03.11.24 Avyakt Bapdada
Assame
Murli
25.10.2002 Om Shanti Madhuban
“*“ব্ৰাহ্মণ জীৱনৰ
আধাৰ হৈছে পৱিত্ৰতাৰ আভিজাত্য”*”
আজি স্নেহৰ সাগৰে
নিজৰ স্নেহী সন্তানসকলক চাই আছেহঁক। চাৰিওফালৰ স্নেহী সন্তানসকল আত্মিক সূক্ষ্ম
জৰীৰে বান্ধ খাই নিজৰ মৰমৰ ঘৰত উপস্থিত হৈছে। যেনেকৈ সন্তানসকল স্নেহত আকৰ্ষিত হৈ
উপস্থিত হৈছেহি তেনেকৈ পিতাও সন্তানসকলৰ স্নেহৰ জৰীত বান্ধ খাই সন্তানসকলৰ সন্মুখত
উপস্থিত হৈছেহি। বাপদাদাই চাই আছে যে চাৰিওফালৰ সন্তানসকলো দূৰৈত বহিও স্নেহত
সমাহিত হৈ আছে। সন্মুখৰ সন্তানসকলকো চাই আছে আৰু দূৰৈত বহি থকা সন্তানসকলকো চাই চাই
হৰ্ষিত হৈ আছে। এই আত্মিক অবিনাশী স্নেহ, পৰমাত্ম স্নেহ, আত্মিক স্নেহ গোটেই কল্পত
এতিয়া অনুভৱ কৰি আছা।
বাপদাদাই প্ৰতিগৰাকী সন্তানৰ পৱিত্ৰতাৰ আভিজাত্য চাই আছিল। ব্ৰাহ্মণ জীৱনৰ
আভিজাত্যই হ’ল পৱিত্ৰতা। সেয়েহে প্ৰতিগৰাকী সন্তানৰ শিৰত আত্মিক আভিজাত্যৰ চিন
পৱিত্ৰতাৰ প্ৰকাশৰ মুকুট প্ৰত্যক্ষ কৰি আছে। তোমালোক সকলোৱেও নিজৰ পৱিত্ৰতাৰ মুকুট,
আত্মিক আভিজাত্যৰ মুকুট প্ৰত্যক্ষ কৰি আছানে? পিছত বহাসকলে প্ৰত্যক্ষ কৰিছানে?
কিমান শোভনীয় মুকুটধাৰী সভা। হয়নে পাণ্ডৱসকল? মুকুট জিলিকি আছে নহয়! এনেকুৱা সভা
প্ৰত্যক্ষ কৰি আছা নহয়! কুমাৰীসকল, মুকুটধাৰী কুমাৰী হোৱা নহয়! বাপদাদাই চাই আছে যে
সন্তানসকলৰ ৰাজকীয় পৰিয়াল কিমান শ্ৰেষ্ঠ! নিজৰ অনাদি আভিজাত্য স্মৃতিলৈ আনা, যেতিয়া
তোমালোক আত্মাসকল পৰমধামতো থাকা তেতিয়াও আত্মা ৰূপতো তোমালোকৰ আত্মিক আভিজাত্য
বিশেষ হয়! সকলো আত্মাই আলোকৰ ৰূপত থাকে কিন্তু তোমালোকৰ জেউতি সকলো আত্মাতকৈ
শ্ৰেষ্ঠ। পৰমধাম স্মৃতিলৈ আহিছেনে? অনাদি কালৰে পৰা তোমালোকৰ জেউতি মাদকতা অনন্য।
যিদৰে আকাশত দেখিছা সকলো তৰাই চিকমিকাই থাকে, সকলো লাইটেই হয় কিন্তু সকলো তৰাৰ
ভিতৰত কোনোবাটো বিশেষ তৰাৰ জেউতি অনন্য আৰু স্নেহী হয়। সেইদৰে সকলো আত্মাৰ মাজত
তোমালোক আত্মাসকলৰ জেউতি, আত্মিক আভিজাত্য, পৱিত্ৰতাৰ জেউতি অনন্য। স্মৃতি উদয় হৈছে
নহয়। আকৌ আদিকালত আহা, আদিকাল স্মৃতিলৈ আনা তেন্তে আদিকালতো দেৱতা স্বৰূপত আত্মিক
আভিজাত্যৰ ব্যক্তিত্ব কিমান বিশেষ আছিল? গোটেই কল্পত দেৱতা স্বৰূপৰ আভিজাত্য অন্য
কাৰোবাৰ আছেনে? আত্মিক আভিজাত্য, পৱিত্ৰতাৰ ব্যক্তিত্ব স্মৃতিত আছে নহয়! পাণ্ডৱসকলৰো
স্মৃতিত আছেনে? স্মৃতিত আহি গ’লনে? আকৌ মধ্যকালত আহা, মধ্যকালত দ্বাপৰৰ পৰা
তোমালোকৰ যি পূজ্য চিত্ৰ তৈয়াৰ কৰে, সেই চিত্ৰবোৰৰ আভিজাত্য আৰু পূজাৰ আভিজাত্য
দ্বাপৰৰ পৰা এতিয়ালৈকে অন্য কোনো চিত্ৰৰ আছেনে? চিত্ৰতো বহুতৰে আছে কিন্তু এনেকৈ
বিধিপূৰ্বক পূজা অন্য কোনো আত্মাৰ হৈছেনে? ধৰ্ম পিতা হওঁক, নেতা হওঁক, অভিনেতা হওঁক
চিত্ৰতো সকলোৰে তৈয়াৰ কৰে কিন্তু চিত্ৰৰ আভিজাত্য আৰু পূজাৰ আভিজাত্য কাৰোবাৰ
দেখিছানে? ডবল বিদেশীসকলে নিজৰ পূজা দেখিছানে? তোমালোকে দেখিছা নে কেৱল শুনিছা?
এনেকৈ বিধিপূৰ্বক পূজা আৰু চিত্ৰৰ জেউতি, আত্মিকতা আন কাৰো হোৱা নাই আৰু নহ’ব। কিয়?
পৱিত্ৰতাৰ আভিজাত্য আছে। পৱিত্ৰতাৰ ব্যক্তিত্ব আছে। বাৰু, দেখিলানে নিজৰ পূজা? নাই
দেখা যদি চাই ল’বা। এতিয়া শেষত সংগমযুগত আহা, সংগমযুগতো গোটেই বিশ্বৰ ভিতৰত
পৱিত্ৰতাৰ আভিজাত্য হৈছে ব্ৰাহ্মণ জীৱনৰ আধাৰ। যদি পৱিত্ৰতা নাই তেন্তে প্ৰভু
প্ৰেমৰ অনুভৱো নাই। সৰ্ব পৰমাত্ম প্ৰাপ্তিৰ অনুভৱ নাই। ব্ৰাহ্মণ জীৱনৰ ব্যক্তিত্ব
হৈছে পৱিত্ৰতা আৰু পৱিত্ৰতাই হৈছে আত্মিক আভিজাত্য। তেন্তে আদি, অনাদি, আদি মধ্য আৰু
অন্ত গোটেই কল্পত এই আত্মিক আভিজাত্য চলি আহিছে।
তেন্তে নিজে নিজক চোৱা – দৰ্পণতো তোমালোক সকলোৰে আছে নহয়? দৰ্পণ আছেনে? চাব পাৰানে?
তেন্তে চোৱা। মোৰ মাজত পৱিত্ৰতাৰ আভিজাত্য কিমান শতাংশ আছে? মোৰ চেহেৰাত পৱিত্ৰতাৰ
জেউতি দেখা যায়নে? চাল-চলনত পৱিত্ৰতাৰ মাদকতা দেখা যায়নে? মাদকতা অৰ্থাৎ নিচা। চলনত
সেই মাদকতা অৰ্থাৎ আত্মিক নিচা দেখা যায়নে? চালানে নিজক? চাবলৈ কিমান সময় লাগে?
চেকেণ্ড নহয় জানো? তেন্তে সকলোৱে নিজক চালানে?
কুমাৰীসকলৰ প্ৰতি:- জেউতি আৰু মাদকতা আছেনে? ভাল কথা, সকলো উঠা, থিয় হৈ যোৱা। (কুমাৰীসকলে
ৰঙা পতি লগাই বহিছে, য’ত লিখা আছে ‘একব্ৰতা’) সুন্দৰ দেখি নহয়। ‘একব্ৰতা’ৰ অৰ্থই
হ’ল পৱিত্ৰতাৰ আভিজাত্য। তেন্তে একব্ৰতাৰ পাঠ দৃঢ় কৰি লৈছানে! তালৈ যোৱাৰ পাছত কেঁচা
হ’বলৈ নিদিবা। আৰু কুমাৰৰ দল উঠা। কুমাৰৰ দলটিও ভাল। কুমাৰসকলে অন্তৰত পৱিত্ৰতাৰ পতি
বান্ধি লৈছে, এওঁলোকে (কুমাৰীসকলে) বাহিৰৰ পৰাও বান্ধি লৈছে। পৱিত্ৰতাৰ পতি বান্ধিছে
যে সদায় অৰ্থাৎ নিৰন্তৰ পৱিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰি থাকোঁতা কুমাৰ হওঁ। এনেকুৱা
হোৱানে? হয় বুলি কোৱা। নহয় নে হয়? নে তালৈ গৈ পত্ৰ লিখিবা অলপ অলপ ঢিলা হৈ গ’ল!
এনেকুৱা নকৰিবা। যেতিয়ালৈকে ব্ৰাহ্মণ জীৱন-যাপন কৰিবা তেতিয়ালৈকে সম্পূৰ্ণ পৱিত্ৰ
হৈ থাকিবই লাগিব। এনেকুৱা প্ৰতিজ্ঞা কৰিছানে? দৃঢ় প্ৰতিজ্ঞা কৰিছা যদি হাত লৰোৱা।
টি.ভি.ত তোমালোকৰ ফটো ওলাই আছে। যিসকল ঢিলা হ’ব তেওঁলোকলৈ এই চিত্ৰ পঠিয়াম, সেয়েহে
ঢিলা নহ’বা, দৃঢ় হৈ থাকিবা। দৃঢ় হোৱানে, পাণ্ডৱতো দৃঢ় হয়। দৃঢ় পাণ্ডৱ বহুত ভাল।
পৱিত্ৰতাৰ বৃত্তি হৈছে - শুভ ভাৱনা, শুভ কামনা। কোনোবা যেনেকুৱাই নহওঁক কিন্তু
পৱিত্ৰ বৃত্তি অৰ্থাৎ শুভ ভাৱনা, কামনা আৰু পৱিত্ৰ দৃষ্টি অৰ্থাৎ সদায় প্ৰত্যেককে
আত্মিক ৰূপত চোৱা বা ফৰিস্তা ৰূপত চোৱা। তেন্তে বৃত্তি, দৃষ্টি আৰু তৃতীয়তে হ’ল কৃতি
অৰ্থাৎ কৰ্মত, কৰ্মতো সদায় সকলো আত্মাক সুখ দিয়া আৰু সুখ লোৱা। এয়া হ’ল পৱিত্ৰতাৰ
চিন। বৃত্তি, দৃষ্টি আৰু কৃতি তিনিওটাতে এইটো ধাৰণা হওঁক। কোনোবাই যিয়েই নকৰক, দুখো
দিয়ক, অপমানো কৰক, কিন্তু আমাৰ কৰ্তব্য কি? দুখ দিওঁতাজনক জানো অনুসৰণ কৰিব লাগে নে
বাপদাদক অনুসৰণ কৰিব লাগে? পিতাক অনুসৰণ কৰিব লাগে নহয়! তেন্তে পিতা ব্ৰহ্মাই দুখ
দিলে নে সুখ দিলে? সুখ দিলে নহয়! গতিকে তোমালোক মাষ্টৰ ব্ৰহ্মা অৰ্থাৎ ব্ৰাহ্মণ
আত্মাসকলে কি কৰিব লাগে? কোনোবাই দুখ দিলে তোমালোকে কি কৰিবা? দুখ দিবানে? নিদিয়া?
যদি বহুত দুখ দিয়ে তেন্তে? বহুত গালি দিয়ে, বহুত অপমান কৰে, তেতিয়া অলপতো অনুভূতিত
আঘাত কৰিব নহয় নে নকৰে? কুমাৰীসকলৰ অনুভূতিত আঘাত কৰিবনে? অলপ। তেন্তে পিতাক অনুসৰণ
কৰা। এইটো ভাবা মোৰ কৰ্তব্য কি! তেওঁৰ কৰ্তব্য দেখি নিজৰ কৰ্তব্য পাহৰি নাযাবা। তেওঁ
গালি দি আছে, তোমালোকে সহনশীল দেৱী, সহনশীল দেৱতা হৈ যোৱা। তোমালোকৰ সহনশীলতাৰ বাবে
গালি দিওঁতাজনেও তোমালোকক আকোৱালি ল’ব। সহনশীলতাত ইমান শক্তি আছে, কিন্তু অলপ সময়
সহন কৰিবলগীয়া হয়। তেন্তে সহনশীলতাৰ দেৱ বা দেৱী হোৱা নহয়? হোৱানে? সদায় এইটোৱে
স্মৃতিত ৰাখিবা - মই সহনশীলতাৰ দেৱতা হওঁ, মই সহনশীলতাৰ দেৱী হওঁ। তেন্তে দেৱতা
অৰ্থাৎ দিওঁতা দাতা, কোনোবাই গালি দিয়ে, সন্মান নকৰে তেন্তে সেয়া জাৱৰ নহয় জানো, নে
ভাল বস্তু? তেন্তে তোমালোকে লোৱা কিয়? জাৱৰ লয় জানো? কোনোবাই তোমালোকক জাৱৰ দিলে
তোমালোকে ল’বা জানো? নোলোৱা নহয়। তেন্তে সন্মান নকৰা, অপমান কৰা, গালি দিয়া,
তোমালোকক অশান্ত কৰা, এয়া কি? ভাল বস্তু জানো! তেন্তে তোমালোকে লোৱা কিয়? অলপ অলপতো
লৈ লোৱা, পাছত ভাবা ল’ব নালাগিছিল। গতিকে এতিয়া নল’বা। লোৱা অৰ্থাৎ মনত ধাৰণা কৰা,
অনুভূতিত আঘাত পোৱা। গতিকে নিজৰ অনাদি কাল, আদি কাল, মধ্যকাল, সংগমকাল, গোটেই কল্পৰ
পৱিত্ৰতাৰ আভিজাত্য, ব্যক্তিত্ব স্মৃতিলৈ আনা। কোনোবাই যিয়েই নকৰক তোমালোকৰ
ব্যক্তিত্বক কোনেও কাঢ়ি ল’ব নোৱাৰে। এইটো আত্মিক নিচা আছে নহয়? আৰু ডবল বিদেশীসকলৰ
ডবল নিচা আছে নহয়! ডবল নিচা আছে নহয়? সকলো কথাৰে ডবল নিচা। পৱিত্ৰতাৰো ডবল নিচা,
সহনশীল দেৱী-দেৱতা হোৱাৰো ডবল নিচা। আছে নহয় ডবল? কেৱল অমৰ হৈ থাকিবা। অমৰ হোৱাৰ
বৰদান কেতিয়াও পাহৰি নাযাবা।
বাৰু, যিসকল প্ৰবৃত্তিধাৰী অৰ্থাৎ যুগল (দম্পতী), এনেয়ে অকলেই থাকে, কওঁতে যুগল বুলি
কোৱা হয়, তেওঁলোক উঠা। থিয় হৈ যোৱা। যুগলতো বহুত আছে, কুমাৰ, কুমাৰীতো কম আছে।
কুমাৰতকৈতো যুগল বেছি আছে। তেন্তে যুগলমূৰ্ত বাপদাদাই তোমালোক সকলোকে প্ৰবৃত্তিত
থাকিবলৈ কিয় নিৰ্দেশ দিছে? তোমালোকক যুগল হৈ থকাৰ অনুমতি কিয় দিছে? প্ৰবৃত্তিত থকাৰ
অনুমতি কিয় দিছে, জানানে? কিয়নো যুগল ৰূপত থাকি এই মহামণ্ডলেশ্বৰসকলক চৰণত নত শিৰ
কৰাব লাগে। ইমান সাহস আছেনে? তেওঁলোকে কয় যে একেলগে থাকি পৱিত্ৰ হৈ থকাটো কঠিন আৰু
তোমালোকে কি কোৱা? কঠিন নে সহজ? (বহুত সহজ) দৃঢ় হোৱা নহয়? নে কেতিয়াবা সহজ,
কেতিয়াবা অলস? সেয়েহে বাপদাদাই ড্ৰামা অনুসৰি তোমালোক সকলোকে, জগতৰ আগত উদাহৰণ কৰি
তুলিছে। প্ৰত্যাহ্বান জনাবৰ বাবে। তেন্তে প্ৰবৃত্তিত থাকিও নিবৃত্ত, অপৱিত্ৰতাৰ পৰা
নিবৃত্ত হৈ থাকিব পাৰানে? তেন্তে প্ৰত্যাহ্বান জনাওঁতা হোৱা নহয়? সকলো প্ৰত্যাহ্বান
জনাওঁতা হোৱা, অলপ অলপ ভয়তো নকৰা, প্ৰত্যাহ্বানতো জনাম কিন্তু নাজানো কি হয়! তেন্তে
প্ৰত্যাহ্বান বিশ্বক জনোৱা কিয়নো নতুন কথা এয়াই যে লগত থাকিও সপোনতো অপৱিত্ৰতাৰ
সংকল্প যাতে নাহে, এয়াই সংগমযুগৰ ব্ৰাহ্মণ জীৱনৰ বিশেষত্ব। তেন্তে এনেকুৱা বিশ্বৰ
শ্ব’কেচৰ তোমালোক উদাহৰণ হোৱা, আৰ্হি বুলি কোৱা বা উদাহৰণ বুলি কোৱা। তোমালোকক দেখি
সকলোৱে শক্তি পাব আমিও হ’ব পাৰোঁ। ঠিক আছে নহয়? শক্তিসকল ঠিক আছে নহয়? দৃঢ় হোৱা
নহয়? কেতিয়াবা কেঁচা কেতিয়াবা দৃঢ়তো নহয়? দৃঢ়। বাপদাদাও তোমালোকক দেখি আনন্দিত হৈছে।
অভিনন্দন। চোৱা কিমান আছে? বহুত ভাল।
বাকী থাকিল শিক্ষকসকল। শিক্ষকৰ অবিহনেতো গতি নাই। শিক্ষকসকল উঠা। বাৰু- পাণ্ডৱো ভাল
ভাল আছে। বাঃ। শিক্ষকসকলৰ বিশেষত্ব হ’ল যে প্ৰতিগৰাকী শিক্ষকৰ চেহেৰাত ভৱিষ্যৎ দেখা
দিয়ক। বা প্ৰতিগৰাকী শিক্ষকৰ চেহেৰাত ফৰিস্তা স্বৰূপ দেখা দিয়ক। এনেকুৱা শিক্ষক হোৱা
নহয়! তোমালোক ফৰিস্তাসকলক দেখি অন্যও ফৰিস্তা হৈ যাওঁক। চোৱা কিমান শিক্ষক আছে।
বিদেশৰ দলত শিক্ষক বহুত আছে। এতিয়াতো অলপ আহিছে। যিসকল অহা নাই তেওঁলোককো বাপদাদাই
স্মৰণ কৰি আছে। ভাল কথা, এতিয়া শিক্ষকসকলে মিলি এইটো পৰিকল্পনা কৰা যে নিজৰ চলন আৰু
চেহেৰাৰে পিতাক প্ৰত্যক্ষ কেনেকৈ কৰিম? জগতবাসীয়ে কয় পৰমাত্মা সৰ্বব্যাপী আৰু
তোমালোকে কোৱা নহয়। কিন্তু বাপদাদাই কয় যে এতিয়া সময় অনুসৰি প্ৰতিগৰাকী শিক্ষকৰ
মাজত পিতা প্ৰত্যক্ষ হওঁক তেতিয়া সৰ্বব্যাপী দেখা যাব নহয়! যাকে চাব তেওঁৰ মাজত
পিতাকহে যাতে দেখা পায়। আত্মা, পৰমাত্মাৰ আগত লুকাই যাওঁক আৰু পৰমাত্মাই দৃষ্টিগোচৰ
হওঁক। এয়া হ’ব পাৰেনে? বাৰু ইয়াৰ তাৰিখ কি? তাৰিখতো নিৰ্ধাৰিত হ’ব লাগে নহয়? তেন্তে
ইয়াৰ তাৰিখ কি? কিমান সময় লাগে? (এতিয়াৰ পৰা আৰম্ভ কৰিম) আৰম্ভ কৰিবা, ভাল সাহস আছে,
কিমান সময় লাগিব? 2002 তো চলি আছে এতিয়া দুই হাজাৰৰ পৰা কেতিয়ালৈকে? গতিকে
শিক্ষকসকলে এইটোৱে মনোযোগ দিব লাগে যে বচ্ এতিয়া পিতাৰ মাজত সমাহিত হৈ থকা ৰূপত
প্ৰত্যক্ষ হওঁ। মোৰ দ্বাৰা পিতা প্ৰত্যক্ষ হওঁক। পৰিকল্পনা কৰিবা নহয়! ডবল বিদেশী
বৈঠক কৰাততো বুদ্ধিমান হোৱা নহয়? এতিয়া ইয়াৰ বৈঠক কৰিবা, এইখন বৈঠক নকৰাকৈ নাযাবা
যে কেনেকৈ আমাৰ এজন এজনৰ দ্বাৰা পিতাক দেখা পায়। এতিয়া ব্ৰহ্মাকুমাৰীসকলক দেখা পায়,
ব্ৰহ্মাকুমাৰীসকল বহুত ভাল কিন্তু এওঁলোকৰ বাবা কিমান ভাল, সেইটো দেখক। তেতিয়াহেতো
বিশ্ব পৰিৱৰ্তন হ’ব নহয়! তেন্তে ডবল বিদেশীসকলে এইটো পৰিকল্পনা বাস্তৱত আৰম্ভ কৰিবা
নহয়! কৰিবানে? দৃঢ়নে। বাৰু। তেতিয়া তোমালোকৰ দাদী আছে নহয়, তেওঁৰ আশা পূৰ্ণ হৈ যাব।
ঠিক আছে নহয়? বাৰু।
চোৱা ডবল বিদেশীসকল কিমান সেৱাধাৰী, তোমালোকৰ বাবে সকলোকে স্নেহসহিত স্মৰণ কৰি আছে।
বাবাদাদাৰো ডবল বিদেশীসকলৰ প্ৰতি অধিক বুলিতো নকয় কিন্তু বিশেষ স্নেহ আছে। কিয়
স্নেহ আছে? কিয়নো ডবল বিদেশী আত্মাসকলৰ যিসকল সেৱাৰ নিমিত্ত হৈ গৈছে, তেওঁলোক
বিশ্বৰ চুকে- কোণে পিতাৰ বাৰ্তা প্ৰেৰণ কৰাৰ নিমিত্ত হৈছে। নহ’লেতো চাৰিওফালৰ
বিদেশৰ আত্মাসকল তৃষ্ণাতুৰ হৈ থাকিহেঁতেন। এতিয়া পিতাকতো আপত্তি কৰিব নোৱাৰিব নহয়
যে ভাৰতত আহিল, বিদেশত কিয় বাৰ্তা নিদিলে। গতিকে পিতাৰ আপত্তি পূৰা কৰাৰ নিমিত্ত
হৈছা। আৰু ‘জনক’ৰতো (জানকী দাদীৰ) উৎসাহ বহুত আছে, কোনো দেশ যাতে বাকী থাকি নাযায়।
বাৰু। পিতাৰ আপত্তিতো পূৰা কৰিবা নহয়! কিন্তু তুমি (দাদী জানকী) সংগীসকলক বহুত
ক্লান্ত কৰি দিয়া। ক্লান্ত কৰায় নহয়! জয়ন্তী, ক্লান্ত নকৰায়নে? কিন্তু এই ক্লান্তিতো
আনন্দ সমাহিত হৈ থাকে। প্ৰথমে এনেকুৱা লাগে এয়া বাৰন্বাৰ কি, কিন্তু যেতিয়া ভাষণ দি
আশীৰ্বাদ লৈ আহা নহয় তেতিয়া চেহেৰা সলনি হৈ যায়। ভাল কথা, দুয়োগৰাকী দাদীৰ
উৎসাহ-উদ্দীপনা বঢ়োৱাৰ বিশেষত্ব আছে। এওঁ শান্ত হৈ বহি থাকিব নোৱাৰে। সেৱা এতিয়াও
বাকী আছে নহয়? যদি মানচিত্ৰ লৈ চোৱা ভাৰততে হওঁক বা বিদেশতে হওঁক, যদি মেপত এখন এখন
স্থানত চিহ্ন লগাই যোৱা তেতিয়া দেখিবলৈ পাবা এতিয়াও বাকী আছে সেই কাৰণে বাপদাদা
আনন্দিতও হয় আৰু কয়ো বেছি ক্লান্ত কৰি নিদিবা। তোমালোক সকলো সেৱাত আনন্দিত হোৱা নহয়!
এতিয়া এই কুমাৰীসকলো শিক্ষক হ’বগৈ নহয়। যিসকল শিক্ষক তেওঁলোকতো আছেই কিন্তু যিসকল
শিক্ষক নহয় তেওঁলোকে শিক্ষক হৈ কোনোবা নহয় কোনোবাটো সেৱাকেন্দ্ৰৰ তত্ত্বাৱধান ল’ব
নহয়। সহযোগী হ’ব নহয়! ডবল বিদেশী সন্তানসকলৰ দুয়োটা কাম কৰাৰ অভ্যাসতো আছেই। চাকৰিও
কৰে সেৱাকেন্দ্ৰৰো তত্ত্বাৱধান লয়, সেই কাৰণে বাপদাদাই ডবল শুভেচ্ছাও জনায়। ভাল বাৰু।
চাৰিওফালৰ অতি স্নেহী, অতি সমীপৰ, সদায় আদিকালৰ পৰা এতিয়ালৈকে আভিজাত্যৰ অধিকাৰী,
সদায় চেহেৰা আৰু চলনেৰে পৱিত্ৰতাৰ জেউতি দেখাওঁতা, সদায় নিজক সেৱা আৰু স্মৃতিত
তীব্ৰ পুৰুষাৰ্থৰ দ্বাৰা এক নম্বৰ হওঁতা, সদায় পিতাৰ সমান সৰ্ব শক্তি, সৰ্ব গুণ
সম্পন্ন স্বৰূপত থাকোঁতা, এনেকুৱা সকলোফালৰ প্ৰতিগৰাকী সন্তানক বাপদাদাৰ স্নেহপূৰ্ণ
স্মৰণ আৰু নমস্কাৰ।
বিদেশৰ মুখ্য
শিক্ষক ভগ্নীসকলৰ প্ৰতি:-
সকলোৱে সেৱাৰ ভাল ভাল
পৰিকল্পনা কৰিছা নহয় কিয়নো সেৱা সমাপ্ত হলেহে তোমালোকৰ ৰাজ্য আহিব। গতিকে সেৱাৰ
সাধনৰো আৱশ্যক। কিন্তু মনৰেই হওঁক, বাণীৰেই হওঁক, একেলগে হ’ব লাগে। সেৱা আৰু
স্ব-উন্নতি দুয়োটা একেলগে হওঁক। এনেকুৱা সেৱাই সফলতা সমীপত আনে। গতিকে সেৱাৰ
নিমিত্ততো হোৱাই আৰু সকলোৱে নিজৰ নিজৰ স্থানত সেৱাতো ভালেই কৰি আছা। বাকী এতিয়া যি
কাম দিয়া হৈছে, তাৰ পৰিকল্পনা কৰা। তাৰ বাবে নিজৰ ক্ষেত্ৰত আৰু সেৱাত কি কি বৃদ্ধি
হোৱা উচিত, অতিৰিক্ত সংযোজন লাগে তাৰ পৰিকল্পনা কৰা। বাকী বাপদাদা সেৱাধাৰীসকলক দেখি
আনন্দিততো হয়েই। সকলো সেৱাকেন্দ্ৰৰ ভাল উন্নতি হৈ আছে! উন্নতি হৈছে নহয়? ভাল কথা।
ভাল হৈ আছে নহয়। হৈ আছে আৰু হৈ থাকিব। এতিয়া কেৱল যিসকল বেলেগে বেলেগে বিচ্ছিন্ন হৈ
আছে, তেওঁলোকক সংগঠিত কৰি তেওঁলোকক দৃঢ় কৰি তোলা। বাস্তৱ প্ৰমাণ সকলোৰে আগত দেখুওৱা।
লাগিলে যিয়েই সেৱা কৰি আছা, ভিন্ন ভিন্ন পৰিকল্পনা কৰা, কৰিও আছা, ভালকৈ চলিও আছে,
এতিয়া সেই সকলোৰে এটি দল সন্মুখত আনা যাতে সেৱাৰ প্ৰমাণ গোটেই ব্ৰাহ্মণ পৰিয়ালৰ
সন্মুখত আহি যায়। ঠিক আছে নহয়! বাকী সকলো ভাল, ভালতকৈও ভাল। ভাল বাৰু। ওঁম্শান্তি।
বৰদান:
তিনিটা
স্মৃতিৰ তিলকৰ দ্বাৰা শ্ৰেষ্ঠ স্থিতি গঢ়োঁতা অচল-অটল হোৱা
বাপদাদাই সকলো
সন্তানক তিনিটা স্মৃতিৰ তিলক দিছে, এটা নিজৰ স্মৃতি, তাৰপাছত পিতাৰ স্মৃতি আৰু
শ্ৰেষ্ঠ কৰ্মৰ কাৰণে ড্ৰামাৰ স্মৃতি। যিসকলৰ এই তিনিওটা স্মৃতি সদায় থাকে তেওঁলোকৰ
স্থিতিও শ্ৰেষ্ঠ হয়। আত্মাৰ স্মৃতিৰ লগতে পিতাৰ স্মৃতি আৰু পিতাৰ লগত ড্ৰামাৰ স্মৃতি
অতি আৱশ্যক কিয়নো কৰ্মত যদি ড্ৰামাৰ জ্ঞান আছে তেন্তে তল-ওপৰ নহ’ব। ভিন্ন ভিন্ন যি
পৰিস্থিতি আহে, তাত অচল-অটল হৈ থাকিবা।
স্লোগান:
দৃষ্টি অলৌকিক,
মন শীতল আৰু বুদ্ধি দয়াশীল কৰা।