03.06.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতাৰ আশীৰ্বাদ ল'বলৈ হ’লে সেৱাধাৰী সুসন্তান হৈ সকলোকে সুখ দিয়া, কাকোৱেই দুখ নিদিবা”

প্ৰশ্ন:
ধৰ্মৰজাৰ শাস্তিৰ পৰা হাত সাৰিবলৈ কোনবোৰ ঈশ্বৰীয় নিয়মৰ প্ৰতি ধ্যান দিব লাগে?

উত্তৰ:
কেতিয়াও ঈশ্বৰৰ সন্মুখত প্ৰতিজ্ঞা কৰি সেয়া অৱজ্ঞা কৰিব নালাগে। কাকোৱেই দুখ দিব নালাগে। ক্ৰোধ কৰা, বিতুষ্ট কৰা অৰ্থাৎ এনেকুৱা আচৰণ কৰা যাৰ দ্বাৰা ঈশ্বৰৰ নাম বদনাম হয়.... তেন্তে তেওঁলোকে বহুত শাস্তি ভোগ কৰিবলগীয়া হয় সেয়েহে এনেকুৱা কোনো কৰ্ম কৰিব নালাগে। মায়াৰ যিমানেই ধুমুহা নাহক, বেমাৰ উথলি উঠক কিন্তু ভুল-শুদ্ধক বুদ্ধিৰে বিচাৰ কৰি ভুল কৰ্মৰ পৰা সদায় বাচি থাকিব লাগে।

গীত:
য়হ কৌন আয়া আজ চবেৰে চবেৰে…… (এয়া কোন আহিল আজি প্ৰভাতে প্ৰভাতে……)

ওঁম্শান্তি।
এয়া ‘ওঁম্ শান্তি’ বুলি কোনে ক'লে। পিতা আৰু দাদাই। এইটোতো নিঃসন্দেহে সন্তানসকলৰ নিশ্চয়তা আছে যে আমাৰ পাৰলৌকিক পিতা হৈছে - পৰমপিতা পৰমাত্মা শিৱ আৰু এওঁ (ব্ৰহ্মা) সকলো সন্তানৰ অলৌকিক পিতা, এওঁকেই প্ৰজাপিতা ব্ৰহ্মা বুলি কোৱা হ’ব। ইমানবোৰ সন্তান প্ৰজাপিতা ব্ৰহ্মাৰ বাহিৰে আন কাৰোবাৰ থাকে জানো। প্ৰথমে নাছিল যেতিয়াই বেহদৰ পিতা এওঁৰ শৰীৰত প্ৰৱেশ কৰিলে তেতিয়া এওঁ হৈ গ'ল দাদা। এওঁ দাদাই নিজেই কয় যে তোমালোকে পাৰলৌকিক পিতাৰ সম্পত্তি পোৱা। নাতি সদায় ককাকৰ উত্তৰাধিকাৰী হয়। তেওঁলোকৰ বুদ্ধিযোগ ককাকৰ ফালে যায় কিয়নো ককাকৰ সম্পত্তিৰ অধিকাৰ প্ৰাপ্ত হয়। যেনেকৈ ৰজাসকলৰ ওচৰত যি সন্তান জন্ম লয়, এনেকৈয়ে ক'ব ডাঙৰৰ সম্পত্তি। ডাঙৰৰ সম্পত্তিৰ ওপৰত সিহঁতৰ অধিকাৰ আছেই। তোমালোক সন্তানসকলে জানা যে আমি বেহদৰ পিতাৰ দ্বাৰা শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ সম্পত্তি স্বৰ্গৰ উত্তৰাধিকাৰ লৈ আছোঁ। আমাক সেইজন পিতাই পঢ়াই আছে। তোমালোক এতিয়া সন্মুখত বহি আছা। সন্মুখৰ নিচাও পুৰুষাৰ্থৰ ক্ৰম অনুসৰি থাকে। কাৰোবাৰ অন্তৰততো বহুত প্ৰেম থাকে। আমি আহি এই সাকাৰ মাতা-পিতাৰ দ্বাৰা উচ্চতকৈও উচ্চ ভগৱানৰ উত্তৰাধিকাৰী হওঁ। বেহদৰ পিতা অতি মৰমৰ, যিয়ে আমাক বাদশ্বাহীৰ যোগ্য কৰি তোলে। মায়াই একেবাৰে অযোগ্য কৰি দিছে। কালি বাবাৰ ওচৰলৈ কোনোবা সাক্ষাৎ কৰিবলৈ আহিছিল কিন্তু তেওঁ জানো কিবা বুজি পাইছিল। বাবাই বুজালে এওঁলোক সকলো ব্ৰহ্মাকুমাৰ। তুমিও ব্ৰহ্মাৰ বা শিৱৰ সন্তান হোৱা নহয়। কৈছে যেতিয়া নিশ্চয় হওঁ। এয়া কেৱল শুনি কৈছিল, কিন্তু অন্তৰত স্পৰ্শ নকৰিলে। বাণে আঘাত কৰা নাই যে সঁচাকৈয়ে আমি তেওঁৰ সন্তান। এৱোঁ তেওঁৰ সন্তান, উত্তৰাধিকাৰ লৈ আছে। সেইদৰে আমাৰ ওচৰতো বহুত সন্তান আছে যিসকলৰ বুদ্ধিত বহুত কমকৈ ধাৰণ হয়। সেই আনন্দ, সেই আত্মিক নিচা দেখিবলৈ পোৱা নাযায়। ভিতৰি আনন্দৰ পাৰা বহুত উৰ্দ্ধগামী হ’ব লাগে। সেয়া সকলো চেহেৰাতো দেখা পোৱা যায়। এতিয়া তোমালোক প্ৰেমিকাসকলৰ জ্ঞানেৰে অলংকৰণ হৈ আছে। তোমালোকে জানা, আমি প্ৰেমিকৰ প্ৰেমিকা। এজন খেতিয়কৰ জীয়ৰীৰ কাহিনী আছে নহয়। এজন ৰজাই খেতিয়কৰ জীয়ৰীক লৈ আহিল কিন্তু তথাপিও তাই ৰাজ পৰিয়ালত আনন্দিত নহ’ল তেতিয়া ছোৱালীজনীক পুনৰ গাঁৱত এৰি থৈ আহিল। ক'লে তুমি ৰাজ পৰিয়ালৰ যোগ্য নোহোৱা। ইয়াতো পিতাই অলংকৃত কৰে। তোমালোক ভৱিষ্যতে মহাৰাণী হোৱা। শ্ৰীকৃষ্ণৰ কাৰণেও কয় – পাটৰাণী কৰিবলৈ পলুৱাই নিলে, কিন্তু একো বুজি নাপায়। সকলো হৈছে অধাৰ্মিক মনৰ। এনেকৈ ভাবে যে এনেকৈয়ে সৃষ্টি চলি থাকে। প্ৰাকৃতিক পৰিঘটনা। বহুত আছে যিসকলে মন্দিৰ আদিলৈও নাযায়। শাস্ত্ৰ আদিকো নামানে। চৰকাৰো ধৰ্মক মানোঁতা নহয়। ভাৰত কোনটো ধৰ্মৰ আছিল, এতিয়া কোনটো ধৰ্মৰ, একেবাৰে নাজানে। এতিয়া তোমালোক সন্তানসকল হৈছা দৈৱিক কুলৰ। যিদৰে তেওঁলোক খ্ৰীষ্টান কুলৰ সেইদৰে তোমালোক ব্ৰাহ্মণ কুলৰ। পিতাই কয় - পোন-প্ৰথমে তোমালোক সন্তানসকলক পতিত শূদ্ৰৰ পৰা ব্ৰাহ্মণ কৰি তোলোঁ। পাৱন হৈ হৈ পুনৰ 21 জন্মৰ কাৰণে তোমালোক দৈৱিক সম্প্ৰদায়ৰ হৈ যাবাগৈ। দৈৱিক কোলাত যাবা। আগতে আছিলা আসুৰিক কোলাত। আসুৰিক কোলাৰ পৰা পুনৰ তোমালোক ঈশ্বৰীয় কোলাত আহিছা। এজন পিতাৰ সন্তান ভাই-ভনী হোৱা। এয়া এক বিস্ময়। সকলোৱে ক'ব আমি ব্ৰাহ্মণ কুলৰ হওঁ। আমিতো শ্ৰীমতত চলিব লাগে, সকলোকে সুখ দিব লাগে, ৰাস্তা দেখুৱাব লাগে। জগতত কোনো নাই যিয়ে মুখেৰে ক’ব - বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ কেনেকৈ লোৱা হয়। তোমালোকে বেহদৰ পিতাক পালা। তোমালোকহে তেওঁৰ সন্তান হোৱা। বুদ্ধিৰে জানা‌ যে কল্প পূৰ্বে যিসকলে পিতাৰ পৰা উত্তৰাধিকাৰ লৈছিল, তেওঁলোকেই আহি ল'ব। অলপো যদি বুদ্ধিত থাকে তেন্তে কেতিয়াবা নহয় কেতিয়াবা আহি উপস্থিত হৈ যাব। আহিবতো কিবা নহয় কিবা ল'বৰ কাৰণে। তোমালোকৰ ভিতৰতো ক্ৰমানুসৰি জানে। আজি পাৱন হ'বৰ কাৰণে আহিছে কালিলৈ পুনৰ পতিত হৈ যায়। কাৰোবাৰ সংগ বেয়া হ’লে পাহৰি যায় যে পিতাৰ হৈ যদি আকৌ পিতাক এৰি দিয়ে তেন্তে বহুত পাপ আত্মা হৈ যায়। যেনেকৈ কোনোবাই কাৰোবাক হত্যা কৰিলে পাপ লাগে। সেই পাপো অলপমান। ইয়াত যি পিতাৰ হৈ পিতাক এৰি আঁতৰি যায়, প্ৰতিজ্ঞা কৰি পুনৰ বিকাৰগ্ৰস্ত হৈ যায় তেন্তে বহুত পাপ লাগে। অজ্ঞান কালত ইমান নালাগে যিমান জ্ঞানত লাগে। অজ্ঞান কালততো সাধাৰণতেই মনুষ্যৰ ক্ৰোধ থাকে। ইয়াত তোমালোকে কাৰোবাক ক্ৰোধ কৰিলে তেতিয়া এশ গুণ দণ্ড হৈ যায়। অৱস্থা একেবাৰে অৱনমিত হৈ যায় কিয়নো ঈশ্বৰৰ আদেশ নামানে। ধৰ্মৰজাৰ আদেশ পোৱা যায় – পৱিত্ৰ হ’ব লাগে। তোমালোক ঈশ্বৰৰ হৈ অলপো যদি তেওঁৰ আদেশ অৱজ্ঞা কৰা তেন্তে এশ গুণ দণ্ড বাঢ়ি যায়। ৰচয়িতাতো হৈছে সেই এজনেই। ব্ৰহ্মা-বিষ্ণু-শংকৰো তেওঁৰ ৰচনা। ধৰ্মৰজাও ৰচনা। ধৰ্মৰজাৰ ৰূপো বাবাই সাক্ষাৎকাৰ কৰায়। আকৌ সেই সময়ত সিদ্ধ কৰি কয় – চোৱা তুমি প্ৰতিজ্ঞা কৰিছিলা, মই ক্ৰোধ নকৰোঁ, কাকো দুখ নিদিওঁ তথাপিও তুমি এওঁক দুখ দিলা, বিতুষ্ট কৰিলা। এতিয়া শাস্তি ভোগ কৰা। সাক্ষাৎকাৰ নকৰোৱাকৈ শাস্তি নিদিয়ে। প্ৰমানতো লাগে নহয়। তেৱোঁ বুজে - যথাযথ, মই পিতাক এৰি এয়া কুকৰ্ম কৰিলোঁ। বদনামী কৰালে আকৌ বহুতৰ ওপৰত বিপদ আহি যায়। কিমান অৱলা বন্ধনত আহি যায়। গোটেই দণ্ড বদনামী কৰাওঁতাজনৰ ওপৰত পৰি যায় সেইকাৰণে পিতাই কয় - ডাঙৰতকৈ ডাঙৰ পাপ আত্মা চাব বিচৰা যদি ইয়াত চোৱা, ধোবাৰ ওচৰত বহুত মলিয়ন কাপোৰ থাকিলে তেতিয়া আছাৰিলে ফাটি যায়। গতিকে আছাৰ সহ্য কৰিব নোৱাৰি গুচি যায়। ঈশ্বৰৰ কোলাত আহি পোনেপোনে তেওঁৰ অৱজ্ঞা কৰিলে শাস্তি ভোগ কৰিব লাগিব। যিসকল মুখ্য ব্ৰাহ্মণীয়ে দল লৈ আহে, তেওঁলোকৰ ওপৰত বহুত দ্বায়িত্ব আছে। এজনেও যদি হাত এৰি দিয়ে, বিকাৰগ্ৰস্ত হৈ গ’ল তেন্তে তেওঁৰ পাপ লৈ আনোঁতা গৰাকীৰ ওপৰত আহি যাব। এনেকুৱা কাকোৱেই ইন্দ্ৰসভালৈ আনিব নালাগে। নীলম পৰী, পুখৰাজ পৰীৰ কাহিনীও আছে নহয়। ইন্দ্ৰসভাত কোনোবাই মনে মনে লৈ আনিলে তেতিয়া ইন্দ্ৰসভাত দুৰ্গন্ধ বিয়পিবলৈ ধৰিলে। গতিকে লৈ আনোঁতাজনৰ ওপৰত দণ্ড হৈ গ’ল। এনেকুৱা কিছু কাহিনী আছে। তেওঁ পাথৰ হৈ গ’ল। বাবাই পাৰসনাথ কৰি তোলে আকৌ যদি অৱজ্ঞা কৰে তেন্তে পাথৰ হৈ যায়। বাদশ্বাহী পোৱাৰ সৌভাগ্য হেৰুৱাই পেলায়। ধৰি লোৱা কোনোবা গৰিব ৰজাৰ তোলনীয়া হৈ গ’ল। যদি অযোগ্য হৈ যায় আৰু ৰজাই খেদি পঠিয়ায় তেতিয়া কি হ’ব। তেতিয়া আকৌ কঙালেই হৈ যাব। ইয়াতো তেনেকুৱা। তেতিয়া বহুত দুখ অনুভৱ হ’ব সেইকাৰণে পিতাই কৈ দিয়ে - কেতিয়াও কোনো অৱজ্ঞা নকৰিবা। পিতা হৈছে সাধাৰণ সেইকাৰণে শিৱবাবাক পাহৰি সাকাৰত বুদ্ধি আহি যায়। এতিয়া তোমালোক সন্তানসকলে শ্ৰীমত পোৱা। যিসকল লেতেৰা হৈ যায়, এনেকুৱাসকল পুনৰ ইন্দ্ৰসভাত বহিব নোৱাৰে। প্ৰতিটো সেৱাকেন্দ্ৰ ইন্দ্ৰপ্ৰস্থ, য’ত জ্ঞানৰ বৰ্ষা হৈ আছে। নীলমপৰী, পুখৰাজ পৰী নামতো আছে নহয়। নীলম, ৰত্নকো কোৱা হয়। এয়া সন্তানসকলৰ নাম ৰখা হয়। কোনোবাতো বহুত ভাল যেন ৰত্ন, কোনো খুঁত নাই। কিছুমান অলংকাৰত বহুত দাগ থাকে। কিছুমানতো একেবাৰে শুদ্ধ হয়। ইয়াতো ক্ৰমানুসৰি ৰত্ন আছে। কিছুমান ৰত্ন বহুত মূল্যৱান। বহুত ভাল সেৱা কৰে। কিছুমানেতো সেৱাৰ সলনি অহিত কৰে। গোলাপ ফুল আৰু আকন ফুলৰ মাজতো কিমান পাৰ্থক্য আছে। শিৱক দুয়োবিধে অৰ্পণ কৰে। এতিয়া তোমালোকে জানি গৈছা, আমাৰ মাজত ফুল কোনো কোন হয়। তেওঁলোককেই সকলোৱে বিচাৰে যে বাবা আমাক ভাল ভাল ফুল দিয়া। এতিয়া ভাল ভাল ফুল ক’ৰ পৰা আনোঁ। ‘ৰতন জ্যোতি’ ফুলতো সাধাৰণ। এয়া বাগিচা হয় নহয়। তোমালোক জ্ঞান গংগাও হোৱা। বাবাতো সাগৰ হ’ল নহয়। এওঁ (ব্ৰহ্মা) হৈছে ব্ৰহ্মপুত্ৰ আটাইতকৈ ডাঙৰ নদী। কলিকতাত ব্ৰহ্মপুত্ৰ নদী বহুত ডাঙৰ। য’ত সাগৰ আৰু নদীৰ বৃহৎ মেলা লাগে। যথাযথ জ্ঞান সাগৰ হৈছে বাবা। এয়া চৈতন্য জ্ঞান সাগৰ। তোমালোকো চৈতন্য জ্ঞান নদী হোৱা। সেয়া হৈছে পানীৰ গংগা। বাস্তৱত নদীবোৰৰ নাম দিয়া হৈছে কিন্তু আসুৰি সম্প্ৰদায়ে এয়াও পাহৰি গ’ল। হৰিদ্বাৰত গংগাৰ পাৰত চতুৰ্ভুজৰ চিত্ৰ দেখুৱায়। তাকো গংগা বুলি কয় কিন্তু মনুষ্যই নুবুজে যে এই চতুৰ্ভুজ কোন হয়। যথাযথ এই সময়ত তোমালোক স্বদৰ্শন চক্ৰধাৰী হোৱা। তোমালোক হৈছা সঁচা জ্ঞান নদী। সেয়া হৈছে পানীৰ। তাত গৈ স্নান কৰে। একোৱেই বুজি নাপায়। বচ্‌ দেৱী হয়। মনুষ্যৰতো কেতিয়াও 4-8 খন ভুজা নাথাকে। একোৱেই অৰ্থ বুজি নাপায়। তোমালোক সন্তানসকলে জানা যে বাবাই আমাক কি কৰি গঢ়ি তোলে। আমিতো 100 শতাংশ অবোধ আছিলোঁ। বাবাৰ কোলাত আহিলে আমি স্বৰ্গৰ মালিক হওঁ। যদিও ইয়াত কোনোবা ৰজা হয় কিন্তু স্বৰ্গৰ সুখ আৰু এতিয়াৰ সুখৰ মাজত দিন-ৰাতিৰ পাৰ্থক্য আছে। তোমালোকৰ মাজত কোনোবা এনেকুৱাও আছে যে পিতাক বুজি নাপায় সেয়েহে নিজকো বুজি নাপায়। চাব লাগে যে মই কিমান সুবাস বিয়পাওঁ? ওলট-পালট (অদৰকাৰী) কথাতো নকওঁ? ক্ৰোধতো নকৰোঁ? পিতাই তৎক্ষণাৎ চলনৰ পৰা বুজি লয় যে এই সন্তানটি কেনে হ’ব। সেৱাধাৰী সন্তানসকল পিতাৰ বহুত প্ৰিয় হয়। সকলোৱেতো একে নিচিনা প্ৰিয় হ’ব নোৱাৰে। এনেকুৱা সন্তানসকলৰ কাৰণে ভিতৰি আপোনাআপুনি আশীৰ্বাদ নিগৰে। পিতাৰ আজ্ঞা উলংঘন কৰোঁতা সন্তান হ’লেতো পিতাই ক’ব এনেকুৱা সন্তান মৰি যোৱাই ভাল। কিমান নাম বদনাম কৰে, ইয়াকে কোৱা হয় ভাগ্য। কাৰ ভাগ্যত কি আছে, তৎক্ষণাৎ গম পোৱা যায়। বাবাই বুজায় - এওঁ সুসন্তান, তেওঁ কুসন্তান। বাপদাদাক চিনি নাপায়, ভাগ্যত উত্তৰাধিকাৰ নাথাকিলে তেন্তে কি কৰিব। এই জ্ঞানমাৰ্গৰ নিয়ম বহুত কাঢ়া। পিতা পৱিত্ৰ হ'ব আৰু সন্তান নহ’লে তেন্তে তেনেকুৱা সন্তান অধিকাৰী হ'ব নোৱাৰে। তেওঁক সন্তান বুলি ধৰা নহ’ব। আকৌ ক’ব মইতো শিৱবাবাক উত্তৰাধিকাৰী কৰিম, তেতিয়া বাবাই মোক 21 জন্মৰ কাৰণে প্ৰতিদান দিব। ইয়াৰ অৰ্থ এইটো নহয় যে বাবাৰ ওচৰত আহি বহি যাব লাগে। নহয়, গৃহস্থ ব্যৱহাৰত থাকি সকলোকে চম্ভালিবও লাগে, কিন্তু নিমিত্ত হৈ থাকিব লাগে। এনেকুৱা নহয় যে তোমালোকৰ সন্তান আদিক পিতাই বহি চম্ভালিব। নহয়, এনেকুৱা খেয়াল কৰোঁতাসকল বিপথে যায়। ইয়াত বাবাৰ ওচৰত একেবাৰে পৱিত্ৰ হোৱা উচিত। অপৱিত্ৰ কোনেও বহিব নোৱাৰে। নহ’লে পাথৰ বুদ্ধিৰ হৈ যাব। বাবাই কোনো অভিশাপ নিদিয়ে। এয়াতো এক বিধি। পিতাই কয় - আগলৈ সাৱধানে থাকিবা। কৰ্মেন্দ্ৰিয়ৰে যদি কোনো পাপ কৰে তেন্তে এওঁ মৰিল। বহুত উচ্চ লক্ষ্য। পিতাৰ সন্তান হোৱাৰ পাছত সকলো বেমাৰ উথলি উঠিব। ভয় খাব নালাগে। বৈদ্য লোকসকলেও কয় - অমুক ঔষধৰ দ্বাৰা তোমাৰ বেমাৰ বাহিৰ হ'ব। তুমি ভয় নাখাবা। পিতায়ো নিজেই কয় - তোমালোক পিতাৰ হ’লে মায়া ৰাৱণে তোমালোকক বহুত হায়ৰাণ কৰিব। বহুত ধুমুহাত লৈ আহিব। তোমালোকে এতিয়া শুদ্ধ আৰু অশুদ্ধৰ জ্ঞান পাইছা। অন্য কাৰো শুদ্ধ-অশুদ্ধৰ বুদ্ধি নাই, সকলোৰে বিনাশ কালত অপ্ৰীতিকৰ (ভ্ৰষ্ট) বুদ্ধি। প্ৰীতি বুদ্ধি তোমালোকৰ মাজতো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি আছে। প্ৰীতি বুদ্ধিৰসকলে পিতাৰ সেৱা বহুত ভালকৈ কৰিব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ঈশ্বৰৰ সন্তান হৈ অলপো তেওঁৰ আজ্ঞা অৱজ্ঞা কৰিব নালাগে। এই কৰ্মেন্দ্ৰিয়সমূহেৰে কোনোধৰণৰ কুকর্ম কৰিব নালাগে। ওলট-পালট (অদৰকাৰী) কথা ক’ব নালাগে। সুসন্তান হৈ পিতাৰ আশীৰ্বাদ ল’ব লাগে।

(2) অনাসক্ত হৈ নিজৰ গৃহস্থ ব্যৱহাৰ চম্ভালিব লাগে। জ্ঞানমাৰ্গৰ যি নিয়ম আছে সেইমতে পূৰা চলিব লাগে। শুদ্ধ আৰু অশুদ্ধক বুজি মায়াৰ পৰা সাৱধানে থাকিব লাগে।

বৰদান:
কাতৰ মগনীয়া, তৃষ্ণাতুৰ আত্মাসকলৰ তৃষ্ণা নিবাৰণ কৰোঁতা সকলো সম্পদেৰে সম্পন্ন হোৱা

যেনেকৈ ঢৌত ভাহি থকা বা ডুবিবলৈ ধৰা আত্মাই খেৰকুটাডালৰো আলম্বন বিচাৰে তেনেকৈ দুখৰ এটা ঢৌ আহিবলৈ দিয়া তেতিয়া দেখিবা অনেক সুখ-শান্তিৰ মগনীয়া আত্মাসকল কাতৰ হৈ তোমালোকৰ সন্মুখত আহিব। এনেকুৱা তৃষ্ণাতুৰ আত্মাসকলৰ তৃষ্ণা নিবাৰণৰ বাবে নিজক অতীন্দ্ৰিয় সুখ আৰু সৰ্ব শক্তিৰে, সৰ্ব সম্পদেৰে ভৰপূৰ কৰা। সৰ্ব সম্পদ ইমান জমা হওঁক যাতে নিজৰ স্থিতিও স্থায়ী হৈ থাকে আৰু অন্য আত্মাসকলকো সম্পন্ন কৰি তুলিব পাৰা।

স্লোগান:
কল্যাণৰ ভাৱনা ৰাখি শিক্ষা দিয়া তেতিয়া শিক্ষাই অন্তৰ স্পৰ্শ কৰিব।


অব্যক্ত ইংগিত: সদায় হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা

সদায় হৰ্ষিত হৈ থকা - এইটো জ্ঞানৰ গুণ, কেৱল ইয়াত আত্মিকতা যোগ কৰিব লাগে। হৰ্ষিত হৈ থকাৰ এই সংস্কাৰো এক বৰদান যিয়ে সময়ত বহুত সহযোগ দিয়ে। যিসকল নিজে সদায় হৰ্ষিত হৈ থাকে, তেওঁলোকে যিকোনো মনোবৃত্তিৰ লোকক হৰ্ষিত কৰি দিয়ে, সৰল স্বভাৱৰ লোকসকলে নিজৰ আনন্দময় চেহেৰাৰে গধুৰ বায়ুমণ্ডলো পাতল কৰি দিয়ে।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]