03.03.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এই বেহদৰ নাটকখন সদায় স্মৃতিত ৰাখিবা তেতিয়া অপাৰ আনন্দিত হৈ থাকিবা, এই নাটকখনত যিসকল ভাল পুৰুষাৰ্থী আৰু অনন্য, তেওঁলোকৰ পূজাও অধিক হয়"
 

প্ৰশ্ন:
কোনটো স্মৃতিয়ে জগতৰ সকলো দুখৰ পৰা মুক্ত কৰি দিয়ে, হৰ্ষিত হৈ থকাৰ যুক্তি কি?

উত্তৰ:
সদায় যাতে এইটো স্মৃতি থাকে যে এতিয়া আমি ভৱিষ্যত নতুন সৃষ্টিলৈ গৈ আছোঁ। ভৱিষ্যতৰ আনন্দত থাকা তেতিয়া দুখ পাহৰি যাবা। এই বাধা-বিঘিনিৰ জগতত বিঘিনিতো আহিবই কিন্তু এইটো স্মৃতি থাকিব লাগে যে এইখন জগতত আমি বাকী কেইটিমান দিনহে আছোঁ তেতিয়া হৰ্ষিত হৈ থাকিবা।

গীত:
জাগ চজনিয়া জাগ... (জাগা প্ৰিয়তমাসকল জাগা...)

ওঁম্শান্তি।
এই গীতটি বৰ ভাল। গীত শুনাৰ লগে লগে ওপৰৰ পৰা 84 জন্মৰ ৰহস্য বুদ্ধিলৈ আহি যায়। এয়াও সন্তানসকলক বুজাইছোঁ – তোমালোক যেতিয়া ওপৰৰ পৰা আহা তেতিয়া সূক্ষ্মলোক হৈ নাহা। এতিয়া সূক্ষ্মলোক হৈ যাব লাগে। সূক্ষ্মলোক বাবাই এতিয়াহে দেখুৱায়। সত্যযুগ-ত্ৰেতাত এই জ্ঞানৰ কথাও নাথাকে। কোনো চিত্ৰ আদিও নাথাকে। ভক্তিমাৰ্গততো অনেক চিত্ৰ আছে। দেৱী আদিৰ পূজাও বহুত হয়। দূৰ্গা, কালী, সৰস্বতী এগৰাকীয়েই কিন্তু নাম কিমান ৰাখি দিছে। যিসকলে ভালকৈ পুৰুষাৰ্থ কৰিব, অনন্য হ’ব তেওঁলোকৰ পূজাও বেছি হ’ব। তোমালোকে জানা – আমিয়ে পূজ্যৰ পৰা পূজাৰী হৈ বাবাৰ আৰু নিজৰ পূজা কৰোঁ। এৱোঁ (ব্ৰহ্মা বাবায়ো) নাৰায়ণৰ পূজা কৰিছিল নহয়। এয়া আচৰিত খেল। যেনেকৈ নাটক চালে আনন্দিত হয় নহয়, তেনেকৈ এয়াও বেহদৰ নাটক, ইয়াক কোনেও নাজানে। তোমালোকৰ বুদ্ধিত এতিয়া গোটেই ড্ৰামাৰ ৰহস্য আছে। এইখন সৃষ্টিত কিমান অপাৰ দুখ। তোমালোকে জানা এতিয়া অলপ সময় বাকী আছে, আমি নতুন সৃষ্টিলৈ গৈ আছোঁ। ভৱিষ্যতৰ আনন্দ থাকে সেয়েহে সেই আনন্দই এই দুখক উৰুৱাই দিয়ে। সন্তানসকলে লিখে – বাবা বহুত বিঘিনি আহে, লোকচান হৈ যায়। পিতাই কয় – যিয়েই বিঘিনি নাহক, আজি লাখপতি, কাইলৈ দেউলীয়া হৈ যায়। তোমালোকতো ভৱিষ্যতৰ আনন্দত থাকিব লাগে। এইখন হয়েই ৰাৱণৰ ৰাজ্য আসুৰি সৃষ্টি। চলোঁতে-ফুৰোঁতে কিবা নহয় কিবা বিঘিনি আহিব। এইখন সৃষ্টিত বাকী কেইটিমান দিন আছে, তাৰ পাছত আমি অপাৰ সুখলৈ যাম। বাবাই কয় নহয় – কালি ক’লা (পতিত), গাঁৱৰ ল’ৰা আছিল, এতিয়া পিতাই আমাক জ্ঞান দি বগা (পাৱন) কৰি আছে। তোমালোকে জানা – পিতা বীজৰূপ, সত্য, চৈতন্য। তেওঁক পৰম আত্মা বুলি কোৱা হয়। তেওঁ উচ্চতকৈও উচ্চত থাকে, পুনৰ্জন্মত নাহে। আমি সকলো জন্ম-মৃত্যুত আহোঁ, তেওঁ জন্ম-মৃত্যু ৰহিত হৈ থাকে। তেওঁতো অন্তত আহি সকলোৰে সৎগতি কৰিব লাগে। তোমালোকে ভক্তিমাৰ্গত জন্ম-জন্মান্তৰ গায়ন কৰি আহিছা – বাবা আপুনি আহিলে আমি আপোনাৰে হ’ম। মোৰতো একমাত্ৰ বাবা দ্বিতীয় কোনো নাই। আমি বাবাৰ লগতহে যাম। এইখন হ’ল দুখৰ সৃষ্টি। ভাৰত কিমান গৰিব। পিতাই কয় – মই ভাৰতকে ধনৱান কৰি তুলিছিলোঁ, আকৌ ৰাৱণে নৰক কৰি দিলে। এতিয়া তোমালোক সন্তানসকল পিতাৰ সন্মুখত বহি আছা। গৃহস্থালিততো বহুতেই থাকে। সকলোৱেতো ইয়াত বহি যাব নালাগে। গৃহস্থালিত থাকা, লাগিলে ৰঙীন পোছাক পিন্ধা, কোনেনো কয় যে বগা পোছাক পিন্ধা। বাবাই কেতিয়াও কাকো কোৱা নাই। তোমালোকৰ ভাল নালাগে সেইবাবে বগা পোছাক পিন্ধিছা। ইয়াত তোমালোকে যদিও বগা পোছাক পিন্ধি থাকা, কিন্তু ৰঙীন কাপোৰ পিন্ধোতাসকলে, সেই সাজ পৰিধান কৰিও বহুতৰে কল্যাণ কৰিব পাৰে। মাতাসকলে নিজৰ পতিকো বুজায় – ভগৱানুবাচ (ভগৱানে কয়) পৱিত্ৰ হ’ব লাগে। দেৱতাসকল পৱিত্ৰ – সেইবাবেতো তেওঁলোকৰ আগত মূৰ দোঁৱায়। পৱিত্ৰ হোৱাতো ভাল কথা নহয় জানো। এতিয়া তোমালোকে জানা – সৃষ্টিৰ অন্তিম সময়। বেছি পইচা কি কৰিবা। আজিকালি কিমান ডকাইতি হৈ থাকে, ঘোচ খোৱা লোক কিমান আছে। এয়া এই সময়ৰে গায়ন – কাৰোবাৰ ধূলিত মিলি যাব, কাৰোবাৰ চুৰি হ’ব... যিসকলে প্ৰভুৰ নামত খৰচ কৰে তেওঁলোকৰ সফল হ’ব... প্ৰভুতো এতিয়া সন্মুখত আছে। বুদ্ধিমান সন্তানসকলে নিজৰ সকলো প্ৰভুৰ নামত সফল কৰি লয়।

মনুষ্যৰ ক্ষেত্ৰততো পতিতে পতিতকে দান কৰে। ইয়াততো পুণ্য আত্মাসকলৰ দান ল’ব লাগে। একমাত্ৰ ব্ৰাহ্মণৰ বাহিৰে আৰু কাৰো লগত সম্পৰ্ক নাই। তোমালোক হৈছা পুণ্য আত্মা। তোমালোকে পুণ্যৰে কাম কৰা। এয়া ঘৰ সজোৱা, তাতো তোমালোকেই থাকা। পাপৰ কোনো কথা নাই। যি কিছু পইচা আছে – ভাৰতক স্বৰ্গ কৰি তোলাৰ বাবে খৰচ কৰি থাকে। নিজৰ পেটতো কাপোৰ বান্ধি (অনাহাৰে থাকি) কয় – বাবা, মোৰ এটা ইটা ইয়াত লগাই দিয়া তেতিয়া তাত মই মহল পাই যাম। কিমান বুদ্ধিমান সন্তান। পাথৰৰ সলনি সোণ পোৱা। সময় অলপহে বাকী আছে। তোমালোকে কিমান সেৱা কৰা। প্ৰদৰ্শনী, মেলা বাঢ়ি গৈ থাকে। কেৱল কন্যাসকল তীক্ষ্ণ হৈ যাওঁক। বেহদৰ পিতাৰ হৈ নাযায়, মোহে এৰি নিদিয়ে। পিতাই কয় – মই তোমালোকক স্বৰ্গলৈ পঠিয়াইছিলোঁ, এতিয়া আকৌ তোমালোকক স্বৰ্গৰ কাৰণে তৈয়াৰ কৰি আছোঁ। যদি শ্ৰীমতত চলা উচ্চ পদ পাবা। এই কথাবোৰ আন কোনেও বুজাব নোৱাৰে। গোটেই সৃষ্টি চক্ৰ তোমালোকৰ বুদ্ধিত আছে – মূললোক, সূক্ষ্মলোক আৰু স্থূললোক। পিতাই কয় – সন্তানসকল, স্বদৰ্শন চক্ৰধাৰী হোৱা, আনকো বুজাই থাকা। এইটো বেপাৰ চোৱা কেনেকুৱা! নিজেই ধনৱান, স্বৰ্গৰ মালিক হ’ব লাগে, আনকো তেনেকৈ গঢ়ি তুলিব লাগে। বুদ্ধিত এইটোৱে থকা উচিত – কাৰোবাক কেনেকৈ ৰাস্তা দেখুৱাওঁ? ড্ৰামা অনুসৰি যি অতীত হৈ গ’ল সেয়া ড্ৰামা। প্ৰতি ছেকেণ্ডত যি হয়, সেয়া আমি সাক্ষী হৈ চাওঁ। সন্তানসকলক পিতাই দিব্য দৃষ্টিৰ দ্বাৰা সাক্ষাৎকাৰো কৰায়। আগলৈ গৈ তোমালোকে বহুত সাক্ষাৎকাৰ কৰিবা। মনুষ্যই দুখত ত্ৰাহি ত্ৰাহি কৰি থাকিব, তোমালোকে আনন্দত তালি বজাই থাকিবা। আমি মনুষ্যৰ পৰা দেৱতা হওঁ তেন্তে নিশ্চয় নতুন সৃষ্টিৰ প্ৰয়োজন। তাৰ বাবে এই বিনাশ সমাগত। এয়াতো ভাল কথা নহয় জানো। মনুষ্যই ভাবে – পৰস্পৰ যুদ্ধ নহওঁক, শান্তি হৈ যাওঁক। বচ্‌। কিন্তু এয়াতো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। দুটা বান্দেৰে পৰস্পৰ যুঁজ কৰে, মাখন মাজতে তৃতীয়জনে পাই গ’ল। সেয়েহে এতিয়া পিতাই কয় – মোক পিতাক স্মৰণ কৰা আৰু সকলোকে ৰাস্তা দেখুওৱা। সাধাৰণভাৱে থাকিব লাগে, খোৱা-বোৱাও সাধাৰণ হ’ব লাগে। কেতিয়াবা কেতিয়াবা খাতিৰো কৰা হয়। তোমালোকে কোৱা – যিটো ভঁৰালৰ পৰা খালোঁ বাবা এয়া সকলো আপোনাৰ। পিতাই কয় - নিমিত্ত হৈ তত্ত্বাৱধান লোৱা। বাবা সকলো আপুনিয়ে দিয়া। ভক্তিমাৰ্গত কেৱল ক’ব লাগে বাবে কৈছিলা। এতিয়া মই তোমালোকক কওঁ – নিমিত্ত হোৱা। এতিয়া মই সন্মুখত আছোঁ। ময়ো নিমিত্ত হৈ পুনৰ তোমালোকক নিমিত্ত কৰোঁ। যি কৰা সুধি কৰিবা। বাবাই প্ৰতিটো কথাতে ৰায় দি থাকিব। বাবা ঘৰ সাজোঁনে, এইটো কৰোঁনে, বাবাই ক’ব – কৰিব খুজিছা কৰা। বাকী পাপ আত্মাক দিব নালাগে। কন্যা যদি জ্ঞানত নচলে, বিয়া হ’ব বিচাৰে তেন্তে কি কৰিব পাৰা! পিতাইতো বুজায় – তোমালোক কিয় অপৱিত্ৰ হোৱা, কিন্তু কাৰোবাৰ ভাগ্যত নাথাকিলে তেতিয়া পতিত হৈ যায়। অনেক প্ৰকাৰৰ ঘটনাও ঘটি থাকে। পৱিত্ৰ হৈ থাকোঁতেও মায়াৰ থাপৰ লাগি যায়, নষ্ট হৈ যায়। মায়া বৰ শক্তিশালী। তেওঁলোকো কাম বিকাৰৰ বশীভূত হৈ যায়, তেতিয়া কোৱা হয় ড্ৰামাৰ নিয়তী (ড্ৰামা অনুসৰি হ’বলগীয়া আছিল)। এইটো মুহূৰ্তলৈ যি হ’ল কল্প পূৰ্বেও হৈছিল। একো নতুন নহয়। ভাল কাম কৰাত বাধা দিয়ে, নতুন কথা নহয়। আমিতো তন-মন-ধনেৰে ভাৰতক নিশ্চয় স্বৰ্গ কৰি তুলিব লাগে। সকলো পিতাৰ প্ৰতি স্বাহা কৰিম। তোমালোক সন্তানসকলে জানা – আমি শ্ৰীমতত এই ভাৰতৰ আত্মিক সেৱা কৰি আছোঁ। তোমালোকৰ বুদ্ধিত আছে যে আমি নিজৰ ৰাজ্য পুনৰাই স্থাপনা কৰি আছোঁ। পিতাই কয় – এই আত্মিক চিকিৎসালয় তথা বিশ্ব বিদ্যালয় তিনি পদ ভূমিত খুলি দিয়া, যাৰ দ্বাৰা মনুষ্য সৰ্বদা নিৰোগী সম্পত্তিৱান হ’ব। 3 পদ ভুমিও কোনেও নিদিয়ে। তেওঁলোকে কয় – বি. কে.সকলে যাদু কৰি দিব, ভাই-ভনী কৰি দিব। তোমালোকৰ বাবে ড্ৰামাত বৰ ভাল যুক্তি দিয়া আছে। ভাই-ভনীয়ে কুদৃষ্টি ৰাখিব নোৱাৰে। আজিকালিতো জগতত ইমান মলিনতা আছে, কথাই নুসুধিবা। গতিকে যেনেকৈ পিতাৰ দয়া ওপজে, তেনেকৈ তোমালোক সন্তানসকলৰো দয়া ওপজিব লাগে। যেনেকৈ পিতাই নৰকক স্বৰ্গ কৰি আছে, তেনেকৈ তোমালোক দয়াশীল সন্তানসকলো পিতাৰ সহায়কাৰী হ’ব লাগে। পইচা আছে যদি চিকিৎসালয় তথা বিশ্ব বিদ্যালয় খুলি যোৱা। ইয়াৰ বাবে বেছি খৰচৰতো কোনো কথা নাই। কেৱল চিত্ৰ ৰাখি দিয়া। যিসকলে কল্প পূৰ্বে জ্ঞান লৈছিল, তেওঁলোকৰ তলা খুলি যাব। তেওঁলোক আহি থাকিব। কিমান সন্তান দূৰ-দূৰণিৰ পৰা পঢ়িবলৈ আহে। বাবাই এনেকুৱাও দেখা পাইছে – ৰাতি এখন গাঁৱৰ পৰা আহে, ৰাতিপুৱা সেৱাকেন্দ্ৰলৈ আহি জোলোঙা ভৰাই যায়। জোলোঙা এনেকুৱাও হ’ব নালাগে যে বৈ গৈ থাকিব। তেওঁলোকে আকৌ কি পদ পাব! তোমালোক সন্তানসকলতো বহুত আনন্দিত হোৱা উচিত। বেহদৰ পিতাই আমাক বেহদৰ উত্তৰাধিকাৰ দিবলৈ পঢ়ায়। কিমান সহজ জ্ঞান। পিতাই বুজায় – যিসকল একেবাৰে পাথৰবুদ্ধিৰ তেওঁলোকক পাৰসবুদ্ধিৰ কৰি তুলিব লাগে। বাবাতো বহুত আনন্দিত হৈ থাকে। এয়া গুপ্ত নহয় জানো। জ্ঞানো গুপ্ত। মম্মা-বাবা এই লক্ষ্মী-নাৰায়ণ হয়গৈ তেন্তে আমি কম পদ ল’ম নেকি! আমিও সেৱা কৰিম। গতিকে এইটো নিচা থকা উচিত। আমি যোগবলৰ দ্বাৰা নিজৰ ৰাজধানী স্থাপনা কৰি আছোঁ। এতিয়া আমি স্বৰ্গৰ মালিক হওঁ। তাত আকৌ এই জ্ঞান নাথাকিব। এই জ্ঞান এতিয়াৰ বাবে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বিচাৰ বুদ্ধি সম্পন্ন হৈ নিজৰ সকলো প্ৰভূৰ নামত সফল কৰিব লাগে। পতিতক দান কৰিব নালাগে। ব্ৰাহ্মণৰ বাহিৰে আন কাৰো সৈতে সম্পৰ্ক ৰাখিব নালাগে।

(2) বুদ্ধি ৰূপী জোলোঙাত যাতে এনেকুৱা কোনো ছিদ্ৰ নাথাকে যাৰ বাবে জ্ঞান বৈ গৈ থাকে। বেহদৰ পিতাই বেহদৰ উত্তৰাধিকাৰ দিবলৈ পঢ়াই আছে, এইটো গুপ্ত আনন্দত থাকিব লাগে। পিতাৰ সমান দয়াশীল হ’ব লাগে।

বৰদান:
সম্পন্নতাৰ দ্বাৰা সন্তুষ্টতাৰ অনুভৱ কৰোঁতা সদায় হৰ্ষিত, বিজয়ী হোৱা

যি সৰ্ব সম্পদেৰে সম্পন্ন তেৱেঁই সদায় সন্তুষ্ট। সন্তুষ্টতা অৰ্থাৎ সম্পন্নতা। যেনেকৈ পিতা সম্পন্ন সেই কাৰণে মহিমাত সাগৰ শব্দটি কয়, তেনেকৈ তোমালোক সন্তানসকলো মাষ্টৰ সাগৰ অৰ্থাৎ সম্পন্ন হোৱা তেতিয়া সদায় আনন্দত নাচি থাকিবা। ভিতৰত আনন্দৰ বাহিৰে অন্য একোৱে আহিব নোৱাৰে। স্বয়ং সম্পন্ন হোৱাৰ বাবে কাৰো বাবে অশান্ত নহ’ব। যিকোনো ধৰণৰ বিভ্ৰান্তি বা বিঘিনি এক খেল যেন অনুভৱ হ’ব, সমস্যা মনোৰঞ্জনৰ সাধন হৈ যাব। নিশ্চয়বুদ্ধিৰ হোৱা বাবে সদায় হৰ্ষিত আৰু বিজয়ী হ’ব।

স্লোগান:
স্পৰ্শকাতৰ পৰিস্থিতিত ভয়-ভীত নহ’বা, তাৰ পৰা পাঠ পঢ়ি নিজক পৰিপক্ক কৰি তোলা।


মাতেশ্বৰীজীৰ অমূল্য মহাবাক্য

“পৰমাত্মাই গুৰু, শিক্ষক, পিতাৰ ৰূপত ভিন্ন ভিন্ন সম্বন্ধৰ উত্তৰাধিকাৰ দিয়ে”

চোৱা, পৰমাত্মাই তিনিটা ৰূপ ধাৰণ কৰি উত্তৰাধিকাৰ দিয়ে। তেওঁ আমাৰ পিতাও হয়, শিক্ষকো হয় আৰু গুৰুও হয়। এতিয়া পিতাৰ লগত পিতাৰ সম্বন্ধ, শিক্ষকৰ লগত শিক্ষকৰ সম্বন্ধ, গুৰুৰ লগত গুৰুৰ সম্বন্ধ। যদি পিতাৰ সৈতে সম্বন্ধ চ্ছেদ কৰি আঁতৰি যোৱা তেন্তে উত্তৰাধিকাৰ কেনেকৈ পাবা? যেতিয়া উত্তীৰ্ণ হৈ শিক্ষকৰ দ্বাৰা প্ৰমাণ পত্ৰ ল’বা তেতিয়া শিক্ষকৰ সান্নিধ্য পাবা। যদি পিতাৰ বিশ্বস্ত আৰু আজ্ঞাকাৰী সন্তান হৈ নিৰ্দেশনা অনুসৰি নচলা তেন্তে ভৱিষ্যত প্ৰালব্ধ জমা নহ’ব। তেতিয়া পূৰ্ণ সৎগতিও প্ৰাপ্ত কৰিব নোৱাৰিবা আৰু পিতাৰ পৰা পৱিত্ৰতাৰ উত্তৰাধিকাৰো ল’ব নোৱাৰিবা। পৰমাত্মাৰ প্ৰতিজ্ঞা হৈছে – যদি তোমালোকে তীব্ৰ পুৰুষাৰ্থ কৰা তেন্তে তোমালোকক 100 গুণ মুনাফা দি দিম। কেৱল কোৱাতে সীমিত হ’লে নহ’ব, তেওঁৰ সৈতে সম্বন্ধও গভীৰ হোৱা উচিত। অৰ্জুনকো হুকুম দিয়া হৈছিল যে সকলোকে মাৰা, নিৰন্তৰ মোক স্মৰণ কৰা। পৰমাত্মাতো সমৰ্থ হয়, সৰ্বশক্তিমান হয়, তেওঁ নিজৰ প্ৰতিশ্ৰুতি নিশ্চয় ৰক্ষা কৰিব, কিন্তু সন্তানসকলেও যেতিয়া পিতাৰ সৈতে দায়িত্ব পালন কৰি চলিব, যেতিয়া সকলোৰে পৰা বুদ্ধিযোগ আঁতৰাই একমাত্ৰ পৰমাত্মাৰ সৈতে যুক্ত কৰিব তেতিয়াহে তেওঁৰ পৰা সম্পূৰ্ণ উত্তৰাধিকাৰ লাভ কৰিব।

সত্যতা আৰু সভ্যতা ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

উত্তেজিত হৈ যদি কোনোৱে সত্যক সিদ্ধ কৰে তেন্তে নিশ্চয় তাত কিবা নহয় কিবা অসত্যতা সমাহিত হৈ আছে। বহুত সন্তানৰ ভাষা এনেকুৱা হৈ গৈছে - মই একেবাৰে সত্য কওঁ, 100 শতাংশ সত্য কওঁ, কিন্তু সত্যক সিদ্ধ কৰাৰ আৱশ্যকতা নাই। সত্য এনেকুৱা সূৰ্য যে লুকাই থাকিব নোৱাৰে, লাগিলে কোনোবাই সন্মুখত যিমানেই প্ৰাচীৰ থিয় কৰাই নিদিয়ক সত্যতাৰ কিৰণ কেতিয়াও লুকাই থাকিব নোৱাৰে। সভ্যতাপূৰ্বক বাণী, সভ্যতাপূৰ্বক চলন, ইয়াৰ দ্বাৰাই সফলতা আহে।