03.09.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকক সঁচা যাত্ৰা শিকাবলৈ সত্য পাণ্ডা আহিছে, তোমালোকৰ যাত্ৰাত মুখ্য হৈছে পৱিত্ৰতা, স্মৰণ কৰা আৰু পৱিত্ৰ হোৱা”

প্ৰশ্ন:
তোমালোক বাৰ্তাবাহক বা পয়গম্বৰৰ সন্তানসকলে কোনটো এটা কথাৰ বাহিৰে অন্য কোনো কথাত তৰ্ক কৰিব নালাগে?

উত্তৰ:
তোমালোক বাৰ্তাবাহকৰ সন্তানসকলে সকলোকে এইটো বাৰ্তা দিয়া যে নিজক আত্মা বুলি বুজক আৰু পিতাক স্মৰণ কৰক তেতিয়া এই যোগ অগ্নিৰ দ্বাৰা আপোনালোকৰ বিকৰ্ম বিনাশ হ’ব। এইটোৱে চিন্তা ৰাখা, বাকী অন্য কথাত গৈ কোনো লাভ নাই। তোমালোকে কেৱল সকলোকে পিতাৰ পৰিচয় দিব লাগে, যাৰ দ্বাৰা তেওঁলোক আস্তিক হয়। যেতিয়া ৰচয়িতা পিতাক বুজি পাব তেতিয়া ৰচনাক বুজাতো সহজ হৈ যাব।

গীত:
হামাৰ তীৰ্থ ন্যাৰা হে …… (আমাৰ তীৰ্থ অনন্য……)

ওঁম্শান্তি।
অতি মৰমৰ আত্মিক সন্তানসকলে জানে যে আমি সঁচা হৈছোঁ তীৰ্থবাসী। সঁচা পাণ্ডা আৰু আমি যিসকল তেওঁৰ সন্তান তেওঁলোকো সঁচা তীৰ্থলৈ গৈ আছে। এয়া হৈছে মিছা খণ্ড অথবা পতিত খণ্ড। এতিয়া সঁচা খণ্ড বা পৱিত্ৰ খণ্ডলৈ গৈ আছোঁ। মনুষ্যই যাত্ৰা কৰিবলৈ যায় নহয়। কোনো কোনো বিশেষ যাত্ৰা ওলায়, য’লৈ যিকোনো লোকে যিকোনো সময়তে যাব পাৰে। এয়াও যাত্ৰা, ইয়ালৈ তেতিয়া যাবলগীয়া হয় যেতিয়া সত্য পাণ্ডা নিজে আহে। তেওঁ আহে কল্প কল্পৰ সংগমত। ইয়াত ঠাণ্ডা বা গৰমৰ কথা নাই। ঠেকা-খুণ্ডা খোৱাৰো কথা নাই। এয়াতো হ’ল স্মৃতিৰ যাত্ৰা। সেই যাত্ৰাত সন্ন্যাসীও যায়। সঁচা যাত্ৰা কৰোঁতা যিসকল থাকে তেওঁলোক পৱিত্ৰ হৈ থাকে। তোমালোকৰ সকলো যাত্ৰাত আছা। তোমালোক হৈছা ব্ৰাহ্মণ। সঁচা ব্ৰহ্মাকুমাৰ-কুমাৰী কোন হয়? যি কেতিয়াও বিকাৰগ্ৰস্ত নহয়। পুৰুষাৰ্থীতো নিশ্চয় হয়। মনত সংকল্প আহিবও পাৰে, মুখ্য হৈছে বিকাৰৰ কথা। কোনোৱে সোধে নিৰ্বিকাৰী ব্ৰাহ্মণ আপোনালোকৰ ওচৰত কিমান আছে? ক’বা, এইটো সোধাৰ প্ৰয়োজন নাই। এই কথাবোৰেৰে আপোনাৰ কি পেট ভৰিব। আপুনিও যাত্ৰী হওঁক। যাত্ৰা কৰোঁতা কিমান আছে, এইটো সুধি একো লাভ নাই। ব্ৰাহ্মণতো কোনোবা সঁচাও আছে, কোনো মিছাও আছে। আজি সঁচা, কাইলৈ মিছা হৈ যায়। বিকাৰগ্ৰস্ত হ’লে তেতিয়া ব্ৰাহ্মণ হৈ নাথাকিল। আকৌ যি শূদ্ৰ আছিল শূদ্ৰ হৈয়ে গ’ল। আজি প্ৰতিজ্ঞা কৰি কাইলৈ বিকাৰগ্ৰস্ত হৈ অধঃপতিত হৈ অসুৰ হৈ যায়। এতিয়া এই কথাবোৰ কিমানলৈকে বহি বুজাবা। ইয়াৰে পেটতো নভৰিব নতুবা মুখো মিঠা নহ’ব। ইয়াত আমি পিতাক স্মৰণ কৰোঁ আৰু পিতাৰ ৰচনাৰ আদি-মধ্য-অন্তক জানোঁ। বাকী অন্য কথাত একো নাই। ক’বা, ইয়াত পিতাক স্মৰণ কৰিবলৈ শিকোৱা হয় আৰু পৱিত্ৰতা হ’ল মুখ্য। যি আজি পৱিত্ৰ হৈ আকৌ অপৱিত্ৰ হৈ যায়, তেন্তে তেওঁ ব্ৰাহ্মণ হৈয়ে নাথাকিল। সেই হিচাপ কিমানলৈকে বহি তোমালোকক শুনাম। এনেকৈতো বহুত অধঃপতিত হয় মায়াৰ ধুমুহাত, সেইকাৰণে ব্ৰাহ্মণৰ মালা গাঁঠিব নোৱাৰি। আমিতো পয়গম্বৰৰ সংবাদ দিওঁ, বাৰ্তাবাহকৰ সন্তান বাৰ্তা দিওঁ। নিজক আত্মা বুলি বুজক আৰু পিতাক স্মৰণ কৰক তেতিয়া এই যোগ অগ্নিৰে বিকৰ্ম বিনাশ হ’ব। এইটো চিন্তা ৰাখা। বাকী প্ৰশ্নতো মনুষ্যই অনেক সুধিব। একমাত্ৰ পিতাৰ বাহিৰে আৰু অন্য কোনো কথাত গ’লে একো লাভেই নাই। ইয়াততো এইটো জানিব লাগে যে নাস্তিকৰ পৰা আস্তিক, অনাথৰ পৰা সনাথ কেনেকৈ হ’ব পাৰি, যাতে প্ৰভুৰ পৰা উত্তৰাধিকাৰ পাব পাৰি - এইটো সোধক। বাকীতো সকলো পুৰুষাৰ্থী। বিকাৰৰ কথাতেই বহুত অকৃতকাৰ্য হয়। বহুত দিনৰ মুৰত স্ত্ৰীক দেখিলে তেতিয়া কথাই নুসুধিবা। কিছুমানৰ মদ্যপান কৰাৰ অভ্যাস থাকে, তীৰ্থলৈ গ’লে যাৰ মদ্যপান কৰাৰ অথবা বিড়ি হোঁপাৰ অভ্যাস আছে তেওঁলোক তাৰ অবিহনে থাকিব নোৱাৰে। লুকুৱাইও পান কৰে। কিনো কৰিব পাৰে। বহুত আছে যিয়ে সঁচা কথা নকয়। লুকুৱাই থয়।

বাবাই সন্তানসকলক যুক্তি শুনায় যে কেনেকৈ যুক্তিৰে উত্তৰ দিব লাগে। এজন পিতাৰে পৰিচয় দিব লাগে যাৰ পৰা মনুষ্য আস্তিক হ’ব। প্ৰথমে যেতিয়ালৈকে পিতাক জনা নাই তেতিয়ালৈকে কোনো প্ৰশ্ন সোধাতো অবান্তৰ। এনেকুৱা বহুত আহে, বুজি একোৱে নাপায়। মাত্ৰ শুনি থাকে, লাভ একো নহয়। বাবালৈ লিখে হাজাৰ দুই হাজাৰ আহিল তাৰ মাজত দুই-এজন বুজিবলৈ আহি থাকে। অমুক অমুক ডাঙৰ ব্যক্তি আহি থাকে, মই বুজি পাওঁ, তেওঁ যি পৰিচয় পাব লাগিছিল সেয়া পোৱা নাই। পূৰা পৰিচয় পালে তেতিয়া বুজিব এওঁলোকেতো ঠিক কথা কয়, আমাৰ অৰ্থাৎ আত্মাসকলৰ পিতা পৰমপিতা পৰমাত্মা, তেওঁ পঢ়ায়। তেওঁ কয় যে নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা। এই অন্তিম জন্ম পৱিত্ৰ হোৱা। যিসকল পৱিত্ৰ হৈ নাথাকে তেওঁলোক ব্ৰাহ্মণ নহয়, শূদ্ৰ। যুদ্ধক্ষেত্ৰ হয়। বৃক্ষ বাঢ়ি থাকিব আৰু ধুমুহাও আহিব। বহুত পাত সৰি থাকিব। কোনে বহি হিচাপ কৰিব যে সঁচা ব্ৰাহ্মণ কোন? সঁচা সেইজনেই যি কেতিয়াও শূদ্ৰ নহয়। অলপো দৃষ্টি নাযায়। অন্তত কৰ্মাতীত অৱস্থা হয়। লক্ষ্য বৰ উচ্চ। মনলৈও যাতে নাহে, সেইটো অৱস্থা অন্তত হ’বগৈ। এই সময়ত এজনৰো এইটো অৱস্থা হোৱা নাই। এই সময়ত সকলো পুৰুষাৰ্থী। তল-ওপৰ হৈ থাকে। মুখ্য হৈছে এই দুচকুৰ কথা। মই আত্মা, এই শৰীৰেৰে ভূমিকা পালন কৰোঁ - এইটো দৃঢ় অভ্যাস হ’ব লাগে। যেতিয়ালৈকে ৰাৱণৰাজ্য আছে, তেতিয়ালৈকে যুদ্ধ চলি থাকিব। অন্তত গৈ কৰ্মাতীত অৱস্থা হ’ব। আগলৈ তোমালোকৰ অনুভৱ হ’ব, বুজি গৈ থাকিবা। এতিয়াতো বৃক্ষ বহুত সৰু, ধুমুহা আহে, পাত সৰি পৰে। যি কেঁচা তেওঁ সৰি পৰে। প্ৰত্যেকেই নিজকে সুধিব লাগে - মোৰ অৱস্থা কিমান ভাল? বাকী যি প্ৰশ্ন সুধি থাকে সেইবোৰ কথাত অধিক যাব নালাগে। ক’বা, আমি পিতাৰ শ্ৰীমতত চলি আছোঁ। সেই বেহদৰ পিতা আহি বেহদৰ সুখ দিয়ে অথবা নতুন সৃষ্টি স্থাপনা কৰে। তাত সুখেই হয়। য’ত মনুষ্য বাস কৰে তাকেই সৃষ্টি বুলি কোৱা হয়। নিৰাকাৰী জগতত আত্মাসকল আছে নহয়। এইটো কাৰো বুদ্ধিত নাই যে আত্মা কেনেকুৱা বিন্দু। এইটোও প্ৰথমে কোনো নতুনক বুজাব নালাগে। পোন প্ৰথমেতো বুজাব লাগে- বেহদৰ পিতাই বেহদৰ উত্তৰাধিকাৰ দিয়ে। ভাৰত পাৱন আছিল, এতিয়া পতিত। কলিযুগৰ পাছত আকৌ সত্যযুগ আহিব। বি.কে.ৰ বাহিৰে অন্য কোনেও বুজাব নোৱাৰে। এয়া হ’ল নতুন ৰচনা। পিতাই পঢ়াই আছে- এই বুজনি বুদ্ধিত ৰাখিব লাগে। কোনো জটিল কথা নহয়, কিন্তু মায়াই পাহৰাই দিয়ে, বিকৰ্ম কৰাই দিয়ে। আধাকল্পৰ পৰা বিকৰ্ম কৰাৰ অভ্যাস হৈ আছে। সেই সকলো আসুৰিক অভ্যাস নাইকিয়া কৰিব লাগে। বাবাই নিজেই কয় - সকলো পুৰুষাৰ্থী। কৰ্মাতীত অৱস্থা পাবলৈ বহুত সময় লাগে। ব্ৰাহ্মণ কেতিয়াও বিকাৰগ্ৰস্ত নহয়। যুদ্ধক্ষেত্ৰত আগবাঢ়ি গৈ গৈ হাৰি যায়। এই প্ৰশ্নবোৰৰ পৰা একো লাভ নহয়। প্ৰথমে নিজৰ পিতাক স্মৰণ কৰক। আমাক শিৱবাবাই কল্প পূৰ্বৰ নিচিনাকৈ আজ্ঞা দিছে যে নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা। এয়া সেয়াই যুদ্ধ। পিতা এজনেই, শ্ৰীকৃষ্ণক পিতা বুলি কোৱা নহয়। শ্ৰীকৃষ্ণৰ নাম দি দিছে। ভুলৰ শুধৰণি কৰোঁতাজন হৈছে পিতা, সেইকাৰণেতো তেওঁক সত্য বুলি কোৱা হয়। এই সময়ত তোমালোক সন্তানসকলেহে গোটেই সৃষ্টিৰ ৰহস্যক জানা। সত্যযুগত হ’ল দৈৱী কুল। ৰাৱণৰাজ্যত আকৌ আসুৰিক কুল। সংগমযুগ স্পষ্টকৈ দেখুৱাব লাগে, এয়া হ’ল পুৰুষোত্তম সংগমযুগ। সেইফালে আছে দেৱতাসকল, এইফালে আছে অসুৰ। বাকী তেওঁলোকৰ কোনো যুদ্ধ হোৱা নাই। যুদ্ধ তোমালোক ব্ৰাহ্মণসকলৰ বিকাৰৰ সৈতে, ইয়াকো যুদ্ধ বুলি কোৱা নহয়। সকলোতকৈ ডাঙৰ হ’ল কাম বিকাৰ, ই মহাশত্ৰু। ইয়াৰ ওপৰত বিজয়ী হ’লেই তোমালোক জগতজিৎ হ’বা। এই বিষৰ কাৰণেই অবলাসকলে মাৰ খায়। অনেক প্ৰকাৰৰ বিঘিনি আহে। মূল কথা হৈছে পৱিত্ৰতাৰ। পুৰুষাৰ্থ কৰোঁতে কৰোঁতে, ধুমুহা আহোঁতে আহোঁতে তোমালোকৰ বিজয় হৈ যাব। মায়া ভাগৰি পৰিব। মল্লযুদ্ধত যি পালোৱান থাকে, তেওঁ তৎক্ষণাৎ আক্ৰমণৰ মুখামুখি হৈ যায়। তেওঁলোকৰ কামেই হৈছে ভালদৰে যুঁজি বিজয়ী হোৱা। পালোৱানৰ বহুত নাম হয়। পুৰস্কাৰ পায়। তোমালোকৰতো এয়া হ’ল গুপ্ত কথা।

তোমালোকে জানা আমি আত্মাসকল পৱিত্ৰ আছিলোঁ। এতিয়া অপৱিত্ৰ হ’লোঁ পুনৰ পৱিত্ৰ হ’ব লাগে। এইটোৱে বাৰ্তা সকলোকে দিব লাগে আৰু কোনোবাই প্ৰশ্ন সুধিলে, তোমালোকে সেই কথাবোৰত যাবই নালাগে। তোমালোকৰ হৈছেই আত্মিক বেপাৰ। আমাক অৰ্থাৎ আত্মাসকলক পিতাই জ্ঞানেৰে ভৰপূৰ কৰিছিল, পাছত প্ৰালব্ধ পালোঁ, জ্ঞান শেষ হৈ গ’ল। এতিয়া পুনৰ বাবাই জ্ঞানেৰে ভৰপূৰ কৰি আছে। বাকী নিচাত থাকা, ক’বা পিতাৰ বাৰ্তা দিওঁ যে পিতাক স্মৰণ কৰক তেতিয়া কল্যাণ হ’ব। তোমালোকৰ বেপাৰেই হৈছে আত্মিক। প্ৰথম কথা হ’ল পিতাক জনাতো। পিতাহে জ্ঞানৰ সাগৰ। তেওঁ কোনো কিতাপ (শাস্ত্ৰ) পঢ়ি শুনাই জানো। সেই লোকসকল যিসকলে দৰ্শনৰ ডক্টৰেট ডিগ্ৰী লয় তেওঁলোকে কিতাপ পঢ়ে। ভগৱানতো জ্ঞানৱান হয়। তেওঁৰ সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান আছে। তেওঁ কিবা পঢ়িছে জানো? তেওঁতো সকলো বেদ-শাস্ত্ৰ আদি জানে। পিতাই কয় - মোৰ ভূমিকা হৈছে তোমালোকক জ্ঞান বুজোৱা। জ্ঞান আৰু ভক্তিৰ পাৰ্থক্য আৰু কোনেও শুনাব নোৱাৰে। এয়া হ’ল জ্ঞানৰ পঢ়া। ভক্তিক জ্ঞান বুলি নকয়। সকলোৰে সৎগতি দাতা এজনেই পিতা। বিশ্বৰ বুৰঞ্জী নিশ্চয় পুনৰাবৃত্তি হ’ব। পুৰণি সৃষ্টিৰ পাছত পুনৰ নতুন সৃষ্টি নিশ্চয় আহিব। তোমালোক সন্তানসকলে জানা বাবাই আমাক পুনৰ পঢ়ায়। পিতাই কয় - মোক স্মৰণ কৰা, ইয়াৰ ওপৰতে পূৰা জোৰ দিব লাগে। বাবাই জানে বহুত ভাল ভাল নামজ্বলা সন্তানো এই স্মৃতিৰ যাত্ৰাত দুৰ্বল আৰু যিসকল নামজ্বলা নহয়, বন্ধনত থকা মাতা আছে, গৰিব তেওঁলোক স্মৃতিৰ যাত্ৰাত বহুত থাকে। প্ৰত্যেকেই নিজৰ অন্তৰক সোধা - মই পিতাক কিমান সময় স্মৰণ কৰোঁ? বাবাই কয় – সন্তানসকল, যিমান দূৰ সম্ভৱ মোক স্মৰণ কৰা। ভিতৰি বহুত হৰ্ষিত হৈ থাকা। ভগৱানে পঢ়ায় তেন্তে কিমান আনন্দিত হ’ব লাগে। পিতাই কয় - তোমালোক পৱিত্ৰ আত্মা আছিলা আকৌ শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰি কৰি পতিত হৈ গ’লা। এতিয়া পুনৰ পৱিত্ৰ হ’ব লাগে। আকৌ সেয়াই দৈৱী ভূমিকা পালন কৰিব লাগে। তোমালোক দৈৱী ধৰ্মৰ নোহোৱা জানো। তোমালোকেই 84ৰ চক্ৰ পৰিক্ৰমা লগালা। সকলো সূৰ্যবংশীৱেও জানো 84 জন্ম লয়। পাছত আহি থাকে নহয়। নহ’লেতো তৎক্ষণাৎ সকলো আহি যাব। ৰাতিপুৱাই উঠি বুদ্ধিৰে কোনো কাম কৰা তেতিয়া বুজিব পাৰিবা। সন্তাসকলেহে বিচাৰ সাগৰ মন্থন কৰিব লাগে। শিৱবাবাইতো নকৰে। তেওঁতো কয় ড্ৰামা অনুসৰি যি শুনাওঁ, এনেকৈয়ে বুজিবা যে কল্প পূৰ্বে যি বুজাইছিলোঁ, সেয়াই বুজালোঁ। মন্থন তোমালোকে কৰা। তোমালোকেই বুজাব লাগে, জ্ঞান দিব লাগে। এই ব্ৰহ্মায়ো মন্থন কৰে। বি.কে.সকলে মন্থন কৰিব লাগে, শিৱবাবাই নহয়। মূল কথা হ’ল কাৰো সৈতে বেছিকৈ কথা পাতিব নালাগে। শাস্ত্ৰবিদসকলে নিজৰ ভিতৰত বহুত তৰ্ক-বিতৰ্ক কৰে, তোমালোকে তৰ্ক-বিতৰ্ক কৰিব নালাগে। তোমালোকে কেৱল বাৰ্তা দিব লাগে। প্ৰথমে কেৱল এটা মুখ্য কথাৰ ওপৰত বুজোৱা আৰু লিখোৱা। পোন-প্ৰথমে এইটো লিখিব দিয়া যে এয়া কোনে পঢ়ায়। এইটো কথা তোমালোকে শেষলৈ লৈ যোৱা সেইকাৰণে সংশয় হৈ থাকে। নিশ্চয় বুদ্ধিৰ নোহোৱা কাৰণে বুজি নাপায়। মাত্ৰ কৈ দিয়ে কথাতো ঠিকেই। সৰ্ব প্ৰথম মুখ্য কথাই হৈছে এইটো। ৰচয়িতা পিতাক বুজা তাৰ পাছত ৰচনাৰ ৰহস্য বুজিবা। মুখ্য কথা হৈছে ‘গীতা’ৰ ভগৱান কোন? এইটো কথাত তোমালোকৰ বিজয়ো হ’ব। পোন-প্ৰথমে কোনটো ধৰ্ম প্ৰতিষ্ঠা হৈছিল? পুৰণি সৃষ্টিক নতুন সৃষ্টি কোনে কৰি তোলে। পিতাইহে আত্মাসকলক নতুন জ্ঞান শুনায়, যাৰ দ্বাৰা নতুন সৃষ্টি স্থাপনা হয়। তোমালোকে পিতা আৰু ৰচনাৰ পৰিচয় পাইছা। পোন-প্ৰথমেতো ‘অল্ফ্‌’ৰ (পিতাৰ) প্ৰতি দৃঢ় কৰোৱা তেতিয়া ‘বে’ বাদশ্বাহী আছেই। পিতাৰ পৰাহে উত্তৰাধিকাৰ পোৱা যায়। পিতাক জানিলে আৰু উত্তৰাধিকাৰৰ অধিকাৰী হ’ল। সন্তান জন্ম লয়, মাক-পিতাকক দেখিলে আৰু বচ্‌ দৃঢ় হৈ যাব। মাক-পিতাকৰ বাহিৰে কাৰো ওচৰলৈ নাযাবই কাৰণ মাকৰ পৰা গাখীৰ পায়। এয়াও জ্ঞান ৰূপী গাখীৰ পোৱা। মাতা-পিতা আছে নহয়। এয়া অতি সূক্ষ্ম কথা, সোনকালে কোনেও বুজিব নোৱাৰে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সঁচা পৱিত্ৰ ব্ৰাহ্মণ হ’ব লাগে, কেতিয়াও মনতো যাতে শূদ্ৰ (পতিত) হোৱাৰ খেয়াল নাহে, লেখমানো দৃষ্টি নাযায়, এনেকুৱা অৱস্থা গঢ়ি তুলিব লাগে।

(2) পিতাই যি পঢ়াই আছে, সেই বুজনি বুদ্ধিত ৰাখিব লাগে। বিকৰ্ম কৰাৰ যি আসুৰিক অভ্যাস আছে সেয়া দূৰ কৰিব লাগে। পুৰুষাৰ্থ কৰি কৰি সম্পূৰ্ণ পৱিত্ৰতাৰ উচ্চ লক্ষ্যত উপনীত হ’ব লাগে।

বৰদান:
কাৰণক নিবাৰণ কৰি চিন্তা আৰু ভয়ৰ পৰা মুক্ত হৈ থাকোঁতা মাঃ সৰ্বশক্তিমান হোৱা

বৰ্তমান সময়ত অল্পকালৰ সুখৰ লগতে চিন্তা আৰু ভয় এই দুয়োটা বস্তু আছেই। য’ত চিন্তা আছে ত’ত আৰাম থাকিব নোৱাৰে। যত ভয় আছে ত’ত শান্তি থাকিব নোৱাৰে। সেয়েহে সুখৰ লগতে এই দুখ অশান্তিৰ কাৰণো আছেই। কিন্তু তোমালোক সৰ্ব শক্তিৰ সম্পদেৰে সম্পন্ন মাষ্টৰ সৰ্বশক্তিমান সন্তানে দুখৰ কাৰণ নিবাৰণ কৰোঁতা, সকলো সমস্যাৰ সমাধান কৰোঁতা সমাধান স্বৰূপ হোৱা সেই কাৰণে চিন্তা আৰু ভয়ৰ পৰা মুক্ত হোৱা। যিকোনো সমস্যা তোমালোকৰ আগত খেল কৰিবলৈ আহে ভীতিগ্ৰস্ত কৰিবলৈ নহয়।

স্লোগান:
নিজৰ বৃত্তি শ্ৰেষ্ঠ কৰি তোলা তেতিয়া তোমালোকৰ প্ৰবৃত্তি স্বতঃ শ্ৰেষ্ঠ হৈ যাব।


অব্যক্ত সংকেত: এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালা ৰূপ কৰি তোলা

সময় অনুসৰি এতিয়া সকলো ব্ৰাহ্মণ আত্মাক সমীপত আনি জ্বালা স্বৰূপ বায়ুমণ্ডল গঢ়াৰ সেৱা কৰা, তাৰ বাবে লাগিলে ভাতী কৰা বা পৰস্পৰ সংগঠিত হৈ আত্মিক বাৰ্তালাপ কৰা কিন্তু জ্বালা স্বৰূপৰ অনুভৱ কৰা আৰু কৰোৱা, এইটো সেৱাত লাগি যোৱা তেতিয়া সৰু সৰু কথাবোৰ সহজে পৰিৱৰ্তন হৈ যাব।