03.07.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে এই ড্ৰামাৰ আদি-মধ্য-অন্তক জানা, তোমালোকে পিতাৰ দ্বাৰা জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰাপ্ত কৰিছা সেয়েহে তোমালোক আস্তিক”

প্ৰশ্ন:
পিতাৰ কোনটো উপাধি ধৰ্ম প্ৰতিষ্ঠাপকসকলক দিব নোৱাৰি?

উত্তৰ:
বাবা হৈছে সৎগুৰু। কোনো ধৰ্ম প্ৰতিষ্ঠাপকক গুৰু বুলি ক'ব নোৱাৰি কিয়নো গুৰু তেওঁ হয় যিয়ে দুখৰ পৰা মুক্ত কৰি সুখত লৈ যায়। ধৰ্ম প্ৰতিষ্ঠা কৰোঁতাসকলৰ পাছততো অনেক ধৰ্মৰ আত্মাসকল ওপৰৰ পৰা তললৈ আহে, তেওঁলোকে কাকো লৈ নাযায়। পিতা যেতিয়া আহে তেতিয়া সকলো আত্মাক ঘৰলৈ লৈ যায় সেয়েহে তেওঁ সকলোৰে সৎগুৰু হয়।

গীত:
ইচ পাপ কি দুনীয়া ছে……. (এই পাপৰ সৃষ্টিৰ পৰা.......)

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলে গীতৰ কলিটি শুনিলে। এয়া হৈছে পাপৰ সৃষ্টি। সন্তানসকলে জানেও, এইখন পাপ আত্মাসকলৰ সৃষ্টি। কিমান বেয়া শব্দ। কিন্তু মনুষ্যই এইটো নুবুজে যে সঁচাকৈয়ে এইখন পাপ আত্মাসকলৰ সৃষ্টি। নিশ্চয় কোনোবা পুণ্য আত্মাৰো সৃষ্টি আছিল, তাক কোৱা হয় স্বৰ্গ। পাপ আত্মাসকলৰ সৃষ্টিক কোৱা হয় নৰক। ভাৰততেই স্বৰ্গ আৰু নৰকৰ চৰ্চা বহুত হয়। মনুষ্য মৰিলে তেতিয়া কয় - স্বৰ্গবাসী হ'ল, গতিকে ইয়াৰ পৰা সিদ্ধ হয় নৰকবাসী আছিল। পতিত সৃষ্টিৰ পৰা পাৱন সৃষ্টিলৈ গ'ল। কিন্তু মনুষ্যই একোৱে গম নাপায়, যিয়েই আহে তাকে কৈ দিয়ে। যথাৰ্থ অৰ্থ একোৱেই বুজি নাপায়।

পিতা আহি তোমালোক সন্তানসকলক সান্তনা দিয়ে যে এতিয়া অলপ ধৈৰ্য ধৰা। তোমালোক পাপৰ বোজাৰ কাৰণে বহুত গধুৰ হৈ গৈছা। এতিয়া তোমালোকক পুণ্য আত্মা কৰি এনেকুৱা সৃষ্টিলৈ লৈ যায়, যাক স্বৰ্গ বুলি কোৱা হয়। তাত কোনো পাপো নহ'ব আৰু কোনো দুখ নাথাকিব। সন্তানসকলে ধৈৰ্য শক্তি পাইছে। আজি ইয়াত আছে কাইলৈ নিজৰ শান্তিধাম, সুখধামলৈ যাব। যেনেকৈ বেমাৰী মনুষ্য অলপ আৰোগ্যৰ ফালে আহিলে তেতিয়া ডাক্তৰে ধৈৰ্য ধৰিবলৈ কয় - সোনকালে তুমি বহুত ভাল হৈ যাবা। এতিয়া এয়াতো হৈছে বেহদৰ ধৈৰ্য। বেহদৰ পিতাই কয় - তোমালোকতো বহুত দুখী পতিত হৈ গৈছা। এতিয়া মই তোমালোক সন্তানসকলক আস্তিক কৰি তোলোঁ। আকৌ ৰচনাৰো পৰিচয় দিয়ে। ঋষি আদিয়েতো কৈ আহিছে যে আমি ৰচয়িতা আৰু ৰচনাক নাজানোঁ। এতিয়া তেওঁক কোনে জানে। কেতিয়া আৰু কাৰ দ্বাৰা জানিব পাৰে, এইটো কোনেও গম নাপায়। ড্ৰামাৰ আদি-মধ্য-অন্তক কোনেও নাজানেই। পিতাই কয় - মই সংগমযুগত আহি ড্ৰামা অনুসৰি তোমালোক সন্তানসকলক পোন-প্ৰথমে আস্তিক কৰি তোলোঁ আকৌ তোমালোকক ৰচনাৰ আদি-মধ্য-অন্তৰ ৰহস্য শুনাওঁ অৰ্থাৎ তোমালোকৰ জ্ঞানৰ তৃতীয় নেত্ৰ মুকলি কৰোঁ। তোমালোকে ৰশ্মি পাই গ'লা। চকুৰ ৰশ্মি নোহোৱা হৈ গ’লে মনুষ্য অন্ধ হৈ যায়। এই সময়ত মনুষ্যৰ জ্ঞানৰ তৃতীয় নেত্ৰ নাই। মনুষ্য হৈ সেই পিতা আৰু ৰচনাৰ আদি-মধ্য-অন্তক নাজানে তেন্তে তেওঁলোকক বুদ্ধিহীন বুলি কোৱা হয়। গীতটিতো আছে - এজন হৈছে অন্ধৰ সন্তান অন্ধ। আনজনৰ দৃষ্টি আছে। দেখুৱায় - মহাভাৰতৰ যুদ্ধ লাগিছিল আৰু এক আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা হৈছিল। পিতা আহি আত্মাসকলক ৰাজযোগ শিকাইছিল - সত্যযুগী স্বৰাজ্য দিবৰ কাৰণে। আত্মাই কয় মই ৰজা হওঁ, মই বেৰিষ্টাৰ হওঁ। তোমালোক আত্মাসকলে এতিয়া জানা - আমি বিশ্বৰ স্বৰাজ্য প্ৰাপ্ত কৰি আছোঁ - বিশ্বৰ ৰচয়িতা পিতাৰ দ্বাৰা। তেওঁ কাৰ ৰচয়িতা হয়? নতুন সৃষ্টিৰ। পিতাই নতুন সৃষ্টি ৰচনা কৰে। ৰচয়িতাও হয় গতিকে তেওঁৰ সকলো জ্ঞানো আছে। গোটেই বিশ্বৰ ইতিহাস কোনো এজনেও নাজানে। কাৰো জ্ঞানৰ তৃতীয় নেত্ৰ নাই। পিতাৰ বাহিৰে কোনেও তৃতীয় নেত্ৰ দিব নোৱাৰে। বিশ্বৰ ইতিহাস, ভূগোল, মূলধাম, সূক্ষ্মধাম, স্থূলধাম... এই সকলোবোৰ তোমালোকে জানা। মূলধাম হৈছে আত্মাসকলৰ সৃষ্টি। সন্যাসীসকলে কয় - আমি ব্ৰহ্মত লীন হৈ যাম বা জ্যোতি জ্যোতিত সমাহিত হৈ যাম। এনেকুৱা নহয়। তোমালোকে জানা ব্ৰহ্ম তত্ত্বত গৈ নিবাস কৰিম। সেই শান্তিধাম হৈছে ঘৰ। তেওঁলোকে কৈ দিয়ে ব্ৰহ্মই ভগৱান, কিমান পাৰ্থক্য আছে। ব্ৰহ্মতো তত্ত্ব হয়। যেনেকৈ আকাশ তত্ত্ব, তেনেকৈ ব্ৰহ্মও তত্ত্ব। য'ত আমি আত্মাসকল আৰু পৰমপিতা পৰমাত্মা নিবাস কৰোঁ, তাক মৰমৰ ঘৰ বুলি কোৱা হয়। সেয়া হৈছে আত্মাসকলৰ ঘৰ। সন্তানসকলে গম পাইছে যে ব্ৰহ্ম মহাতত্ত্বত কোনো আত্মা লীন নহয় আৰু আত্মা কেতিয়াও বিনাশ নহয়। আত্মা অবিনাশী। এই ড্ৰামাখনো পূৰ্ব নিৰ্ধাৰিত অবিনাশী। এই ড্ৰামাত কিমান ভাৱৰীয়া আছে। এতিয়া হৈছে সংগমযুগ, যিসময়ত সকলো ভাৱৰীয়া উপস্থিত আছে। ড্ৰামা যেতিয়া পূৰা হয় তেতিয়া সকলো ভাৱৰীয়া, ৰচয়িতা আদি সকলো আহি উপস্থিত হয়। এই সময়ত এই বেহদৰ ড্ৰামাও পূৰা হয় আকৌ পুনৰাবৃত্তি হ'ব। সেই হদৰ ড্ৰামাসমূহত সলনি হ'ব পাৰে। ড্ৰামা পুৰণা হৈ যায়। এইখনতো বেহদৰ ড্ৰামা অনাদি অবিনাশী। পিতাই ত্ৰিকালদৰ্শী, ত্ৰিনেত্ৰী কৰি তোলে। দেৱতাসকল কোনো ত্ৰিকালদৰ্শী নহয়। শূদ্ৰ বৰ্ণৰসকলো ত্ৰিকালদৰ্শী নহয়। ত্ৰিকালদৰ্শীতো কেৱল তোমালোক ব্ৰাহ্মণ বৰ্ণৰসকলহে হোৱা। যেতিয়ালৈকে ব্ৰাহ্মণ নহয় তেতিয়ালৈকে জ্ঞানৰ তৃতীয় নেত্ৰ পাব নোৱাৰে। তোমালোকে বৃক্ষৰ আদি-মধ্য-অন্তক, সকলো ধৰ্মকো জানা। তোমালোকো মাষ্টৰ জ্ঞানপূৰ্ণ হৈ যোৱা। পিতাই সন্তানসকলক নিজৰ সমান কৰি গঢ়ি তুলিব নহয়। জ্ঞানৰ সাগৰতো এজনেই পিতা, যিজন সকলো আত্মাৰ পিতা। সকলো সন্তানক আস্তিক কৰি ত্ৰিকালদৰ্শী কৰি তোলে। এতিয়া তোমালোক সন্তানসকলে সকলোকে এইটো ক'ব লাগে যে শিৱবাবা আহিছে, তেওঁক স্মৰণ কৰা। যিসকল আস্তিক হৈছে তেওঁলোকৰ পিতাৰ প্ৰতি ভাল স্নেহ থাকে। তোমালোকৰ প্ৰতি পিতাৰো স্নেহ আছে। তোমালোকক স্বৰ্গৰ উত্তৰাধিকাৰ দিয়ে। গায়ন কৰা হৈছে যে বিনাশকালত অপ্ৰীতিকৰ বুদ্ধিৰ বিনাশ আৰু বিনাশকালত প্ৰীতি বুদ্ধিৰ বিজয় হয়। ‘গীতা’ত থকা কোনো কোনো শব্দ সঁচা। শ্ৰীমদ্ভাগৱত ‘গীতা’ হৈছে সৰ্বোত্তম শাস্ত্ৰ। আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ শাস্ত্ৰ। এইটোও বুজোৱা হৈছে মুখ্য ধৰ্ম শাস্ত্ৰ হয়েই 4 খন অন্য যি ধৰ্মাৱলম্বী আছে, তেওঁলোকতো আহেই কেৱল নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ। ৰাজত্ব আদিৰ কথা নাই। তেওঁলোকক গুৰু বুলিও ক’ব নোৱাৰি। গুৰুসকলৰতো কামেই হৈছে - উভতাই লৈ যোৱা। ইব্ৰাহিম, বুদ্ধ, যীশুখ্ৰীষ্ট আদিতো আহে আকৌ তেওঁলোকৰ পাছত তেওঁলোকৰ বংশাৱলীও আহে। গুৰু সেইজন যিয়ে দুখৰ পৰা মুক্ত কৰে আৰু সুখত লৈ যায়। তেওঁলোকেতো কেৱল ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহে। ইয়াততো বহুতকে গুৰু বুলি কৈ দিয়ে। ব্ৰহ্মা, বিষ্ণু, শংকৰকো গুৰু বুলি ক’ব নোৱাৰি। এজন শিৱবাবাই সকলোৰে সৎগতি দাতা। আহ্বানো এক ৰামকেই জনায়। শিৱবাবাকো ৰাম বুলি কয়। বহুত ভাষা আছে, তেন্তে নামো বহুত ৰাখি দিছে। আচল নাম হৈছে ‘শিৱ’। তেওঁক সোমনাথ বুলিও কোৱা হয়। সোমৰস পান কৰালে অৰ্থাৎ জ্ঞান ধন দিলে। বাকী পানী আদিৰতো কথাই নাই। তোমালোকক সন্মুখত জ্ঞানপূৰ্ণ, আনন্দেৰে পৰিপূৰ্ণ কৰি আছে। পিতাতো জ্ঞানৰ সাগৰ হয়। তোমালোক সন্তানসকলক জ্ঞানৰ নদী কৰি তোলে। সাগৰ এখনেই। এখন সাগৰৰ পৰা অনেক নদী উৎপত্তি হয়। এতিয়া তোমালোক আছা সংগমত। এই সময়ত এই গোটেই ধৰা ৰাৱণৰ স্থান হয়। কেৱল এখন লংকা নাছিল, গোটেই ধৰাত ৰাৱণৰ ৰাজ্য। ৰামৰাজ্যত বহুত কমসংখ্যক মনুষ্য থাকিব। এয়া কেৱল এতিয়া তোমালোকৰ বুদ্ধিত আছে। বাবাই বুজাইছে - মই 3টা ধৰ্ম প্ৰতিষ্ঠা কৰোঁ - ব্ৰাহ্মণ, দেৱতা, ক্ষত্ৰিয়। আকৌ বৈশ্য, শূদ্ৰ বৰ্ণত আন সকলো আহি নিজৰ নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰে। অনেক ধৰ্মৰ বিনাশো কৰায়। ভাৰতত ত্ৰিমূৰ্তিৰ চিত্ৰও অংকন কৰে। কিন্তু তাত শিৱৰ চিত্ৰ নোহোৱা কৰি দিছে। শিৱৰ পৰাই সিদ্ধ হয় যে পৰমপিতা পৰমাত্মা শিৱই ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, বিষ্ণুৰ দ্বাৰা প্ৰতিপালন কৰায়, তেওঁক কৰণকৰাৱনহাৰ বুলি কোৱা হয়। নিজেও কৰ্ম কৰে, তোমালোক সন্তানসকলকো শিকায়। কৰ্ম-অকৰ্ম-বিকৰ্মৰ গতিও বুজায়। ৰাৱণৰাজ্যত তোমালোকে যি কৰ্ম কৰা সেয়া বিকৰ্ম হৈ যায়। সত্যযুগত যি কৰ্ম কৰা সেয়া অকৰ্ম হৈ যায়। ইয়াত বিকৰ্মই হয় কিয়নো ৰাৱণৰ ৰাজ্য। সত্যযুগত 5 বিকাৰ নাথাকেই। এটি এটি কথা বুজিবলগীয়া আৰু চেকেণ্ডত বুজোৱা হয়। ‘ওঁম্’ৰ অৰ্থ তেওঁলোকেতো বহুত বিস্তাৰত বুজায়। পিতাই কয় – ‘ওঁম্’ মানে মই আত্মা আৰু এইটো মোৰ শৰীৰ। কিমান সহজ। আৰু তোমালোকে বুজি পোৱা আমি সুখধামলৈ গৈ আছোঁ। শ্ৰীকৃষ্ণৰ মন্দিৰক সুখধাম বুলি কয়। হয়ো কৃষ্ণপুৰী। মাতাসকলে কৃষ্ণপুৰীলৈ যাবৰ কাৰণে বহুত পৰিশ্ৰম কৰে। তোমালোকে এতিয়া ভক্তি নকৰা। তোমালোকে জ্ঞান পালা আৰু কোনো মনুষ্য মাত্ৰৰ এই জ্ঞান নাই। মই তোমালোকক পাৱন কৰি যাওঁ আকৌ পতিত কোনে কৰি তোলে? এইটো কোনেও ক'ব নোৱাৰে। সকলো পুৰুষ অথবা মহিলা হৈছে ভক্ত, সীতা। সকলোৰে সৎগতি কৰোঁতা হৈছে পিতা। সকলো ৰাৱণৰ কাৰাগাৰত আছে। এইখন হয়েই দুখধাম। পিতাই তোমালোকক সুখধামৰ মালিক কৰি তোলে। এনেকুৱা পিতাক 5 হাজাৰ বছৰৰ পাছত কেৱল তোমালোকে দেখা। লক্ষ্মী-নাৰায়ণৰ আত্মাৰ এতিয়া জ্ঞান আছে। মই সৰুকালত এয়া (কৃষ্ণ) হওঁ, পুনৰ ডাঙৰ হ'ম, এনেকৈ শৰীৰ ত্যাগ কৰিম। পুনৰ আন এটা শৰীৰ ল'ম আন কাৰো এই জ্ঞান নাই।

পিতাই কয় - তোমালোক সকলো পাৰ্বতী, শিৱবাবাই তোমালোকক অমৰকথা শুনাই আছে - অমৰ কৰি তুলিবলৈ, অমৰলোকলৈ লৈ যাবৰ কাৰণে। এয়া হৈছে মৃত্যুলোক। তোমালোক সকলো পাৰ্বতী অমৰনাথৰ দ্বাৰা অমৰকথা শুনি আছা। তোমালোক সঁচাকৈয়ে হোৱা কেৱল পিতাক স্মৰণ কৰিলে তোমালোক আত্মা অমৰ হৈ যোৱা, য'ত দুখৰ কথা নাথাকে। যেনেকৈ সাপে এটা মোট এৰি আন এটা লয়। এই সকলোবোৰ উদাহৰণ ইয়াৰেই। ভোমোৰাৰ উদাহৰণো ইয়াৰেই। তোমালোক ব্ৰাহ্মণসকলে কি কৰা? বিকাৰী পতঙ্গক সলনি কৰি দেৱতা কৰি গঢ়ি তোলা। মনুষ্যৰে কথা। ভোমোৰাতো এইটো এটা দৃষ্টান্তহে। তোমালোক ব্ৰাহ্মণ সন্তানসকলে এতিয়া পিতাৰ দ্বাৰা অমৰকথা শুনি আছা, অন্যকো বহি জ্ঞানৰ ভোঁ ভোঁ কৰা, যাৰ দ্বাৰা মনুষ্যৰ পৰা দেৱতা, স্বৰ্গৰ পৰী হৈ যাবাগৈ। বাকী এনেকুৱা নহয় যে মানসৰোবৰত ডুব মাৰিলে কোনোবা পৰী হৈ যাব। এই সকলোবোৰ মিছা। তোমালোকে মিছাই শুনি আহিছা, এতিয়া পিতাই সত্য কথা শুনায়। এতিয়া পিতাই কয় - নিজক আত্মা বুলি বুজা। তোমালোকে বুজি পোৱা নিৰাকাৰ পৰমপিতা পৰমাত্মাই এই মুখৰ দ্বাৰা শুনাই আছে। আমি এই কাণেৰে শুনি আছোঁ। আত্মা-অভিমানী হ'ব লাগে, আকৌ পৰমাত্মায়ো উপলব্ধি কৰায় - মই কোন? আন কোনেও আত্মা-অভিমানী কৰি তুলিব নোৱাৰে। পিতাৰ বাহিৰে আৰু কোনেও ক'ব নোৱাৰে যে তোমালোক আত্মা-অভিমানী হোৱা। শিৱ জয়ন্তীও পালন কৰে কিন্তু তেওঁৰ জয়ন্তী কেনেকৈ হয়, এইটো নাজানে। পিতাই নিজে আহি বুজায় - মই সাধাৰণ বৃদ্ধ শৰীৰত প্ৰৱেশ কৰোঁ। নহ'লে ব্ৰহ্মা আহিব ক'ৰ পৰা? পতিত শৰীৰেই লাগে। সূক্ষ্মধামনিবাসী ব্ৰহ্মাৰ শৰীৰত বিৰাজমান হৈতো ব্ৰাহ্মণ ৰচনা নকৰোঁ। কয় - মই পতিত শৰীৰ, পতিত সৃষ্টিত আহোঁ। গায়ন কৰা হৈছে - ব্ৰহ্মাৰ দ্বাৰা স্থাপনা। পুনৰ যাৰ স্থাপনা কৰে, যিসকলে এই জ্ঞান পায় তেওঁলোক দেৱতা হৈ যায়। মনুষ্যই ব্ৰহ্মাৰ চিত্ৰ দেখি বিবুদ্ধিত পৰে। কয় - এয়াতো দাদাৰ চিত্ৰ। প্ৰজাপিতা ব্ৰহ্মাতো নিশ্চয় ইয়াত থাকিব। সূক্ষ্মধামত কেনেকৈ প্ৰজা ৰচিব। প্ৰজাপিতাৰ সন্তান হাজাৰ হাজাৰ ব্ৰহ্মাকুমাৰ-কুমাৰী আছে। মিছা জানো হ'ব। আমি শিৱবাবাৰ দ্বাৰা উত্তৰাধিকাৰ প্ৰাপ্ত কৰি আছোঁ। তোমালোক সন্তানসকলক বুজাইছে তেওঁ হৈছে অব্যক্ত ব্ৰহ্মা। প্ৰজাপিতাতো সাকাৰত লাগে। এওঁ পতিতজনেইতো পাৱন হয়। তত্ ত্বম্ (তোমালোকৰ ক্ষেত্ৰতো সেয়াই)। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আত্মা-অভিমানী হৈ এই কাণেৰে অমৰকথা শুনিব লাগে। জ্ঞানৰ ভোঁ ভোঁ কৰি নিজৰ সমান কৰি তোলাৰ সেৱা কৰিব লাগে।

(2) পিতাৰ সমান জ্ঞানপূৰ্ণ, আনন্দেৰে পৰিপূৰ্ণ হ'ব লাগে। সোমৰস পান কৰিব আৰু কৰাব লাগে।

বৰদান:
মায়ৰ বিঘিনিক খেল বুলি অনুভৱ কৰোঁতা মাষ্টৰ বিশ্ব-নিৰ্মাতা হোৱা

যেনেকৈ কোনো বয়সিয়াল লোকৰ আগত শিশুৱে নিজৰ বাল্যকালৰ অসাৱধানতাৰ কাৰণে কিবা কৈ দিলেও, কিবা এনেকুৱা কামো কৰি দিলেও তেতিয়া বয়সিয়ালজনে বুজে যে এওঁ নিৰ্দোষী, অজ্ঞান, শিশু। কোনো প্ৰভাৱ নপৰে। তেনেকৈয়ে যেতিয়া তোমালোকে নিজক মাষ্টৰ বিশ্ব-নিৰ্মাতা বুলি বুজিবা তেতিয়া এই মায়াৰ বিঘিনি শিশুৰ খেলৰ দৰে লাগিব। মায়াই যিকোনো আত্মাৰ দ্বাৰা সমস্যা, বিঘিনি বা পৰীক্ষাৰ কাকত হৈ আহি গ’লে তেতিয়া তালৈ ভয় নোখোৱা সেয়া নিৰ্দোষী বুলি বুজিবা।

স্লোগান:
স্নেহ, শক্তি আৰু ঈশ্বৰীয় আকৰ্ষণ নিজৰ মাজত ধাৰণ কৰা তেতিয়া সকলো সহযোগী হৈ যাব।


অব্যক্ত ইংগিত: জ্বালামুখী স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা

এতিয়া জ্বালামুখী হৈ আসুৰিক সংস্কাৰ, আসুৰিক স্বভাৱ সকলো ভস্ম কৰা। যেনেকৈ দেৱীসকলৰ স্মাৰকত দেখুৱায় যে অগ্নিৰে অসুৰসমূহক সংহাৰ কৰিলে। অসুৰ কোনো ব্যক্তি নহয় কিন্তু আসুৰিক শক্তিসমূহ ধ্বংস কৰিলে। এয়া এতিয়া তোমালোকৰ জ্বালামুখী স্বৰূপ স্থিতিৰ স্মাৰক। এতিয়া এনেকুৱা যোগৰ অগ্নি প্ৰজ্বলিত কৰা যাৰ দ্বাৰা এই কলিযুগী সংসাৰ জ্বলি ভস্ম হৈ যায়।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]