03.03.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক হৈছা জ্ঞানী যোগী, তোমালোকৰ মুখেৰে সদায় জ্ঞান ৰত্নহে উচ্চাৰিত হ’ব লাগে,
যেতিয়াই নতুন কোনোবা আহে তেতিয়া তেওঁক পিতাৰ পৰিচয় দিবা”
প্ৰশ্ন:
নিজৰ অৱস্থা
একৰস কৰি তোলাৰ সাধন কি?
উত্তৰ:
সংগৰ ক্ষেত্ৰত সাৱধান হোৱা তেতিয়া অৱস্থা একৰস হৈ যাব। সদায় ভাল সেৱাধাৰী
বিদ্যাৰ্থীৰ সংগ ল’ব লাগে। যদি কোনোবাই জ্ঞান আৰু যোগৰ বাহিৰে ওলোটা বাৰ্তালাপ কৰে,
মুখেৰে ৰত্নৰ সলনি পাথৰ উচ্চাৰিত কৰে তেন্তে তেওঁৰ সংগৰ পৰা সদায় সাৱধান হৈ থাকিব
লাগে।
গীত:
ৰাত কে ৰাহী
থক্ মত জানা… (নিশাৰ পথিক ভাগৰি নপৰিবা…)
ওঁম্শান্তি।
জ্ঞান আৰু
বিজ্ঞান। ইয়াক কোৱা হ’ব ‘অল্ফ’ (পিতা) আৰু ‘বে’ (বাদশ্বাহী)। পিতাই ‘অল্ফ’ আৰু
‘বে’ৰ জ্ঞান দিয়ে। দিল্লীত “বিজ্ঞান ভৱন” আছে কিন্তু তেওঁলোকে একো অৰ্থ নাজানে।
তোমালোক সন্তানসকলে জানা জ্ঞান আৰু যোগ। যোগৰ দ্বাৰা আমি পৱিত্ৰ হওঁ, জ্ঞানৰ দ্বাৰা
আমাৰ পোছাক ৰঙীন হয়। আমি গোটেই চক্ৰক জানি যাওঁ। যোগৰ যাত্ৰাৰ কাৰণেও এই জ্ঞান পোৱা
যায়। তেওঁলোকে কোনো যোগৰ কাৰণে জ্ঞান নিদিয়ে। তেওঁলোকেতো স্থূল ৰূপত ব্যায়াম আদি
শিকায়। এয়া হৈছে সূক্ষ্ম আৰু মূল কথা। গীতটিৰো ইয়াৰ লগতেই সম্বন্ধ আছে। পিতাই কয় -
হে সন্তানসকল, হে মূললোকৰ পথিক, পতিত-পাৱন পিতাহে সকলোৰে সৎগতি দাতা। তেৱেঁই সকলোকে
ঘৰলৈ যোৱাৰ মাৰ্গ-দৰ্শন কৰাব। তোমালোকৰ ওচৰলৈ মনুষ্য বুজিবলৈ আহে। কাৰ ওচৰলৈ আহে?
প্ৰজাপিতা ব্ৰহ্মাকুমাৰ ব্ৰহ্মাকুমাৰীসকলৰ ওচৰলৈ আহে গতিকে তোমালোকে তেওঁলোকক সুধিব
লাগে-আপোনালোক কাৰ ওচৰলৈ আহিছে? মনুষ্য সাধু সন্ত মহাত্মাৰ ওচৰলৈ যায়। তেওঁৰ নামো
থাকে - অমুক মহাত্মাজী। ইয়াততো নামেই হৈছে প্ৰজাপিতা ব্ৰহ্মাকুমাৰ-কুমাৰী।
ব্ৰহ্মাকুমাৰ-কুমাৰীতো বহুত আছে। তোমালোকে সুধিব লাগে - কাৰ ওচৰলৈ আহিছে? প্ৰজাপিতা
ব্ৰহ্মা আপোনালোকৰ কোন হয়? তেওঁতো সকলোৰে পিতা হ’ল নহয়। কিছুমানে কয় - আপোনালোকৰ
মহাত্মাজী, গুৰুজীক দর্শন কৰিব বিচাৰোঁ। তেওঁলোকক কোৱা- আপোনালোকে গুৰু বুলি কেনেকৈ
কয়। নামেই ৰখা হৈছে প্ৰজাপিতা ব্ৰহ্মাকুমাৰী তেন্তে তেওঁ পিতা নহ’ল জানো, গুৰু নহয়।
প্ৰজাপিতা ব্ৰহ্মাকুমাৰ-কুমাৰী মানে এওঁলোকৰ কোনোবা পিতা আছে। তেওঁতো আপোনালোকৰো
পিতা হ’ল। কওঁক যে আমি ব্ৰহ্মাকুমাৰ-কুমাৰীসকলৰ পিতাকক সাক্ষাৎ কৰিব বিচাৰোঁ।
প্ৰজাপিতাৰ নাম কেতিয়াবা শুনিছানে? ইমানবিলাক পুত্ৰ কন্যা আছে। পিতাৰ পৰিচয় পালে
তেতিয়াহে বুজিব যে বেহদৰ পিতা হয়। প্ৰজাপিতা ব্ৰহ্মাৰো নিশ্চয় কোনোবা পিতা থাকিব।
গতিকে কোনোবা আহিলে তেওঁক সুধিব লাগে যে কাৰ ওচৰলৈ আহিছে? ফলকত কি লিখা আছে? যিহেতু
ইমানবোৰ সেৱাকেন্দ্ৰ আছে। ব্ৰহ্মাকুমাৰ-কুমাৰী ইমান আছে তেন্তে নিশ্চয় পিতা থাকিব।
গুৰু থাকিব নোৱাৰে। প্ৰথমেতো এইটো বুদ্ধিৰ পৰা আঁতৰক, বুজক যে এয়া হৈছে ঘৰ, কোনোবা
পৰিয়ালত আহিছোঁ। আমি প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান তেন্তে নিশ্চয় আপোনালোকো হ’ব। বাৰু,
সেই ব্ৰহ্মা আকৌ কাৰ সন্তান? ব্ৰহ্মা, বিষ্ণু, শঙ্কৰৰ ৰচিয়তাতো হৈছে পৰমপিতা
পৰমাত্মা শিৱ। তেওঁ হয়েই বিন্দু। তেওঁৰ নাম হৈছে শিৱ। তেওঁ আমাৰ দাদা হয়। আপোনালোক
আত্মাও তেওঁৰ সন্তান। আপোনালোকো ব্ৰহ্মাৰ সন্তান। গতিকে আপোনালোকে এনেকৈ কওঁক যে আমি
বাপদাদাক সাক্ষাৎ কৰিব বিচাৰোঁ। তেওঁলোকক এনেকৈ বুজাব লাগে যাতে তেওঁলোকৰ বুদ্ধি
পিতাৰ ফালে গুচি যায়। বুজি পাওঁক যে মই কাৰ ওচৰলৈ আহিছোঁ। প্ৰজাপিতা ব্ৰহ্মা আমাৰ
পিতা হয়। তেওঁ (শিৱবাবা) হৈছে সকলো আত্মাৰ পিতা। গতিকে প্ৰথমে এইটো বুজক যে আমি কাৰ
ওচৰলৈ আহিছোঁ। এনেকুৱা যুক্তিৰে বুজাব লাগে যাতে তেওঁলোকে গম পায় যে এওঁলোক
শিৱবাবাৰ সন্তান। এয়া এটা পৰিয়াল। তেওঁলোকে পিতা আৰু দাদাৰ পৰিচয় পাই যাওঁক।
তোমালোকে বুজাব পাৰা - সকলোৰে সৎগতি দাতা হৈছে নিৰকাৰ পিতা। তেওঁ প্ৰজাপিতা
ব্ৰহ্মাৰ দ্বাৰা সকলোৰে সংগতি কৰে। তেওঁক সকলোৱে আহ্বান জনায়। দেখিবলৈ পোৱা নহয় -
কিমান সন্তান আছে, যিয়ে আহি পিতাৰ পৰা উত্তৰাধিকাৰ লয়। প্ৰথমে তেওঁলোকে পিতাৰ পৰিচয়
পাওঁক তেতিয়াহে বুজিব আমি বাপদাদাক সাক্ষাৎ কৰিবলৈ আহিছোঁ। কোৱা যে আমি তেওঁক
বাপদাদা বুলি কওঁ। জ্ঞানপূৰ্ণ, পতিত-পাৱন সেই শিৱবাবা হয় নহয়। আকৌ বুজাব লাগে -
ভগৱান হৈছে সকলোৰে সৎগতি দাতা নিৰাকাৰ, তেওঁ জ্ঞানৰ সাগৰ। ব্ৰহ্মাৰ দ্বাৰা বেহদৰ
উত্তৰাধিকাৰ দি আছে। তেতিয়া তেওঁলোকে বুজিব যে এওঁলোক ব্ৰহ্মাকুমাৰ-কুমাৰীসকল
শিৱবাবাৰ সন্তান, তেৱেঁই সকলোৰে পিতা। ভগৱান এজন। তেৱেঁই আদি সনাতন দেৱী-দেৱতা ধর্ম
প্ৰতিষ্ঠা কৰে। তেওঁ স্বৰ্গৰ ৰচয়িতা, সকলোৰে পিতাও হয়, শিক্ষকো হয়, গুৰুও হয়।
সৃষ্টিৰ আদি-মধ্য-অন্তৰ ৰহস্য বুজায় অৰ্থাৎ ত্রিকালদর্শী কৰি তোলে। যাকেই দেখা, যদি
বুজাৰ যোগ্য হয় তেন্তে তেওঁক এয়া বুজাব লাগে। প্ৰথমেতো সোধা - আপোনাৰ পিতা কেইগৰাকী?
লৌকিক আৰু পাৰলৌকিক। পিতাতো সৰ্বব্যাপী হ’ব নোৱাৰে। লৌকিক পিতাৰ পৰা এই উত্তৰাধিকাৰ
পোৱা যায়, পাৰলৌকিক পিতাৰ পৰা এই উত্তৰাধিকাৰ পোৱা যায়। তেন্তে তেওঁক কেনেকৈ
সৰ্বব্যাপী বুলি ক’ব পাৰি। এই কথাষাৰ টুকি ৰাখি ধাৰণ কৰক। এইটো নিশ্চয় বুজাবলগীয়া
হয়। বুজাওঁতা হৈছা তোমালোক। এয়া হৈছে ঘৰ (পৰিয়াল), আমাৰ গুৰু নাই। দেখিবলৈ পোৱা এয়া
সকলো হৈছে ব্ৰহ্মাকুমাৰ-কুমাৰী। উত্তৰাধিকাৰ আমাক নিৰাকাৰ শিৱবাবাইহে দিয়ে যিজন
সকলোৰে সৎগতি দাতা হয়। ব্রহ্মাক সকলোৰে সৎগতি দাতা, পতিত-পাৱন, মুক্তিদাতা বুলি ক’ব
নোৱাৰি। এয়া শিৱবাবাৰহে মহিমা, যিয়েই আহে তেওঁলোকক এয়াই বুজোৱা যে এওঁ হৈছে সকলোৰে
বাপদাদা। এইজন পিতাই হৈছে স্বৰ্গৰ ৰচয়িতা, ব্ৰহ্মাৰ দ্বাৰা বিষ্ণুপুৰীৰ স্থাপনা কৰে।
এনেকৈ যদি তোমালোকে সকলোকে বুজোৱা তেন্তে আকৌ পিতাৰ ওচৰলৈ অহাৰ দৰকাৰেই নাথাকিব।
তেওঁলোকৰতো অভ্যাস হৈ গৈছে, ক’ব গুৰুজীৰ দৰ্শন কৰোঁ....। ভক্তিমাৰ্গত গুৰুৰ বহুত
মহিমা কৰে। বেদ, শাস্ত্ৰ, যাত্ৰা আদি সকলো গুৰুৱেহে শিকায়। তোমালোকে বুজাব লাগে
মনুষ্য গুৰু হ’ব নোৱাৰে। আমি ব্ৰহ্মাকো গুৰু বুলি নকওঁ। সৎগুৰু এজন। কোনো মনুষ্য
জ্ঞানৰ সাগৰ হ’ব নোৱাৰে। তেওঁলোক সকলো হৈছে ভক্তিমাৰ্গৰ শাস্ত্ৰ পঢ়োঁতা। তাক
শাস্ত্ৰৰ জ্ঞান বুলি কোৱা হয় যাক দৰ্শন বুলি কোৱা হয়। ইয়াত আমাক জ্ঞানৰ সাগৰ পিতাই
পঢ়ায়। এয়া হৈছে আধ্যাত্মিক জ্ঞান। জ্ঞান সাগৰ বুলি ব্ৰহ্মা, বিষ্ণু, শংকৰকো ক’ব
নোৱাৰি, তেন্তে মনুষ্যক কেনেকৈ ক’ব পাৰে। জ্ঞানৰ হৰ্তা-কৰ্তা মনুষ্য হ’ব নোৱাৰে।
শাস্ত্ৰৰ হৰ্তা-কৰ্তাও পৰমপিতা পৰমাত্মাক কোৱা হয়। এনেকৈ দেখুৱায়, পৰমপিতা
পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা সকলো বেদ-শাস্ত্ৰৰ সাৰ বুজায়। পিতাই কয় - মোক কোনেও
নাজানে তেন্তে উত্তৰাধিকাৰ ক’ৰ পৰা পাব। বেহদৰ উত্তৰাধিকাৰ বেহদৰ পিতাৰ দ্বাৰাহে
পোৱা যায়। এতিয়া এই বাবাই কি কৰি আছে? এয়া ‘হোলী’ (ফাকুৱা) আৰু ‘ধুৰীয়া’ (ফাকুৱাৰ
পাছৰ দিন যিদিনা ৰঙীন পানী চটিয়ায়) নহয় জানো। ‘জ্ঞান’ আৰু ‘বিজ্ঞান’ শব্দ মাত্ৰ দুটা।
‘মনমনাভৱ’ৰো জ্ঞান দিয়ে। মোক স্মৰণ কৰিলে তোমালোকৰ বিকৰ্ম বিনাশ হ’ব। গতিকে এই
‘জ্ঞান’ ‘বিজ্ঞান’ হৈছে - ‘হোলী’ আৰু ‘ধুৰীয়া’। মনুষ্যৰ জ্ঞান নথকাৰ কাৰণে
তেওঁলোকেতো ইজনে-সিজনৰ মুখলৈ ধূলি চটিয়ায়। হয়ো এনেকুৱা। গতি-সৎগতি কাৰো নহয়। ধূলিহে
মুখলৈ চটিয়ায়। জ্ঞানৰ তৃতীয় নেত্ৰ কাৰো নাই। মুখৰোচক কথাবোৰ শুনি আহিছে। তাক কোৱা
হয় অন্ধবিশ্বাস।
এতিয়া তোমালোক
আত্মাসকলে জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা। তোমালোক সন্তানসকলে পিতাৰ পৰা উত্তৰাধিকাৰ
প্ৰাপ্তিৰ ৰায় দিব লাগে তেতিয়া তেওঁলোকে গ’ম পাব। এওঁলোকে ব্ৰহ্মাৰ দ্বাৰা
উত্তৰাধিকাৰ লৈ আছে আন কাৰো দ্বাৰা উত্তৰাধিকাৰ পাব নোৱাৰে। সকলো সেৱাকেন্দ্ৰত এইটো
নাম লিখা আছে – “প্ৰজাপিতা ব্ৰহ্মাকুমাৰ-কুমাৰী”। যদি “গীতা পাঠশালা” বুলি লিখে
তেন্তে গতানুগতিক কথা হৈ যায়। এতিয়া তোমালোকেও ব্ৰহ্মাকুমাৰ-কুমাৰী বুলি লিখা
তেতিয়াহে পিতাৰ পৰিচয় দিব পাৰিবা। মনুষ্যই ব্ৰহ্মাকুমাৰ-কুমাৰীৰ নাম শুনিলে ভয় খাই
যায় সেইকাৰণে “গীতা পাঠশালা” নাম লিখে। কিন্তু এই ক্ষেত্ৰত ভয় খোৱাৰ কোনো কথা নাই।
কোৱা যে এয়া হৈছে ঘৰ। আপোনালোকে জানেনে কাৰ ঘৰলৈ আহিছে? এওঁলোক সকলোৰে পিতা হৈছে
প্ৰজাপিতা ব্ৰহ্মা। ভাৰতবাসীয়ে প্ৰজাপিতা ব্ৰহ্মাক মানে। খ্ৰীষ্টানসকলেও বুজি পায়
যে আদি দেৱ হৈ গৈছে, যাৰ এয়া মনুষ্য বংশাৱলী। বাকী তেওঁলোকে মানিবতো নিজৰ
যীশুখ্ৰীষ্টকহে, যীশুখ্ৰীষ্টক, বুদ্ধক পিতা বুলি ভাবে। বংশবৃক্ষ হয় নহয়। প্ৰকৃততে
পিতাই ব্ৰহ্মাৰ দ্বাৰা আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰিছে। তেওঁ হৈ গ’ল
গ্ৰেট্ গ্ৰেট্ গ্ৰেণ্ড ফাদাৰ। প্ৰথমে পিতাৰ পৰিচয় দিব লাগে। তেওঁলোকে ক’ব আমি
আপোনালোকৰ পিতাক সাক্ষাৎ কৰিব বিচাৰোঁ। কোৱা, উত্তৰাধিকাৰ শিৱবাবাৰ পৰা পোৱা যায়,
ব্ৰহ্মা বাবাৰ পৰা নহয়। আপোনালোকৰ পিতা কোন? ‘গীতা’ৰ ভগৱান কোন? আদি সনাতন
দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা কোনে কৰিলে? পিতাৰ নাম ক’লে বুজিব এয়া সকলো
ব্ৰহ্মাকুমাৰ-কুমাৰী শিৱবাবাৰ সন্তান। উত্তৰাধিকাৰ পোৱা যায় শিৱৰ পৰা, ব্ৰহ্মাৰ
দ্বাৰা গতি বা সৎগতি। তেওঁ এতিয়া আমাক জীৱনমুক্তি দি আছে। বাকী সকলো মুক্তিত গুচি
যাব। এই জ্ঞান তোমালোক সন্তানসকলৰ বুদ্ধিত থাকিব লাগে। যিয়েই আহে তেওঁক বুজোৱা, কাক
সাক্ষাৎ কৰিব বিচাৰিছে? তেওঁতো আমাৰো আৰু আপোনাৰো পিতা হয়। গুৰু গোঁসাইতো নহয়। এয়াতো
তোমালোকে বুজি পোৱা। যেনেকৈ ‘হোলী’ ‘ধুৰীয়া’ পালন কৰে। নহ’লেতো ‘হোলী’ ‘ধুৰীয়া’ৰ একো
অৰ্থই নোলায়। জ্ঞানেৰে পোছাক ৰঙীন হয়। আত্মা এই পোছাকৰ (দেহৰ) ভিতৰত আছে। আত্মা
পৱিত্ৰ হ’লে শৰীৰো পৱিত্ৰ পাবা। এয়াতো পৱিত্ৰ শৰীৰ নহয়। এয়া নাশ হৈ যাব। শৰীৰৰ গংগা
স্নান কৰায় কিন্তু পতিত-পাৱন পিতাৰ বাহিৰে আন কোনো নাই। আত্মাহে পতিত হয় গতিকে আত্মা
পানীৰ স্নানেৰে পাৱন হ’ব নোৱাৰে। এয়া কোনেও গম নাপায়। তেওঁলোকেতো আত্মাই পৰমাত্মা
বুলি কৈ দিয়ে। আত্মা নিৰ্লেপ। এতিয়া যিসকল বিচাৰ বুদ্ধি সম্পন্ন হৈছে, তেওঁলোকেহে
ধাৰণ কৰিব আৰু কৰাব পাৰে। যিসকল সন্তানৰ মুখেৰে সদায় ৰত্নহে উচ্চাৰিত হয় তেওঁলোকক
জ্ঞানী-যোগী বুলি কোৱা হয়। জ্ঞান বিজ্ঞানৰ বাহিৰে অন্য কিবা পৰস্পৰ লেন-দেন কৰা মানে
পাথৰহে দলিয়ায়। সেৱাৰ সলনি অহিত কৰে। 63 জন্ম ইজনে-সিজনক পাথৰহে দলিয়াই আহিছা। এতিয়া
পিতাই কয় - তোমালোকে জ্ঞান বিজ্ঞানৰ বাৰ্তালাপ কৰি অন্তৰ আনন্দিত কৰিব লাগে।
পৰচৰ্চাৰ কথা শুনিব নালাগে। এয়া জ্ঞান হয় নহয়। পাথৰতো গোটেই জগতত ইজনে-সিজনক দলিয়ায়।
তোমালোক সন্তানসকলতো জ্ঞানী-যোগী হোৱা। তোমালোকে জ্ঞান বিজ্ঞানৰ বাহিৰে একো শুনিবও
নালাগে আৰু শুনাবও নালাগে। যিয়ে অনাৱশ্যকীয় কথা কয় তেওঁৰ সংগই বেয়া। যিসকল বহুত সেৱা
কৰোঁতা আছে, তেওঁলোকৰ সংগই উদ্ধাৰ কৰে…..। কিছুমান ব্ৰাহ্মণ জ্ঞানী-যোগী হয়,
কিছুমান ব্ৰাহ্মণ হৈ আকৌ অনাৱশ্যকীয় বাৰ্তালাপ কৰে। এনেকুৱাসকলৰ সংগ ল’ব নালাগে
নহ’লে আৰুহে লোকচান কৰি দিব। বাবাই বাৰে বাৰে সাৱধান কৰি দিয়ে। ইজনে-সিজনে কেতিয়াও
অনাৱশ্যকীয় কথা নাপাতিবা। নহ’লে নিজৰো সৰ্বনাশ, আনৰো সৰ্বনাশ কৰি দিয়ে গতিকে পদ
ভ্ৰষ্ট হৈ যায়। বাবাই কিমান সহজকৈ শুনায়। চখ থাকিব লাগে, বাবা আমি গৈ বহুতক এই
জ্ঞান দিওঁ। তেওঁলোকেই পিতাৰ সঁচা সন্তান। সেৱাধাৰী সন্তানৰ মহিমা পিতায়ো কৰে।
তেওঁলোকৰ সংগ ল’ব লাগে। কোনে ভাল বিদ্যাৰ্থীৰ সংগ লয়, বাবাক সোধা তেতিয়া বাবাই ক’ব
পাৰে কাৰ সংগ ল’ব লাগে। কোন বাবাৰ অন্তৰত অধিষ্ঠিত হৈ আছে, তেওঁ ততালিকে কৈ দিব।
সেৱা কৰোঁতাসকলক বাবায়ো সন্মান দিয়ে। কোনো-কোনোৱেতো সেৱাও কৰিব নোৱাৰে। এনেকৈ বহুত
কুসংগত অহা বাবে অৱস্থা তল-ওপৰ হৈ যায়। অৱশ্যে কিছুমান স্থূল সেৱাত ভাল, তেওঁলোকেও
ভাল উত্তৰাধিকাৰ লৈ লয়। ‘অল্ফ’ আৰু ‘বে’ বুজিবলৈতো একেবাৰে সহজ। কোনোবা আহিলে তেওঁক
কেৱল কোৱা – বাবাৰ আজ্ঞা হৈছে মামেকম্ স্মৰণ কৰা, বচ্। সকলোতকৈ শ্ৰেষ্ঠ খাতিৰ হৈছে
এইটো। পিতাই কয় - মোক স্মৰণ কৰিলে তোমালোকে স্বৰ্গৰ উত্তৰাধিকাৰ পাই যাবা। প্ৰত্যেক
সেৱাকেন্দ্ৰত এনেকুৱা ক্ৰমানুসৰি আছে। কোনোবাইতো বিস্তাৰত বুজাব পাৰে। যদি বুজাব
নোৱাৰা তেন্তে কেৱল এনেকৈ কোৱা। কল্প পূৰ্বেও পিতাই কৈছিল যে মামেকম্ স্মৰণ কৰা আৰু
কোনো দেহধাৰী দেৱতা আদিকো স্মৰণ নকৰিবা। বাকী পৰচৰ্চা, অমুকে এনেকৈ কয়, এনেকৈ কৰে….
সেয়া একোৱে নকৰিবা। এয়া বাবাই তোমালোকক ‘হোলী’ আৰু ‘ধুৰীয়া’ খুৱালে। বাকী ৰং আদি
লগোৱাতো আসুৰিক মনুষ্যৰ কাম। কোনোবাই কাৰোবাৰ গ্লানি শুনালে তেন্তে শুনিব নালাগে।
বাবাই কিমান ভাল কথা শুনায় - মনমনাভৱ, মধ্যাজি ভৱ। কোনোবা আহিলে বুজোৱা - শিৱবাবা
সকলোৰে পিতা, তেওঁতো কয় - মোক স্মৰণ কৰা তেতিয়া স্বৰ্গৰ উত্তৰাধিকাৰ পাবা। ‘গীতা’ৰ
ভগৱানো তেওঁ হয়। মৃত্যু সমাগত। গতিকে তোমালোক সন্তানসকলৰ কাম হৈছে সেৱা কৰা। পিতাৰ
স্মৃতি সোঁৱৰাই দিয়া। এইটো হৈছে মহামন্ত্ৰ, যাৰ দ্বাৰা ৰাজধানীৰ তিলক পাই যাবা।
কিমান সহজ কথা পিতাক স্মৰণ কৰা আৰু কৰোৱা তেতিয়া নাও পাৰ হৈ যাব। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বিচাৰ
বুদ্ধি সম্পন্ন হৈ সকলোকে পিতাৰ পৰিচয় দিব লাগে। মুখেৰে কেতিয়াও পাথৰ উচ্চাৰণ কৰি
অহিত কৰিব নালাগে। জ্ঞান-যোগৰ বাহিৰে অন্য কোনো চৰ্চা কৰিব নালাগে।
(2) যি জ্ঞানী-যোগী,
সেৱাধাৰী তেওঁৰহে সংগ ল’ব লাগে। যিয়ে অনাৱশ্যকীয় কথা শুনায় তেওঁৰ সংগ ল’ব নালাগে।
বৰদান:
জ্ঞানৰ দ্বাৰা
ৰাৱণৰ বহু ৰূপক জানি তাৰ আকৰ্ষণৰ পৰা মুক্ত হৈ থাকোঁতা সাহসী হোৱা
যিসকল সন্তানে জ্ঞানৰ
দ্বাৰা ৰাৱণৰ বহু ৰূপক ভালকৈ জানি গৈছে সেয়া তেওঁলোকৰ সমীপতো আহিব নোৱাৰে। সোণ হীৰা
যিহৰে ৰূপ ধাৰণ কৰক তাৰ আকৰ্ষণত নাহিব। এনেকুৱা প্ৰকৃত সীতা হৈ ৰেখাৰ ভিতৰত থকাৰ
লক্ষ্য ৰাখি, সাহসী হোৱা। তেতিয়া ৰাৱণৰ বহু ৰূপী সেনাই প্ৰহাৰ কৰাৰ সলনি তোমালোকৰ
সহযোগী হৈ যাব। প্ৰকৃতিৰ 5 তত্ত্ব আৰু 5 বিকাৰ বদলি হৈ তোমালোকৰ সেৱাৰ বাবে আহিব।
স্লোগান:
সেৱাত সফলতা প্ৰাপ্ত কৰিবলৈ হ’লে নম্ৰচিত্তৰ বিশেষত্ব ধাৰণ কৰা।
অব্যক্ত ইংগিত:
নিশ্চয়তাৰ ভেটী মজবুত কৰি সদায় নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকা
বিজয়ী হোৱাৰ আধাৰ হৈছে
‘নিশ্চয়তা’, যদি আধাৰ সুদৃঢ় হয় তেন্তে ভৱন লৰচৰ কৰিব নোৱাৰে, নিশ্চিন্ত হৈ থাকে। যদি
আধাৰ দুৰ্বল তেন্তে অলপ ধুমুহা আহিলে, ধৰণী অলপ লৰিলে ভয় থাকিব যে আমাৰ এই ভৱন
কিজানি খহি পৰে নতুবা ফাট মেলে। কিন্তু নিশ্চয়তাৰ আধাৰ সুদৃঢ় হ’লে নিৰ্ভয় আৰু
নিশ্চিন্ত হৈ থাকিব।