03.11.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতাৰ দ্বাৰা যি জ্ঞান পাইছা সেয়া বুদ্ধিত স্থায়ী কৰি ৰাখিব লাগে, পুৱাতে উঠি
স্বদৰ্শন চক্ৰধাৰী হৈ বিচাৰ সাগৰ মন্থন কৰিব লাগে”
প্ৰশ্ন:
এই ঈশ্বৰীয়
পঢ়াৰ নিয়ম কোনটো? তাৰ কাৰণে কোনটো নিৰ্দেশনা পাইছা?
উত্তৰ:
এই ঈশ্বৰীয় পঢ়াৰ নিয়ম হৈছে – নিয়মিত পঢ়া। কেতিয়াবা পঢ়া, কেতিয়াবা নপঢ়া এইটো নিয়ম
নহয়। বাবাই পঢ়াৰ কাৰণে বহুত প্ৰবন্ধ কৰি দিছে। পঢ়া অৰ্থাৎ মুৰুলী ইয়াৰ পৰা ডাকত যায়।
7 দিনৰ পাঠ্যক্ৰম কৰি যিকোনো স্থানতে পঢ়িব পাৰা। পঢ়া কেতিয়াও খতি কৰিব নালাগে।
গীত:
ওঁম্ নমঃ
শিৱায়ে…
ওঁম্শান্তি।
যিসকল সন্তান
ইয়াত বহি আছে তেওঁলোকে ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্ত অথবা স্বদৰ্শন চক্ৰক স্মৰণ
কৰে। পিতাই সন্তানসকলক জ্ঞান দিছে যে স্বদৰ্শন চক্ৰধাৰী হোৱা। তোমালোক ব্ৰাহ্মণ
সন্তানসকলৰ উদ্দেশ্য হৈছে স্বদৰ্শন চক্ৰধাৰী হোৱা। মূললোক, সূক্ষ্মলোক, স্থূললোক,
এই 84 জন্মৰ চক্ৰক বুদ্ধিত ৰাখিব লাগে। অন্য সকলো বুদ্ধিৰ পৰা উলিয়াই দিব লাগে।
এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যথাযথ পিতাই আমাক সূৰ্যবংশী, চন্দ্ৰবংশী কৰি
তুলিছিল, আকৌ 84 জন্ম ললোঁ। চলোঁতে-ফুৰোঁতে, উঠোঁতে-বহোঁতে এই স্বৰ অৰ্থাৎ আত্মাৰ
পিতাৰ আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান আছে। এতিয়া তোমালোকক শিৱবাবাই শূদ্ৰৰ পৰা
ব্ৰাহ্মণ কৰি তুলিছে। পিতাই বুজাইছে তোমালোকে 84 জন্মৰ চক্ৰৰ বাজী কেনেকৈ খেলা।
পোন-প্ৰথমে আমি ব্ৰাহ্মণ, ব্ৰহ্মাৰ দ্বাৰা আমাক ব্ৰাহ্মণসকলক ৰচোঁতাজন হৈছে শিৱবাবা।
ৰচয়িতা আৰু ৰচনাৰ জ্ঞানেৰেই তোমালোক স্বদৰ্শন চক্ৰধাৰী হোৱা। এই জ্ঞান বুদ্ধিত
স্থায়ী কৰি ৰাখিব লাগে। ৰাতিপুৱা উঠি স্বদৰ্শন চক্ৰধাৰী হৈ বহি যাব লাগে। আমি নিজৰ
84 জন্মৰ চক্ৰক জানি গ’লোঁ। আমাৰ অৰ্থাৎ সকলো আত্মাৰ ৰচয়িতা পিতা এজন। এনেকৈ কয়ো যে
আমি সকলো ভাই ভাই। আমাৰ পিতা সেইজন নিৰাকাৰ পৰমপিতা পৰমাত্মা, পৰমধামত থাকোঁতা।
আমিও তাত আছিলোঁ, তেওঁ আমাৰ বাবা। ‘বাবা’ শব্দটি অতি মৰমৰ। শিৱবাবাৰ মন্দিৰলৈ গৈ
কিমান পূজা কৰে, বহুত স্মৰণ কৰে। পিতাই কয় – মই তোমালোকক মনুষ্যৰ পৰা দেৱতা, তুচ্ছ
বুদ্ধিৰ পৰা স্বচ্ছ বুদ্ধিৰ কৰি তোলোঁ। তুছ বুদ্ধি অৰ্থাৎ শূদ্ৰ বুদ্ধিৰ পৰা স্বচ্ছ
বুদ্ধিৰ কৰি তুলিছিলোঁ অৰ্থাৎ উচ্চ বুদ্ধি, পুৰুষোত্তম বুদ্ধিৰ কৰি তুলিছিলোঁ। সকলো
পুৰুষ-স্ত্ৰীয়ে এই লক্ষ্মী-নাৰায়ণক নমন কৰে। কিন্তু এইটো নাজানে – এওঁলোক কোন?
কেতিয়া আহিল, কি কৰিলে? পিতাই বুজাইছে - এই ভাৰত অবিনাশী খণ্ড কিয়নো অবিনাশী পিতা
পৰমপিতা পৰমাত্মাৰ জন্মভূমি হয়। পতিত-পাৱন, সকলোৰে সৎগতি দাতাৰ জন্মস্থান গতিকে
এইখন হ’ল অতিকৈ শ্ৰেষ্ঠ তীৰ্থস্থান। ইমান নিচা কাৰোবাৰ আছে জানো যে এইখন পৰমপিতা
পৰমাত্মাৰ, সকলোৰে সৎগতি দাতা পিতাৰ জন্মভূমি। পতিত-পাৱনৰ জয়ন্তী ভাৰতত হয়।
শিৱজয়ন্তী পালন কৰে যেতিয়া নিশ্চয় শিৱৰ জন্ম ইয়াতেই হয়। এই ভাৰত ডাঙৰ তীৰ্থস্থান।
কিন্তু নাটক অনুসৰি কোনেও গম নাপায় যে এইখন আমাৰ ঈশ্বৰ পিতা অথবা মাতা-পিতা,
পতিত-পাৱন সকলোৰে সৎগতি দাতাৰ জন্মস্থান সেইকাৰণে ভাৰত ভূমিক ‘বন্দে মাতৰম্’ বুলি
কয় অৰ্থাৎ এই ভূমিত এই কুমাৰীসকল যিসকলে শ্ৰীমতত ভাৰতক স্বৰ্গ কৰি তোলে, তেওঁলোকৰ
এইটো নিচা থাকিব লাগে যে শ্ৰীমতত আমি কল্পই কল্পই ভাৰতক স্বৰ্গ কৰি তোলোঁ। যিয়ে
যিমান শ্ৰীমতত চলিব, সিমান উচ্চ পদ পাব। ভাৰতবাসীয়ে কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি
লিখি দিছে। তোমালোকে জানা যে বাবা যাৰ এই ভাৰত ভূমি জন্মস্থান হয়, তেওঁ যি ধৰ্ম
প্ৰতিষ্ঠা কৰিলে, গীতা সেই ধৰ্মৰেই। গীতা কোনে শুনালে, এইটো ভাৰতবাসীয়ে পাহৰি গৈছে।
কিমান পাৰ্থক্য হৈ গৈছে। ক’ত নিৰাকাৰ শিৱ, ক’ত শ্ৰীকৃষ্ণ। তোমালোকে জানা কৃষ্ণৰ
আত্মা যি বগা (পৱিত্ৰ; সুন্দৰ) আছিল এতিয়া বহুত জন্মৰ অন্তৰ জন্মত তমোপ্ৰধান হৈ গৈছে।
আকৌ এওঁৰ শৰীৰত প্ৰৱেশ কৰি এওঁকেই শ্ৰীকৃষ্ণ বগা কৰি আছোঁ সেইকাৰণে কৃষ্ণক ক’লা আৰু
বগা, শ্যাম আৰু সুন্দৰ বুলি কয়। এওঁ সত্যযুগৰ প্ৰথম নম্বৰ সুন্দৰ ৰাজকুমাৰ আছিল।
এওঁৰ মহিমা হ’ল – মৰ্যাদা পুৰুষোত্তম, অহিংসা পৰমধৰ্ম। ভাৰতবাসীয়ে এইটো নাজানে যে
ৰাধা কৃষ্ণ আৰু লক্ষ্মী-নাৰায়ণৰ পৰস্পৰ কি সম্বন্ধ! পিতাই কয় – এতিয়ালৈকে তোমালোকে
যি পঢ়ি আহিছা, সেইবোৰত কোনো সাৰ নাই। এতিয়া তোমালোক সন্মুখত বহি আছা। জানা যে বাবাই
5 হাজাৰ বছৰৰ পাছত পুনৰাই আমাক ৰাজযোগৰ শিক্ষা দি আছে। সমগ্ৰ জগতে কয় - কৃষ্ণই গীতা
শুনালে। পিতাই কয় – কৃষ্ণৰ সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞানেই নাই। কৃষ্ণৰ আত্মাই
পূৰ্বৰ জন্মত এই জ্ঞান প্ৰাপ্ত কৰিছিল, এতিয়া কৰি আছে। যাৰ নাম মই ব্ৰহ্মা ৰাখিছোঁ।
তেওঁৰ বহুত জন্মৰ অন্তৰ জন্মত মই প্ৰৱেশ কৰোঁ। তোমালোক জীৱন্তে মৃত হৈছা নহয়।
তোমালোকৰ অব্যক্ত নামো ৰাখিছিলোঁ। এতিয়া নাৰাখোঁ, কিয়নো বহুত আঁতৰি গুচি গ’ল। বাবাৰ
হৈ নাম ৰাখি আঁতৰি গুচি গ’লে, এয়াতো শোভা নাপায় সেইকাৰণে নাম দিয়া বন্ধ কৰি দিলোঁ।
এতিয়া তোমালোক ব্ৰাহ্মণ হৈছা। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান, শিৱবাবাৰ নাতি হোৱা।
পিতাই কয় – উত্তৰাধিকাৰ তোমালোকে মোৰ পৰা ল’ব লাগে গতিকে মোক স্মৰণ কৰা। এওঁৰ এইটো
বহুত জন্মৰ অন্তৰ জন্ম। সূক্ষ্মবতনত যিগৰাকী ব্ৰহ্মা দেখুৱায় তেওঁতো পাৱন হয়।
সূক্ষ্মবতনত প্ৰজাপিতাতো থাকিব নোৱাৰে। পিতাই বুজায় - এওঁ ব্যক্ত, বৃক্ষৰ অন্তত থিয়
হৈ আছে। ইয়াত সন্তানসকলৰ লগত যোগত বহি আছে – পৱিত্ৰ ফৰিস্তা হ’বৰ কাৰণে। সেয়েহে
সূক্ষ্মৱতনত দেখুৱাবলগীয়া হয়। ইয়াতো প্ৰজাপিতা নিশ্চয় লাগে। সেয়া অব্যক্ত, এয়া
ব্যক্ত। তোমালোকো ফৰিস্তা হ’বলৈ আহিছা। এই ক্ষেত্ৰতে মনুষ্য বিবুদ্ধিত পৰে কিয়নো এয়া
হ’ল একেবাৰে নতুন জ্ঞান। কোনো শাস্ত্ৰ আদিত এই জ্ঞান নাই। ভগৱান এজন উচ্চতকৈও উচ্চ
নিৰাকাৰ পৰমপিতা পৰমাত্মা, সকলো আত্মাৰ পিতা। তেওঁৰ থকা স্থান হ’ল পৰমধাম। তেওঁক
সকলোৱে স্মৰণ কৰে যে আহক, আমাৰ ওপৰত মায়াৰ প্ৰচ্ছায়া পৰি গৈছে। পতিত হৈ গৈছে। এই
কথাবোৰ নতুনকৈ অহাসকলৰ বুদ্ধিত ধাৰণ নহ’ব। এতিয়া তোমালোকে ৰচনাৰ আদি-মধ্য-অন্তক জানা।
সত্যযুগত আমি বহুত কম সংখ্যকে ৰাজত্ব কৰিছিলোঁ। তাত অধৰ্মৰ কথা হ’ব নোৱাৰে।
শাস্ত্ৰবিলাকত কিমান কথা লিখি দিছে, কিন্তু সেইবোৰত কোনো সাৰ নাই। ছিৰি অৱনমিত হৈ
হৈ অন্তত এতিয়া পতিত হৈছে। এতিয়া তোমালোকে জপিওৱা, অৱনমিত হ’বলৈ 84 জন্ম লাগিল,
চেকেণ্ডত জপিওৱা।
তোমালোক সন্তানসকলে
এতিয়া ৰাজযোগ শিকি আছা, আকৌ শান্তিধামলৈ গৈ সুখধামলৈ আহি যাবা। এয়া হ’ল দুখধাম।
প্ৰথমে তোমালোক আহিছা গতিকে পিতায়ো পোন প্ৰথমে তোমালোকক সাক্ষাৎ কৰে। ইয়াত পিতা আৰু
সন্তানসকল, আত্মা আৰু পৰমাত্মাৰ মেলা হয়। হিচাপ আছে নহয় - আমাৰ পিতাৰ পৰা বিদায়
লোৱাৰ 5 হাজাৰ বছৰ হ’ল। পোন-প্ৰথমে স্বৰ্গত ভূমিকা পালন কৰিলোঁ, তাৰপৰা ভূমিকা পালন
কৰি কৰি তোমালোক অৱনমিত হৈ আহিলা। এতিয়া তোমালোক পিতাৰ ওচৰলৈ আহি গ’লা, বাকী যি কিছু
থাকিব তেওঁলোকো আহি যাব। এইটো বুজিবলগীয়া কথা। পঢ়িব লাগে। স্কুললৈ কেতিয়াবা যোৱা
কেতিয়াবা নোযোৱা এইটো নিয়ম নহয়, বাবাই পঢ়াৰ কাৰণে বহুত প্ৰবন্ধও কৰি থৈছে। নহ’লেতো
কেতিয়াও কাৰো ওচৰলৈ পঢ়া পাঠ ডাকত নাযায়। এই বেহদৰ পিতাই পঢ়োৱা পাঠ পঢ়া ডাকত যায়।
কিমান কাগজ ছপা হয়। ক’ত ক’ত যায়। 7 দিনৰ পাঠ্যক্ৰম কৰি তাৰপাছত যিকোনো স্থানতে পঢ়ি
থাকা। এই সময়ত সকলো আধাকল্পৰ ৰোগী, সেইকাৰণে 7 দিন ভাতীত ৰাখিবলগীয়া হয়। এই 5
বিকাৰৰ বেমাৰ গোটেই সৃষ্টিত বিয়পি আছে। সত্যযুগত তোমালোকৰ কায়া নিৰোগী আছিল, সৰ্বদা
স্বাস্থ্যৱান সম্পত্তিমান আছিল। এতিয়াতো কি অৱস্থা হৈ গ’ল। এই গোটেই খেলখন ভাৰতক
লৈয়েই। তোমালোকৰ এতিয়া 84 জন্মৰ স্মৃতি উদয় হৈছে। কল্পই কল্পই তোমালোকেই স্বদৰ্শন
চক্ৰধাৰী হোৱা আৰু চক্ৰৱৰ্তী ৰজাও হোৱা। এয়া বাদশ্বাহী স্থাপন হৈ আছে, ইয়াত
ক্ৰমানুসৰি পদ হ’ব। প্ৰজাও অনেক প্ৰকাৰৰ লাগে। অন্তৰক সুধিব লাগে যে মই কিমানক নিজৰ
সমান স্বদৰ্শন চক্ৰধাৰী কৰি তোলোঁ। যিয়ে যিমান গঢ়ি তুলিব তেৱেঁই উচ্চ পদ পাব।
তোমালোকক পিতাই মায়াৰ সৈতে যুদ্ধ কৰিবলৈ শিকায়, সেইকাৰণে এওঁৰ নাম যুধিষ্ঠিৰ ৰাখিছে।
মায়াৰ ওপৰত বিজয়ী হোৱাৰ যুদ্ধ শিকায়। যুধিষ্ঠিৰ আৰু ধৃতৰাষ্ট্ৰকো দেখুৱায়। গায়নো কৰা
হয় – মায়াক জয় কৰোঁতাজনেই জগতজীৎ, কিমান সময় তোমালোকৰ বিজয় স্থায়ী হৈ থাকিল আকৌ
পৰাজিত কিমান সময় হোৱা। এয়াও তোমালোকে জানা। এয়া পাৰ্থিৱ যুদ্ধ নহয়। দেৱতা আৰু
অসুৰৰ যুদ্ধও নহয়। কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধও নহয়। মিছা কায়া, মিছা মায়া… এই ভাৰত
এতিয়া মিছা খণ্ড। সত্য খণ্ড আছিল যেতিয়াৰ পৰা ৰাৱণ ৰাজ্য আৰম্ভ হ’ল তেতিয়াৰ পৰা মিছা
খণ্ড হৈ গ’ল। ঈশ্বৰৰ কাৰণে কিমান মিছা কয়। কিমান কলংক লগায়। কলংঙ্কি (কল্কি) অৱতাৰৰো
গায়ন আছে। সকলোতকৈ বেছি কলংক পিতাৰ ওপৰত লগাইছে। তেওঁৰ বাবে কয় মৎস্য-কূৰ্ম অৱতাৰ,
পাথৰ-শিলগুটি সকলোতে ঈশ্বৰ আছে। কিমান গালি দিয়ে। কি এয়া সভ্যতা জানো? এতিয়া
তোমালোকে (জ্ঞানৰ) প্ৰকাশ পাইছা। তোমালোকে জানা পিতাই আমাক ৰচয়িতা আৰু ৰচনাৰ
আদি-মধ্য-অন্তৰ ৰহস্য বুজাই আছে, যিটো আন কোনেও নাজানে। পিতাহে সৎগতি দাতা হয়।
বাবাৰ জ্ঞানেৰে সকলোৰে সৎগতি হয়। বাকী যিসকল নিজেই দুৰ্গতিত আছে তেওঁলোকে কেনেকৈ
আনৰ সৎগতি কৰিব। মই আহি তোমালোকক ৰজাৰো ৰজা কৰি তোলোঁ। তোমালোকেই পৱিত্ৰ পূজ্য আছিলা,
এতিয়া আহি পূজাৰী হৈছা। অপৱিত্ৰ ৰজাসকলে পৱিত্ৰ ৰজাসকলৰ পূজা কৰে। সত্যযুগত দ্বৈত
মুকুটধাৰী আছিল। বিকাৰী ৰজা হ’লে তেতিয়া একক মুকুট থাকে। তেওঁলোকো মহাৰজা মহাৰাণী।
কিন্তু অপৱিত্ৰসকলে গৈ পৱিত্ৰসকলৰ আগত মূৰ দোৱায়। সেই ভাৰতবাসী পৱিত্ৰ
প্ৰবৃত্তিমাৰ্গৰ, সেই ভাৰতবাসীয়েই পতিত প্ৰবৃত্তিমাৰ্গৰ হয়। এতিয়া পিতাই কয় - এই
মৃত্যুলোকত তোমালোকৰ অন্তিম জন্ম। এতিয়া মই আহিছোঁ তোমালোকক পুনৰাই সত্যযুগলৈ লৈ
যাবলৈ। এই ক্ষেপণাস্ত্ৰৰ (মিছাইলৰ) যুদ্ধ 5 হাজাৰ বছৰ পূৰ্বেও লাগিছিল। এই পুৰণি
সৃষ্টি এতিয়া নাশ হ’ব। পিতাই বুজায় - গৃহস্থ ব্যৱহাৰত থাকি পদুম ফুলৰ দৰে হৈ থাকিব
লাগে। পদুম ফুলৰ দৰে তোমালোক ব্ৰাহ্মণ হৈছা। কিন্তু এই চিহ্ন বিষ্ণুক দি দিছে কিয়নো
তোমালোক সদায় একৰস হৈ নাথাকা। আজি পদুম ফুলৰ দৰে, দুবছৰ পাছত পতিত হৈ যায়।
তোমালোকৰ এয়া
সৰ্বোত্তম কুল। তোমালোক ব্ৰাহ্মণ টিকনি (আটাইতকৈ উচ্চ) হোৱা। আকৌ পুনৰ্জন্ম লৈ লৈ
দেৱতা, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হোৱা। শূদ্ৰৰ পৰা জানো ততালিকে দেৱতা হ’ব। ব্ৰাহ্মণ
টিকনিতো লাগে। এতিয়া ব্ৰাহ্মণসকলক বাবাই পঢ়াই আছে। তেন্তে এনেহেন বাবাক এৰি আঁতৰি
যাব লাগে জানো। বাবাই কয় – আশ্চৰ্যজনকভাৱে মোৰ হয়, শুনে আকৌ এৰি আঁতৰি গৈ মায়াৰ হয়গৈ।
বিশ্বাসঘাতক হয়, মোৰ নিন্দা কৰায়… তেওঁলোকক কোৱা হয় সৎগুৰুৰ নিন্দক স্বৰ্গত উচ্চ পদ
নাপায়। বাকী সেইসকল ভক্তিমাৰ্গৰ গুৰু, তেওঁলোক কোনো সৎগতি দাতা নহয়। সকলো আত্মাৰ
পিতা, শিক্ষক, গুৰু এজনেই নিৰাকাৰ পিতা। তেৱেঁই সকলোকে উদ্ধাৰ কৰিবলৈ আহিছে। আগলৈ
গৈ বুজিব তেতিয়া বহুত পলম হৈ যাব। তেওঁলোক আকৌ নিজৰ ধৰ্মতে গুচি যাব। শ্ৰেষ্ঠতকৈও
শ্ৰেষ্ঠ হৈছে দেৱতা ধৰ্ম। তাতোকৈও উচ্চ তোমালোক ব্ৰাহ্মণসকল যিসকল পিতাৰ সৈতে বহি
আছা। তোমালোকক পঢ়াওঁতাজন বিচিত্ৰ আৰু বিদেহী। পিতাই কয় - মোৰ দেহ নাই। মোক শিৱ বুলি
কয়, মোৰ নাম সলনি হ’ব নোৱাৰে। বাকী সকলোৰে শৰীৰৰ নাম সলনি হয়। মই হৈছোঁ পৰম আত্মা,
মোৰ জন্ম-পত্ৰিকা কোনেও উলিয়াব নোৱাৰে। যেতিয়া বেহদৰ ৰাত্ৰি হয় তেতিয়া মই আহোঁ দিন
কৰি তুলিবলৈ। এতিয়া হ’ল সংগম, এই কথাবোৰ ভালদৰে বুজি আকৌ ধাৰণ কৰিব লাগে। স্মৃতিলৈ
আনিব লাগে। ইয়ালৈ তোমালোক সন্তানসকল আহা, আজৰি পোৱা। বিচাৰ সাগৰ মন্থন ইয়াত ভালকৈ
কৰিব পাৰা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
াৰণাৰবাবেমুখ্যসাৰ:-
(1) সৰ্বোত্তম
কুলৰ স্মৃতিৰে গৃহস্থ ব্যৱহাৰত থাকি পদুম ফুলৰ সমান পৱিত্ৰ হ’ব লাগে। কেতিয়াও
সৎগুৰুৰ নিন্দা কৰাব নালাগে।
(2) শ্ৰীমতত ভাৰতক
স্বৰ্গ কৰি তোলাৰ সেৱা কৰিব লাগে। স্বদৰ্শন চক্ৰধাৰী হ’ব লাগে আৰু আনকো কৰি তুলিব
লাগে। যেতিয়াই আজৰি পোৱা তেতিয়া বিচাৰ সাগৰ মন্থন নিশ্চয় কৰিব লাগে।
বৰদান:
সদায়
কল্যাণকাৰী ভাৱনাৰ দ্বাৰা গুণগ্ৰাহী হওঁতা অচল-অটল হোৱা
নিজৰ অৱস্থা অচল-অটল
কৰি তুলিবলৈ সদায় গুণগ্ৰাহী হোৱা। যদি প্ৰতিটো কথাত গুণগ্ৰাহী হোৱা, তেন্তে
অস্থিৰতাত নাহা। গুণগ্ৰাহী অৰ্থাৎ কল্যাণৰ ভাৱনা। অৱগুণতো গুণ চোৱা— ইয়াকে
গুণগ্ৰাহী বুলি কোৱা হয়, সেইবাবে অৱগুণ থকাজনৰ পৰাও গুণ গ্ৰহণ কৰা। যেনেকৈ তেওঁ
অৱগুণত দৃঢ়, তেনেকৈ তোমালোক গুণত দৃঢ় হৈ থাকা। গুণৰ গ্ৰাহক হোৱা, অৱগুণৰ নহয়।
স্লোগান:
নিজৰ সকলো পিতাক অৰ্পণ কৰি সদায় বোজামুক্ত হৈ থকাজনেই ফৰিস্তা।
অব্যক্ত সংকেত: পিতা
ব্ৰহ্মাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ স্থিতিৰ অনুভৱ কৰা:
পিতাৰ সমান হ’বলৈ পিতা
ব্ৰহ্মাক অনুসৰণ কৰা। ভাবা, পিতা ব্ৰহ্মা সম্পূৰ্ণ কেনেকৈ হ’ল? তেওঁৰ কি বিশেষত্ব
আছিল? সম্পূৰ্ণতাৰ বিশেষ আধাৰ কি আছিল? পিতা ব্ৰহ্মাই নিজৰ সকলো সময় সফল কৰিলে।
প্ৰতিটো শ্বাস, প্ৰতিটো ছেকেণ্ড সফল কৰিলে। গতিকে পিতাৰ সমান হ’বলৈ হ’লে লক্ষ্য ৰাখা
যে সফল কৰিব লাগে আৰু সফলতামূৰ্ত হ’ব লাগে।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]