03.07.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এই বেহদৰ নাটকত তোমালোক আচৰিত ভাৱৰীয়া, এয়া অনাদি নাটক, ইয়াত একো সলনি হ’ব নোৱাৰে”

প্ৰশ্ন:
বুদ্ধিমান, দূৰদৰ্শী সন্তানসকলেহে কোনটো গূঢ় ৰহস্য বুজিব পাৰে?

উত্তৰ:
মূললোককে ধৰি গোটেই ড্ৰামাৰ আদি-মধ্য-অন্তৰ যি গূঢ় ৰহস্য সেয়া দূৰদৰ্শী সন্তানসকলেহে বুজিব পাৰে, বীজ আৰু বৃক্ষৰ সম্পূৰ্ণ জ্ঞান তেওঁলোকৰ বুদ্ধিত থাকে। তেওঁলোকে জানে - এই বেহদৰ নাটকত মই আত্মা ৰূপী ভাৱৰীয়াই এয়া যি চোলা পিন্ধি (শৰীৰ ধাৰণ কৰি) ভূমিকা পালন কৰি আছোঁ, এনেকৈ সত্যযুগৰ পৰা কলিযুগলৈকে ভূমিকা পালন কৰিব লাগে। কোনো ভাৱৰীয়া মাজতে উভতি যাব নোৱাৰে।

গীত:
তুনে ৰাত গঁৱাই চো কে….. (তুমি ৰাতি শুই কটালা…..)

ওঁম্শান্তি।
এই গীতটি সন্তানসকলে শুনিলে। এতিয়া ইয়াত কিছুমান শব্দ শুদ্ধও আছে, ভুলো আছে। সুখততো স্মৰণ কৰা নহয়। দুখো নিশ্চয় আহিব। দুখ হ’লে তেতিয়াহে সুখ দিবলৈ পিতা আহিবলগীয়া হ’ব। মৰমৰ সন্তানসকলে জানে, এতিয়া আমি সুখধামৰ কাৰণে পঢ়ি আছোঁ। শান্তিধাম আৰু সুখধাম। প্ৰথমে মুক্তি তাৰ পাছত জীৱনমুক্তি। শান্তিধাম হ’ল ঘৰ, তাত কোনো ভূমিকা পালন কৰা নহয়। ভাৱৰীয়াসকল ঘৰলৈ গুচি যায়, তাত কোনো ভূমিকা পালন নকৰে। ভূমিকা মঞ্চত পালন কৰা হয়। এয়াও হৈছে মঞ্চ। যেনেকৈ হদৰ নাটক থাকে তেনেকৈ এয়া বেহদৰ নাটক। ইয়াৰ আদি-মধ্য-অন্তৰ ৰহস্য পিতাৰ বাহিৰে অন্য কোনেও বুজাব নোৱাৰে। বাস্তৱত এই যাত্ৰা অথবা যুদ্ধ শব্দ কেৱল বুজাবলৈ কামত লগোৱা হয়। বাকী ইয়াত যুদ্ধ আদি একো নাই। যাত্ৰাও শব্দহে। বাকী থাকিল স্মৃতি। স্মৰণ কৰোঁতে কৰোঁতে পৱিত্ৰ হৈ যাবাগৈ। এই যাত্ৰাও ইয়াতেই পূৰা হ’ব। ক’লৈকো যাব নালাগে। সন্তানসকলক বুজোৱা হয় পৱিত্ৰ হৈ নিজৰ ঘৰলৈ যাব লাগে। অপৱিত্ৰতো যাব নোৱাৰে। নিজক আত্মা বুলি বুজিব লাগে। মোৰ অৰ্থাৎ আত্মাত গোটেই চক্ৰৰ ভূমিকা আছে। এতিয়া সেই ভুমিকা পূৰা হ’ল। পিতাই বহুত সহজ ৰায় দিয়ে, মোক স্মৰণ কৰা। বাকী বহিতো ইয়াতেই আছা। ক’লৈকো নোযোৱা। পিতা আহি কয় - মোক স্মৰণ কৰা তেতিয়া তোমালোক পাৱন হৈ যাবাগৈ। কোনো যুদ্ধ নাই। নিজক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান কৰি তুলিব লাগে। মায়াৰ ওপৰত বিজয়ী হ’ব লাগে। সন্তানসকলে জানে যে এতিয়া 84ৰ চক্ৰ পূৰা হ’ব, ভাৰত সতোপ্ৰধান আছিল। তাত নিশ্চয় মনুষ্যই থাকিব। ধৰণী সলনি হ’ব জানো। এতিয়া তোমালোকে জানা যে আমি সতোপ্ৰধান আছিলোঁ আকৌ তমোপ্ৰধান হ’লো এতিয়া পুনৰ সতোপ্ৰধান হ’ব লাগে। মনুষ্যই আহ্বানো জনায় যে আহি আমাক পতিতৰ পৰা পাৱন কৰি তোলক। কিন্তু তেওঁ কোন, কেনেকৈ আহে, একো নাজানে। এতিয়া বাবাই তোমালোকক বিচাৰ বুদ্ধি সম্পন্ন কৰি তুলিছে। তোমালোকে কিমান উচ্চ পদবী পোৱা। তাৰ গৰিবো ইয়াৰ চহকীতকৈও বহুত উচ্চ। যদিওবা বহুত ডাঙৰ ডাঙৰ ৰজা আছিল, ধন বহুত আছিল কিন্তু হয়তো বিকাৰী নহয় জানো। ইয়াতকৈ তাৰ সাধাৰণ প্ৰজাও বহুত উচ্চ হয়। বাবাই পাৰ্থক্য শুনায়। ৰাৱণৰ ছায়া পৰিলে পতিত হৈ যায়। নিৰ্বিকাৰী দেৱতাসকলৰ আগত নিজক পতিত বুলি কৈ মূৰ দোৱায়গৈ। যেতিয়া পিতা ইয়ালৈ আহে তেতিয়া তৎক্ষণাৎ ওপৰলৈ উঠাই দিয়ে। চেকেণ্ডৰ কথা। এতিয়া পিতাই জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰদান কৰিছে। তোমালোক সন্তানসকল দূৰদৰ্শী হৈ যোৱা। তোমালোকৰ বুদ্ধিত ওপৰৰ মূললোককে ধৰি গোটেই ড্ৰামাৰ চক্ৰ স্মৃতিত আছে। যেনেকৈ হদৰ ড্ৰামা চাই আহি শুনাই নহয় - কি কি দেখিলে। বুদ্ধিত সমাহিত হৈ থাকে, যিটো বৰ্ণনা কৰে। আত্মাত সমাহিত কৰি আহে আকৌ আহি বিলাই দিয়ে। এয়া আকৌ হৈছে বেহদৰ কথা। তোমালোক সন্তানসকলৰ বুদ্ধিত এই বেহদ ড্ৰামাৰ আদি-মধ্য-অন্তৰ ৰহস্য থাকিব লাগে। যি পুনৰাবৃত্তি হৈ থাকে। সেই হদৰ নাটকততো এজন ভাৱৰীয়া ওলাই গ’লে তেতিয়া তেওঁৰ সলনি অন্য এজন আহিব পাৰে। কৰোবাৰ বেমাৰ হ’লে তেতিয়া তেওঁৰ সলনি আকৌ অন্য এজনক ভৰ্তি কৰি দিব। এয়াতো চৈতন্য ড্ৰামা, ইয়াত লেখমানো সালসলনি হ’ব নোৱাৰে। তোমালোক সন্তানসকলে জানা আমি আত্মা। এয়া শৰীৰ ৰূপী চোলা, যিটো পিন্ধি আমি বহুৰূপী ভূমিকা পালন কৰোঁ। নাম, ৰূপ, দেশ, চেহেৰা সলনি হৈ থাকে। ভাৱৰীয়াই নিজৰ ভাওৰ বিষয়ে গম পায় নহয়। পিতাই সন্তানসকলক এই চক্ৰৰ ৰহস্যতো বুজাই থাকে। সত্যযুগৰ পৰা ধৰি কলিযুগলৈকে আহে আকৌ যায় আকৌ নতুনকৈ আহি ভূমিকা পালন কৰে। এয়া বিতংকৈ বুজাবলৈ সময় লাগে। বীজত হওঁতে জ্ঞান আছে তথাপিও বুজাবলৈ সময়তো লাগে নহয়। তোমালোকৰ বুদ্ধিত গোটেই বীজ আৰু বৃক্ষৰ ৰহস্য আছে, সেয়াও যিসকল ভাল বুদ্ধিমান, তেওঁলোকেহে বুজি পায় যে ইয়াৰ বীজ ওপৰত আছে। ইয়াৰ উৎপত্তি, প্ৰতিপালন আৰু সংহাৰ কেনেকৈ হয়, সেইকাৰণে ত্ৰিমূৰ্তিও দেখুৱাইছে। এই বুজনি যি পিতাই দিয়ে, অন্য কোনো মনুষ্যই দিব নোৱাৰে। যেতিয়া ইয়ালৈ আহিব তেতিয়া জানিব সেইকাৰণে তোমালোকে সকলোকে কোৱা ইয়ালৈ আহি বুজক। কোনো কোনো বহুত গোড়া থাকে তেতিয়া কয় মই একো শুনিব নিবিচাৰো। কোনোৱেতো আকৌ শুনেও, কোনোৱে সাহিত্য লয়, কোনোৱে নলয়। তোমালোকৰ বুদ্ধি এতিয়া কিমান বিশাল, দূৰদৰ্শী হৈ গৈছে। তিনিওলোকক তোমালোকে জানা, মূললোক যাক নিৰাকাৰী সৃষ্টি বুলি কোৱা হয়। বাকী সূক্ষ্মলোকৰ একো নাই। সকলো সম্পৰ্ক হৈছে মূললোক আৰু স্থূললোকৰ। বাকী সূক্ষ্মলোকতো অলপ সময়ৰ কাৰণে। বাকী আত্মাবিলাক সকলো ওপৰৰ পৰা ইয়ালৈ ভূমিকা পালন কৰিবলৈ আহে। এই বৃক্ষজোপা ক্ৰম অনুসৰি সকলো ধৰ্মৰে হয়। এয়া হ’ল মনুষ্যৰ বৃক্ষ আৰু একেবাৰে সঠিক। অলপো অগা-পিছা হ’ব নোৱাৰে। আত্মাসকলো আৰু কোনো বেলেগ স্থানত বহিব নোৱাৰে। আত্মাসকল ব্ৰহ্ম মহাতত্ত্বত থিয় হৈ থাকে, যেনেকৈ তৰাবিলাক আকাশত থিয় হৈ থাকে। এই তৰাবিলাকতো দূৰৈৰ পৰা সৰু সৰু দেখিবলৈ পোৱা যায়। হওঁতেতো ডাঙৰ। কিন্তু আত্মাতো সৰু ডাঙৰ নহয় আৰু বিনাশো নহয়। তোমালোক সোণালী যুগত যোৱা আকৌ লৌহ যুগত আহা। সন্তানসকলে জানে যে আমি সোণালী যুগত আছিলোঁ, এতিয়া লৌহ যুগত আহি গলোঁ। কোনো মূল্য নাথাকিল। লাগিলে মায়াৰ জাকজমকতা যিমানেই নহওঁক কিন্তু এয়া হ’ল ৰাৱণৰ সোণালী যুগ, সেয়া হ’ল ঈশ্বৰীয় সোণালী যুগ।

মনুষ্যই কৈ থাকে - 6-7 বছৰত ইমান শস্য উৎপাদন হ’ব, ইমান কৈ থাকে যে কথাই নুসুধিবা। চোৱা তেওঁলোকৰ পৰিকল্পনা কি আৰু তোমালোক সন্তানসকলৰ পৰিকল্পনা কি? পিতাই কয় - মোৰ পৰিকল্পনা হ’ল পুৰণিক নতুন কৰি গঢ়ি তোলা। তোমালোকৰ একেই পৰিকল্পনা। জানা যে পিতাৰ শ্ৰীমতেৰে আমি নিজৰ উত্তৰাধিকাৰ লৈ আছোঁ। বাবাই ৰাস্তা দেখুৱায়, শ্ৰীমত দিয়ে, স্মৃতিত থকাৰ মত দিয়ে। মত শব্দটিতো আছে নহয়। সংস্কৃত শব্দটি পিতাই নকয়। পিতাইতো হিন্দীতেই বুজাই থাকে। ভাষাটো অনেক আছে নহয়। অনুবাদকো থাকে, যিয়ে শুনি আকৌ শুনায়। হিন্দী আৰু ইংৰাজীতো বহুতে জানে। পঢ়ে। বাকী ঘৰত থকা মাতাসকলে ইমান নপঢ়ে। আজিকালি বিলাতত গৈ ইংৰাজী শিকে তেতিয়া আকৌ ইয়ালৈ আহিলেও ইংৰাজী কৈ থাকে। হিন্দী ক’বই নোৱাৰে। ঘৰলৈ আহি মাকৰ সৈতে ইংৰাজীত কথা ক’বলৈ লাগি যায়। তেওঁ বেচেৰী বিবুদ্ধিত পৰে মই কি জানো ইংৰাজীৰ কথা। তেতিয়া তেওঁলোকে আধাফুটা হিন্দী শিকবলগীয়া হয়। সত্যযুগততো এক ৰাজ্য এক ভাষা আছিল, যিটো এতিয়া পুনৰ স্থাপনা কৰি আছে। প্ৰত্যেক 5 হাজাৰ বছৰ পাছত এই সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে সেয়া বুদ্ধিত থাকিব লাগে। এতিয়া এজন পিতাৰহে স্মৃতিত থাকিব লাগে। ইয়াত তোমালোকে ভাল আজৰি সময় পোৱা। পুৱাতে স্নান আদি কৰি বাহিৰত ফুৰা-চকা কৰিলে বহুত ভাল লাগে, অন্তৰত এইটোৱে স্মৃতি থাকিব লাগে যে আমি সকলো ভাৱৰীয়া। এইটোও এতিয়া স্মৃতিত উদয় হৈছে। বাবাই আমাক 84ৰ চক্ৰৰ ৰহস্য শুনাইছে। আমি সতোপ্ৰধান আছিলোঁ এইটো বৰ আনন্দৰ কথা। মনুষ্যই ঘূৰে-ফুৰে, তেওঁলোকৰ একো উপাৰ্জন নহয়। তোমালোকেতো বহুত উপাৰ্জন কৰা। বুদ্ধিত চক্ৰৰো স্মৃতি থাকিব লাগে আৰু পিতাকো স্মৰণ কৰি থাকা। বাবাই বহুত ভাল ভাল উপাৰ্জন কৰাৰ যুক্তি শুনায়। যিসকল সন্তানে জ্ঞানৰ বিচাৰ সাগৰ মন্থন নকৰে তেওঁলোকৰ বুদ্ধিত মায়াই বেমেজালিৰ সৃষ্টি কৰে। তেওঁলোককেই মায়াই হায়ৰাণ কৰে। অন্তৰত এইটো বিচাৰ কৰা যে আমি এই চক্ৰ কেনেকৈ পৰিক্ৰমা লগালোঁ। সত্যযুগত ইমান জন্ম ললোঁ আকৌ তললৈ নামি আহিলোঁ। এতিয়া আকৌ সতোপ্ৰধান হ’ব লাগে। বাবাই কৈছে - মোক স্মৰণ কৰা তেতিয়া সতোপ্ৰধান হৈ যাবা। চলোঁতে-ফুৰোঁতে বুদ্ধিত স্মৃতি থাকিলে তেতিয়া মায়াৰ বেমেজালি সমাপ্ত হৈ যাব। তোমালোকৰ বহুত লাভ হ’ব। লাগিলে স্ত্ৰী-পুৰুষ একেলগে যোৱা। প্ৰত্যেকেই নিজৰ ফালৰ পৰা পুৰুষাৰ্থ কৰিব লাগে, নিজৰ উচ্চ পদ পাবলৈ। অকলে গ’লেতো বহুতেই মজা। নিজৰেই মস্তিত থাকিব। বেলেগ লগত থাকিলে তেতিয়াও বুদ্ধি ইফালে সিফালে যাব। হওঁতে বহুত সহজ, বাগিচা আদিতো সকলো স্থান আছে, ইঞ্জিনিয়াৰ হ’লে তেতিয়া তেওঁৰ এইটোৱে বুদ্ধিত চিন্তন চলি থাকিব যে ইয়াত দলং নিৰ্মাণ কৰিব লাগে, এইটো কৰিব লাগে। বুদ্ধিত পৰিকল্পনা আহি যায়। তোমালোকেও ঘৰত থাকা তথাপিও বুদ্ধি যাতে সেইফালে যুক্ত হৈ থাকে। এইটো অভ্যাস কৰি লোৱা তেতিয়া তোমালোকৰ ভিতৰত এইটোৱে চিন্তন চলি থাকিব। পঢ়িবও লাগে, পেছাগত কাম-কাজ আদিও কৰিব লাগে। বুঢ়া, ডেকা, শিশু আদি সকলো পাৱন হ’ব লাগে। আত্মাৰ পিতাৰ পৰা উত্তৰাধিকাৰ লোৱাৰ অধিকাৰ আছে। শিশুসকলৰো সৰুতেই এইটো বীজ ৰোপণ হৈ গ’লেতো বহুত ভাল। আধ্যাত্মিক বিদ্যা আৰু কোনেও শিকাব নোৱাৰে।

তোমালোকৰ এয়া যি আধ্যাত্মিক বিদ্যা আছে, এয়া তোমালোকক পিতাহে আহি পঢ়ায়। সেই স্কুলবোৰত পাৰ্থিৱ বিদ্যা পোৱা যায়। আৰু সেয়া হ’ল শাস্ত্ৰৰ বিদ্যা। এয়া আকৌ আত্মিক বিদ্যা, যিটো তোমালোকক ভগৱানে শিকায়। ইয়াৰ বিষয়ে কোনেও নাজানে। ইয়াক কোৱাই হয় আধ্যাত্মিক জ্ঞান। যি জ্ঞান আত্মা আহি পঢ়ায়, তাৰ আৰু কোনো নাম ৰাখিব নোৱাৰি। এয়াতো স্বয়ং পিতা আহি পঢ়ায়। ভগৱানুবাচ (ভগৱানে কয়) নহয়। ভগৱান এবাৰেই এই সময়ত আহি বুজায়, ইয়াক আত্মিক জ্ঞান বুলি কোৱা হয়। সেই শাস্ত্ৰবোৰৰ বিদ্যা বেলেগ। তোমালোকে জানা যে জ্ঞান এক হ’ল পাৰ্থিৱ কলেজ আদিৰ, দ্বিতীয়তে হ’ল আধ্যাত্মিক শাস্ত্ৰবোৰৰ বিদ্যা, তৃতীয়তে হ’ল এই আত্মিক জ্ঞান। তেওঁলোক লাগিলে যিমানেই ডাঙৰ ডাঙৰ দৰ্শনৰ ডাক্তৰ নহওক কিন্তু তেওঁলোকৰ ওচৰতো শাস্ত্ৰবোৰৰ কথাহে আছে। তোমালোকৰ এই জ্ঞান একেবাৰে বেলেগ। এই আত্মিক জ্ঞান যিজন আত্মিক পিতা সকলো আত্মাৰ পিতা, তেওঁহে পঢ়ায়। তেওঁৰ মহিমা হ’ল শান্তি, সুখৰ সাগৰ……। শ্ৰীকৃষ্ণৰ মহিমা একেবাৰে বেলেগ, গুণ-অৱগুণ মনুষ্যৰ থাকে, যিবোৰ শুনাই থাকে। পিতাৰ মহিমাও যথাৰ্থ ৰীতি তোমালোকে জানা। তেওঁলোকেতো মাত্ৰ ভাটৌৰ দৰে গাই থাকে, অৰ্থ একো নাজানে। সেয়েহে সন্তানসকলক বাবাই ৰায় দিয়ে নিজৰ উন্নতি কেনেকৈ কৰিবা। পুৰুষাৰ্থ কৰি থাকিলে তেতিয়া আকৌ পৰিপক্ক হৈ গৈ থাকিবা তেতিয়া কাৰ্যালয়ত কাম কৰাৰ সময়তো এইটো স্মৃতি আহিব, ঈশ্বৰৰ স্মৃতি থাকিব। মায়াৰ স্মৃতিতো আধাকল্প চলি আহিছে, এতিয়া পিতাই যথাৰ্থ ৰীতি বহি বুজায়। নিজক চোৱা - মই কি আছিলোঁ, এতিয়া কি হৈ গলোঁ! পুনৰ বাবাই আমাক এনেকুৱা দেৱতা কৰি গঢ়ি তোলে। এয়াও তোমালোক সন্তানসকলেহে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানা। পোন প্ৰথমে ভাৰতেই আছিল। ভাৰততেই পিতাও ভূমিকা পালন কৰিবলৈ আহে। তোমালোকো আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ নোহোৱা জানো। তোমালোক পৱিত্ৰ হ’ব লাগে, নহ’লে শেষৰ ফালে আহিবা, তেতিয়া কি সুখ পাবা। যদি ভক্তি বেছিকৈ কৰা নাই তেন্তে নাহিব। বুজা যাব যে এওঁ ইমান ধাৰণ কৰিব পৰাবিধৰ নহয়। বুজিবতো পাৰি নহয়। বহুত পৰিশ্ৰম কৰে তথাপিও কোনোবা বিৰলজনহে ওলায় কিন্তু ভাগৰিব নালাগে। পৰিশ্ৰমতো কৰিবই লাগিব। পৰিশ্ৰম অবিহনে কিবা পায় জানো। প্ৰজাতো তৈয়াৰ হৈ থাকে।

বাবাই সন্তানসকলক উন্নতিৰ কাৰণে যুক্তি (উপায়) শুনায় - সন্তানসকল, নিজৰ উন্নতি কৰিবলৈ হ’লে পুৱাতে স্নান আদি কৰি একান্তত গৈ চক্ৰ লগোৱা বা বহি যোৱা। স্বাস্থ্যৰ কাৰণে খোজকঢ়াও ভাল। বাবাও স্মৃতিলৈ আহিব আৰু ড্ৰামাৰ ৰহস্যও বুদ্ধিত থাকিব, কিমান উপাৰ্জন আছে। এয়া হ’ল প্ৰকৃত উপাৰ্জন, সেই উপাৰ্জন পূৰা হোৱাৰ পাছত এই উপাৰ্জনৰ চিন্তা কৰা। কঠিনতা একো নাই। বাবাই দেখিছে গোটেই জীৱন কাহিনী লিখে - আজি ইমান বজাত উঠিলোঁ, তাৰ পাছত এইটো কৰিলোঁ …… ভাবে পাছৰ চামে পঢ়ি শিকিব। ডাঙৰ ডাঙৰ মনুষ্যৰ জীৱন বৃত্তান্ত পঢ়ে নহয়। সন্তানসকলৰ কাৰণে লিখে তেতিয়া সন্তানসকলো ঘৰত এনেকুৱা ভাল স্বভাৱৰ হয়। এতিয়া তোমালোক সন্তানসকলে পুৰুষাৰ্থ কৰি সতোপ্ৰধান হ’ব লাগে। সতোপ্ৰধান সৃষ্টিৰ আকৌ ৰাজ্য ল’ব লাগে। তোমালোকে জানা যে কল্পই কল্পই আমি ৰাজ্য লওঁ আকৌ পাছত হেৰুৱাওঁ। তোমালোকৰ বুদ্ধিত এই সকলোবোৰ আছে। এয়া হ’ল নতুন সৃষ্টি, নতুন ধৰ্মৰ কাৰণে নতুন জ্ঞান, সেইকাৰণে মৰমৰ সন্তানসকলক তথাপিও বুজায় - সোনকালে সোনকালে পুৰুষাৰ্থ কৰা। শৰীৰৰ ভৰসা আছে জানো। আজিকালি মৃত্যু বহুত সহজ হৈ গ’ল। তাত অমৰলোকত এনেকৈ মৃত্যু কেতিয়াও নহয়, ইয়াততো বহি থাকোতেই কেনেকৈ মৰি যায় সেইকাৰণে নিজৰ পুৰুষাৰ্থ কৰি থাকা। জমা কৰি থাকা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বুদ্ধি জ্ঞান চিন্তনত ব্যস্ত কৰি ৰখাৰ অভ্যাস কৰিব লাগে। যেতিয়াই সময় পোৱা একান্তত গৈ বিচাৰ সাগৰ মন্থন কৰিব লাগে। পিতাক স্মৰণ কৰি সঁচা উপাৰ্জন জমা কৰিব লাগে।

(2) দূৰদৰ্শী হৈ এই বেহদৰ নাটকক যথাৰ্থ ৰীতিৰে বুজিব লাগে। সকলো ভৱৰীয়াৰ ভূমিকা সাক্ষী হৈ চাব লাগে।

বৰদান:
মধুৰতাৰ বৰদানেৰে সদায় আগবাঢ়ি যাওঁতা শ্ৰেষ্ঠ আত্মা হোৱা

মধুৰতা এনেকুৱা বিশেষ ধাৰণা যিয়ে অসাৰ ধৰণীকো মধুৰ কৰি তোলে। কাৰোবাক ক্ষণিকৰ বাবে স্নেহৰ দৃষ্টি দি দিয়া, মধুৰ বচন কৈ দিয়া তেতিয়া যিকোনো আত্মাক সদাকালৰ বাবে ভৰপূৰ কৰি দিব। ক্ষণিকৰ স্নেহৰ দৃষ্টি আৰু বাণীয়ে সেই আত্মাটিৰ সৃষ্টি সলনি কৰি দিব। তোমালোকৰ দুটি মধুৰ শব্দয়ো সদাকালৰ বাবে তেওঁলোকক পৰিৱৰ্তন কৰাৰ নিমিত্ত হৈ যাব সেই কাৰণে মধুৰতাৰ বৰদান সদায় লগত ৰাখিবা। সদায় মধুৰ হৈ থাকিবা আৰু সকলোকে মধুৰ কৰি তুলিবা।

স্লোগান:
সকলো পৰিস্থিতিত ৰাজী হৈ থাকা তেতিয়া ৰাজযুক্ত হৈ যাবা।


অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা

যেতিয়া অন্য সকলো সংকল্প শান্ত হৈ যায়, মাত্ৰ এক পিতা আৰু মই - এই মিলনৰ অনুভূতিৰ সংকল্প থাকিলে তেতিয়া সংকল্প শক্তি জমা হয় আৰু যোগ শক্তিশালী হৈ যায়, ইয়াৰ বাবে সমাহিত বা সামৰি লোৱাৰ শক্তি ধাৰণ কৰা। সংকল্পত সম্পূৰ্ণ ব্ৰেক লাগক, ঢিলা নহয়। যদি এক চেকেণ্ডৰ সলনি অধিক সময় লাগি যায় তেন্তে সমাহিত কৰাৰ শক্তি দুৰ্বল।