03.06.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
এতিয়া তোমালোক নতুন সম্বন্ধত গৈ আছা, সেইবাবে ইয়াৰ কৰ্ম বন্ধনযুক্ত সম্বন্ধবোৰ পাহৰি,
কৰ্মাতীত হোৱাৰ পুৰুষাৰ্থ কৰা”
প্ৰশ্ন:
পিতাই কোনসকল
সন্তানৰ বাঃ! বাঃ! কৰে? সকলোতকৈ অধিক স্নেহ কোনসকলক দিয়ে?
উত্তৰ:
বাবাই গৰিব সন্তানসকলৰ বাঃ! বাঃ! কৰে, বাঃ! দৰিদ্ৰতা বাঃ! আৰামত দুখন ৰুটি খাব লাগে,
লালসা নাই। গৰিব সন্তানসকলে পিতাক মৰমেৰে স্মৰণ কৰে। বাবা নিৰক্ষৰ সন্তানসকলক দেখি
আনন্দিত হয় কিয়নো তেওঁলোকে ইতিমধ্যে পঢ়াখিনি পাহৰিবৰ কাৰণে পৰিশ্ৰম কৰিবলগীয়া নহয়।
ওঁম্শান্তি।
এতিয়া পিতাৰ
সন্তানসকলৰ প্ৰতি নিতৌ কোৱাৰ দৰকাৰ নাথাকে যে নিজক আত্মা বুলি বুজা। আত্ম-অভিমানী
হোৱা অথবা দেহী–অভিমানী হোৱা….. কথাতো সেইটোৱেই নহয় জানো। পিতাই কয় - নিজক আত্মা
বুলি বুজা। আত্মাতেই 84 জন্মৰ ভূমিকা নিহিত হৈ আছে। এটা শৰীৰ ল'লে, ভূমিকা পালন
কৰিলে তাৰ পাছত শৰীৰ শেষ হৈ যায়। আত্মাতো অবিনাশী। তোমালোক সন্তানসকলে এই জ্ঞান
এতিয়াহে পোৱা অন্য কোনেও এই কথাবোৰ গম নাপায়। এতিয়া পিতাই কয় - চেষ্টা কৰি যিমান
পাৰা পিতাক স্মৰণ কৰা। পেছাগত কাম-কাজত লাগি গ’লেতো স্মৃতি ইমান স্থায়ী হৈ নাথাকে।
গৃহস্থালিত থাকি পদুম ফুলৰ সমান পৱিত্ৰ হ’ব লাগে। আকৌ যিমান পাৰা মোক স্মৰণ কৰা।
এনেকুৱা নহয় যে আমাক যোগাভ্যাসত বহুৱাব লাগে। যোগাভ্যাস শব্দটিও ভুল। বাস্তৱত হয়েই
স্মৃতি। য'তেই নবহা, পিতাক স্মৰণ কৰা। মায়াৰ ধুমুহাতো বহুত আহিব। কাৰোবাৰ কিবা
স্মৃতিত আহিব, কাৰোবাৰ আন কিবা। ধুমুহা নিশ্চয় আহিব আকৌ সেই সময়ত সেয়া দূৰ কৰিবলগীয়া
হয় যাতে নাহে। ইয়াত বহি থাকোতেও মায়াই বহুত আমনি কৰি থাকিব। এয়াইতো যুদ্ধ। যিমান
পাতল হ'বা সিমান বন্ধন কম হ'ব। প্ৰথমেতো আত্মা বন্ধন মুক্ত হয়, যেতিয়া জন্ম লয়
তেতিয়া মা-পিতালৈ বুদ্ধি যায় পাছত স্ত্ৰীক তুলি লয়, যি বস্তু সন্মুখত নাছিল সেয়া
সন্মুখত আহি যায়, আকৌ সন্তান জন্ম হ'লে তেতিয়া সন্তানৰ স্মৃতি বাঢ়িব। এতিয়া তোমালোক
সকলোৱে এয়া পাহৰি যাব লাগে, এজন পিতাকেই স্মৰণ কৰিব লাগে, সেইকাৰণেই পিতাৰ মহিমা আছে।
তোমালোকৰ মাতা-পিতা আদি সকলো তেৱেঁই, তেওঁকেই স্মৰণ কৰা। তেওঁ তোমালোকক ভৱিষ্যতৰ
কাৰণে সকলো নতুন দিয়ে। নতুন সম্বন্ধত লৈ আনে। সম্বন্ধতো তাতো থাকিব নহয়। এনেকুৱাতো
নহয় যে কিবা প্ৰলয় হৈ যায়। তোমালোকে এটা শৰীৰ এৰি আকৌ অন্য এটা লোৱা। যিসকল বহুত
ভাল তেওঁলোকে নিশ্চয় উচ্চ কুলত জন্ম ল'ব। তোমালোকে পঢ়াই ভৱিষ্যত 21 জন্মৰ কাৰণে। পঢ়া
সম্পূৰ্ণ হ'ল আৰু প্ৰালব্ধ আৰম্ভ হ'ব। স্কুলত পঢ়ি উচ্চ শ্ৰেণীলৈ স্থানান্তৰ হয় নহয়।
তোমালোকো শান্তিধামলৈ স্থানান্তৰ হ’বলৈ ওলাইছা - তাৰপাছত সুখধামলৈ। এই ছিঃ ছিঃ
সৃষ্টিৰ পৰা মুক্ত হৈ যাবা। ইয়াৰ নামেই হ'ল নৰক। সত্যযুগক স্বৰ্গ বুলি কোৱা হয়।
ইয়াত মনুষ্য কিমান ঘোৰ অন্ধকাৰত আছে। যিসকল চহকী তেওঁলোকে ভাবে আমাৰ কাৰণে ইয়াতেই
স্বৰ্গ। স্বৰ্গ হয়েই নতুন সৃষ্টিত। এই পুৰণি সৃষ্টিতো বিনাশ হৈ যাব। যিসকলে
কৰ্মাতীত অৱস্থা পাব তেওঁলোকে জানো ধৰ্মৰজাৰ পুৰীত শাস্তি ভোগ কৰিব। স্বৰ্গততো
শাস্তি নাথাকিবই। তাত গৰ্ভও মহল হয়। কোনো দুখৰ কথা নাই। ইয়াততো গৰ্ভ কাৰাগাৰ য'ত
শাস্তি ভুগি থাকে। তোমালোক কিমানবাৰ স্বৰ্গবাসী হোৱা - এইটো স্মৃতিলৈ আনা তেতিয়াও
গোটেই চক্ৰ স্মৃতিত থাকিব। এটাই কথা লাখ টকা মূল্যৰ। এইটো পাহৰি যোৱাৰ কাৰণে,
দেহ-অভিমানত অহাৰ কাৰণে মায়াই ক্ষতি কৰে। এইটোৱেই পৰিশ্ৰম। পৰিশ্ৰম নকৰাকৈ উচ্চ পদ
পাব নোৱাৰা। বাবাক কয় - বাবা আমি নিৰক্ষৰ, একো নাজানো। বাবাতো আনন্দিত হয়, কিয়নো
ইয়াততো ইতিমধ্যে পঢ়া সকলোবোৰ পাহৰিব লাগে। এয়াতো অলপ সময়ৰ কাৰণে শৰীৰ নিৰ্বাহ আদিৰ
কাৰণে পঢ়িব লাগে। জানা নহয় যে এয়া সকলো নাশ হৈ যাব। যিমান সম্ভৱ পিতাক স্মৰণ কৰিব
লাগে আৰু ৰুটি টুকুৰা আনন্দত খাব লাগে। বাঃ! এই সময়ৰ দৰিদ্ৰতা। আৰামত ৰুটি টুকুৰা
খাব লাগে। লালসা নাই। আজিকালি খাদ্য শস্যও ক'ত পোৱা যায়!। চেনি আদিও লাহে লাহে
পোৱাই নাযাব। এনেকুৱা নহয়, তোমালোকে ঈশ্বৰীয় সেৱা কৰা সেয়েহে তোমালোকক চৰকাৰে দি
দিব। তেওঁলোকেতো একোৱেই নাজানে। অৱশ্যে হয়, সন্তানসকলক কোৱা হয় – চৰকাৰক বুজোৱা যে
আমি সকলোৱে মিলি মা-পিতাৰ ওচৰলৈ যাওঁ, তেওঁলোকে সন্তানসকলৰ কাৰণে ‘ট’লি’ পঠিয়াবলগীয়া
হয়। ইয়াততো স্পষ্টকৈ কৈ দিয়ে যে নায়েই। উপায় নহ’লে অলপ দি দিয়ে। যেনেকৈ ফকীৰ
লোকসকলক কোনোবা চহকী হ’লে তেতিয়া মুঠি ভৰাই দি দিব। গৰিব হ’লে তেতিয়া অলপ-অচৰপ দি
দিব। চেনি আদি আহিব পাৰে কিন্তু সন্তানসকলৰ যোগ কম হৈ যায়। স্মৃতিত নথকা কাৰণে,
দেহ-অভিমানত অহাৰ কাৰণে কোনো কাম হ’ব নোৱাৰে। এইটো কাম পঢ়াৰ দ্বাৰা ইমান নহ’ব
যিমান যোগেৰে হ’ব। সেয়া বহুত কম। মায়াই স্মৃতি উৰুৱাই দিয়ে। শক্তিশালীসকলক আৰুহে
ভালকৈ ধৰে। ভাল ভাল অতি উত্তম সন্তানসকলৰো গ্ৰহগতি বেয়া হৈ যায়। গ্ৰহগতি বেয়া হোৱাৰ
মুখ্য কাৰণ যোগৰ অভাৱ। গ্ৰহগতি বেয়া হোৱা কাৰণেই নাম-ৰূপত আৱদ্ধ হৈ মৰে। এয়া অতি
উচ্চ লক্ষ্য। যদি সঁচা লক্ষ্যত উপনীত হ’ব লাগে তেন্তে স্মৃতিত থাকিব লাগিব।
পিতাই কয় -
ধ্যানতকৈও জ্ঞান ভাল। জ্ঞানতকৈ স্মৃতি ভাল। ধ্যানত বেছিকৈ গ’লে মায়াৰ ভূতবোৰ প্ৰৱেশ
কৰে। এনেকুৱা বহুত আছে যিয়ে অযথা ধ্যানত যায়। কি কি কয়, তেওঁলোকৰ ওপৰত বিশ্বাস
কৰিব নালাগে। জ্ঞানতো বাবাৰ মুৰুলীত পাই থকা যায়। পিতাই সাৱধান কৰি থাকে। ধ্যান
কোনো কামৰ নহয়। বহুত মায়াৰ প্ৰৱেশতা হৈ যায়। অহংকাৰ আহি যায়। জ্ঞান সকলোৱে পাই
থাকে। জ্ঞান দিওঁতা হৈছে শিৱবাবা। মম্মায়ো ইয়াৰ পৰা জ্ঞান পাইছিল নহয়। তাকো
মনমনাভৱ বুলি কোৱা হ’ব। পিতাক স্মৰণ কৰা, দৈৱীগুণ ধাৰণ কৰা। নিজকে চাব লাগে মই
দৈৱীগুণ ধাৰণ কৰোঁনে? ইয়াতেই দৈৱীগুণ ধাৰণ কৰিব লাগে। কাৰোবাক চোৱা এতিয়া অতি
উত্তম অৱস্থা, আনন্দেৰে কাম কৰে, এঘণ্টাৰ পাছত ক্ৰোধৰ ভূত আহিল, শেষ। পুনৰ স্মৃতি
উদয় হয়, এয়াতো মই ভুল কৰিলোঁ। আকৌ শুধৰণি হৈ যায়। সঘনে ৰূপ সলোৱা সন্তান বাবাৰ ওচৰত
বহুত আছে, এতিয়াই দেখিবা বহুত মিঠা, বাবাই ক’ব এনেকুৱা সন্তানসকলৰ প্ৰতিতো
উৎসৰ্গিত হৈ যাওঁ। এঘণ্টা পাছত আকৌ কিবা নহয় কিবা কথাত বিতুষ্ট হৈ যায়। ক্ৰোধ আহিল,
গোটেই উপাৰ্জন শেষ হৈ গ'ল। এতিয়াই উপাৰ্জন, এতিয়াই লোকচান হৈ যায়। সকলো স্মৃতিত
থকাৰ ওপৰতে নিৰ্ভৰ কৰে। জ্ঞানতো বহুত সহজ। সৰু লৰা-ছোৱালীয়েও বুজাই দিব। কিন্তু মই
যি হওঁ, যেনেকুৱা হওঁ, যথাৰ্থ ৰীতি জানিব লাগে। নিজক আত্মা বুলি বুজিব, এইটো ৰীতিৰে
সৰু লৰা-ছোৱালীয়ে স্মৰণ কৰিব পাৰিব জানো। মনুষ্যক মৃত্যুৰ সময়ত কোৱা হয় ভগৱানক
স্মৰণ কৰা। কিন্তু স্মৰণ কৰিব নোৱাৰে কিয়নো যথাৰ্থভাৱে কোনেও নাজানে। কোনেও উভতি
যাব নোৱাৰে আৰু বিকৰ্মও বিনাশ নহয়। পৰম্পৰাগতভাৱে ঋষি-মুনি আদি সকলোৱে কৈ আহিছে যে
ৰচয়িতা আৰু ৰচনাক আমি নাজানোঁ। তেওঁলোকতো তথাপিও সতোগুণী আছিল। আজিৰ তমোপ্ৰধান
বুদ্ধিৰে আকৌ কেনেকৈ জানিব পাৰিব। পিতাই কয় - এই লক্ষ্মী-নাৰায়ণেও নাজানে।
ৰজা-ৰাণীয়েই যদি নাজানে তেন্তে আকৌ প্ৰজাসকলে কেনেকৈ জানিব। কোনেও নাজানে। এতিয়া
কেৱল তোমালোক সন্তানসকলেহে জানা। তোমালোকৰ মাজতো কোনোবা আছে যিয়ে যথাৰ্থ ৰীতিৰে জানে,
কয় - বাবা বাৰে বাৰে পাহৰি যাওঁ। পিতাই কয় - য’লৈকে নোযোৱা কেৱল পিতাক স্মৰণ কৰা।
অতি শ্ৰেষ্ঠ উপাৰ্জন। তোমালোক 21 জন্মৰ কাৰণে নিৰোগী হৈ যোৱা। এনেকুৱা পিতাক
অন্তৰ্মুখী হৈ স্মৰণ কৰিব লাগে নহয়। কিন্তু মায়াই পাহৰাই ধুমুহাত আনি দিয়ে, এনেকুৱা
অৱস্থাত অন্তৰ্মুখী হৈ বিচাৰ সাগৰ মন্থন কৰিব লাগে। বিচাৰ সাগৰ মন্থন কৰাৰ কথাও
এতিয়াৰে। এয়া হ’ল পুৰুষোত্তম হোৱাৰ সংগমযুগ। এইটোও আচৰিত কথা, তোমালোক সন্তানসকলে
দেখিছা - এখন ঘৰতে তোমালোকে কোৱা মই সংগমযুগী আৰু অৰ্ধাংগিনী বা সন্তান আদি কলিযুগী।
কিমান পাৰ্থক্য। পিতাই অতি সূক্ষ্ম কথা বুজায়। ঘৰত থাকিও বুদ্ধিত আছে যে আমি ফুল
হ’বৰ কাৰণে পুৰুষাৰ্থ কৰি আছোঁ। এয়া হ’ল অনুভৱৰ কথা। বাস্তৱত পৰিশ্ৰম কৰিব লাগে।
স্মৃতিত থাকিবলৈকে পৰিশ্ৰম কৰিবলগীয়া হয়। এখন ঘৰতেই যদি এগৰাকী হংস (পৱিত্ৰ) তেন্তে
আনগৰাকী বগলী (অপৱিত্ৰ)। আকৌ কোনোবা অতি উত্তম। কেতিয়াও বিকাৰৰ খেয়ালো নাহে। একেলগে
থাকিও পৱিত্ৰ হৈ থাকে, সাহস দেখুৱায়, গতিকে তেওঁলোকে কিমান উচ্চ পদ পাব। এনেকুৱাও
সন্তান আছে নহয়। কাৰোবাকতো চোৱা বিকাৰৰ কাৰণে কিমান মাৰে, কাজিয়া কৰে, অৱস্থা
তেনেকুৱা হ’ব লাগে যাতে সংকল্পতো কেতিয়াও অপৱিত্র হোৱাৰ খেয়াল নাহে। পিতাই সকলো
প্ৰকাৰে ৰায় দি থাকে। তোমালোকে জানা ‘শ্ৰী শ্ৰী’ৰ মতেৰে আমি শ্ৰী লক্ষ্মী, শ্ৰী
নাৰায়ণ হওঁ। শ্ৰী মানেই শ্ৰেষ্ঠ। সত্যযুগত হ'ল এক নম্বৰৰ শ্ৰেষ্ঠ। ত্ৰেতাত দুটা
ডিগ্ৰী কম হৈ যায়। এই জ্ঞান তোমালোক সন্তানসকলে এতিয়া পোৱা।
এই ঈশ্বৰীয় সভাৰ
নিয়ম হ'ল – যিসকলে জ্ঞান ৰত্নক মূল্য দিয়ে, কেতিয়াও হামিয়াই নাথাকে তেওঁলোক আগত
বহিব লাগে। কোনো কোনো সন্তানে পিতাৰ আগত বহিও কলমটিয়াই থাকে, হামিয়াই থাকে।
তেওঁলোক পাছৰফালে গৈ বহিব লাগে। এয়া সন্তানসকলৰ ঈশ্বৰীয় সভা। কিন্তু বহুত
ব্ৰাহ্মণীয়ে এনেকুৱাসকলকো লৈ আহে, এনেয়েতো পিতাৰ পৰা ধন পোৱা যায়, এটি এটি বাণী
লাখ টকা মূল্যৰ। তোমালোকে জানা জ্ঞান পোৱাই যায় সংগমত। তোমালোকে কোৱা যে বাবা আমি
পুনৰাই বেহদৰ উত্তৰাধিকাৰ ল’বলৈ আহিছোঁ। অতি মৰমৰ সন্তানসকলক বাবাই বাৰে বাৰে বুজায়
- এইখন ছিঃ ছিঃ সৃষ্টি, তোমালোকৰ হ'ল বেহদৰ বৈৰাগ্য। পিতাই কয় এইখন সৃষ্টিত
তোমালোকে যি কিছু দেখিবলৈ পোৱা সেয়া কাইলৈ নাথাকিব। মন্দিৰ আদিৰ নাম চিহ্নই নাথাকিব।
তাত স্বৰ্গত তেওঁলোকে পুৰণি বস্তু চোৱাৰ দৰকাৰ নাই। ইয়াততো পুৰণি বস্তুৰ কিমান
মূল্য। বাস্তৱত কেৱল এজন পিতাৰ বাহিৰে কোনো বস্তুৰে মূল্য নাই। পিতাই কয় - মই
নাহিলে তোমালোকে ৰাজ্য-ভাগ্য কেনেকৈ ল’বা। যিসকলে গম পায় সেই সকলেই আহি পিতাৰ পৰা
উত্তৰাধিকাৰ লয়, সেইবাবে “কোটিৰ মাজত কোনোবা” বুলি কোৱা হয়। কোনো কথাত সংশয় আনিব
নালাগে। ভোগ আদি আগবঢ়োৱাৰো ৰীতি-প্ৰথা আছে। ইয়াৰ লগত জ্ঞান আৰু স্মৃতিৰ কোনো
সম্পৰ্ক নাই। অন্য কোনো কথাৰ সৈতে তোমালোকৰ সম্পৰ্ক নাই। কেৱল দুটা কথা আছে –
‘অল্ফ’ আৰু ‘বে’ বাদশ্বাহী। ‘অল্ফ’ ভগৱানক কোৱা হয়। আঙুলিৰেও এনেকৈ ইংগিত দিয়ে
নহয়। আত্মাই ইংগিত দিয়ে নহয়। পিতাই কয় - ভক্তিমাৰ্গত তোমালোকে মোক স্মৰণ কৰা।
তোমালোক সকলো মোৰ প্ৰেমিকা। এইটোও জানা যে বাবাই কল্পই কল্পই আহি সকলো মনুষ্য
মাত্ৰকে দুখৰ পৰা মুক্ত কৰি শান্তি আৰু সুখ দিয়ে, সেইবাবে বাবাই কৈছিল যে কেৱল এইটো
ফলকত লিখি দিয়া যে বেহদৰ পিতাই বিশ্বত শান্তি কেনেকৈ স্থাপনা কৰি আছে সেয়া আহি বুজি
লওঁক। এক চেকেণ্ডত বিশ্বৰ মালিক 21 জন্মৰ কাৰণে হ’ব বিচাৰে যদি আহি বুজি লওঁক। ঘৰত
ফলক লগাই দিয়া, তিনিপদ ভূমিত তোমালোকে ডাঙৰ ডাঙৰ চিকিৎসালয়, বিশ্ব বিদ্যালয় খুলিব
পাৰা। স্মৃতিৰ দ্বাৰা 21 জন্মৰ কাৰণে নিৰোগী আৰু পঢ়াৰ দ্বাৰা স্বৰ্গৰ বাদশ্বাহী পোৱা
যায়। প্ৰজাসকলেও ক’ব যে আমি স্বৰ্গৰ মালিক হওঁ। আজি মনুষ্যৰ লাজ লাগে কিয়নো নৰকবাসী।
নিজেই কয় - মোৰ পিতা স্বৰ্গবাসী হ’ল, তেন্তে নৰকবাসী নোহোৱা জানো। যেতিয়া মৰিম
তেতিয়া স্বৰ্গলৈ যাম। কিমান সহজ কথা। ভাল কাম কৰাসকলৰ কাৰণে বিশেষভাৱে কয় - এওঁ
বহুত মহাদানী আছিল। এওঁ স্বৰ্গলৈ গ’ল। কিন্তু কোনেওতো নাযায়। নাটক যেতিয়া পূৰা হয়
তেতিয়া সকলো মঞ্চত আহি উপস্থিত হয়। এই যুদ্ধও তেতিয়া লাগিব যেতিয়া সকলো ভাৱৰীয়া
ইয়ালৈ আহি যাব পুনৰ উভতি যাব। শিৱৰ বৰযাত্ৰী বুলি কয় নহয়। শিৱবাবাৰ লগত সকলো আত্মা
যাব। মূল কথা এতিয়া 84 জন্ম পূৰা হ’ল। এতিয়া এই জোতা (শৰীৰ) এৰিব লাগে। যেনেকৈ সাপে
পুৰণা ছাল (মোট) এৰি নতুন লয়। তোমালোকে নতুন ছাল সত্যযুগত ল’বাগৈ। শ্ৰীকৃষ্ণ কিমান
সুন্দৰ, তেওঁৰ কিমান আকৰ্ষণ আছে। অতি উত্তম শৰীৰ। আমি এনেকুৱা শৰীৰ ল’মগৈ। এনেকৈ কয়
নহয় যে মইতো নাৰায়ণ হ’মগৈ। এয়াতো পচি যোৱা ছিঃ ছিঃ ছাল। এইটো এৰি আমি নতুন সৃষ্টিলৈ
যাম। এইটো স্মৰণ কৰি আনন্দিত কিয় নোহোৱা, যিহেতু কৈ থাকা যে আমি নৰৰ পৰা নাৰায়ণ
হওঁগৈ! এই সত্য-নাৰায়ণৰ কথা ভালদৰে বুজি লোৱা। যি কোৱা সেয়া কৰি দেখুওৱা। কথন আৰু
কৰণ একে হ’ব লাগে। পেছাগত কাম-কাজ আদিও অৱশ্যে কৰা। পিতাই কয় - হাতেৰে কাম কৰা,
অন্তৰ যাতে পিতাৰ স্মৃতিত থাকে। যিমানে ধাৰণা কৰিবা সিমানে তোমালোকৰ ওচৰত জ্ঞানৰ
মূল্য বাঢ়ি গৈ থাকিব, জ্ঞানৰ ধাৰণাৰে তোমালোক কিমান ধনৱান হৈ যোৱা। এয়া হ’ল আত্মিক
জ্ঞান। তোমালোক আত্মা, আত্মাইহে শৰীৰৰ দ্বাৰা কথা কয়। আত্মায়ে জ্ঞান দিয়ে। আত্মায়ে
ধাৰণ কৰে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই পুৰণি
সৃষ্টিৰ পুৰণা বস্তুবোৰ দেখিও চাব নালাগে। নৰৰ পৰা নাৰায়ণ হ’বলৈ কথন আৰু কৰণ একে
সমান কৰি তুলিব লাগে।
(2) অবিনাশী জ্ঞান
ৰত্নক মূল্য দিব লাগে, এয়া অতি উচ্চ উপাৰ্জন, এই ক্ষেত্ৰত হামিয়াই বা কলমটিয়াই
থাকিব নালাগে। নাম-ৰূপৰ গ্ৰহদোষৰ পৰা ৰক্ষা পাবলৈ স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰিব লাগে।
বৰদান:
পিতাৰ
ছত্ৰছায়াত স্পৰ্শকাতৰ পৰিস্থিতিসমূহতো পদুম ফুলৰ সমান উৰ্দ্ধত আৰু স্নেহী হোৱা
সংগমযুগত যেতিয়া পিতা
সেৱাধাৰী হৈ আহে তেতিয়া ছত্ৰছায়াৰ ৰূপত সন্তানসকলৰ সদায় সেৱা কৰে। স্মৰণ কৰিলেই
চেকেণ্ডত সান্নিধ্যৰ অনুভৱ হয়। এই স্মৃতিৰ ছত্ৰছায়াই যিকোনো প্ৰকাৰৰ স্পৰ্শকাতৰ
পৰিস্থিতিতো পদুম ফুলৰ সমান উৰ্দ্ধত আৰু স্নেহী কৰি দিয়ে। পৰিশ্ৰম নহয়। পিতাক
সন্মুখত আনিলে, স্ব-স্থিতিত থাকিলে যিকোনো প্ৰকাৰৰ পৰিস্থিতি পৰিৱৰ্তন হৈ যায়।
স্লোগান:
পৰিস্থিতি ৰূপী পৰ্দা মাজত আহিবলৈ নিদিবা তেতিয়া পিতাৰ সান্নিধ্যৰ অনুভৱ হৈ থাকিব।
অব্যক্ত সংকেত:
আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা
যিকোনো বিঘিনিৰ পৰা
মুক্ত হোৱাৰ যুক্তি হৈছে - চেকেণ্ডত নিজৰ স্বৰূপ অৰ্থাৎ আত্মিক জ্যোতি স্বৰূপ
স্মৃতিত আহি যাওঁক আৰু কৰ্মত নিমিত্ত ভাৱৰ স্বৰূপ - এই ‘ডবল লাইট’ স্বৰূপত স্থিত হৈ
যোৱা তেতিয়া চেকেণ্ডত উচ্চলৈ জপিয়াই দিবা। কোনো বিঘিনিয়ে আগবাঢ়ি যোৱাত বাধা দিব
নোৱাৰিব।