03.10.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এই পুৰণি সৃষ্টিৰ এতিয়া অন্তিম সময়, সেয়েহে সংগমযুগত তোমালোকে ভৱিষ্যত বাদশ্বাহীৰ লায়ক হ'ব লাগে”

প্ৰশ্ন:
সন্তানসকলৰ কোনটো আগ্ৰহ থাকিলে সিংহাসনধাৰী হ'ব পাৰে?

উত্তৰ:
যদি সকলো প্ৰকাৰৰ সেৱা কৰাৰ আগ্ৰহ থাকে তেন্তে সিংহাসনধাৰী হ'ব পাৰে, যিসকলে সকলো প্ৰকাৰৰ সেৱা কৰি বহুতক সুখ দিয়ে তেওঁলোকে তাৰ প্ৰতিদানো লাভ কৰে। সন্তানসকল সদায় সকলো সেৱাত উপস্থিত থাকিব লাগে। এনেকুৱা বুদ্ধিমান হোৱা যাতে মাতা-পিতাক প্ৰত্যক্ষ কৰিব পাৰা। মম্মা-বাবা বুলি কোৱা তেন্তে তেওঁলোকৰ নিচিনা হৈ দেখুওৱা।

গীত:
ইচ পাপ কি দুনীয়া ছে……. (এই পাপৰ জগতৰ পৰা.......)

ওঁম্শান্তি।
কেৱল মৰমৰ ব্ৰহ্মাকুমাৰ-কুমাৰীসকলেহে এইটো জানে যে পাপৰ সৃষ্টি আৰু পুণ্যৰ সৃষ্টি বুলি কাক কোৱা হয়। পতিত সৃষ্টি কাক, পাৱন সৃষ্টি কাক কোৱা হয়। যদিওবা মনুষ্যই কয় যে হে পতিত সৃষ্টিক পাৱন কৰি তোলোঁতা আহক, কিন্তু নাজানে। এনেকৈও আত্মাইহে কয় হে পতিত-পাৱন.... সকলো মনুষ্য মাত্ৰেই আহ্বান জনাই থাকে। কিন্তু এইটো কোনেও নাজানে যে পাৱন সৃষ্টি কাক কোৱা হয়। সেয়া কেতিয়া আৰু কেনেকৈ স্থাপন হ'ব। এতিয়া তোমালোক জ্ঞানপূৰ্ণ পিতাৰ হৈছা, সেয়েহে জ্ঞানপূৰ্ণ জ্ঞান সাগৰ পিতাক কেৱল তোমালোকেহে জানা। আন কোনেও একেবাৰে নাজানে যে পাৱন সৃষ্টি পুনৰ পতিত কেনেকৈ হয়। পতিত সৃষ্টি পুনৰ পাৱন কেনেকৈ হয়। পতিত সৃষ্টিত কোন থাকে আৰু পাৱন সৃষ্টিত কোন থাকে। এই সকলোবোৰ কথা তোমালোকে এতিয়া জানা। পাৱন সৃষ্টি সত্যযুগক কোৱা হয়। নিশ্চয় পাৱন সৃষ্টি ভাৰতততো এখনেই আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ ৰাজ্য আছিল, সেয়েহে ভাৰতক সকলোতকৈ প্ৰাচীন দেশ বুলি গায়ন কৰা হয়। এতিয়া তোমালোকে বুজি পোৱা আমাক পুনৰাই পাৱন সৃষ্টিলৈ যাবৰ কাৰণে পতিত-পাৱন পিতাই যুক্তি (উপায়) শুনাই আছে। পিতাই কয় - এক চেকেণ্ডত যুক্তি শুনাওঁ। পিতা আহেই নতুন সৃষ্টিৰ ৰাজ্য-ভাগ্য দিবলৈ। এয়া হৈছে বেহদৰ (অসীমৰ; পাৰলৌকিক) পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ। পিতাহে আহি ৰাজযোগ শিকায়। আমি ৰাজযোগ শিকি আছোঁ। পিতাই কয় - তোমালোকেই সতোপ্ৰধান আছিলা পুনৰ সতোপ্ৰধান হ'ব লাগে। আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল, হিন্দু নহয়। দেৱী-দেৱতা ধৰ্ম ভাৰতৰে পোন-প্ৰথমে আছিল। আকৌ নিশ্চয় পুনৰ্জন্ম লৈ আহিছে চাগৈ। যেনেকৈ খ্ৰীষ্টান লোকসকলো পুনৰ্জন্ম লৈ বৃদ্ধি পায়। বৌদ্ধীসকলৰ ধৰ্ম প্ৰতিষ্ঠা কৰোঁতা বুদ্ধ, তেওঁ হৈ গ'ল ধৰ্ম প্ৰতিষ্ঠাতা। এজন বুদ্ধৰ পৰা কিমান বৌদ্ধী ওলাল। যীশুখ্ৰীষ্ট এজন আছিল। এতিয়া চোৱা কিমান খ্ৰীষ্টান হৈ গ'ল। সকলো ধৰ্মৰে এনেকৈ চলি আহিছে। সেইদৰে যেতিয়া আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল তেতিয়া অন্য কোনো নাছিল। বাকী ধৰ্মবোৰকতো জানে। খ্ৰীষ্টান ধৰ্ম যীশুখ্ৰীষ্টই, ইছলাম ধৰ্ম ইব্ৰাহিমে প্ৰতিষ্ঠা কৰিলে। বাৰু সত্যযুগত যি আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল সেয়া কোনে প্ৰতিষ্ঠা কৰিলে? সত্যযুগত দেৱী-দেৱতাসকলৰ ৰাজধানী আছিল নহয় জানো। তেন্তে নিশ্চয় কোনোবাই ৰাজ্য স্থাপন কৰিছে। সত্যযুগত দেৱী-দেৱতা ধৰ্ম আছিল, সেয়া এতিয়া পিতাই প্ৰতিষ্ঠা কৰে সেয়েহে পিতা সংগমযুগত আহিবলগীয়াই হয়। এতিয়া সকলো মনুষ্য মাত্ৰ পতিত সৃষ্টিত আছে। পুৰণি সৃষ্টিত কোটি কোটি মনুষ্য আছে। নতুন সৃষ্টিততো ইমান মনুষ্য হ'ব নোৱাৰে। তাত এটা ধৰ্ম আছিল। ইছলামী, বৌদ্ধী, খ্ৰীষ্টান আদি কোনো নাছিল। সেই দেৱতা ধৰ্ম এতিয়া প্ৰায় লোপ হৈ গৈছে। সেয়া কেনেকৈ ভগৱানে প্ৰতিষ্ঠা কৰিছিল, এইটো কোনেও নাজানে। দেৱতা ধৰ্মৰ নামেই পাহৰি গৈছে। হিন্দু ধৰ্ম বুলি কৈ দিয়ে। এতিয়া পিতাই বুজাই আছে - মই আহোঁৱেই তেতিয়া যেতিয়া পুৰণি সৃষ্টি পৰিৱৰ্তন হ'ব লাগে। এতিয়া এই পুৰণি সৃষ্টিৰ অন্তিম সময়। এয়া কেৱল তোমালোক ব্ৰাহ্মণসকলেহে জানা। এই ভয়ানক যুদ্ধৰ দ্বাৰাই পুৰণি সৃষ্টিৰ অন্ত হৈছিল। গীতাত দেখুৱায় যে সকলো নাশ হৈ গ'ল। কোনো নাথাকিল। 5 পাণ্ডৱ ৰক্ষা পৰিল তেওঁলোকো পাহাৰত গলি মৰিল। কিন্তু এনেকুৱা একো নহয়। এয়াতো পিতাই স্থাপন কৰে। প্ৰলয় অথবা জলময়তো নহয়। বাবাক আহ্বান জনায় হে পতিত-পাৱন আহক, আমাৰ দুখ দূৰ কৰক, সুখ দিয়ক কিয়নো এতিয়া হৈছে ৰাৱণ ৰাজ্য। ৰামৰাজ্য বিচাৰে তেন্তে নিশ্চয় ৰাৱণ ৰাজ্য হয় নহয় জানো। পিতাই বুজায় - এতিয়া ৰামৰাজ্যৰ স্থাপনা, ৰাৱণ ৰাজ্যৰ বিনাশ হৈ যায়। মই যি যুক্তি শিকাওঁ, যিসকলে শিকে তেওঁলোকেই গৈ নতুন সৃষ্টিত ৰাজত্ব কৰে। এই জ্ঞান তাত একোৱেই নাথাকিবগৈ। এতিয়া তোমালোকৰ বুদ্ধিত গোটেই জ্ঞান আছে। যিসকলৰ বুদ্ধিত আছে তেওঁলোকে অন্যক বুজায়। ক্ৰমানুসৰিতো হয় নহয় জানো। সেৱাধাৰী সন্তানসকলৰ বুদ্ধিত গোটেই জ্ঞান মন্থন চলি থাকে। নিশ্চয় সত্যযুগত পোন-প্ৰথমে দেৱী-দেৱতা ধৰ্মাৱলম্বীসকল আছিল। এইটোও তোমালোকে জানা। পিতাই পোন-প্ৰথমে ব্ৰাহ্মণসকলকহে ৰচনা কৰে প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা। এয়া জ্ঞান যজ্ঞ হয় নহয় জানো তেন্তে নিশ্চয় ব্ৰাহ্মণ সম্প্ৰদায়হে লাগে। ব্ৰাহ্মণ সম্প্ৰদায় নিশ্চয় সংগমতেই থাকিব। আসুৰি সম্প্ৰদায় হৈছে কলিযুগত, দৈৱিক সম্প্ৰদায় হৈছে সত্যযুগত। তেন্তে নিশ্চয় সংগমতেই দৈৱিক সম্প্ৰদায় স্থাপন হ'ব। যেতিয়া বাজোলী (শৰীৰক ধনুৰ আকাৰ কৰি লুটিবাগৰ মাৰি আগুৱাই যোৱা খেল) খেলে তেতিয়া ভৰি আৰু টিকনি মিলিত হয়। পুনৰ স্মৃতিলৈ আহে যে তোমালোক ব্ৰাহ্মণ হোৱা। বিৰাট ৰূপৰ চিত্ৰখনো জৰুৰী। ইয়াৰ বুজনি বহুত ভাল। এনেকৈ কয়ো যে বাবা মই আপোনাৰ 6 মহীয়া সন্তান। 4 দিনীয়া সন্তান হয়। কোনোৱে কয় মই এদিনীয়া সন্তান অৰ্থাৎ আজিহে বাবাৰ হৈছোঁ। মুখ বংশাৱলী হৈছোঁ। যিসকল জীৱন্তে পিতাৰ হয় তেওঁলোকে কয় - বাবা মই আপোনাৰ হওঁ। শিশুৱেতো ক'ব নোৱাৰে। এই জ্ঞান হৈছে ডাঙৰৰ কাৰণে। কয় - বাবা মই আপোনাৰ অকণমানি শিশু। সৰু ল’ৰা-ছোৱালীক চিত্ৰৰ ওপৰত বুজোৱা সহজ। দিনে-প্ৰতিদিনে বুজনি বিস্তাৰ হৈ গৈ থাকে। এয়া চিত্ৰৰ সহায়ত বুজোৱাৰ পদ্ধতিটো নাটকৰ পৰিকল্পনা অনুসৰি 5 হাজাৰ বছৰ পূৰ্বৰ দৰে ওলাইছে। এই ক্ষেত্ৰত এইটো কোনো প্ৰশ্ন উঠিব নোৱাৰে যে আৰম্ভণিত কিয় নোলাল, এতিয়া কিয়? নাটক অনুসৰি যিটো উপায় (পদ্ধতি) যেতিয়া ওলাবলগীয়া হ’ব তেতিয়া ওলাব। স্কুলত পঢ়াৰ ক্ৰমানুসৰি শ্ৰেণী থাকে। এনেকুৱা জানো হয় যে প্ৰথমেই ডাঙৰ পৰীক্ষাত উত্তীৰ্ণ হৈ যাব। প্ৰথমে কেৱল ‘অল্ফ’ (পৰমপিতা) আৰু ‘বে’ (বাদশ্বাহী)ৰ বিষয়ে পঢ়োৱা হয়, নহয় জানো। এয়াতো পিতাৰ সন্তান হ'লেই পিতাই স্বৰ্গৰ বাদশ্বাহী দিয়ে। পিতাক পিতা বুলি কোৱাৰ পাছত আকৌ নিশ্চয় নোহোৱা হৈ যায় জানো। ইয়াততো ‘বাবা বাবা’ বুলি কোৱাৰ পাছতো নিশ্চয় নোহোৱা হৈ যায়। তোমালোকে জানা এওঁতো হৈছে বেহদৰ পিতা। তোমালোকে বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ লৈ আছা গতিকে তেওঁৰ শ্ৰীমতত চলিব লাগে। পিতাই কয় - অন্য সকলো কথা এৰি মোক স্মৰণ কৰা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। চলোঁতে-ফুৰোঁতে এইটো স্মৃতিত থাকিলে আনন্দিত হৈও থাকিবা। কিন্তু এইটো স্মৃতি স্থায়ী হৈ কিয় নাথাকে। তোমালোকেতো প্ৰতিশ্ৰুতি দিছা - বাবা মই আপোনাৰ হৈ গ’লে তেতিয়া মোৰ আৰু কাৰো প্ৰতি মমত্ব নাথাকিব। মই আপোনাৰ মততেই চলিম। পিতায়ো কয় - শ্ৰীমতত নচলিলে ভুল হৈ থাকিব। শ্ৰীমতত চলিলে আনন্দৰ পাৰা উৰ্ধগামী হ'ব। আত্মাই অতীন্দ্ৰিয় সুখ প্ৰাপ্ত কৰিলে তেতিয়া কিমান আনন্দিত হয়। আত্মাই জানে পৰমপিতা পৰমাত্মাই আমাক ৰাজ্য-ভাগ্য দিছিল, যাক 84 জন্ম লৈ লৈ হেৰুৱাই পেলালোঁ পুনৰ পিতাই দি আছে। তেন্তে অপাৰ আনন্দিত হ'ব লাগে নহয় জানো। ভিতৰৰ আনন্দও দেখা পোৱা যায়। এই লক্ষ্মী-নাৰায়ণৰ চেহেৰাত দেখা পোৱা যায় নহয়। কিছুমান অজ্ঞানকালত বহুত আনন্দিত হৈ থাকে। বাৰ্তালাপ কৰাতো ভাল হয়।

মনুষ্য সৃষ্টিত সকলোতকৈ উচ্চ পদমৰ্যাদা কাৰ? এনেয়েতো সকলোতকৈ উচ্চ হৈছে শিৱ পৰমাত্মা যাক সকলোৰে পিতা বুলি কৈ আহ্বান জনায়। কিন্তু তেওঁৰ বৃত্তিৰ (কৰ্তব্যৰ) বিষয়ে নাজানে। যেতিয়া পিতা আহে তেতিয়া আহি নিজৰ পৰিচয় দিয়ে। এতিয়া তোমালোক সন্তানসকলে জানা যে আমি বাবাৰ পৰা বৈকুণ্ঠৰ বাদশ্বাহী পাওঁ। আনন্দিত হ'ব নালাগে জানো। আমি নৰৰ পৰা নাৰায়ণ হওঁ। কোনোবাই যদিওবা হাত উঠায় কিন্তু একোৱেই বুজি নাপায়। যিসকলৰ নিশ্চয় থাকে তেওঁলোকৰ এইটো আনন্দ থাকে যে এতিয়া আমি 84 জন্ম পূৰা কৰিলোঁ। এতিয়া আমি পিতাৰ মতত চলি বিশ্বৰ মালিক হওঁ। এই পঢ়াৰ কিমান নিচা থাকিব লাগে। ৰাষ্ট্ৰপতি, ৰাজ্যপাল আদিৰ নিচাতো থাকে নহয় জানো। তেওঁলোকক লগ কৰিবলৈ গণ্যমান্য ব্যক্তিসকল আহে। পদমৰ্যাদাৰ বিষয়ে নজনাকৈ কেতিয়াও কাকো লগ কৰিব নোৱাৰে। বাবায়ো কেতিয়াও লগ নকৰে। বাবাৰ পদমৰ্যাদাক কেৱল তোমালোক সন্তানসকলেহে জানা সেয়াও ক্ৰমানুসৰি জানা। যদিওবা ব্ৰহ্মাকুমাৰ-কুমাৰী বুলি কয় কিন্তু বুদ্ধিত এইটো নাথাকে যে আমি শিৱবাবাৰ সন্তান। তেওঁৰ পৰা আমি স্বৰ্গৰ উত্তৰাধিকাৰ লৈ আছোঁ। পিতা আৰু উত্তৰাধিকাৰ কোনোটোকে স্মৰণ কৰিব নোৱাৰে। স্মৃতি থাকিলে তেতিয়া ভিতৰি আনন্দিতও হৈ থাকিব নহয় জানো।

যেনেকৈ কন্যাৰ বিবাহ কৰালে তেতিয়া তেওঁক গুপ্ত দান কৰা হয়। চন্দুক বন্ধ কৰি চাবি হাতত দি দিয়ে। পিতায়ো তোমালোকক বিশ্বৰ বাদশ্বাহীৰ চাবি হাতত দি দিয়ে। তোমালোকে নতুন সত্যযুগী বিশ্বৰ উদ্‌ঘাটন কৰা। স্বৰ্গলৈও তোমালোক যাবা। বাবাই তোমালোকক লায়ক কৰি তোলে। ভক্তসকলতো স্বৰ্গলৈ যোৱাৰ যোগ্য হ'ব নোৱাৰে। যেতিয়ালৈকে বাবাই জ্ঞান নিদিয়ে, পৱিত্ৰ নহয় সেয়েহে নাৰদৰ দৃষ্টান্ত আছে। যদিওবা ভাল ভাল ভক্ততো বহুত আছে কিন্তু আত্মাতো পতিত হয় নহয় জানো। জন্ম-জন্মান্তৰ তেওঁলোক পতিত হৈ আহিছে, যেতিয়ালৈকে পিতাক নাপায় তেতিয়ালৈকে স্বৰ্গলৈ যাব নোৱাৰে। তোমালোকক পিতাই ব্ৰহ্মাৰ দ্বাৰা তুলি লৈছে সেয়েহে তোমালোক গৈ নতুন সৃষ্টিত ৰাজ্য কৰিবা। অন্য কোনেও ৰাজ্য স্থাপন নকৰেই আৰু কোনেও গমো নাপায়। পিতাহে সংগমযুগত আহি ভৱিষ্যত 21 জন্মৰ কাৰণে ৰাজ্য স্থাপন কৰি আছে। এইজন পিতাক কোনেও নাজানে। এতিয়া তোমালোকে বুজি পোৱা যথাযথ 5 হাজাৰ বছৰ পূৰ্বে ভগৱান আহিছিল। গীতাৰ জ্ঞান শুনাইছিল, যাৰ দ্বাৰা মনুষ্যৰ পৰা দেৱতা হৈছিল। গীতা হয়েই আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ শাস্ত্ৰ। সত্যযুগততো কোনো শাস্ত্ৰ আদি নাথাকে। পিতাই কয় - মই সংগমযুগতহে আহোঁ। পুনৰাই আহি সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান শুনাওঁ, তেওঁলোকেই দেৱী-দেৱতা হয় আকৌ 84ৰ চক্ৰ পৰিক্ৰমা লগাই যেতিয়া অন্তত আহে তেতিয়া তেওঁলোককেই আহি পুনৰ বুজাওঁ। মাজত কেতিয়াও মই নাহোঁ। এনেকুৱা হয় জানো যে যীশুখ্ৰীষ্ট বা যিসকলে এই জগতৰ কাৰণে ধৰ্ম প্ৰতিষ্ঠা কৰে তেওঁলোক মাজতে আহি যাব। মই আহোঁৱেই সংগমত নতুন সৃষ্টি স্থাপন কৰিবলৈ। যীশুখ্ৰীষ্টৰ আত্মা আহি প্ৰৱেশ কৰি নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰে। এইজন পিতাইতো ৰাজ্য স্থাপন কৰে। এইটো কোনেও গম নাপায় যে এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য কেতিয়া আৰু কোনে স্থাপন কৰিলে। এয়া যিসকলে লক্ষ্মী-নাৰায়ণৰ মন্দিৰ আদি নিৰ্মাণ কৰে তেওঁলোকক সুধিব লাগে। তোমালোকে সভাতো সুধিব পাৰা। এইটো ৰহস্য তোমালোকৰ বুদ্ধিত আছে। বাবাই, ব্ৰহ্মাৰ দ্বাৰা কল্পই কল্পই স্থাপনা কৰে, অন্য কোনেও জানিব নোৱাৰে। শব্দও আছে, কিন্তু যথাৰ্থ ৰীতি কাৰো বুদ্ধিত ধাৰণ নহয়। কোনো কোনো সন্তানৰ ওপৰত গ্ৰহচাৰীও বহি যায়। দেহ-অভিমান হৈছে এক নম্বৰৰ গ্ৰহচাৰী। পিতাই কয় - সন্তানসকল, দেহী-অভিমানী হোৱা। এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰ আৰু ছিৰিৰ চিত্ৰ বুজাবৰ কাৰণে বহুত ভাল বস্তু। বহুতৰে ইয়াৰ দ্বাৰা কল্যাণ হ'ব পাৰে। কিন্তু নাটক অনুসৰি সম্ভৱতঃ দেৰি আছে সেয়েহে ৰাজধানী স্থাপন হোৱাত বিঘিনি আহে। পিতাই নিজে কয় - বহুত বিঘিনি আহে। মায়া বৰ সমৰ্থ হয়। মোৰ সন্তানসকলক ততালিকে নাকত, কাণত ধৰি লয়। ইয়াক কোৱা হয় ৰাহুৰ গ্ৰহচাৰী। ভাৰতত বিশেষকৈ এই সময়ত বিকাৰ ৰূপী ৰাহুৰ পূৰা গ্ৰহচাৰী বহি আছে। তোমালোকে চেকেণ্ডত সিদ্ধ কৰিব পাৰা যে এইখন ভাৰতেই পাৱন হীৰাতুল্য আছিল। এতিয়া বিকাৰী কড়িতুল্য হৈ গৈছে, পুনৰ হীৰাতুল্য হ'ব লাগে। গোটেই কাহিনী ভাৰতৰে। পিতা আহি হীৰাতুল্য কৰি তোলে। তথাপিও অনেক প্ৰকাৰৰ বিঘিনি আহে। দেহ-অভিমানৰতো বহুত ডাঙৰ বিঘিনি আহে। লক্ষ্মী-নাৰায়ণৰ চিত্ৰৰ ওপৰতো কাৰোবাক বুজোৱাতো বহুত সহজ। সন্তানসকলৰ সেৱাৰ প্ৰতি বহুত আগ্ৰহ থাকিব লাগে। সেৱাও বহুত প্ৰকাৰৰ আছে নহয় জানো। বহুতকে সুখ দিলে তেন্তে তাৰ প্ৰতিদানো বহুত পোৱা যায়, কোনোবাই দেহে-কেহে সকলো প্ৰকাৰৰ সেৱা কৰে। আনন্দিত হ'ব লাগে আমি সকলো প্ৰকাৰৰ সেৱা কৰোঁতা হ’ব লাগে। বাবা মই সেৱাত উপস্থিত আছোঁ। ভাল ভাল আত্মিক সেৱা কৰোঁতা সন্তানসকলে ভোজন নিজ হাতে ৰান্ধে। তোমালোকে গম পোৱা যে সন্তানসকলো ইমান বুদ্ধিমান হৈ যায় যে গাদী লৈ লয়। ইয়াততো ঘৰৰ তত্ত্বাৱধান লোৱা মাতাসকল আছে। এতিয়া মাতাসকল, কুমাৰীসকল এই সেৱাত আগবাঢ়ি আহিব লাগে। মম্মাৰ দৰে সেৱা কৰি দেখুৱাব লাগে। প্ৰতিপন্ন কৰিব লাগে। বাকী কেৱল মম্মা, মম্মা বুলি ক'লে কি লাভ! তেওঁৰ দৰে হ'ব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) দেহ-অভিমানৰ গ্ৰহচাৰীহে যজ্ঞত বিঘিনি ৰূপ হয়, সেয়েহে যিমান সম্ভৱ দেহী-অভিমানী হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে।

(2) নিজৰ পঢ়া আৰু সত্যযুগৰ পদবীৰ মৰ্যাদাৰ আনন্দ বা নিচাত থাকিব লাগে, শ্ৰীমতত চলিব লাগে। কোনোধৰণৰ ভুল কৰিব নালাগে।

বৰদান:
আত্মিক ব্যায়াম আৰু আত্ম-নিয়ন্ত্ৰণৰ দ্বাৰা সূক্ষ্মতা অনুভৱ কৰোঁতা ফৰিস্তা হোৱা

বুদ্ধিৰ সূক্ষ্মতা তথা পাতল বোধ হ'ল ব্ৰাহ্মণ জীৱনৰ ব্যক্তিত্ব। সূক্ষ্মতাই মহানতা। কিন্তু ইয়াৰ বাবে নিতৌ অমৃতবেলা অশৰীৰীবোধৰ আত্মিক ব্যায়াম কৰা আৰু ব্যৰ্থ সংকল্পৰ ভোজন পৰিহাৰ কৰা। পৰিহাৰ কৰাৰ বাবে আত্ম-নিয়ন্ত্ৰণ থাকিব লাগে। যি সময়ত যি সংকল্প ৰূপী ভোজন গ্ৰহণ কৰিব লাগে, সেই সময়ত সেয়াই কৰা। ব্যৰ্থ সংকল্পৰ অতিৰিক্ত ভোজন গ্ৰহণ নকৰিবা, তেতিয়াহে সূক্ষ্ম বুদ্ধিৰ হৈ ফৰিস্তা স্বৰূপৰ লক্ষ্য প্ৰাপ্ত কৰিব পাৰিবা।

স্লোগান:
মহান আত্মা তেৱেঁই, যি প্ৰতিটো ছেকেণ্ডত, প্ৰতিটো খোজত শ্ৰীমতত সঠিককৈ চলে।


অব্যক্ত ইংগিত: পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰা

বিশেষভাৱে নিজৰ মন অৰ্থাৎ সংকল্প শক্তিৰ দ্বাৰা, বাণীৰ শক্তিৰ দ্বাৰা, নিজৰ সংগৰ ৰঙৰ দ্বাৰা, সম্পৰ্কৰ স্নেহৰ দ্বাৰা, আনন্দৰ অক্ষয় সম্পদৰ দ্বাৰা অখণ্ড দান কৰি থকা — এয়াই হৈছে পৰোপকাৰ কৰা। কোনো আত্মা সম্পৰ্কত আহিলে আনন্দৰ সম্পদেৰে যাতে ভৰপূৰ হৈ যায়, এনেকুৱা অখণ্ড দানী হোৱা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]