03.09.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
নাম-ৰূপৰ পৰা উৰ্দ্ধত কোনো বস্তু নাথাকে, আত্মা বা পৰমাত্মাকো নাম-ৰূপৰ উৰ্দ্ধত বুলি
কোৱা নহ’ব, আত্মা বা পৰমাত্মাৰো অবিনাশী ভূমিকা নিৰ্ধাৰিত হৈ আছে”
প্ৰশ্ন:
শিৱবাবাক
ভোলানাথ বুলি কৈ স্মৰণ কৰে, তেওঁক ভোলা (হোজা) বুলি কিয় কৈছে?
উত্তৰ:
কিয়নো পিতাইহে অহল্যা, গণিকা, কুঁজীসকলক উদ্ধাৰ কৰে। তেওঁলোকক বিশ্বৰ বাদশ্বাহীৰ
উত্তৰাধিকাৰ দি দিয়ে। মনুষ্যইতো পিতাৰ বাবে কৈ দিয়ে – দুখো তেওঁ দিয়ে, সুখো তেওঁ
দিয়ে, কিন্তু পিতাই কয় - মইতো তোমালোক সন্তানসকলৰ কাৰণে সুখৰ ৰাজ্য স্থাপনা কৰোঁ।
মোক দুখহৰ্তা সুখকৰ্তা বুলি কোৱা হৈছে। বিচাৰ কৰা যে মই পিতাই নিজৰ সন্তানসকলক দুখ
কেনেকৈ দিব পাৰোঁ।
গীত:
দূৰ দেশ কা
ৰহনে ৱালা…… (দূৰণিৰ দেশৰ নিবাসী……)
ওঁম্শান্তি।
আত্মিক
সন্তানসকলে গীতটি শুনিলা অৰ্থাৎ আত্মাসকলে এই শৰীৰৰ কাণ ৰূপী কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা
গীতটি শুনিলা – দূৰণিৰ দেশৰ পৰা পথিক আহিছে। তোমালোক সকলো পথিক নোহোৱা জানো। সকলো
মনুষ্য আত্মাই পথিক। আত্মাসকলৰ কোনো ঘৰ নাই। আত্মা হ’ল নিৰাকাৰ। নিৰাকাৰী সৃষ্টিত
থাকোঁতা নিৰাকাৰ আত্মা। সেইখনক কোৱা হয় নিৰাকাৰী আত্মাসকলৰ ঘৰ, দেশ বা লোক। ইয়াক
জীৱ আত্মাসকলৰ দেশ বুলি কোৱা হয়। সেইখন হ’ল আত্মাসকলৰ দেশ আকৌ যেতিয়া আত্মাসকল ইয়াত
আহি শৰীৰত প্ৰৱেশ কৰে তেতিয়া নিৰাকাৰৰ পৰা সাকাৰ হৈ যায়। এনেকুৱা নহয় যে আত্মাৰ কোনো
ৰূপ নাই। ৰূপো নিশ্চয় আছে, নামো আছে। ইমান সূক্ষ্ম আত্মাই এই শৰীৰৰ দ্বাৰা কিমান
ভূমিকা পালন কৰে। প্ৰত্যেক আত্মাত ভূমিকা পালন কৰিবলৈ কিমান ৰেকৰ্ড ভৰি আছে। ৰেকৰ্ড
এবাৰ ভৰি গ’লে যিমানেই পুনৰাবৃত্তি নকৰা সেয়াই চলিব। তেনেকৈ আত্মা এই শৰীৰৰ ভিতৰত
ৰেকৰ্ড হৈ আছে, তাত 84 জন্মৰ সকলো ভূমিকা নিহিত হৈ আছে। যেনেকৈ আত্মা নিৰাকাৰ তেনেকৈ
পিতাও নিৰাকাৰ। ক’ৰবাত ক’ৰবাত শাস্ত্ৰবিলাকত লিখি দিছে তেওঁৰ নাম-ৰূপৰ পৰা উৰ্দ্ধত।
কিন্তু নাম-ৰূপৰ পৰা উৰ্দ্ধত কোনো বস্তু নাথাকে। আকাশো শূন্য, নাম-ৰূপতো আছে নহয়।
নাম অবিহনে কোনো বস্তু নাথাকে। মনুষ্যই বুজি পায় পৰমপিতা নাম-ৰূপৰ পৰা উৰ্দ্ধত। যদি
নাম নাই তেন্তে ৰূপো নাই, দেশো নাই। তেতিয়াতো একোৱে থাকিব নোৱাৰে। আহ্বানো জনায় -
দূৰণিৰ দেশৰ নিবাসী পৰমপিতা পৰমাত্মা। এতিয়া দূৰণিৰ দেশত আত্মাসকল থাকে, এইখন সাকাৰ
দেশ, ইয়াত দুজনৰ ৰাজত্ব চলে – ৰাম ৰাজ্য আৰু ৰাৱণ ৰাজ্য। আধাকল্প ৰামৰাজ্য, আধাকল্প
ৰাৱণ ৰাজ্য। এইটো সন্তানসকলক বুজোৱা হৈছে যে সত্যযুগৰ পৰা ঈশ্বৰীয় ৰাজ্য আৰম্ভ হয়,
ৰামৰাজ্য স্থাপনা কৰোঁতা হৈছে পৰমপিতা পৰমাত্মা। তেওঁ কেতিয়াও ৰাৱণ ৰাজ্য স্থাপনা
কৰিব নোৱাৰে। পিতাই জানো সন্তানসকলৰ কাৰণে কেতিয়াবা দুখৰ ৰাজ্য স্থাপনা কৰিব। এনেকৈ
কয় যে ঈশ্বৰেই দুখ সুখ দিয়ে। পিতাই কয় - মই সন্তানসকলক দুখ কেনেকৈ দিব পাৰোঁ। মোৰতো
নামেই হৈছে দুখহৰ্তা সুখকৰ্তা। এয়াতো মনুষ্যৰ ভুল। ঈশ্বৰে কেতিয়াও দুখ নিদিয়ে।
এইখিনি সময় হয়েই দুখধাম। আধাকল্প ৰাৱণ ৰাজ্যত দুখেই পোৱা যায়। সুখ কিঞ্চিৎমাত্ৰও
নাই। সুখধামত কেতিয়াও দুখ নহয়। পিতা স্বৰ্গৰ ৰচয়িতা। এতিয়া তোমালোক সংগমত আছা। ইয়াক
নতুন সৃষ্টি বুলিতো কোনেও নক’ব। নতুন সৃষ্টিৰ নামেই হ’ল স্বৰ্গ। সেইখনেই আকৌ পুৰণি
সৃষ্টি হয়। নতুন বস্তু যেতিয়া পুৰণি, দেখিবলৈ বেয়া হয় তেতিয়া পুৰণি বস্তুক নাশ কৰি
দিয়া হয়। মনুষ্যই বিষকেই (বিকাৰকেই) সুখ বুলি ভাবে। গায়নো কৰা হয় - অমৃত এৰি বিষ
কিয় খোৱা। ‘গ্ৰন্থ’ত গুৰুনানকে কোৱা কথাও আছে, “অসংখ্য চোৰ”… (জগতৰ বৰ্ণনা কৰি গুৰু
নানকে কৈছে – নিৰাকাৰে ৰচনা কৰা সৃষ্টিত অনেক মহামূৰ্খ, অনেক চোৰ আছে…..)। পিতাৰ
মহিমা গায়, আপুনি আহি যি কৰিব তাৰ দ্বাৰা ভালেই হ’ব। নহ’লেতো ৰাৱণ ৰাজ্যত মনুষ্যই
বেয়া কামেই কৰিব। পিতাহে আহি মলিয়ন কাপোৰ ধোৱে (আত্মাক বিকাৰীৰ পৰা নিৰ্বিকাৰী কৰি
তোলে)। ‘গ্ৰন্থ’ত বহুত লিখা আছে। সিন্ধিসকলে ‘গ্ৰন্থ’ ৰাখে। এতিয়া এয়াতো কোনো শিখ
ধৰ্মাৱলম্বী নহয়। এয়াতো হ’ল আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ। শিখসকলৰ হ’ল গুৰুনানক,
তেওঁৰ দাড়ি চুলি আছিল। গতিকে সকলো শিখৰ দাড়ি চুলি থাকিব লাগে। আজিকালিতো দাড়ি নাৰাখে।
বহুত চৌখিন হৈ গৈছে। নহ’লেতো অনুসৰণ কৰিব লাগে নহয়। আমি গুৰুনানকৰ শিষ্য (অনুগামী)
তেন্তে গুৰুনানকক অনুসৰণ কৰিব নালাগে জানো। এয়াতো সন্তানসকলে এতিয়া গম পাইছে যে
গুৰুনানকৰ 500 বছৰ হ’ল আকৌ কেতিয়া আহিব? তোমালোকে তৎক্ষণাৎ ক’বা। যিকোনো লোককে সোধা
- এইটো কওঁকচোন গুৰুনানক কেতিয়া আহিব? তেতিয়া ক’ব - তেওঁৰ আত্মা জ্যোতি জ্যোতিত
সমাহিত হৈ গ’ল। তেন্তে আকৌ আহিব কেনেকৈ। তোমালোকে ক’বা - আজিৰ পৰা 4500 বছৰৰ পাছত
গুৰুনানক আকৌ আহিব। তোমালোকৰ বুদ্ধিত গোটেই বিশ্বৰ ইতিহাস-ভূগোল চক্ৰ লগাই থাকে।
বুদ্ধ, যীশুখ্ৰীষ্ট আদি সকলোৰে কাৰণে ক’বা এই সময়ত তমোপ্ৰধান, কবৰত সমাধিস্থ। ইয়াক
বিনাশৰ (হিচাপ-নিকাচ নিষ্পত্তিৰ) সময় বুলি কোৱা হয়। সকলো মনুষ্য মাত্ৰেই যেন মৰি পৰি
আছে। সকলোৰে জ্যোতি যেন নুমাই গৈছে। পিতা সকলোকে জগাবলৈ আহে। সন্তানসকল যিসকল কাম
চিতাত বহি ভস্ম হৈ গৈছে তেওঁলোকক অমৃত বৰ্ষাৰে জগাই লগত লৈ যাব। মায়াই কাম চিতাত
বহুৱাই কবৰত সমাধিস্থ কৰি দিছে। শুই গৈছে। এতিয়া পিতাই অমৃত পান কৰায়। অমৃতচৰ নাম
সেইকাৰণে ৰাখিছে। পিতা আহি অমৃত পান কৰায়। এতিয়া ক’ত জ্ঞান অমৃত, ক’ত পানীৰ কথা!
শিখসকলৰ বিশেষ দিন হ’লে তেতিয়া বৰ ধুমধামেৰে পুখুৰী চাফা কৰে, মাটি উলিয়ায় সেইকাৰণে
নামেই ৰাখিছে – অমৃতচৰ। অমৃতৰ পুখুৰী। এতিয়া গুৰুনানক চাহাবতো কোনো জ্ঞানৰ সাগৰ নহয়,
তেৱোঁ পিতাৰ মহিমা কৰিছে। নিজেই কয় – এক ওঁম্কাৰ, সত্নাম, তেওঁ সদায় সত্য কওঁতা
হয়। সত্য-নাৰায়ণৰ কথা নহয় জানো। সিন্ধুনিবাসী লোক বাহিৰলৈ গ’লে তেতিয়া সত্য-নাৰায়ণৰ
কাহিনী পাঠ কৰে। এনেকৈ ভাবে যে সত্য-নাৰায়ণৰ কাহিনী পাঠ কৰিলে নিৰাপদে পাৰ হৈ যাব।
অমৰ কথা, তৃতীয় নেত্ৰৰ কথা কিমান ভক্তিমাৰ্গত কথা শুনি আহিছে। এনেকৈ কয় যে শঙ্কৰে
পাৰ্ৱতীক কথা শুনালে। তেওঁলোকতো সূক্ষ্মলোকত থাকোঁতা তাত আকৌ কি কথা শুনাব? এই সকলো
কথা পিতাই বহি বুজায়। বাস্তৱত মই তোমালোকক অমৰ কথা শুনাই অমৰলোকলৈ লৈ যাবলৈ আহিছোঁ।
মৃত্যুলোকৰ পৰা অমৰলোকলৈ মই লৈ যাওঁ। বাকী সূক্ষ্মলোকত পাৰ্ৱতীয়ে কি দোষ কৰিলে যে
আহি তেওঁক কথা শুনাব। এতিয়া তোমালোকে বুজি পোৱা আমি নৰৰ পৰা নাৰায়ণ, নাৰীৰ পৰা
লক্ষ্মী হওঁ। এয়া হ’ল অমৰলোকলৈ যাবলৈ সঁচা সত্য-নাৰায়ণৰ কথা, তৃতীয় নেত্ৰৰ কথা।
তোমালোক আত্মাসকলে এতিয়া জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা।
পিতাই বুজায় - তোমালোকেই ফুলৰ দৰে পূজ্য আছিলা আকৌ 84 জন্মৰ পাছত তোমালোকেই পূজাৰী
হৈছা সেইকাৰণে গায়ন কৰা হৈছে – নিজেই পূজ্য নিজেই পূজাৰী। পিতাই কয় – মইতো সৰ্বদা
পূজ্য হওঁ। আহি তোমালোকক পূজাৰীৰ পৰা পূজ্য কৰি তোলোঁ। কয় - হে ৰাম আহি আমাক পাৱন
কৰি তোলক। সকলো ভকতে আহ্বান জনায়। আত্মাই আহ্বান জনায় নহয় - হে পতিত-পাৱন। এতিয়া
তোমালোকে বুজি পোৱা যে গীতা কোনো শ্ৰীকৃষ্ণই শুনোৱা নাই, পাৱন কৰি তোলোঁতা এজনেই
পৰমপিতা পৰমাত্মা। এজনেই ৰাম। গতিকে পিতাই বুজায় যে মতামত লৈ থাকা যে ঈশ্বৰ
সৰ্বব্যাপী নহয়। ‘গীতা’ৰ ভগৱান হৈছে শিৱ, শ্ৰীকৃষ্ণ নহয়। প্ৰথমেতো সোধা ভগৱান বুলি
কাক কোৱা হয় – নিৰাকাৰক নে সাকাৰক? শ্ৰীকৃষ্ণতো হ’ল সাকাৰ, শিৱ হ’ল নিৰাকাৰ। তেওঁ
কেৱল এই শৰীৰ ধাৰত লয়। বাকী মাতৃৰ গৰ্ভৰ পৰা জন্ম নলয়। প্ৰথম নম্বৰত গৰ্ভত আহিবলগীয়া
আত্মা হ’ল শ্ৰীকৃষ্ণৰ আত্মা। ব্ৰহ্মা, বিষ্ণু, শঙ্কৰো হৈছে সূক্ষ্ম শৰীৰধাৰী। শিৱৰ
শৰীৰ নাই। ইয়াত এই লোকত স্থূল শৰীৰ আছে। পিতাৰ মহিমা হ’ল পতিত-পাৱন, সকলোৰে সৎগতি
দাতা। সকলোৰে মুক্তিদাতা, দুখহৰ্তা সুখকৰ্তা। বাৰু সুখ ক’ত পাব পাৰে? সুখ পাবা
পৰৱৰ্তী জন্মত। যেতিয়া ৰাৱণৰ সৃষ্টি নাশ হৈ স্বৰ্গৰ স্থাপনা হৈ যাব। বাৰু মুক্তি
কিহৰ পৰা দিয়ে? ৰাৱণৰ দুখৰ পৰা। এয়াতো দুখধাম নহয় জানো। বাৰু, আকৌ মাৰ্গ-দৰ্শকো হয়।
এই শৰীৰতো ইয়াতেই নাশ হৈ যাব। বাকী আত্মাসকলক লৈ যায়। সকলোকে দুখৰ পৰা মুক্ত কৰি,
পৱিত্ৰ কৰি ঘৰলৈ লৈ যায়। মনুষ্যই যেতিয়া বিয়া কৰাই আহে তেতিয়া আগত থাকে স্বামী,
পিছত থাকে পত্নী। তাৰপিছত থাকে বৰযাত্ৰী। এতিয়া তোমালোকৰ মালাও এনেকুৱাই। ওপৰত থাকে
শিৱবাবা ফুল, প্ৰথমে ফুলক নমস্কাৰ জনাব। পাছত যুগল দানা ব্ৰহ্মা-সৰস্বতী, তাৰপাছত
থাকিবা তোমালোক, যিসকল বাবাৰ সহায়কাৰী সন্তান হয়। ফুল শিৱবাবাৰ স্মৃতিৰেই সূৰ্যবংশী
বিষ্ণুৰ মালা গঁথা হৈছে। ব্ৰহ্মা-সৰস্বতীয়েই লক্ষ্মী-নাৰায়ণ হয়। দেৱতা, ক্ষত্ৰিয়…
আকৌ শূদ্ৰৰ পৰা ব্ৰাহ্মণ হৈ এই জ্ঞান লৈ লক্ষ্মী-নাৰায়ণ হয়। এই মালা তেওঁলোকৰেই গঁথা
হৈছে। এই ব্ৰহ্মা-সৰস্বতীয়েই ৰজা-ৰাণী হ’বগৈ। তেওঁলোকে পৰিশ্ৰম কৰিছে, সেইবাবে পূজা
কৰা হয়। কোনেও গম নাপায় যে মালা কি বস্তু। এনেয়ে মালা জপ কৰি থাকে। 16108 ৰো মালা
থাকে। ডাঙৰ ডাঙৰ মন্দিৰবোৰত ৰখা হয়। আকৌ কোনোৱে ক’ৰবাৰ পৰা টানিব, কোনোৱে আন ক’ৰবাৰ
পৰা। (ব্ৰহ্মা) বাবা বোম্বাইত (এতিয়া মুম্বাই) লক্ষ্মী-নাৰায়ণৰ মন্দিৰলৈ গৈছিল। গৈ
মালা জপিছিল, ‘ৰাম’ ‘ৰাম’ জপিছিল। ফুল শিৱবাবা নহয় জানো। ফুলকেই ‘ৰাম’ ‘ৰাম’ বুলি
কয় আকৌ গোটেই মালাধাৰিত মূৰ দোৱায়। জ্ঞানতো একোৱে নাই। পাদুৰীসকলেও হাতত মালা লৈ জপি
থাকে। যদি সোধা কাৰ মালা জপ কৰি থাকে? তেতিয়া ক’ব যীশুখ্ৰীষ্টৰ স্মৃতিত মালা জপ কৰি
থাকোঁ। তেওঁলোকৰ জ্যেষ্ঠ পাদুৰীজন হৈছে পোপ গতিকে তেওঁলোকৰ আকৌ পোপসকলৰ মালা থাকিব।
সেই সকলোৰে চিত্ৰ আছে। পোপসকলৰ কিমান মান আছে। তেওঁলোকে নিজেই গম নাপায় যে
যীশুখ্ৰীষ্টৰ আত্মা ক’ত আছে! তোমালোকে জানা যে যীশুখ্ৰীষ্টৰ আত্মাও এতিয়া ভিকহু
ৰূপত আছে। তোমালোকো এতিয়া ভিকহুৰ পৰা ৰাজকুমাৰ হৈ আছা। ভাৰতেই ৰাজকুমাৰ আছিল, এতিয়া
ভিকহু আকৌ ৰাজকুমাৰ হয়। গঢ়ি তোলোঁতাজন হ’ল একমাত্ৰ আত্মিক পিতা। ভিকহুৰ পৰা
ৰাজকুমাৰ হোৱা। এখন ৰাজকুমাৰ-ৰাজকুমাৰীৰ মহাবিদ্যালয়ো আছে, য’ত গৈ তেওঁলোকে পঢ়ে।
তোমালোকে ইয়াত পঢ়ি 21 জন্মৰ কাৰণে ৰাজকুমাৰ-ৰাজকুমাৰী স্বৰ্গত হোৱাগৈ। জ্ঞানেৰে
তোমালোক মনুষ্যৰ পৰা দেৱতা হোৱা।
এতিয়া তোমালোকে বুজি পোৱা যে যিগৰাকী শ্ৰীকৃষ্ণ সত্যযুগৰ ৰাজকুমাৰ আছিল তেৱেঁই 84
জন্মৰ অন্তত ভিকহু হৈছে। 5 হাজাৰ বছৰ পূৰ্বে দেৱী-দেৱতাসকল কিমান চহকী আছিল। এতিয়া
তেওঁলোকেই কঙাল ভিকহু হৈছে। এই কথাবোৰ কেৱল তোমালোকেই শুনিব পাৰা। ভগৱানুবাচ – তেওঁ
সকলোৰে পিতা। তোমালোকে ভগৱান পিতাৰ পৰা শুনা। ‘গীতা’ত কেৱল এইটো ভুল কৰি দিছে যে
শিৱ ভগৱানুবাচৰ পৰিৱৰ্তে শ্ৰীকৃষ্ণ ভগৱানুবাচ নাম দি দিলে সেইকাৰণে গায়ন কৰা হয় -
মিছা সংসাৰ। এই সময়ত গোটেই সৃষ্টি কাঁইটৰ জংঘল হৈ গৈছে। বোম্বাইত (মুম্বাইত)
বাবুলনাথৰ মন্দিৰ আছে। পিতা আহি এই কাঁইটবোৰক ফুল কৰি তোলে। সকলোৱে ইজনে সিজনক
কাঁইট হৈ বিন্ধে অৰ্থাৎ কাম-কটাৰী চলায়, সেইকাৰণে ইয়াক কাঁইটৰ জংঘল বুলি কোৱা হয়।
সত্যযুগক ঈশ্বৰৰ বাগিচা বুলি কোৱা হয়। সেই ফুলবোৰেই কাঁইট হয় আকৌ কাঁইটৰ পৰা ফুল হয়।
সত্যযুগত কেতিয়াও ৰাৱণক নজ্বলায়। ৰাৱণ ভাৰতৰ পুৰণা শত্ৰু। তোমালোকৰ যুদ্ধ হৈছে
ৰাৱণৰ সৈতে, যিয়ে আধাকল্প দুখ দিলে। অৱশেষত ডাঙৰ যুদ্ধও হ’ব। সঁচা দশহৰা (বিজয়া দশমী)
হ’ব। ৰাৱণ ৰাজ্যই নাশ হৈ যাব, তোমালোকে আকৌ সোণৰ মহল পাই যাবা। এতিয়া তোমালোকে
ৰাৱণৰ ওপৰত বিজয়ী হৈ স্বৰ্গৰ মালিক হোৱা। বাবাই গোটেই বিশ্বৰ ৰাজ্য-ভাগ্য দিয়ে
সেইকাৰণে তেওঁক “শিৱ ভোলা ভাণ্ডাৰী” বুলি কয়। গণিকা, অহল্যা, কুঁজী সকলোকে পিতাই
বিশ্বৰ মালিক কৰি তোলে। কিমান ভোলা (হোজা)। আহেও পতিত সৃষ্টিত, পতিত শৰীৰত। বাকী
যিসকল স্বৰ্গৰ লায়ক নহয় তেওঁলোকে বিকাৰ এৰিব নোৱাৰে। পিতাই কয় – সন্তানসকল এতিয়া এই
অন্তিম জন্ম তোমালোক পাৱন হোৱা। এই বিকাৰ বিষ হয় যিয়ে তোমালোকক আদি-মধ্য-অন্ত দুখী
কৰে। তোমালোকে এই এটা অন্তিম জন্ম এই বিকাৰবোৰ এৰিব নোৱাৰানে? মই তোমালোকক অমৃত পান
কৰাই অমৰ কৰি তোলোঁ। তথাপিও তোমালোক পৱিত্ৰ নোহোৱা। বিকাৰ অবিহনে, চিগাৰেট অবিহনে,
মদ অবিহনে থাকিব নোৱাৰা। মই বেহদৰ পিতাই কওঁ - তোমালোক এটা জন্ম পৱিত্ৰ হোৱা তেতিয়া
স্বৰ্গৰ মালিক কৰি তুলিম।
তোমালোকে জানা পিতা আহিছেই সমগ্ৰ জগতক দুখৰ পৰা মুক্ত কৰি সুখধাম, শান্তিধামলৈ লৈ
যাবলৈ। এতিয়া সকলো ধৰ্মৰ নাশ হৈ যাব। এক আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা হয়।
‘গ্ৰন্থ’তো পৰমপিতা পৰমাত্মাক অকালমূৰ্ত বুলি কয়। পিতা হ’ল মহাকাল। সেই কালেতো এজন
দুজনক লৈ যাব, মইতো সকলো আত্মাকে লৈ যাম, সেইকাৰণে মহাকাল বুলি কয়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই অন্তিম
জন্মত জ্ঞান অমৃত পান কৰি অমৰ হ’ব লাগে। নিজক স্বৰ্গলৈ যোৱাৰ লায়ক কৰি তুলিব লাগে।
বেয়া অভ্যাসবোৰ ত্যাগ কৰিব লাগে।
(2) এতিয়া পঢ়া পঢ়ি 21
জন্মৰ কাৰণে স্বৰ্গত ৰাজকুমাৰ-ৰাজকুমাৰী হ’ব লাগে। সঁচা সত্য-নাৰায়ণৰ কথা শুনি নৰৰ
পৰা নাৰায়ণ হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে।
বৰদান:
কম শব্দৰ
দ্বাৰা জ্ঞানৰ সকলো ৰহস্য স্পষ্ট কৰোঁতা যথার্থ আৰু শক্তিশালী হোৱা
যিকোনো বস্তু যিমানেই
অধিক শক্তিশালী হয়, সিমানেই তাৰ পৰিমাণ কম হয়। ঠিক তেনেকৈয়ে, যেতিয়া তোমলোক
নিজৰ নিৰ্বাণ (শান্ত) স্থিতিত স্থিৰ হৈ বাণীত আহিবা, তেতিয়া শব্দ কম কিন্তু যথার্থ
আৰু শক্তিশালী হ’ব। এটা শব্দতে হাজাৰ হাজাৰ শব্দৰ ৰহস্য সমাহিত হৈ থাকিব, যাৰ দ্বাৰা
ব্যৰ্থ বাণী স্বতঃ সমাপ্ত হৈ যাব। এটা শব্দৰ দ্বাৰাই জ্ঞানৰ সকলো ৰহস্য স্পষ্ট কৰিব
পাৰিবা, বিস্তাৰ সমাপ্ত হৈ যাব।
স্লোগান:
অন্তৰেৰে ‘বাবা’ বুলি কোৱা অৰ্থাৎ আনন্দ আৰু শক্তি প্ৰাপ্ত কৰা।
অব্যক্ত ইংগিত: নিজৰ
দাতা স্বৰূপ প্ৰত্যক্ষ কৰা
দাতাৰ সন্তানসকল
সকলোকে দিয়াৰ ভাৱনাৰে ভৰপূৰ হোৱা। কেতিয়াও এইটো সংকল্প নকৰিবা যে— এইটো হ’লে
তেতিয়া ময়ো এইটো কৰিম, এনে পৰিস্থিতি বা বাতাৱৰণ হওক তেতিয়া মই এইটো কৰিম। দাতাবোধৰ
সংস্কাৰ থকাসকলে সকলো ফালৰ পৰা স্বতঃ সহযোগ লাভ কৰে। সেয়েহে মাষ্টৰ দাতাই আনৰ পৰা
লোৱাৰ ভাৱনা ৰাখিব নোৱাৰে।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]