেই শক্তি নাই। এতিয়া কল্যাণতো সকলোৰে
হ'বলগীয়া আছে। আমি এতিয়া সকলো মনুষ্য মাত্ৰৰে কল্যাণ কৰি আছোঁ। বিশেষকৈ ভাৰতৰ আৰু
সাধাৰণভাৱে জগতৰ। শ্রীমতত সকলোৰে আমি কল্যাণ কৰি আছোঁ। যিসকল কল্যাণকাৰী হ'ব
তেওঁলোকেই উত্তৰাধিকাৰ পাব। স্মৃতিৰ যাত্ৰা অবিহনে কল্যাণ হ'ব নোৱাৰে।
তোমালোকক এতিয়া বুজোৱা
হয়, তেওঁতো বেহদৰ পিতা। পিতাৰ পৰা উত্তৰাধিকাৰ পাইছিলা। ভাৰতবাসীয়েহে 84 জন্ম লৈছে।
পুনৰ্জন্মৰো হিচাপ আছে। কোনেও বুজি নাপায় যে 84 জন্ম কোনে লয়। নিজেই শ্লোক আদি ৰচি
শুনাই থাকে। গীতা সেইখনেই, টোকা অনেক লিখি দিয়ে। গীতাতকৈতো ভাগৱতক শ্ৰেষ্ঠ কৰি দিছে।
গীতাত জ্ঞান আছে। ভাগৱতত আছে জীৱন কাহিনী। বাস্তৱত গীতাখন শ্ৰেষ্ঠ হোৱা উচিত।
জ্ঞানৰ সাগৰ হৈছে পিতা, তেওঁৰ জ্ঞানতো চলিয়েই থাকে। সেই গীতাতো আধা ঘণ্টাত পঢ়ি লয়।
এতিয়া তোমালোকে এই জ্ঞানতো শুনিয়েই আহি থাকা। দিনে-প্ৰতিদিনে তোমালোকৰ ওচৰলৈ অনেক
লোক আহি থাকিব। লাহে লাহে আহিব। এতিয়াই যদি ডাঙৰ ডাঙৰ ৰজাসকল আহি যায় তেন্তেতো দেৰি
নালাগিব। তৎক্ষণাৎ প্ৰভাৱ বিস্তাৰ হৈ যাব সেয়েহে যুক্তিৰে লাহে লাহে চলি থাকে। এয়া
হয়েই গুপ্ত জ্ঞান। কোনেও নাজানে যে এয়া কি কৰি আছে। ৰাৱণৰ সৈতে তোমালোকৰ যুদ্ধ কিহৰ
বাবে। এয়াতো তোমালোকেহে জানা অন্য কোনেও জানিব নোৱাৰে। ভগৱানুবাচ – তোমালোকে
সতোপ্ৰধান হোৱাৰ বাবে মোক স্মৰণ কৰিলে তেতিয়া পাপ নাশ হৈ যাব। পৱিত্ৰ হোৱা তেতিয়াহে
লগত লৈ যাম। জীৱনমুক্তি সকলোৱে পাব। ৰাৱণৰাজ্যৰ পৰা মুক্তি পাব। তোমালোকে লিখাও আমি
শিৱ শক্তি ব্ৰহ্মাকুমাৰ-কুমাৰীসকলে, শ্রেষ্ঠাচাৰী সৃষ্টি স্থাপন কৰিম। পৰমপিতা
পৰমাত্মাৰ শ্রীমতত, 5 হাজাৰ বছৰ পূৰ্বৰ দৰে। 5 হাজাৰ বছৰ আগতে শ্রেষ্ঠাচাৰী সৃষ্টি
আছিল। এয়া বুদ্ধিত ধাৰণ কৰা উচিত। মুখ্য মুখ্য কথা বুদ্ধিত ধাৰণ হ’লে তেতিয়াহে
স্মৃতিৰ যাত্ৰাত থাকিবা। পাথৰ বুদ্ধিৰ হয় নহয়। কোনোৱে ভাবে এতিয়াও সময় আছে পাছলৈ
পুৰুষাৰ্থ কৰিম। কিন্তু মৃত্যুৰ নিয়ম আছে জানো। কালিলৈ মৰি গ'লে তেতিয়া কালিলৈ
কালিলৈ কৰি মৰি যাব। পুৰুষাৰ্থতো নকৰিলা সেয়েহে এনেকৈ নাভাবিবা যে বহুত বছৰ বাকী আছে।
পাছলৈ তীব্ৰতাৰে পুৰুষাৰ্থ কৰি ল’ম। এইটো খেয়ালে আৰুহে অৱনমিত কৰিব। যিমান সম্ভৱ
পুৰুষাৰ্থ কৰি থাকা। শ্রীমতত প্ৰত্যেকে নিজৰ কল্যাণ কৰিব লাগে। নিজক পৰীক্ষা কৰিব
লাগে। কিমান পিতাক স্মৰণ কৰোঁ আৰু কিমান পিতাৰ সেৱা কৰোঁ। তোমালোক আত্মিক ঈশ্বৰীয়
সেৱক হোৱা নহয়। তোমালোকে আত্মাসকলক মুক্ত কৰা। আত্মা পতিতৰ পৰা পাৱন কেনেকৈ হ’ব,
তাৰ যুক্তি শুনায়। জগতততো ভাল আৰু বেয়া মনুষ্য থাকেই, প্ৰত্যেকৰে ভূমিকা নিজা নিজা।
এয়া হৈছে বেহদৰ কথা। মুখ্য ঠাল-ঠেঙুলিহে গণনা কৰা হয়। বাকীতো পাত অনেক আছে। পিতাই
বুজাই থাকে - সন্তানসকল পৰিশ্ৰম কৰা। সকলোকে পিতাৰ পৰিচয় দিয়া তেতিয়া বুদ্ধিৰ
যোগসূত্ৰ পিতাৰ সৈতে গঢ়ি উঠিব। পিতাই সকলো সন্তানক কয়, পৱিত্ৰ হ'লে তেতিয়া
মুক্তিধামলৈ গুচি যাবাগৈ। জগতে জানো জানে যে মহাভাৰতৰ যুদ্ধৰ দ্বাৰা কি হ'ব। এই
জ্ঞান যজ্ঞ ৰচনা কৰা হৈছে কিয়নো নতুন সৃষ্টিৰ প্ৰয়োজন। আমাৰ যজ্ঞ সম্পূৰ্ণ হ'লে
তেতিয়া সকলো এই যজ্ঞত স্বাহা হৈ যাব। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এইখন ৰচি
থোৱা ড্ৰামা সেয়েহে বিঘ্নলৈ ভয় কৰিব নালাগে। বিঘ্ন আহিলে স্মৃতিৰ যাত্ৰা পাহৰি যাব
নালাগে। এইটো ধ্যান থাকিব লাগে যে স্মৃতিৰ যাত্ৰা যাতে কেতিয়াও থমকি নৰয়।
(2) পাৰলৌকিক পিতাৰ
পৰিচয় সকলোকে দি পাৱন হোৱাৰ যুক্তি শুনাব লাগে। দৈৱী বৃক্ষৰ পুলি ৰোপণ কৰিব লাগে।
বৰদান:
"মই বোধ"
ত্যাগ কৰি সেৱাত সদায় মগন হৈ থাকোঁতা ত্যাগমূৰ্ত, সেৱাধাৰী হোৱা
সেৱাধাৰীয়ে সেৱাত
সফলতাৰ অনুভৱ তেতিয়াহে কৰিব পাৰে যেতিয়া "মই বোধ" ত্যাগ কৰে। মই সেৱা কৰি আছোঁ বা
মই সেৱা কৰিলোঁ - এই সেৱা ভাৱৰ ত্যাগ। মই কৰা নাই কিন্তু মই হৈছোঁ কৰোঁতা, কৰাওঁতা
হ’ল পিতা। এই "মই বোধ" বাবাৰ প্ৰেমত বিলীন হৈ যাওক - ইয়াকে সেৱাত সদায় মগন হৈ থকা
ত্যাগমূৰ্ত সঁচা সেৱাধাৰী বুলি কোৱা হয়। কৰাওঁতাই কৰাই আছে, মই নিমিত্ত। সেৱাত "মই
বোধ" মিহলি হোৱা অৰ্থাৎ মোহৰ অধীন হোৱা। সঁচা সেৱাধাৰীৰ এইটো সংস্কাৰ থাকিব নোৱাৰে।
স্লোগান:
ব্যৰ্থ সমাপ্ত কৰি দিয়া তেতিয়া সেৱাৰ প্ৰস্তাৱ সন্মুখত আহিব।
অব্যক্ত ইংগিত: একতা
আৰু বিশ্বাসৰ বিশেষত্বৰে সফলতা সম্পন্ন হোৱা
একতাৰ বাবে নিজৰ মাজত
সমাহিত কৰাৰ শক্তি লাগে, ইয়াৰ দ্বাৰা আনৰ সংস্কাৰো অৱশ্যে শীতল হৈ যাব। সদায় ইজন
সিজনৰ প্ৰতি স্নেহ, শ্ৰেষ্ঠতাৰ ভাৱনাৰে সম্পৰ্কত আহা, গুণগ্ৰাহী হোৱা, তেতিয়া একতা
অটুট থাকিব পাৰে। তোমালোকৰ সংগঠনৰ শুভ-ভাৱনা অনেক আত্মাক ভাৱনাৰ ফল প্ৰাপ্ত কৰোৱাৰ
নিমিত্ত হ’ব। তেওঁলোকে নতুন মাৰ্গ পাব।