03.07.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
‘কলংগীধৰ’ হ’বলৈ নিজৰ অৱস্থা অচল-অটল কৰি তোলা, যিমানে তোমালোকৰ কলংক লাগে, সিমানে
তোমালোক ‘কলংগীধৰ’ হৈ যোৱা”
প্ৰশ্ন:
পিতাৰ আজ্ঞা
কি? কোনটো মুখ্য আজ্ঞা অনুসৰি চলা সন্তানসকল অন্তৰ আসনত অধিষ্ঠিত হয়?
উত্তৰ:
পিতাৰ আজ্ঞা হৈছে - মৰমৰ সন্তানসকল, তোমালোকে কাৰো লগত হাই-কাজিয়া কৰিব নালাগে।
শান্তিত থাকিব লাগে। যদি তোমালোকৰ কথা কাৰোবাৰ ভাল নালাগে তেন্তে তোমালোক নিশ্চুপ
হৈ থাকিবা। ইজনে-সিজনক বিৰক্ত নকৰিবা। বাপদাদাৰ অন্তৰ আসনত তেতিয়া অধিষ্ঠিত হ’ব
পাৰিবা যেতিয়া ভিতৰত কোনো ভূত নাথাকিব, মুখেৰে কেতিয়াও কোনো কটু বচন উচ্চাৰিত নহ’ব,
মধুৰ বাণী জীৱনৰ ধাৰণা হৈ যাব।
ওঁম্শান্তি।
ভগৱানুবাচ,
আত্ম-অভিমানী হোৱা - প্ৰথমে নিশ্চয় এনেকৈ ক'বলগীয়া হয়। এয়া হৈছে সন্তানসকলৰ প্ৰতি
সাৱধান বাণী। পিতাই কয় যে মই সন্তান সন্তান বুলি কওঁ গতিকে আত্মাসকলকেই চাওঁ, শৰীৰতো
হৈছে পুৰণা জোতা। এয়া সতোপ্ৰধান হ’ব নোৱাৰে। সতোপ্ৰধান শৰীৰতো সত্যযুগতহে পাবা।
এতিয়া তোমালোক আত্মাসকল সতোপ্ৰধান হৈ আছা। শৰীৰতো সেই পুৰণাই হয়। এতিয়া তোমালোকে
নিজ আত্মাক শুধৰাব লাগে। পৱিত্ৰ হ’ব লাগে। সত্যযুগত শৰীৰো পৱিত্ৰ পাবা। আত্মাক
শুদ্ধ কৰিবলৈ একমাত্ৰ পিতাক স্মৰণ কৰিবলগীয়া হয়। পিতায়ো আত্মাসকলক চায়। পিতাই কেৱল
চালেই আত্মা শুদ্ধ নহ’ব। সেয়াতো যিমানে পিতাক স্মৰণ কৰিবা সিমানে শুদ্ধ হৈ গৈ থাকিব।
এইটো তোমালোকৰ কাম। পিতাক স্মৰণ কৰি কৰি সতোপ্ৰধান হ’ব লাগে। পিতাতো আহিছেই
মাৰ্গ-দৰ্শন কৰিবলৈ। এই শৰীৰতো অন্তিমলৈকে পুৰণা হৈয়েই থাকিব। এয়াতো কেৱল
কৰ্মেন্দ্ৰিয়, যাৰ লগত আত্মাৰ সংযোগ আছে। আত্মা ফুল হৈ যায় তেতিয়া কৰ্তব্যও ভাল কৰে।
তাত পশু-পক্ষীও ভাল ভাল থাকে। ইয়াত চৰাইয়ে মনুষ্যক দেখি পলায়, তাততো এনেকুৱা সুন্দৰ
পক্ষী তোমালোকৰ আগে-পিছে ঘূৰি-ফুৰি থাকিব তাকো শৃংখলাবদ্ধ ভাৱে। এনেকুৱা নহয় যে ঘৰৰ
ভিতৰলৈ সোমাই আহিব, লেতেৰা কৰি গুচি যাব। নহয়, বহুত শৃংখলাবদ্ধ সৃষ্টি। পাছলৈ
তোমালোকৰ সকলো সাক্ষাৎকাৰ হৈ থাকিব। এতিয়া সময়তো বহুত আছে। স্বৰ্গৰ মহিমাতো অপৰমপাৰ।
পিতাৰ মহিমাও সীমাহীন, তেন্তে পিতাৰ সম্পত্তিৰ মহিমাও সীমাহীন। সন্তানসকলৰ কিমান
নিচা থাকিব লাগে। পিতাই কয় - মই সেইসকলক আত্মা স্মৰণ কৰোঁ, যিসকলে সেৱা কৰে তেওঁলোক
স্বতঃ স্মৃতিলৈ আহে। আত্মাত মন বুদ্ধি থাকে নহয়। এনেকৈ ভাবে যে মই প্ৰথম নম্বৰৰ সেৱা
কৰোঁ বা দ্বিতীয় নম্বৰৰ কৰোঁ। এয়া সকলোৱে ক্ৰমানুসৰি বুজি পায়। কোনোবাইতো
সংগ্ৰাহালয় স্থাপনা কৰে, ৰাষ্ট্ৰপতি, ৰাজ্যপাল আদিৰ ওচৰলৈ যায়। নিশ্চয় ভালদৰে বুজায়।
সকলোৰে নিজা নিজা গুণ আছে। কাৰোবাৰ ভাল গুণ থাকিলে কোৱা হয় এওঁ কিমান গুণৱান। যিসকল
সেৱাধাৰী হ’ব তেওঁলোকে সদায় মধুৰ বচন ক’ব। কটু বচন কেতিয়াও ক'ব নোৱাৰে। যিসকলে কটু
বচন কয় তেওঁলোকৰ মাজত ভূত আছে। দেহ-অভিমান হৈছে এক নম্বৰ, আকৌ তাৰ পিছে পিছে আন আন
ভূতবিলাকে প্ৰৱেশ কৰে।
মনুষ্যই বেয়া আচৰণো
বহুত কৰে। পিতাই কয় - এই বেচেৰাসকলৰ একো দোষ নাই। তোমালোকে এনেকৈ পৰিশ্ৰম কৰিব লাগে
যেনেকৈ কল্প পূৰ্বে কৰিছিলা, নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা তেতিয়া লাহে লাহে
গোটেই বিশ্বক নিয়ন্ত্ৰণ কৰাৰ বাঘজৰী তোমালোকৰ হাতলৈ আহি যাব। ড্ৰামাৰ চক্ৰ, সময়ো
সঠিককৈ শুনায়। বাকী বহুত কম সময় আছে। তেওঁলোকে স্বাধীনতা প্ৰদান কৰিলে দ্বি-খণ্ডিত
কৰি দিয়ে, পৰস্পৰ যুঁজ-বাগৰ কৰে। নহ'লে তেওঁলোকৰ বাৰুদ আদি কোনে ল'ব। এয়াও তেওঁলোকৰ
বেপাৰ নহয় জানো। ড্ৰামা অনুসৰি এয়াও তেওঁলোকৰ চতুৰালি। ইয়াতো টুকুৰা-টুকুৰ কৰি দিছে।
তেওঁলোকে কয় - এইটো টুকুৰা আমি পাব লাগে, সম্পূৰ্ণ ভাগ-বতৰা কৰা হোৱা নাই, এইফালে
পানী বেছিকৈ যায়, খেতি বহুত হয়, এইফালে পানী কম। পৰস্পৰ যুঁজ-বাগৰ কৰিবলৈ ধৰে,
তেতিয়া গৃহযুদ্ধ হৈ যায়। কাজিয়াতো বহুত লাগে। তোমালোক যেতিয়া পিতাৰ সন্তান হোৱা
তেতিয়া তোমালোকেও গালি খোৱা। বাবাই বুজাইছিল - এতিয়া তোমালোক কলংগীধৰ হোৱা। যেনেকৈ
বাবাই গালি খায়, তেনেকৈ তোমালোকেও গালি খোৱা। এইটোতো জানা যে এই বেচেৰাসকলে নাজানে
যে এওঁ (ব্ৰহ্মাবাবা) বিশ্বৰ মালিক হয়গৈ। 84 জন্মৰ কথাতো বহুত সহজ। নিজেই পূজ্য,
নিজেই পূজাৰী তোমালোকেই হোৱা। কাৰোবাৰ বুদ্ধিত ধাৰণ নহয়, এয়াও ড্ৰামাত তেওঁলোকৰ
এনেকুৱাই ভূমিকা আছে। কি কৰিব পাৰে। যিমানেই মগজ নখটাওক কিয় উন্নতি কৰিব নোৱাৰে।
পুৰুষাৰ্থতো কৰোৱা হয় কিন্তু তেওঁলোকৰ ভাগ্যত নাই। ৰাজধানী স্থাপনা হয়, তাত সকলো
লাগে। এনেকৈ ভাবি শান্ত হৈ থাকিব লাগে। কাৰো সৈতে বিবাদ আদি কৰাৰ কথা নাই। মৰমেৰে
বুজাবলগীয়া হয় - এনেকুৱা নকৰিবা। এয়া আত্মাই শুনে, ইয়াৰ দ্বাৰা পদ আৰুহে কম হৈ যাব।
কিছুমানক ভাল কথা বুজালেও অশান্ত হৈ যায়, তেনেক্ষেত্ৰত এৰি দিব লাগে। নিজেও তেনেকুৱা
হ'লে ইজনে সিজনক বিৰক্ত কৰি থাকিব। এয়া শেষলৈকে চলি থাকিব।
মায়াও দিনে-প্ৰতিদিনে
কাঢ়া হৈ গৈ থাকে। মহাৰথীসকলৰ লগত মায়াও মহাৰথী হৈ যুদ্ধ কৰে। মায়াৰ ধুমুহা আহে
তাৰপাছত পিতাক স্মৰণ কৰাৰ অভ্যাস হৈ যায়, একেবাৰে যেন অচল-অটল হৈ থাকে। বুজি পায়
মায়াই হায়ৰাণ কৰিব। ভয় কৰিব নালাগে। কলংগীধৰ হোৱাসকলৰ কলংক লাগে, ইয়াত বিতুষ্ট হ’ব
নালাগে। বাতৰিকাকতসমূহে তোমালোকৰ বিপক্ষে বাতৰি প্ৰকাশ কৰে কিয়নো ইয়াত হৈছে
পৱিত্ৰতাৰ কথা। অবলাসকলৰ ওপৰত অত্যাচাৰ হ’ব। অকাসুৰ-বকাসুৰ নামো আছে। স্ত্ৰীৰ নামো
পুতনা, শূৰ্পনখা আছে।
এতিয়া সন্তানসকলে
প্ৰথমতে মহিমাও পিতাৰ শুনায়। বেহদৰ পিতাই কয় - তোমালোক হৈছা আত্মা। এই জ্ঞান এজন
পিতাৰ বাহিৰে অন্য কোনেও দিব নোৱাৰে। ৰচয়িতা আৰু ৰচনাৰ জ্ঞান, এয়া হৈছে পঢ়া, যাৰ
দ্বাৰা তোমালোক স্ব-দৰ্শন চক্ৰধাৰী হৈ চক্ৰৱৰ্তী ৰজা হোৱা। অলংকাৰো তোমালোকৰেই
কিন্তু তোমালোক হৈছা ব্ৰাহ্মণ পুৰুষাৰ্থী সেইবাবে এই অলংকাৰ বিষ্ণুক দি দিলে। এই
সকলোবোৰ কথা - আত্মা কি, পৰমাত্মা কি, কোনেও ক’ব নোৱাৰে। আত্মা ক’ৰ পৰা আহিল, কেনেকৈ
ওলাই যায়, কেতিয়াবা কয় চকুৱেদি ওলাই গ’ল, কেতিয়াবা কয় ভ্ৰূকুটিয়েদি ওলাই গ’ল,
কেতিয়াবা কয় মূৰেৰে ওলাই গ’ল। এয়াতো কোনেও জানিব নোৱাৰে। এতিয়া তোমালোকে জানা -
আত্মাই শৰীৰ এনেকৈ এৰিব, বহি বহি পিতাৰ স্মৃতিত শৰীৰ ত্যাগ কৰি দিব। পিতাৰ ওচৰলৈতো
আনন্দিত হৈ যাব লাগে। পুৰণি শৰীৰ আনন্দৰে এৰিব লাগে। যেনেকৈ সাপৰ উদাহৰণ আছে।
জন্তুবোৰৰো যি বুদ্ধি আছে, সেয়া মনুষ্যৰ নাই। সেই সন্ন্যাসী আদিয়েতো কেৱল দৃষ্টান্ত
দিয়ে। পিতাই কয় - তোমালোক এনেকুৱা হ’ব লাগে যেনেকৈ ভোমোৰাই পোকক স্থানান্তৰ কৰি দিয়ে,
তোমালোকেও মনুষ্যৰূপী পোকক স্থানান্তৰ কৰি দিব লাগে। কেৱল দৃষ্টান্ত দিব নালাগে,
বাস্তৱত কৰিব লাগে। এতিয়া তোমালোক সন্তানসকল ঘৰলৈ উভতি যাব লাগে। তোমালোকে পিতাৰ পৰা
উত্তৰাধিকাৰ পাই আছা গতিকে ভিতৰি আনন্দিত হ’ব লাগে। তেওঁলোকেতো উত্তৰাধিকাৰৰ বিষয়ে
নাজানেই। শান্তিতো সকলোৱে পায়, সকলো শান্তিধামলৈ যায়। একমাত্ৰ পিতাৰ বাহিৰে আন
কোনেও সকলোৰে সৎগতি নকৰে। এয়াও বুজাব লাগে, তোমালোকৰ হৈছে নিবৃত্তি মাৰ্গ,
তোমালোকেতো ব্ৰহ্মত লীন হ’বলৈ পুৰুষাৰ্থ কৰা। পিতাইতো প্ৰবৃত্তি মাৰ্গ ৰচে। এয়া অতি
গূঢ় কথা। প্ৰথমতে যিকোনো লোককে ‘অল্ফ’ (পিতা) আৰু ‘বে’ (বাদশ্বাহী)ৰ বিষয়ে পঢ়াব
লাগে। কোৱা - আপোনালোকৰ দুজন পিতা আছে - হদৰ আৰু বেহদৰ। হদৰ পিতাৰ ওচৰত বিকাৰেৰে
জন্ম লয়। কিমান অপাৰ দুখ পায়। সত্যযুগত অপাৰ সুখ আছে। তাততো জন্মও মাখনৰ নিচিনা।
কোনো দুখৰ কথা নাই। নামেই হৈছে স্বৰ্গ। বেহদৰ পিতাৰ পৰা বেহদৰ বাদশ্বাহীৰ
উত্তৰাধিকাৰ পোৱা যায়। প্ৰথমে সুখ, পাছত দুখ। প্ৰথমে দুখ তাৰ পাছত সুখ বুলি কোৱাটো
ভুল। প্ৰথমে নতুন সৃষ্টি স্থাপনা হয়, পুৰণি জানো স্থাপনা কৰা হয়। পুৰণা ঘৰ জানো
কেতিয়াবা কোনোবাই সাজে। নতুন সৃষ্টিত ৰাৱণ থাকিব নোৱাৰে। এয়াও পিতাই বুজায় গতিকে
বুদ্ধিত যুক্তি থাকিব লাগে। বেহদৰ পিতাই বেহদৰ সুখ দিয়ে। কেনেকৈ দিয়ে সেয়া আহিলে
বুজাই দিম। কোৱাৰো যুক্তি লাগে। দুখধামৰ দুখৰো তোমালোকে সাক্ষাৎকাৰ কৰোৱা। কিমান
অনেক প্ৰকাৰৰ দুখ আছে, সীমাহীন দুখ আছে। নামেই হৈছে দুখধাম। ইয়াক সুখধাম বুলি কোনেও
ক’ব নোৱাৰে। সুখধামত শ্ৰীকৃষ্ণ থাকে। শ্ৰীকৃষ্ণৰ মন্দিৰকো সুখধাম বুলি কোৱা হয়। তেওঁ
সুখধামৰ মালিক আছিল, যাৰ মন্দিৰত এতিয়া পূজা কৰা হয়। এতিয়া এই বাবা লক্ষ্মী-নাৰায়ণৰ
মন্দিৰলৈ গ’লে ক’ব অহো! এয়াতো মই হ’মগৈ। এওঁৰ পূজা জানো কৰিম। এক নম্বৰ হয়গৈ তেন্তে
আকৌ দ্বিতীয়, তৃতীয় নম্বৰৰ পূজা কিয় কৰিব। আমিতো সূৰ্যবংশী হ'মগৈ। মনুষ্যই জানো এয়া
জানে। তেওঁলোকেতো সকলোকে ভগৱান বুলি কৈ থাকে। কিমান অন্ধকাৰ। তোমালোকে কিমান ভালকৈ
বুজোৱা। সময় লাগে। কল্প পূৰ্বে যিমান সময় লাগিছিল সিমানেই লাগিব, সোনকালে একো কৰিব
নোৱাৰে। হীৰাতুল্য জন্ম তোমালোকৰ এতিয়া হয়। দেৱতাসকলৰো হীৰাতুল্য জন্ম বুলি কোৱা
নহ’ব। তেওঁলোক জানো ঈশ্বৰীয় পৰিয়ালৰ! এয়া হৈছে তোমালোকৰ ঈশ্বৰীয় পৰিয়াল। সেয়া হৈছে
দৈৱী পৰিয়াল। কিমান নতুন নতুন কথা আছে। ‘গীতা’ত আটাত নিমখ পৰিমাণৰ দৰে আছে।
শ্ৰীকৃষ্ণৰ নাম দি কিমান ভুল কৰি দিছে। এনেকৈ কোৱা, আপোনালোকে দেৱতাসকলক দেৱতা বুলি
কয় কিন্তু শ্ৰীকৃষ্ণক ভগৱান বুলি কিয় কয়? বিষ্ণু কোন? এয়াও তোমালোকে বুজি পোৱা।
মনুষ্যইতো জ্ঞান অবিহনেই এনেয়ে পূজা কৰি থাকে। প্ৰাচীন হৈছে দেৱী-দেৱতাসকল যিসকলে
স্বৰ্গত ৰাজত্ব কৰি গৈছে। সতো, ৰজো, তমোত সকলো আহিব লাগে। এই সময়ত সকলো তমোপ্ৰধান।
সন্তানসকলক বহুত কথা বুজায়। বেজৰ ওপৰতো তোমালোকে ভালদৰে বুজাব পাৰা। পিতা আৰু
পঢ়াওঁতা শিক্ষকক স্মৰণ কৰিব লাগে। কিন্তু মায়াৰো কিমান টনাটনি চলে। বহুত ভাল ভাল
সাৰ কথা ওলাই থাকে। যদি নুশুনা তেন্তে কেনেকৈ শুনাব পাৰিবা। সাধাৰণতে ডাঙৰ
মহাৰথীসকল বাহিৰলৈ ইফালে সিফালে গ’লে তেতিয়া মুৰুলী খতি কৰি দিয়ে, পুনৰ নপঢ়ে। পেট
ভৰি আছে। পিতাই কয় - কিমান গূঢ় গূঢ় কথা তোমালোকক শুনাওঁ, যিবোৰ শুনি ধাৰণ কৰিব লাগে।
ধাৰণ নহ'লে অপৈণত হৈয়েই থাকি যাবা। বহুত সন্তানেও বিচাৰ সাগৰ মন্থন কৰি ভাল ভাল সাৰ
কথা শুনায়। বাবাই দেখিবলৈ আৰু শুনিবলৈ পায়, যেনেকুৱা অৱস্থা তেনেকুৱা সাৰ কথা
উলিয়াব পাৰে। যিটো এওঁ (বাবাই) কেতিয়াও শুনোৱা নাই সেয়া সেৱাধাৰী সন্তানসকলে উলিয়ায়।
সেৱাতেই ব্ৰতী হৈ থাকে। আলোচনীতো ভাল কথা প্ৰকাশ কৰে।
তেন্তে তোমালোক
সন্তানসকল বিশ্বৰ মালিক হোৱা। পিতাই কিমান শ্ৰেষ্ঠ কৰি তোলে, গীততো আছে নহয় গোটেই
বিশ্বক নিয়ন্ত্ৰণ কৰাৰৰ বাঘজৰী তোমালোকৰ হাতত থাকিব। কোনেও কাঢ়ি নিব নোৱাৰে। এই
লক্ষ্মী-নাৰায়ণ বিশ্বৰ মালিক আছিল। তেওঁলোকক পঢ়াওঁতাজন নিশ্চয় পিতাই হ'ব। এয়াও
তোমালোকে বুজাব পাৰা। তেওঁলোকে ৰাজকীয় পদ কেনেকৈ পালে? মন্দিৰৰ পূজাৰীয়ে নাজানে।
তোমালোকতো অতি আনন্দিত হ'ব লাগে। এয়াও তোমালোকে বুজাব পাৰা যে ঈশ্বৰ সৰ্বব্যাপি নহয়।
এই সময়ততো পাঁচ ভূত সৰ্বব্যাপি আছে। প্ৰত্যেকৰে এই বিকাৰ আছে। মায়াৰ পাঁচ ভূত আছে।
মায়া সৰ্বব্যাপি। তোমালোকে আকৌ ঈশ্বৰক সৰ্বব্যাপি বুলি কৈ দিয়া। এইটোতো ভুল নহয় জানো।
ঈশ্বৰ সৰ্বব্যাপি কেনেকৈ হ'ব পাৰে। তেওঁতো বেহদৰ উত্তৰাধিকাৰ দিয়ে। কাঁইটক ফুল কৰি
তোলে। সন্তানসকলে বুজোৱাৰ অভ্যাসো কৰিব লাগে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যেতিয়া কোনোবাই অশান্তি বিয়পায় বা আমনি কৰে তেতিয়া তোমালোক শান্ত হৈ থাকিব লাগে।
যদি বুজনি পোৱা স্বত্বেও কোনোবাই নিজক শুধৰাব নোৱাৰে তেন্তে কোৱা হ’ব এয়াই তেওঁৰ
ভাগ্য কিয়নো ৰাজধানী স্থাপনা হৈ আছে।
(2) বিচাৰ সাগৰ মন্থন
কৰি জ্ঞানৰ নতুন নতুন সাৰ কথা উলিয়াই সেৱা কৰিব লাগে। পিতাই মুৰুলীত নিতৌ যি গূঢ়
কথা শুনায় সেয়া কেতিয়াও খতি কৰিব নালাগে।
বৰদান:
পৱিত্ৰতাতাক
আদি অনাদি বিশেষ গুণৰ ৰূপত সহজে ধাৰণ কৰোঁতা পূজ্য আত্মা হোৱা
পূজনীয় হৈ উঠাৰ
বিশেষ আধাৰ হৈছে পৱিত্ৰতা। যিমানেই সকলো প্ৰকাৰ পৱিত্ৰতা ধাৰণ কৰা সিমানে সকলো
প্ৰকাৰেৰে পূজনীয় হৈ যোৱা। যিয়ে বিধি পূৰ্বক আদি অনাদি বিশেষ গুণৰ ৰূপত পৱিত্ৰতা
ধাৰণ কৰি লয় তেওঁৰেই বিধি পূৰ্বক পূজা কৰা হয়। যি জ্ঞানী আৰু অজ্ঞানী আত্মাৰ
সম্পৰ্কত আহি পৱিত্ৰ বৃত্তি, দৃষ্টি প্ৰকম্পনেৰে যথাৰ্থ সম্বন্ধ- সম্পৰ্ক ৰক্ষা কৰে,
সপোনতো যাৰ পৱিত্ৰতা খণ্ডিত নহয় – তেৱেঁই বিধি পূৰ্বক পূজ্য হয়।
স্লোগান:
ব্যক্তত থাকি অব্যক্ত ফৰিস্তা হৈ সেৱা কৰা তেতিয়া বিশ্ব কল্যাণৰ কাৰ্য তীব্ৰগতিৰে
সম্পন্ন হ’ব।
পৰোপকাৰৰ ভাৱনাৰে
সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
কল্যাণকাৰী ভাৱনা আৰু
বৃত্তি ৰাখি যিকোনো আত্মাৰ প্ৰতিপালন কৰা তেতিতা যেনেকুৱাই অপকাৰী আত্মা নহওঁক নিজৰ
প্ৰতিপালনেৰে উপকাৰী কৰি তুলিব পাৰা। যেনেকুৱাই পতিত আত্মা, পতিত-পাৱনৰ বৃত্তিৰে
পাৱন হ’ব পাৰে। যেনেকৈ মাকে সন্তানৰ দুৰ্বলতা বা ত্ৰুটিসমূহক নাচায়, সেয়া ঠিক কৰাৰহে
চেষ্টা কৰে। গতিকে এই প্ৰতিপালন কৰাৰ কৰ্তব্য এইটো ৰূপত স্থিত হৈ থাকিলেহে
যথাৰ্থভাৱে কৰিব পাৰে।