03.08.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল – এয়া
হৈছে বেহদৰ সীমাহীন মঞ্চ, য’ত তোমালোক আত্মাসকল ভূমিকা পালন কৰিবৰ কাৰণে বান্ধ খাই
আছা, ইয়াত প্ৰত্যেকৰে নিৰ্ধাৰিত ভূমিকা আছে ”
প্ৰশ্ন:
কৰ্মাতীত
অৱস্থা প্ৰাপ্ত কৰাৰ পুৰুষাৰ্থ কি?
উত্তৰ:
কৰ্মাতীত হ’বলৈ হ’লে পূৰা সমৰ্পিত হ’বলগীয়া হয়। নিজৰ বুলিবলৈ একোৱেই নাই। সকলো পাহৰি
গ’লে তেতিয়াহে কৰ্মাতীত হ’ব পাৰিবা। যিসকলৰ ধন, দৌলত, সন্তান আদি স্মৃতিত আহি থাকে
তেওঁলোক কৰ্মাতীত হ’ব নোৱাৰে। সেইকাৰণে পিতাই কয় – মই গৰিবৰ ত্ৰাণকৰ্তা। গৰিব
সন্তানসকল সোনকালে সমৰ্পিত হৈ যায়। সহজে সকলো পাহৰি এজন পিতাৰ স্মৃতিত থাকিব পাৰে।
ওঁম্শান্তি।
আত্মিক পিতাই
বহি আত্মিক সন্তানসকলক বুজায়, সন্তানসকলৰ বুদ্ধিত নিশ্চয় আছে যে এতিয়া ঘৰলৈ যাব লাগে।
ভক্তসকলৰ বুদ্ধিত নাথাকে। তোমালোকে জানা এই 84ৰ চক্ৰ এতিয়া পূৰা হ’ল। এইখন হৈছে বৰ
বিশাল বেহদৰ মণ্ডপ বা মঞ্চ। সীমাহীন মঞ্চ। এই পুৰণা মণ্ডপ এৰি ঘৰলৈ যাব লাগে।
অপৱিত্ৰ আত্মাসকলতো যাব নোৱাৰে। পৱিত্ৰ নিশ্চয় হ’ব লাগে। এতিয়া এই খেল সমাপ্ত হ’ল।
অপাৰ দুখৰ এতিয়া অন্তিম সময়। এই সময়ত এয়া সকলো হৈছে মায়াৰ পাম্প, যাক মনুষ্যই
স্বৰ্গ বুলি ভাবে, কিমান অট্টালিকা, কাৰখানা, গাড়ী-মটৰ আদি আছে, ইয়াক কোৱা হয় মায়াৰ
প্ৰতিযোগিতা। নৰকৰ স্বৰ্গৰ সৈতে প্ৰতিযোগিতা। খন্তেকৰ সুখ। ড্ৰামা অনুসৰি এয়া হ’ল
মায়াৰ প্ৰলোভন। অনেক মনুষ্য আছে, প্ৰথমতেতো এক আদি সনাতন দেৱী-দেৱতা ধৰ্মহে আছিল।
এতিয়াতো মণ্ডপ একেবাৰে ভৰি গ’ল। এতিয়া এই চক্ৰ পূৰা হ’ব সকলো তমোপ্ৰধান, সৃষ্টিখনো
তমোপ্ৰধান আকৌ সতোপ্ৰধান হ’ব। গোটেই সৃষ্টিখনে নতুন লাগে নহয়। নতুনৰ পৰা পুৰণি,
পুৰণিৰ পৰা নতুন এয়াতো অনকবাৰ হৈ আহিছে। অনাদি খেল। কেতিয়া আৰম্ভ হ’ল সেয়া ক’ব
নোৱাৰে। অনাদি কালৰ পৰা চলিয়েই থাকে। এইটোও তোমালোকে জানা, অন্য কোনেও নাজানে।
তোমালোকেও এই জ্ঞান পোৱাৰ আগতে একো নাজানিছিলা। দেৱতাসকলেও নাজানিছিল, মাত্ৰ
তোমালোক পুৰুষোত্তম সংগমযুগী ব্ৰাহ্মণসকলেহে জানা পাছত এই জ্ঞান প্ৰায় লোপ হৈ যাব।
পিতাই সুখধামৰ মালিক কৰি তুলিছে বাকী আৰু কি লাগে? পিতাৰ পৰা যি পাবলগীয়া আছিল পাই
গ’লা, পাবলৈ আৰু একো বাকী নাই। সেইকাৰণে পিতাই বুজায় – সন্তানসকল, তোমালোকেই সকলোতকৈ
বেছি পতিত হৈছা। পোন-প্ৰথমে তোমালোকেই ভুমিকা পালন কৰিবলৈ আহা। তোমালোকেই আগতে যাব
লাগে। চক্ৰ নহয় জানো। পোন-প্ৰথমে তোমালোকেই মালাত আহিবা। এয়া ৰুদ্ৰমালা হয় নহয়।
গোটেই সৃষ্টিৰ মনুষ্য জৰীৰে বান্ধ খাই আছে। জৰীৰ পৰা ওলাই পৰমধামলৈ গুচি যাব। আকৌ
এনেকৈয়ে জৰীত গঁথা যাব। বৰ ডাঙৰ মালা। শিৱবাবাৰ কিমান অনেক সন্তান আছে। পোন-প্ৰথমে
তোমালোক দেৱতাসকল আহা। এয়া হৈছে বেহদৰ মালা য’ত সকলো মণিৰ নিচিনাকৈ গঁথা থাকে।
‘ৰুদ্ৰ মালা’ আৰু ‘বিষ্ণু মালা’ৰ গায়ন কৰা হয়। প্ৰজাপিতা ব্ৰহ্মাৰ মালা নাই।
তোমালোক ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰীসকলৰ মালা নাথাকে কিয়নো তোমালোক ওপৰলৈ উঠা আকৌ
অৱনমিত হোৱা, পৰাজিত হৈ যোৱা। বাৰে বাৰে মায়াই অৱনমিত কৰি দিয়ে, সেইকাৰণে ব্ৰাহ্মণৰ
মালা নাথাকে, যেতিয়া সম্পূৰ্ণ উত্তীৰ্ণ হৈ যোৱা তেতিয়া বিষ্ণুৰ মালা তৈয়াৰ হয়।
এনেয়েতো প্ৰজাপিতা ব্ৰহ্মাৰো বংশবৃক্ষ আছে। যেতিয়া উত্তীৰ্ণ হৈ যোৱা তেতিয়া কোৱা হয়
প্ৰজাপিতা ব্ৰহ্মাৰো মালা আছে। বংশবৃক্ষ সাজি থোৱা আছে। এই সময়ত মালা হ’ব নোৱাৰে
কাৰণ আজি পৱিত্ৰ হয়, কালিলৈ আকৌ মায়াই থাপৰ লগাই কায়া ক’লা কৰি দিয়ে। যি উপাৰ্জন
কৰিলে সকলো শেষ হৈ যায়। ভাঙি পৰে। ক’ৰ পৰা পৰে, বিচাৰ কৰা। পিতাইতো বিশ্বৰ মালিক কৰি
তোলে। তেওঁৰ শ্ৰীমতত চলিলে তোমালোকে উচ্চ পদ পাব পাৰা। হাৰিলে সকলো শেষ। কাম বিকাৰ
হৈছে মহাশত্ৰু, ইয়াৰ হাতত পৰাজিত হ’ব নালাগে। বাকী সকলো বিকাৰ হৈছে সতি-সন্ততি।
ডাঙৰ শত্ৰু হৈছে কাম বিকাৰ। তাৰ ওপৰতেই বিজয় প্ৰাপ্ত কৰিব লাগে। কামৰ ওপৰত বিজয়ী
হ’লে তোমালোক জগতজিৎ হ’বাগৈ। এই 5 বিকাৰ হৈছে আধাকল্পৰ শত্ৰু, সেই বিকাৰেও এৰি
নিদিয়ে। সকলোৱে কয়, ক্ৰোধ কৰিবলগীয়া হয়, কিন্তু কি দৰকাৰ আছে, মৰমেৰেও কাম আদায়
কৰিব পাৰি। চোৰকো যদি মৰমেৰে বুজোৱা তেন্তে তৎক্ষণাৎ সঁচা কথা কৈ দিব। পিতাই কয় -
মই প্ৰেমৰ সাগৰ, তেনেহ’লে সন্তানসকলেও প্ৰেমেৰে কাম আদায় কৰিব লাগে। পদমৰ্যাদা
যিয়েই নহওঁক। বাবাৰ ওচৰলৈ মিলিটেৰী লোকসকলো আহে। তেওঁলোককো বাবাই বুজায় - আপোনালোক
স্বৰ্গলৈ যাব বিচাৰে যদি কেৱল শিৱবাবাক স্মৰণ কৰক। তেওঁলোকক কোৱা হয় - তোমালোক
যুদ্ধক্ষেত্ৰত মৰিলে স্বৰ্গলৈ যাবা। আচলতে যুদ্ধক্ষেত্ৰ হৈছে এইখন। তেওঁলোকেতো
যুদ্ধ কৰি কৰি মৰি যায় তেতিয়া আকৌ তাতেই গৈ জন্ম লয় কাৰণ সংস্কাৰ লৈ যায়। স্বৰ্গলৈতো
যাব নোৱাৰে। সেইকাৰণে বাবাই তেওঁলোকক বুজাইছিল শিৱবাবাক স্মৰণ কৰিলে তোমালোক
স্বৰ্গলৈ যাব পাৰিবা কিয়নো স্বৰ্গৰ স্থাপনা হৈ আছে। শিৱবাবাৰ স্মৃতিৰে বিকৰ্ম বিনাশ
হ’ব। অলপো এই জ্ঞান পালে তেন্তে অবিনাশী জ্ঞানৰ বিনাশ নহয়। তোমালোক সন্তানসকলে এই
মেলা আদি অনুস্থিত কৰিলে তেতিয়া কিমান প্ৰজা তৈয়াৰ হয়। তোমালোক হৈছা আত্মিক সেনা,
ইয়াত কামাণ্ডাৰ, মেজৰ আদি অতি কম সংখ্যক থাকে, প্ৰজাতো বহুত তৈয়াৰ হয়। ভালদৰে
বুজোৱাসকলে কিবা নহয় কিবা ভাল পদ পায়। তাৰ ভিতৰতো প্ৰথম, দ্বিতীয়, তৃতীয় শ্ৰেণী থাকে।
তোমালোকে শিক্ষা দি থাকা, কোনোবা একেবাৰে বুজাওঁতাজনৰ সমান হৈ যায়। কোনোবা একেবাৰে
ওপৰলৈও যাব পাৰে। দেখিবলৈ পোৱা যায় ইজন সিজনতকৈ ওপৰত গুচি যায়। নতুনসকল
পুৰণাসকলতকৈও আগবাঢ়ি যায়। পিতাৰ সৈতে পূৰা যোগযুক্ত হৈ গ’লে তেতিয়া বহুত উচ্চত গুচি
যাব। সকলো নিৰ্ভৰ কৰে যোগৰ ওপৰত। জ্ঞানতো বহুত সহজ, তোমালোকে হয়তো অনুভৱ কৰা। পিতাক
স্মৰণ কৰোঁতেই বিঘিনি আহে। পিতাই কয় - ভোজন খোৱা সেয়াও পিতাৰ স্মৃতিত থাকি খোৱা।
কিন্তু কোনোৱে 2 মিনিট, কোনোৱে 5 মিনিট স্মৃতিত থাকে। গোটেই সময় স্মৃতিত থকাতো বৰ
কঠিন। মায়াই ক’ৰবাত নহয় ক’ৰবাত লৈ গৈ পাহৰাই দিয়ে। একমাত্ৰ পিতাৰ বাহিৰে আৰু কাৰো
স্মৃতি নাথাকিলে তেতিয়াহে কৰ্মাতীত অৱস্থা হ’ব। যদি নামমাত্ৰও নিজৰ বুলি কিবা থাকে
তেন্তে নিশ্চয় স্মৃতিত আহিব। একোৱেই যাতে স্মৃতিত নাহে, এই বাবা হৈছে তাৰ দৃষ্টান্ত,
এওঁৰ কি স্মৃতিত আহিব? কোনোবা সতি-সন্ততি, ধন আদি আছে জানো? মাত্ৰ তোমালোক
সন্তানসকলহে স্মৃতিত আহে। তোমালোক নিশ্চয় পিতাৰ স্মৃতিত আহিবা কাৰণ পিতা আহিছেই
কল্যাণ কৰিবলৈ। সকলোকে স্মৰণ কৰে। কিন্তু তথাপিও বুদ্ধি ফুলৰ ফালে গুচি যায়। ফুল
অনেক প্ৰকাৰৰ আছে। কিছুমান গোন্ধ নথকা ফুলো থাকে। বাগিচা হয় নহয়। পিতাক বাগিচাৰ
মালিক, মালী বুলিও কয়। এয়াতো তোমালোকে জানা - মনুষ্য ক্ৰোধৰ বশীভূত হৈ কিমান
হাই-কাজিয়া কৰি থাকে। দেহ-অভিমান বহুত আছে। পিতাই বুজায় - কেতিয়াবা কোনোবাই খং কৰিলে
শান্ত হৈ থাকিব লাগে। ক্ৰোধ ভূত নহয় জানো। ভূতৰ আগত শান্তিৰে সঁহাৰি জনাব লাগে।
সৰ্বশাস্ত্ৰৰ শিৰোমণি
শ্ৰীমদ্ভাগৱত গীতা হৈছে ঈশ্বৰীয় মতৰ। ঈশ্বৰীয় মত, আসুৰি মত আৰু দৈৱী মত একমাত্ৰ
ঈশ্বৰেহে আহি শুনায়। ৰাজযোগৰ জ্ঞান দিয়ে। আকৌ এই জ্ঞান লোপ হৈ যাব। ৰজাৰো ৰজা হৈ
গ’লে তেতিয়া জ্ঞানেৰে কি কৰিবা? 21 জন্মতো প্ৰালব্ধ ভোগ কৰা। তাত এইটো গমেই পোৱা
নাযায় যে এই পুৰুষাৰ্থৰে এয়া ফল। অনেকবাৰ তোমালোক সত্যযুগত গৈছা। এই চক্ৰ ঘূৰি থাকে।
সত্যযুগ-ত্ৰেতা হ’ল জ্ঞানৰ ফল। এনেকুৱা নহয় যে তাত জ্ঞান পোৱা যায়। পিতা আহি ইয়াত
ভক্তিৰ ফল জ্ঞান দিয়ে। পিতাই কৈছে - তোমালোকেই আতাইতকৈ বেছি ভক্তি কৰিছা। এতিয়া
একমাত্ৰ পিতাক স্মৰণ কৰা তেতিয়া তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা। এই ক্ষেত্ৰত
যত্ন কৰিবলগীয়া হয়। ৰচনাৰ আদি-মধ্য-অন্তক স্মৃতিত ৰাখা তেতিয়া চক্ৰৱৰ্তী ৰজা হৈ
যাবাগৈ। ভগৱানে সন্তানসকলক ভগৱান-ভগৱতী কৰিয়ে তুলিব। কিন্তু দেহধাৰীক ভগৱান-ভগৱতী
বুলি কোৱাতো ভুল। ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ কিমান সম্বন্ধ আছে। এই ব্ৰহ্মাই আকৌ
বিষ্ণু হ’বগৈ আৰু এওঁৰ শৰীৰতে শিৱৰ প্ৰৱেশ হয়। সূক্ষ্মলোকত থকাজনক ফৰিস্তা বুলি কোৱা
হয়। তোমালোক ফৰিস্তা হ’ব লাগে, সাক্ষাৎকাৰ হয়, বাকী একো নাই। শব্দ ৰহিত (শান্তিধাম),
ছায়াছবি (সূক্ষ্মধাম) আৰু ইয়াত বাণী (স্থূলধাম)। এয়া হ’ল বিস্তাৰ। বাকী সংক্ষেপেতো
কয় ‘মনমনাভৱ’ (নিজক আত্মা বুলি বুজি মোক পৰমাত্মাক স্মৰণ কৰা), মামেকম্ (কেৱল মোক)
স্মৰণ কৰা আৰু সৃষ্টিচক্ৰ স্মৃতিত ৰাখা। ইয়াত বহিলেও শান্তিধাম, সুখধামক স্মৰণ কৰা।
এই পুৰণি দুখধামক পাহৰি যোৱা। এয়া হ’ল বুদ্ধিৰ দ্বাৰা বেহদৰ সন্ন্যাস। তেওঁলোকৰ হ’ল
হদৰ সন্ন্যাস। সেই নিবৃত্তি মাৰ্গৰসকলে প্ৰবৃত্তি মাৰ্গৰ জ্ঞান দিব নোৱাৰে। ৰজা-ৰাণী
হোৱা এয়া হৈছে প্ৰবৃত্তি মাৰ্গ। তাত সুখেই থাকে। তেওঁলোকেতো সুখক নামানেই।
সন্ন্যাসীও কোটিৰ হিচাপত আছে। তেওঁলোকৰ প্ৰতিপালন বা উপাৰ্জন হয় গৃহস্থীসকলৰ দ্বাৰা।
এফালেতো তোমালোকে দান-পুণ্যত লগালা আকৌ পাপৰ বেপাৰ কৰিলা সেয়েহে পাপ আত্মা হৈ গ’লা।
তোমালোক সন্তানসকলে এতিয়া জ্ঞান ৰত্নৰ আদান-প্ৰদান কৰা। তেওঁলোকে ধৰ্মশালা আদি
স্থাপনা দিয়ে তেতিয়া পৰৱৰ্তী জন্মত ভাল ফল পায়। এয়াতো হৈছে বেহদৰ পিতা। এয়া হ’ল
পোনপটীয়া, সেয়া হ’ল আওপকীয়া। সকলো ঈশ্বৰৰ অৰ্থে অৰ্পণ কৰে। এতিয়া ভোকতো দুয়োগৰাকীৰে
নাই। শিৱবাবা হ’ল দাতা, তেওঁৰ ভোগ লাগিব জানো। শ্ৰীকৃষ্ণ দাতা নহয়। পিতাতো হৈছে
সকলোকে দিওঁতা, লওঁতা নহয়। এক দিবা 10 গুণ পাবা, গৰিবে 2 টকা দিয়ে তাৰ বিনিময়ত পদমৰ
হিচাপত পায় (সুদামাৰ দৃষ্টান্ত)। ভাৰত সোণৰ চৰাই (সমৃদ্ধিশালী) নাছিল জানো। পিতাই
কিমান ধনৱান কৰি তুলিলে। সোমনাথৰ মন্দিৰত কিমান অজস্ৰ ধন আছিল। কিমান লুটি লৈ গ’ল।
ডাঙৰ ডাঙৰ হীৰা-মুকুতা আছিল। এতিয়াতো দেখিবলৈও নাই। টুকুৰা-টুকুৰ হৈ গ’ল। আকৌ
বুৰঞ্জী পুনৰাবৃত্তি হ’ব। তাত সকলো খনি তোমালোকৰ বাবে ভৰপূৰ হৈ যাব। হীৰা-মুকুতা আদি
তাত পাথৰৰ নিচিনাকৈ থাকিব। পিতাই অবিনাশী জ্ঞান-ৰত্ন দিয়ে, যাৰ দ্বাৰা তোমালোক অতি
চহকী হৈ যোৱা। তেনেহ’লে মৰমৰ সন্তানসকল কিমান আনন্দিত হৈ থাকিব লাগে। যিমানে পঢ়ি
থাকিবা সিমানে আনন্দৰো সীমা নোহোৱা হ’ব। ডাঙৰ পৰীক্ষাত উত্তীৰ্ণ হ’লে বুদ্ধিত থাকে
নহয় - এয়া উত্তীৰ্ণ হৈ আকৌ এয়া হ’মগৈ, এইটো কৰিম। তোমালোকেও জানা যে তোমালোক এই
দেৱতা হ’বাগৈ। এয়াতো জড়চিত্ৰ। আমি তাত চৈতন্য ৰূপত হ’মগৈ। এই চিত্ৰবোৰো যিবোৰ
তোমালোকে তৈয়াৰ কৰিছা সেয়া ক’ৰ পৰা আহিল? দিব্য দৃষ্টিৰে তোমালোকে দেখি আহিছা।
চিত্ৰবিলাক বৰ আচৰিত। কোনোবাই ভাবিব এয়া ব্ৰহ্মাই তৈয়াৰ কৰিছে। যদি এইবিলাক কাৰোবাৰ
পৰা শিকিছে তেন্তে এজনেহে জানো শিকিছে, আৰু কোনোবাই নিশিকিলেহেঁতেন জানো। এওঁ কয় -
মই একোৱে শিকা নাই। এইবিলাক পিতাই দিব্যদৃষ্টিৰ দ্বাৰা অংকন কৰাইছে। এই চিত্ৰবিলাক
সকলো শ্ৰীমতৰ আধাৰত অঁকা হৈছে। এইবিলাক মনুষ্য মত অনুসৰি নহয়। এই সকলোবোৰ নাশ হৈ
যাব। একো নাম-চিহ্ন নাথাকিব। এই সৃষ্টিৰেই অন্ত হ’ব। ভক্তিৰ কিমান সামগ্ৰী আছে।
এইবোৰো নাথাকিব। নতুন সৃষ্টিৰ সকলো বিলাক নতুন। তোমালোক সন্তানসকল অনেকবাৰ স্বৰ্গৰ
মালিক হৈছা আকৌ মায়াই পৰাজিত কৰিছে। মায়া বিকাৰক কোৱা হয়, ধনক নহয়। তোমালোক
সন্তানসকল আধাকল্প ৰাৱণৰ শিকলিৰে বান্ধ খাই আছিলা। ৰাৱণ হ’ল সকলোতকৈ পুৰণি শত্ৰু।
আধাকল্প ৰাৱণৰ ৰাজ্য চলে। লাখ লাখ বছৰ বুলি কৈ দিয়াৰ কাৰণে আধা আধাৰ হিচাপো নোলায়।
কিমান পাৰ্থক্য আছে। তোমালোককতো পিতাই শুনাইছে যে গোটেই কল্পৰ আয়ুস হৈছে 5 হাজাৰ
বছৰ। 84 লাখ যোনিতো নহয়। এয়া মনেসজা কথা। সূৰ্যবংশী-চন্দ্ৰবংশী দেৱী-দেৱতাই ইমান
লাখ বছৰ ৰাজ্য কৰিছিল জানো। এই বুদ্ধিয়ে কাম নকৰে। সন্ন্যাসীসকলে ভাবে এতিয়া যদি আমি
আমাৰ ভুল মানি লওঁ তেতিয়া সকলো অনুগামীয়ে আমাক এৰি দিব। বিপ্লৱ হৈ যাব। সেইকাৰণে
এতিয়া তেওঁলোকে তোমালোকৰ মতত চলি নিজৰ ৰাজ্য নেহেৰুৱায়। অন্তিমৰ ফালে কিছু বুজি পাব,
এতিয়া নহয়। চহকীসকলেও জ্ঞান নলয়, পিতাই কয় - মই গৰিবৰ ত্ৰাণকৰ্তা। চহকীসকলে কেতিয়াও
সমৰ্পিত হৈ কৰ্মাতীত অৱস্থা পাব নোৱাৰে। পিতাতো বৰ পাকৈত মহাজন। গৰিবৰহে লয়।
চহকীসকলৰ পৰা ল’লে আকৌ সিমানখিনি দিব লাগিব। চহকীসকল কাচিৎহে আহে কাৰণ ইয়াত সকলো
পাহৰিবলগীয়া হয়। একোৱেই লগত নাথাকিলে তেতিয়াহে কৰ্মাতীত অৱস্থা হ’ব। চহকীসকলেতো
পাহৰিব নোৱাৰিব, যিসকলে কল্প পূৰ্বে উত্তৰাধিকাৰ লৈছিল তেওঁলোকেই ল’ব। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যেনেকৈ পিতা প্ৰেমৰ সাগৰ তেনেকৈ মাষ্টৰ প্ৰেমৰ সাগৰ হৈ মৰমেৰে কাম আদায় কৰিব
লাগে। ক্ৰোধ কৰিব নালাগে। কোনোবাই ক্ৰোধ কৰিলে তোমালোক শান্ত হৈ থাকিব লাগে।
(2) বুদ্ধিৰে এই পুৰণি
জগতখনক পাহৰি বেহদৰ সন্ন্যাসী হ’ব লাগে। শান্তিধাম আৰু সুখধামক স্মৃতিত ৰাখিব থাকিব
লাগে। অবিনাশী জ্ঞান ৰত্নৰ লেন-দেন কৰিব লাগে।
বৰদান:
বিকাৰ ৰূপী
বিষাক্ত সাপক ডিঙিৰ মালা কৰি লওঁতা শংকৰৰ সমান তপস্বীমূৰ্ত হোৱা
এই পাঁচ বিকাৰ যিবোৰ
মনুষ্যৰ বাবে বিষাক্ত সাপ, সেই সাপ তোমালোক যোগী বা প্ৰয়োগী আত্মাৰ ডিঙিৰ মালা হৈ
যায়। এয়া তোমালোক ব্ৰাহ্মণ আৰু পিতা ব্ৰহ্মাৰ অশৰীৰী তপস্বী শংকৰ স্বৰূপৰ স্মাৰক
যাক আজিও পূজা কৰা হয়। দ্বিতীয়তে, এই সাপ আনন্দত নচাৰ মঞ্চ হৈ যায় - এইটো স্থিতিকে
মঞ্চৰ ৰূপত দেখুৱায়। গতিকে যেতিয়া বিকাৰৰ ওপৰত এনেকৈ বিজয় হ’বা তেতিয়া
তপস্বীমূৰ্ত, প্ৰয়োগী আত্মা বুলি কোৱা হ’ব।
স্লোগান:
যাৰ স্বভাৱ অমায়িক, চিত্ত (অন্তৰ আৰু মন) শান্ত তেওঁক ক্ৰোধৰ ভূতে আমনি কৰিব নোৱাৰে।
প্ৰীতি বুদ্ধিৰ হৈ
বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:
প্ৰীতি বুদ্ধিৰসকলে
কেতিয়াও শ্ৰীমতৰ বিপৰীতে এটা সংকল্পও কৰিব নোৱাৰে। যদি শ্ৰীমতৰ বিপৰীতে সংকল্প, বচন
আৰু কৰ্ম হয় তেন্তে তাক প্ৰীতি বুদ্ধি বুলি কোৱা নহ’ব। গতিকে পৰীক্ষা কৰা যে প্ৰতিটো
সংকল্প আৰু প্ৰতিষাৰ বচন শ্ৰীমত অনুসৰি হয়নে? শ্ৰীমত অনুসৰি চলোঁতাসকল সদায় বিজয়ী
হৈ থাকে।