03.05.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
নিজক ৰাজতিলক দিয়াৰ যোগ্য কৰি তোলা, যিমানে পাঠ পঢ়িবা, শ্ৰীমতত চলিবা তেতিয়া
ৰাজতিলক পাই যাবা”
প্ৰশ্ন:
কোনটো স্মৃতিত
থাকিলে ৰাৱণবোধৰ স্মৃতি বিস্মৃতি হৈ যাব?
উত্তৰ:
সদায় যাতে এইটো স্মৃতি থাকে যে আমি স্ত্ৰী-পুৰুষ নহয়, আমি আত্মা, আমি জ্যেষ্ঠ বাবা
(শিৱবাবাৰ) পৰা কনিষ্ঠ বাবাৰ (ব্ৰহ্মাৰ) দ্বাৰা উত্তৰাধিকাৰ লৈ আছোঁ। এইটো স্মৃতিয়ে
ৰাৱণবোধৰ স্মৃতি পাহৰাই দিব। যিহেতু স্মৃতি উদয় হ’ল যে আমি এজন পিতাৰ সন্তান, গতিকে
ৰাৱণবোধৰ স্মৃতি সমাপ্ত হৈ যায়। এইটোও পৱিত্ৰ হৈ থকাৰ বহুত ভাল যুক্তি। কিন্তু ইয়াৰ
বাবে পৰিশ্ৰম কৰিব লাগে।
গীত:
তুম্হে পাকে
হমনে জহা পা লিয়া….. (তোমাক পাই আমি গোটেই জগতখনেই পাই গলোঁ…)
ওঁম্শান্তি।
আত্মিক পিতাই
বহি আত্মিক সন্তানসকলক বুজায়। চোৱা, সকলোৱে তিলক ইয়াত (ভ্ৰূকুটিত) লগায়। এই ঠাইত
একতো আত্মাৰ নিবাস, দ্বিতীয়তে আকৌ ৰাজতিলকো এই লগোৱা হয়। এয়া আত্মাৰ চিহ্নতো হয়েই।
এতিয়া আত্মাক পিতাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ লাগে। বিশ্বৰ ৰাজ্যতিলক লাগে। সূৰ্যবংশী–চন্দ্ৰবংশী
মহাৰজা–মহাৰাণী হ’বৰ কাৰণে পঢ়ে। এই পঢ়া মানেই হ’ল নিজে নিজক ৰাজতিলক প্ৰদান কৰা।
তোমালোক ইয়ালৈ আহিছাই পঢ়িবৰ কাৰণে। আত্মা যি ইয়াত নিবাস কৰে, সেই আত্মাই কয় – বাবা
আমি আপোনাৰ পৰা বিশ্বৰ স্বৰাজ্য অৱশ্যে প্ৰাপ্ত কৰিম। নিজৰ কাৰণে প্ৰত্যেকে নিজৰ
পুৰুষাৰ্থ কৰিব লাগে। সন্তানসকলে কয় – বাবা আমি এনেকুৱা সুসন্তান হৈ দেখুৱাম। আপুনি
আমাৰ চাল-চলন লক্ষ্য কৰি থাকিব যে আমাৰ চাল-চলন কেনেকুৱা। নিজেও জানিব পাৰা যে মই
নিজক ৰাজতিলক দিয়াৰ যোগ্য হৈছোঁ নে নাই? তোমালোক সন্তানসকলে পিতাৰ সুসন্তান হৈ
দেখুৱাব লাগে। বাবা – আমি আপোনাৰ নাম নিশ্চয় উজ্জ্বল কৰিম। আমি আপোনাৰ সহায়কাৰী তথা
নিজৰ সহায়কাৰী হৈ ভাৰতত নিজৰ ৰাজ্য স্থাপনা কৰিম। ভাৰতবাসীয়ে কয় নহয় – আমাৰ ৰাজ্য।
কিন্তু সেই বেচেৰাহঁতে নাজানে যে এতিয়া আমি বিষয় বৈতৰণী নদীত ডুবি আছোঁ। আমাৰ অৰ্থাৎ
আত্মাসকলৰ ৰাজ্যতো নাই। এতিয়াতো আত্মা ওলোটাকৈ ওলমি আছে। খাবলৈকো নাপায়। যেতিয়া
এনেকুৱা অৱস্থা হয় তেতিয়া বাবাই কয় – এতিয়াতো মোৰ সন্তানসকলে খাবলৈকো নাপায়, এতিয়া
মই গৈ এওঁলোকক ৰাজযোগ শিকাওঁ। গতিকে পিতা ৰাজযোগ শিকাবৰ কাৰণে আহে। বেহদৰ (পাৰলৌকিক)
পিতাক স্মৰণ কৰে। তেওঁ হয়েই নতুন সৃষ্টি ৰচনা কৰোঁতা। পিতা পতিত-পাৱনো হয়, জ্ঞান
সাগৰো হয়। এয়া তোমালোকৰ বাহিৰে আৰু কাৰো বুদ্ধিত নাই। এয়া কেৱল তোমালোক সন্তানসকলে
জানা – যথাযথ আমাৰ বাবা জ্ঞানৰ সাগৰ, সুখৰ সাগৰ হয়। পিতাৰ এই মহিমা দৃঢ়ভাৱে স্মৃতিত
ৰাখি লোৱা, নাপাহৰিবা। পিতাৰ মহিমা আছে নহয়। সেইজন পিতা (শিৱবাবা) পুৰ্নজন্ম ৰহিত।
শ্ৰীকৃষ্ণৰ মহিমা একেবাৰে পৃথক। প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ মহিমাতো পৃথক পৃথক হয়
নহয়। পিতাই কয় – ময়ো এই ড্ৰামাত উচ্চতকৈ উচ্চ ভূমিকা পাইছোঁ। ড্ৰামাত ভাৱৰীয়াসকলে
গম পোৱা উচিত নহয় জানো যে এয়া বেহদৰ ড্ৰামা, ইয়াৰ আয়ুস কিমান। যদি নাজানে তেন্তে
তেওঁলোকক বুদ্ধিহীন বুলি কোৱা হ’ব। কিন্তু এয়া কোনোবাই বুজি পায় জানো। পিতা আহি
পাৰ্থক্য শুনায় যে মনুষ্য কিহৰ পৰা কি হৈ যায়। এতিয়া তোমালোকে বুজিব পাৰা, মনুষ্যই
একেবাৰে নাজানে যে 84 জন্ম কেনেকৈ লোৱা হয়। ভাৰত কিমান উচ্চ আছিল, চিত্ৰ আছে নহয়।
সোমনাথ মন্দিৰৰ পৰা কিমান ধন লুটি লৈ গ’ল। কিমান ধন আছিল। এতিয়া তোমালোক সন্তানসকল
ইয়াত বেহদৰ (অসীমৰ) পিতাক লগ পাবৰ কাৰণে আহিছা। সন্তানসকলে জানে যে আমি পিতাৰ পৰা
ৰাজতিলক শ্ৰীমত অনুসৰি ল’বলৈ আহিছোঁ। পিতাই কয় - পৱিত্ৰ নিশ্চয় হ’ব লাগে।
জন্ম-জন্মান্তৰ বিষয় বৈতৰণী নদীত ডুবি থাকি ভাগৰি পৰা নাইনে। এনেকৈ কোৱাও যে মই পাপী,
মোৰ নিৰ্গুণীৰ কোনো গুণ নাই, তাৰমানে নিশ্চয় কেতিয়াবা গুণ আছিল যি এতিয়া নাই।
এতিয়া তোমালোকে বুজি
পাইছা - আমি বিশ্বৰ মালিক, সৰ্বগুণ সম্পন্ন আছিলোঁ। এতিয়া কোনো গুণ বাকী নাথাকিল।
এয়াও পিতাই বুজায়। সন্তানসকলৰ ৰচয়িতা হৈছেই পিতা। সেয়েহে পিতাৰ সকলো সন্তানৰ প্ৰতি
পুতৌ জন্মে। পিতাই কয় - মোৰো ড্ৰামাত এই ভূমিকা আছে। কিমান তমোপ্ৰধান হৈ গৈছে। মিছা,
পাপ, কাজিয়া কি কি চলি আছে। সকলো ভাৰতবাসী সন্তানে পাহৰি গৈছে যে আমি কোনোবা সময়ত
বিশ্বৰ মালিক দ্বৈত মুকুটধাৰী আছিলোঁ। পিতাই তেওঁলোকক (সন্তানসকলক) সোঁৱৰাই দিয়ে,
তোমালোক বিশ্বৰ মালিক আছিলা পুনৰ 84 জন্ম লৈ আহিছা। তোমালোকে নিজৰ 84 জন্মক পাহৰি
গৈছা। আচৰিত কথা, 84 ৰ সলনি 84 লাখ জন্ম বুলি কৈ দিছে আকৌ কল্পৰ আয়ুসো লাখ লাখ বছৰ
বুলি কৈ দিয়ে। ঘোৰ অন্ধকাৰত আছে নহয়। কিমান মিছা। ভাৰতেই সঁচাখণ্ড আছিল, ভাৰতেই
মিছাখণ্ড হয়। মিছাখণ্ড কোনে কৰিলে, সঁচাখণ্ড কোনে কৰিলে – এয়া কোনেও নাজানে। ৰাৱণক
একেবাৰেই নাজানে। ভক্তসকলে ৰাৱণক জ্বলায়। কোনোবা ধাৰ্মিক লোক হ’লে, তেওঁক তোমালোকে
কোৱা যে মনুষ্যই এয়া কি কি কৰে। সত্যযুগ যাক ‘হেভেন’ ‘পেৰাডাইজ’ বুলি কয় তাত চয়তান
ৰাৱণ ক’ৰ পৰা আহিল? নৰকৰ মনুষ্য তাত কেনেকৈ থাকিব পাৰে। তেতিয়া বুজিব এয়াতো যথাযথ
ভুল হয়। তোমালোকে ৰামৰাজ্যৰ চিত্ৰৰ ওপৰত বুজাব পাৰা, ইয়াত ৰাৱণ ক’ৰ পৰা আহিল?
তোমালোকে বুজোৱাও কিন্তু বুজি নাপায়। কোনোবা বিৰলজনহে ওলায়। তোমালোক কিমান কম
সংখ্যক সেয়াও আগলৈ প্ৰত্যক্ষ কৰিব লাগিব কিমান তিষ্ঠি থাকে।
গতিকে বাবাই বুজাইছে
– আত্মাৰ সূক্ষ্ম চিহ্নও ইয়াতেই দেখুওৱা হয়। ডাঙৰ চিহ্ন হৈছে ৰাজতিলক। এতিয়া পিতা
আহিছে। নিজক ডাঙৰ তিলক কেনেকৈ দিয়া যায়, তোমালোকে স্বৰাজ্য কেনেকৈ প্ৰাপ্ত কৰিব পাৰা?
তাৰ ৰাস্তা দেখুৱায়। তাৰ নাম ৰাখি দিছে ৰাজযোগ। শিকাওঁতাজন হৈছে পিতা। শ্ৰীকৃষ্ণ
পিতা হ’ব পাৰে জানো। তেওঁতো সন্তান হয় আকৌ ৰাধাৰ লগত সয়ম্বৰ হয় তেতিয়া তেওঁলোকৰ এটি
সন্তান হ’ব। বাকী শ্ৰীকৃষ্ণক ইমান ৰাণী আদি দি দিছে এয়াতো মিছা কথা নহয় জানো। কিন্তু
এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, এনেকুৱা কথাবোৰ পুণৰ শুনিবা। এতিয়া তোমালোক
সন্তানসকলৰ বুদ্ধিত আছে – কেনেকৈ আমি আত্মাসকল ওপৰৰ পৰা ভূমিকা পালন কৰিবলৈ আহোঁ।
এটা শৰীৰ এৰি অন্য এটা লওঁ। এয়াতো বহুত সহজ নহয় জানো। সন্তান জন্ম পালে, তেওঁলোকক
শিকায় – এইটো কোৱা। গতিকে শিকালে শিকি যায়। তোমালোকক বাবাই কি শিকায়? মাথো কয় – পিতা
আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। তোমালোকে গায়নো কৰা তুমি মাতা–পিতা….. আত্মাই গায়ন কৰে
নহয় যে যথাযথ অপাৰ সুখ পোৱা যায়। তোমালোক সন্তানসকলে জানা শিৱবাবাই আমাক পঢ়াই আছে।
ইয়াত তোমালোক শিৱবাবাৰ ওচৰলৈ আহিছা। ভাগীৰথতো মনুষ্যৰ ৰথ হয় নহয়। ইয়াত পৰমপিতা
পৰমাত্মা বিৰাজমান হয়, কিন্তু ৰথৰ নাম কি? এতিয়া তোমালোকে জানা – নাম হৈছে ব্ৰহ্মা
কিয়নো ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ ৰচে নহয়। প্ৰথমতে হয়েই ব্ৰাহ্মণ টিকণী (আটাইতকৈ
উচ্চ) তাৰপাছত দেৱতা। প্ৰথমেতো ব্ৰাহ্মণৰ আৱশ্যক সেইকাৰণে বিৰাট ৰূপো দেখুৱাইছে।
তোমালোক ব্ৰাহ্মণসকলেই পুনৰ দেৱতা হোৱা। পিতাই বহুত ভালদৰে বুজায়, তথাপিও পাহৰি যায়।
পিতাই কয় – সন্তানসকল সদায় স্মৃতিত ৰাখিবা যে আমি স্ত্ৰী–পুৰুষ নহয়, আমি আত্মা। আমি
জ্যেষ্ঠ পিতাৰ (শিৱবাবাৰ) পৰা কনিষ্ঠ পিতাৰ (ব্ৰহ্মাৰ) দ্বাৰা উত্তৰাধিকাৰ লৈ আছোঁ
গতিকে ৰাৱণবোধৰ স্মৃতি বিস্মৃতি হৈ যাব। এয়া পৱিত্ৰ হৈ থকাৰ বহুত ভাল যুক্তি। বাবাৰ
ওচৰলৈ বহুত যুগল আহে, দুয়োৱে ‘বাবা’ বুলি কয়। যিহেতু স্মৃতি উদয় হ’ল আমি এজন পিতাৰ
সন্তান তেন্তে ৰাৱণবোধৰ স্মৃতি বিস্মৃতি হৈ যোৱা উচিত, এই ক্ষেত্ৰত পৰিশ্ৰম কৰিব
লাগে। পৰিশ্ৰম অবিহনেতো একো হ’ব নোৱাৰে। আমি বাবাৰ হৈ গ’লোঁ, তেওঁকেই স্মৰণ কৰোঁ।
পিতায়ো কয় - মোক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হ’ব। 84 জন্মৰ কাহিনীও একেবাৰে সহজ। বাকী
পিতাক স্মৰণ কৰাৰ ক্ষেত্ৰত পৰিশ্ৰম হয়। পিতাই কয় – পুৰুষাৰ্থ কৰি অতিকমেও 8 (আঠ)
ঘণ্টাতো স্মৰণ কৰা। এঘণ্টা, আধা ঘণ্টা….। শ্ৰেণীত আহিলে স্মৃতি উদয় হ’ব – পিতাই
আমাক এয়া পঢ়ায়। এতিয়া তোমালোক পিতাৰ সন্মুখত আছা নহয়। পিতাই ‘সন্তান সন্তান’ বুলি
সম্বোধন কৰি বুজায়। তোমালোক সন্তানসকলে শুনা। পিতাই কয় – বেয়া নুশুনিবা, বেয়া নাচাবা..…
এয়াও এতিয়াৰহে কথা।
এতিয়া তোমালোক
সন্তানসকলে জানা আমি জ্ঞানসাগৰ পিতাৰ ওচৰলৈ সন্মুখত আহিছোঁ। জ্ঞানসাগৰ পিতাই
তোমালোকক গোটেই সৃষ্টিৰ জ্ঞান শুনাই আছে। বাকী কোনোবাই সেই জ্ঞান লয় বা নলয়, সেয়াতো
তেওঁৰ ওপৰত। পিতা আহি এতিয়া আমাক জ্ঞান দি আছে। আমি এতিয়া ৰাজযোগ শিকোঁ। পাছলৈ কোনো
শাস্ত্ৰ আদি ভক্তিৰ অংশ নাথাকিবগৈ। ভক্তিমাৰ্গত জ্ঞানৰ অংশ মাত্ৰও নাথাকে,
জ্ঞানমাৰ্গত আকৌ ভক্তিৰ অংশ মাত্ৰও নাথাকে। জ্ঞানসাগৰ যেতিয়া আহে তেতিয়া তেওঁ জ্ঞান
শুনাব। তেওঁৰ জ্ঞান হয়েই সৎগতিৰ কাৰণে। সৎগতি দাতা হয়েই এজন, যিজনকহে ভগৱান বুলি
কোৱা হয়। সকলোৱে এজনেই পতিত–পাৱনক মাতে আকৌ দ্বিতীয় কোনোবা কেনেকৈ হ’ব পাৰে। এতিয়া
পিতাৰ দ্বাৰা তোমালোক সন্তানসকলে সঁচা কথাবোৰ শুনি আছা। পিতাই শুনাইছে – সন্তানসকল,
মই তোমালোকক কিমান চহকী কৰি থৈ গৈছিলোঁ। 5 হাজাৰ বছৰৰ কথা। তোমালোক দ্বৈত মুকুটধাৰী
আছিলা, পৱিত্ৰতাৰো মুকুট আছিল আকৌ যেতিয়া ৰাৱণৰাজ্য হয় তেতিয়া তোমালোক পূজাৰী হৈ
যোৱা। এতিয়া পিতা পঢ়াবলৈ আহিছে গতিকে তেওঁৰ শ্ৰীমতত চলিব লাগে, অন্যকো বুজাব লাগে।
পিতাই কয় মই এই শৰীৰ লোণত ল’বলগীয়া হয়। সকলো মহিমা সেই এজনৰেই, মইতো (ব্ৰহ্মা)
তেওঁৰ ৰথ। বলধ নহওঁ। সকলো মহিমা তোমাৰ (শিৱবাবাৰ), বাবাই তোমালোকক শুনায়, মই মাজতে
শুনি লওঁ। মোক অকলে কেনেকৈ শুনাব। তোমালোকক শুনায় ময়ো শুনি লওঁ। এৱো (ব্ৰহ্মাও)
পুৰুষাৰ্থী বিদ্যাৰ্থী। তোমালোকো বিদ্যাৰ্থী। এৱো পঢ়ে। পিতাৰ স্মৃতিত থাকে। কিমান
আনন্দত থাকে। লক্ষ্মী-নাৰায়ণক দেখি আনন্দিত হয় - মই এয়া হ’বলৈ ওলাইছোঁ। তোমালোক
ইয়ালৈ আহিছাই স্বৰ্গৰ ৰাজকুমাৰ-ৰাজকুমাৰী হ’বলৈ। ৰাজযোগ হয় নহয়। লক্ষ্য-উদ্দেশ্যও
আছে। পঢ়াওঁতাজনো বহি আছে তেন্তে ইমান আনন্দিত কিয় নোহোৱা। অন্তৰ বহুত আনন্দিত হৈ থকা
উচিত। বাবাৰ পৰা আমি কল্পই কল্পই উত্তৰাধিকাৰ লওঁ। ইয়াত জ্ঞানসাগৰৰ ওচৰলৈ আহোঁ,
পানীৰতো কথাই নহয়। এয়াতো পিতাই সন্মুখত বুজাই আছে। তোমালোকেও এয়া (দেৱতা) হ’বৰ কাৰণে
পঢ়ি আছা। সন্তানসকল বহুত আনন্দিত হোৱা উচিত – এতিয়া আমি নিজৰ ঘৰলৈ যাওঁ। এতিয়া যিয়ে
যিমান পঢ়িব সিমান উচ্চ পদ পাব। প্ৰত্যেকে নিজৰ পুৰুষাৰ্থ কৰিব লাগে। নিৰাশ নহ’বা।
বহুত ডাঙৰ লটাৰি। বুজি পায়ো আকৌ আশ্চৰ্যজনকভাৱে আঁতৰি গৈ পঢ়িবলৈ এৰি দিয়ে। মায়া
কিমান প্ৰবল। ভালবাৰু।
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজকে
ৰাজতিলক দিয়াৰ যোগ্য কৰি তুলিব লাগে। সুসন্তান হৈ প্ৰমাণ দিব লাগে। চলন বৰ মাৰ্জিত
হ’ব লাগে। পিতাৰ পূৰা পূৰা সহায়কাৰী হ’ব লাগে।
(2) আমি বিদ্যাৰ্থী,
ভগৱানে আমাক পঢ়াই আছে, এইটো আনন্দেৰে পাঠ পঢ়িব লাগে। পুৰুষাৰ্থত কেতিয়াও নিৰাশ হ’ব
নালাগে।
বৰদান:
নিজৰ অধিকাৰৰ
শক্তিৰে ত্ৰিমূৰ্তি ৰচনাক সহযোগী কৰাওঁতা মাষ্টৰ ৰচয়িতা হোৱা
ত্ৰিমূৰ্তি শক্তি (মন,
বুদ্ধি আৰু সংস্কাৰ) এয়া তোমালোক মাষ্টৰ ৰচয়িতাৰ ৰচনা। এইবোৰক নিজৰ অধিকাৰৰ শক্তিৰে
সহযোগী কৰি তোলা। যেনেকৈ ৰজাই স্বয়ং কাৰ্য নকৰে, কৰায়, ৰাজ্যৰ কাম-কাজ কৰোঁতা
কৰ্মচাৰী বেলেগ। তেনেকৈ আত্মাও হৈছে কৰাবনহাৰ, কৰণহাৰ হৈছে এই বিশেষ ত্ৰিমূৰ্তি
শক্তি। গতিকে মাষ্টৰ ৰচিয়তাৰ বৰদান স্মৃতিত ৰাখি ত্ৰিমূৰ্তি শক্তিসমূহক আৰু সাকাৰ
কৰ্মেন্দ্ৰিয়সমূহক সঠিক পথত চলোৱা।
স্লোগান:
অব্যক্ত প্ৰতিপালনৰ বৰদানৰ অধিকাৰ ল’বলৈ স্পষ্টবাদী হোৱা।
আত্মিক আভিজাত্য আৰু
পৱিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
পৱিত্ৰতা কেৱল
ব্ৰহ্মচৰ্য্য নহয়, সেয়াতো হৈছে আধাৰ কিন্তু তাৰ লগতে আৰু চাৰিটা আছে। ক্ৰোধ আৰু সকলো
সংগী যিবোৰ আছে, সেই সকলো মহাভূতৰ ত্যাগ, লগতে তাৰ অংশ মাত্ৰ, বংশ মাত্ৰ যিবোৰ সৰু
সৰু সতি-সন্তান আছে, সেইবোৰো ত্যাগ কৰা তেতিয়াহে পৱিত্ৰতাৰ আত্মিক আভিজাত্য ধাৰণ
কৰিছা বুলি কোৱা হ’ব।