03.08.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক হৈছা সঁচা ৰাজঋষি, ৰাজযোগী, তোমালোক বাদশ্বাহীৰ বাবে পৱিত্ৰ নিশ্চয় হ’ব লাগে”
প্ৰশ্ন:
কোনটো মনোযোগে
বাদশ্বাহীৰ যোগ্য কৰি তোলে?
উত্তৰ:
যদি পঢ়াৰ প্ৰতি পূৰা পূৰা মনোযোগ আছে তেন্তে বাদশ্বাহী পোৱা যায়। পিতাই যি শুনায়
সেয়া ভালদৰে শুনি ধাৰণ কৰা। পিতাই শুনালে আৰু সন্তানসকলে শুনিলে তেন্তে বাদশ্বাহী
পাই যাব। যদি শুনাৰ সময়ত হামিয়াই-হিকটিয়াই বা কলমটিয়াই থাকে, বুদ্ধি ইফালে-সিফালে
গৈ থাকে তেন্তে বাদশ্বাহী হেৰুৱাই পেলাব, সেয়েহে পঢ়াৰ প্ৰতি পূৰা মনোযোগ দিয়া।
গীত:
হমে উন ৰাহো
পৰ চলনা হে… (আমি সেইটো মাৰ্গত চলিব লাগে…..)
ওঁম্শান্তি।
আত্মিক পিতাই
আত্মিক সন্তানসকলক বুজাই আছে। আজি সন্তানসকলক হঠযোগ আৰু ৰাজযোগৰ ওপৰত বুজাইছে।
সন্তানসকলে জানে তেওঁলোকে (লৌকিক জগতত) যিয়েই শিকায়, সেই সকলোবোৰ হৈছে হঠযোগ কিয়নো
তেওঁলোক হৈছে কৰ্ম সন্ন্যাসী। বাস্তৱত গৃহস্থীসকলে হঠযোগ, কৰ্ম সন্ন্যাস শিকিব
নালাগে। সেয়াতো হৈছেই নিবৃত্তি মাৰ্গ। সেইটো ধৰ্মই হৈছে অন্য। তোমালোকৰ ধৰ্ম হৈছে
দেৱী-দেৱতা ধৰ্ম, যিসকল দেৱী-দেৱতাই ৰাজযোগৰ দ্বাৰাহে বাদশ্বাহী প্ৰাপ্ত কৰিছে।
এতিয়া তোমালোক হৈছা ৰাজঋষি। ঋষি বুলি তেওঁলোকক কোৱা হয় যিসকল পৱিত্ৰ হৈ থাকে।
তোমালোক এতিয়া । যদি পৱিত্ৰ হৈ নাথাকে তেন্তে তেওঁলোকক ঋষি বুলি কোৱা নহয়। তোমালোকে
বাদশ্বাহী পাবৰ বাবে পৱিত্ৰ হোৱা। তেওঁলোকে কোনো বাদশ্বাহী পাবৰ বাবে পৱিত্ৰ নহয়।
তোমালোকে জানা যে পৱিত্ৰ সৃষ্টিত আমাৰ পৱিত্ৰ ৰাজ্য আছিল। ভাৰততেই 5 হাজাৰ বছৰ
পূৰ্বে দেৱী-দেৱতাসকলৰ পূজ্য পৱিত্ৰ প্ৰবৃত্তি মাৰ্গ আছিল। এতিয়া পূজাৰীসকল পতিত হৈ
গৈছে। পতিত কেনেকৈ হ’ল? 84 জন্মৰ হিচাপ আছে নহয়। যিজন পিতাই সহজ ৰাজযোগ শিকাই আছে,
তেৱেঁই তোমালোকক 84 জন্মৰ হিচাপৰ বিষয়ে শুনায়। অন্য ধৰ্মক সন্ন্যাসী ধৰ্মৰলোকে কি
জানে। এয়া হৈছে দেৱী-দেৱতাসকলৰ প্ৰাচীন ধৰ্ম। সেয়া হৈছে পূৰ্বৰ ধৰ্ম। যি অতীত হৈ
গৈছে, তাক সন্ন্যাসীসকলে বুজিব নোৱাৰে।
তোমালোকে জানা হঠযোগ
অনেক প্ৰকাৰৰ আছে। দ্বাপৰৰ পৰা ভক্তিমাৰ্গৰ লগতে হঠযোগ আৰম্ভ হয়। এতিয়া আকৌ হৈছে
ৰাজযোগ। সেই হঠযোগ জন্মৰ পাছত জন্ম শিকি আহিছে। ৰাজযোগ তোমালোকে এটা জন্মতেই শিকা।
তেওঁলোকে জন্মৰ পাছত জন্ম পুনৰ্জন্ম লৈ হঠযোগ শিকিবলগীয়াই হয়। তোমালোকে ৰাজযোগ
শিকিবৰ বাবে পুনৰ্জন্ম ল’বলগীয়া নহয়। এই ৰাজযোগ তোমালোকে কেৱল সংগমতেই শিকা।
বাদশ্বাহী পাই গ’লা, স্বৰ্গ হৈ গ’ল আৰু তাৰপাছত সকলো ধৰ্ম শেষ হৈ যায়। তোমালোক হৈছা
ৰাজঋষি। ৰাধা কৃষ্ণও পৱিত্ৰ হয় নহয়। শ্ৰীকৃষ্ণক মহাত্মা বুলিও কয়। মহাত্মা পৱিত্ৰ
হয়। তোমালোকো এতিয়া মহাত্মা বা ৰাজঋষি হোৱা। মহাত্মা অৰ্থাৎ পৱিত্ৰ, মহান আত্মা। এই
কথাবোৰ কোনো শাস্ত্ৰত নাই। শাস্ত্ৰতো পাছত ৰচনা কৰা হয়। কাহিনীৰ দৰে বহি লিখে। যি
অতীত হৈ যায়, সেয়া বহি লিখে। সঁচাতো নহয়। এতিয়া পিতাই সন্তানসকলক বাস্তৱিকতে পঢ়ায়।
আকৌ তাৰ ইতিহাস ৰচে। যাদৱ, কৌৰৱ, পাণ্ডৱ আছিল, নিশ্চয় সংগমত হ’ব। সংগমযুগৰ ইতিহাস
বহি লিখিছে। উৎসৱো সকলোবোৰ সংগমৰ। ৰক্ষাবন্ধনো পৱিত্ৰতাৰ ওপৰত আধাৰিত। পাছলৈ আকৌ
তাৰ স্মাৰক প্ৰচলিত হয়। ইয়াত পিতাই সকলোকে পৱিত্ৰ কৰি প্ৰতিজ্ঞা কৰায়। শিখসকলে খাৰু
পিন্ধে, সেয়াও পৱিত্ৰতাৰ চিহ্ন। হিন্দুলোকে লগুণ পিন্ধে, সেয়াও পৱিত্ৰতাৰ চিহ্ন।
কিন্তু পৱিত্ৰ হৈ নাথাকে। ৰাখী বন্ধায় অৰ্থ জানো বুজি পায়। আগতে ব্ৰাহ্মণসকলে ৰাখী
বান্ধিছিল। এতিয়া ভগ্নীয়ে ভাতৃক ৰাখী বান্ধে, তেওঁ খৰচ দিয়ে। এই সকলোবোৰ এতিয়া
‘ফেশ্বন’ হৈ গৈছে। বাস্তৱত এয়া হৈছে পৱিত্ৰতাৰ কথা। পিতাই কয় - সন্তানসকল কাম
মহাশত্ৰু। সেই ব্ৰাহ্মণসকলে কোনেও এনেকৈ নুবুজায়। এতিয়া বেহদৰ পিতাই কয় - সন্তানসকল
প্ৰতিজ্ঞা কৰা আমি পৱিত্ৰ হ’ম। কেতিয়াও বিকাৰগ্ৰস্ত নহওঁ। আহ্বানো এই কাৰণে জনোৱা
যে আহি পতিতসকলক পাৱন কৰি তোলা। সত্যযুগ ত্ৰেতাত কোনেও আহ্বান নজনায়। সেয়া হৈছেই
ৰামৰাজ্য। এয়া হৈছে ৰাৱণৰাজ্য। ৰামৰাজ্যত 5 বিকাৰ নাথাকে। যথা ৰজা ৰাণী তথা প্ৰজা…
এতিয়া তোমালোক সন্তানসকলে জানা আমি বাবাৰ পৰা স্বৰ্গৰ বাদশ্বাহী লৈ আছোঁ। এই নৰকৰ
পৰা নিশ্চয় যাব লাগে। বাবা আহিছে পাৱন কৰি স্বৰ্গলৈ লৈ যাবলৈ। তেন্তে আমিনো কিয়
পাৱন নহ’ম। তেওঁলোকৰ হঠযোগতো অনেক প্ৰকাৰৰ। জয়পুৰৰ সংগ্ৰহালয়লৈ গৈ চোৱা কিমান
বিভিন্ন হঠযোগী আছে। তাৰপৰা একোৱেই নহয়। ছিৰি তললৈ নামিয়েই থাকে (অৱনমিত হৈয়েই থাকে)।
পিতাই বুজাইছে ভাৰত
যেতিয়া পতিত হয়, ৰাৱণৰ ৰাজ্য হয় তেতিয়া ধৰণী লৰচৰ কৰিবলৈ ধৰে (অস্থিৰ হয়)। সোণৰ মহল
আদি সকলো তললৈ গুচি যায়। মহল আদিক জানো কোনোবাই লুটি নিছে। তেওঁলোকেতো কেৱল মন্দিৰ
লুটিছে। কিছু আ-অলংকাৰ সোণ আদি লৈ গৈছে। আ-অলংকাৰৰ সকলোতকৈ বেছি চখ তোমালোকৰ।
তোমালোকে স্বৰ্গলৈ আহিয়েই অলংকাৰ পৰিধান কৰা, ৰাজত্ব কৰা। অন্য ধৰ্মাৱলম্বীসকলে অহা
মাত্ৰেই ৰাজত্ব নকৰে। তোমালোকে বেহদৰ পিতাৰ পৰা স্বৰ্গৰ বাদশ্বাহীৰ উত্তৰাধিকাৰ লোৱা।
গতিকে এই পিতাই বহি বুজায়, গীতা পঢ়ি নুশুনায়। গীতাত যি কিছু লিখা আছে, সেই সকলোবোৰ
মই কোৱা নাই, সেয়াতো মনুষ্যই মোৰ মহাবাক্যবোৰ পাছত বহি শাস্ত্ৰ ৰচনা কৰিছে। মই
তোমালোকক যি শুনাইছোঁ সেয়া তোমালোকেই শুনিছা আৰু পুনৰ গৈ ৰাজত্ব কৰিছা। তাত এই
জ্ঞান নাথাকে। ইয়াততো পিতা শিক্ষকে বহি শিক্ষা দিয়ে। পিতাইতো হিন্দীতেই বুজায়। ইয়াত
সকলোৱে হিন্দী হিন্দী বুলি কৈ থাকে নহয়। যিটো তেওঁলোকৰ ভাষা। বাস্তৱত প্ৰাচীন ভাষা
হিন্দীয়েই হয়, সংস্কৃত নহয়। এই সংস্কৃততো শংকৰাচাৰ্যৰ পাছত ওলাইছে। যিয়ে আহে সিয়ে
নিজৰ ভাষা প্ৰচলিত কৰে। বাকী এনেকুৱা নহয় যে বাবাই গীতাখন সংস্কৃতত শুনাইছে। নহয়।
গুৰুনানকৰ নিজৰ ‘গ্ৰন্থ’ (ধৰ্মপুথি) আছে। তেওঁ শিখ ধৰ্ম প্ৰতিষ্ঠা কৰিলে, তেওঁকো
অৱতাৰ বুলি মানে। তাত ৰজাসকলো থাকে। সন্ন্যাসীসকলৰ ৰাজ্য নাই। বাবাই বুজাইছে -
বুদ্ধ, যীশুখ্ৰীষ্ট আদি পোনতে গৃহস্থী আত্মা আছিল। এতিয়া গৃহস্থী পতিত আত্মাইতো
ধৰ্ম প্ৰতিষ্ঠা কৰিব নোৱাৰে। তেওঁৰ শৰীৰত পৱিত্ৰ আত্মা আহিল, যিজনে ধৰ্ম প্ৰতিষ্ঠা
কৰিলে। অন্য ধৰ্মতো ভিন্ন ভিন্ন বহুত আছে, আহি নিজৰ সৰু মঠ পন্থ প্ৰতিষ্ঠা কৰে।
বৃক্ষতো দেখুওৱাইছে নহয়। গতিকে হঠযোগ আৰু ৰাজযোগৰ মাজত বহুত পাৰ্থক্য আছে। এই
কথাবোৰ বুজিবলগীয়া, যিসকলে বুজি নাপায়, তেওঁলোক অস্থিৰ হৈ, হামিয়াই হিকটিয়াই থাকিব।
ইয়াততো তোমালোকে সম্পদ পোৱা। বহুত উচ্চ উপাৰ্জন। তোমালোকে ৰত্নৰে জোলোঙা ভৰপূৰ কৰা।
গতিকে এই দুচকু মেলি (জাগ্ৰত হৈ) শুনিব লাগে। অস্থিৰ হৈ থাকিলে বা বুদ্ধি বাহিৰত
ভ্ৰমি ফুৰিলে তেন্তে সেই ৰাজধানী পাব নোৱাৰিব।
তোমালোক হৈছা ৰাজঋষি।
বাদশ্বাহী প্ৰাপ্ত কৰোঁতা। পিতাই ৰাজধানী স্থাপন কৰে। শ্ৰীকৃষ্ণই নকৰে। শ্ৰীকৃষ্ণইতো
পিতাৰ পৰা উত্তৰাধিকাৰ লয়। এতিয়া তোমালোকৰ পিতা হৈছে নিৰাকাৰ, যাৰ পৰা বিশ্বৰ
বাদশ্বাহীৰ উত্তৰাধিকাৰ লৈ আছা। তোমালোক কিমান চহকী হোৱা। ইয়াত এজনেই পিতা আহি
ৰাজযোগ শিকায়। লাগিলে ঘূৰা, ফুৰা, খোৱা-বোৱা কৰা, কেৱল পিতাক স্মৰণ কৰা। চহকীসকলে
নিশ্চয় ভালদৰে খাব। তেওঁলোকেতো নিজৰ উপাৰ্জনৰ ফল খায়। মালপোৱা খোৱা বা ৰুটি খোৱা।
স্মৰণ পিতাক কৰা। লাগিলে যিহকে নোখোৱা। ধন তেন্তে কিহৰ বাবে আছে। বাবাই কোনো মানা
নকৰে। কেৱল পিতাৰ সৈতে যোগসূত্ৰ গঢ়িব লাগে। এই ৰাজ্য স্থাপন কৰাত খৰচ নাই। সেই
যুদ্ধ আদিত কিমান খৰচ হয়। উৰাজাহাজৰ ওপৰত কিমান খৰচ হয়। সৰি পৰিলে একেবাৰে শেষ হৈ
যায়। কিমান লোকচান হৈ যায়। গতিকে পিতাই কয় চলোঁতে-ফুৰোঁতে পিতাক স্মৰণ কৰা।
স্বদৰ্শন চক্ৰ ঘূৰাই থাকা। আমি 84 জন্ম পূৰা কৰিছোঁ। এতিয়া ধামলৈ যাওঁ। ঘৰলৈ গৈ
পুনৰ আহি ৰাজত্ব কৰিম। তোমালোক ভাৱৰীয়া হোৱা নহয়। সেই চলচিত্ৰতো দুই আঢ়ৈ ঘণ্টা চলে।
এই বেহদৰ নাটক 5 হাজাৰ বছৰ চলে, ইয়াক মনুষ্যইহে জানিব পাৰে। এই জগতখন হৈছে কাঁইটৰ
জংঘল। ডাঙৰতকৈও ডাঙৰ কাঁইট হৈছে বিকাৰৰ, যিয়ে আদি-মধ্য-অন্ত দুখ দিয়ে। দ্বিতীয়
নম্বৰৰ কাঁইট হৈছে ক্ৰোধ। তাৰ চিহ্ন ৰূপে এই মহাভাৰতৰ যুদ্ধ চোৱা। কোনো কথাত ক্ৰোধ
উৎপন্ন হ’লে তেতিয়া তৎক্ষণাৎ বোমা পেলাবলৈ আৰম্ভ কৰি দিব। এতিয়াতো এনেকুৱা এনেকুৱা
বোমা তৈয়াৰ কৰিছে যে কথাই নুসুধিবা। সত্যযুগত কোনো যুদ্ধ আদি নহয়। সংগমতেই এই
মহাভাৰতৰ যুদ্ধ দেখুৱাইছে। অন্য কোনো শাস্ত্ৰত যুদ্ধৰ কথাই নাই। তাততো গোটেই বিশ্বৰ
তোমালোক মালিক হৈ থাকা। যুদ্ধৰ কথা থাকিব নোৱাৰে। শাস্ত্ৰত অসুৰ আৰু দেৱতাসকলৰ
যুদ্ধ দেখুৱাইছে। কিন্তু দেৱতাসকল হৈছে অহিংসক। তোমালোক যোগবলেৰে বিশ্বৰ মালিক হোৱা।
এয়া হৈছে শান্তিৰ শক্তি, ইয়াত তোমালোকে একো ক’ব নালাগে। স্মৃতিৰ বলেৰে তোমালোকে
বাবাৰ পৰা বিশ্বৰ বাদশ্বাহী লোৱা। পাৰ্থক্য চোৱা কিমান। বিজ্ঞানৰ বলেৰে বিনাশ হয়।
সেই বিজ্ঞানেৰে পুনৰ সত্যযুগত সুখ দেখিবলৈ পাবা। বিজ্ঞানেৰে উদ্ভাৱন কৰে, সেয়াতো
সুখৰ বাবে কৰে। এওঁলোকেও আহি কিছু জ্ঞান ল’ব। প্ৰদৰ্শনীততো সকলো আহে। আগলৈ গৈ সকলো
আহিব। তোমালোকৰ এই শান্তিৰ শক্তিৰ আৱাজ ওলাব।
তোমালোকে প্ৰশ্ন সোধা
- গীতাৰ ভগৱান কোন? এনেকৈ প্ৰশ্ন কোনেও সুধিব নোৱাৰে। য’ত এই প্ৰশ্ন লিখা তাৰ লগত
চিত্ৰও দিয়া। গীতাৰ ভগৱান পৰমপিতা পৰমাত্মা নে শ্ৰীকৃষ্ণ? যিয়ে পূৰা 84 জন্ম লয়।
পতিতৰ পৰা পাৱন কৰি তোলোঁতাজনতো পিতায়েই হয়। শ্ৰীকৃষ্ণৰ আত্মাইতো 84 জন্ম লৈ শ্যাম
বৰণীয়া হৈ গৈছে। তেওঁক বহি বুজায়, তুমি 84 জন্ম লৈছা। তোমালোকে নিজৰ জন্মক নাজানা।
ভাৱৰীয়াসকলে জানিব লাগে নহয় যে আমি 84 জন্ম কেনেকৈ লওঁ। সন্ন্যাসীসকলৰ ধৰ্মই বেলেগ।
ভাৰতবাসীয়ে নিজৰ ধৰ্মৰ বিষয়ে নজনাৰ বাবে অন্য অন্য ধৰ্মলৈ গৈ থাকে। কোনোবা গুৰুৰ
আশীৰ্বাদেৰে কোনোবাই ধন পাই গ’লে তেতিয়া তেওঁৰ পাছত লাগি ধৰে। পুনৰ দেউলীয়া হ’লে
তেতিয়া ক’ব ভগৱানৰ ইচ্ছা। সন্তান পালে বহুত আনন্দিত হ’ব। বাৰু 10-12 দিনৰ পাছত
সন্তানৰ মৃত্যু হ’লে ক’ব ঈশ্বৰৰ ইচ্ছা। এওঁক জীয়াই তোলাতো মোৰ হাতত নাই। বাবাই
এনেকুৱা অনেক উদাহৰণ দেখিছে। এনেকুৱা বহুত আছে। ইয়াততো পিতা বহি আছে। পিতাই
সন্তানসকলক বুজায় অতি মৰমৰ সন্তানসকল পৱিত্ৰ হোৱা। স্মৃতিত আছে, যেতিয়া বিৰাট
মহাভাৰতৰ যুদ্ধ লাগিছিল তেতিয়া দৌপদীয়ে আহ্বান জনাইছিল - বাবা মোক এই দুশাসনে নগ্ন
কৰে, মোক এওঁৰ পৰা ৰক্ষা কৰা। 5 হাজাৰ বছৰৰ কথা। এই অৱলাসকলৰ ওপৰত অত্যাচাৰ এই বিষৰ
(বিকাৰৰ) বাবেই হয়। বহুত স্ত্ৰীওতো এনেকুৱা যিসকলে বিষ অবিহনে থাকিব নোৱাৰে।
তেওঁলোকৰ নামো ৰখা হৈছে শূৰ্পনখা, পুতনা। যিসকলে বিষৰ বাবে আমনি কৰে তেওঁলোক হৈছে
কংস, জৰাসন্ধ, শিশুপাল… এই সকলো বিনাশ প্ৰাপ্ততো হ’বই। এই সময়ত হৈছে আসুৰিক,
ৰাৱণৰাজ্য পুনৰ ঈশ্বৰীয় ৰাজ্য হ’ব। এই গোটেই চক্ৰকতো তোমালোকে জানি গৈছা যে কেনেকৈ
84 জন্ম লয়। এইটো তেতিয়া পাহৰি যায় যেতিয়া বিকাৰগ্ৰস্ত হয়। বিকাৰত যাওঁতাসকলৰ
চেহেৰাই হালধীয়া হৈ পৰে। নিজেই বুজি পায় - এয়া মই কি কৰি পেলালোঁ। পিতাই কয় -
সন্তানসকল এই বিষয় বিকাৰৰ গাঁতত নপৰিবা। বিকাৰ তোমালোকক আদি-মধ্য-অন্ত দুখ দিওঁতা
হয়। বিকাৰগ্ৰস্ত নহ’বা। প্ৰতিজ্ঞা কৰা যে আমি বিকাৰগ্ৰস্ত কেতিয়াও নহওঁ। ভগৱানুবাচ
- কাম মহাশত্ৰু। প্ৰতিখন চিত্ৰতেই পোন প্ৰথমতে এইটো লিখা। জ্ঞান সাগৰ, পতিত-পাৱন
গীতা জ্ঞান দাতা শিৱ ভগৱানুবাচ। তেতিয়া শ্ৰীকৃষ্ণৰ নাম নাইকিয়া হৈ যাব। আমাক গীতাৰ
ভগৱানে বহি এয়া শুনায়। সেয়াই জ্ঞান আমি লওঁ। ভগৱানহে আহি নতুন সৃষ্টিৰ স্থাপনা কৰে
আৰু পুৰণি সৃষ্টিৰ বিনাশ হয়। ৰুদ্ৰ জ্ঞান যজ্ঞ হয় নহয়। প্ৰকৃততে হৈছে শিৱ। ৰুদ্ৰ
বাবা বুলি নক’ব। মুম্বাইত বাবুলনাথৰ মন্দিৰ আছে। এতিয়া বাবুল বুলি কোৱা হয় কাঁইটক।
বাবুলনাথ নাম কিয় ৰাখিছে? এয়া কোনেও বুজি নাপায়। চিত্ৰতো শিৱৰেই হয়। বাকীতো অনেক
নাম ৰাখি দিছে। শিৱবাবাহে আহি কাঁইটৰ জংঘলক ফুলৰ বাগিছা কৰি তোলে, তেৱেঁই তোমালোকৰ
বাবা। তেওঁৰ নাম হৈছে শিৱ। শিৱ পৰমাত্মায়ে নমঃ, ব্ৰাহ্মণ দেৱী-দেৱতায়ে নমঃ শব্দবোৰ
একেবাৰে স্পষ্ট। এতিয়া সেই পৰমপিতা পৰমাত্মাই বহি এই ৰথৰ দ্বাৰা বুজাই আছে। হুবহু
যেনেকৈ লৌকিক পিতাই বুজায় সন্তানসকল, মোৰ কুল কলংকিত নকৰিবা। কোনো বেয়া কাম নকৰিবা।
এই বাবায়ো কয় - সন্তানসকল বিকাৰগ্ৰস্ত কেতিয়াও নহ’বা। পৱিত্ৰ নোহোৱাকৈ স্বৰ্গত উচ্চ
পদ পাব নোৱাৰিবা। তোমালোকে বহুত শক্তিশালী উপাৰ্জন কৰি আছা। বাকী সকলোৱে হেৰুৱাই আছে।
যদিওবা কাৰোবাৰ ওচৰত পদম আছে। ডাঙৰ ডাঙৰ মহল নিৰ্মাণ কৰি আছে। লাখ লাখ টকা খৰচ কৰে।
তোমালোকে বুজি পোৱা সেই সকলোবোৰ সময়ৰ অপচয়। এইবোৰ কোনো কামত নাহিব, সকলো শেষ হৈ যাব।
তেওঁলোকেতো বুজে - 10-12 হাজাৰ বছৰ চলিব। তোমালোক সন্তানসকলে জানা মৃত্যুতো সমাগত,
শিৰৰ ওপৰত। অলপ সময়ৰ ভিতৰত এই ভূমিকম্প আদি হৈ সকলোবোৰ অস্থিৰ হৈ যাব। ভূমিকম্প
আদিত অগণন লোকৰ মৃত্যু হয়। এতিয়াতো বিনাশ হ’বই। বিনাশৰ সাক্ষাৎকাৰ আৰু স্থাপনাৰ
সাক্ষাৎকাৰ কৰিছা। সেয়া আকৌ এই দুচকুৰে দেখিবলৈ পাবা। ভক্তিমাৰ্গত কিমান কিছু কৰে,
কিন্তু কোনো বৈকুণ্ঠলৈ যাব নোৱাৰে। জ্ঞান অবিহনে সৎগতি পাব নোৱাৰে। এই সকলোবোৰ
ভক্তিমাৰ্গৰ পুতলা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা, সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কুল
কলংকিত কৰা কোনো বেয়া কাম কৰিব নালাগে। পৱিত্ৰ হ’বলৈ নিজে নিজৰ সৈতে প্ৰতিজ্ঞা কৰিব
লাগে।
(2) এতিয়া নিজৰ সময়,
ধন… অপচয় কৰিব নালাগে। ফুলৰ বাগিছালৈ যাবলৈ কাঁইট আতঁৰাই পেলাব লাগে।
বৰদান:
অলৌকিক খেল আৰু
খেলনাৰে খেলি সদায় শক্তিশালী হওঁতা অচল-অটল হোৱা
অলৌকিক জীৱনত মায়াৰ
বিঘিনি অহাটোও এটা খেল, যেনেকৈ শাৰীৰিক শক্তিৰ বাবে খেল-ধেমালি কৰোৱা হয়, তেনেকৈ
এই অলোকিক যুগত পৰিস্থিতিসমূহক খেলনা (খেলাৰ সামগ্ৰী) বুলি বুজি এই অলৌকিক খেল খেলা।
ইয়ালৈ ভয় নকৰিবা। সকলো সংকল্পৰ সৈতে নিজক বাপদাদাৰ প্ৰতি উছৰ্গিত কৰি দিয়া, তেতিয়া
মায়াই কেতিয়াও প্ৰহাৰ কৰিব নোৱাৰিব। সদায় অমৃতবেলা সাক্ষী হৈ নিজক সৰ্ব শক্তিৰে
অলংকৃত কৰা, তেতিয়া অচল-অটল হৈ থাকিবা।
স্লোগান:
কোনো সাংসাৰিক বাতৰি শুনা বা শুনোৱা—এয়াও নিজৰ ভিতৰত আৱৰ্জনা জমা কৰা।
অব্যক্ত ইংগিত:
অৱপৱিত্ৰ তাৰ বীজো সমাপ্ত কৰি সম্পূৰ্ণ স্বচ্ছ (পৱিত্ৰ ) হোৱা
বাপদাদাৰ মুখ্য আদেশ
হ'ল—নিৰন্তৰ স্মৃতিত থাকা আৰু মন, বাণী, কৰ্মৰে পৱিত্ৰ হোৱা। সংকল্পতো যাতে
অপৱিত্ৰতা বা অশুদ্ধতা নাথাকে - ইয়াক কোৱা হয় সম্পূৰ্ণ পৱিত্ৰ। সংকল্পতো যদি পুৰণা
অশুদ্ধ সংস্কাৰে স্পৰ্শ কৰে, ব্যৰ্থ সংকল্প চলে বা সপোন আহে, তেতিয়াও সম্পূৰ্ণ
পৱিত্ৰ বুলি কোৱা নহ'ব। সেয়েহে 'পৱিত্ৰ হোৱা' আৰু 'যোগী-হোৱা'ৰ প্ৰথমটো পাঠ
স্বৰূপত আনা, তেতিয়াহে পিতাৰ সমান আৰু পিতাৰ সমীপত অহাৰ অধিকাৰী হ'ব পাৰিবা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]