03.12.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – স্মৃতিৰ যাত্ৰাত এলেহুৱা নহ’বা, স্মৃতিৰ দ্বাৰাহে আত্মা পাৱন হ’ব, পিতা সকলো আত্মাৰ সেৱা কৰি শুদ্ধ কৰি তুলিবলৈ আহিছে"

প্ৰশ্ন:
কোনটো স্মৃতি স্থায়ী হৈ থাকিলে খোৱা-বোৱা শুদ্ধ হৈ যাব?

উত্তৰ:
যদি স্মৃতিত থাকে যে আমি সত্যখণ্ডলৈ যাবৰ বাবে বা মনুষ্যৰ পৰা দেৱতা হ’বৰ বাবে বাবাৰ ওচৰলৈ আহিছোঁ তেতিয়া খোৱা-বোৱা শুদ্ধ হৈ যাব কিয়নো দেৱতাসকলে কেতিয়াও অশুদ্ধ খাদ্য গ্ৰহণ নকৰে। যিহেতু আমি সত্যখণ্ড, পাৱন সৃষ্টিৰ মালিক হ’বলৈ সত্য পিতাৰ ওচৰলৈ আহিছোঁ সেয়েহে পতিত হ’বই নোৱাৰো।

ওঁম্শান্তি।
আত্মিক পিতাই আত্মিক সন্তানসকলক সোধে – সন্তানসকল, তোমালোক যেতিয়া ইয়াত বহা তেতিয়া কাক স্মৰণ কৰা? নিজৰ বেহদৰ পিতাক। তেওঁ ক’ত আছে? তেওঁক মিনতি কৰা হয় নহয় যে হে পতিত-পাৱন! আজিকালি সন্ন্যাসীসকলেও কৈ থাকে পতিত-পাৱন সীতাৰাম অৰ্থাৎ পতিতক পাৱন কৰি তোলোঁতা ৰাম আহক। এয়াতো সন্তানসকলে বুজি পায় – পাৱন সৃষ্টি সত্যযুগক, পতিত সৃষ্টি কলিযুগক কোৱা হয়। এতিয়া তোমালোক ক’ত বহি আছা? কলিযুগৰ অন্তত, সেইবাবে মিনতি কৰা – বাবা আহি আমাক পাৱন কৰি তোলক। আমি কোন? আত্মা। আত্মাহে পৱিত্ৰ হ’ব লাগে। আত্মা পৱিত্ৰ হ’লে তেতিয়া পৱিত্ৰ শৰীৰ ধাৰণ কৰে। আত্মা পতিত হ’লে পতিত শৰীৰেই পায়। এই শৰীৰতো হৈছে মাটিৰ পুতলা। আত্মাতো অবিনাশী। আত্মাই এই কৰ্মেন্দ্ৰিয়ৰে কয়, মিনতি কৰে – মই বহুত পতিত হৈ গ’লোঁ, আহি মোক পাৱন কৰি তোলক। পিতাই পাৱন কৰি তোলে। 5 বিকাৰৰূপী ৰাৱণে পতিত কৰি দিয়ে। পিতাই এতিয়া সোঁৱৰাই দিছে – আমি পাৱন আছিলোঁ আকৌ এনেকৈ 84 জন্ম লৈ লৈ এতিয়া অন্তিম জন্মত আছোঁ। এয়া যি মনুষ্য সৃষ্টিৰূপী বৃক্ষ আছে, পিতাই কয় – মই ইয়াৰ বীজৰূপ হওঁ, মোক আহ্বান জনায় – হে পৰমপিতা পৰমাত্মা, হে ঈশ্বৰ পিতা, মোক মুক্তি দিয়ক। প্ৰত্যকে নিজৰ কাৰণে কয় – মোক মুক্তিও দিয়ক আৰু পাণ্ডা হৈ শান্তিধাম ঘৰলৈ লৈ ব’লক। সন্ন্যাসী আদিয়েও কয় – স্থায়ী শান্তি কেনেকৈ পোৱা যাব? এতিয়া শান্তিধামতো হৈছে ঘৰ য’ৰ পৰা আত্মাসকল ভূমিকা পালন কৰিবলৈ আহে। তাত কেৱল আত্মাই থাকে শৰীৰ নাথাকে। আত্মাসকল নাঙঠ অৰ্থাৎ শৰীৰ অবিহনে থাকে। নাঙঠৰ অৰ্থ এইটো নহয় যে কাপোৰ নিপিন্ধাকৈ থাকে। নহয়, শৰীৰ অবিহনে আত্মা নাঙঠ (অশৰীৰী) হৈ থাকে। পিতাই কয় – সন্তানসকল, তোমালোক আত্মাসকল তাত মূললোকত শৰীৰ অবিহনে থাকা, সেইখনক নিৰাকাৰী সৃষ্টি বুলি কোৱা হয়।

সন্তানসকলক ছিৰিৰ বিষয়ে বুজোৱা হৈছে – কেনেকৈ আমি ছিৰি তললৈ নামি আহিছোঁ। সৰ্বাধিক 84 জন্ম লাগিছে। আকৌ কোনোবাই এটা জন্মও লয়। আত্মা ওপৰৰ পৰা আহিয়ে থাকে। এতিয়া পিতাই কয় – মই পাৱন কৰি তুলিবলৈ আহিছোঁ। শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা তোমালোকক পঢ়ায়। শিৱবাবা হৈছে আত্মাসকলৰ পিতা আৰু ব্ৰহ্মাক আদি দেৱ বুলি কয়। এই দাদাৰ শৰীৰত পিতা কেনেকৈ আহে, এয়া তোমালোক সন্তানসকলেহে জানা। মোক আহ্বানো জনায় – হে পতিত-পাৱন আহক। আত্মাসকলে এই শৰীৰৰ দ্বাৰা আহ্বান জনাইছে। মুখ্য আত্মা নহয় জানো। এয়া হয়েই দুখধাম। ইয়াত কলিযুগত চোৱা – বহি থাকোঁতেই হঠাৎ মৃত্যু হৈ যায়, তাত এনেকুৱা কোনো বেমাৰেই নহয়। নামেই হৈছে স্বৰ্গ। কিমান সুন্দৰ নাম। কোৱাৰ লগে লগে অন্তৰ আনন্দেৰে ভৰি যায়। খ্ৰীষ্টানসকলেও কয় – যীশুখ্ৰীষ্টৰ 3000 বছৰ পূৰ্বে স্বৰ্গ আছিল। ইয়াত ভাৰতবাসীয়েতো একোৱেই গম নাপায় কিয়নো তেওঁলোকে বহুত সুখ দেখিছে সেয়েহে দুখো বহুত দেখি আছে। তমোপ্ৰধান হৈ গৈছে। 84 জন্মও এওঁলোকৰে। আধাকল্পৰ পাছত পুনৰ আন ধৰ্মাৱলম্বীসকল আহে। এতিয়া তোমালোকে বুজি পোৱা – আধাকল্প দেৱী-দেৱতাসকল আছিল তেতিয়া আন কোনো ধৰ্ম নাছিল। পাছত ত্ৰেতাত যেতিয়া ৰাম আহিল তেতিয়াও ইছলাম-বৌদ্ধ ধৰ্মাৱলম্বী নাছিল। মনুষ্যতো একেবাৰে ঘোৰ অন্ধকাৰত আছে। তেওঁলোকে কৈ দিয়ে – সৃষ্টিৰ আয়ুস লাখ লাখ বছৰ, সেইবাবে মনুষ্য বিভ্ৰান্ত হয় যে কলিযুগ এতিয়াও শিশু। তোমালোকে এতিয়া বুজি পোৱা – কলিযুগ পূৰা হৈ এতিয়া সত্যযুগ আহিব সেইবাবে তোমালোক আহিছা পিতাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ ল’বলৈ। তোমালোক সকলো স্বৰ্গবাসী আছিলা। পিতা স্বৰ্গৰ স্থাপনা কৰিবলৈকে আহে। তোমালোকেই স্বৰ্গলৈ আহা, বাকী সকলো শান্তিধামলৈ গুচি যায়। সেইখন হ’ল – মৰমৰ ঘৰ, আত্মাসকল তাত নিবাস কৰে। আকৌ ইয়ালৈ আহি ভাৱৰীয়া হয়। শৰীৰ অবিহনেতো আত্মাই ক’বও নোৱাৰে। তাত শৰীৰ নোহোৱা বাবে আত্মাসকল শান্তিত থাকে। পুনৰ আধাকল্প হৈছে দেৱী-দেৱতা, সূৰ্যবংশী-চন্দ্ৰবংশী। তাৰপাছত দ্বাপৰ-কলিযুগত মনুষ্য হয়। দেৱতাসকলৰ ৰাজ্য আছিল আকৌ এতিয়া সেয়া ক’লৈ গ’ল? কোনেও নাজানে। এই জ্ঞান এতিয়া তোমালোকে পিতাৰ পৰা পোৱা। আন কোনো মনুষ্যৰ এই জ্ঞান নাই। পিতাহে আহি মনুষ্যক এই জ্ঞান দিয়ে, যাৰ দ্বাৰা মনুষ্যৰ পৰা দেৱতা হয়। তোমালোক ইয়ালৈ আহিছাই মনুষ্যৰ পৰা দেৱতা হ’বলৈ। দেৱতাসকলৰ খোৱা-বোৱা অশুদ্ধ নহয়, তেওঁলোকে কেতিয়াও বিড়ি আদি নাখায়। ইয়াৰ পতিত মনুষ্যৰ কথাই নক’বা – কি কি যে খায়! এতিয়া পিতাই বুজায় – এই ভাৰত প্ৰথমে সত্যখণ্ড আছিল। নিশ্চয় সত্য পিতাই স্থাপনা কৰিছিল। পিতাকহে সত্য বুলি কোৱা হয়। পিতাইহে কয় – মইহে এই ভাৰতক সত্যখণ্ড কৰি তোলোঁ। তোমালোকে সত্য দেৱতা কেনেকৈ হ’ব পাৰা, সেয়াও তোমালোকক শিকাওঁ। কিমান সন্তান ইয়ালৈ আহে সেইবাবে এই ঘৰ আদি নিৰ্মাণ কৰিবলগীয়া হয়। অন্তলৈকে নিৰ্মাণ হৈ থাকিব, বহুত নিৰ্মাণ হ’ব। ঘৰ কিনেও। শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা কাৰ্য কৰে। ব্ৰহ্মা ক’লা (অপৱিত্ৰ) হৈ গ’ল কিয়নো এয়া বহুত জন্মৰ অন্তৰ জন্ম নহয় জানো। এওঁ আকৌ সুন্দৰ (পৱিত্ৰ) হ’ব। শ্ৰীকৃষ্ণৰো বগা আৰু শ্যাম বৰণীয়া চিত্ৰ নাই জানো। সংগ্ৰাহালয়ত ডাঙৰ ডাঙৰ ভাল চিত্ৰ আছে, যাৰ ওপৰত তোমালোকে যিকোনো লোককে ভালদৰে বুজাব পাৰা। ইয়াত বাবাই সংগ্ৰাহালয় নসজায়, ইয়াক শান্তি স্তম্ভ বুলি কোৱা হয়। তোমালোকে জানা – আমি শান্তিধাম নিজৰ ঘৰলৈ যাওঁ। আমি তাৰ নিবাসী আকৌ ইয়ালৈ আহি শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰোঁ। সন্তানসকলৰ প্ৰথমতে এইটো নিশ্চয় জন্মা উচিত যে এয়া কোনো সাধু-সন্ত আদিয়ে নপঢ়ায়। এওঁতো (ব্ৰহ্মা) সিন্ধু নিবাসী আছিল, কিন্তু এওঁৰ শৰীৰত যিজনে প্ৰৱেশ কৰি কয় – তেওঁ হৈছে জ্ঞানৰ সাগৰ। তেওঁক কোনেও নাজানেই। মানুহে কয়ো – ঈশ্বৰ পিতা। কিন্তু তেওঁলোকে কৈ দিয়ে – তেওঁৰ নাম-ৰূপ নায়েই। তেওঁ নিৰাকাৰ, তেওঁৰ কোনো আকাৰ নাই। আকৌ কৈ দিয়ে – তেওঁ সৰ্বব্যাপি। হেৰ’, পৰমাত্মা ক’ত আছে? তেওঁলোকে ক’ব – তেওঁ সৰ্বব্যাপি, সকলোৰে ভিতৰত আছে। হেৰ’, প্ৰত্যেকৰে অন্তৰত আত্মা বহি আছে, সকলো ভাই ভাই নহয় জানো, তেন্তে ঘাটে ঘাটে পৰামাত্মা ক’ৰ পৰা আহিল? এনেকৈ নকয় যে পৰমাত্মাও আছে আৰু আত্মাও আছে। পৰামাত্মা পিতাক আহ্বান জনায়, বাবা আপুনি আহি আমাক পতিতসকলক পাৱন কৰি তোলক। মোক তোমালোকে এইটো কাম, এইটো সেৱা কৰিবলৈকে মাতা। আমাক সকলোকে আহি শুদ্ধ কৰি তোলক। পতিত সৃষ্টিত মোক নিমন্ত্ৰণ দিয়া, তোমালোকে কোৱা – বাবা আমি পতিত। পিতাইতো পাৱন সৃষ্টি দেখাই নাপায়। পতিত সৃষ্টিলৈকে তোমালোকৰ সেৱা কৰিবলৈ আহিছে। এতিয়া এই ৰাৱণৰাজ্য নাশ হৈ যাব। বাকী তোমালোক যিসকলে ৰাজযোগ শিকা তেওঁলোক গৈ ৰজাৰো ৰজা হোৱাগৈ। তোমালোকক অনেক বাৰ পঢ়াইছোঁ আকৌ 5000 বছৰ পাছত তোমালোককে পঢ়াম। এতিয়া সত্যযুগ-ত্ৰেতাৰ ৰাজধানী স্থাপনা হৈ আছে। প্ৰথমতে ব্ৰাহ্মণ কুল। প্ৰজাপিতা ব্ৰহ্মা বুলি গায়ন কৰা হয় নহয়, যাক এডম আদি দেৱ বুলি কয়। এয়া কোনেও নাজানে। বহুত আছে যিসকল ইয়ালৈ আহি শুনি আকৌ মায়াৰ বশীভূত হৈ যায়। পুণ্য আত্মা হ’বলৈ গৈ পাপ আত্মা হৈ যায়। মায়া বৰ শক্তিশালী। সকলোকে পাপ আত্মা কৰি দিয়ে। ইয়াত কোনো পৱিত্ৰ আত্মা, পুণ্য আত্মা নাই। পৱিত্ৰ আত্মা দেৱী-দেৱতাসকলেই আছিল, যেতিয়া সকলো পতিত হৈ যায় তেতিয়া পিতাক আহ্বান জনায়। এতিয়া এয়া হৈছে ৰাৱণৰাজ্য পতিত সৃষ্টি, ইয়াক কাঁইটৰ জংঘল বুলি কোৱা হয়। সত্যযুগক কোৱা হয় ফুলৰ বাগিচা। ‘মোগল গাৰ্ডেন’ত কিমান উত্তম ভাল ভাল ফুল থাকে। অক ফুলো পোৱা যায় কিন্তু ইয়াৰ অৰ্থ কোনেও বুজি নাপায়, শিৱক অক ফুল কিয় অৰ্পণ কৰে? এয়াও পিতাই বহি বুজায়। মই যেতিয়া পঢ়াওঁ তেতিয়া তেওঁলোকৰ মাজত কিছুমান উত্তম মুকুতা, কিছুমান ৰত্ন, কিছুমান আকৌ অক ফুলো থাকে। ক্ৰমানুসৰিতো হয়েই নহয়। সেয়েহে ইয়াক দুখধাম, মৃত্যুলোক বুলিয়ে কোৱা হয়। সত্যযুগ হৈছে অমৰলোক। এই কথাবোৰ কোনো শাস্ত্ৰত নাই। শাস্ত্ৰতো এই দাদাই পঢ়িছে, পিতাইতো শাস্ত্ৰ নপঢ়ায়। পিতাতো স্বয়ং সৎগতি দাতা। খুব বেছি ‘গীতা’ৰ প্ৰসংগ উল্লেখ কৰে। সৰ্বশাস্ত্ৰৰ শিৰোমণি ‘গীতা’ ভগৱানে শুনাইছিল কিন্তু ভগৱান কাক কোৱা হয়, এয়া ভাৰতবাসীয়ে নাজানে। পিতাই কয় – মই নিষ্কাম সেৱা কৰোঁ, তোমালোকক বিশ্বৰ মালিক কৰি তোলোঁ, মই নহওঁ। স্বৰ্গত তোমালোকে মোক স্মৰণ নকৰা। দুখত সকলোৱে স্মৰণ কৰে, সুখত কোনেও নকৰে। ইয়াক দুখ আৰু সুখৰ খেল বুলি কোৱা হয়। স্বৰ্গত আন কোনো ধৰ্ম নাথাকে। সেয়া সকলো পাছত আহে। তোমালোকে জানা এতিয়া এই পুৰণি সৃষ্টিৰ নাশ হৈ যাব, প্ৰাকৃতিক দুৰ্যোগ ধুমুহা জোৰেৰে আহিব। সকলো সমাপ্ত হৈ যাব।

সেয়েহে পিতা এতিয়া আহি বুদ্ধিহীনৰ পৰা বুদ্ধিমান কৰি তোলে। পিতাই কিমান ধন-সম্পদ দিছিল, সেয়া সকলো ক’লৈ গ’ল? এতিয়া কিমান কঙাল হৈ গৈছে। ভাৰত যি সোণৰ চৰাই (সমৃদ্ধিশালী) আছিল সেই ভাৰত এতিয়া কি হৈ গৈছে? এতিয়া পুনৰ পতিত-পাৱন পিতাৰ আগমন হৈছে ৰাজযোগ শিকাই আছে। সেয়া হ’ল হঠযোগ, এয়া হ’ল ৰাজযোগ। এই ৰাজযোগ দুয়োগৰাকীৰ (পুৰুষ আৰু স্ত্ৰী) বাবে, সেই হঠযোগ কেৱল পুৰুষেহে শিকে। এতিয়া পিতাই কয় – পুৰুষাৰ্থ কৰা, বিশ্বৰ মালিক হৈ দেখুওৱা। এতিয়া এই পুৰণি সৃষ্টিৰ বিনাশতো হ’বই বাকী অলপ সময় আছে, এই যুদ্ধ অন্তিমৰ যুদ্ধ। এই যুদ্ধ আৰম্ভ হ’লে আৰু স্তব্ধ হ’ব নোৱাৰে। এই যুদ্ধ তেতিয়াই আৰম্ভ হ’ব যেতিয়া তোমালোকে কৰ্মাতীত অৱস্থা পাবা আৰু স্বৰ্গলৈ যোৱাৰ লায়ক হৈ যাবা। তথাপিও পিতাই কয় – স্মৃতিৰ যাত্ৰাত এলেহুৱা নহ’বা, ইয়াতেই মায়াই বিঘিনি আনে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ দ্বাৰা ভালদৰে পঢ়ি অতি উত্তম ফুল হ’ব লাগে, এই জংঘলক কাঁইটৰ পৰা ফুলৰ বাগিচা কৰি তোলাত পিতাক পুৰাদমে সহায় কৰিব লাগে।

(2) কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰিবলৈ বা স্বৰ্গত উচ্চ পদৰ অধিকাৰ প্ৰাপ্ত কৰিবলৈ স্মৃতিৰ যাত্ৰাত তৎপৰ হৈ থাকিব লাগে, এলেহুৱা হ’ব নালাগে।

বৰদান:
নিজৰ মস্তকত সদায় পিতাৰ আশীৰ্বাদৰ হাত অনুভৱ কৰোঁতা মাষ্টৰ বিঘ্ন-বিনাশক হোৱা

গণেশক বিঘ্ন-বিনাশক বুলি কোৱা হয়। বিঘ্ন-বিনাশক তেৱেঁই হয় যাৰ সৰ্ব শক্তি আছে। সৰ্ব শক্তিক সময় অনুসৰি কাৰ্যত ব্যৱহাৰ কৰা তেতিয়া বিঘ্ন টিকি থাকিব নোৱাৰে। যিমান ৰূপতে মায়া নাহক কিয় তোমালোক জ্ঞান সম্পন্ন হোৱা। জ্ঞানসম্পন্ন আত্মাই কেতিয়াও মায়াৰ হাতত পৰাজিত হ’ব নোৱাৰে। যিহেতু মস্তকত বাপদাদাৰ আশীৰ্বাদৰ হাত আছে গতিকে বিজয়ৰ তিলক লগাই থোৱা আছে। পৰমাত্ম হাত আৰু সংগই বিঘ্ন বিনাশক কৰি দিয়ে।

স্লোগান:
নিজৰ মাজত গুণ ধাৰণ কৰি আনক গুণদান কৰোঁতাজনেই গুণমূৰ্ত।


সফলতামূৰ্ত হ’বলৈ আজিৰ অব্যক্ত সংকেত:

বাপদাদাই সন্তানসকলক নিৰন্তৰ সঁচা সেৱাধাৰী হ’বলৈ কয়, কিন্তু যদি নাম সেৱাৰ আৰু নিজেও অশান্ত হোৱা, আনকো অশান্ত কৰা, এনেকুৱা সেৱা নকৰাই ভাল কিয়নো সেৱাৰ বিশেষ গুণ হৈছে সন্তুষ্টতা। য’ত সন্তুষ্টতা নাই, নিজৰ প্ৰতিয়ে হওঁক বা সম্পৰ্কত অহাসকলৰ প্ৰতিয়ে হওঁক, তেনে সেৱাই নিজৰো ফল প্ৰাপ্ত নকৰায় আৰু আনৰো নকৰায়। এই ক্ষেত্ৰত