03.09.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকে কোনো পতিত দেহধাৰীৰ সৈতে প্ৰীতি ৰাখিব নালাগে কিয়নো তোমালোক পৱিত্ৰ
সৃষ্টিলৈ গৈ আছা, একমাত্ৰ পিতাৰ সৈতে প্ৰীতি ৰাখিব লাগে”
প্ৰশ্ন:
তোমালোক
সন্তানসকল কোনটো বস্তুক লৈ অশান্ত হ’ব নালাগে আৰু কিয়?
উত্তৰ:
তোমালোকে নিজৰ এই পুৰণি শৰীৰক লৈ অলপো অশান্ত হ’ব নালাগে কিয়নো এই শৰীৰ অতি
মূল্যৱান। আত্মাই এই শৰীৰত বহি পিতাক স্মৰণ কৰি বহুত ডাঙৰ লটাৰি লৈ আছে। পিতাৰ
স্মৃতিত থাকিলে তেতিয়া আনন্দৰ খোৰাক (পথ্য) পাই থাকিবা।
ওঁম্শান্তি।
মৰমৰ আত্মিক
সন্তানসকল, এতিয়া দূৰণিৰ দেশৰ নিবাসীসকল পুনৰ দূৰণিৰ দেশৰ যাত্ৰী হৈছা। আমি আত্মা
আৰু এতিয়া বহুত দূৰণিৰ দেশলৈ যোৱাৰ পুৰুষাৰ্থ কৰি আছোঁ। এয়া কেৱল তোমালোক সন্তানসকলে
জানা যে আমি আত্মাসকল দূৰণিৰ দেশৰ নিবাসী আৰু দূৰণিৰ দেশৰ নিবাসী পিতাকো মাতো যে
আপুনি আহি আমাকো সেই দূৰণিৰ দেশলৈ লৈ যাওঁক। এতিয়া দূৰণিৰ দেশৰ নিবাসী পিতাই
তোমালোক সন্তানসকলক তালৈ লৈ যায়। তোমালোক আত্মিক যাত্ৰী কিয়নো এই শৰীৰ সহিত আছা নহয়।
আত্মাইহে যাত্ৰা কৰিব। শৰীৰতো ইয়াতে এৰি দিব। বাকী আত্মাইহে যাত্ৰা কৰিব। আত্মা ক’লৈ
যাব? নিজৰ আত্মিক জগতলৈ। এইখন হ’ল পাৰ্থিৱ জগত, সেইখন হ’ল আত্মিক জগত। সন্তানসকলক
পিতাই বুজাইছে এতিয়া ঘৰলৈ উভতি যাব লাগে, য’ৰ পৰা ইয়ালৈ ভূমিকা পালন কৰিবলৈ আহিছা।
এইখন হৈছে বহুত ডাঙৰ মঞ্চ অথবা ‘ষ্টেজ’। মঞ্চত অভিনয় কৰি ভূমিকা পালন কৰি আকৌ সকলো
উভতি যাব লাগে। নাটক যেতিয়া সম্পূৰ্ণ হ’ব তেতিয়াইতো যাব নহয়। এতিয়া তোমালোক ইয়াত বহি
আছা, তোমালোকৰ বুদ্ধিৰ যোগসূত্ৰ ঘৰ আৰু ৰাজধানীৰ সৈতে আছে। এইটো দৃঢ়ভাৱে স্মৃতিত
ৰাখি লোৱা কিয়নো এনেকৈতো গায়নো আছে – অন্তিমৰ স্থিতি অনুসৰিয়ে গতি। এতিয়া ইয়াত
তোমালোকে পঢ়ি আছা, এইটো জানা যে ভগৱান শিৱবাবাই আমাক পঢ়ায়। ভগৱানেতো এই পুৰুষোত্তম
সংগমযুগৰ বাহিৰে আন সময়ত কেতিয়াও নপঢ়ায়। গোটেই 5 হাজাৰ বছৰত নিৰাকাৰ ভগৱান পিতা
এবাৰে আহি পঢ়ায়। তোমালোকৰ এইটো দৃঢ় নিশ্চয় আছে। পঢ়াও কিমান সহজ, এতিয়া ঘৰলৈ যাব লাগে।
সেই ঘৰৰ প্ৰতিতো গোটেই জগতৰে স্নেহ আছে। মুক্তিধামলৈ সকলোৱে যাবলৈতো বিচাৰে কিন্তু
তাৰো অৰ্থ বুজি নাপায়। মনুষ্যৰ বুদ্ধি এই সময়ত কেনেকুৱা আৰু তোমালোকৰ বুদ্ধি এতিয়া
কেনেকুৱা হৈছে, কিমান পাৰ্থক্য আছে। তোমালোকৰ হৈছে স্বচ্ছ বুদ্ধি, পুৰুষাৰ্থৰ ক্ৰম
অনুসৰি। গোটেই বিশ্বৰ আদি-মধ্য-অন্তৰ জ্ঞান তোমালোকৰ ভালদৰে আছে। তোমালোকৰ অন্তৰত
এয়া আছে যে আমি এতিয়া পুৰুষাৰ্থ কৰি নৰৰ পৰা নাৰায়ণ নিশ্চয় হ’ব লাগে। ইয়াৰ পৰাতো
প্ৰথমতে নিজৰ ঘৰলৈ যাবা নহয়। সেয়েহে আনন্দেৰে যাব লাগে। যেনেকৈ সত্যযুগত দেৱতাসকলে
আনন্দেৰে এটা শৰীৰ ত্যাগ কৰি আন এটা লয়, তেনেকৈ এই পুৰণি শৰীৰো আনন্দেৰে ত্যাগ কৰিব
লাগে। ইয়াক লৈ অশান্ত হ’ব নালাগে কিয়নো এই শৰীৰ বহুত মূল্যৱান। এই শৰীৰৰ দ্বাৰাহে
আত্মাই পিতাৰ পৰা লটাৰি লাভ কৰে। আমি যেতিয়ালৈকে পৱিত্ৰ নহওঁ তেতিয়ালৈকে ঘৰলৈ যাব
নোৱাৰিম। পিতাক স্মৰণ কৰি থাকিলে তেতিয়াহে সেই যোগবলৰ দ্বাৰা পাপৰ বোজা আঁতৰিব।
নহ’লে বহুত শাস্তি খাব লাগিব। পৱিত্ৰতো নিশ্চয় হ’ব লাগে। লৌকিক সম্বন্ধতো সন্তানসকলে
কিবা বেয়া পতিত কাম কৰিলে তেতিয়া পিতাই ক্ৰোধান্বিত হৈ লাঠিৰেও মাৰি দিয়ে কিয়নো
নিয়মৰ বিৰুদ্ধে গৈ পতিত হৈ যায়। কাৰোবাৰ প্ৰতি নিয়মৰ বিৰুদ্ধে মৰম ৰাখিলেও মা-পিতাৰ
ভাল নালাগে। এই বেহদৰ পিতাই আকৌ কয় – তোমালোক সন্তানসকল ইয়াততো থাকিব নালাগে। এতিয়া
তোমালোক নতুন সৃষ্টিলৈ যাব লাগে। তাত বিকাৰী পতিত কোনো নাথাকে। এজনে পতিত-পাৱন পিতা
আহি তোমালোকক এনেকুৱা (লক্ষ্মী-নাৰায়ণৰ) দৰে পৱিত্ৰ কৰি তোলে। পিতাই নিজেই কয় –
আমাৰ জন্ম দিব্য আৰু অলৌকিক, আন কোনো আত্মাই মোৰ নিচিনাকৈ শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে।
যিসকল ধৰ্মপ্ৰতিষ্ঠাপক আহে তেওঁলোকৰ আত্মাও প্ৰৱেশ কৰে কিন্তু সেইটো কথা বেলেগ। মইতো
সকলোকে উভতাই লৈ যাবলৈ আহোঁ। তেওঁলোকতো ওপৰৰ পৰা তললৈ নিজৰ ভূমিকা পালন কৰিবলৈ আহে।
মইতো সকলোকে লৈ যাওঁ আকৌ কওঁ যে তোমালোকে কেনেকৈ প্ৰথমে নতুন সৃষ্টিত পদাৰ্পণ কৰিবা।
সেই নতুন সৃষ্টি সত্যযুগত কোনো বগলী (বিকাৰী) নাথাকে। পিতাতো আহেই বগলীৰ মাজলৈ। আকৌ
তোমালোকক হংস কৰি তোলে। এতিয়া তোমালোক হংস হৈছা, মুকুতাহে বোটলিব লাগে। সত্যযুগত
তোমালোকে এই ৰত্ন নাপাবা। ইয়াত তোমালোকে এই জ্ঞান ৰত্ন বোটলি হংস হোৱা। তোমালোক
বগলীৰ পৰা কেনেকৈ হংস হোৱা, এয়া পিতাই বহি বুজায়। এতিয়া তোমালোকক হংস কৰি তোলে।
দেৱতাসকলক হংস, অসুৰসকলক বগলী বুলি কোৱা হ’ব। এতিয়া তোমালোকে আৱৰ্জনা এৰি মুকুতা
বোটলা।
তোমালোককে পদ্মাপদম
ভাগ্যশালী বুলি কোৱা হয়। তোমালোকৰ ভৰিত পদমৰ ছাপ লাগি যায়। শিৱবাবাৰতো ভৰি নাই যে
পদম হ’ব পাৰে। তেওঁতো তোমালোকক পদ্মাপদম ভাগ্যশালী কৰি তোলে। পিতাই কয় – মই
তোমালোকক বিশ্বৰ মালিক কৰি তুলিবলৈ আহিছোঁ। এই সকলোবোৰ ভালদৰে বুজিবলগীয়া কথা।
মনুষ্যই এয়াতো বুজি পায় যে স্বৰ্গ আছিল। কিন্তু কেতিয়া আছিল, আকৌ কেনেকৈ হ’ব, এইটো
নাজানে। তোমালোক সন্তানসকল এতিয়া আলোকত আহিছা। আন সকলো অন্ধকাৰত আছে। এই
লক্ষ্মী-নাৰায়ণ বিশ্বৰ মালিক কেতিয়া, কেনেকৈ হ’ল, সেয়া নাজানেই। 5 হাজাৰ বছৰৰ কথা।
পিতাই বহি বুজায় – যেনেকৈ তোমালোক ভূমিকা পালন কৰিবলৈ আহা, তেনেকৈ ময়ো আহোঁ।
তোমালোকে নিমন্ত্ৰণ দি মাতা – হে বাবা, আপুনি আহি আমাক পতিতসকলক পাৱন কৰি তোলক। আন
কাকো কেতিয়াও এনেকৈ নকয়, নিজৰ ধৰ্ম প্ৰতিষ্ঠাপকজনকো এনেকৈ নক’ব যে আহি সকলোকে পাৱন
কৰি তোলক। যীশুখ্ৰীষ্ট অথবা বুদ্ধক জানো পতিত-পাৱন বুলি ক’ব। গুৰু সেইজন যিয়ে সৎগতি
কৰে। তেওঁলোকতো আহে, তেওঁলোকৰ পিছে পিছে সকলো তললৈ নামিব লাগে। ইয়াৰ পৰা উভতি যোৱাৰ
মাৰ্গ-দৰ্শন কৰোঁতা, সকলোৰে সৎগতি কৰোঁতা অকালমূৰ্ত এজন পিতাই হয়। বাস্তৱত ‘সৎগুৰু’
শব্দটি সঠিক। তথাপিও তোমালোকতকৈও শুদ্ধ শব্দ শিখসকলে কয়। অতি উচ্চ স্বৰত কয় – সৎগুৰু
অকাল। বহুত জোৰেৰে চিঞৰে, সৎগুৰু অকালমূৰ্ত বুলি কয়। ৰূপেই যদি নাথাকে তেনেহ’লে তেওঁ
আকৌ সৎগুৰু কেনেকৈ হ’ব, সৎগতি কেনেকৈ কৰিব? সেই সৎগুৰু নিজে আহি নিজৰ পৰিচয় দিয়ে –
মই তোমালোকৰ নিচিনাকৈ জন্ম নলওঁ। বাকীতো সকলো শৰীৰধাৰীয়ে বহি শুনায়। তোমালোকক অশৰীৰী
আত্মিক পিতাই বহি বুজায়। দিন-ৰাতিৰ পাৰ্থক্য আছে। এই সময়ত মনুষ্যই যি কৰে সেয়া
ভুলেই কৰে কিয়নো ৰাৱণৰ মতত আছে নহয়। প্ৰত্যেকৰে 5 বিকাৰ আছে। এতিয়া হৈছে ৰাৱণৰাজ্য,
এই কথাবোৰ পিতাই বহি বিতংকৈ বুজায়। নহ’লেতো গোটেই সৃষ্টি চক্ৰৰ বিষয়ে কেনেকৈ জানিব।
এই চক্ৰ কেনেকৈ ঘূৰি থাকে, জানিব নালাগে জানো। এনেকৈও তোমালোকে নোকোৱা যে বাবা
বুজাওঁক। পিতাই নিজেই বুজাই থাকে। তোমালোকে সুধিবলৈ এটাও প্ৰশ্ন নাথাকে। ভগৱানতো
পিতা হয়। পিতাৰ কাম হৈছে, সকলো নিজেই শুনোৱা, নিজেই সকলো কৰা। সন্তানসকলক স্কুলত
পিতাই নিজেই বহুৱায়। চাকৰি কৰিবলৈ লগাই দিয়ে আকৌ তেওঁলোকক কয় – 60 বছৰৰ পাছত এই সকলো
এৰি ভগৱানৰ ভজন কৰিবা, বেদ-শাস্ত্ৰ আদি পঢ়িবা, পূজা কৰিবা। তোমালোক আধাকল্প পূজাৰী
হ’লা আকৌ আধাকল্পৰ বাবে পূজ্য হোৱা। পৱিত্ৰ কেনেকৈ হ’বা, তাৰ বাবে কিমান সহজকৈ
বুজোৱা হয়। পাছত ভক্তি একেবাৰে আঁতৰি যায়। তেওঁলোক সকলোৱে ভক্তি কৰি আছে, তোমালোকে
জ্ঞান লৈ আছা। তেওঁলোক অন্ধকাৰত আছে, তোমালোক দিনলৈ অৰ্থাৎ স্বৰ্গলৈ যোৱা। ‘গীতা’ত
লিখা আছে ‘মনমনাভৱ’, এইটো বহুলভাৱে প্ৰচলিত শব্দ। ‘গীতা’ পঢ়াসকলে বুজিব পাৰে, বহুত
সহজকৈ লিখা আছে। গোটেই জীৱনতো ‘গীতা’ পঢ়ি আহিছে, একোৱেই নুবুজে। এতিয়া সেই
‘গীতা’ৰেই ভগৱানে বহি শিকায় তেতিয়া পতিতৰ পৰা পাৱন হৈ যায়। এতিয়া আমি ভগৱানৰ পৰা
‘গীতা’ শুনোঁ আকৌ আনক শুনাওঁ, পৱিত্ৰ হওঁ।
পিতাৰ মহাবাক্য নহয়
জানো – এয়া সেই সহজ ৰাজযোগেই হয়। মনুষ্য কিমান অন্ধশ্ৰদ্ধাত ডুব গৈ আছে, তোমালোকৰতো
কথাই নুশুনে। ড্ৰামা অনুসৰি তেওঁলোকৰো যেতিয়া ভাগ্য উদয় হ’ব তেতিয়াহে তোমালোকৰ ওচৰলৈ
আহিব পাৰিব। তোমালোকৰ নিচিনা ভাগ্য আন কোনো ধৰ্মাৱলম্বীৰে নাই। পিতাই বুজাইছে –
তোমালোকৰ এই দেৱী-দেৱতা ধৰ্ম বহুত সুখ দিওঁতা হয়। তোমালোকেও বুজি পোৱা – পিতাই ঠিকে
কয়। শাস্ত্ৰততো তাতো (সত্যযুগত) কংস-ৰাৱণ আদি থকা বুলি দেখুৱাইছে। তাৰ সুখৰ বিষয়েতো
কোনেও নাজানে। যদিও দেৱতাসকলক পূজা কৰে কিন্তু বুদ্ধিত একো ধাৰণ নহয়। এতিয়া পিতাই
কয় – সন্তানসকল, মোক স্মৰণ কৰানে? এনেকুৱা কথা কেতিয়াবা শুনিছানে যে পিতাই
সন্তানসকলক কয় যে মোক স্মৰণ কৰা। লৌকিক পিতাই কেতিয়াবা এনেকৈ স্মৰণ কৰাবলৈ
পুৰুষাৰ্থ কৰায় জানো? এয়া বেহদৰ পিতাই বহি বুজায়। তোমালোকে গোটেই বিশ্বৰ
আদি-মধ্য-অন্তক জানি চক্ৰৱৰ্তী ৰজা হৈ যাবাগৈ। প্ৰথমতে তোমালোক ঘৰলৈ যাবা। পুনৰ
ভাৱৰীয়া হৈ আহিব লাগে। এতিয়া কোনেও এইটো নাজানিব যে এয়া নতুন আত্মা নে পুৰণি আত্মা।
নতুন আত্মাৰ নাম নিশ্চয় প্ৰসিদ্ধ হয়। এতিয়াও চোৱা কিছুমানৰ নাম কিমান প্ৰসিদ্ধ হৈ
যায়। অনেক মনুষ্য আহি যায়। বহি বহি অনায়াসে আহি যায়। সেয়েহে সেই প্ৰভাৱ পৰে। বাবাও
এওঁৰ শৰীৰত অনায়াসে আহে সেয়েহে তাৰ প্ৰভাৱ পৰে। সেয়াও নতুন আত্মা আহিলে তেতিয়া
পুৰণিসকলৰ ওপৰত প্ৰভাৱ পৰে। ঠাল-ঠেঙুলি ওলাই গৈ থাকে সেয়েহে তেওঁলোকৰ মহিমা হয়।
কোনেও গম নাপায় যে এওঁলোকৰ নাম ইমান প্ৰসিদ্ধ কিয় হয়? নতুন আত্মা হোৱা বাবে আকৰ্ষিত
কৰে। এতিয়াতো চোৱা কিমান মিছা ভগৱান হৈ গৈছে, সেইবাবে গায়ন আছে – সত্যৰ নাও
টুলুংভুটুং কৰিব কিন্তু নুডুবে। ধুমুহা বহুত আহে, কিয়নো ভগৱান নাৱৰীয়া হয়।
সন্তানসকলো অস্থিৰ হয়, নাওত ধুমুহা বহুত লাগে। অন্য সৎসংগলৈতো বহুত যায় কিন্তু তাত
কেতিয়াও ধুমুহা আদিৰ কথা নাহে। ইয়াত অবলাসকলৰ ওপৰত কিমান অত্যাচাৰ হয় তথাপিও
স্থাপনাতো হ’বই। পিতাই বহি বুজায় – হে আত্মাসকল, তোমালোক কিমান জংঘলী কাঁইট হৈ গৈছা,
আনক কাঁইট হৈ বিন্ধা (দুখ দিয়া) সেয়েহে তোমালোককো কাঁইটে বিন্ধে। সঁহাৰিতো প্ৰতিটো
কথাৰে পোৱা যায়। তাত দুখৰ ছিঃ ছিঃ কথা একো নাথাকে সেইবাবে তাক স্বৰ্গ বুলি কোৱা হয়।
মনুষ্যই স্বৰ্গ আৰু নৰক বুলি কয় কিন্তু বুজি নাপায়। তেওঁলোকে কয় – অমুক স্বৰ্গলৈ
গ’ল, প্ৰকৃততে এনেকৈ কোৱাটোও ভুল। নিৰাকাৰী সৃষ্টিক স্বৰ্গ বুলি কোৱা নহয়। সেয়া হ’ল
মুক্তিধাম। এওঁলোকে আকৌ কয় – স্বৰ্গলৈ গ’ল।
এতিয়া তোমালোকে জানা
– এই মুক্তিধাম হৈছে আত্মাসকলৰ ঘৰ। যেনেকৈ ইয়াত ঘৰ থাকে। ভক্তিমাৰ্গত যি বহুত ধনৱান,
তেওঁলোকে কিমান উচ্চ মন্দিৰ নিৰ্মাণ কৰায়। শিৱৰ মন্দিৰ চোৱা কেনেকৈ নিৰ্মাণ কৰা হৈছে।
লক্ষ্মী-নাৰায়ণৰো মন্দিৰ নিৰ্মাণ কৰে তাত কিমান আচল অলংকাৰ আদি ৰাখে। বহুত ধন থাকে।
এতিয়াতো নকল হৈ গৈছে। তোমালোকেও আগতে কিমান আচল অলংকাৰ পিন্ধিছিলা। এতিয়াতো চৰকাৰৰ
ভয়ত আচল লুকাই ৰাখি নকল পিন্ধি থাকে। তাততো (সত্যযুগত) সকলো আচল। মিছা বা নকল
একোৱেই নাথাকে। ইয়াত আচল থকা সত্বেও লুকুৱাই ৰাখে। দিনে-প্ৰতিদিনে সোণৰ দাম বাঢ়ি গৈ
থাকে। তাততো হয়েই স্বৰ্গ। তোমালোকে সকলো নতুন পাবা। নতুন সৃষ্টিত সকলো নতুন। প্ৰচুৰ
ধন আছিল। এতিয়াতো চোৱা প্ৰতিটো বস্তুৰে কিমান দাম হৈ গৈছে। এতিয়া তোমালোক
সন্তানসকলক মূলবতনকে ধৰি সকলো ৰহস্য বুজোৱা হৈছে। মূলবতনৰ ৰহস্য পিতাৰ বাহিৰে আন
কোনে বুজাব। তোমালোক শিক্ষক হ’ব লাগে। গৃহস্থালিত অৱশ্যে থাকা কিন্তু পদুম ফুলৰ
সমান পৱিত্ৰ হৈ থাকা। আনকো নিজৰ সমান কৰি গঢ়ি তুলিলে তেতিয়া বহুত উচ্চ পদ পাব পাৰিবা।
ইয়াত থকাসকলতকৈও তেওঁলোকে উচ্চ পদ পাব পাৰে। ক্ৰমানুসৰিতো হয়েই, বাহিৰত থাকিও বিজয়
মালাত আহিব পাৰা। সাপ্তাহিক পাঠ্যক্ৰম কৰি লৈ পাছত বিলাতলৈকে যোৱা বা আন ক’ৰবালৈকে
যোৱা। গোটেই জগতেও বাৰ্তা পাব লাগে। পিতা আহিছে, তেওঁ কেৱল কয় – মামেকম্ (কেৱল মোক)
স্মৰণ কৰা। সেই পিতাই হৈছে মুক্তিদাতা, মাৰ্গ-দৰ্শক। যদি তোমালোক তালৈ যোৱা তেন্তে
বাতৰিকাকতৰ দ্বাৰাও বহুত নাম প্ৰসিদ্ধ হৈ যাব। অন্যৰ কাৰণেও এইটো বহুত সহজ কথা যেন
লাগিব – আত্মা আৰু শৰীৰ দুটা বস্তু। আত্মাতে মন-বুদ্ধি আছে, শৰীৰতো হৈছে জড়। ভূমিকা
পালন কৰোঁতা আত্মাহে হয়। বৈশিষ্টসম্পন্ন বস্তু আত্মাৰহে সেয়েহে এতিয়া পিতাক স্মৰণ
কৰিব লাগে। ইয়াত থকাসকলে ইমান স্মৰণ নকৰে, যিমান বাহিৰত থকাসকলে কৰে। যিসকলে বহুত
স্মৰণ কৰে আৰু নিজৰ সমান কৰি গঢ়ি তোলে, কাঁইটক ফুল কৰি তোলে, তেওঁলোকে উচ্চ পদ পায়।
তোমালোকে বুজিছা প্ৰথমতে আমিও কাঁইট আছিলোঁ। এতিয়া পিতাই অধ্যাদেশ জাৰি কৰিছে – কাম
হৈছে মহাশত্ৰু, ইয়াৰ ওপৰত বিজয়ী হ’লে তোমালোক জগতজিৎ হৈ যাবা। কিন্তু লিখনিৰ পৰা
জানো কোনোবাই বুজি পায়। এতিয়া পিতাই বুজাইছে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় জ্ঞান ৰত্ন বোটলা হংস হ’ব লাগে, মুকুতাহে বোটলিব লাগে। আৱৰ্জনা ত্যাগ কৰিব
লাগে। প্ৰতিটো খোজত পদমৰ উপাৰ্জন কৰি পদ্মাপদম ভাগ্যশালী হ’ব লাগে।
(2) উচ্চ পদ পাবলৈ
শিক্ষক হৈ বহুতৰে সেৱা কৰিব লাগে, পদুম ফুলৰ দৰে পৱিত্ৰ হৈ থাকি নিজৰ সমান কৰি গঢ়ি
তুলিব লাগে। কাঁইটক ফুল কৰি তুলিব লাগে।
বৰদান:
“তোমাৰ মোৰ”ৰ
অস্থিৰতা সমাপ্ত কৰি দয়াৰ ভাৱনা জাগ্ৰত কৰি তোলোঁতা দয়াময় হোৱা
সময়ে সময়ে কিমান আত্মা
দুখৰ লহৰত আহে। প্ৰকৃতি অলপ অস্থিৰ হ’লে, প্ৰাকৃতিক দুৰ্যোগ আহিলে অনেক আত্মাই
ধৰফৰায়, দয়া, কৰুণা ভিক্ষা কৰে। গতিকে এনেকুৱা আত্মাসকলৰ কাতৰোক্তি শুনি দয়াৰ ভাৱনা
জাগ্ৰত কৰা। দয়ময় পূজ্য স্বৰূপ ধাৰণ কৰা। নিজক সম্পন্ন কৰি লোৱা তেতিয়া এই দুখৰ
সৃষ্টি সমাপ্ত হৈ যাব। এতিয়া পৰিৱৰ্তনৰ শুভ ভাৱনাৰ লহৰ তীব্ৰগতিৰে বিয়পাই দিয়া
তেতিয়া “তোমাৰ মোৰ”ৰ অস্থিৰতা সমাপ্ত হৈ যাব।
স্লোগান:
ব্যৰ্থ সংকল্পৰ হাতুৰীৰে সমস্যা ৰূপী পাথৰ ভঙাৰ পৰিৱৰ্তে উচ্চলৈ জপিয়াই সমস্যা ৰূপী
পাহাৰ অতিক্ৰম কৰোঁতা হোৱা।
প্ৰীতি বুদ্ধিৰ হৈ
বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:
তোমালোক হৈছা ‘দাতা’ৰ
সন্তান মাষ্টৰ দাতা। দাতা অৰ্থাৎ সম্পন্ন। এনেকুৱা সম্পন্ন আত্মা সদায় “ইচ্ছা
মাত্ৰম অবিদ্যা”ৰ স্থিতিত থাকে, তেওঁলোকৰ সূক্ষ্ম ৰূপতে হওঁক বা স্থূল ৰূপতে হওঁক
লোৱাৰ ইচ্ছা নাথাকে। কোনো অপ্ৰাপ্তিৰ অনুভৱ নহয় যাৰ বাবে লোৱাৰ ইচ্ছা জাগিব।
তেওঁলোক সৰ্ব প্ৰাপ্তি সম্পন্ন হয়। প্ৰাপ্তি সম্পন্নজনেহে আনৰো প্ৰাপ্তি কৰাব পাৰে।